প্রজন্মৰ ব্যৱধান

 

(১)আজিৰ প্রেক্ষাপটত এটা চর্চিত বিষয় জেনেৰেচন গেপ অথবা প্রজন্মৰ ব্যৱধান ৷ কিজানি মানুহৰ উৎপত্তিৰ সময়ৰ পৰা, ভাষা উৎপত্তি কালৰে পৰা, মানুহৰ সমাজ–সভ্যতা–বিস্তা হোৱাৰে পৰা প্রজন্মৰ ব্যৱধানবোৰ দৃষ্টিগোচৰ হৈ আহিছে ৷ একালত উলংগ লোক, জুইৰ অনাৱিষ্কাৰ কালত মঙহ কেঁচাই খোৱা, জংঘলত পোৱা খাদ্য খাই জীৱন–নির্বাহ কৰা মানুহখিনিৰ পিছৰ প্রজন্মই শিকিলে জুইৰ ব্যৱহাৰ ৷ লজ্জা নিবাৰণৰ নিমিত্তে শৰীৰৰ ঢাকিবলৈ পোছাক পিন্ধিবলৈ ললে, যাক আমি সভ্যতাৰ ক্রমবিকাশ বুলি কওঁ ৷ কিন্তু গভীৰভাৱে বিশ্লেষণ কৰি চালে দেখা যায় এয়াই প্রজন্ম ব্যৱধানৰ চিন্তা আৰু কর্মৰে ব্যৱধান৷ অভাৱেই আৱিষ্কাৰৰ মূল ৷ আৱিষ্কাৰেই নতুনৰ সূত্রপাত৷ নতুন মানেই চিন্তা, চেতনা, পৰিৱর্তনৰ প্রকাশ, যত নিহিত থাকে প্রজন্ম ব্যৱধানৰো আভাস ৷

সময় সদায় একে নাথাকে ৷  বুৰঞ্জীয়ে ঢুকি নোপোৱা মানুহৰ ইতিহাসৰ কিছুমান কথাও সেইবাবে অনুমানৰ ওপৰতে অনুমান কৰি লব লগা হয় ৷ সেই অনুমান আকৌ বর্তমানৰ প্রেক্ষাপটতেই কৰা হয় ৷ মনত পৰে স্কুলৰ শিক্ষা নথকা মোৰ আইতাই কেতিয়াবা মোৰ কথা শুনিলে, মোৰ দুষ্টালি দেখি প্রায়ে কৈছিল কি যে কলিকাল ঐ ৷ আমাৰ দিনত আমি এনে নাছিলো ৷ আইতাৰ মুখতে শুনিছিলো তেওঁক যেতিয়া বিয়া দিব ওলাইছিল, তেতিয়া তাৰ আগতে ককাৰ প্রথম পত্নীৰ বিয়োগ হৈছিল, আইতাই হেনো দেউতাকক কৈছিল পিতাই, ঘৈণী মৰা মানুহকহে দৰা পালিগৈনে আইতাৰ দেউতাকে তেতিয়া কৈছিল দেখিছ, দেখিছ তাইৰ কথা৷ ভালেই হল ৷ এইক যে স্কুল নপঢ়ালো ৷ এতিয়াই তাইৰ বৰ বৰ কথা ৷ স্কুল পঢ়ুওৱা হলে তাই সৱৰে দোষেই দেখিলেহেঁতেন ৷ এইবোৰ একোটা সাধাৰণ উদাহৰণ ৷ এটা প্রজন্মই যিধৰণে এটা ছিষ্টেমত চলি আহে, পিছৰ প্রজন্মই কৰা আৰু কোৱাবোৰত দেখা পোৱা ব্যৱধানবোৰেই প্রজন্মৰ অন্তৰাল নির্ণিত কৰাত সহায় কৰে ৷

 

মানুহৰ মুখত প্রায়ে এষাৰ বাক্য শুনা যায় সেই ৰামো নাই, অযোধ্যাও নাই ৷ যুগৰ পৰিৱর্তন ৷ অন্য এটা অর্থও উক্ত বাক্যশাৰীত নিহিত আছে ৷ যি হল মানুহৰ সততা আৰু ন্যায়ৰ অভাৱ ৷

বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰে পুৰণিক ঠেলি নতুনক আদৰি লয় ৷ আজিৰ নতুনখিনি আৰু পাঁচ বছৰৰ পিছত পুৰণি হয় ৷ পাঁচ বছৰৰ পিছৰ প্রজন্মই জন্মৰ পিছৰে পৰা নতুনখিনিৰেই আৰম্ভ কৰে ৷ সিহঁতৰ কর্ম, কথা, চিন্তাৰ ব্যৱধান আগৰখিনিতকৈ কিছু বেলেগ হয় ৷ মোৰ আইতাই দেউতাক কোৱাৰ দৰে আমাৰ দিনতকৈ তাহাঁতৰ চিন্তা, কথা বহু সলনি হল ঐ৷ মোৰ দেউতাই মোক কৈছিল আমি তহঁতৰ দৰে নাছিলোঁ ৷ মই মোৰ সন্তানক এতিয়া কওঁ শাৰীৰিকভাৱে তাই মোৰ দৰে এক্টিভ নহয় ৷ মবাইলত ইণ্টাৰনেট অবিহনে তহঁতো মানুহৰ লগত সম্পর্ক ৰাখিব লগা হলে কিদৰে ৰাখিবি

সুক্ল, কলেজ, ইনষ্টিটিটিউটত প্রসাৰ, আধুনিক আনুষ্ঠানিক শিক্ষাপ্রাপ্ত প্রজন্মৰ ক্ষেত্রত এই ব্যৱধান বাৰুকৈয়ে চকুত লগা ৷ যুগৰ পৰিৱর্তনে মানুহৰ চিন্তা, ধ্যান–ধাৰণাৰ সলনি কৰে নে ক্রমশঃ মানুহৰ চিন্তা, চেতনা, ধ্যান–ধাৰণাই যুগৰ পৰিৱর্তন কৰে ই এটা মুদ্রাৰ ইপিঠি আৰু সিপিঠিৰ দৰে ৷ এই যে প্রজন্মৰ ব্যৱধান আমি কত কত লক্ষ্য কৰিব পাৰো বিহংগম দৃষ্টিৰে পাব পাৰোঁ

১ সম্পর্ক ৷

২ শিক্ষা ৷

৩ পোছাক ৷

৪ জীৱন–ধাৰণৰ মান আৰু প্রক্রিয়া ৷

৫ ব্যক্তিসত্তা অথবা অস্তিত্বৰ সচেতনতা ৷

৬ অত্যাধুনিক ইলেকড্রনিক মাধ্যমৰ ব্যৱহাৰ ইত্যাদি ৷

বহু দশকৰ কথাই নহয় ৷ সৰু অৱস্থাতে আমি দেখি অহা গাঁওখনৰে উদাহৰণ লৈছোঁ ৷ মাহঁতে গাঁৱৰ খুৰী, বৰমাহঁতে শাহু আৰু শহুৰ বুলিলে তেওঁলোকৰ লগত শাৰী পূৰাই নবহিছিল, যেতিয়ালৈকে আইতাহঁতে নকৈছিল বহ থিয় হৈ আছ কিয় শাহু–শহুৰৰ সেৱা–শুশ্রূষা আন্তৰিকতাৰে কৰিছিল ৷ ভয়, শ্রদ্ধা কৰিছিল ৷ চুবুৰি অথবা গাঁৱৰ খুৰা, ককা, বৰদেউতাহঁতে কাৰ ঘৰৰ লৰা–ছোৱালী নাচাইছিল ৷ বাহিৰত অযথা ঘূৰি ফুৰা দেখিলে, দুষ্টালি কৰা দেখিলে শাসন কৰিছিল ৷ দুচাট দি কেতিয়াবা ঘৰত থৈ গৈছিলহি ৷ গৃহস্থই তেতিয়া শাসন কৰোঁতা গাঁও সম্বন্ধীয় খুৰা, বৰদেউতাক সন্তুষ্ট মনেৰে কৈছিল বেচ কৰিছা ৷ আৰু দুচাট নিদিলা কিয়

প্রিয় পাঠক, এতিয়া আপুনি মই এনে দৃশ্য প্রত্যক্ষ কৰিব পাৰো জানো এতিয়া মাতৃসকল চাকৰিমুখী, ব্যৱসায়মুখী, সন্তানসর্বোচ্চ হৈ পৰিছে ৷ ঘৰতে থাকি বাহীবন কৰি ঘৰ চলোৱা বোৱাৰী দুর্লভ হৈ পৰিছে৷ গতিকে এতিয়া ওলোটাই ঘৰতে থকা শাহুৱে আলপৈচান ধৰিব লগা হয় ৷ কোনেও কাৰো সন্তানক শাসন কৰাৰ অধিকাৰ নাই ৷ তেনে আন্তৰিকতাও নাই ৷ কোনোবাই তেনে দুঃসাহস কৰিবলৈ গলেও গৃহস্থই শুনায়ঃ  আমাৰ সন্তান, আমি শাসন কৰিম ৷ আপুনি কোন

