ড: অভিজিৎ দত্ত
প্রথমতে এটা বিশেষ দৃশ্যৰ অৱতাৰণা কৰোঁ ৷
ভাবকচোন এবাৰ দৃশ্যটো– গধূলি গৰুবোৰ ঘৰলৈ ঘূৰিছে ৷ গো–ধূলিত গোটেইখন স্পষ্ট–স্পষ্ট হৈ পৰিছে ৷ মুনিচুনি বেলিৰ পোহৰত সেয়া গৰুপালৰ পিছে পিছে গৰখীয়া লৰা এটা টপলিয়াই আহিছে ৷ উৎপতীয়া গৰু দুটামানৰ বাবে তাৰ তৎ নাই ৷ কিবাকৈ সি গৰুবোৰ আনি গোহালি পালেহি ৷ গোহালিত গৰুৰ পালটোক থিতাপি লগাই সি বাহিৰলৈ ওলাই আহিল ৷ তেতিয়া বাহিৰত ফৰিংফুটা জোনাক ৷
লাহে লাহে নিশা হ’ল ৷ সি ভাত–পানী খাই অলপমান আগুৱাই গ’ল ৷ জিলীৰ মাত এটাই সেই তেতিয়াই শব্দময় হৈ পৰিল ৷ দুটা–এটা নাম নজনা নিশাৰ চৰাইৰ মাতো মাজে মাজে ভাহি আহিল ৷ নদীখন অলপমান দূৰত ৷ সি নদীখনলৈ বুলি আগবাঢ়িছে ৷
নদীৰ ঘাটটোৰ পৰা নদীখন একেবাৰে থিয়কৈ তলত ৷ সি ঘাটতেই বহি ললে ৷ হাতৰ বাঁহীটো লৈ সি বাঁহী বজাবলৈ লাগিল ৷ নিশাৰ নির্জনতাত তাৰ বাঁহীৰ সুৰে হয়তো সেই নিশা গাঁৱত থকা মোৰ বা আপোনাৰ বুকু ভেদি গ’ল ৷ তাৰ বাঁহীৰ সুৰত লাহে লাহে চকু দুটা মুদ খাই আহিল ৷
এনেবোৰ দৃশ্য আৰু শব্দ সঁচাকৈয়েই নান্দনিক ৷ অকল যে অসমৰ গাঁওখনতহে এহ বাঁহীৰ মাত আমি শুনো, কথাটো তেনেধৰণৰ নহয় ৷ গৰখীয়াৰ বাঁহীৰ মাতৰ দৰে পশ্চিমৰ ভেড়াৰখীয়াৰ বাঁহীৰ মাতেও আমাক আকুল কৰি তোলে ৷ তেনে এক বাঁহীৰ সুৰতেই সৃষ্টি হয় প্রকৃতিৰ বুকুত অকলশৰে থিয় হৈ থকা ভেড়াৰখীয়াৰ বাঁহীৰ মাত ৷
ধৰি লওক আপুনি এটা গান শুনিছে ৷ অথবা মহানগৰ এখনত এটি সন্ধিয়া হাজাৰজন দর্শকৰ মাজত বহি আপুনি মঞ্চত শিল্পী এগৰাকীয়ে পৰিৱেশন কৰা বাঁহীৰ মাত শুনিছে ৷ সেহ বাঁহীৰ সুৰে আপোনাক মহানগৰীৰ যান্ত্রিক জীৱনৰ পৰা শতযোজন দূৰলৈ কঢ়িয়াই নিছে ৷ আপোনাৰ মনত পৰিছে আপোনাৰ গাঁওখনলৈ ৷ হয়তো জীৱনৰ সেই প্রাৰম্ভিক সময়ছোৱাত আপুনিও এগৰাকী গৰখীয়া আছিল হয়তো গৰখীয়া নহলেও গৰখীয়া বাঁহীয়ে আপোনাৰ শৈশৱক লালন–পালন কৰিছিল ।
