ভবেন বৰুৱা
ইংৰাজীৰ Season শব্দটোৰ অসমীয়া সমার্থক শব্দ হৈছে ঋতু ৷ এই Season বা ঋতুৱে বতৰ, জলবায়ু আদিৰ চৰিত্র তথা ৰূপক লৈ বছৰৰ ভিন ভিন সময়ক বুজায় ৷ প্রতিটো Season বা ঋতুৰেই নিজস্ব বৈশিষ্ট্য আছে আৰু নিজস্ব এই বৈশিষ্ট্য বা চৰিত্রৰেই ই বছৰটোৰ একেখিনি সময়তে আৱর্তিত হয় অর্থাৎ প্রতিটো ঋতুৰেই এক নির্দিষ্ট সময় চক্র আছে ৷ পৃথিৱীয়ে নিজৰ কক্ষপথত সূর্যৰ চাৰিওফালে আৱর্তিত হোৱাৰ সময়ত সূর্যৰ ৰশ্মিয়ে পেলোৱা প্রভাৱৰ বাবেই বতৰ আৰু জলবায়ুৰ তাৰতম্য ঘটে আৰু আমি ভিন ভিন ঋতুবোৰ পাওঁ ৷
ভাৰতীয় কেলেণ্ডাৰত এটা বর্ষত ছয়টা ঋতু থাকে ৷ এই ছয়টা ঋতু হল ক্রমে বসন্ত, গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত আৰু শীত৷ অর্থাৎ বাৰটা মাহৰ প্রতি দুটা মাহে একোটাকৈ ঋতুক সামৰি লয় ৷ প্রতিটো ঋতুৱেই নিজস্ব ৰূপ–গুণেৰে সমৃদ্ধ ৷ আটাইকেইটা ঋতুৰ ভিতৰত ঋতুৰ ৰজা বুলি কোৱা হয় বসন্তক ৷ ফাগুন–চতৰ ধূলিয়ৰি বতৰে লঠঙা কৰা উদং পথাৰ, গছ–গছনি, বাট–পথবোৰ বসন্তৰ আগমনতেই যেন ন–ৰূপ লবলৈ আৰম্ভ কৰে ৷ ঋতুৰাজৰ আগমনৰ বাবেই যেন প্রকৃতিয়ে সাজি–কাচি নিজকে সজাই–পৰাই তোলে ৷ ভাৰতীয় কেলেণ্ডাৰত বছৰৰ ছয়টা ঋতু থকাৰ বিপৰীতে বিশ্বৰ অন্যান্য প্রান্তত চাৰিটা ঋতুহে আছে ৷ বসন্ত, গ্রীষ্ম, শীত আৰু হেমন্ত ৷ বতৰ বিজ্ঞানীসকলেও বতৰ আৰু পৰিৱেশৰ চৰিত্র অনুসৰি মার্চৰ ১ তাৰিখৰ পৰা বসন্ত, জুনৰ ১ তাৰিখৰ পৰা গ্রীষ্ম, ছেপ্ঢেম্বৰৰ ১ তাৰিখৰ পৰা হেমন্ত আৰু ডিচেম্বৰৰ ১ তাৰিখৰ পৰা শীত আৰম্ভ হয় বুলি ধৰে ৷
গ্রীষ্মৰ কালছোৱাত দিনবোৰ বছৰৰ আন ঋতুবোৰৰ তুলনাত বেছি দীঘলীয়া হয় আৰু জলবায়ুতো তাপমান বৃদ্ধি পায় ৷ ইয়াৰ বিপৰীতে নিশাবোৰ চুটি হয় ৷ বসন্ত ঋতুৰ পিছতে আগমন ঘটাৰ বাবেই গ্রীষ্মৰ ৰূপ ৰঙে–ফুলে জাতিষ্কাৰ হৈ আহে ৷ গ্রীষ্মকালৰ আগে আগে পৃথিৱীখন ক্রমাৎ সূর্যৰ কাষ চাপি অহাৰ বাবে