ডাঃ কৰুণা হাজৰিকা
আশা আৰু নিৰাশাৰ মাজতে আমাৰ জীৱন ৷ আশা হৈছে জীৱনৰ সঞ্জীৱনী পানী ৷ মানুহ আশা লৈয়েহ জীয়াই থাকে বা থাকিবলৈ চেষ্টা কৰে ৷ আশা অবিহনে জীৱন অসম্ভৱ ৷ আশাই মানুহৰ জীৱনৰ গতি আনি দিয়ে ৷ এই গতিয়েই অনাগত দিনত সকলোকে অনাবিল আনন্দ আৰু সুখৰ উৎস বিচাৰি উলিওৱাত সহায় কৰে৷ সুখৰ উৎস বুলি কওঁতে মনত পৰিল এষাৰ কথা ‘The most important value of life is the happiness of soul, not anything outside of it’ কোনে, কত কেতিয়া কৈছিল তাক আজি বর্ণনা কৰিবলৈ নাযাওঁ ৷ কিন্তু এইটো ঠিক যে ওপৰৰ বাক্যশাৰীয়ে জীৱনৰ মূল্যবোধৰ ওপৰত বহু কথা কৈ গৈছে ৷ আমাৰ অন্তৰাত্মাক সন্তুষ্ট কৰিব পৰা যিকোনো পৰিস্থিতিয়েই আমাৰ মনক যে অনাবিল আনন্দ আৰু সুখ দিব হ কিন্তু ধুৰুপ ৷ এই পৰিস্থিতিৰ উপস্থাপন আমাৰ আশা আৰু নিৰাশাৰ মাজৰ পৰাই হয় ৷ গতিকে আশাই হৈছে জীৱনক সুচাৰুৰূপে পৰিচালনা কৰিব পৰা শক্তি ৷ আশাৰ পৰাই মানুহে নিজৰ জীৱনটোক বেলেগ ধৰণেৰে চাবলৈ শিকে আৰু জীৱন ধাৰণৰ বিভিন্ন দিশ নির্ণয় কৰিবলৈ চেষ্টা কৰে বা সক্ষম হয় ৷ আশাই মানুহক সপোন দেখুৱায় আৰু সপোনেই আনি দিয়ে মানুহৰ জীৱন ধাৰণৰ বা কর্মজীৱনৰ পথ, যি প্রকৃততে প্রত্যেকৰে কৃতকার্যতাত প্রত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰে ৷
এহ আশানো কি হয়াৰ ব্যাখ্যা প্রত্যেকে বেলেগ বেলেগ ধৰণেৰে কৰিছে ৷ পৌৰাণিক দিনৰ গ্রীক উপাখ্যানৰ যীঊছ যাক গ্রীক ধর্মত আকাশ আৰু বজ্রৰ ভগৱান আৰু যাক অলিম্পাছ পর্বতৰ ৰজা বোলা হয় আৰু আমাৰ ইন্দ্র দেৱতাৰ দৰে আৰু প্রমেথিঊছ অগ্ণিৰ ৰজা আৰু তেওঁ নিজৰ বুদ্ধিমত্তা আৰু মানৱতাৰ ধবজাবাহক হিচাপে পৰিগণিতৰ কাহিনীত উল্লেখিত আখ্যানৰ পৰা জানি বপৰা মতে প্রমেথিঊছে ৰজা যিঊছৰ পৰা জুহ চুৰ কৰি আনি মানুহক দিছিল আৰু তাতে যিঊছৰ বহু খং উঠিছিল আৰু ফলস্বৰূপে তেওঁ এটা বিশেষ বাকচ তৈয়াৰ কৰি আৰু তাত অনেক ধৰণৰ দুর্যোগপূর্ণ বস্তুৰে ভৰাহ থৈছিল ৷ এইবোৰৰ ভিতৰত মানুহৰ হব পৰা নানা ধৰণৰ ৰোগ–ব্যাধি, প্লেগ, দুখ, হিংসা, বিশ্বাসহীনতা, খং, পৰিশোধপৰায়ণতা আদি যিবোৰে মানুহক বিভিন্ন প্রকাৰে প্রতিহত কৰিব পাৰে৷ আৰু তাক কোনো কাৰণতে