অনুপমা ডেকা
বিবাহৰ গন্তব্যস্থলী হৈ পৰিছে আজিৰ প্রজন্মৰ প্রথম পছন্দ ৷ আকর্ষণীয় স্থানত সীমিত অতিথিৰে বিবাহৰ আয়োজন কৰাত আগ্রহী আজিৰ প্রজন্ম ৷ কথাতে কয় জন্ম, মৃত্যু আৰু বিবাহৰ কথা কেৱল ঈশ্বৰেহে জানে ৷ কাৰ কেতিয়া, কত বিবাহ হব সেয়া নেদেখাজনেহে লিখি থয় বুলি আমাৰ সমাজ ব্যৱস্থাত সততে কোৱা যায় ৷ নিজৰ জীৱনসংগীৰ পাভযোৰা দেখিলে আন দহজনে কয় ভগৱানে দুয়োৰে যোৰা আদিতে মিলাহ থৈ দিছিল ৷ সময়ৰ তাগিদাত আমাৰ সমাজ ব্যৱস্থাতো পৰম্পৰাগত বিবাহত কিছু পৰিমাণে পৰিৱর্তন আহিছে ৷
বিগত দুটা বছৰত কভিড ভাহৰাছে মানৱ জাতিক যেন বহু কথাহ নকৈ শিকাহ থৈ গল ৷ পৰিয়ালৰ লোকক বাদ দি যে মাত্র কেহজনমান ঘনিষ্ঠ অতিথিৰে বিবাহৰ আয়োজন ৷ সেই কথা ভালদৰে শিকাহ থৈ গল ৷ অযথা খৰচ নকৰাকৈ কিদৰে বিবাহৰ আয়োজন কৰিব পাৰি, সেই কথা শিকাহ থৈ গল ৷ আয়তীৰ উৰুলি, বিয়ানামেৰে ৰজনজনাহ থকা সামাজিক বিবাহখন সকলোৰে পৰিচিত ৷
আমাৰ সমাজ প্রচলিত ৰীতি–নীতিৰে চলি অহা বিবাহখনতো এতিয়া আধুনিকতাৰ পৰশ পৰিছে৷ যুগৰ পৰিৱর্তনৰ লগে লগে আধুনিকতাৰ পৰশ পৰা তথা মানুহৰ ৰুচিৰ পৰিৱর্তন হোৱা স্বাভাৱিক ৷ বিবাহ হৈছে দুখন হূদয়ৰ মিলন ৷ ইজনে আনজনৰ হূদয়ত স্থান পাবলৈ দৰা–কইনাই দুয়ো দুয়োকে বুজি উঠিবলৈ এতিয়া বিবাহখনো অলপ সুকীয়াকৈ আয়োজন কৰা এক পৰম্পৰা গঢ় লৈ উঠিছে ৷
এতিয়াৰ সমাজত পূর্বৰ দৰে যৌথ পৰিয়ালৰ অভাৱ দেখা যায় ৷ শিক্ষা, সংস্থাপন আদিৰ সূত্রে অধিকাংশ লোক নগৰমুখী হোৱাৰ ফলত পূর্বৰ দিনত বিয়া ঘৰ বুলি বহু দিনৰ পৰা হোৱা উদুলি–মুদুলি পৰিৱেশ এতিয়া প্রায়ে দেখা নাযায় ৷ সকলো চাকৰি, ব্যৱসায়ত ব্যস্ত হোৱাৰ সমান্তৰালকৈ নগৰাঞ্চলত বাসগৃহ, ভাৰাঘৰ আদিত ঠাহৰ অভাৱৰ বাবে বিবাহ ভৱনে হৈ পৰিছে বিবাহ আয়োজনৰ উত্তম স্থান ৷ আধুনিক মনৰ মানুহে আদৰি ললে বিবাহ ভৱনক, বুফে ছিষ্টেমক ৷ এতিয়াৰ প্রজন্মৰ মাজত বিবাহ নিৰিবিলি স্থানত কেৱল দৰা–কহনাৰ পৰিয়ালৰ উপস্থিতিত আৰু মাত্র নির্বাচিত কেহজনমান বিশেষ অতিথিৰ উপস্থিতিত আয়োজন কৰা এক ট্ৰেণ্ড আৰম্ভ হৈছে ৷ তাৰ বাবে বহুতে উৰা মাৰে বিদেশলৈ, বহুতে ভাৰতৰ বিভিন্ন মনোমোহা স্থান বিচাৰি লয় বিবাহ বন্ধনত আবদ্ধ হোৱা উত্তম স্থান হিচাপে ৷ এতিয়াৰ অধিকংশ প্রজন্মই প্রাকৃতিক পৰিৱেশৰ প্রতি আকর্ষিত হয় ৷ মানুহৰ ভিৰৰ পৰা অলপ আঁতৰি প্রকৃতিৰ সৈতে নিবিড় সম্পর্ক গঢ়িব বিচাৰে ৷ সেয়ে প্রকৃতিকে সাক্ষী কৰি বিবাহপাশত আবদ্ধ হয় ৷
