প্রজন্মগত ব্যৱধানৰ সাঁকো গঢ়ো আহক

তুলিকা দেৱী নাথ

“The seed I spent or sown it where

The land is his and none of mine·

We speak like strangers, there’s no sign off understanding in the air” Poem -Father to Son by Elizabeth Jennings

অলপ দিনৰ আগতে এলিজাবেথ জেনিংছৰ Father to Son শীর্ষক কবিতাটো পঢ়িছিলোঁ ৷ কবিতাটোৰ প্রতিটো শাৰীত প্রকাশ পাইছে এগৰাকী পিতৃৰ মনৰ ক্ষোভ আৰু দুখ ৷ সেয়া পিতৃ আৰু পুত্রৰ মাজত সৃষ্টি হোৱা দূৰত্বৰ ক্ষোভ, একে ঘৰতে থাকিও পিতৃ আৰু পুত্র দুয়ো এজন আনজনৰ ওচৰত অচিনাকি হৈ পৰাৰ দুখ ৷ লৰালিৰ ধুনীয়া স্মৃতিবোৰ সুঁৱৰি পিতৃ দুখত  ভাৰাক্রান্ত হৈ পৰিছে ৷ পিতৃয়ে নিজৰ পুত্রক আগৰ দৰে কাষত পাবলৈ বিচাৰিছে ৷ তেওঁ পুত্রৰ সকলো দোষ ক্ষমা কৰি দিবলৈও সাজু হৈছে ৷ Father to Son এটা অতি হূদয়স্পর্শী কবিতা ৷ কবিতাটোৰ কথাখিনিয়ে আচলতে প্রজন্মগত ব্যৱধানৰ কথাকে কব বিচাৰিছে ৷ প্রজন্মগত ব্যৱধান সচৰাচৰ আলোচিত হৈ থকা এক উল্লেখনীয় বিষয় ৷ প্রজন্মগত ব্যৱধানৰ বাবেই বেলেগ বেলেগ  প্রজন্মৰ ব্যক্তিৰ মাজত এক দূৰত্বৰ সৃষ্টি হৈছে ৷ এটা প্রজন্মৰ যুক্তি, মতামত আৰু  চিন্তাধাৰা আনটোৰ লগত বহু অন্তৰ হোৱাৰ বাবেই দুই প্রজন্মৰ ব্যক্তিৰ মাজত সকলো সময়তে মতানৈক্যৰ সৃষ্টি হয় ৷ এই ছবি আমি সমাজত প্রায়ে দেখা পাওঁ বা আমাৰ প্রায় সকলোৰে ঘৰতে দেখা পোৱা এক সুলভ ছবি ৷ দুই  প্রজন্মৰ মাজত ব্যৱধান থকাটো অৱশ্যম্ভাৱী ৷ পিতৃ–মাতৃ আৰু সন্তানৰ মাজৰ  প্রজন্মগত ব্যৱধানক যদি আমি সূক্ষ্মভাৱে পর্যবেক্ষণ কৰোঁ আমি দেখা পাওঁ পিতৃ–মাতৃৰ শৈশৱ আৰু সন্তানৰ শৈশৱৰ পৰিৱেশ, তেওঁলোকৰ স্কুলীয়া জীৱন, তেওঁলোকৰ জীৱনশৈলী, চাৰিওফালৰ আপেক্ষিক পৰিৱেশ সকলোতে যথেষ্ট পার্থক্য পৰিলক্ষিত হয় ৷ নবৈবৰ দশকৰ কোনোবা এজন ব্যক্তিক যদি সোধা যায় তেওঁৰ প্রিয় সংগীতৰ  কথা ৷ হয়তো ব্যক্তিজনে বলীউড, ভাৰতীয় সংগীতৰ কথাই কব ৷ কিন্তু আমি যদি আজিৰ প্রজন্মক সেই একে প্রশ্ন সোধোঁ তেওঁলোকৰ মুখত ওলাব কোৰিয়ান সংগীতৰ কথা ৷ বি টি এছ বা ব্লেক পিংকৰ কথা ৷ এই কথাই ইয়াকে প্রমাণ কৰে যে দুই প্রজন্মৰ ভাৱধাৰণা বা চিন্তাৰ পার্থক্য থকাটো স্বাভাৱিক৷ নবেল বঁটা বিজয়ী প্রখ্যাত সাহিত্যিক কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে কৈছিল”Don’t limit a child to your own learning, for he was born in another time”

