নমিতা ফুকন
একোলা দুকোলাকৈ মৰমৰ আৱেষ্টনীৰ মাজত ডাঙৰ–দীঘল হোৱা অনুশ্রীৰ ছোৱালী ৰাগিণীৰ এমাহৰ পিছতে বিয়া ৷ ৰাগিণীৰ বিয়াৰ দিন যিমানেই কাষ চাপি আহিছে, সিমানেই অনুশ্রীৰ চকুৰ টোপনি নাইকিয়া হৈ আহি আছে ৷ কিয় জানো বহুতো আগ–গুৰি নোহোৱা মিশ্রিত চিন্তাধাৰাই তাইক খুলি খুলি খাইছে৷ তাই ভাবে তাইৰ জীৱনৰ ৰেখাপাত ৰাগিণীৰ বিবাহিত জীৱনত নপৰে যেন, তাইৰ দৰে যেন ৰাগিণীয়ে জীয়াই থাকিবলগীয়া দিনকেইটা চকুলো টুকি পাৰ কৰিবলগীয়া নহয়৷ পুৱাৰ ৰাঙলী সূৰুযে পৃথিৱীখনক চুমা বৰষোৱাৰ বহু আগেয়েই আজিকালি তাই খকমককৈ সাৰ পাই যায় ৷
আজিও তাই সময়তকৈ বহু আগেয়েই সাৰ পাই উঠাত খিৰিকীখনৰ ওচৰলৈ কাষ চাপি গৈ বাহিৰৰ শান্ত আৰু কোলাহলহীন পৃথিৱীখনলৈ শূন্য দৃষ্টিৰে চাই ৰল ৷ চুচুক চামাককৈ আকাশ ভেদি ওলাই অহা ৰাঙলী সূৰুযে পূব আকাশৰ প্রকৃতিত হেঙুলীয়া ৰঙৰ চুমুক দিয়া যেন দেখা পাই লাহেকৈ তাই পাছফালৰ দর্জাখন খুলি চোতাললৈ ওলাই গল আৰু মূূাটোত অলসভাৱে বহি পৰিলগৈ ৷ পুৱাৰ কোমল বতাহজাকে কঢ়িয়াই অনা তগৰজোপাৰ সুকোমল গোন্ধে তাইৰ দেহ–মন সতেজ কৰি তুলিলে ৷ এই গোন্ধ শৰীৰৰ একেবাৰে ভিতৰলৈ উজাই লবলৈ মন যায় তাইৰ ৷ আত্মাৰ লগত যেন এই গোন্ধৰ এক বুজাব নোৱাৰা সম্বন্ধ আছে ৷ ভাৱলেশহীনভাৱে ইফালে সিফালে চাই থাকোঁতেই নাতিদূৰৈত থকা দুটা ঘৰচিৰিকা চৰাই তাইৰ চকুত পৰিল ৷ সিহঁত হালে চিঁ–চিয়াই কিবাকিবি শব্দ কৰি মাজে মাজে কৰবালৈ উৰি যায়, আকৌ খন্তেকতে উৰি আহি আগৰ ঠাই পায়হি, মুঠতে ইটোৱে সিটোৰ লগত পুৰা ব্যস্ত, ওচৰত কোনোবা আছে নে নাই তালৈ সিহঁতৰ কাণসাৰ নাই, নাচি–বাগি যেন প্রেমৰ খেলাহে পাতিছে হেঁপাহ পলুৱাই তাই সিহঁতহালক এপলক দৃষ্টিৰে চাই ৰল ৷ সিহঁতহাল যে খুব সুখী সেয়া দেখিয়েই বুজিব পাৰি ৷ লাহে লাহে তাইৰ মনটো অতীতৰ বুকুলৈ উৰা মাৰি গ ল
*****
অ এইজনী আমাৰ অনু নহয়নে দেউতাৰা পিছে ঘৰত আছে নাই ফুলৰ টাবত কুঁজা হৈ পানী দি থকা অনুশ্রীয়ে তাইৰ কপালৰ আগেৰে বৈ পৰা দীঘল চুলিকোছা এখন হাতেৰে পিছফাললৈ সামান্য ঠেলি, থিয় হৈ দেখিলে যে দেউতাকৰ সমবয়সীয়া এজন ভদ্রলোকে তাইৰ ফালেই মিচিকিয়া হাহি এটা মাৰি চাই আছে ৷ ততাতৈয়াকৈ তাই হাতত থকা পানীৰ পাইপডাল একাষৰীয়াকৈ ৰাখি পদূলিমুখৰ গেটখনৰ ফালে আগবাঢ়ি গল ৷ হয়, হয় ময়েই অনু মানে অনুশ্রী ৷ কিন্তু মই আপোনাক ঠিক ধৰিব পৰা নাই ৷ আহকচোন ভিতৰলৈ এইবুলি অনুশ্রীয়ে তেওঁক ভিতৰলৈ লৈ গল ৷ যাওঁতে তাইৰ মনটোত হাজাৰটা প্রশ্নই দোলা দি গল ভাবিলে কোন হব পাৰে বাৰু এই ভদ্রলোক আৰু একেবাৰে ঘৰুৱা মানুহে মতাৰ নিচিনাকৈ অনু বুলি মাতিছে ৷ এক মুহূর্তৰ বাবে মানুহজনক তাইৰ কিবা আপোন আপোন লাগি গল ৷
আপুনি বহকচোন দেই, মই দেউতাক মাতি দিওঁ ৷ এইবুলি অনুশ্রী ভিতৰ সোমাল ৷দেউতাক ভিতৰৰ পৰা ওলাই আহি চকু ডাঙৰ কৰি চিঞৰি উঠিল, আৰে তই !! কচোন ক কৰ পৰা আহিলি, কি খবৰ, এনেকৈ হঠাতে এস, চিঠি এখনো দিব পাৰিলি হয়, ঘৰটো উলিয়াওঁতে একো অসুবিধা হোৱা নাইতো একে উশাহতে কথাখিনি সুধি স্ফূর্তিতে তেওঁক সাবটি ধৰিলে আৰু যেন তেওঁলোকৰ মাজত কথা শেষ নহবই ।
অনুশ্রী আৰু মাক বাহিৰলৈ ওলাই আহি তেওঁলোক দুজনক তেনেকৈ দেখি ইজনীয়ে সিজনীৰ মুখলৈ চালে ৷ দুয়োজনীৰ মাজতে এটা প্রশ্নবোধক চাৱনি কোননো এই ভদ্রলোক সিহঁতৰ মনৰ অৱস্থা বুজিব পাৰি দেউতাক সামান্য আগুৱাই আহি বলীনক কলে, এয়া মোৰ পৰিবাৰ আৰু এইজনীয়েই মোৰ একমাত্র ছোৱালী অনু আৰু পৰিবাৰক উদ্দেশ্যি কলেহি, এয়া বলীন হয় আকৌ ৷ মই যে কৈ থাকোঁ আমাৰ গাঁৱৰ আমি সৰুৰে পৰাই একেলগে পঢ়ি–শুনি ডাঙৰ–দীঘল হৈছোঁ৷ এতিয়া তেজপুৰত থাকে সি ৷ আজি এবছৰৰ আগত হঠাতে গুৱাহাটীত লগ পাইহে সকলো খা–খবৰ পাওঁ ৷ তাৰ লৰা বাস্তৱ ইয়াৰে হোষ্টেলত থাকি পঢ়া–শুনা কৰিব যেতিয়া আমাৰ মাজত দেখা–দেখি হৈয়েই থাকিব ৷ বাস্তৱেও এইখন নিজৰ ঘৰৰ দৰেই ভাবিব পাৰিব ৷ বৰ ভাল লাগিছে ৷ এনেকৈ দেউতাকে একে উশাহতে কোৱা কথাখিনি শুনি মাক–জীয়েকে উমান লব পাৰিলে দেউতাকে যে কিমান স্ফূর্তি পাইছে নিজৰ বাল্যবন্ধুক লগ পাই ৷ মাক–জীয়েকৰো মনটো ভাল লাগি গল দুয়োজনকে তেনেকৈ দেখা পাই ৷ অনুশ্রী আৰু মাকে দুই–এটা কথা পাতি লগে লগে পাকঘৰলৈ গৈ লুচি–ভাজি বনোৱাত লাগিলগৈ আৰু তাৰ লগতে আৰু কি কি খোৱা বস্তু দিব পাৰি, তাকে চিন্তা কৰিলে ৷ মুঠতে বাল্যবন্ধুৰ আপ্যায়নত কোনো যাতে ত্রুটি ৰৈ নাযায় ৷