তেনে এক সুৰ সমলয় হ’ল The Lonely Shepherd ৷ অসমীয়াত ক’বলৈ গলে এয়া অকলশৰীয়া ভেড়াৰখীয়াৰ বাঁহীৰ সুৰ ৷
এয়া ৰাছিয়াৰ ভেড়াৰখীয়াৰ সুৰ আৰু লয়ৰ কথা ৷ নিঃসংগ ভেড়াৰখীয়াৰ এহ বাঁহীৰ সুৰটো প্রথমে ৰচনা কৰা হৈছিল এটা এলবামৰ বাবে ৷ পিছে সংগীতৰ সেই এলবামটিয়ে কাহানিও মুক্তি নাপালে ৷ বিখ্যাত জার্মান সংগীতজ্ঞ আৰু জেমছ লাষ্ট অর্কেষ্ট্রা নামৰ সুৰ সমলয়ৰ দলপতি জেমছ লাষ্ট ওৰফে হান্সিৰ দ্বাৰা সৃষ্ট বাঁহীৰ এহ সুৰটো কালক্রমত প্রদর্শন কৰিলে ৰোমানিয়াৰ জির্ঘে জামফিৰে ৷
লাহে লাহে বাঁহীৰ এহ সুৰটি সমগ্র বিশ্বতেহ জনপ্রিয় হৈ পৰিল ৷ ৰোমানিয়াত জন্মগ্রহণ কৰা জামফিৰৰ দ্বাৰা পৰিৱেশিত এহ সুৰটিক আৱহ সংগীত হিচাপে টেলিভিছনৰ ধাৰাবাহিক আৰু চলচিচত্রত ব্যৱহাৰ কৰা হ’ল ৷ ১৯৭৯ চনত Golden Soak নামৰ জনপ্রিয় ধাৰাবাহিকখনত জেমছ লাষ্টৰ দ্বাৰা সৃষ্ট আৰু জামফিৰৰ দ্বাৰা পৰিৱেশিত এহ বাঁহীৰ সুৰটি সংলগ্ন কৰা হ’ল ৷ একেদৰে ভেনিজুৱেলাৰ জনপ্রিয় টেলিভিছন ধাৰাবাহিক Chao, Christianaতো এই সুৰটি ব্যৱহাৰ কৰা হ’ল ৷ পিছলৈ অর্থাৎ ১৯৮৪ চনত অস্কাৰ বঁটাৰ বাবে মনোনীত চলচিচত্র Paradiseত এই সুৰ ব্যৱহাৰ কৰা হ’ল ৷
কি আছে এহ বাঁহীৰ সুৰটিত কেনেদৰে এই সুৰে জামফিৰৰ বাঁহীত অমৰত্ব লাভ কৰিলে এনেবোৰ প্রশ্নৰ সমিধান পাবলৈ হলে আমি আলোচনা কৰিব লাগিব বাঁহীৰ এই সুৰটিৰ আন কেতবোৰ উল্লেখযোগ্য কথা ৷
যদিও The Lonely Shepherd নামৰ এহ সুৰটি পাশ্চাত্বৰ জনপ্রিয়, তথাপি এই সুৰে বিশ্বৰ সমগ্র শ্রোতাকেই মন্ত্রমুগ্ধ কৰি তোলে ৷ ইয়াৰ কাৰণটো হ’ল এই যে বাঁহীৰ এই বিশেষ সুৰটিয়ে সামগ্রিকভাৱে নির্জনতাক সূচায় ৷ নিশাৰ ঘন আন্ধাৰত যেতিয়া জগতখন নিস্তব্ধ হৈ পৰে, তেনে সময়তেই নির্জনতাত ভাহি অহা বাঁহীৰ এই সুৰে সকলো শ্রোতাকেই আচ্ছন্ন কৰি তোলে ৷ বাঁহীৰ এই সুৰতেই যেন শ্রোতাই বিচাৰি পায় নিঃসংগ সময়ৰ এক বিশেষ সাংগীতিক পল ৷