বসন্তত কুমলীয়া পাত ওলাব ধৰা গা–গছবোৰ ক্রমাৎ পূৰঠ ৰূপ ধৰিবলৈ আৰম্ভ কৰে৷ নতুন সাজ পিন্ধি প্রকৃতিয়ে চাৰিওফালৰ পৰিৱেশ ৰঙীন আৰু বর্ণময় কৰি তোলে ৷ গছত লমালমে লাগিব ধৰে আম, কঁঠাল, মধুৰিআম, জামুকে ধৰি বতৰৰ ফলমূলবোৰ ৷ গোলাপ, তগৰ, নার্জী, লিলি, জাৰবেৰিয়া, এছিয়াটিক লিলি, পঢ়ি, এনথুৰিয়াম, বিভিন্ন প্রজাতিৰ অর্কিড আদি বহুৰঙী ফুলবোৰ ফুলি ঘৰৰ বাগিচা, হাবি–পাহাৰ আদি ৰঙীন কৰি তোলে ৷ বাৰীয়ে–পথাৰে সেউজীয়া শাক–পাচলি উভৈনদী হৈ পৰে ৷
এই গ্রীষ্ম কালছোৱাত গছ–গছনিৰ লগতে বহু জীৱ–জন্তুৰ প্রজননৰো সময় ৷ শীত নিদ্রাত থকা বহু জীৱৰ বাবে গ্রীষ্মৰ সময়ছোৱা দেহত শক্তি আৰু খাদ্য সঞ্চয় কৰি লোৱাৰ সময় ৷ এই সময়ছোৱাত বনৰীয়া জীৱ–জন্তুবোৰে খোৱাৰ বাবে খাদ্যৰ অভাৱত পৰিবলগীয়া নহয় ৷ জন্তুবোৰৰ দৰেই গ্রীষ্ম কালছোৱা চৰাই–চিৰিকটিবোৰৰ বাবেও প্রজননৰ সময় ৷ সিহঁতে বাহ সাজিবলৈ আৰম্ভ কৰে আৰু কণী পাৰি পোৱালি জগায়৷ কাৰণ পোৱালিবোৰক খুৱাবলৈ এই সময়ত ফল–মূল বা পোক–পতংগৰ অভাৱ নহয়৷ গ্রীষ্ম কালছোৱা শেষ হওঁমানে পোৱালিবোৰৰ নিজৰ পাখি গজি উৰিব পৰা হয়গৈ ৷
গ্রীষ্মৰ সময়ছোৱা বাৰিষাৰো বতৰ ৷ বিজুলী–ঢেৰেকনিৰে নামি অহা বৰষুণজাকে যিদৰে ফাগুন–চতত শুকাই থকা গছ–গছনি, বাট–পথ, পথাৰ আদি জীপাল কৰি তোলে, সেইদৰে বানপানী আদিৰ সৃষ্টি কৰি হাহাকাৰৰ সৃষ্টিও কৰে৷ অৱশ্যে বানপানীৰ এই সমস্যা বহু সময়ত মানুহে সৃষ্টি কৰা কাৰণৰ বাবেই হয় ৷ কিন্তু গ্রীষ্মকালৰ এই বর্ষণমুখৰ বতৰেই ধৰাক সেউজীয়া কৰি তোলে, শস্য–শ্যামলা কৰি জীৱজগতক জীয়াই থকাৰ বাবে সহায় কৰে ৷
গ্রীষ্ম কালতেই জুন মাহত বছৰৰ আটাইতকৈ দীঘলীয়া দিনটো থাকে ৷ উত্তৰ গোলার্ধত গ্রীষ্মৰ কালছোৱা জুন মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ হৈ ৩১ আগষ্টত অন্ত পৰে ৷ জুলাই মাহত সূর্যৰ আটাইতকৈ কাষ চপাৰ বাবে এই মাহটোৱেই বছৰৰ আটাইতকৈ তপত মাহ হিচাপে পৰিগণিত হয় ৷ আনহাতে দক্ষিণ গোলার্ধত গ্রীষ্ম কালছোৱা আৰম্ভ হয় ডিচেম্বৰৰ ১ তাৰিখৰ পৰাহে আৰু অন্ত পৰে ২৮ ফেব্রুৱাৰীত লিপ্ ইয়েৰত ২৯ ফেব্রুৱাৰীত ৷ সেয়ে দক্ষিণ গোলার্ধত থকা অষ্ট্রেলিয়া, নিউজিলেণ্ড, চিলি আদি দেশসমূহত শীত ঋতু জুনৰ পৰা আগষ্ট মাহলৈকে পৰে ৷
গ্রীষ্ম কালছোৱাত প্রায়বোৰ দেশতেই গৰমৰ বাবে স্কুল–কলেজবোৰ বন্ধ দিয়া হয় ৷ গতিকে বহুতৰ বাবে এই সময়ছোৱা ভ্রমণ আদিৰে আনন্দ উপভোগ কৰাৰ সময় ৷ চীন, আমেৰিকা, ছুইডেন আদি বিভিন্ন দেশত বিভিন্ন উৎসৱ, প্রতিযোগিতা আদিৰ আয়োজন কৰা হয় ৷ গৰমৰ পৰা পৰিত্রাণ পোৱাৰ বাবে বহুতে ঠাণ্ডা ঠাইলৈ সপৰিয়ালে ফুৰিবলৈ যায় ৷ এই সময়ছোৱাতে পর্যটন উদ্যোগে বহু দেশত ঠন ধৰি উঠে ৷ আমাৰ দেশতো গৰমৰ দিনবোৰত শ্বিলং, কাশ্মীৰ, টাৱাং, ছিমলা, লাডাখ আদি প্রতিবছৰে হাজাৰ হাজাৰ পর্যটকে ভ্রমণ কৰে ৷
অৱশ্যে গ্রীষ্ম বা জহকালিত বিভিন্ন ৰোগ–ব্যাধিৰ প্রকোপো বৃদ্ধি পায় ৷ বহু সময়ত এই সময়ছোৱাত সূর্যটো কাষ চাপি অহাৰ বাবে বায়ুমণ্ডলত উষ্ণতা বৃদ্ধি পায় আৰু তাৰ ফলত কেতিয়াবা Heat stroke ৰ সন্মুখীন হৈ প্রাণ হেৰুৱাবলগীয়া ঘটনাও ঘটে ৷ ডিহাইড্রেছন্ হব পাৰে ৷ সেয়ে গ্রীষ্ম কালছোৱাত নিজৰ স্বাস্থ্যৰ প্রতিও সচেতন হৈ থকা উচিত ৷ লগতে পাতল ৰঙৰ কাপোৰ, পাৰিলে কপাহী কাপোৰ আদি পৰিধান কৰাটো আৰামদায়ক হয় ৷ পানী যথেষ্ট পৰিমাণে খাব লাগে ৷ চাহ–কফী আদি পানীয় পৰাপক্ষত পৰিহাৰ কৰক ৷
গ্রীষ্ম কালছোৱা জীৱজগত আৰু প্রকৃতিৰ বাবে এক অতি গুৰুত্বপূর্ণ সময় ৷ এই সময়খিনিয়েই হৈছে পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ, আনন্দ কৰাৰ আৰু প্রকৃতিৰ সৈতে নিবিড় সম্পর্ক গঢ়ি তোলাৰ উপযুক্ত সময় ৷ সেয়ে সাৱধানে থাকক আৰু গ্রীষ্মৰ আনন্দখিনি উপভোগ কৰক ৷
Comments are closed, but trackbacks and pingbacks are open.