পর্যটনৰ সম্ভাৱনাৰে আকর্ষণীয় স্থান কাঁহশিল্প নগৰী সর্থেবাৰী

ঐতিহাসিক সর্থেবাৰী

অসম গৌৰৱ সর্থেবাৰী হল এখন ইতিহাসপ্রসিদ্ধ বিখ্যাত মফচলীয় নগৰ ৷ পর্যটন ক্ষেত্রৰ এক অনন্য স্থান হৈছে কুণ্ডত কটা সর্থেবাৰী ৷ গুৱাহাটী মহানগৰীৰ পৰা ৮৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঐতিহাসিক সর্থেবাৰী ৷ বৰপেটা জিলাৰ পূৱ প্রান্তত আৰু নলবাৰী জিলাৰ পশ্চিম প্রান্তত অৱস্থিত সর্থেবাৰীলৈ গুৱাহাটীৰ পৰা পোনপটীয়াকৈ যান–বাহনৰ চলাচল হৈ থাকে ৷  গুৱাহাটী–হাজো–নলবা হৈ বা গুৱাহাটী–ৰঙিয়া–নল হৈ সর্থেবাৰীলৈ আহিব পাৰি ৷ ৰাজকন্যা সর্থীদেৱীৰ নামৰ পৰাই সর্থেবাৰী নামৰ উৎপত্তি বুলি জনপ্রবাদ আছে ৷ আনহাতে সৎ লোকৰ বাৰী সৎ লোকৰ বাসস্থান সৎথেৰ বাৰীৰ পৰাই সর্থেবাৰী নামৰ উৎপত্তি হোৱা বুলিও আন এক প্রবাদ আছে ৷ যিয়েই নহওক এই ঐতিহাসিক সর্থেবাৰীতে আছে অসম গৌৰৱ কুটিৰ শিল্প তথা হস্তশিল্প কাঁহ শিল্প৷ হাড় ভগা পৰিশ্রম কৰি হাতেৰে প্রস্তুত কৰা সোণত সুৱগা চৰা জিলমিল জিলমিল কৰি চিকমিকাই থকা কাঁহৰ সামগ্রীৰ সমগ্র বিশ্বতে আছে এক সুকীয়া আকর্ষণ ৷ সেহ তাহানিতে কামৰূপৰাজ কুমাৰ ভাস্ক্ৰ বর্মাই চীনা পৰিব্রাজক হিউৱেন চাঙক সর্থেবাৰীৰ কঁহাৰে নিজ হাতে পিটি পিটি গঢ় দিয়া আকর্ষণীয় কাঁহৰ সামগ্রী উপহাৰ দিছিল ৷ কুমাৰ ভাস্ক্ৰ বর্মাৰ দিনৰো  আগৰে পৰাই অর্থাৎ ষোল্লশ শতিকাৰ আগৰ পৰাই সর্থেবাৰীৰ কাঁহ শিল্পই গৌৰৱৰ ধবজা বহন কৰি আহিছে ৷ আহোমৰ দিনত সর্থেবাৰীৰ এগৰাকী কঁহাৰ শিল্পীয়ে এটি কাঠেৰে নির্মিত বাঘৰ ভিতৰত অতি কৌশলগতভাৱে নিজ হাতে প্রস্তুত কৰা ভোৰতাল সংলগ্ণ কৰিছিল ।  বাঘটো হাতেৰে স্পর্শ কৰিলেই বাঘে গোজৰাৰ দৰে ভোৰতালৰ শব্দ হয় ৷ আহোম ৰজা শিৱসিংহই এই শৈল্প নৈপুণ্যত সন্তুষ্ট হৈ কঁহাৰ শিল্পীগৰাকীক চৌধুৰী খিতাপ প্রদান কৰাৰ লগতে এপুৰা জমি প্রদান কৰিছিল ৷ ব্রিটিছৰ দিনতো কাঁহ শিল্পৰ গৰিমা অটুট আছিল ৷ ব্রিটিছ যাদুঘৰত থকা সর্থেবাৰীৰ কঁহাৰে নিজ হাতে নির্মাণ কৰা কাঁহৰ আকর্ষণীয় তামোলৰ থোক, ময়ূৰ গছাই সেই কথাকেই প্রমাণ কৰে ৷ ব্রিটিছে জেলত ভৰাই থোৱা বিখ্যাত কঁহাৰ শিল্পী পুষ্পৰাম কঁহাৰে জেলৰ ভিতৰতেই এক সুকীয়া ধৰণৰ কাঁহী–বাটি তৈয়াৰ কৰি ব্রিটিছ মহাৰাণীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ যি কাঁহী–বাটি আজিও জেল কাঁহী জেল বাটি হিচাপেই বিখ্যাত ৷ একেদৰে নিজস্ব শিল্প নিপুণতাৰ বাবে প্রয়াত হৰেশ্বৰ ডেকা আৰু ভগৱান ডেকাই ভাৰতবর্ষৰ ৰাষ্ট্রপতিৰ পৰা ৰাষ্ট্রপতি পদক লাভ কৰি সর্থেবাৰীৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম  হৈছিল ৷ চমকপ্রদ কুটিৰ শিল্প তথা হস্তশিল্প সর্থেবাৰীৰ কাঁহ শিল্প সেই বাবেই অসমৰ বাবে অনন্য গৌৰৱৰ বিষয় ৷