ঠিক তেনেকৈ গুৰু–শিষ্যৰ পৱিত্র সম্বন্ধও সময়ে সলনি কৰিছে ৷ একালত গুৰুক দেখিলে চাইকেলত আহি থকা শিষ্যই দূৰতে দেখি নামি দিছিল, এতিয়া কাষেদি গাডী দৌৰাই গুচি যায় ৷ গুৰুৰ লগত সমানে বহি মদ–ভাং খায় ৷ এসময়ত ককা–আইতা, বৰদেউতা, খুৰা–খুৰীৰে ভৰি থকা যৌথ পৰিয়ালবোৰ দুর্লভ হৈ পৰিল ৷ কোনেও কাৰো বাবে সময় ব্যয় কৰিব নিবিচাৰে ৷ কাৰো উপদেশ, পৰামর্শমতে চলিব নিবিচাৰে৷ কাৰো দায়িত্ব কোনেও লব নিবিচাৰে ৷ মাইক্র ফেমিলেীয় গাঁৱে–ভূঞে গ্রাস কৰিছে৷ যাৰ বাবে গাঁৱৰ বৃহৎ বৃহৎ তামোলবাৰী, বাঁহবাৰী, শাকনিবাৰীবোৰত মূৰ দাঙি উঠিছে প্রকাণ্ড প্রকাণ্ড পকী দালান ৷ বিবাহ বহির্ভূত সম্পর্ক, লিভিং টুগেডাৰ আজিৰ প্রজন্মৰ বাবে অবৈধ নহয় ৷

বছৰেকীয়া পৰীক্ষাবোৰ শেষ হোৱাৰ পিছতে এসময়ত মামাৰ ঘৰ, জেঠাইৰ ঘৰ, পেহীৰ ঘৰলৈ গৈ অৱসৰৰ দিন আনন্দৰে কটাইছিলোঁ ৷ এতিয়া জানো আছে এনে পৰিৱেশ৷ মা–দেউতা, সন্তান, বন্বুূ–বান্ধৱী, আত্মীয়–কুটুম্ব সকলো সম্পর্কই হৈ পৰিছে ইণ্টাৰনেট বেচ্ড ৷ এসময়ত কর্মই জাত–পাত বিভেদ আনিছিল ৷ এতিয়া ব্রাহ্মণেও ফিচাৰী, গাহৰি ফার্ম খোলে ৷ মুঠতে জীৱিকার্জনে বর্তমান জাত–পাতৰ নির্ণয় কৰে ৷ আমি ডাঙৰ–দীঘল হোৱা গাঁওখনতে দেখিছিলো, শান্তি হবৰ সময় সমাগত বুলি জনাৰ আগৰে পৰাই গাঁৱৰ জীয়ৰীহঁতৰ ফ্রক খোলাই চাদৰ–মেখেলা পিন্ধিবলৈ দিছিল ৷ বোৱাৰীবোৰে গাঁৱলৈ অর্থাৎ ঘৰৰ বাহিৰলৈ ওলালে ওৰণি লৈহে গৈছিল ৷ এতিয়া জীয়ৰীৰ কথা বাদেই বোৱাৰীয়েও চুৰিডাৰ–কুর্তা, পেণ্ট পিন্ধি ফুৰিব পাৰে ৷ এতিয়াও জীৱিত থকা বয়োজ্যেষ্ঠসকলে কয় যুগৰ যুগুতি৷ সংসৃক্তি গল ৷

তেনে পোছাকধাৰীক আমিও যুক্তি দিওঁ অকল মেখেলা–চাদৰ পিন্ধি থাকিলেই ঘৰ নচলে ৷ বাহিৰে ঘৰে, বজাৰে–ফিচে দপ্দপাই থাকিবলৈ এনে পোছাকেহে সহায় কৰে ৷ কোটিকলীয়া ধ্যান–ধাৰণা এৰিবৰ হল ৷ আপোনালোকৰ দিন বেলেগ আছিল ৷ পথাৰ, চোতাল, পাকঘৰতে সীমাবদ্ধ আছিল, গতিকে কি বুজিব

