বয়স বৃদ্ধি
দিগন্ত কুমাৰ ভট্টাচার্য
মই মোৰ চুলিখিনিৰ কাৰণে পাগল আছিলোঁ সৰুৰে পৰা ৷ এমাহ–দুমাহৰ মূৰে মূৰে মই মোৰ চুলিৰ ষ্টাইল সলনি কৰিছিলোঁ ৷ কেতিয়াবা চুটিকৈ কাটো ৷ কিছু মাহ ৰওঁ ৷ আকৌ দীঘল কৰি এক বেলেগ ষ্টাইলত চুলিখিনি সজাই তোলোঁ ৷ মোৰ চুলিখিনিৰ বৰণ আছিল কিচকিচীয়া ক’লা ৷ চকুত লগাকৈ ক’লা ৷ হঠাতে এদিন লক্ষ্য কৰিলোঁ মোৰ কপালৰ ওপৰৰ চুলি দুডালমানে ঈষৎ শুভ্র বৰণ লৈছে ৷ মই সচকিত হ’লোঁ ৷ তেতিয়া মোৰ বয়স প্রায় ত্রিশ ৷ লাহে লাহে মোৰ বহুকেহডাল চুলিৰ ৰং বগা হবলৈ ধৰিলে ৷ বয়স বৃদ্ধিৰ প্রক্রিয়া স্বাভাৱিক যদিও মই উদ্বিগ্ন হ’লোঁ ৷ মানসিকভাৱে ভাগি পৰিলোঁ ৷ শেষত মোৰ বান্ধৱী এগৰাকীৰ পৰামর্শমতে মই চুলিত ক’লা ৰং কৰিবলৈ ললোঁ ৷ মোৰ চুলিখিনিয়ে আগৰ সেহ কিচকিচীয়া ক’লা ৰং ঘূৰাই পোৱা বাবে মহ সুখী হ’লোঁ ৷ মোৰ এনে লাগিল, বর্ধমান বয়সক যেন হাতৰ মুঠিত ৰাখি মোৰ সৌন্দর্যক হানি নোহোৱাকৈ ৰাখিব পাৰিলোঁ ৷
মোৰ বয়স চল্লিশ পাৰ হোৱাৰ পিছত ছালত এক বেমাৰে দেখা দিলে ৷ ডাক্তৰৰ পৰামর্শমতে মই চুলিত কলা ৰং বা কলপ দিয়াৰ পৰা বিৰত থাকিবলগীয়া হৈছিল ৷ ফলস্বৰূপে কিছুমাহ পিছতেই মোৰ মূৰৰ অধিকাংশ চুলিয়ে বগা বৰণ ললে ৷ এক অশান্তিয়ে মনত বাহ ল’লে ৷ হঠাতে এদিন নিজক আইনাত চাই থাকোঁতে মই মোৰ চুলিখিনিৰ এক পৃথক সৌন্দর্য মন কৰিলোঁ ৷ বগা–কলা ৰঙেৰে মিশ্রিত চুলিখিনিৰে মোৰ নিজৰ মুখখনৰ প্রেমত পৰিলোঁ মই ৷ আৰু কেতিয়াও চুলিত কলপ নিদিয়াৰ সংকল্পও ললোঁ ৷
বছৰ বাগৰিল ৷ বয়স বাঢ়িল ৷ মূৰত ক’লা চুলিৰ সংখ্যা কমি আহিল ৷ কিন্তু প্রতিবাৰে এক নতুন সৌন্দর্য মই আৱিষ্কাৰ কৰিবলৈ ললোঁ এই পৰিৱর্তনৰ মাজে মাজে ৷ বর্তমান মোৰ বয়স প্রায় পয়ষষ্ঠি ৷ মোৰ মূৰত এতিয়া এডালো কলা চুলি নাই ৷ সম্পূর্ণ শুভ্র চুলি একোছাৰেও মই নিজকে ধুনীয়া দেখোঁ এতিয়া ৷ বয়সৰ লগে লগে হোৱা দেহ বা মনৰ পৰিৱর্তনক মানি লবলৈ শিকাৰে পৰা সুখী অনুভৱ কৰিব পৰা হলোঁ মই ৷