অসম গৌৰৱ হস্তশিল্প কাঁহ শিল্পঃ

কাঁহ হৈছে এবিধ যৌগিক ধাতু ৷ ৰাং আৰু তাম মিহলি কৰি কাঁহ প্রস্তুত কৰা হয় ৷ সোণৰ দৰেই চিকমিকাই থকা কাঁহৰ বাচন–বর্তন তথা সামগ্রীৰ সমগ্র বিশ্বতে এক সুকীয়া মর্যাদা আছে আৰু এক অনাবিল আকর্ষণ আছে ৷ কাঁহৰ বাচন–বর্তনত খাদ্য গ্রহণ কৰিলে স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হয় ৷ সেহবাবেই পুৰণি কালত মানুহে কাঁহৰ বাচনতহে খাদ্য গ্রহণ কৰিছিল ৷ অৱশ্যে সর্থেবাৰীৰ প্রায় ঘৰে ঘৰে এতিয়াও কাঁহৰ বাচনতেই খাদ্য গ্রহণ কৰাটো এক পৰম্পৰাগত নিয়ম হৈয়েহ আজিও বর্তি আছে ৷ সর্থেবাৰীৰ মানুহে কাঁহৰ বাচনৰ পৰিৱর্তে অন্য বাচন–বর্তনত খাদ্য গ্রহণ কৰি সন্তুষ্টি নাপায় ৷ সর্থেবাৰীৰ কঁহাৰ শিল্পীসকলে আধুনিক প্রশিক্ষণ অবিহনেই পৰম্পৰাগতভাৱেই আজিও সোণৰ দৰে জিলিকি থকা অতি আকর্ষণীয় দেখিলেই মৰম লগা কাঁহৰ বাচন–বর্তন তথা অন্যান্য সামগ্রী প্রস্তুত কৰি আহিছে ৷ ঐতিহাসিক সর্থেবাৰী অঞ্চলত প্রায় তিনিশখন কঁহাৰ গঢ়শাল আছে ৷ একোখন গগশালত পাঁচ–ছয়গৰাকী কঁহাৰ শিল্পীয়ে মিলিত হৈ কাম কৰে ৷ সেহ হিচাপে প্রায় দুই হাজাৰ কাঁহশিল্পী এহ ঐতিহাসিক কাঁহ শিল্পত প্রত্যক্ষভাৱে জড়িত হৈ আছে ৷ পুৱতিনিশাৰ পৰাই আৰম্ভ হয় গঢ়শালৰ কাম ৷ সেয়েহে কোৱা হয় সর্থেবাৰীত চৰাহৰ মাতত নহয় সর্থেবাৰীত হাতুৰীৰ টুং টাং শব্দতহে ৰাতি পুৱায় ৷ সঁচাই সর্থেবাৰীৰ কঁহাৰ গগশালৰ পৰা ভাহি অহা হাতুৰীৰ টুং টাং শব্দৰ আমেজ সুকীয়া আৰু অতি মধুৰ ৷ এক নির্দিষ্ট লয়ৰ মাজেৰে ভাহি আহে কঁহাৰৰ সংগ্রামৰ এক জীয়া শব্দ ৷ আৰু গগশালৰ এই টুং টাং শব্দটোৱে পর্যটকক হাতবাউল দি মাতে ৷ গঢ়শালৰ টুং টাং, চি চে–এ–ও শব্দৰ মাধুর্যতাত তন্ময় হৈ ৰয় পর্যটক ৷ এই মধুৰ শব্দৰ বাবেই পর্যটকে তধা লাগি চাহ থাকে কঁহাৰ শিল্পীৰ সৃষ্টি কর্ম ৷ এতিয়াও যন্ত্রই আধিপত্য বিস্তাৰ কৰিব নোৱাৰা সর্থেবাৰীৰ এই গৌৰৱৰ প্রাণকেন্দ্র বিখ্যাত কুটিৰ শিল্প তথা হস্তশিল্প কাঁহ শিল্পৰ নান্দনিক পৰিৱেশৰ বাবেই পর্যটকৰ বাবে আজিও আকর্ষণৰ কেন্দ্রবিন্দু হৈ আছে ৷ উল্লেখ্য যে ঐতিহাসিক সর্থেবাৰীৰ কাঁহ শিল্পত বিভিন্ন ধৰণৰ কাঁহী–বাটি তৈয়াৰ কৰাৰ লগতে পাণ বঁটা, বাণবাটি, বাণকাঁহী, জাতকাঁহী, ভোৰতাল, খুঁটিতাল, পাতিতাল, ওজাপালি তাল, পাণধোৱা, চৰিয়া আদিৰ লগতে এতিয়া কাঁহৰ চৰাই, মানুহৰ প্রতিমূর্তি, ঘড়ী, ঐতিহাসিক স্থানৰ প্রতীকপদ আদি তৈয়াৰ কৰা হয় ৷ ভঙা কাঁহ গেলাই লৈ হাতুৰীৰে মৰিয়াই মৰিয়াই কঁহাৰ শিল্পীসকলে এহ আকর্ষণীয় সামগ্রী প্রস্তুত কৰে ৷ জুই হাতুৰীৰ খেল আৰু আজীৱন শিল্পীৰ হাতৰ পৰশত প্রাণ পাই উঠে নির্জীৱ কাঁহৰ সামগ্রীয়ে ৷