*****
পঢ়া–শুনা ফালৰ পৰা বাস্তৱ বৰ চোকা বুদ্ধিৰ আৰু স্বভাৱতে অতি সহজ–সৰল আৰু গুণী ব্যক্তিত্বৰ লৰা ৷ ঘৰৰ সকলোকে মুহি পেলাব পৰা গুণৰ অধিকাৰী আছিল সি ৷ দেউতাকৰ কথামতে বাস্তৱ অনুশ্রীহঁতৰ ঘৰলৈ মাজে মাজে আহি থকা হল ৷ সেয়াই যি আৰম্ভণি লাহে লাহে সি অনুভৱ কৰিলে যে অনুশ্রীৰ প্রতি সি ভিতৰি ভিতৰি দুর্বল হৈ পৰিছে ৷ তাইৰ কোমল মনৰ নিষ্পাপ মুখখন দেখিলে কিয় জানো বাস্তৱৰ মনটো কিবা ভাল লাগি যোৱা হল আৰু তাইৰ মুখখন এবাৰ চাবলৈ উত্রাৱল হৈ পৰে৷ ইফালে অনুশ্রীয়েও বাস্তৱক ভিতৰি ভিতৰি যেন ভাল পাই পেলাইছে ৷ চকুৱেও অনবৰতে বাস্তৱকেই বিচাৰি থকা হল ৷ এক দুই দিনৰ ব্যৱধানবোৰ এটা যুগ যেন লাগিল ৷ চঞ্চলাময় বয়স তেতিয়া তাইৰ ৷ চকুত হাজাৰ সপোনে হেন্দোলনি তোলে ৷ দুয়োৱে দুয়োকে প্রেমৰ প্রস্তাৱ দিয়া নাই যদিও দুয়োটাই পৰস্পৰৰ মনৰ অৱস্থা বুজি পোৱা হল ৷ অনুশ্রীৰ মাক–দেউতাকেও তাক বৰ ভাল পায়, মৰম কৰে৷ দুদিনমান নাহিলেই তেওঁলোকৰ চিন্তা হয় কিবা বিপদত পৰিছে নেকি বাৰু!!
এদিন বাস্তৱে তগৰ ফুল এপাহ হাততে লৈ তাইক কলেহি, অনু তোমাৰ এই গাখীৰত হালধি মিহলোৱা কোমল মুখখন যেন আজীৱন এই তগৰ ফুলপাহৰ দৰেই সজীৱ আৰু প্রস্ফুটিত হৈ থাকে ৷ তোমাৰ চকু–মুখত মই কেতিয়াও হতাশা আৰু চকুপানী সহ্য কৰিব নোৱাৰিম ৷ আজীৱন তোমাৰ জীৱনসংগী হৈ সকলো সুখ–দুখৰ অধিকাৰী হব বিচাৰোঁ৷ মৰমেৰে ওপচাই দিব বিচাৰোঁ তোমাৰ দেহ–মন, শৰীৰ সকলো ৷ দিবানে মোক সেই সুখ এইবুলি বাস্তৱে তাইৰ সোঁহাতখন আলফুলে নিজৰ হাতৰ মুঠিলৈ আনি কপালতে এটি কপাহ কোমল চুমা আঁকি দি তগৰ ফুলপাহ তাইৰ চুলিকোছাত গুঁজি দিলে ৷ উফ সেই সময়ত তাইৰ যে কেনে লাগি গৈছিল গোটেই মৰমসোপা শৰীৰৰ কোনোবা এটা কোণত থূপ খাই যোৱা যেন অনুভৱ কৰিলে৷ তাক যেন সজোৰে সাবটি ধৰি চুমাৰে ভৰাই দিব এনে লাগিল৷ কিন্তু লাজৰ এখন মিঠা আৱৰণে তাইৰ হাত–ভৰি বান্ধি থোৱা যেন লাগিল ৷ বিশেষকৈ সেই দিনটোৰ পৰাই সৰুতে আইতাকৰ মুখত শুনা পৰীৰ দেশৰ সাধু, ৰজা–ৰাণীৰ ধুনীয়া ধুনীয়া গল্পবোৰত নিজকে তাই দেখিবলৈ ললে ৰাজকুমাৰ ৰূপী বাস্তৱে যেন মৰমৰ বান্ধোনেৰে মেৰিয়াই লৈ তাইক অন্য এখন পৃথিৱীলৈ লৈ গৈছে আৰু সোণৰ পালেঙত শোৱাই লৈ গোটেই দেহতে প্রেমৰ চিহ্ণ আঁকি দিছে আৰু তাই আৱেগৰ বশৱর্তী হৈ নদীৰ লগত বিলীন হৈ পৰিছে ৷ তায়ো ভাবে তাক শৰীৰৰ সকলোখিনি ভালপোৱা সিঁচি দি মৰমেৰে আৱৰি ৰাখিব এখন নতুন সংসাৰ হব সিহঁতৰ
দিনে দিনে বাস্তৱৰ ওপৰত তাইৰ বিশ্বাস বাঢ়ি যোৱাত তাৰ ওপৰত বেছি নির্ভৰশীলো হৈ পৰিল ৷ কিছুমান দুর্বল মুহূর্তত দুয়োটাই কেতিয়াবা বৰ আৱেগিক হৈ পৰে যদিও সিহঁতে কেতিয়াও সীমাৰেখা অতিক্রম কৰা নাই ৷ মনেপ্রাণে দুয়োটাই দুয়োটাকে বহুত ভাল পাই পেলাইছে ৷ দিনে দিনে তাই বাস্তৱৰ কথাবোৰত আৰু সি কৰা সৰু সৰু কামবোৰতেই স্বর্গসুখ বুটলি পোৱা হল ৷ বুকুৰ মাজত ঢৌৰ খলকনি উঠে যদিও গোটেই মৰমবোৰ ভৱিষ্যতলৈ সাঁচি থয় ৷ তাই ভাবে ইমান মৰমলগাকৈ কেনেকৈ বাৰু সি কথা কব পাে !!! আৰু সিও যেন তাইৰ মনৰ সকলো কথা বুজি পায় ৷ মাজে মাজে বাস্তৱৰ দেউতাকে তাক হোষ্টেললৈ খবৰ কৰিবলৈ আহিলে অনুশ্রীহতঁৰ ঘৰতো এপাক মাৰে ৷ কেতিয়াবা তেওঁ কৈ উঠে, অনুকেই আমাৰ ঘৰৰ বোৱাৰী কৰি লৈ যাব লাগিব ৷ এনেবোৰ কথাই ইতিমধ্যে প্রেমৰ এজাক সপোন দেখা অনুশ্রীৰ বুকুখনে ধান বনাদি বানে৷ সেই সময়ত চকুৱে–মুখে এথোপা লাজ আৰু প্রেমৰ সুবাসে আৱৰি থকা অনুশ্রীৰ গুলপীয়া গালখন দেখিলে