হয়তো জামফিৰেও সুৰটোৰ এই বিশেষত্ব অনুধাৱন কৰিয়েই তেওঁৰ বাঁহীৰ সুৰত কঢ়িয়াই আনে নিঃসংগতাৰ এক মিঠা আৱেশ ৷ নিচুকনি গীত এটা গাই কণমানি কেঁচুৱাটোক নিদ্রাদেৱীৰ কোলাত আশ্রয় লবলৈ সহায় কৰা ধাইমাতৃৰ সেই সুৰীয়া মাত যেন অনুৰণিত হয় জামফিৰৰ সেই বাঁহীৰ মাতত ৷ সামাজিক আৰু সাংসৃক্তিক ক্ষেত্রত সংগীতক অধ্যয়ন কৰি সংগীতক এক বিশেষ মাত্রা প্রদান কৰা ৰোমানিয়াৰ বিখ্যাত সংগীতজ্ঞ মার্চেল চেলিয়েৰৰ তত্ত্বাৱধানত লোক–সংগীতৰ জ্ঞান লভা জির্ঘে জামফিৰৰ বাঁহীৰ এই মনোৰম সুৰ আৰু ধবনিক হউৰোপৰ বিভিন্ন দেশত জনপ্রিয় কৰিলে ভ্লাডিমিৰ কচমাই ৷ সুৰ সমলয় সৃষ্টি কৰি সমগ্র বিশ্বতেহ স্বীকৃতি লাভ কৰা কচমাই এনেদৰে জামফিৰ আৰু তেওঁ পৰিৱেশন কৰা The Lonely Shepherdক সমগ্র বিশ্ববাসীক চিনাকি কৰি দিলে ৷
হতিমধ্যে জামফিৰৰ দ্বাৰা সৃষ্ট বাঁহীৰ বিভিন্ন সুৰে তেওঁক এগৰাকী জনপ্রিয় সংগীতজ্ঞ হিচাপে প্রতিষ্ঠা কৰিছে ৷ বিশেষকৈ ৰোমানিয়াৰ লোক–সংসৃক্তিক প্রতিফলিত কৰা তেওঁৰ বিভিন্ন সুৰ যেনে ডইনা দ্যা জেলে, চামা ৰ লাভ আদিয়ে জামফিৰৰ সংগীতৰ ওপৰত থকা দখলক পুনৰ প্রতিপন্ন কৰিছে ৷ প্রায় এটা দশক নীৰৱে থাকি জামফিৰে আকৌ বাঁহীবাদন কৰিবলৈ আৰম্ভ কৰিছে ২০০৬ চনৰ পৰা ৷ এনেদৰেই জামফিৰে তেওঁৰ পাৰদর্শিতাক পুনৰ দর্শকৰ আগত প্রদর্শন কৰিছে ৷
১৯৪১ চনৰ ৬ এপ্রিলত ৰোমানিয়াৰ গয়েষ্টত জন্মগ্রহণ কৰা জির্ঘে জামফিৰৰ বর্তমান বয়স ৮০ বছৰ ৷ এতিয়াও ৰোমানিয়াৰ এই বিখ্যাত বাঁহীবাদকে তেওঁৰ বাঁহীটি বজাই বিশ্ববাসীক মুগ্ধ কৰি ৰাখিবলৈ সমর্থ হৈছে ৷ জির্ঘে জামফিৰৰ The Lonely Shepherdৰ ঢৌৱে বিধৌত কৰিছে সমগ্র শ্রোতাক ৷ The Lonely Shepherdৰ লয় আৰু ধবনিয়ে যেন পুনৰ প্রমাণ কৰিছে সেই অমোঘ সত্যটি সংগীতৰ পৰিসীমা নাই ৷
ফোন : ৮৬৩৮৩-৮১৮০১