ব্যতিক্রমী শিল্পীৰ ২২ লাখ টকীয়া পিতলৰ পালেঙৰ আকর্ষণঃ

এগৰাকী ব্যতিক্রম কঁহাৰ শিল্পী সর্থেবাৰীৰ তামুলী চুপাৰ মহেশ ডেকা ৷ সততে সৃষ্টিশীলতাক প্রাধান্য দিয়া এইগৰাকী শিল্পীয়ে জীৱনত পোৱা–নোপোৱাৰ হিচাপ নকৰি নিৰলস সাধনাৰে কৰি গৈছে শিল্প কর্ম৷ অদম্য মানসিক শক্তিৰ গৰাকী মহেশ ডেকাই কাঁহ আৰু পিতলেৰে সাজি উলিয়াইছে এখন অতি আকর্ষণীয় পালেং ৷ ২২ লাখ টকা মূল্যৰ এই পালেংখন এতিয়া সকলোৰে বাবে হৈ পৰিছে অন্য এক আকর্ষণৰ কেন্দ্রবিন্দু ৷ ব্যতিক্রমী চিন্তা চেতনাৰে উদ্বুদ্ধ মহেশ ডেকাই ইতিমধ্যেই কাঁহ–পিতলৰ ডাইনিং ছেট বনাই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে ৷ ১৫ লাখ টকীয়া ডাইনিং ছেট ইতিমধ্যেই কেইবাটাও বিক্রী কৰিছে ৷ আজীৱন শিল্পী মহেশ ডেকাৰ নিপুণ হাতৰ পৰশত সৃষ্টি হোৱা এই সামগ্রীসমূহ চাবলৈ নিতৌ ভিন্ন লোকে ভিৰ কৰে ৷