কোনোবা সৰগৰ পৰী যেন দেখি ৷ অনুশ্রীৰ সৰু সৰু কামবোৰে, কথাবোৰে বাস্তৱৰ মনতো দোলা দি যায় ৷ তাই কথা কলে সি তাইলৈ ৰ লাগি চাই ৰয়৷ কিমান যে সৰল মনৰ অনুজনী৷ ভাবে সিহঁতৰ মনৰ আশাবোৰ, কল্পনাবোৰ, সপোনবোৰত যাতে কাৰো নজৰ নালাগে কাৰণ সিহঁতৰ যে প্রেম পৱিত্র এইবোৰকে মনত পাগুলিয়াই থাকোঁতে এই তিনিটা বছৰ কেনেকৈ পাৰ হৈ গল ভাবিলে আচৰিত হয় সি৷ বি এছ চি সুখ্যাতিৰে উত্তীর্ণ হৈ উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ গুচি যোৱাৰ পিছত অনুশ্রীৰ এনে লাগিল যেন জীৱনটো হঠাতে থমকি ৰল ৷ আগতে আকাশে–বতাহে চাৰিওফালে প্রেমৰ সুবাস বিচাৰি পোৱা অনুশ্রীৰ আজিকালি একো ভাল নলগা হল ৷ কলেজলৈ অহা–যোৱা কৰাৰ বাহিৰে বাকী সময় ঘৰতে সোমাই থাকে ৷ লগৰ বান্ধৱীয়ে কৰবালৈ লগ ধৰিলেও যাবলৈ ইচ্ছা নকৰে ৷
এনেকৈয়ে দিনবোৰ আগুৱাই গৈ থাকিল ৷ সেই সময়ত মবাইলৰ যোগাযোগ বাদেই লেণ্ডফোনো কেইঘৰমান মানুহৰ ঘৰতহে আছিল ৷ মনৰ জোখাৰে কথা এটা ভালকৈ পাতিবলৈ নাপাই তাইৰ সময়বোৰ বৰ দুখেৰে পাৰ হল ৷ ব্লু হিল্চ, নেটৱর্ক এনেকুৱা দুটামান কুৰিয়াৰ ছার্ভিচ আছিল ৷ দুয়োটাই চিঠি–পত্রৰ জৰিয়তে যোগাযোগ কৰি থাকিল যদিও ওচৰত নোপোৱাৰ বেদনাই দুয়োটাকে মনত বৰ কষ্ট দিলে ৷
তাইৰ কলেজৰ বান্ধৱী শিখা, মুনমী, বাসৱী তাইৰ ঘৰলৈ আহে আৰু তাইৰ মনটো পাতল কৰিবলৈ সিহঁতৰ ফালৰ পৰা খুউব চেষ্টা কৰে৷ লাহে লাহে তাই বহুখিনি সহজ হৈ পৰিল ৷ পৰিস্থিতিয়ে বাধ্য কৰাইছে সহজ হবলৈ৷ বাস্তৱৰ কথাবোৰ হিয়া উজাৰি লগৰকেইজনীৰ লগত পাতিবলৈ পালে তাইৰ মনটো মুকলি লাগে ৷ এদিন শিখাৰ চিনাকি ৰাজীৱ নামৰ লৰাটোও সিহঁতৰ লগত আহিল ৷ সিহঁত চাৰিওটা আৰু অনুশ্রী এতিয়া ভাল বন্ধু ৷ ৰাজীৱেও এতিয়া অনুশ্রীৰ সকলো কথা গম পায় ৷ মাজে মাজে বাস্তৱৰ কথা কৈ জোকোৱাও হৈছে ৷ কেতিয়াবা ৰাজীৱ অনুশ্রীৰ ঘৰলৈ অকলেও আহে৷ অনুশ্রীৰ মাক–দেউতাকেও তাক অনুশ্রীৰ লগৰ বুলি ভাল ব্যৱহাৰেই কৰে ৷ শুনামতে সি কোনোবা উগ্রপন্থীৰ দলত মাজতে সোমাইছিল যদিও আত্মসমর্পণ কৰি ব্যৱসায়ত নামিছে ৷ কুৰিয়াৰ কাউণ্টাৰৰ মালিকবোৰৰ লগত তাৰ হেনো যথেষ্ট ভাল ৷ গতিকে অনুশ্রীয়ে সুবিধা বুজি বাস্তৱলৈ লিখা চিঠিবোৰ তাৰ হাততে কুৰিয়াৰ কৰিবলৈ পঠিয়ায় ৷ চিঠি আদান–প্রদানৰ ক্ষেত্রত সি একেবাৰে বিশ্বাসী মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিলে ৷ কুৰিয়াৰ কাউণ্টাৰৰ পৰা পোষ্টমেনে ঘৰত ডেলিভাৰী দিয়াৰ আগতেই সি বাস্তৱৰ চিঠি লৈ আহি অনুশ্রীৰ হাতত দিয়েহি৷ চিঠি পাই অনুশ্রীৰ মনটো উলাহত নাচি উঠে ৷ পিছে যেতিয়া সি মদ খাই সিহঁতৰ ঘৰলৈ আহিছিল প্রথমে তাই ভয় খাইছিল আৰু বেয়াও পাইছিল যদিও পিছলৈ এইবোৰ সহজভাৱে লবলৈ ধৰিলে ৷ কাৰণ সি যে তাইৰ অতিকে মৰমৰ হিয়াৰ আমঠু বাস্তৱৰ চিঠি কঢ়িয়াই আনে, সেয়ে তাৰ হাজাৰ দোষকো তাই মাফ কৰি দিব পাৰিব ৷ তাইৰ ঘৰত সাঁজপানী তৈয়াৰ হোৱা, উৎসৱ–পার্বণত আৰু অতিথি আপ্যায়নত এইবিধ ব্যৱহাৰ হোৱা সৰুৰে পৰাই দেখি–শুনি কিছুমান কথা অৱশ্যে সহজভাৱে লব পৰাও হৈছে ৷
দুই–এবাৰ কামৰ অজুহাত লৈ বাস্তৱে তাইক চাবলৈ আহিল ৷ সেই কেইদিন অনুশ্রীৰ স্ফূর্তি কি চাব!!! হেঁপাহ পলুৱাই কথা পাতিলে, পার্কত বহিল, ৰেষুটৰেণ্টত গৈ কিবাকিবি খালে, চিনেমাও দুই–তিনিখনমান চালে ৷ মুঠতে মন যোৱা সকলো কাম কৰিলে ৷ এই একেলগে কটোৱা মধুৰ সময়খিনিক তাই হূদয়ৰ কোনোবা এক নিভৃতমান কোণত সযতনে সাঁচি ৰাখিব বিচাৰে ৷ অকলশৰীয়াকৈ এনেকে নিবিডভাৱে লগ পোৱাৰ পাছত সি যেতিয়া ঘূৰি যায়গৈ, দুয়োটাৰে চকু সেমেকি আহে৷ বিষাদেৰে ভৰি পৰে দুয়োটাৰে মন৷ এবাৰ সি উভতি যোৱাৰ পৰত আকুলসনা দৃষ্টিৰে তাইৰ চকুত চকু ৰাখি পৰম আৱেগেৰে কৈ উঠিল, তুমিতো জানাই অনু মোৰ পৰীক্ষালৈ আৰু বেছিদিন নাই ৷ ভালকৈ পঢ়ি ভাল ফলাফল আনিব লাগিব যাতে বিচৰাধৰণে চাকৰি এটা যোগাৰ কৰি লৈ তোমাক বিয়া কৰাই পিছলৈ তোমাক নিৰাপত্তাৰ মাজত ৰাখিব পাৰোঁ ৷ গতিকে চিঠি দিয়াটো আমি দুয়োটাই অলপ দিনৰ বাবে কমাই দিব লাগিব আৰু তুমিও কেইমাহমান ধৈর্য ধৰি ভালদৰে পঢ়া–শুনা কৰা ৷ তাৰ পিছত আকৌ আমাৰ মৰমৰ দিনবোৰ ঘূৰি আহিব ৷ আমাৰ দুয়োটাৰে ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই যে মই এই কথাখিনি কৈছোঁ বুজিছা নিশ্চয় ৷ এইবুলি তাইক জোৰৰে সাবটি ধৰি গালে–মুখে চুমাৰে ওপচাই দিলে ৷ তাইক এৰি থৈ অহাৰ সময়খিনি বৰ কঠিন হয় বাস্তৱৰ বাবে ৷ কিন্তু কি কৰিব উপায়ো নাই৷ ঠিক আছে, হব দিয়া বুলি কৈ তায়ো তাক কপালতে চুমা এটা খাই চলচলীয়া চকুৰে বিদায় দিলে ৷
কিন্তু অলপ দিন যোৱাৰ পাছত বাস্তৱলৈ বৰকৈ মনত পৰাত এখন চিঠি লিখি তাই ৰাজীৱৰ হাততে দিলে কুৰিয়াৰ কৰি পঠিয়াবলৈ ৷ কিন্তু কেইবাদিনলৈকে চিঠিৰ কোনো উত্তৰ নোপোৱাত আকৌ এখন পঠিয়ালে ৷ তাৰো কোনো উত্তৰ নাহিল ৷ ৰাজীৱক কুৰিয়াৰ কাউণ্টাৰলৈ গৈ আকৌ খবৰ লবলৈ পঠিয়ালে ৷ সি তাইক কয়, চিন্তা নকৰিবি ৷ বাস্তৱ ভাল লৰা ৷ পঢ়াৰ চাপ বেছি হোৱা কাৰণে চিঠি লিখিবলৈ সময় পোৱা নাই চাগে ৷ তিনি/চাৰিখন চিঠি একেলগে এদিন আহি যাব চাবি৷ ৰাজীৱৰ এনেকুৱা বুজনিবোৰে তাইক অলপ সকাহ দিয়ে যদিও নিজকে নিজে প্রশ্ন কৰে, সি ইমানো বেছি ব্যস্ত হৈ পৰিলনে যে এখন চিঠি লিখিবলৈও তাৰ সময়ৰ অভাৱ হৈছে ৷ তিনি/চাৰিখন চিঠি পোৱাৰ পিছতো এবাৰলৈ তাৰ ৰিপ্লাই দিবৰ মন নগলনে এনেবোৰ কথাৰ উত্তৰ বিচাৰি অনুশ্রীৰ মনটোৱে হাহাকাৰ কৰি উঠিল ৷ কিন্তু কাক সুধিব, কোনে কব পাৰিব, কোনে সহায় কৰিব ভাবি পাৰ নোপোৱা হল ৷ মনলৈ যি কোনো চিন্তা আহিব ধৰিলে ৷
তেনেকুৱাতে এদিন বাস্তৱৰ বায়েক সিহঁতৰ ঘৰলৈ আহিল কিবা এটা কামত ৷ তাই বাস্তৱৰ এস্কাৰচনলৈ যোৱাৰ ফটো কিছুমান দেখুৱালে৷ অনুশ্রীয়ে দেখিলে এজাক লৰা–ছোৱালীৰ মাজত তাইৰ মৰমৰ বাস্তৱক ৷ হেঁপাহেৰে তাই এখনৰ পাছত আনখন পাত লুটিয়াই তাক চাই গৈ থাকিল কিছুমান পিকনিকলৈ যোৱা ফটো, কিছুমান এস্কাৰচনলৈ যোৱা, আকৌ কিছুমান এনেই হোষ্টেলৰ লগৰবিলাকৰ লগত বিভিন্ন পজত তোলা, কিছুমান ডিপার্টমেণ্টত লগৰীয়াৰ লগত এনেকৈ ঢেৰ ফটো দেখুৱালে বায়েকে ৷ বহুত দিনৰ মূৰত তাইৰ সপোন কোঁৱৰক ফটোত দেখি বুকুখন জুৰ পৰি গল ৷ ঠিক সেই সময়তে বায়েকে ছোৱালী এজনীক আঙুলিয়াই কলে, এই মৰমলগা ছোৱালীজনী দেখিছা, তাই বাস্তৱক বিৰাট ভাল পায়৷ আমাৰ ইয়াৰ লগত একেবাৰে মিলি পৰিব নহয়নে বায়েকে হয়তো অলপ গম পাইছিল অনুশ্রী– বাস্তৱৰ কথা ৷ সেই কাৰণে পিছৰ বাক্যশাৰী যে তাইৰ অন্তৰত আঘাত দিবলৈয়ে কলে সেয়া তাই ভালকৈয়ে বুজিব পাৰিলে ৷ অনুশ্রীয়ে এবাৰ পুনৰ ফটোখিনিত চকু ফুৰাই দেখিলে হয়, এজনী ছোৱালী বেছিভাগ ফটোতে তাৰ কাষতে থিয় হৈ আছে ৷ তাই এইবাৰ বাৰুকৈয়ে ভাগি পৰিল যদিও বায়েকৰ আগত প্রকাশ নকৰিলে ৷
তাই ভাবি পাৰ নাপালে কেনেকৈ বাস্তৱ ইমান পত্কৈ সলনি হব পাৰিলে এবাৰলৈও তাৰ মৰমৰ অনুজনীলৈ মনত নপৰিল নে সিহঁতে কৰা প্রতিশ্রুতিবোৰ কি সি ইমান সোনকালে পাহৰি গল ফটোত দেখোঁতে সি খুব স্ফূর্তিত থকা যেনেই লাগিল ৷ ৫খন চিঠিৰ এখনো ৰিপ্লাই দিয়া নাই এতিয়ালৈকে৷ খঙে, দুখে, অভিমানে তাইৰ মনটো ভিতৰি ভিতৰি কান্দি উঠিল ৷ ৰাজীৱক মাতি আকৌ কুৰিয়াৰলৈ গৈ খবৰ কৰি আহিবলৈ কলে ৷ কিন্তু ৰাজীৱৰ সেই একেই নিৰাশজনক উত্তৰত তাই হতাশ হৈ পৰে ৷ বাস্তৱে কিয় তাইৰ পৰা পলায়ন কৰিছে উত্তৰ বিচাৰি তাই একেবাৰে পাগলৰ দৰে হৈ পৰিল আৰু যেনেতেনে তাৰ জবাব সি দিবই লাগিব বুলি এখনৰ পিছত আনখন চিঠি লিখি গল আৰু তাৰ প্রমাণ ৰাজীৱ আছেই ৷ সদায় ৰাজীৱ অহালৈ তাই আশাৰে বাট চাই ৰয়, কিজানি কিবা মন ভাললগা আশাৰ বতৰা সি কঢ়িয়াই আনেই ৷ কিন্তু নিৰাশাৰ বাদে আন একোৱে নোপোৱা হল ৷ মাজে মাজে ৰাজীৱে তাইৰ অৱস্থা দেখি মৰমেৰে কয়, ইমান কন্দা–কটাখন নকৰিবিচোন ৷ মই আছোঁ নহয় তোৰ লগত ৷ সি ঘূৰি নাহিলে ময়ে তোক বিয়া কৰাম দে ৷ এইবোৰ কথা কওঁতে প্রথম দিনা তাই ৰাজীৱক ঠিকছে গালি পাৰিলে ৷ কিন্তু সি কথাৰ মাজে মাজে প্রায়েই এনেকুৱা ধৰণৰ কথাবোৰ কৈ থকা হল ৷
