নাৰীত্ব উদ্যাপন আৰু আমি
জুলি এম বৰুৱা
৮ মার্চ, আন্তর্জাতিক নাৰী দিৱসৰ বিশেষ দিনটো ধনাত্মক দিশেৰে আমি উদ্যাপন কৰিব লাগে ৷ এই বিশেষ দিনটো পৃথিৱীৰ প্রগতি হকে নাৰীৰ গুৰুত্ব বুজিব চেষ্টা কৰি আমি আমাৰ সংসৃক্তি, সভ্যতাৰ তাৎপর্য বুজাৰ প্রয়োজন ৷ পুৰুষ–মহিলাৰ সমতাৰ বাবে আমি কেৱল এটা দিনেই নহয় প্রতিটো পৰিস্থিতিত শক্তিশালী হৈ থিয় দিব লাগিব ৷ নাৰীৰ মমতা, সহনশীলতাৰ প্রতীক সকলোৱে বিশ্বাস কৰে অথবা অনুষ্ঠানসমূহতো সেই বিষয়ে আলোচনা হয়, কিন্তু সেই সহনশীলতাৰ সুযোগ লবলৈ কাৰো যে অধিকাৰ নাই সেয়া হয়তো সকলোৰে জ্ঞাত ৷ দেৱী পূজা কৰা আমাৰ পৃথিৱীত নাৰীক সন্মান দিবলৈ যেতিয়ালৈকে অপ্রস্তুত তেতিয়ালৈকে নানান দিশৰ প্রগতি, উন্নয়নত কেণা যে লাগিব সেয়া অনিবার্য ৷
সকলোৰে জীৱনত প্রথম নাৰী মা ৷ মা এনে এটি পৱিত্র শব্দ আমাৰ মাত ফুটা–নুফুটা সময়তে আমি সকলোৱে উচ্চাৰণ কৰোঁ ৷ যিদৰে মাবিহীন ঘৰখন অপৰিপূর্ণ, সেহদৰে নাৰীবিহীন পৃথিৱীখন কল্পনাতীত ৷
১৯১০ চনৰ প্রথমখন আন্তর্জাতিক নাৰী সন্মিলন হিচাপে এখন অধিৱেশন অনুষ্ঠিত হয় ৷ এই অধিৱেশনখন জার্মান সমাজবাদী নেত্রী ক্লেৰা ঝেটকিনৰ নেতৃত্বত কোপেনহেগেনত সফলভাৱে হয় আৰু পিছৰ বছৰটোত ৮ মার্চ ১৯১১ চনত আন্তর্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হ’ল ৷ তেতিয়াৰ পৰাই এই বিশেষ ৮ মার্চত বিশ্বৰ ভিন ভিন দেশত নাৰী দিৱস হিচাপে পালন কৰে ৷ কালক্রমত অতীতৰ সেই হতিহাসে আমাক সাহস দিয়ে, গৌৰৱান্বিত কৰে ৷ আৰু নিজৰ পৰিচয় আৰু সামর্থ্য বুজিব পৰা হ’ল ৷ নাৰীয়ে নাৰীক কৃতজ্ঞতা বোধ দিব পৰা চেতনা থাকিব লাগিব আৰু স্বাভিমান থাকিব লাগিব ৷ স্বনির্ভৰশীলতাৰ বাবে শ্রম, সজাগতা, সাহস আমাৰ মন–মগজুত স্থিৰ কৰি ৰাখিব লাগিব ৷ নিজেই সিদ্ধান্ত লব পৰা সামর্থ্য, উদ্যম থাকিলেহে বিভিন্ন দিশত আগুৱাই যোৱাত সফল হব আমাৰ নাৰী সমাজ ৷
