ডঃ প্রদীপ নেওগ
বিপশ্যনা ধ্যান পদ্ধতি মূলতঃ বেদ আধাৰিত হলেও এই পদ্ধতিৰ চর্চা প্রধানতঃ বৌদ্ধ দর্শনৰ অন্তর্গত ৷ বৌদ্ধ দর্শনৰ থেৰবাদ শাখাৰ এই বিশিষ্ট ধ্যান তুলনামূলকভাৱে সহজ ৷ এই ধ্যানৰ প্রধান বৈশিষ্ট্য হৈছে দেহ, মন আৰু সংসাৰৰ বিভিন্ন উপাদানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰোৱায় ৷ বিপশ্যনা ধ্যানৰ নিয়মিত অভ্যাসৰ দ্বাৰা লাভ হব পৰা বিশেষ উপকাৰিতাখিনি হৈছে ।
ক. দেহ আৰু মনৰ কলুষ দূৰ হয় ৷
খ. মানসিক চাপৰ উদ্রেক হ্রাস পায় ৷
গ. মানসিক চাপ আৰু অস্বত্বিকৰ আৱেগ নিঃসৰণ হয় ৷
ঘ. ৰিপু বশীকৰণ সহজ হয় ৷
ঙ. আত্মোপলব্ধি সবল হয় ৷
চ. একাগ্রতা, আত্মবিশ্বাস আৰু আত্মনিয়ন্ত্রণ অধিক হয় ৷
ছ. অনাবিল সুখ বা সুখানুভূতি উপলব্ধি হয় ৷
জ. বিশুদ্ধ চৈতন্য প্রাপ্ত হয় ৷
ঝ. নির্বাণ লাভত অগ্রগতি হয় ৷
বৌদ্ধ দর্শনৰ কেইবাখনো শাস্ত্রত এই ধ্যান ভিন ভিন নামেৰে আৰু ভিন্ন প্রকাশভংগীৰে বর্ণিত হলেও মূল তত্ত্ব আৰু সূত্রৰ ক্ষেত্রত ভিন্নতা নাই ৷ তদুপৰি সেই পৌৰাণিক শাস্ত্রকেইখনত বিপশ্যনা শব্দটো ব্যৱহাৰ হোৱা নাই ৷ মূল তত্ত্ব আৰু সূত্রাদিৰ আধাৰত বিপশ্যনা ধ্যান যুগুতোৱা হৈছে বিংশ শতাব্দীৰ মধ্যভাগত ৷ ১৯৫০ চনত ব্রহ্মদেশত আৰম্ভণি ঘটা বিপশ্যনা ধ্যান পদ্ধতিয়ে প্রাচ্য আৰু পাশ্চাত্য বৌদ্ধ মনীষীসকলৰ প্রচেষ্টাত কম দিনৰ ভিতৰতে বিশ্বব্যাপী প্রভূত জনপ্রিয়তা লাভ কৰিলে আৰু বিপশ্যনা আন্দোলনৰ ৰূপ ললে ৷ বর্তমান বিশ্বৰ বিভিন্ন প্রান্তত অৱস্থিত ১৭০ টা কেন্দ্রত বর্তমান এই পদ্ধতিৰ শিক্ষণ কার্যসূচী চলি আছে ৷ সিবিলাকত ৭ ১০ ২০ ৩০ ৪৫ আৰু ৬০ দিনৰ প্রশিক্ষণ কার্যসূচী নিয়মিতভাৱে অনুষ্ঠিত হয় ৷ তলত এই ধ্যান পদ্ধতিৰ চমু আভাস দাঙি ধৰা হৈছেঃ
বিপশ্যনা পালি ভাষাৰ শব্দ আৰু দুটা শব্দৰ সমাহাৰ বি আৰু পশ্যনা ৷ বিৰ অর্থ বিশিষ্ট তথা উৎকৃষ্ট ৷ পশ্যনাৰ অর্থ দৃষ্ট তথা উপলব্ধি৷ এই ধ্যানৰ দ্বাৰা দেহ, মন আৰু সংসাৰৰ বিভিন্ন উপাদনৰ প্রকৃত স্বৰূপ উপলব্ধি তথা দৃশ্যমান হয়, আৰু সেয়ে কোৱা হয় বিপশ্যনা ধ্যান ৷
প্রস্তুতি পর্যায়ঃ সতি
বিপশ্যনা ধ্যান প্রস্তুতি হিচাপে সর্বপ্রথমে সতি অভ্যাস আৱশ্যকীয় ৷ সতি হৈছে বৌদ্ধ দর্শনৰ আলোকপ্রাপ্ত অৱস্থা লাভ কৰাৰ সপ্ত পর্যায়ৰ প্রথম পর্যায় ৷ সতি অভ্যাসৰ অর্থ হৈছে মন পৱিত্র কৰা ৷ সকলো সাংসাৰিক চিন্তা–ভাবনাৰ পৰা মনক মুক্ত কৰা ৷
প্রথম পর্যায়ঃ অনপানসতি
