সমীৰজ্যোতি মেধি
এলবার্ট আহনষ্টাইনে কৈছিল”Imagination is more important than knowledge. For knowledge is limited to all we know and understand, while imagination embraces the entire world, and all there ever will be to know and understand.” বিজ্ঞানীজনে অনুভৱ কৰিছিল, মানুহৰ কল্পনাশক্তি অবিহনে, পৃথিৱীৰ এই উন্নতি অসম্ভৱ আছিল ৷ তেওঁৰ দৃষ্টিত কল্পনাশক্তি জ্ঞানতকৈও শ্রেষ্ঠ শক্তি ৷
পৃথিৱীৰ সমস্ত জীৱকুলৰ ভিতৰত মানুহে একমাত্র জীৱ, যাৰ কল্পনা কৰাৰ ক্ষমতা আছে ৷ আদিম সেই অৱস্থাৰ পৰা মানুহৰ বিৱর্তনৰ ইতিহাস খঁুচৰিলে ই প্রমাণিত হব যে একমাত্র মানুহৰ কল্পনাশক্তি আৰু চিন্তাশক্তিৰ বলতে মানৱজাতিয়ে আজি পৃথিৱীৰ সমগ্র জীৱকুলৰ ভিতৰত নিজকে শ্রেষ্ঠ জীৱ হিচাপে প্রতিষ্ঠা কৰিবলৈ সমর্থ হৈছে ৷ একাংশ গৱেষকে মানুহৰ মনত উদ্ভাষিত কল্পনাশক্তি আৰু চিন্তাশক্তি দুটাক, এটাক আনটোৰ সমার্থক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে যদিও দুই শব্দৰ অর্থৰ গভীৰতাত সামান্য প্রভেদ আছে ৷ দৰাচলতে চিন্তাশক্তিৰ অনেক উপাদানৰ ভিতৰৰ এটা উপাদান কল্পনাশক্তি ৷ কল্পনাশক্তিতকৈ চিন্তাশক্তিৰ ব্যাপকতা বেছি ৷ কিন্তু কল্পনাশক্তি অবিহনে চিন্তাশক্তিৰ উন্মেষ প্রায় অসম্ভৱ ৷ সি যি কি নহওক, মানৱজাতিৰ বর্তমানৰ উত্থান তথা সমগ্র জীৱকুলৰ ওপৰত মানুহৰ নিয়ন্ত্রণ আৰু প্রভুত্ব একমাত্র সম্ভৱ হৈছে মানুহৰ অন্তহীন কল্পনাশক্তি নামৰ গুণবিধৰ বাবে ৷ চৰাইৰ দৰে আকাশত মানুহে উৰিব নোৱাৰিলেহেতেন যদিহে Wilbur and Orville Wright ৰাইট ব্রাডাৰ–এ আকাশত উৰাৰ সপোন নেদেখিলেহেঁতেন ৷ ষষ্ঠদশ শতিকাৰ অন্যতম চমৎকাৰী শিল্পকৃতি মনালিছাৰ চিত্র অংকন অসম্ভৱ হলহেঁতেন যদিহে ইটালিয়ান চিত্রশিল্পী লিনার্ড–ডা–ভিন্সিয়ে মনালিছা চিত্রৰ কাল্পনিক সজ্জাটো মনৰ মাজত আঁকিব নোৱাৰিলেহেঁতেন ৷ ৰহস্যময় হাঁহিৰে মনালিছা ছবিখনৰ অন্তর্নিহিত কাব্যিক সৌন্দর্যই বিশ্বৰ শিল্পৰসিকসকলৰ মাজত আজিও চর্চিত আৰু সমাদৃত হৈ নাথাকিলহেঁতেন যদিহে ভিন্সিৰ তুলিকাত কল্পনাই বাই নাপাতিলেহেঁতেন ৷ এনে বহু উদাহৰণ পাম, যত মানুহৰ বিস্ময়কৰ কল্পনাশক্তিয়ে নতুন কিবা এটা