মৃগেন শর্মা
তাহানিৰ পৰা অসমত মুগাৰ কাপোৰ প্রাণোচ্ছল ৰূপত চলি আহিছে ৷ এই শিল্পজাত মুগাৰ সাজ–পোছাক অসমীয়া সংসৃক্তিৰ এক অন্যতম সম্পদ ৷ অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুত বিহুৱতী নাচনীয়ে মুগাৰ সাজ পৰিধান কৰাৰ লগতে বিহুৱা ডেকাহ মুগা কাপোৰৰ চোলা পৰিধান কৰে ৷ আগতে উৎসৱ–পার্বণ বা কৰবালৈ গলে জীয়াৰী–বোৱাৰীয়ে মুগাৰ সাজ পৰিধান কৰাটো অসমীয়া সমাজৰ এক চিৰপৰিচিত ছবি আছিল ৷ মুগাৰ প্রতি অসমীয়াৰ বৰ আদৰ ৷ সেহবাবে বিহুগীততো আছে
অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নেপাতি কেনেকৈ থাকোঁ
আগতে মুগাৰ সাজ এযোৰ পৰিধান কৰাটোত অসমীয়া জীয়াৰী–বোৱাৰীয়ে বৰ গুৰুত্ব দিছিল ৷ কৰবালৈ ওলাই গলে মুগাৰ মেখেলা–চাদৰ পৰিধান কৰাটোত সন্মান নিহিত হৈ থকা বুলি ভাবিছিল ৷ এই মুগাৰ কাপোৰসাজ অসমীয়াই ঘৰতে মুগা পলু পুহি তাৰ পৰা প্রস্তুত হোৱা সূতা কাটি উলিয়াই তাঁতশালত বৈ তৈয়াৰ কৰিছিল ৷ সেহবাবে মুগা পলু পোহাৰ ক্ষেত্রখনৰ বিষয়ে আভাষ এটা দিয়া উচিত হব ।
মুগাৰ কাপোৰ তৈয়াৰৰ সূতা আহৰণ কৰা মুগা পলুঃ
অসমৰ বাতাৱৰণ মুগা পালনৰ বাবে অনুকূল ৷ মুগা পলুৱে বৰ বেছি ঠাণ্ডা আৰু বৰ বেছি গৰম সহ্য কৰিব নোৱাৰা আলসুৱা ৷ তদুপৰি যিকোনো প্রদূষণেও মুগা পলুৰ জীৱন চক্রত প্রভাৱ পেলাব পাৰে ৷ উল্লেখ্য যে চিকমিকীয়া সোণালী ৰঙৰ মুগা কাপোৰ বহুদিনলৈ ভালে থাকে ৷ অসমৰ হাবিত বনৰীয়া মুগা পোৱা যায় ৷
সাহিত্য–সংসৃক্তিৰ বিবিধ প্রসংগ গ্রন্থত আছে মুগাৰ বিষয়ে আনুষ্ঠানিকভাৱে ১৬৬২ চনত মীৰজুমলাৰ অসম আক্রমণ সংক্রান্তীয় বিৱৰণীত পোৱা যায় ৷ হংৰাজৰ শাসনকালত মুগাৰ খাদ্য বৃক্ষ চোমগছৰ ওপৰত ৰাজহ কৰ ধার্য কৰিছিল ৷ বুকনান, হেমিচ্টন, জেনকিনছ, হিউডান, ষ্টেক আদি অগ্রণী হংৰাজী প্রকৃতিবিদে মুগা শিল্পৰ আদ্যোপান্ত লিখি থৈ গৈছে ৷ প্রায় ডেৰ শতিকা পূর্বে অসমত পঞ্চাশ হাজাৰ একৰ চোমনিৰ পৰা ষাঠি হাজাৰ কিলোগ্রাম মুগা সূতা উৎপাদন কৰা হৈছিল ৷