অন্তৰৰ কিছুমান কথা মাক–দেউতাকৰ লগত পাতিব নোৱাৰি ৷ সেই সযয়ত শিখা, মুনমী, বাসৱী, ৰাজীৱ তাইৰ একেবাৰে নিজৰ আপোনৰ দৰে হৈ পৰিল ৷ হিয়াউজাৰি তাই সিহঁতৰ লগত কথা পাতে৷ তাইৰ চকুৰ কোণত জমা হোৱা পানী সিহঁতে মচি দিয়ে ৷ লাহে লাহে বাস্তৱৰ প্রতি তাইৰ মনত বিক্ষোভে দেখা দিলে ৷ তাৰ কথা মনলৈ নানো বুলিয়ে ভাবে ৷ বাস্তৱৰ কথা ভাবি থাকোঁতে তাইৰ পঢ়াতো ব্যাঘাত জন্মিল ৷ সি যদি পাহৰিব পাৰিছে, মইনো কিয় নোৱাৰিম ৷ মোৰ ১৫/২০খন চিঠিৰ প্রত্যুত্তৰ দিবৰ কাৰণে তাৰ এবাৰলৈও মন নুকুমলিল ৷ এনেকুৱা কিছুমান কথাৰে তাইৰ মনটো তাৰ প্রতি বিদ্রোহী হৈ উঠিল ৷
ৰাজীৱে হয়তো এনেকুৱা এটা সময়ৰেই সুযোগ–সুবিধা বিচাৰি আছিল আৰু এই উপযুক্ত সময়খিনিৰ সম্পূর্ণ সুবিধা আদায় কৰিব বিচাৰিলে ৷ সেই সময়ত পেপাৰে–পত্রই বা টিভিত কিছুমান কথাই মুখ্য স্থান লাভ কৰিছিল চৰকাৰে আত্মসমর্পণ কৰি মূলসুঁতিলৈ ঘূৰি অহা লৰাবিলাকক কিবা নহয় কিবা এটা ব্যৱসায়ত সংস্থাপন কৰাই দিছে আৰু প্রত্যেককে নিজৰ সুৰক্ষাৰ কাৰণে এটাকৈ পিষ্টলো দিছে ৷ পঢ়া–শুনা নকৰি ঘৰতে এনেই শুই–বহি খোৱা ভালেমান লৰা নিমিষতে ধনীও হৈ যোৱা দেখা গল ৷ ৰাজীৱেও ডাঙৰ ব্যৱসায়ত নামিছে বুলি কৈ এদিন এখন দামী গাড়ী তাইৰ ঘৰৰ আগত ৰখাই দোপদোপাই ঘৰৰ ভিতৰলৈ সোমাই গল যেন কোনো এটা ডাঙৰ প্রতিষ্ঠানৰ বিষয়াহে ৷ অনুশ্রীৰ মাক–দেউতাকেও ভাবিলে হায়াৰ ছেকেণ্ডাৰীৰ জখলাখনকে পাৰ কৰিব নোৱাৰা ৰাজীৱে ব্যৱসায়তে যদি ভালদৰে খোপনি পুতি আগবঢ়িব পাৰে, তেন্তে কিনো বেয়া ৷ সিহঁতৰ ঘৰলৈ আহি গৈ থকা কাৰণে সি একেবাৰে ঘৰুৱাও হৈ পৰিছে৷ আনফালে মদৰ নিচা তাৰ দিনে দিনে বাঢ়ি গল ৷ ঘৰৰ ডাঙৰে নেদেখাকৈ অনুশ্রীক মৰম কৰিবলৈ আগবাঢ়ি যায় আৰু তাইক চিন্তা নকৰিবলৈ কয়৷ এফালে বাস্তৱে ব্যৱহাৰ কৰি এৰি দিয়া তাইৰ বিদ্রোহী মন আৰু আনফালে ৰাজীৱে তাইৰ প্রতি পুতৌৱে হওক বা সহানুভূতি দেখুওৱা এইবিলাকৰ মাজত যেন তাই হেৰাই যাব লৈছে ৷ কি ভাল কি বেয়া তাৰ হিচাপ কৰিব নজনা হৈ পৰিছে ৷ ছেগ বুজি ৰাজীৱে তাইৰ কেঁচা ঘাত মলম লগোৱা আৰম্ভ কৰিলে ৷ কোনো এটা দিনৰ এক দুর্বল মুহূর্তত তাই ৰাজীৱৰ কান্ধত মূৰ থলে ৷ সিও তাইক দুয়োখন হাতেৰে সাবটি ধৰি তাইৰ মনৰ আৱেগক সন্মান জনালে ৷
ৰাজীৱৰ প্রতি অনুশ্রীৰ কি ভাব আছে সেয়া তায়ো ভালদৰে বুজি উঠা নাই ৷ তাইৰ প্রতিটো কথা জনা সিয়ে একমাত্র লৰা, গতিকে কেতিয়াবা অকলশৰীয়া মুহূর্তত তাক লগ পালে মনৰ কথাবোৰ পাতি মনটো পাতল কৰে ৷ কিন্তু কেতিয়াবা ভয়ো কৰে কাৰণ সি যে আত্মসমর্পণকাৰী ৷ তাৰ হাতত থকা পিষ্টলটো দেখিলেও অকণো ভাল নালাগে, কিবা ভয় ভয় ভাব এটাই আগুৰি ধৰে আৰু সেই ভয়তেই কেতিয়াবা সি কিবা এটা কলেও তাই মানি লোৱা হল৷ মৰম–ভালপোৱা, বিশ্বাস–বিশ্বাস, ভয়–কান্দোন এইবোৰৰ মাজত তাই যেন নিজকে হেৰুৱাই পেলালে ৷
এদিন টিউচনৰ পৰা আহি থকা বাটত ৰাজীৱে ঘপহকৈ গাড়ীখন ৰখাই দি তাইক উঠিবলৈ কলে ৷ তাৰ লগত চাৰিজনমান বন্ধুও৷ তাই একান্ত বাধ্য ছাত্রীৰ দৰে গাডীত বহাৰ লগে লগে গাড়ী জোৰেৰে ধূলি উৰুৱাই আগুৱাই গল ৷ এই যে ওলাই গল, তাইৰ জীৱনে এক নতুন মোৰ ললে ৷ ইফালে তাইৰ ঘৰত হুৱাদুৱা লাগিল ৷ অনেক বিচাৰ–খোঁচাৰ কৰিও তাইৰ সন্ধান নাপাই ঘৰে তাইৰ আশা এৰি দিলে ৷ লাজতে মাক ঘৰৰ পৰা একেবাৰে নোলোৱাই হল ৷ দেউতাকে সমাজৰ আগত মুখ দেখুৱাব নোৱাৰা হল ৷ তেওঁলোকে একেবাৰে ভবা নাছিল যে তেওঁলোকৰ একমাত্র ছোৱালী অনুশ্রীয়ে এনে এক কাণ্ড কৰি পেলাব পাৰিব আৰু ৰাজীৱ তাক তেওঁলোকে মৰম কৰিছিল সঁচা, কিন্তু তাৰ পৰিণাম যে ইমান ভয়াৱহ হব, সেয়া একেবাৰেই সপোনৰো অগোচৰ ৷ ৰাজীৱৰ নিচিনা লৰা এটাক জোঁৱায়েকৰ ৰূপত কোনোপধ্যেই চাব নোৱাৰে তেওঁলোকে ৷ জীয়েকৰ এই কার্যত চঁক খোৱাদি খালে আৰু এই আঘাত সহ্য–সীমাৰ ওপৰেদি গল ৷ মুঠতে সিহঁত দুটাৰ প্রতি ইমানেই বিতৃষ্ণা উপজিল যে কেতিয়াও সিহঁতৰ মুখ নাচাওঁ বুলি মাক–দেউতাক দৃ প্রতিজ্ঞ হল ৷