বিদেশী মুদ্রা অর্জনত কাঁহ শিল্পৰ ভূমিকাঃ

বিদেশী মুদ্রা অর্জন কৰি দেশৰ অর্থনীতিৰ বিকাশৰ ক্ষেত্রত প্রচুৰ সম্ভাৱনাময় কাঁহ শিল্পই উল্লেখনীয় ভূমিকা পালন কৰি আহিছে ৷ সর্থেবাৰীৰ কঁহাৰ শিল্পীয়ে হাতেৰে গঢ়া কাঁহৰ সামগ্রীৰ বিদেশত যথেষ্ট সমাদৰ আছে ৷ বিশেষকৈ ভূটান, নেপাল, চীন, ম্যানমাৰ, থাইলেণ্ড, জাপান আদি দেশত সর্থেবাৰীৰ কঁহাৰসকলে প্রস্তুত কৰা কাঁহৰ সামগ্রীৰ প্রচলন উল্লেখনীয় ৷ সর্থেবাৰীৰ কঁহাৰে নির্মাণ কৰা ভুটীয়া তাল খ্যাত চীমেন, টিংটিং, ভেৰি, ৰোমো আদি ট্ৰাকে ট্ৰাকে ৰপ্তানি হৈ আছে ৷ একেদৰে ডফলা কাঁহীৰো আছে সুকীয়া আকর্ষণ সুকীয়া বজাৰ ৷ এইদৰে সর্থেবাৰীৰ কঁহাৰ গঢ়শালৰ উৎপাদিত সামগ্রী বিদেশলৈ ৰপ্তানি হৈ থকাৰ ফলত বিদেশী মুদ্রা অর্জনৰ বাট মুকলি হৈছে আৰু গ্রাম্য অর্থনীতিৰ বুনিয়াদ টনকিয়াল হৈছে ৷ এই বিষয়টো নিশ্চয়কৈ লক্ষণীয় ৷

পর্যটকৰ বাবে আছে থকাৰ সু–ব্যৱস্থাঃ

পর্যটন ক্ষেত্রৰ বাবে এক অনন্য স্থান ঐতিহাসিক সর্থেবাৰীলৈ অহা পর্যটকৰ বাবে সর্থেবাৰীত পর্যটন বিভাগৰ এটি ভাল ঘৰ আছে ৷ দুমহলীয়া এহ ঘৰটোত কেইবাটাও কোঠা আছে ৷ লগতে সর্থেবাৰীত আন এটি চৰকাৰী অতিথিশালা নির্মাণ কৰা হৈছে ৷

আধুনিক ধামখুমীয়াৰ লগতে যন্ত্রৰ যুগত সমানে ফেৰ মাৰি আজিও সগৌৰৱে জিলিকি থকা ঐতিহাসিক হস্তশিল্প কাঁহশিল্প তথা কঁহাৰ শিল্পীসকলৰ জীৱন শৈলী সঁচাই এক ব্যতিক্রম বিষয় ৷ ইতিমধ্যেই পর্যটন ক্ষেত্রৰ এক অনন্য স্থান সর্থেবাৰীৰ কাঁহশিল্প সম্পর্কত হৈছে বহু গৱেষণা ৷ আৰু বহু গৱেষণাৰ থল আছে ৷ বিশ্বৰ দৰবাৰলৈ আগুৱাই যোৱা গৌৰৱময় কাঁহ শিল্পৰ শ্রীবৃদ্ধিৰ হকে আৰু বহু কৰিবলগীয়া আছে ৷ পৰিকল্পিতভাৱে চৰকাৰে ঐতিহাসিক কাঁহনগৰী সর্থেবাৰী তথা কাঁহশিল্পৰ প্রসাৰ আৰু উত্তৰণ ঘটালে ই হৈ পৰিব পাৰে পর্যটন ক্ষেত্রৰ বাবে এক মাহলৰ খুঁটি ৷