অসমৰ নানা ঠাইত মুগা পলু পালন কৰা হয় ৷ এইক্ষেত্রত ছিপাঝাৰত মুগা পলু পালনৰ প্রেক্ষাপটৰ ওপৰত আলোচনা কৰা হল ৷ আনুমানিক ১৯৩৫ চন মানলৈকে ছিপাঝাৰত মুগা পালন কৰা হৈছিল ৷ সেই সময়ত অঞ্চলটোৰ ভালেমান লোকে খোজ কাঢ়ি গৈ খাচীয়া আৰু জয়ন্তীয়া পাহাৰৰ নামনিৰ পৰা পোণ হিচাপত মুগাৰ সঁচ লেটা কিনি ছিপাঝাৰলৈ ভাৰ বান্ধি আনি মুগা পলু প্রতিপালন কৰিছিল ৷ এনেদৰে সংগ্রহ কৰা মুগা পলুৰ লেটা ফুটি পখিলা জগাৰ পিছত থলুৱা পদ্ধতি মতে বুন্নি বুৰুলি খেৰৰ সৰু সৰুকৈ বন্ধা আঁটিত কোছা চকৰা–চকৰীবোৰ তুলি দি যোৰ বান্ধিবলৈ ঘৰৰ ভিতৰত শীতল ঠাহত ৰছী এডালত ওলমাহ ৰখা হয় ৷ প্রায় চৌবিবশ ঘণ্টাৰ পিছত সিহঁতৰ সংযোগ ক্রিয়া আৰম্ভ হয় আৰু চকৰীয়ে কণী পাৰিব আৰম্ভ কৰে ৷ কণীবোৰ ফুটি পলু জগিবলৈ প্রায় এক সপ্তাহ কালৰ প্রয়োজন হয়৷ এহ কণ কণ পলুবোৰ খৰিকাৰে সৈতে ডাঁৰত ওলমাই কোমল পাত থকা খাদ্য বৃক্ষৰ ডালত ওলমাই দিয়া হয় ৷ ইয়াকে খৰিকা লগোৱা বোলে ৷ পাত খাই পলু পূৰঠ হলে খাদ্য বৃক্ষৰ পৰা পলু তললৈকে নামিব ধৰে ৷ এই অৱস্থাত গা–গছত ধানখেৰৰ জুৰি বান্ধি তাৰ তলত জাগৰ ছাই ঘঁহি দিয়া হয় ৷ এনে কৰিলে পলুবোৰ তললৈ নামি সিঁচৰতি হব নোৱাৰে ৷ আকৌ মাটিৰ পৰা অনিষ্টকাৰী পৰুৱা বগাব নোৱাৰে ৷ জুৰিৰ পৰা পলুবোৰ সংগ্রহ কৰি পুনৰ পাত থকা নতুন গছৰ ডালত বয়সৰ ভেদ অনুসৰি চাণ্ডালীৰ সহায়ত আঁৰি দিয়া হয় ৷ পলু অৱস্থাত ইহঁতে চাৰিবাৰ মোট সলায় ৷ পিছত পকা পলু হাতেৰে চুই অথবা জুলীয়া বিষ্ঠা ত্যাগ কৰাৰ প্রতি লক্ষ্য ৰাখি জুৰিৰ সহায়েৰে পলুবোৰ সংগ্রহ কৰি জালত বাহ সাজিবলৈ দিয়া হয় ৷ পিছত জালৰ পৰা লেটাবোৰ সংগ্রহ কৰি ৫-৬ দিনমান ৰদত শুকুৱাই বিক্রীৰ বাবে অথবা সূতা কাটিবৰ বাবে প্রস্তুত কৰা হয় ৷
মুগা খোলাৰ পৰা সূতা কটাঃ মুগা সূতাৰ পৰা কপোৰ তৈয়াৰ কৰা হয় ৷ তাঁতশালত এই কাপোৰো বোৱা হয় ৷ মুগা শিল্প অসমৰ বাবে গৌৰৱ৷ গোটেই পৃথিৱীৰ ভিতৰত ভাৰতৰ উত্তৰ–পূর্বাঞ্চল বিশেষকৈ অসমত মুগা উৎপাদন হয় ৷ মুগা খোলা খাৰ পানীত সিজাই তাৰ পৰা আঁহ উলিয়াই পাক দি সূতা প্রস্তুত কৰা হয় ৷ এইদৰে সূতা কাটোতে বিশেষ সাৱধানতা অৱলম্বন নকৰিলে সূতাৰ গুণবোৰ অটুট নাথাকে ৷ খাৰ কম বা বেছি হলে, পানী হিচাপতকৈ কম বা বেছি হলে, সিজোৱা সময় কম বেছি হলে, সূতা কাটোতে প্রথমৰ পৰা শেষলৈ সমান সমান জোখ ব্যবহাৰ নকৰিলে, সমান জোখত পাক নিদিলে সূতাৰ গুণ নষ্ট হয় ৷ উপযুক্ত সময়ত, নির্দ্দিষ্ট সময়ৰ ভিতৰত সূতা কাটিলে সূতাৰ স্থায়িত্ব আৰু স্থিতিস্থাপকতা, উজ্জ্বল সোণালী ৰং, আৱশ্যক পৰিমাণৰ মিহি আদি গুণ থাকে ৷