আৱিষ্কাৰ কৰাত বা সৃষ্টি কৰাত মহত্ত্বপূর্ণ ভূমিকা পালন কৰিছিল ৷ এই মুহূর্তত মোৰ মনত পৰিছে বিশ্ববিখ্যাত তাত্ত্বিক পদার্থ বিজ্ঞানী তথা গণিতজ্ঞ ষ্টিফেন হকিঙৰ কথা ৷ নিজৰ অন্তহীন কল্পনাশক্তিৰ বলতে এহজনা মহান বিজ্ঞানীয়ে পৃথিৱীক উপহাৰ দি গৈছে বিজ্ঞানৰ ন–ন তত্ত্ব, যাৰ বলত আজি এই ৰহস্যময় বিশ্বব্রহ্মাণ্ডৰ জন্মৰ ৰহস্যৰ বিষয়ে জনাত মানৱজাতি এখোজ আগবাঢ়িবলৈ সমর্থ হৈছে৷ হয়তো সেই দিন দূৰত নহয়, যিদিনা আমি আমাৰ সৃষ্টিৰ ৰহস্য ব্যাখ্যা কৰিবলৈ সমর্থ হম ৷ এই সকলোবিলাক সম্ভৱ হৈ উঠিছে, মানুহৰ প্রবল কৌতূহলী কল্পনাশক্তিৰ ফলত ৷ পৃথিৱীৰ বিস্ময়কৰ আৰু অসম্ভৱ কার্যও আজি সম্ভৱ হৈ উঠিছে একমাত্র কল্পনাশক্তিৰ প্রয়োগৰ মাধ্যমেৰে ৷ সেয়ে মানুহৰ কল্পনাশক্তি আৰু চিন্তাশক্তিৰ কীর্তিক সমাজত সর্বশ্রেষ্ঠ কীর্তি হিচাপে সমাদৃত হয় ৷
কল্পনাশক্তিৰ বিষয়টো বিজ্ঞানসন্মতভাৱেও বিশ্লেষণ কৰিব পৰা যায় ৷ আমাৰ মগজুত নিউৰন নামৰ কিছুমান স্নায়ুকোষ আছে ৷ মানুহৰ মগজুত প্রায় এশ কোটি এনে স্নায়ুকোষ থাকে ৷ নিউৰনৰ স্নায়ুকোষবোৰে নানা শাখা–প্রশাখা মেলি জাল একোখনৰ সৃষ্টি কৰে ৷ এই জালৰ শাখা–প্রশাখা যিমানেই প্রসাৰিত হব, সিমানেই মানুহৰ স্মৃতি ধৰি ৰখা অথবা মগজুৱে কার্য কৰাৰ ক্ষমতা বৃদ্ধি পায় ৷ সমান্তৰালভাৱে কল্পনা কৰাৰ ক্ষমতাও বৃদ্ধি পায় ৷ কথাবোৰ সঞ্চিত কৰি বা ধৰি ৰাখিব নোৱাৰিলে, কল্পনা কৰাৰ শক্তিও লোপ পায় ৷ সেয়ে বৃদ্ধ কালত মগজু আৰু স্নায়ু বহু পৰিমাণে দুর্বল হোৱাৰ পৰিপ্রেক্ষিতত কল্পনাশক্তি হ্রাস পায় ৷
এটা কথা ঠিক যে মানুহে যিমান বেছি চিন্তা–ভাবনা কৰিব সিমানে বেছি মস্তিষ্ক্ৰ অনুশীলন হব ৷ আনহাতে ভাৱনাৰ জৰিয়তে মানুহে মনৰ মাজতে কোনো এটা বিষয়ৰ কাল্পনিক বা ভিজুৱেল ৰূপটো অংকন কৰিব পাৰে ৷ এই কাল্পনিক ৰূপটোৱে বাস্তৱ ৰূপলৈ পৰিৱর্তিত হলেই এটা নতুন বিষয় বা বস্তুৰ জন্ম হব পাৰে ৷ এই নতুন বিষয়টো হয়তো এটা নতুন আৱিষ্কাৰ, নতুন সৃষ্টি অথবা পুৰণা আৱিষ্কাৰ বা সৃষ্টিৰ উন্নত ৰূপ হব পাৰে ৷ আনহাতে, নতুন কিবা এটা সৃষ্টি কৰিব পৰা গুণ বা ক্ষমতা, নির্মাণ বা উদ্ভাৱন কৰিব পৰা, প্রচলিতখিনিৰ মাজলৈ ই নতুন কিবা এটা কঢ়িয়াই অনা কার্যহ সৃজনধর্মী কর্ম ৷ অর্থাৎ কল্পনাশক্তিক সৃজনশীলতাৰ বুনিয়াদ বুলি কলে ভুল কোৱা নহব ৷