অত্যাধুনিক ইলেকট্ৰনিক সামগ্রীৰ প্রচলন আৰু ব্যৱহাৰে জীৱন–ধাৰণৰ মানো সলনি কৰি তুলিছে ৷ চাকৰিমুখী, ব্যৱসায়মুখী, উদ্যোগমুখী জীৱন লালসাই সংকুচিত কৰি আনিছে বনাঞ্চল, খহাই পেলাইছে পাহাৰ, শুকুৱাই আনিছে নদ–নদী৷ মুঠৰ ওপৰত প্রকৃতিৰ ওপৰতো পৰিছে ক্রমশঃ প্রজন্মৰ ব্যৱধানৰ প্রভাৱ ৷

অস্তিত্বৰ অত্যাধুনিক সচেতনাই আনি দিছে সম্পর্কৰ মাজত পীডা, আনি দিছে সম্পর্কৰ ভাঙোন ৷ একাকিত্ব জীৱন বিলাস ৷ সহনশীলতাৰ অভাৱ, ধৈর্য–সহ্যৰ অভাৱ, বিবাহ–বিচেছদ সহজলভ্য দৃশ্য ৷

অফিচ–আদালতত পুৰণি কর্মচাৰীসকল টাইপ ৰাইটাৰৰ দ্বাৰা কাম কৰাত সিদ্ধহস্ত, এতিয়া কম্পিউটাৰ, লেপটপৰ বাধ্যবাধকতা ৷ নতুন প্রজন্মৰ এজনৰ বাবে এই কাম অতি সহজ ৷ কিন্তু পুৰণিখিনিয়ে আয়ত্ত কৰিবলৈ যাওঁতে সময়ৰ প্রয়োজন আহি পৰে ৷ পুৰণিখিনিয়ে কয় এয়া নতুন প্রজন্মৰ বাবেহে সহজ ৷

শেহতীয়াকৈ আন এটা দিশ দৃষ্টিগোচৰ হৈছে, সেয়া হল ভাষা ৷ আজিৰ প্রজন্মৰ মাজত শুদ্ধকৈ, সলসলীয়াকৈ ইংৰাজী বাদ দি মাতৃভাষা শুনিবলৈ পোৱাটো যেন সৌভাগ্যৰ কথা ৷ বর্তমান যুগত ইংৰাজী ভাষা হৈছে আন্তর্জাতিক লিংগুৱা ফ্রেংকা ৷ কাজেই এসময়ত অসমীয়া পদ্য আওৰাই থকা আমাৰ প্রজন্মৰ পৰিৱর্তে এতিয়াৰ প্রজন্মই জানে ইংৰাজী ৰাইমছ৷ ব্যস্ততাৰ অজুহাততো বহু ব্যৱধান দৃষ্টিগোচৰ হৈ আহিছে ৷ উৎসৱ–পার্বণ উদ্যাপনৰ নতুন নতুন ব্যৱস্থা, যত বিয়া, সকামৰ দৰে সকলো মাংগলিক অনুষ্ঠানো যোগ দিব পাৰি ৷

আজিৰ খাদ্যাভ্যাসকো প্রজন্মৰ ব্যৱধানৰ আওতাত আনিব পাৰি

কত সেই চাউল

পানীত দিলেই ভাত

কত সেই কুঁজী থেকেৰা

টেঙাই যায় দাঁত ৷

লক্ষ্মীনাথ বেজবৰুৱা

এনেধৰণৰ পদ্যত নিহিত থকা খাদ্য আজিৰ প্রজন্মৰ কেইজনৰ প্রিয়

যুগৰ পৰিৱর্তন অৱশ্যম্ভাৱী৷ বহুক্ষেত্রত যাক আদৰি লবলৈ গৈ আমি তাৰ কুফল অথবা সুদূৰপ্রসাৰী প্রভাৱবোৰ নাচাওঁ৷ নতুনৰ আৱেশত মত্ত হৈ পৰোঁ ৷ যেতিয়া বেয়া দিশবোৰ চকুত পৰে, তেতিয়া আৰু ৰুধিবলৈ বাট নাথাকে মানি যাবলৈ বাধ্য হব লগা হয় ৷ এয়াই সময়ৰো দাবী৷ বহু কথাই উদাহৰণসহ বহলাই লিখিব পাৰি ৷ ইণ্টাৰনেটে আজিৰ পৃথিৱীখনকে এখন বৃহৎ গাঁৱলৈ যত ৰূপান্তৰ কৰি তুলিছে ৷ এতিয়াও নিত্য নতুন সামগ্রী ওলাই আছে ৷ এনেদৰেই গৈ থাকিব ৷ আজিৰ প্রজন্মই তেওঁলোকৰ পিছৰখিনিৰ কাৰুকার্য চাই কব আমাৰ দিনত এনে নাছিল দেই ৷

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.