বণিয়াকুছিৰ বিখ্যাত শৰাহ শিল্পঃ

পর্যটকৰ বাবে আন এক আকর্ষণৰ ঠাই হল সর্থেবাৰীৰ গাতে লাগি থকা বণিয়াকুছিৰ শৰাহ শিল্প ৷ বণিয়াকুছিৰ বিখ্যাত পিতলৰ শিল্পতে সজা হয় অসমীয়া সংসৃক্তিৰ অতি গুৰুত্বপূর্ণ পিতলৰ শৰাই ৷ আকর্ষণীয় শৰাই, দুনৰি, গছা আদিৰ লগতে পিতলৰ ড্রে, ঘড়ী, কলগছ, মূর্তি, চৰাই আদি বিভিন্ন আকর্ষণীয় সামগ্রী নির্মাণ কৰা হয় ৷ আজিও সগৌৰৱে জিলিকি থকা হস্তশিল্প পিতল শিল্পৰ গঢ়শাল আছে প্রায় ৩৫০খন আৰু এই হস্তশিল্পত জড়িত হৈ আছে প্রায় ৭০০গৰাকী নিপুণ শিল্পী ৷ পিতল শিল্পীৰ হাতৰ পৰশত সৃষ্ট সোণত সুৱগা চৰোৱা শৰাই হৈছে অসমীয়া সংসৃক্তিৰ এক অবিচ্ছেদ্য অংগ আৰু ভিন্ন ঠাইৰ পর্যটকে দর্শন আঁচনিৰ কৰিব পাৰে এই ঐতিহ্যমণ্ডিত শৰাই শিল্প ৷