কিন্তু এই প্রজন্মগত ব্যৱধানক সমস্যা বুলি নাভাবি ইয়াৰ কাৰণবোৰ বুজি আমি বুদ্ধিমত্তাৰে এই দূৰত্ব কম কৰিবলৈ যত্ন কৰাটোহে আমাৰ কৰণীয় হোৱা উচিত ৷

প্রজন্মগত ব্যৱধান বেছি হোৱাৰ কিছুমান কাৰক হৈছে পৰস্পৰৰ  বুজাবুজিৰ অভাৱ, এজনে আনজনৰ কথা শুনিব নোখোজা স্বভাৱ, নিজৰ চিন্তা–চর্চাই শুদ্ধ বুলি লৈ ফুৰা মনোভাৱ, ক্ষমতাৰ অপপ্রয়োগ, প্রযুক্তিবিদ্যাৰ অপপ্রয়োগ, একক পৰিয়াল, যি ব্যৱধান হৈছে সেই ব্যৱধানৰ কাৰকবোৰ জানিবলৈ চেষ্টা নকৰা লগতে নিজে সলনি হব নোখোজা স্বভাৱ ৷ গতিকে প্রজন্মগত ব্যৱধানক এক সমস্যা বুলি এৰি দিলে এটা সময়ত এলিজাবেথ জেনিংছে কোৱাৰ দৰে একে ঘৰতে থকা সন্তানেই অচিনাকি লোকৰ দৰে হৈ পৰিব ৷ এই পর্যায় পোৱাৰ আগতেই আমি প্রজন্মগত ব্যৱধান কেনেকৈ দূৰ কৰিব পাৰি, তাৰ কাৰণে চিন্তা–চর্চা আৰু প্রচেষ্টা কৰাটো অতিকৈ প্রয়োজন ৷

এহ প্রজন্মগত ব্যৱধানৰ সাঁকো আমিয়ে গঢ়িব লাগিব ৷ তাৰ বাবে আমি নিজকে সলনি কৰিব লাগিব ৷ প্রথম সকলো কথা বিৰোধ কৰাৰ সলনি গ্রহণ কৰিবলৈ শিকিব লাগিব ৷ আমাৰ সন্তানৰ জীৱনশৈলী সম্পূর্ণ পৃথক ৷ তেওঁলোক ঘৰৰ পৰা বাহিৰত ভৰি দিয়াৰ লগে লগে নিজৰ বন্বুূ–বান্ধৱৰ পৃথিৱীখনত সোমাই পৰে ৷ যিখন পৃথিৱী আমাতকৈ বহু পৃথক ৷ বর্তমানৰ প্রযুক্তিবিদ্যাৰ কথাৰে পৰিপক্বনৱপ্রজন্ম্ দৃষ্টিকোণ আমাৰ লগত নিমিলে ৷ গতিকে সকলো সময়তে বিৰোধিতা কৰাৰ সলনি তেওঁলোকৰ চিন্তাধাৰাক সন্মান কৰি গ্রহণ কৰিবলৈ যত্ন কৰিব লাগে ৷ যদিহে পিতৃ–মাতৃ মুঠেই সন্তানৰ কথাত সন্মত নহয় তেতিয়া যুক্তিসহকাৰে অতি ধৈর্যৰে মতামত আগবঢ়োৱা উচিত ৷ আৰু লগতে সন্তানকো বিবেচনা কৰি চাবলৈ উৎসাহিত কৰাটো প্রয়োজন ৷ এইদৰে মৰম আৰু বুজাবুজিৰে হোৱা কথোপকথনে পিতৃ–মাতৃ আৰু সন্তানক ওচৰ চপাব পাৰে আৰু সন্তানেও পিতৃ–মাতৃৰ যুক্তি বিবেচনা কৰি পুনৰ এক সিদ্ধান্ত লবলৈ বিচাৰিব ৷ কেতিয়াবা পিতৃ–মাতৃয়ে দুখ পাব বুলি ভাবিও সন্তানে পিতৃ–মাতৃৰ সিদ্ধান্ত মানি লব খোজে ৷ কিন্তু তাকে নকৰি আমি যদি বিৰোধিতা কৰি খং কৰি আমাৰ ক্ষমতাৰ অপপ্রয়োগ কৰোঁ, তেতিয়া কথাবোৰ আৰু বেয়াৰ দিশত গতি কৰে ৷  সন্তান বিদ্রোহী হৈ উঠে৷ বয়ঃসন্ধিৰ সময়ছোৱাত সন্তান বিদ্রোহী হোৱাটো স্বভাৱগত লক্ষণ ৷ তেওঁলোকে পিতৃ–মাতৃৰ বান্ধোনৰ পৰা ওলাই আত্মপৰিচয় গঢ়িবলৈ যত্ন কৰে ৷ এনে সময়ত পিতৃ–মাতৃয়ে সন্তানক সহযোগিতা আগবেোৱাটো অতিকৈ প্রয়োজন ৷ পিতৃ–মাতৃৰ বিৰোধিতাই সন্তানক খঙাল আৰু বিদ্রোহী কৰি তুলিব পাৰে ৷