খুলিবলৈ বাধা দি থৈছিল ৷ কিন্তু ইয়াৰ মাজতে সেই বাকচত আৰু এটা বিশেষ স্পিৰিট ভৰাইউ থৈছিল আৰু তাৰ নাম আছিল আশা ৷ তেতিয়াৰ পৰাই মানুহে এই আশা নামৰ স্পিৰিটৰ ওপৰত বিশ্বাস কৰিছিল আৰু ধাৰণা কৰিছিল যে ইয়াৰ শক্তিৰ দ্বাৰাই মানুহৰ সকলো দুর্যোগ, ৰোগ–ব্যাধি, দুখ–কষ্ট আদিৰ পৰা পৰিত্রাণ পাব ৷ সেয়ে আশা নামৰ স্পিৰিটকেই এল্পিছ নামে জনা যায় ৷ এয়া হৈছে পৌৰাণিক গ্রীক আখ্যান ৷
এই আশাই হৈছে মানুহৰ জীৱন ধাৰণৰ এটা অংশ ৷ প্রত্যেকেই কিবা এটা আশা কৰে ৷ ই মানৱ জীৱনৰে এটা অভিন্ন অংশ ৷ ই আমাক ভৱিষ্যতৰ পথ দেখুৱায় আৰু আমাৰ অন্তৰত বা মনত থকা ভাৱধাৰাৰ এটা প্রতিবিম্ব মাথোঁ ৷ আশাৰ সংজ্ঞা কাল–পাত্রভেদে বেলেগ ৷ যদি ইয়াক স্পিৰিটুৱেলভাৱে চোৱা যায় তেতিয়া ভাল কিবা এটা হোৱাৰ আশা সম্পূর্ণ নির্ভৰ কৰিব অদৃশ্য শক্তিৰ ওপৰত আৰু ই আমাক আৰাধনা বা প্রার্থনাৰ প্রতি উৎসাহিত কৰিব ৷ বা অন্য কাৰোবাক কোনো কামৰ বাবে তাৰ প্রত্যাহ্বানৰ উজ্জ্বল বা ধনাত্মক দিশৰ ফালে আগবঢ়াই দিব আৰু ভালটোকেই কামনা কৰিব ৷ আশা, সাধাৰণ অর্থত কিবা কামৰ প্রতি থকা উদ্দীপনা বা আগ্রহ আৰু সেই কামটো হৈ উঠা বা সত্য প্রমাণিত হোৱাৰ মাজত থকা ক্ষণ বা কৰিবলৈ হোৱা হাবিয়াসকে বুজায় ৷ মুঠতে আশা হৈছে যিকোনো ক্ষেত্রতে কিবা এটা ভাল হোৱাৰ প্রতি থকা হাবিয়াস আৰু তাৰ ফলপ্রাপ্তিৰ বাবে কৰা চেষ্টাৰ প্রয়াস আৰু এহ দুয়োটা ওতপ্রোতভাৱেই জড়িত ৷ দার্শনিক, মনীষীসকলে আশাৰ ওপৰত বিভিন্ন মত বিভিন্ন সময়ত ৰাখিছে আৰু ইয়াক মানুহৰ জীৱনৰ প্রত্যেক মুহূর্তত প্রতিফলিত হৈ আহিছে বুলি মত পোষণ কৰিছে ৷ এইটোও ঠিক যে আশা মানেই ভৱিষ্যতৰ যিকোনো সম্ভাৱনা আৰু মনোভাৱৰ মিশ্রণ নহয় ৷ আশা মানুহৰ ভৱিষ্যতৰ যিকোনো কামৰ বাবে থকা ইচ্ছা আৰু তাৰ প্রতি থকা বিশ্বাসৰ মনোভাবৰ প্রভাৱ ৷ সেয়ে আশা মানেই কোনো কামৰ বাবে ইচ্ছা আৰু তাৰ ফলাফলৰ বাবে নিজকে সু–সংগঠিতভাৱে পৰিচালনা কৰাকেই বুজায় ৷ কিন্তু এইক্ষেত্রত এইটোও প্রতিফলিত হয় যে আশা মানেহ মানুহৰ বিশ্বাস আৰু হাবিয়াস নেকি হাবিয়াস কৰা বা ইচ্ছা কৰা মানেহ আশা নুবুজায়, কিয়নো ইয়াত কোনোধৰণৰ নির্দিষ্ট সংকল্প