আমি সকলোৱে জনা উচিত আন্তর্জাতিক নাৰী দিৱসৰ বিশেষ ৰং হৈছে বেঙুনীয়া ৷ বেঙুনীয়া হৈছে আভিজাত ৰং ৷ বেঙুনীয়া, সেউজীয়া আৰু বগা ৰঙৰ সন্মিলনে পুৰুষ–মহিলাৰ সাম্য হোৱাৰ প্রতীক হিচাপে সূচায় ৷ অর্থাৎ নাৰী–পুৰুষৰ কোনো ভেদাভেদ নথকাকে বুজায় ৷ দার্শনিক, সমাজবাদী কার্লমার্ক্সে তেওঁৰ জ্ঞানৰ ভাষাৰে কৈছিল, সামাজিক, আনুষ্ঠানিকৰ সকলো দিশতে বিশেষ পৰিৱর্তন আনিবলৈ ঐতিহ্যৰ পৰাই এগৰাকী নাৰী অবিহনে কেতিয়াও সম্ভৱ হোৱা নাই আৰু নহয় ৷ পণ্ডিত জৱাহৰলাল নেহৰুৱে তাহানিতে উল্লেখ কৰিছিল এখন ৰাষ্ট্রৰ উন্নয়ন আৰু প্রগতি নির্ভৰ কৰে দেশখনৰ নাৰীৰ উন্নয়নৰ ওপৰত ৷
বর্তমান নাৰীৰ সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৷ সবলীকৰণৰ এই প্রচেষ্টাই নাৰী সমাজখনক আত্মবিশ্বাসী কৰি তুলিছে ৷ জ্ঞান আহৰণৰ বাবে বাট মুকলি কৰি কেৱল নাৰীয়ে স্বনির্ভৰশীল হোৱা নাই, সমাজখনো অর্থনৈতিক দিশ অগ্রগতিৰ, শিক্ষিত হোৱালৈকে সুবিধা হৈছে আৰু কেৱল সমাজখনেই নহয় দেশখনো যে সবলীকৰণ হৈছে সেয়া নিশ্চিত ৷ নিজৰ মাজতে বিকশিত হৈছে নেতৃত্ব দিব পৰা ক্ষমতা, নিজেহ সিদ্ধান্ত লব পৰা সামর্থ্য ৷ দেশৰ লগতে আন্তঃৰাষ্ট্রীয় বিভিন্ন অনুষ্ঠানসমূহত যোগদান দিব পৰা নিজৰ সামর্থ্য ৷ বহু পুৰুষ আমাৰ সমাজত আছে যিসকলে নাৰীক নিজতকৈ কোনোগুণেহ কম বুলি নাভাবে, মহিলাসকলক আগুৱাহ লৈ যায়, প্রেৰণা দিয়ে নিজৰ প্রতিভা বিকাশৰ বাবে আৰু কর্ম ক্ষেত্রত নিজকে প্রতিষ্ঠিত হবলৈ ৷ এই সংস্কাৰ দিয়া দায়িত্ব সৰুকালৰে পৰা ৷ শৈশৱত নিজৰ ঘৰখনত নিজৰ কৰিবলগীয়া কামসমূহ পঢ়া আৰু খেলাৰ লগতে নিজেই কৰিব শিকিলে পিছলৈ বুজি উঠিব যে পুৰুষ–নাৰী বুলি সুকীয়াকৈ কামবোৰ যে ভবা উচিত নহয় ৷
সক্রিয় নাৰাবাদী গ্লৰিয়া ষ্টিনেমে এবাৰ উল্লেখ কৰিছিল যে পুৰুষ–মহিলাৰ সমতাৰ যুঁজখনত কেৱল এটা সংগঠনৰ ত্যাগ অথবা কেৱল নাৰীৰ প্রচেষ্টাই নাছিল, মানৱ অধিকাৰৰ বহু লোক আৰু দল–সংগঠনৰ সমান চেষ্টা আছিল ৷ আৰু যাৰ ফলত সেহ কালপঞ্জীত আজি আমি অতি গর্বৰে পালন কৰোঁ নাৰী দিৱস ৷ সেয়ে আমি গঠনমূলক ধনাত্মকেৰে সমাজখন আগুৱাই লৈ যাব লাগে ৷
ফোন : ৭৬৬২০-৭৩৩৫৭