জেনিফাৰ এলবার্ট নামৰ ব্রিটিছ মহিলা এগৰাকীয়ে বয়স বৃদ্ধিৰ প্রক্রিয়াত নিজে অনুভৱ কৰা এক অভিজ্ঞতা ব্লগ এটাত লিখিছিল ৷ আমি আলোচনা কৰিবলগীয়া বিষয় বয়স বৃদ্ধিৰ লগত সম্পর্ক আছে বাবেই ওপৰত তাৰেই ভাবানুবাদটো লিখিলোঁ ৷
বয়স এটা সাধাৰণ শব্দ ৷ বয়স বৃদ্ধি সাধাৰণ যেন লাগিলেও, ই আমাৰ মানৱ জীৱনক সুশৃংখলিতভাৱে সলনি কৰি লৈ যোৱা এক শাৰীৰিক প্রক্রিয়া ৷ কিন্তু প্রকৃতার্থত বয়সে মানুহক শাৰীৰিক আৰু মানসিক দুয়োপ্রকাৰে প্রভাৱ বিস্তাৰ কৰে ৷ মানুহে বৃদ্ধাৱস্থালৈকে বয়সৰ কেইবাটাও স্তৰ পাৰ হৈ আহে ৷ জন্মৰ পাছতেই কেঁচুৱাকাল, শৈশৱ, কৈশোৰ, যৌৱনাৱস্থা, আৰু তাৰ পিছত বৃদ্ধাৱস্থা ৷
শিশুৱে খেলি আৰু শিকি ভাল পায়৷ শৈশৱত শিশুৱে পৰৱর্তী পর্যায়টোলৈ সোনকালে যাবলৈ উদগ্রীৱ হয় ৷ আনৰ ওপৰত নির্ভৰশীল নোহোৱাকৈ কিছু কাম কৰিবলৈ আৰম্ভ কৰে শিশুৱে শৈশৱত ৷ তাতেই শিশুবোৰে পায় আনন্দ, তৃপ্তি ৷ কৈশোৰত ভৰি দিয়াৰ লগে লগে বহুতে ভিন্ন ক্ষেত্রত পোৱা স্বাধীনতাৰ সোৱাদ লবলৈ আৰম্ভ কৰে ৷ কিশোৰ এজনে লক্ষ্য কৰে যে পৰৱর্তী পর্যায় অর্থাৎ যৌৱনৰ কালছোৱাত ব্যক্তি এজন আৰু অধিক স্বতন্ত্র হয় ৷ যৌৱনকাল প্রতিশ্রুতিৰে ভৰপূৰ, কিন্তু যৌৱনত ভৰি দিয়া মানেই যে জীৱনৰ ৰণক্ষেত্রখনত প্রথমটো খোজ পেলোৱা, সেয়াও কিশোৰ এজনে পূর্বানুমান কৰে ৷
যৌৱনত ব্যস্ততা বাঢ়ে, কর্মজীৱনৰ আৰম্ভণি হয় ৷ সংসাৰৰো আৰম্ভ হয় এই সময়ছোৱাত ৷ সংসাৰ বা কামৰ বোজাৰ পৰা মুক্ত হৈ জীৱনটো পুনৰ নিজৰ মতে উপভোগ কৰিবলৈ বহুতে জীৱনৰ পৰৱর্তী পর্যায় অর্থাৎ বৃদ্ধাৱস্থালৈ যাবলৈও মন কৰে ৷
বৃদ্ধাৱস্থাত মানুহৰ ব্যস্ততা কমে, মুক্ত সময় বাঢ়ে ৷ এই সময়ছোৱাত বহুতে জীৱনৰ আগৰ পর্যায়ত কৰিবলৈ সুযোগ নোপোৱা বহু কাম নতুনকৈ কৰিবলৈ লয় ৷ জীৱনৰ শেষৰ সময়ছোৱাত সৃজনশীল কাম কৰিবলৈ আৰম্ভ কৰা আমি বহুতকে দেখিবলৈ পাওঁ ৷
অৱশ্যে বহুতেই জীৱনৰ শেষৰ পর্যায় অর্থাৎ বৃদ্ধাৱস্থালৈ যাবলৈ নিবিচাৰে ৷ ভয় কৰে বার্ধক্যলৈ ৷ বয়স বৃদ্ধিৰ লগে লগে হোৱা শৰীৰ–মনৰ পৰিৱর্তনবোৰক মানি লবলৈ টান পায় তেওঁলোকে ৷ ফলস্বৰূপে, মানসিকভাৱে ভাগি পৰে তেওঁলোক ৷
বয়স বৃদ্ধিৰ প্রভাৱ মানুহৰ জীৱনত কেৱল শাৰীৰিকভাৱেহ নপৰে, মানসিক আৰু আৱেগিকভাৱেও পৰে ৷ মধ্যবয়সীয়া মানুহ এজন সদায় নিজৰ বয়সৰ চাপক লৈ সন্দিহান হয় ৷ তেওঁৰ মূৰৰ চুলিত দেখা পোৱা প্রথমডাল পকা চুলি অথবা এডাল দুডালকৈ সৰি ক্রমাৎ হ্রাস পোৱা কপালৰ আগৰ চুলিবোৰে এটি পলৰ বাবে হলেও তেওঁক জোকাৰি যায় ৷ চল্লিশ বছৰীয়া এগৰাকী নাৰীয়ে তেওঁৰ আবেলিৰ বেলি লহিওৱা পৰৰ দৰে স্তিমিত সৌন্দর্যখিনিক ধৰি ৰখাৰ প্রয়াস কৰে ৷ অথচ কোৱা হয়– লাহফ ষ্টার্ট আফটাৰ ফর্টিছ হয়, সঁচাকৈ চাবলৈ গলে চল্লিশৰ পিছত মানুহৰ পুনৰ এক জীৱন আৰম্ভ হয় ৷ যিসকলে এয়া মন–মগজুৰে মানে, তেওঁলোকৰ কাৰণে হয়তো বৃদ্ধাৱস্থাও জীৱনটো নতুনকৈ উদ্যাপনৰ এক সুন্দৰ সময় হৈ পৰিব পাৰে ৷
আমি দেখা পাওঁ বয়স বৃদ্ধিৰ লগে লগে মানুহৰ আচাৰ–আচৰণ আৰু আৱেগৰো পৰিৱর্তন ঘটে ৷ যিসকলে বয়সৰ সহজাত পৰিৱর্তনসমূহ মানি লবলৈ অপাৰগ, তেওঁলোকে বিভিন্ন দিশত সমাজ, পৰিৱেশ আৰু যুগৰ লগত খাপ খাবলৈ অক্ষম হয় ৷ এজন বয়োবৃদ্ধ মানুহে এখন সমাজৰ পৰিৱর্তন, উত্থান–পতন সকলো দেখা পায় ৷ তেওঁ যদি এহ পৰিৱর্তনসমূহ সহজভাৱে গ্রহণ কৰিব নোৱাৰে, তেন্তে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয় ৷ সেয়া হয়তো শাৰীৰিক, মানসিক বা আৱেগিক সকলো হব পাৰে ৷ বয়স বৃদ্ধিৰ লগে লগে সমাজৰ পৰিৱর্তনবোৰৰ লগত খাপ খাব নোৱাৰি নিজক অকলশৰীয়া অনুভৱ কৰে ৷ বিষণ্ণতাৰ চিকাৰো হব পাৰে ৷ আনহাতে কিছু ক্ষেত্রত দেখা যায় যে কিছু লোকে বৰ সুন্দৰকৈ সমাজৰ সকলো আচাৰ–অনুষ্ঠানত খাপ খাই পৰে ৷ দৰাচলতে বয়সৰ চাপে গৰকা এজন মানুহৰ পৰা আমাৰ বহু কথা শিকিবলগীয়া থাকে ৷ তেওঁ আমাৰ বাবে সমাজৰ বিভিন্ন দিশত পথ প্রদর্শক হব পাৰে ৷