মুগা খোলা সিজোৱাৰ বাবে প্রয়োজনীয় সামগ্রীঃ
মুগা খোলা সিজাবলৈ তলত দিয়া বস্তুবোৰ যতনাহ লব লাগে
১. মুগা খোলা–এশ গ্রাম এবাৰত লব লাগে ৷
২. খাৰ–কলাখাৰ ১০০ গ্রাম বা খেৰৰ খাৰ ৮০০ গ্রাম লব লাগে ৷
৩. পুখুৰীৰ পানী– ৮ লিটাৰ ৷
৪. এবিধ পিছলকাৰী ৰাসায়নিক দ্রব্য– ৮ মিঃলিঃ, টিপল ৷
৫. ষ্টেহনলেচ ষ্টীলৰ ঢাকোন থকা পাত্র– ২০ লিটাৰ পানী ধৰা ৷
৬. ঊষতা জোখা পাত্র– থার্মমিটাৰ এডাল ৷
৭. কাঠৰ চামুচ– ৩খন ৷
৮. ভাউৰী বা মুগা সূতা কটা মেচিন এটা ৷
খোলা সিজোৱা আৰু সূতা কটা পদ্ধতিঃ খোলা সিজোৱাৰ আগদিনাই খোলাখিনি ৰাতি উপযুক্ত পৰিমাণত খাৰপানীত টিপলসহ চচপেনত তিয়াই থব লাগে ৷ কলাখাৰ বা খেৰৰ খাৰ হলে টোপোলা বান্ধি পানীত তিয়াই থলে খাৰ পানী প্রস্তুত হয় ৷ পিছদিনা পাত্রটোৰ তলত জুই দিব লাগে ৷ কাঠৰ হেতাৰে মাজে মাজে লৰাই তল–ওপৰ কৰিব লাগে ৷ খোলা সিজোৱা হলে জুইৰ পৰা পাত্রটো নমাই এটা বহল পাত্রত খাৰ পানীসহ খোলাখিনি লব লাগে ৷ খোলাখিনি ভালদৰে সিজিলে পাতল আৱৰণখন গুচালে সূতাৰ আঁত পোৱা যায় ৷ খোলাখিনিৰ খাৰ পানীখিনিত কুহুমীয়া পানী ঢালি দিব লাগে ৷ তেতিয়া খোলাবোৰ পানীত ওপঙি উঠে ৷ এনে কৰিলে সূতা সহজে খোলাৰ পৰা ওলাই পৰে ৷ ৮-৯টা মান খোলাৰ আঁহ একেলগে হাতৰ ঠাৰিত পাক দি ভাউৰী বা অন্য মেচিনৰ সহায়ত সূতা কাটিব লাগে ৷
অসমত মুগা শিল্পৰ হতিহাসঃ অসমত কেতিয়াৰ পৰা মুগাৰ প্রচলন হল সেই বিষয়ে কোৱা কঠিন যদিও কৌটিল্যৰ অর্থশাস্ত্রত মুগাৰ উল্লেখ আছে ৷ আহোম যুগত মুগাৰ প্রচলন বাৰুকৈয়ে বাঢ়ি যায় ৷ কিয়নো মুগা সূতাৰে বোৱা কিংখাপ, চোলা আদি আহোম স্বর্গদেউসকলৰ মাজত বৰ জনপ্রিয় আছিল ৷ ১৬৬২ চনত ফৰাচী ভ্রমণকাৰী জিন যোছেফ টাভির্নিৰে সর্বপ্রথম মুগাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল ৷ ইয়াৰ পিছত মুগাৰ সর্ববৃহৎ ৰপ্তানি হয় ১৭৯৩ চনত ৷
মুগাৰ কাপোৰঃ অসমীয়াসকলে নানা মুগাৰ কাপোৰ পৰিধান কৰে ৷ তাৰ ভিতৰত মহিলাসকলে মুগাৰ চাদৰ–মেখেলা পৰিধান কৰে ৷ বিহুৱা ডেকাহ বিহু নাচত ধুতীৰ লগতে মুগাৰ কামিজ বা চোলা পৰিধান কৰে ৷ এই বস্ত্রবোৰৰ সংক্ষিপ্ত বিৱৰণ দিয়া হল