সেয়ে প্রসিদ্ধ বিজ্ঞানী এলবার্ট আহনষ্টাইনে জ্ঞানতকৈ কল্পনাশক্তিৰ প্রয়োজনীয়তা অধিক বুলি অভিহিত কৰিছিল ৷ মৃত্যুৰ শেষ নিশাহটো পর্যন্ত জ্ঞান বিভিন্ন মাধ্যমৰ পৰা অর্জন কৰিব পাৰি ৷ কিন্তু কল্পনাশক্তিৰ বিকাশ সময়ত হৈ নুঠিলে, হ স্থবিৰ হোৱাৰ আশংকাহ অধিক৷ শিশুৰ দেহ, মন আৰু মগজুৰ পুষ্টি প্রায় তিনি–চাৰি বছৰৰ পৰা দ্রুতগতিত আৰম্ভ হয় আৰু এই বিকাশ কলেজীয়া সময়লৈ স্বাভাৱিক গতিত চলি থাকে ৷ যদি এই সময়ছোৱাত শিশুটিক কল্পনাশক্তিৰ অভ্যাসৰ পর্যাপ্ত সুবিধা প্রদান কৰা নহয়, তেনে ক্ষেত্রত সেই শিশুগৰাকীৰ কল্পনাশক্তিৰ বিকাশ বাধাগ্রস্ত হয় ৷
শিশুৰ কল্পনাশক্তিৰ আধৰুৱা বিকাশ বা কোনো কোনো ক্ষেত্রত দেখা দিয়া স্থবিৰতাৰ কাৰণ সন্ধান কৰিলে প্রতীয়মান হয় যে আমাৰ আসোঁৱাহপূর্ণ শিক্ষা ব্যৱস্থাও এইক্ষেত্রত কিছু পৰিমাণে জগৰীয়া ৷ আমাৰ শিক্ষা ব্যৱস্থাত, অধিকাংশ শিক্ষাগুৰুৱে ছাত্র–ছাত্রীক চিন্তা কৰাৰ সুবিধা প্রদান কৰাৰ পৰিৱর্তে সৰল আৰু সহজ সমাধান সূত্র আগবেোৱাত অধিক আগ্রহী হয় ৷ বিশেষকৈ গণিত আৰু বিজ্ঞান শিক্ষাৰ ক্ষেত্রত শিক্ষার্থীক জীৱনমুখী শিক্ষাৰ অৱকাশ প্রদান কৰি মুক্তভাৱে নিজস্ব যুক্তি আৰু বিচাৰেৰে চিন্তা কৰাৰ পর্যাপ্ত সুবিধা প্রদান নকৰিলে, ছাত্র–ছাত্রীৰ সামগ্রিক বিকাশ আধৰুৱা হব ৷ তেনে পৰিস্থিতিত, শিক্ষার্থীয়ে মার্কশ্বীটত নম্বৰ গোটাবলৈ সক্ষম হব, কিন্তু বাস্তৱ জীৱনৰ সমস্যাসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ বা মোকাবিলা কৰিবলৈ প্রস্তুত নহব৷ এটা উদাহৰণৰ জৰিয়তে আমাৰ শিক্ষা পদ্ধিতত থকা কেৰোণ সন্দর্ভত জানিবলৈ যত্ন কৰিম ৷ যেতিয়া এগৰাকী শিশুক ‘A’ for ‘Apple’ বুলি শিকোৱা হয়, তেতিয়া শিশুৰ মন–মগজুত এটা ৰঙা আপেলৰ প্রতিচ্ছবি ভাহি উঠে ৷ কিন্তু(a + b)2 = a2 + 2ab + b2 ধাৰণাটো বা নিউটনৰ গতি সূত্রকেহটা একমাত্র মৌখিকভাৱে শিকালে, শিশুৰ মন–মগজুত কোনো প্রতিচ্ছবি ভাহি নুঠে ৷ যাৰ পৰিপ্রেক্ষিতত গণিত আৰু বিজ্ঞানৰ বিমূর্ত ধাৰণাবিলাক বোধগম্য হোৱাত অসুবিধা হয় ৷ লাহে লাহে নুবুজাখিনি বোজা হৈ পৰে ৷ আপুনি যদি নিজৰ ঘৰৰ ওচৰৰ কোনো ছাত্র বা ছাত্রীক আয়ত, বর্গ বুলিলে কি বুজা বুলি প্রশ্ন কৰে, অধিকাংশ ছাত্র–ছাত্রীয়ে শিক্ষকে বর্ডত অংকন কৰি দিয়া চিত্রকেইটাকে আঁকি দেখুৱাব ৷ নিজৰ বাস্তৱ জীৱনৰ পৰা অতি কমসংখ্যক ছাত্র–ছাত্রীয়েহে আয়ত বা বর্গ এটাৰ উদাহৰণ দিব পাৰিব ৷ এইধৰণৰ অভিসাৰী বা এক কেন্দ্রাভিমুখী শিক্ষা ব্যৱস্থাই শিশুৰ কল্পনাশক্তিৰ পুষ্টিত বাধা প্রদান কৰে৷ আমাৰ শিক্ষা পদ্ধতিত থকা এই কেৰোণ শীঘ্রে আঁতৰ কৰাৰ প্রয়োজন ৷ অন্যথা আমি এটা পংগু জাতি গঢ় দিম, যাৰ মার্কশ্বীটৰ নম্বৰ চমকপদ হব, কিন্তু মৌলিক চিন্তা শূন্য হব ৷
প্রকৃততে জন্মগতভাৱেই মানুহ কল্পনাশক্তিৰ অধিকাৰী হয় ৷ কল্পনাশক্তি মানুহৰ অন্তর্নিহিত গুণৰ মাজৰ অন্যতম এটা গুণ৷ কম–বেছি পৰিমাণে প্রতিজন মানুহে এই গুণৰ অধিকাৰী হয় ৷ কিন্তু প্রতিজনৰ ক্ষেত্রত এই গুণ সমানে বিকশিত নহয় ৷ ইয়াৰ অন্যতম প্রধান কাৰণ শিশু অৱস্থাত অনুকূল পৰিৱেশৰ অভাৱ অথবা পাৰদর্শী জ্যেষ্ঠজনৰ অনুপস্থিতি৷ এগৰাকী শিশুৰ ক্ষেত্রত নিজৰ ঘৰখন আৰু বিদ্যালয়খন হৈছে কল্পনাশক্তিৰ অভ্যাস আৰু বিকাশৰ অন্যতম গুৰুত্বপূর্ণ স্থান ৷ সেয়ে শিশুকালৰ পৰাই এই কল্পনাশক্তিক অতি যত্নৰে লালিত–পালিত কৰাৰ প্রয়োজন আছে ৷ এইক্ষেত্রত শিশুগৰাকীৰ অভিভাৱক আৰু শিক্ষাগুৰুৰ ভূমিকা তাৎপর্যপূর্ণ ৷ ৰুবিক্স কিউব, পাজল ইত্যাদি যোগান ধৰি শিশুক মানসিক কচৰৎ কৰাৰ সুবিধা দিয়া উচিত ৷ এনেধৰণৰ অনুশীলন, চর্চা আৰু প্রয়োগৰ জৰিয়তে কল্পনাশক্তিৰ ক্রমাগত উত্তৰণ সম্ভৱ হৈ উঠে ৷ কল্পনাশক্তিৰ ব্যৱহাৰ আৰু প্রয়োগ যিমানেই অধিক হব, সিমানেই এই শক্তিৰ বিকাশ প্রখৰ হব ৷
এ পি জে আব্দুল কালামে কৈছিল,‘Great dreams of great dreamers are always transcended.’ মহান সপোন দেখাসকলৰহে মহান সপোন পূর্ণ হয় ৷ আনহাতে, ভৱিষ্যতৰ সপোন সেহজনেহে দেখে, যাৰ ওচৰত কল্পনা কৰিব পৰা শক্তি আছে ৷ কল্পনা অবিহনে একো বস্তুৰে অস্তিত্বৰ কাৰণ, সৃষ্টিৰ ৰহস্য, অথবা সৌন্দর্যৰ বিমল আনন্দ অনুভৱ কৰা অসম্ভৱ ৷
ফোন ঃ ৭০০২০-২৭০১৭
Comments are closed, but trackbacks and pingbacks are open.