ইফালে ৰাজীৱৰ মাকে এনে এজনী শুৱনি বোৱাৰী পাই পেটে পেটে ভালেই পালে কিজানি লৰাটোৰ অলপ গত লাগেই৷ হয়, অলপ দিনলৈ সি ভালেই আছিল ৷ নে সকলোৰে আগত ভাল হৈ থকাৰ অভিনয় কৰিছিল বাৰু আনহাতে অনুশ্রী ৰাজীৱৰ ঘৰখনকেই তাই জীৱনৰ নতুন স্থল, নতুন সংসাৰ বুলি ভাবি লৈ নতুন উদ্যমেৰে ঘৰখনক নকৈ সজাবলৈ উঠি–পৰি লাগিল ৷ ঘৰৰ সকলো কাম এফালৰ পৰা সুন্দৰকৈ কৰি যাবলৈ অশেষ চেষ্টা কৰি গল ৷ ঘৰৰ কোনো লোক শুই নুঠোতেই দোকমোকালিতে উঠি মুখখন ধুয়েই আৰম্ভ হৈ যায় তাইৰ দিনটোৰ দীঘল কামৰ তালিকাখন ৷ আলহী–তিথিৰে ভৰপূৰ ঘৰখনত তাই সকলোৰে মনটো ধৰি ৰাখিব পৰাত সফল হল ৷ কিন্তু ক্রমান্বয়ে ৰাজীৱৰ হুতা মাত–কথা আৰু ব্যৱহাৰেহে তাইক কন্দুৱাব ধৰিলে ৷ সৰু সৰু কথাতে গালি–গালাজ আৰম্ভ হৈ যায় আৰু মদ খাই আহি ৰাতিলে চৰ, গোৰ, মাৰপিট ৷ এয়া দৈনন্দিন জীৱনৰ ৰুটিনত পৰিণত হল৷ লাহে লাহে তাৰ আচল ৰূপটো তাই ভালদৰে গম পালে ৷ ঘৰলৈ আলহী আহিলে তাই সুখত থকাৰ অভিনয় কৰিবলগীয়া হয়৷ কাৰণ কেনেবাকৈ যদি কোনোবাই গম পায় তাইৰ দুখৰ কথা, সেইদিনা ৰাতিলৈ তাইৰ অৱস্থা কাহিল হৈ পৰে৷ দিনে দিনে তাৰ এই আসুৰিক স্বভাৱটো বেছিকৈ প্রতিফলিত হৈ আহিবলৈ ধৰিলে৷ শাহুৱেকে অলপ শাসন কৰিবলৈ গলে তেওঁকো মাৰিবলৈ খেদি আহে বাবে পিছলৈ শাহুৱেকেও মুখেৰে একো এটা নমতা হল৷ ঘৰখনৰ বস্তুবোৰ দলিয়াই ফর্মুটিয়াই ভাঙি–ছিঙি তচনচ কৰি প্রায় শেষেই কৰিলে৷ মুঠতে ৰাতি হলে সি এটা হিংস্র বাঘলৈ পৰিৱর্তিত হয়৷ আগবেলাটো শুই থাকি আবেলি ঘৰৰ পৰা ওলাই গৈ ৰাতি এপৰত এইদৰে সোমোৱাটো তাৰ দৈনন্দিন কাম হৈ পৰিল৷ জীৱনৰ জটিলতা, কৃত্রিমতাৰ বুজ নোপোৱা অনুজনীৰ মুখখন শুকাই–খীনাই চূণৰ টেমিটোৰ নিচিনা হল৷ তেনে এক পৰিস্থিতিতে ৰাগিণীৰ জন্ম হয়৷ কিন্তু শৰীৰৰ কেঁচা মঙহৰ গোন্ধৰ বাহিৰে যেন সি একোৱে চিনি নাপায়৷ সময়–সময় নাই যেতিয়াই–তেতিয়াই তাইৰ শৰীৰৰ প্রতি থকা তাৰ কামুক দৃষ্টিভংগীত তাই তচনচ হৈ ভিতৰি ভিতৰি জহি–খহি যাবলৈ ধৰিলে৷ ৰাতি হলেই ভয় লাগিবলৈ ধৰে৷ তাইৰ শৰীৰৰ যতে–ততে আঘাতৰ চিন, পুৰুষত্ব প্রদর্শিত চিনবোৰ ভালকৈয়ে পৰিস্ফুট হৈ আহিল৷ এদিন অনুশ্রী বজাৰৰ পৰা ঘূৰি আহি চোতালত একুৰা জুই দেখি ভয়তে দৌৰি গৈ ওচৰৰ পৰা দেখেগৈ যে তাইৰ গডৰেজৰ গোটেই ভাল ভাল কাপোৰসোপা সি এখন এখনকৈ লাই আছে৷ কান্দিবলৈও বাট বিচাৰি নোপোৱা হল তাই৷ চকুপানীবোৰো যেন শুকাই কৰকৰীয়া কৰাল বান্ধিলে৷ তাইৰ এনেকুৱা লগা হল যে সি যেন এটা মানসিক ৰোগীলৈ পৰিৱর্তিত হৈ গৈ আছে, সি যেন এটা চাইক৷ দিনে দিনে তাইৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ বািি আহিল৷ যেতিয়াই তাই মাৰ খাই লেবেজান হৈ পৰি ৰয়, তেতিয়াই সি গালি পাৰি কয়, এতিয়া তোৰ বাস্তৱ কলৈ গল তোক নিবলৈ কিয় অহা নাই এনে কথা শুনিলে তাই শিলপৰা কপৌৰ দৰে হৈ পৰে৷ ঘৰখন ঠিকে থাকক বুলি তাই কি কৰা নাই অথচ ৰিণিকি ৰিণিকি তাইৰ বাস্তৱলৈ মনত পৰে৷ দুয়োটা লৰা কিমান যে বিপৰীত! বাস্তৱৰ লগত কটোৱা দিনবোৰ কিমান মিঠা আৰু মধুৰ আছিল৷ শৈশৱৰ ওমলা ঘৰখনলৈ তাইৰ চিৰিং চিৰিংকৈ মনত পৰিবলৈ ধৰে৷ কিমান যে ভাল লগা আছিল সেই দিনবোৰ৷ মাক–দেউতাকৰ তাই আলাসৰ লাৰু, চকুৰ মণি আছিল৷ বৰ আদৰত তুলিছিল তাইক৷ কেতিয়াবা মাকক সৰু সুৰা দুই–এটা কামত সহায় কৰাৰ বাদে একো কৰিব নজনা ছোৱালীজনীৰ আজি এই অৱস্থা৷ ঘৰখনলৈ মনত পৰিলেই চকুৰ কোণত জমা হোৱা পানীয়ে কোনো বাধা নামানি অহৰহ বৈ আহিবলৈ ধৰে৷ মাক–দেউতাকক দিয়া দুখ তাই পদে পদে উপলব্ধি কৰিব পাৰিলে৷ তাই কৰা এই মাৰাত্মক ভুলটোৰ যে এই জীৱনত কোনো সংশোধন নাই সেইটো বাৰুকৈয়ে বুজি উঠিল৷
