এজাক সপোন যেন বৰষুণ

স্মৃতিৰেখা গগৈ

বর্ষণমুখৰ আবেলিটোত

চাহৰ পিয়লাত চুমুক দি

সুঁৱৰিছোঁ

স্মৃতিৰ আলিকেঁকুৰিত

ঠেহ লাগি পৰি ৰোৱা

কিছু মিঠা অনুভূতি ৷

শীতল এছাটি বতাহ আৰু তাৰ সতে এজাক কিনকিনীয়া বৰষুণৰ  টোপাল, কাণত প্রিয় গানটিৰ সতে হেডফোন আৰু ধূমায়িত একাপ চাহ আসঃ কি সুন্দৰ এক সংমিশ্রণ ৷ সজীৱ হৈ পৰে দেহ–মন ৷

ফাগুনে এৰি থৈ যোৱা ধূলিবোৰ বৰষুণৰ টোপালে ধুই মচি প্রকৃতিক এক নতুন ৰূপ দিয়ে ৷  গছ–বিৰিখে পুনৰ নতুন পাতেৰে সেউজীয়া হৈ পৰে ৷  ন–কুঁহিপাতত পৰি ৰোৱা বৰষুণৰ টোপালবোৰ যেন মুকুতাহে৷ ভগৱানসৃষ্ট সকলো পশু–পক্ষী, জীৱ–জন্তু, গছ–লতিকা সকলোৰে বাবে বৰষুণৰ খুবেই প্রয়োজন, কিয়নো বৰষুণ বা পানীৰ অবিহনে আমি একো ভাবিবই নোৱাৰোঁ ৷ সেয়ে বৰষুণজাকৰ বাবে সকলোৱে অধীৰ অপেক্ষা কৰে ৷ সৰু লৰা–ছোৱালীৰ পৰা বৃদ্ধ এজনলৈকে ৷ গছ–লতিকা, জান–জুৰিলৈকে ৷ বৰষুণৰ টোপালত গছ–গছনিবোৰে সেউজীয়া ৰঙৰ পোছাক পিন্ধি ন–ৰূপত ধৰা দিয়ে ৷ প্রকৃতিয়েও সেউজীয়াৰ আঁচল টানি ন–কইনাৰ ৰূপ লয় সাজি–কাচি৷ খাল–বিল, নদ–নদী পানীৰে উপচি পৰে ৷ মাছ–কাছ উভৈনদী হয় ৷  বাট–পথ বোকাৰে ভৰি পৰে ৷ ভেঁকুলীৰ টোৰটোৰণি শুনা যায় ৷ এই সময় কৃষকৰ খেতি কৰা সময়৷ শাওণ আৰু ভাদ মাহ ঋতু বিদ্যমান ৷

সমগ্র অসমতে গড়ে প্রতিবছৰে ১৫০০-২০০০ মিলিমিটাৰ বৰষুণ হয় ৷ এই বৰষুণৰ সতেই অসমৰ জনজীৱনৰ এক ওতপ্রোত সম্পর্ক, কাৰণ অসমীয়া মানুহ সাধাৰণতে কৃষিকর্মৰ লগত জড়িত ৷ আৰু সেয়ে তেওঁলোক বহু পৰিমাণে বৰষুণৰ ওপৰত নির্ভৰশীল ৷ কৃষকে পথাৰত মাটি চহাই বৰষুণৰ অপেক্ষাত ৰয় ৷ বৰষুণৰ টোপালত ভৰুণ হয় সোণগুটি৷ শাওণ মাহ পর্যন্ত পথাৰতেই ব্যস্ত থাকে কৃষক ৷ কিয়নো কৃষকৰ আয়ৰ সমলেই হল কৃষি ৷ পিছে সময়ৰ সোঁতত গাঁৱৰ পৰিৱেশৰো এতিয়া আমূল পৰিৱর্তন হৈছে ৷ তাৰ মাজতো এটা কথা যে যদি আমি প্রকৃতিক অনুভৱ কৰিব বিচাৰো তেন্তে গ্রামাঞ্চললৈ যাবহ লাগিব ৷

বৰষুণৰ টোপালত বাৰিষাহ সিঁচি যায় প্রকৃতিত ৰহণ৷ প্রথমজাক বৰষুণৰ টোপাল মাটিত পৰি শুকান মাটি আৰু পানীৰ সংমিশ্রণত এক অনন্য  গোন্ধ আমাৰ নাকত লাগে৷ উজাহ লওঁ সেই গোন্ধ নাকেৰে ৷ টিঙৰ চালত বৰষুণৰ পানী পৰি হোৱা টোপ টোপ শব্দৰ খেল, বৰষুণৰ পিছত চাৰিও দিশে সেউজীয়া–সজীৱতা ৷ ধৰাই যেন ন–সাজ পিন্ধি পুনর্জনমহে লাভ কৰে ৷

বৰষুণ বুলি কলেই সাধাৰণতে লৰালিৰ কথাবোৰেহ মনত অগা–দেৱা কৰে ৷ কাগজৰ নাও সাজি বৰষুণৰ পানীত এৰি দি এক বুজাব নোৱাৰা আনন্দ লাভ কৰিছিলোঁ ৷ টিনৰ চালিৰ নাওৰাইদি অহা বৰষুণৰ  পানীত গা ধোৱা, বৰষুণত তিতি বুৰি ফুলনিত ফুল গছ লগোৱা৷ বৰষুণৰ জমা পানীবোৰৰ ওপৰেদি খোজ কা, জঁপিওৱা৷ বিদ্যালয়ৰ খেলপথাৰৰ মাজেৰে জমা পানীখিনিত খেলি খেলি খোজ দি যাওঁতে দেৰি হৈ প্রার্থনাৰ  সময়ত গেটৰ বাহিৰত ৰৈ থকা ৷ দুই তিনি দিনলৈকে নেৰানেপেৰাকৈ বৰষুণ দিলে ঘৰৰ কাষতেই থকা বৰপানী নৈৰ জলস্তৰ  চাবলৈ যোৱা, বাঁহৰ টুকুৰা এডাল মাটিত গুঁজি থৈ অহা আৰু কিছু দেৰিৰ মূৰে মূৰে সেয়া চাবলৈ যোৱা, পানী কমিল নে বািিল গোজ মাৰি থোৱা বাঁহ টুকুৰাৰে পানী আগুৱাই আহিলেই চিন্তা বানপানী আহিব নেকি ঘৰৰ সামগ্রীবোৰ ওপৰত উঠাও নেকি ডেমৰ শ্লুইচ গেট খুলিলেই নেকি যদি খুলিছে কেইখন গেট !

বৰষুণে আনন্দ দিয়াৰ লগতে অতিপাত বৃষ্টিপাতে অনাগত দিন ৰাতি ভয়–শংকা আৰু অনিষ্চয়তাৰ সৃষ্টি কৰিছিল ৷

ফোনঃ ৭০৮৬০-৫৬৪০০

You might also like
Leave A Reply

Your email address will not be published.