এই পর্যায়ত উশাহ–নিশাহৰ প্রক্রিয়াত মন নিৱিষ্ট কৰা হয় ৷ নসৰন্ধৰ কাষত উশাহ–নিশাহৰ বায়ুৰ গতি অনুভৱ কৰিবলৈ যত্ন কৰা হয় ৷ বিতর্ক আৰু বিচাৰ উপলব্ধি কৰিবলৈ যত্ন কৰা হয় ৷ বিতর্ক আৰু বিচাৰে দেহত পেলোৱা প্রভাৱ উপলব্ধি কৰিবলৈ যত্ন কৰা হয় ৷ বিতর্কৰ অর্থ হৈছে মনত উদিত হোৱা ভাববিলাক, আৰু বিচাৰৰ অর্থ হৈছে বিচাৰ–বুদ্ধি ৷ এইদৰে অনপানসতিৰ অভ্যাস কৰোঁতে উশাহ–নিশাহৰ বায়ুৰ গতি অনুভৱ কৰাৰ উপৰি সেই সময়ত মনত উদিত হোৱা ভাব আৰু বিচাৰ–বুদ্ধিবিলাক উপলব্ধি কৰিবলৈ যত্ন কৰা হয়, আৰু মন আৰু দেহৰ সম্বন্ধ উপলব্ধি কৰা হয় ৷ অনপানসতি অভ্যাসৰ ফলত ক্রমান্বয়ে মন শান্ত হবলৈ ধৰে ৷ বিতর্ক আৰু বিচাৰৰ উদ্রেক হ্রাস পাই আহে ৷ মন আৰু দেহ একাত্ম হবলৈ ধৰে৷ সম্বন্ধ উপলব্ধি কৰা হয় ৷ অনপানসতি অভ্যাসৰ ফলত ক্রমান্বয়ে মন শান্ত হবলৈ ধৰে ৷ বিতর্ক আৰু বিচাৰৰ উদ্রেক হ্রাস পাই আহে ৷ মন আৰু দেহ একাত্ম হবলৈ ধৰে ৷
দ্বিতীয় পর্যায়ঃ সমথ
এই পর্যায়ত মনক স্বাভাৱিক আৰু স্বতঃস্ফূর্তভাৱে শান্ত হবলৈ দিয়া হয় ৷ বিতর্ক আৰু বিচাৰৰ উদ্রেক প্রায় নোহোৱা হৈ পৰিবলৈ দিয়া হয় ৷ মন প্রশান্ত আৰু বিশুদ্ধ হৈ পৰিবলৈ দিয়া হয় ৷ মন আৰু দেহ অধিক একাত্ম হৈ পৰিবলৈ ধৰে ৷ ফলস্বৰূপে বিপশ্যনা অর্থাৎ উৎকৃষ্ট পর্যায়ৰ উপলব্ধি প্রাপ্ত হয় ৷ এই উৎকৃষ্ট পর্যায়ৰ উপলব্ধিত প্রকৃতিৰপ্রকৃত স্বৰূপ উপলব্ধি হয় ৷ ইহসংসাৰৰ সকলোখিনিয়েই যে স্থায়ী নহয় সেই বোধ উদিত হয় ৷ কোনো প্রকাৰৰ দুখ–পীড়া আদি অনুভৱ নহয় ৷ অনাবিল আনন্দই মন উজ্জীৱিত তথা ৰোমাঞ্চিত কৰি তোলে ৷
তৃতীয় পর্যায়ঃ অনাবিল সুখ
এই পর্যায়ত পিতি অর্থাৎ মনৰ উদ্দীপনা আৰু শক্তিদায়ী ক্রিয়া নোহোৱা হৈ পৰে ৷ কেৱল অনাবিল সুখ উপলব্ধি হয় ৷ আন কথাত মন পঞ্চ–বন্ধন মুক্ত হয় ৷ বৌদ্ধ দর্শন অনুসৰি এই পঞ্চ–বন্ধনৰযোগেদি মনত যত সাংসাৰিক দুখ, আনন্দ, শোক, পীড়া আদিৰ সৃষ্টি হয় ৷ এই পঞ্চ–বন্ধনকেইটা হৈছে আকাৰ, প্রকাৰ–ৰূপ আদি , অনুভূতি–চেতনা তথা সংবেদন , উপলব্ধি, মনৰ প্রক্রিয়া , আৰু চৈতন্য ৷
চতুর্থ পর্যায়ঃ বিশুদ্ধ চৈতন্য
এই পর্যায়ত সুখ উপলব্ধিও নোহোৱা হৈ পৰে ৷ মন বিশুদ্ধ হয় ৷ নিৰানন্দ হৈ পৰে ৷ বিশুদ্ধ তথা সর্বোকৃষ্ট চৈতন্য লাভ হয় ৷
প্রসংগতঃ উল্লেখনীয় যে সকলো প্রকাৰৰ ধ্যানৰ সর্বোচ্চ লক্ষ্য বিশুদ্ধ চৈতন্য ৷ বৌদ্ধ দর্শনত বিশুদ্ধ চৈতন্য প্রাপ্তিক নির্বাণ লাভ বুলি কৈছে ৷ হিন্দু দর্শনত এই বিশুদ্ধ চৈতন্যক ব্রহ্মপ্রাপ্তি বুলি কোৱা হৈছে, আৰু বিশুদ্ধ চৈতন্যৰ দ্বাৰাই মোক্ষ লাভ সম্ভৱ বুলি কোৱা হৈছে ৷
ফোনঃ ৯৬৭৮০-০৩৬৭০