ৰাগিণীৰ জন্মৰ পাছত প্রথমবাৰৰ কাৰণে মনত বহু সাহস গোটাই নিজৰ ঘৰখনলৈ গৈ দেউতাকৰ ভৰিত তাই উবুৰি খাই পৰিলগৈ৷ তাই জানে তাই কৰা ভুলৰ কোনো ক্ষমা নাই, তথাপি মাক–দেউতাকৰ অবিহনে যে তাইৰ জীৱন অসাৰ৷ কেইবাবাৰো ঘৰলৈ যোৱাৰ পিছত মাক–দেউতাকৰ মন কুমলিল যেনিবা৷ কতনো পাৰিব নাতিনীৰ মুখ নোচোৱাকে৷ লাহে লাহে মাক–দেউতাকে তাইক পুনৰ আঁকোৱালি ললে৷ মাজে মাজে অলপ সময়ৰ কাৰণে তাই ঘৰলৈ ঢাপলি মেলে যদিও জোঁৱায়েকৰ কুকর্মৰ কথা ঘৰত ঘুণাক্ষৰেও জানিব নিদিলে৷ লাজ পাই তাই, কি মুখেৰে ৰাজীৱৰ কথাবোৰ কব৷ কেতিয়াবা তাইৰ মন যায় ঘৰখনত কেইদিনমান থাকি আহিবলৈ৷ কিন্তু ঘৰ গৈ পোৱাৰ অলপ সময়ৰ পাছৰে পৰা অহা ওপৰা–উপৰি ফোন আৰু কিয় উভতি আহি ঘৰ পোৱাহি নাই বুলি ফোনত অহা হুংকাৰবোৰ, কিজানি পিষ্টলটো লৈ সি মাকৰ ঘৰ ওলায়হি এইবোৰকে ভাবি লাজে–ভয়ে ততাতৈয়াকৈ গুচি যায়গৈ৷ এসাঁজ ভাতো শান্তিৰে খাব নোৱাৰে৷ মাক–দেউতাকে গম পাব বুলি মনে মনে চকুলো টোকে তাই৷ মাকে কয়, আহিছিলিহে এইমাত্র, যাবৰ হলেইনে আজি তই ভালপোৱা ধৰণেৰে সকলো বনাইছোঁ৷ ৰাগিণীয়ে ভাল পোৱা ধৰণে মাংসখিনি শুকানকৈ ভাজিছোঁ৷ ভাতমুঠি খাইহে যাবি দেই৷ দেউতাকেও মাকৰ লগতে সুৰ মিলাই কয়, অ হয়তো আকৌ, মোৰ নাতিনীৰ লগত ঢেৰ কথা আছে৷ তাইৰ লগত খেলিম, তাৰ পিছত একেলগে চবেই মিলি ভাত খাম৷ তাইৰ চকু ভৰি আহে এনেকুৱা কথাবোৰ শুনিলে৷ কামৰ কিবাকিবি অজুহাত দেখুৱাই তাই কিন্তু যায়গৈ৷ মাক–দেউতাকে যে তাইক পুনৰ আঁকোৱালি ললে, সেয়াই যথেষ্ট তাইৰ কাৰণে৷
তাৰ মুখত আজিকালি মদৰ গোন্ধ নোলায়, কিন্তু কি খাই আহে তায়ো বুজি নাপায়৷ খাই অহাৰ পিছত চকুকেইটা অসম্ভৱভাৱে ৰঙা হৈ থাকে আৰু তাৰ কাঁইটীয়া গাটোত কৰ পৰানো এগালমান শক্তি গোট খায়, সেয়া নুবুজে তাই৷ মুঠতে তাইক মাৰি যেন শেষ কৰি পেলাব তেনেকুৱাখন কৰেহি৷ এদিন দুপৰীয়া তাই পাকঘৰত কিবা কামত ব্যস্ত থাকোঁতে কৰবাৰ পৰা আহি তাৰ গেঞ্জীটো কত আছে বুলি চিঞৰিলে৷ তেতিয়া তাক অলপ ৰবলৈ কোৱাত সি তাইক পাকঘৰৰ পৰা চোঁচৰাই আনি পেণ্টৰ বেচ্ঢডাল খুলি লৈ খুবকৈ মাৰিলে তাক অৱহেলা কৰিছে বুলি কৈ৷ চৰ, গালি, ভুকু, মাৰ এইবোৰ তাইৰ একেবাৰে ভাতৰ লগত পানী খোৱাৰ দৰে হৈ আহিল৷ সিদিনা মাৰি মাৰি কৈ গল, তোক বচাবলৈ বাস্তৱো নাহে এতিয়া৷ চাল্লা সি পঠিওৱা ত্রিছখন চিঠি মই পিি পুৰি পেলালো আৰু তই তালৈ পঠিওৱা চিঠিও এখনো মই নপঠিয়ালোঁ৷ চব পিি পিি পুৰি পেলালোঁ৷ বৰ বেছি তেল ফাটিছিল তহঁতৰ৷ মজা পালি বাপ্পেকে৷ মুখত বেয়া বেয়া শব্দ দুটামান মাতি আৰু ঢেৰ কথা কৈ গৈছিল যদিও তাইৰ কাণত বাকী একো নোসোমাল৷ তাইৰ মনৰ অৱস্থা কেনেকুৱা হব পাৰে, সেই সময়ত, সেয়া ভাষাৰে বর্ণাব নোৱাৰি৷ তাই কোনোমতে উঠি বাথৰুমলৈ গৈ দর্জাখন বন্ধ কৰি পানীৰ টেপটো জোৰকৈ খুলি চিঞৰি চিঞৰি যিমান পাৰে কান্দিলে৷ পানীৰ লগতে চকুৰ পানীও একাকাৰ হৈ বৈ গল৷ তাই সিদিনাহে বুজি উঠিল বাস্তৱে চিঠিৰ উত্তৰ নিদিয়াৰ মূল কাৰণ যে এই কালপ্রীত ৰাজীৱেই৷ নিজৰ গালতেই চৰিয়াই দিবৰ মন গল তাইৰ৷ কিয় তাই ৰাজীৱক ইমান বিশ্বাস কৰিলে তাই নিজে যদি এবাৰলৈও চিঠি পোষ্ট কৰিবলৈ গলহেঁতে! কান্দি কান্দি ভগৱানক কলে, হে ঈশ্বৰ মোক কিয় ইমান দুখ দিছা কথাবিলাক নজনাকৈ ৰহস্য হৈ থকা হলেই কিজানি ভাল আছিল৷ আগৰ জীৱনত ইমান পাপ কৰিছিলোঁনে যে এতিয়া জীয়াতু ভুগিব লগা হৈছে বাস্তৱে জানো কাহানিবা মোক মাফ কৰি দিব মই কি ভাবি আছিলোঁ আৰু এয়া কি হৈ গল চবৰে মূলতে যতকূটৰ ঘাই হল এই ৰাজীৱটোৱেই৷ চিঃচিঃ ৰাজীৱ মোৰ চকুত তই দিনে দিনে তললৈ নামি গৈ আছ৷ মোৰ সৰল মনটোৰ লগত তই হেতালি খেলিবলৈ ললি৷ শৰীৰৰ খলা–বমাবোৰ স্পর্শ কৰাৰ সময়ত যদি অন্তৰৰ খলা–বমাবোৰো চুই চালিহেঁতেন৷ দেহটোৰ লগত দিনে–ৰাতিয়ে খেলিলি একমাত্র তোৰ নির্লজ্জ কামনা চৰিতার্থ কৰিবৰ কাৰণে৷ অক থুই তোলৈ আজি মোৰ বৰ ঘিণ লাগিছে৷ হে ভগৱান এই পৃথিৱীত মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই৷ মোৰ ছোৱালীজনীক তোমাৰ হাতত গতালো৷ এইবুলি বাথৰুমত থকা ফেনাইলৰ বটলটো গট্গট্কৈ খাই আধাখিনি শেষ কৰি পেলালে৷ ইফালে ৰাগিণীয়ে মা মা কৈ বাথৰুমৰ দুৱাৰত ঢকিয়াই ঢকিয়াই কন্দাত শাহুৱেকেও আহি চিঞৰ–বাখৰ কৰিলে৷ তেওঁলোকৰ হুলস্থূল শুনি ওচৰ–চুবুৰীয়া আহি দুৱাৰ ভাঙি তাইক মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় আৰু তাইৰ ঘৰত খবৰ দিয়ে৷ পুলিচ কেচ হব বুলি ভয় খাই ৰাজীৱ আৰু শাহুৱেকো দৌৰা–ঢপৰাকৈ হাস্পতাল পায়গৈ৷