অলপ দিনৰ আগতে মোৰ চিনাকি বন্ধু এজনৰ লগত তাৰ গাঁৱৰ ঘৰলৈ গৈছিলোঁ ৷ সি মোক গাঁৱৰে এজন বয়োবৃদ্ধ মানুহৰ কাষলৈ লৈ গৈছিল ৷ সি কৈছিল, তাৰ অতিকে প্রিয় ব্যক্তি সেইজন ৷ কোনোদিনে পঢ়াশালিৰ দুৱাৰ গৰকি নোপোৱা বৃদ্ধ মানুহজনৰ কথাবোৰ শুনি মহ সন্মোহিত হৈছিলোঁ ৷ বিচাৰি পাইছিলোঁ জীৱনক ভালপোৱাৰ, জীৱনক সদর্থক দৃষ্টিৰে চোৱাৰ এক বিশাল অর্থ ৷ পিতৃ বয়সৰ মানুহজনে কৈছিল, তেওঁক জীৱনে যিখিনি দিছে তাক লৈ তেওঁ অতিকৈ সুখী ৷ তেওঁ এগৰাকী দৃষ্টিহীন জীয়ৰীৰ পিতৃ, যাক পঢ়াই–শুনাই আজি সংগীতৰ শিক্ষয়িত্রী হিচাপে প্রতিষ্ঠিত কৰিছে ৷ দুয়োজন পুত্রক জীৱন বীমা বিভাগৰ ভাল বিষয়া হিচাপে গঢ়ি তুলিছে ৷ অথচ তেওঁ কৈছিল– ধৈর্যয়েহ সকলো ৷ মই প্রথমে মানুহৰ ঘৰে ঘৰে কাম কৰিছিলোঁ ৷ তাৰ পিছত গাড়ীৰ হেণ্ডিমেন হলোঁ ৷ বিয়া পাতিলোঁ ৷ লৰা–ছোৱালীৰ জন্ম হ’ল ৷ ড্রাহভাৰ হলোঁ ৷ নিজাকৈ গাড়ী কিনিলোঁ ৷ গাড়ী কিনি আনক ভাড়াত দিলোঁ চলাবলৈ ৷ এনেকৈ জীৱনটো চলি আছে ৷ মই শূণ্য়ৰ পৰা জীৱন আৰম্ভ কৰা মানুহ ৷ কিন্তু মই কেতিয়াও কোনো সময়তে জীৱনটোক লৈ অসুখী নাছিলোঁ ৷ যি পাইছিলোঁ, তাতেহ সুখী ৷ জীৱনটোৱে যেনেকৈ বাট লৈছিল, আনন্দৰে সেই বাটেৰে আগবাঢ়িছিলোঁ ৷
তেওঁৰ পকা চুলি–দাড়িৰে ভৰা ক্ষীণ শৰীৰটোলৈ মই বহু দেৰি চাই ৰৈছিলোঁ ৷ গোটেই ঘৰখনত সেই অনাখৰী মানুহজনৰ চাপ পৰি আছিল ৷ তেওঁৰ মুখত জিলিকি থকা আনন্দৰ ৰেখাবোৰে মোৰ হৃদয়তো সাঁচ বহুৱাইছিল ৷
বয়সে আমাক জ্ঞানী নকৰে ৷ বয়সে আমাৰ শাৰীৰিক পৰিৱর্তন ঘটায়, কিন্তু বয়স বৃদ্ধিৰ প্রক্রিয়াটোত আহৰণ কৰা অভিজ্ঞতাৰ পৰা আমাৰ মানসিক পৰিৱর্তন হয় ৷ এই অভিজ্ঞতাই আমাক জ্ঞান প্রদান কৰে ৷ পৃথিৱীৰ প্রতিগৰাকী ব্যক্তিয়ে বয়স বৃদ্ধিৰ প্রাকৃতিক প্রক্রিয়াৰে পাৰ হবই লাগিব এই প্রক্রিয়াৰ ভিন্ন স্তৰত জীৱনটো উদযাপন কৰিবলৈ সাজু থাকিলেহে আমি সুখী হ’ব পাৰিম আমৃত্যু ৷