প্ৰৌঢ় জীৱনৰ অভিজ্ঞতা

মধ্য জীৱনত ভৰি দিয়াৰ লগে লগে এগৰাকী ব্যক্তিয়ে সাধাৰণতে কথাবোৰ পাহৰি যোৱা, চিন্তাবোৰ খেলিমেলি হোৱা আদিৰ দৰে আপত্তিবোৰ দর্শাবলৈ আৰম্ভ কৰে৷ কিন্তু বর্তমান বিজ্ঞানসন্মত আধুনিক যুগত বিভিন্ন বিশেষজ্ঞসকলে বহু গৱেষণাৰ অন্তত ইয়াৰ এখন সম্পূর্ণ বিপৰীত ছবি দাঙি ধৰিছে৷ বিভিন্ন গৱেষণাৰ অন্তত দেখা গৈছে জীৱনৰ মাজৰ সময়ছোৱাত মানৱ জাতি শাৰীৰিক অৱক্ষয়ৰ সন্মুখীন হয় যদিও মানসিক স্থিতি এই সময়ত অধিক সবল হয়৷ এই সময়ছোৱাত ভৰি দিয়াসকলে এই কথা বাৰুকৈয়ে অনুভৱ কৰিব পাৰিব৷ জীৱনৰ প্রায়ভাগ অভিজ্ঞতাৰে পৰিপুষ্ট হৈ পৰে মানুহৰ জীৱনৰ মাজৰ সময়ছোৱা৷ ইয়াৰ ভিতৰত আধ্যাত্মিক অভিজ্ঞতাও থাকে৷ এই আধ্যাত্মিক অভিজ্ঞতাই চল্লিশৰ ঊধর্বৰ ব্যক্তি এগৰাকীক শক্তিশালী বিবেকৰ অধিকাৰী কৰি তোলে৷ যিহেতু এই শক্তিশালী বিবেকে আৱেগক প্রশ্রয় নিদিয়ে মানৱ জীৱনৰ এই সময়ছোৱা যন্ত্রণাকাতৰ হবই নোৱাৰে৷ গতিকে এই মধুৰ সময়ছোৱাত আপত্তিবোৰক প্রশ্রয় দিলেই বিপদ অৱশ্যম্ভাৱী৷ এই সময়ছোৱাত মানুহে নিজকে সুখী অনুভৱ কৰে৷ বিভিন্ন গৱেষকে সদৰী কৰা তথ্যত এই কথা ইতিমধ্যে প্রকাশ পাইছে৷ গতিকে এই মধুৰতম সময়ৰ সুখ লাভ কৰি জীৱনটো উপভোগ কৰা কামটোৱেই হব আটাইতকৈ শ্রেয়৷

অৱশ্যে জীৱনৰ আগভাগত কৰি অহা কিছুমান ভুলৰ বাবে এই সময়ছোৱাত বহুতৰে মনত অনুশোচনাৰ ভাব নহাকৈ নাথাকে৷ ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে কৰা সেই ভুলবোৰ শুধৰোৱাৰ সময়ো নাথাকে৷ আৱেগক প্রশ্রয় দি লোৱা ভুল সিদ্ধান্ত, সময়ৰ সদ্ব্যৱহাৰ নকৰা – এইবোৰ হৈছে পকীবেৰ এখনত নিজৰ মূৰটো নিজে মাৰি তেজ উলিয়াই দিলেও শুধৰাব নোৱাৰা তাডনা৷ প্রখ্যাত সাহিত্যিক হোমেন বৰগোহাঞিয়েও তেওঁৰ জীৱনত সময়ৰ অপচয় হোৱাটো উপলব্ধি কৰিছিল আৰু সেই কাৰণেই সময়ৰ উচিত মূল্য বুজি জীৱনৰ পিছৰ সময়ছোৱাত আনক সময় দিবলৈ টান পাইছিল৷ জীৱনত বিচৰামতে কৰিব পাৰিলোঁনে নাই এইধৰণৰ প্রশ্ণৰো অৱতাৰণা ঘটে এই মাজৰ সময়ছোৱাত৷ খুব কমসংখ্যকেহে ইয়াৰ এটা সন্তুষ্টিজনক উত্তৰ লাভ কৰিব পাৰে৷ যিসকলে সন্তুষ্টিজনক উত্তৰ লাভ নকৰে, তেওঁলোকে সময় আৰু সুবিধাৰ দুৱাৰডলিত ভৰি থৈ বিচৰা কামটো সমাধা কৰিব পাৰে নিষ্চয়৷