দুদিন হাস্পতালত থকাৰ পিছত মাক–বাপেকে তাইক ঘৰলৈ লৈ আনিলে৷ তেওঁলোকে কুতুৰি কুতুৰি সুধি থকাৰ পিছত অলপ অলপকৈ ৰাজীৱে দিয়া শাস্তিৰ কথা তাই সকলোখিনি ভাঙি কলে৷ সেই সময়ত ৰাগিণীৰ বয়সেও এটা বুজন বয়সত ভৰি থৈছিল৷ দ্বিতীয় শ্রেণীত পিিছিল তাই৷ ঘৰখনত চলি থকা অত্যাচাৰত ৰাগিণী ভয়তে কোঙা হৈ পৰিছিল৷ সুক্লত লগৰীয়াৰ লগত তাই মিক্স আপ নকৰা হল, অনবৰতে ভয় আৰু চিন্তাৰ এক ধূসৰ আৱৰণে ঢাকি ৰাখে, কোনো আগজাননী নিদিয়াকৈ অহা অত্যাচাৰবোৰৰ কথাকে মনত পাগুলিয়াই পাগুলিয়াই একপ্রকাৰ তাই মানসিক ৰোগীৰ পথলৈ যাত্রা কৰিছিল৷ এইকেইদিন তাই আইতাক–ককাকৰ মৰমৰ মাজত থাকি কিছু নিৰাপদ অনুভৱ কৰিলে৷ মনটোও যথেষ্ট মুকলি হৈছে তাইৰ৷ সেই সময়ত ৰাগিণীৰ সুক্লৰ গৰমৰ বন্ধ চলি আছিল৷ প্রথমে দুই–এদিন ৰাজীৱ আহিছিল সিহঁতক নিবলৈ বুলি৷ কিন্তু অনুশ্রীৰ মাক–দেউতাকে মনতে পাঙি ৰখা পৰিকল্পনাটো জেজাৱায়েকৰ আগত ব্যক্ত নকৰি স্পষ্টকৈ জনাই দিলে যে গৰম বন্ধ খুলিলেহে সিহঁতক পঠিয়াব৷ অনুশ্রী আৰু ৰাগিণী বাহিৰত থকাটোও তাৰ সহ্য নহয় অথচ ঘৰত থাকিলেও মানসিক আৰু দৈহিক অত্যাচাৰৰ বলি সজায়৷ এইটো আকৌ কেনে ধৰণৰ কথা৷ মুঠতে সি ভাবে যে সেয়া তাৰ নিজৰ সম্পত্তি, গতিকে তাৰ ইচ্ছামতেই সকলো সি কৰিব পাৰিব৷ অনুশ্রী লাহে লাহে সুস্থ হৈ উঠাৰ পিছত মাক–দেউতাকে তাইৰ লগত আলোচনা কৰি সিহঁতক আকৌ ঘূৰাই নপঠিওৱাৰ সিদ্ধান্ত ললে৷ কোন মাক–বাপেকে নিজৰ একমাত্র ছোৱালী আৰু নাতিনীক একুৰা জুইৰ মাজলৈ ঠেলি পঠিয়াব পাৰিব বাৰু!! এইদৰে সময়বোৰ কিছু পিছুৱাই ৰাখি এটা সময়ত আইনৰ সহায় লৈ ডিভর্চ ফাইল কৰিলে আৰু তাৰ বিৰুদ্ধে মাক–দেউতাকে পুলিচতো গোচৰ তৰিলে, যাতে ৰাস্তাই–ঘাটে নিজৰ ছোৱালী বা নাতিনীজনীৰ কোনো অনিষ্ট কৰিব নোৱাে!
******
তাৰ পাছৰ সময়খিনি বৰ খৰতকীয়াকৈ পাখিলগা কাঁডৰ দৰে আগবািি গল যদিওবা এই সময়খিনি তাইৰ বাবে বৰ মসৃণো নাছিল৷ ৰাগিণীক এখন ভাল উন্নতমানৰ আগশাৰীৰ সুক্লত নাম লগাই দি তাইৰ সম্পূর্ণ পপা–শুনাৰ দায়িত্ব অনুশ্রীৰ মাক–দেউতাকেই বহন কৰিলে আৰু অনুশ্রীকো আধৰুৱাকৈ ৰৈ যোৱা পপাখিনি সম্পূর্ণ কৰিবলৈ পৰামর্শ দিলে৷ সেইমতেই তাই গ্রেজুৱেচনটো কমপ্লিট কৰি এখন প্রাইভেট ফার্মত যোগদান কৰিলে আৰু এক ব্যস্ততাপূর্ণ জীৱনৰ শুভাৰম্ভ ঘটিল, যত মনৰ ভিতৰত ৰুকি ৰুকি সোমাই থকা কলীয়া ডাৱৰছাটি বগলী উৰাদি আকাশলৈ উৰা মাৰি এক সুস্থ বাতাৱৰণৰ সৃষ্টি হল৷ লাহে লাহে তাই মুকলি মনেৰে উশাহ–নিশাহবোৰ লব পৰা হল আৰু ৰাগিণীয়েও এই সুস্থ পৰিৱেশত ডাঙৰ–দীঘল হৈ নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিলে৷ পিছত অনুশ্রীয়ে আৰ–তাৰ মুখৰ পৰা গম পালে যে মাজে মাজে ড্রাগ্ ৰিহেব চেণ্টাৰত ৰাজীৱ থাকি আহে যদিও তাৰ কোনো শুধৰণি নহল৷ ঘৰলৈ আহি আৰু এটা ডাঙৰ কথা মাক–দেউতাকৰ পৰা শুনিবলৈ পালে বাস্তৱ এটা ডাঙৰ মাচ্ঢিনেচনেল কোম্পানীৰ মেনেজাৰ পদত আছে আৰু অনুশ্রীৰ কাৰণে বহু বছৰ অপেক্ষাৰ অন্তত পেছাত এগৰাকী ডাক্তৰনীক বিয়া কৰাই এতিয়া সুদূৰ মুম্বাইত থিতাপি ললে৷ তাই ভগৱানক সদায় প্রার্থনা কৰি আহিছে, যাতে বাস্তৱৰ ভৱিষ্যৎ জীৱন সুন্দৰ হয়৷ তাইৰ কাৰণে যাতে তাৰ বৈবাহিক জীৱনত কোনো বেমেজালি নঘটে, সেইটোত সদায় সতর্ক হৈ আহিছে৷ বাস্তৱৰ লগত কটোৱা সেই মধুৰ স্মৃতি আৰু এমুঠি প্রেমৰ মাজতেই তাই জোনাকবোৰ ধৰি ৰখাৰ চেষ্টা কৰি আহিছে৷ সময়বোৰ অতি ক্ষিপ্রতাৰে বাগৰি গৈ সকলো এতিয়া এখন জীয়া অতীতৰ ধূসৰ ছবিৰ ৰূপৰে প্রতিফলিত হৈ উঠিল৷
Comments are closed, but trackbacks and pingbacks are open.