পর্যটকৰ আকর্ষণৰ থলী সর্থেবাৰীৰ শ্রীশ্রীজগন্নাথ বিগ্রহ মন্দিৰঃ

অসম গৌৰৱ কুটিৰ শিল্প কাঁহ শিল্প যেনেকৈ পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু ঠিক তেনেকৈ ঐতিহাসিক সর্থেবাৰীৰ শ্রীশ্রীজগন্নাথ বিগ্রহ মন্দিৰো পর্যটকৰ বাবে এক আকর্ষণৰ থলী হিচাপে পৰিগণিত হৈ আহিছে ৷ সর্থেবাৰীৰ প্রায় দুশ বছৰ পুৰণি ঐতিহাসিক শ্রীশ্রীজগন্নাথ বিগ্রহ মন্দিৰ তথা বৰনামঘৰ হৈছে সমগ্র অঞ্চলটোৰে আত্মা ৷ এই বিখ্যাত জগন্নাথ বিগ্রহ মন্দিৰৰ লগতে বৰনামঘৰক কেন্দ্র কৰিয়েই চলি থাকে সর্থেবাৰীৰ জীৱন পৰিক্রমা ৷  মানস কৰিলেই সিদ্ধি হোৱা বুলি সর্বত্র জনবিশ্বাস চলি অহা হেতুকেই এই বিখ্যাত শ্রীশ্রীজগন্নাথ বিগ্রহ মন্দিৰৰ লগতে বৰনামঘৰক সকলোৱেই সমীই কৰি চলে ৷ পুৰীৰ জগন্নাথ মহাপ্রভুৰ মন্দিৰৰ লগত কিছু সাদৃশ্য থকা সর্থেবাৰীৰ শ্রীশ্রীজগন্নাথ বিগ্রহ মন্দিৰ ১০৬ ফুট ওখ ৷ অতি আকর্ষণীয় আৰু ধর্মীয় অনুভূতি জাগ্রত হব পৰা ধৰণে নির্মাণ কৰা এহ মন্দিৰ চাবলৈ বিভিন্ন ঠাহৰ পৰা ভক্তিপ্রাণ লোক আহে ৷ এই মন্দিৰত থকা প্রায় সাত ফুট ওখ বিষুৰ প্রতিমূর্তিটো দেখিলেহ ভক্তিত মূৰ দো খাই যায় ৷ এই মন্দিৰৰ আন এক আকর্ষণ হৈছে কাঁহ আৰু পিতলেৰে নির্মাণ কৰা মূল দর্জাখন ৷ শিল্পী তপন ডেকাই নির্মাণ কৰা এই দর্জাখনো অতি আকর্ষণীয় ৷ উল্লেখ্য যে সর্থেবাৰীৰ সভাৰ খলাত থকা বৰনামঘৰটো হৈছে সর্থেবাৰী পাঁচখেল গঞা গয়ৰহৰ প্রাণ ৷ অতি আহল–বহল আৰু অতি আকর্ষণীয় এই বৰনামঘৰে ভক্তিপ্রাণ লোকক যেন হাতবাউল দি মাতে ৷ চালে চকু ৰোৱা এই বৰনামঘৰটোত খোদিত কৰা আছে ভগৱান বিষুৰ দশাৱতাৰ আৰু বিভিন্ন ভক্তিমূলক প্রতীকপদ ৷ সর্থেবাৰীৰ এই বৰনামঘৰ আৰু জগন্নাথ বিগ্রহ মন্দিৰ দর্শন কৰিলে মানসিক প্রশান্তি লাভ কৰাটো নিষ্চিত ৷ একেদৰে প্রায় ডেৰশ বছৰ পুৰণি সর্থেবাৰীৰ শ্রীশ্রীজগন্নাথ মহাপ্রভুৰ সভা মহোৎসৱ হৈছে সমগ্র অসমৰ ভিতৰতে এখন ডাঙৰ আৰু আকর্ষণীয় সভা মহোৎসৱ ৷ প্রতিবছৰে কলিযুগাব্দা মাঘী পূর্ণিমাত অনুষ্ঠিত হয় এহ বিখ্যাত সভা মহোৎসৱ ৷ সভা মহোৎসৱৰ আটাহতকৈ আকর্ষণীয় ধর্মীয় দিশটো হল হোম যজ্ঞ৷ ১০৮গৰাকী বিজ্ঞ ব্রাহ্মণ পণ্ডিতক আমন্ত্রণ কৰি আনি বৈদিক ৰীতি–নীতিৰে বাতুক পাঠ, মংগল পাঠ, চণ্ডী পাঠ, শিৱস্তোত্র পাঠ আদি বিভিন্ন মন্ত্রোচ্চাৰণ কৰি সমাপন কৰা হয় এই হোম যজ্ঞ৷ এই হোমযজ্ঞ দর্শন কৰাৰ লগতে হোম যজ্ঞৰ ফোঁট আৰু প্রসাদ লবলৈ লাখ লাখ লোকৰ ভিৰ হয় সর্থেবাৰীৰ সভা মহোৎসৱত ৷ উল্লেখ্য যে এই বিখ্যাত সভা মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখন বিখ্যাত বাণিজ্য মেলা ৷ এই বাণিজ্য মেলাত সৰু–বৰ প্রায় তিনি হাজাৰ বিপণীয়ে অংশগ্রহণ কৰে ৷ সকলো ধৰণৰ সামগ্রীয়ে এই বাণিজ্য মেলাত উপলব্ধ হয় ৷ ভূটানৰ পৰাও আহে বস্ত্র ব্যৱসায়ী ৷  পর্যটকৰ বাবে সঁচাই সর্থেবাৰীৰ শ্রীশ্রীজগন্নাথ বিগ্রহ মন্দিৰ আৰু বৰনামঘৰ এক আকর্ষণৰ স্থলী ৷