আমোদজনক কথাটো হল– এই সময়ছোৱাত প্রায়ভাগৰে শাৰীৰিক আৰু মানসিকভাৱে তৰুণ হৈ থকাৰ দুর্বাৰ হেঁপাহ এটাই মনত থিতাপি লয়৷ এই দুর্বাৰ হেঁপাহটো লাহে লাহে হৈ পৰে জীয়াই থকাৰ প্রেৰণা৷ তেতিয়াই এক ইতিবাচক দৃষ্টিভংগীৰে জীৱনটো উপভোগ কৰাৰ অভ্যাস গগ লৈ উঠে৷ জীৱনটো সঠিকভাৱে উপভোগ কৰাৰ বাবে ই এক শুভ লক্ষণ৷ তৰুণ হৈ থাকিবলৈ আজিকালি সকলোৱে বিভিন্ন পন্থা অৱলম্বন কৰে৷ তৰুণ অর্থাৎ সুস্বাস্থ্যৰ অধিকাৰী আৰু ধুনীয়া হৈ থকাৰ অভ্যাস৷ প্রচলিত বিশ্বাস আছে যে নিয়মিত ব্যায়াম আৰু পুষ্টিকৰ আহাৰে মানুহক সৌন্দর্যময় কৰি তোলাত সহায় কৰে৷ বিভাগীয় ডাক্তৰসকলেও এনে ধৰণৰ পৰামর্শ দিয়া পৰিলক্ষিত হয়৷ কিন্তু জাপানৰ বিখ্যাত চিকিৎসক শ্বিগিকি হিনোহাৰাৰ মতে মানসিকভাৱে তৰুণ হৈ থাকিবলৈ সবল শুদ্ধ মনোভাব আৰু জীৱনৰ প্রতি ইতিবাচক দৃষ্টিভংগী কিিয়াই লৈ ফুৰাটো খুবেই প্রয়োজনীয়৷ তেওঁৰ মতে কেৱল শাৰীৰিক ব্যায়াম আৰু পুষ্টিকৰ আহাৰ সেৱন কৰিলেই মানুহ তৰুণ হৈ থাকিব নোৱাৰে৷ ১০৬ বছৰলৈ জীয়াই থকা এইগৰাকী চিকিৎসকে দিনটোৰ প্রায় ১৮ ঘণ্ঢা কাম কৰিছিল আৰু আনক কর্ম কৰি যাবলৈ তথা নিতৌ নতুন কথা শিকিবলৈ আহ্বান জনাইছিল৷