মেখেলাঃ অসমীয়া মহিলাসকলে অধোবস্ত্র হিচাপে মেখেলা পৰিধান কৰে ৷ এই মেখেলাৰ ধাৰণাটো বৈদিক যুগৰে ৷ এটা কালত অধোবস্ত্রৰূপে মেখেলা স্ত্রী–পুৰুষ নির্বিশেষে পৰিধান কৰিছিল ৷ অজন্তা–হলোৰাৰ চিত্রত বুকুত মেথনি মৰা গাভৰুৰ জীৱন্ত চিত্র আজিও বিদ্যমান ৷ অসমীয়া তিৰোতায়ো এটা কালত মেথনি মাৰিছিল ৷ কামাখ্যাৰ ভাস্ক্র্যত বুকুত মেথনি মৰা নাৰীৰ জীৱন্ত ৰূপ দেখা যায় ৷ অসমীয়া তিৰোতাহ পৰিধান কৰা বিভিন্ন মেখেলাবোৰ হল
১. কিংখাপ বা সিংখাপৰ মেখেলা ৷
২. কার্চিপৰ বনকৰা মেখেলা ৷
৩. গুণাকটা মেখেলা ৷
৪. গাঁৰি দিয়া মেখেলা৷
৫. গোমচেং মেখেলা ৷
৬. তিতাকৰীয়া মেখেলা ৷
৭. নৰা মেখেলা ৷
৮. বনকৰা মেখেলা ৷
৯. বুটাবছা মেখেলা ৷
১০. মেজাংকৰি মেখেলা ৷
১১. মুগা মেখেলা ৷
মুগা অথবা মুগাবৰণীয়া সূতাৰে বোৱা উকা বা ফুলবছা মেখেলা ৷ দৰাচলতে মুগাৰ ওপৰত ৰঙা ৰঙৰ সূতাৰে তোলা ফুলৰ চানেকিয়ে মুগাৰ মেখেলাৰ সৌন্দর্য বঢ়াই তোলে ৷ এনে চানেকিৰ ভিতৰত ফুল, পাত, লতা, মগৰ আদিয়ে প্রাধান্য পায় ৷ মেখেলাৰ তলৰ অংশত ফুল, লতাৰ চানেকিৰে সুন্দৰ কৰা হয় ৷ ইয়াৰ উপৰি মেখেলাখনৰ গোটেই গাতে ফুল, মগৰ আদিৰ চানেকি তুলি সুন্দৰ কৰি তোলা হয় ৷ উকাতকৈ ফুলবছা মুগাৰ মেখেলাৰ সৌন্দর্য অনুপম ৷
মুগাৰ চাদৰঃ মহিলাসকলে গাৰ ওপৰাংশত পৰিধান কৰে চাদৰ ৷ মুগা চাদৰ মুগা সূতাৰে বোৱা হয় ৷ এই চাদৰ ফুলবছা চানেকিযুক্ত হব পাৰে ৷ চাদৰৰ চাৰিওমূৰে লতা আৰু ফুলৰ অলংকৰণ তোলা হয় ৷ আকৌ চাদৰৰ গোটেহ অংশতে ফুল তোলা হয় ৷ এনে চানেকিবোৰত ৰঙা, সেউজীয়া বা অন্য ৰঙৰ সূতা ব্যবহাৰ কৰে ৷ চানেকি বা ফুলযুক্ত মুগাৰ চাদৰৰ সৌন্দর্য অনুপম ৷
মুগাৰ চাদৰ–মেখেলা পৰিধানত অসমীয়া জীয়াৰী–বোৱাৰীৰ সৌন্দর্য দুগুণে বঢ়ায় । ইয়াক পৰিধান কৰা বিহুৱতী নাচনীৰ বিহুনাচত অনুপম সৌন্দর্যৰ সৃষ্টি হয় ৷
মুগাৰ কামিজ বা চোলাঃ মুগাৰ সূতাৰে বৈ তৈয়াৰ কৰা কাপোৰৰ পৰা প্রস্তুত কৰা কামিজ বিহুৱা ডেকাই পৰিধান কৰে ৷ ইয়াক পৰিধান কৰি মুগাৰ মেখেলা–চাদৰ পৰিধান কৰা বিহুৱতী নাচনীৰ লগত বিহু নাচে ৷ মুগাৰ কামিজ ফুলৰ চানেকিযুক্ত৷ ফুল, লতা, মগৰ আদিৰ চানেকিযুক্ত মুগাৰ কামিজ দেখিবলৈ সুন্দৰ ৷ অসমৰ জনজীৱনত মুগা শিল্প আৰু এই শিল্পজাত কাপোৰ নানাভাৱে জড়িত হৈ আছে ৷ আচলতে মুগা শিল্প অসমৰ গৌৰৱ ৷
ফোনঃ ৯৬৭৮১-৭৯৩৪৬