নসত্রস্থিত বিখ্যাত কৃষগুৰু সেৱাশ্রমঃ

সর্থেবাৰীৰ পষ্চিম প্রান্তত থকা নসত্রস্থিত কৃষগুৰু সেৱাশ্রম এতিয়া অকল ভাৰততে নহয় পৃথিৱীতে চর্চিত এখন আধ্যাত্মিক চিন্তা–চর্চাৰ কেন্দ্রস্থল হিচাপে চিহ্ণিত হৈছে ৷ পৰমগুৰু কৃষগুৰু প্রভুহ স্থাপন কৰা এই কৃষগুৰু সেৱাশ্রমৰ লগত কোটিৰ ঘৰত ভকত জড়িত হৈ আছে ৷ বিখ্যাত কৃষগুৰু সেৱাশ্রমৰ নামঘৰ এছিয়াৰ ভিতৰতেই সর্ববৃহৎ নামঘৰ বুলি কোৱা হয় ৷ কৃষগুৰু সেৱাশ্রমত থকা নামঘৰেই হওক বা ভাজঘৰেহ হওক যিপিনে চায় সেইপিনেই চকু চাট মাৰি ধৰে ৷ কৃষগুৰু এক নাম জপেৰে মানুহৰ মনত প্রশান্তিৰ সৃষ্টি কৰা হয় ৷ দিনে–নিশাই চলি থাকে নাম–প্রসংগ ৷ সুৱর্ণকুডত চলে নাম–জপ৷ শিক্ষাৰ হাবত পৰিণত হোৱা কৃষগুৰু সেৱাশ্রম চৌহদত বিদ্যালয়–মহাবিদ্যাল্ লগতে বিশ্ববিদ্যালয়ো স্থাপন কৰা হৈছে ৷ হাজাৰ হাজাৰ ছাত্র–ছাত্রীয়ে ইয়াত অধ্যয়ন কৰে ৷ দৈনিক হাজাৰ হাজাৰ ভক্তিপ্রাণ লোকে ভিৰ কৰে কৃষগুৰু সেৱাশ্রমত ৷ প্রতিবছৰে মাঘ মাহত সপ্তাহজোৰা অখণ্ড একনাম কীর্তন অনুষ্ঠিত কৰা হয় ৷ প্রতি বাৰ বছৰৰ মূৰত এমাহ এই কৃষগুৰু অখণ্ড এক নাম কীর্তন কৰা হয় ৷ পর্যটকৰ বাবে অসমৰ ভিতৰতেই আধ্যাত্মিক চিন্তা–চর্চাৰ এখন ব্যতিক্রমী ঠাহ হল এই কৃষগুৰু সেৱাশ্রম ৷

কাপলা বিলৰ নৈসর্গিকতা হব পাৰে পর্যটকৰ আকর্ষণঃ

সর্থেবাৰীৰ দক্ষিণ দিশত অৱস্থিত ঐতিহাসিক কাপলা বিল সমগ্র অঞ্চলটোৰ বাবে এখন উল্লেখযোগ্য ঠাই ৷ ৮০০ বিঘা ভূমিৰে আবৃত্ত এহ বৃহৎ জলাশয়েৰে আগুৰা কাপলা বিলৰ নৈসর্গিক দৃশ্য উপভোগ কৰিবলৈ স্থানীয় লোকে প্রায়ে বিলৰ পাৰত ভিৰ কৰে ৷ পৰিভ্রমী চৰাহৰ কলৰৱত মুখৰ হৈ থাকে ঐতিহাসিক কাপলা বিল ৷ প্রচুৰ থলুৱা মাছেৰে পৰিপূর্ণ কাপলা বিলত নৌকা বিহাৰ কৰাৰ মজাই সুকীয়া ৷ অৱশ্যে সম্প্রতি কাপলা বিলত অকল থলুৱা নৌকাহে আছে ৷ ইয়াত উন্নতমানৰ বোটৰ ব্যৱস্থা কৰিলে বোটিং কৰিবলৈ ভিৰ কৰিব পর্যটকে ৷

মুঠতে ঐতিহাসিক সর্থেবাৰীৰ কাঁহশিল্প, বণিয়াকুছিৰ শৰাই শিল্প, সর্থেবাৰীৰ শ্রীশ্রীজগন্নাথ মহাপ্রভুৰ মন্দিৰ, কৃষগুৰু সেৱাশ্রমৰ লগতে কাপলা বিলক কেন্দ্র কৰি সমগ্র অঞ্চলটো পর্যটকৰ বাবে এক আকর্ষণীয় স্থান হিচাপে পৰিগণিত হৈছে ৷ অৱশ্যে এইক্ষেত্রত অসম চৰকাৰৰ পর্যটন বিভাগৰ কৰিবলগীয়া বহু আছে ৷

নকুল তালুকদাৰ

You might also like
Leave A Reply

Your email address will not be published.