জীৱনৰ মধ্য সময়ছোৱাৰ আৰম্ভণিৰ পৰাই মানুহৰ অৱচেতন মনত বার্ধক্যৰ প্রতি ভয় এটিয়ে বাহ সাজিবলৈ আৰম্ভ কৰে৷ বিশেষকৈ বার্ধক্য কালত লব লগা হোৱা লাখুটিডালৰ কথা, আনৰ ওপৰত নির্ভৰশীল হোৱা এইবোৰ কথাই গোপনে আহি মনবোৰত থিতাপি লয়৷ কিন্তু বার্ধক্যক যদি উপভোগ্য কৰি তোলা হয়, বার্ধক্যক যদি প্রত্যাহ্বান হিচাপে লোৱা হয়, তেতিয়া বার্ধক্যক জয় কৰাটো সহজ হৈ পৰিব৷ শিক্ষাবিদ লক্ষ্যধৰ চৌধুৰীয়ে বার্ধক্যৰ সময়ছোৱা বাৰুকৈয়ে উপভোগ্য কৰি তুলিছিল৷ হঁাহিয়েই আছিল তেওঁৰ মূলমন্ত্র৷ সেইবাবেই হয়তো জীৱনৰ পঁচাশী বছৰ বয়সতো দুর্দান্ত অভিনয়েৰে তেওঁ মানুহৰ মাজত নিজকে বিলাই দি অপাৰ সন্তুষ্টি লাভ কৰিছিল৷ আনহাতে পৃথিৱীৰ বিখ্যাত উদ্ভাৱক থমাছ আলভা এডিছনে বার্ধক্য কালতো কঠোৰ পৰিশ্রম কৰি জীৱনক প্রত্যাহ্বান জনাইছিল৷ তেওঁৰ ৬৭ বছৰ কালছোৱাত নিজ হাতেৰে অশেষ কষ্টসহকাৰে গিি তোলা গৱেষণাগাৰটো চকুৰ পচাৰতে জুইৰ লেলিহান শিখাই ভস্মীভূত কৰাৰ পিছতো তেওঁ নিৰাশাত ভাগি পৰা নাছিল৷ বৰঞ্চ এডিছনে ইয়াক নিজে কৰা ভুলবোৰ শুধৰাই জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ সুযোগ হিচাপেহে গ্রহণ কৰিছিল৷ গতিকে চল্লিশৰ ঊধর্বৰ ব্যক্তিসকলৰ জীৱনলৈ আহি থকা বার্ধক্য নামৰ মাৰাত্মক বেমাৰটোক তিলমানো গুৰুত্ব নিদি আগুৱাই যোৱাটোৱেই হৈছে উত্তম উপায়৷ আমেৰিকাৰ Great Dissenter হিচাপে পৰিচিত ন্যায়াধীশ অলিভাৰ ৱেণ্ডেল হোমছে কৈছিল,‘‘To be seventy years young is sometimes far more cheerful and hopeful than to be forty years old.’’ অর্থাৎ চল্লিশ বছৰীয়া বৃদ্ধ হোৱাতকৈ সত্তৰ বছৰীয়া ডেকা হৈ থকাটো কেতিয়াবা বেছি আনন্দদায়ক আৰু আশাব্যঞ্জক হয়৷

চল্লিশৰ ডেওনা পাৰ কৰিও বহুজনে বহু উল্লেখযোগ্য কাম কৰি নিদর্শন দেখুৱাই থৈছে৷ আমেৰিকাৰ বিখ্যাত উদ্যোগপতি হেনৰী ফর্ডে ৪৫ বছৰ বয়সত ফর্ড মটৰ কোম্পানী প্রতিষ্ঠা কৰিছিল৷ ৰবীন চেজ ৪২ বছৰ বয়সত গাডী বিনিময় কোম্পানী জিপকাৰৰ সহঃ প্রতিষ্ঠাপক হৈছিল৷ ৪০ বছৰ বয়সত আমেৰিকাৰ কোটিপতি ব্যৱসায়ী ডনাল্ড ফিছাৰে তেওঁৰ সহধর্মিণী ডৰিডৰ সৈতে একেলগে কাপোৰৰ কোম্পানী গেপ প্রতিষ্ঠা কৰিছিল৷ এনে ধৰণৰ উদাহৰণ আৰু বহুতো আছে৷ আমেৰিকাৰ লেখক ৱালটাৰ বি পিটকিনে তেওঁৰ জনপ্রিয় কিতাপ‘‘Life Begins at Forty’’ত জীৱনটো কিয় চল্লিশ বছৰৰ পৰা আৰম্ভ হয়, তাক খুব সুন্দৰকৈ উপস্থাপন কৰিছে৷ কিতাপখনত জীৱনৰ যৌৱনকাল আৰু মধ্যভাগৰ এক তুলনামূলক মতামত আগববাই চল্লিশৰ ঊধর্বৰ ব্যক্তিসকলে যাতে জীৱনটো এক ইতিবাচক দৃষ্টিভংগীৰ সৈতে কটাব পাৰে, তাক দাঙি ধৰা হৈছে৷

জীৱনৰ মাজৰ সময়ছোৱাত সহনশীলতা, যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ক্ষমতা এনেধৰণৰ কিছুমান সুন্দৰ অভ্যাস গগ লৈ উঠে৷ এই অভ্যাসবোৰ যদি কাৰিকৰী দিশত কৌশলগতভাৱে ব্যৱহাৰ কৰা যায়, তেতিয়া ফলাফল খুব সুন্দৰ হয়৷ হতাশাক প্রশ্রয় নিদি আগবািি যোৱাটোৱেই হৈছে ক্রমাগতভাৱে বৃদ্ধি পোৱা বয়সৰ প্রতি এক নামবিহীন প্রত্যাহ্বান৷

You might also like
Leave A Reply

Your email address will not be published.