নৈসর্গিকতাৰ মাজত যেন বিচাৰি পায় শান্তি ৷ বিবাহৰ তাৰিখ নির্ধাৰণ হোৱাৰ পূর্বে এতিয়া একো একোখন মনোমোহা ঠাইত ডিজাইনাৰৰ সুন্দৰ সাজসজ্জা, মেকআপ আর্টিষ্টৰ মেকআপ আৰু কেৱল বিবাহৰ ফটো তোলা বিশেষ আলোকচিত্র শিল্পী, ভিডি শিল্পীয়ে কৰা ফটো শ্বুট, ভিডি শ্বুট কৰা আজিৰ আধুনিক সমাজৰ এক ট্ৰেণ্ডত পৰিণত হৈছে ৷ কোনো কোনোৱে আকৌ বিবাহৰ বাবে বুৰঞ্জীপ্রসিদ্ধ ঠাইসমূহ নির্বাচন কৰি লয় ৷ ইয়াৰ আঁৰত যেন কইনাই বিচাৰি পায় অনাবিল সুখ, শান্তি ৷
দেশ–বিদেশৰ তাৰকা শিল্পীসকলেও তেনে ধৰণে বিবাহপাশত আবদ্ধ হৈছে ৷ বলীউডৰ অভিনেত্রী প্রিয়ংকা চোপ্রা আৰু নিক জোনাছৰ বিবাহ সম্পন্ন হৈছিল ৰাজস্থানৰ যোধপুৰৰ উমেদ ভৱনত, কেটৰিনা কাঈফ আৰু বিকি কৌশলৰ বিবাহ ৰাজস্থানৰ মধুপুৰ জিলাৰ ছিক্স ছেনছেচ ববাৱাৰা ফোর্টত, দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ ইটালীত অনুষ্ঠিত বিবাহখনৰ লগতে বিৰাট কোহলি–অনুষ্কা শর্মা, ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ লগতে নামী–দামী তাৰকাৰ বিবাহবোৰ সময়ে সময়ে বিশেষ চর্চালৈ আহি থাকে ৷
পৰিৱর্তিত সময়ৰ লগে লগে বিবাহ নিজ মনপছন্দৰ ঠাইত সীমিতসংখ্যক আত্মীয়ৰ উপস্থিতিত আয়োজন কৰা পর্ব আন দেশৰ লগতে আমাৰ দেশেও আদৰি লৈছে ৷ সেয়ে হয়তো দেশ–বিদেশৰ মনোমোহা ঠাইত বিগ বাজেটেৰে অনুষ্ঠিত হৈ আহিছে বিবাহ কার্যসূচী৷ দৰা–কইনাই পিন্ধা কাপোৰ, আ–লংকাৰ, ৰূপসজ্জা, অতিথিৰ খাদ্য তালিকাত কি কি খাদ্য থাকিব সেয়া বহু পূর্বেহ পৰিকল্পনা কৰে দৰা আৰু কইনা পক্ষই । বিবাহৰ গন্তব্যস্থান দৰা–কইনাপক্ষই নির্ধাৰণ কৰি লোৱাৰ ফলত পূর্বৰ দৰে নিজ নিজ বাসগৃহসমূহত বিবাহৰ এমাহ মান পূর্বৰ পৰা হোৱা হুলস্থুলীয়া পৰিৱেশ প্রায়ে দেখা নাযায় ৷ বাসগৃহত বিবাহ আয়োজন কৰাৰ পিছত সকলো পূর্বৰ দৰে চম্ভালি লওঁতে দৰা, কইনাৰ পৰিয়ালটোক যথেষ্ট সময়ৰ প্রয়োজন হয় ৷ বহু মূল্যৱান বস্তুও হেৰাই যোৱা অথবা চুৰি হৈ যোৱাৰ দৰে ঘটনা আমাৰ সমাজত নঘটা নহয় ৷ সেই ক্ষেত্রত নিজে নির্ধাৰণ কৰা বিবাহৰ গন্তব্য স্থানসমূহ উত্তম বিবেচিত হৈ আহিছে ৷ নিৰাপদ ঠাইসমূহত আয়োজন কৰা এনে বিবাহ কার্যসূচী পৰিৱর্তিত সময়ৰ আহ্বান ৷ অৱশ্যে পুঁজিপতিৰ মাজত তেনে বিবাহৰ পৰম্পৰা অধিক পৰিমাণে দেখা যায় ৷ এতিয়াও আমাৰ সমাজৰ মধ্যবিত্ত বা নিম্ন মধ্যবিত্তই তেনে বিবাহ কল্পনা কৰিব নোৱাৰাৰ মূলতে হৈছে অর্থৰ অভাৱ৷ তথাপি কেৱল আত্মীয়–কুটুমক লৈ নিজ ঘৰৰ পৰা কিছু দূৰলৈ গৈ আয়োজন কৰা বিবাহ পদ্ধতিৰ সুফল নুই কৰিব নোৱাৰি ৷
ফোনঃ ৯৯৫৪১-৯০৫৮০