বহু সময়ত দেখা পোৱা যায় চাকৰিত ব্যস্ত পিতৃ–মাতৃয়ে সন্তানক সমূলি সময় দিব নোৱাৰে ৷ যাৰ ফলত একেঘৰতে থাকিও পিতৃ–মাতৃ আৰু সন্তানৰ মাজত খুউব কম কথা–বতৰা হোৱা দেখা যায় ৷ এনে সম্পর্কবোৰ ক্রমান্বয়ে অতি যান্ত্রিক হবলৈ লয় ৷  যি কাৰণে পৰৱর্তী সময়ত পিতৃ–মাতৃয়ে নানান অসুবিধাৰ সন্মুখীন হব লগা হয় ৷ গতিকে আমি যিমানে ব্যস্ত নহওঁ কিয়   সন্তানক অলপ সময় দিবলৈ চেষ্টা কৰিব লাগে ৷ দিনটোৰ অলপ সময় সন্তানৰ সৈতে কটাব লাগে ৷ কথা পাতক ৷ সিহঁতৰ কথা শুনক ৷ দিনটোৰ অভিজ্ঞতা ভাগ–বাটোৱাৰা কৰক ৷ নিজকে আপডেট কৰি সিহঁতৰ পৃথিৱীখনতো ভুমুকি মাৰি চাবলৈ যত্ন কৰক ৷ সন্তানৰ লগত বন্বুূত্ব কৰিব পাৰিলে সম্পর্কবোৰ আৰু মিঠা হৈ পৰে ৷ সন্তানৰ এজন ভাল বন্বুূ হব পৰাটো পিতৃ–মাতৃৰ সফলতা বুলিব পাৰি ৷ এই বন্বুূত্বই এখন সুস্থ ঘৰ আৰু এখন সুস্থ সমাজ গঢ়াত অভূতপূর্ব প্রভাৱ পেলায় ৷

বিজ্ঞান–প্রযুক্তিয়ে আমাৰ জীৱনটো বহু সহজ কৰি তুলিছে যদিও ইয়াৰ দ্বাৰা আমাৰ জীৱনত বহু ঋণাত্মক প্রভাৱ পৰাও পৰিলক্ষিত হয় ৷  প্রযুক্তিবিদ্যায়ো প্রজন্মগত ব্যৱধান বৃদ্ধি কৰাত বহুল অৰিহণা যোগাইছে ৷ অধিক মাত্রা স্মার্টফোনৰ ব্যৱহাৰ আৰু ছচিয়েল মিডিয়াৰ প্রতি থকা আকর্ষণেও বহু সময়ত সমস্যাৰ সৃষ্টি কৰিছে ৷ আমি সকলোৱে প্রতিদিনে ইমানেই স্মার্টফোনত ব্যস্ত থাকো যে কেতিয়াবা চাৰিওফালৰ পৰিস্থিতিৰ প্রতি উদাসীন হওঁ ৷ স্মার্টফোনৰ পৃথিৱীত সোমাই পৰাৰ ফলত পিতৃ–মাতৃ আৰু সন্তানে খুউব কম কথা বিনিময় কৰা দেখা যায় ৷ এই অভ্যাসে সমাজক ধবংসৰ মুখলৈ ঠেলি দিব ৷ মানুহবোৰো যেন এটা সময়ত আৱেগবিহীন যন্ত্রলৈ পৰিৱর্তন হব ৷ এলবার্ট আহনষ্টাহনে কৈছিল”I fear the day that technology will surpass our human interaction. The world will have a generation of idiots.”

হয় দুটা প্রজন্মক ওচৰ চপোৱাৰ দায়িত্ব আমিয়ে লব লাগিব৷ সময় থাকোঁতেই সলনি হবৰ হল ৷ যিকোনো বস্তুৰে অতিমাত্রা প্রয়োগ বেয়া, সেয়া মনত ৰাখি প্রযুক্তিবিদ্যাৰ সৎপ্রয়োগ কৰিবলৈ শিকাটো অতিকৈ প্রয়োজন৷ নহলে এটা সময়ত এই প্রজন্মগত ব্যৱধানে সকলোকে অকলশৰীয়া কৰি তুলিব ৷ ঘৰখনৰ কিছুান সংস্কাৰ মূল্যবোধ সকলোৱে মানি চলিব লাগিব যেনে   পৰিয়ালৰ সকলো একত্রিত হওঁতে পৰাপক্ষত ফোন লগত ৰাখিব নালাগে, পৰিয়াল সদস্যসকলে ভাত খাবলৈ লওঁতে মবাহল আঁতৰত ৰখা নাইবা টিভি অফ কৰি ৰখা উচিত ৷ দিনটোৰ কোনোবা এটা সময়ত একেলগে বহি পৰিয়ালৰ এজনে আনজনক নিজৰ দিনটোৰ অভিজ্ঞতা বা সমস্যা কওক আৰু নিজেও শুনক ৷  এই সৰু সৰু অভ্যাসবোৰে সম্পর্কবোৰ ওচৰ চপায় ৷

সময় গতিশীল ৷ সময়ৰ সোঁতত সমাজ পৰিৱর্তন হৈ গৈ থাকে ৷ পৰিৱর্তনৰ লগে লগে প্রজন্মগত ব্যৱধান হোৱাটো স্বাভাৱিক ৷ এই ব্যৱধানক সম্পূর্ণ দূৰ কৰিব নোৱাৰিলেও অলপ হলেও কম কৰিব পৰা যায় ৷ সেয়া সম্ভৱ হব দুই প্রজন্মৰ মাজত থকা বুজাবুজি, আদৰ–সন্মানৰ জৰিয়তে ৷ এইক্ষেত্রত নৱপ্রজন্মৰো গুৰুত্বপূর্ণ দায়িত্ব আছে ৷ তেওঁলোকেও ডাঙৰৰ চিন্তাধাৰাক সন্মান কৰিব পৰাৰ মানসিকতা থাকিব লাগে ৷ কিছুমান কথা মানি লব নোৱাৰিলেও নিজেও যুক্তিৰে, আলোচনাৰ মাজেৰে সিদ্বান্ত লব লাগে ৷ পিতৃ–মাতৃয়ে দিয়া সংস্কাৰ আৰু মূল্যবোধক প্রোথিত কৰিব পাৰিলে বিনাদ্বিধাই সন্তান জীৱনত এজন সৎ ব্যক্তি হব পাৰিব আৰু এখন সুস্থ সমাজ গঢ়াত অৰিহণা যোগাব পাৰিব ৷ হয়তো এজন সু–সংস্কাৰী সন্তানৰ পিতৃ–মাতৃ কেতিয়াও বৃদ্ধাশ্রমত আশ্রয় লব লগা নহয় ৷

পৰিৱর্তনৰ চাকনৈয়াত নিজৰ সংসৃক্তি আৰু স্বকীয় সত্তা অটুট ৰাখি সংস্কাৰমুখী আৰু  প্রগতিবাদী ধ্যান–ধাৰণাৰে নিজৰ জীৱনশৈলী পৰিচালনা কৰিলে নিষ্চয় প্রজন্মগত ব্যৱধান কম হব ৷ আমি আশাবাদী৷ প্রতিটো প্রজন্মই প্রতিটো প্রজন্মৰ ভাবধাৰা আৰু আদর্শক সন্মান কৰিবলৈ শিকিলে নিষ্চয় প্রজন্মগত ব্যৱধানৰ তিক্ততাখিনি কিছু পৰিমাণে দূৰ হব আৰু এখন সুস্থ আৰু সুন্দৰ সমাজ গঢ়ি উঠিব ৷

ফোন ঃ ০৯৭২৭৭৯৪৫২৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.