সন্নিহিত হৈ নাথাকে ৷ কিন্তু আশা হৈছে এটা দীর্ঘম্যাদী ব্যৱস্থা আৰু আশাৰ মাজত সদায়েই এটা নির্দিষ্ট সংকল্প আৰু তাক পৰিপূর্ণ কৰিবৰ বাবে এটা অংগীকাৰ(commitment) বা প্রতিশ্রুতিৰ প্রয়োজন আছে আৰু লগতে ই হৈছে এটা সক্রিয় ব্যৱস্থা ৷ আশাৰ এটা নির্দিষ্ট লক্ষ্য আছে আৰু তাক পাবৰ বাবে পৰিকল্পনাৰ বিশেষকৈ প্রয়োজন ৷ কিন্তু ইচ্ছা বা হাবিয়াস মাত্র ভৱিষ্যতৰ কিছু কামনা বা প্রয়োজন আৰু তাৰ প্রতি কোনো বিশেষ সংকল্প বা প্রতিশ্রুতিও নাই ৷ ই নিতান্তই ক্ষণস্থায়ী ৷ ইয়াৰ কোনো নির্দিষ্ট দিশ নাই আৰু ই তেনেই উন্মুক্ত ৷ কিন্তু দুয়োটাৰে ফলপ্রাপ্তিৰ ক্ষেত্রখন সীমিত ৷
আশাৰ বিপৰীত দিশটোৱেহ হৈছে নিৰাশা(Hopelessness) ৷ যেতিয়াই কোনো আশা ফলপ্রাপ্তিৰ দিশে গতি কৰা দেখা নাযায় বা আঁতৰি আহে বা নিয়ন্ত্রণৰ বাহিৰ হয়, তেতিয়াই কিন্তু আমাৰ মনত নিৰাশাই জুমুৰি দি ধৰে ৷ ই পিছত এটা ডাঙৰ প্রত্যাহবানৰূপে থিয় দি উঠে আৰু ভৱিষ্যতে এহ নিৰাশাই মানুহৰ জীৱনৰ প্রতিবন্ধক হিচাপে পৰিগণিত হয় ৷ সেয়ে মানসিক বিচাৰ–বুদ্ধি বা উপযুক্ত সমর্থন অতিকে প্রয়োজন, কিয়নো ইয়াৰ অবিহনে নিৰাশাই মানুহক কোনো কামৰ প্রতি থকা আগ্রহ একেবাৰে নাইকিয়া কৰিব পাৰে আৰু ক্রমান্বয়ে অকলশৰীয়া অৱস্থালৈ লৈ যাব পাৰে, আৰু ই ভৱিষ্যতে মানসিক ৰোগৰো কাৰক হিচাপে পৰিগণিত হব পাৰে আৰু খুব জটিল পৰিস্থিতিত পাছলৈ মানুহক আত্মহননৰ দিশেও লৈ যাব পাৰে ৷ নিৰাশাৰ বিষয়ে মনোৰোগ বিশেষজ্ঞই বিভিন্ন সময়ত বেলেগ বেলেগ মত পোষণ কৰিছে আৰু কিন্তু প্রায়সকলৰ এক মত যে ইয়াৰ পৰা যদি পৰিত্রাণ নাপায় ভৱিষ্যতে তেওঁলোকৰ মানসিক বিকাৰ হোৱাটো প্রায় নিশ্চিত ৷ গতিকে নিৰাশা হয়তো বহুতৰে ক্ষেত্রত মানসিক ৰোগৰ প্রথম লক্ষণ হিচাপেও দেখা দিব পাৰে ৷ নিৰাশাই মানুহক ক্রমান্বয়ে জীৱনৰ গতি সলাহ দিব পাৰে ৷ এই বিষয়ত দেখা গৈছে যে তেনে লোকসকল প্রায়ে বিচ্ছিন্নতাৰ প্রতি আগবাঢ়ে আৰু যিকোনো পৰিস্থিতি পৰিত্যাগ কৰে, আৰু লগতে যিকোনো কামৰ প্রতি অনুপ্রাণিত নোহোৱা হয় ৷ আকৌ কোনো কোনো ক্ষেত্রত দেখা যায় এনে লোকসকলে নিপীড়িত হোৱা যেন অনুভৱ কৰে, বা নিজেই বন্দিত্ব ভাৱ এটা লৈ ফুৰে নতুবা এটা সীমাবদ্ধতা অনুভৱ কৰে ৷ বিশেষ ক্ষেত্রত এনে লোকসকলে শক্তিহীন অনুভৱ কৰে আৰু সকলো কথা নিয়তিৰ ওপৰত মূলতঃ নির্ভৰ কৰে আৰু শেষত এটা সম্পূর্ণ অসহায় অৱস্থালৈ গতি কৰে৷ এহ সকলোবোৰেহ শেষত তেওঁলোকক মানসিক ৰোগৰ ফালে লৈ যায় আৰু বিষণ্ণতাহ আগুৰি ধৰে আৰু লগতে ইয়াৰ চৰম পৰিস্থিতিত আত্মহননৰ প্রতিও আকর্ষিত হয় ৷ হয়াতে কিন্তু এটা বস্তু লক্ষ্য কৰা যায় যে নিৰাশা আৰু আশাহীনতা (Lack of hope) দুয়োটাৰে মাজত পার্থক্য আছে৷ নিৰাশা হৈছে এটা স্বতন্ত্র মানসিক গতিশীল স্থিতি আৰু ই মানুহৰ হাবিয়াসৰ লগত সম্পূর্ণভাৱে জড়িত ৷ আৰু ই আশাবাদ (Hopefullness) ৰ সম্পূর্ণ বিপৰীত ৷ কিন্তু আশাহীনতা এটা পৰোক্ষ স্থিতি আৰু ই আশা আৰু নিৰাশাৰ মাজতে স্থবিৰ হোৱা এটা পৰিস্থিতি মাত্র ৷ সেয়ে আশাহীনতা এটা এনে স্থিতি নহয় যে ই মানুহক গভীৰ বিষণ্ণতাৰ ফালে লৈ যাব আৰু সময়ত আত্মহননৰ প্রতিও আকর্ষিত কৰিব, কিন্তু নিৰাশাযুক্ত হাবিয়াসে (Hopeless desire) মানুহক এহ দিশেহ লৈ যাব ৷
মানুহৰ জীৱন প্রক্রিয়াত আশাৰ বহুতো গুণগত দিশ আছে ৷ কার্যক্ষেত্রত যদি আৱেগ, প্রত্যাশা আৰু উৎসাহ–উদ্দীপনা আদি নাথাকে তেতিয়া জীৱন দুর্বিষই হব আৰু লগতে বৰ তাডনাদায়কো হব ৷ আমি আমাৰ আশা আৰু নিৰাশাৰ এটা নিজৰ সংজ্ঞা ঠিক কৰি লব লাগিব আৰু যাতে ইয়াৰ অলপ হীন হলেহ আমাৰ মনোবল ভাঙি নাযায় আৰু তাৰ প্রতিও লক্ষ্য ৰাখিব লাগিব ৷ গতিকে আমি ভৱিষ্যতৰ চিন্তা বা পৰিকল্পনাত বেছিকৈ মনোনিৱেশ নকৰি আমাৰ তাৎক্ষণিক দিশটোৰ প্রতি নজৰ দিব লাগিব আৰু সেই অনুপাতে নিজৰ কর্মপন্থাও নির্ণয় কৰিব লাগিব ৷ নিজৰ কামৰ পুনৰ বিবেচনা কৰা আৰু সকলো অসমাপ্ত কামৰ বাবে নিজকে দোষ দি কামৰ পৰা অব্যাহতি লোৱা আদি পৰিস্থিতি এৰাই চলাই শ্রেয় ৷ পৰিস্থিতিসাপেক্ষে কেনেকৈ পুনৰ বাৰ ইয়াক ধনাত্মক দিশে লৈ যাব পাৰি, তাৰ পৰিকল্পনাৰ প্রয়োজনৰ প্রতি নজৰ দিয়া উচিত৷ গতিকে যেতিয়াই নিৰাশাই জুমুৰি দি ধৰে তেতিয়াই তাক প্রতিহত কৰিবৰ বাবে তাৰ প্রধান কাৰণ কি, তাক অনুধাৱন কৰা উচিত আৰু প্রয়োজনসাপেক্ষে যুক্তিৰ দ্বাৰাই পৰিচালিত হোৱাও দৰকাৰ ৷ এইক্ষেত্রত কেতিয়াবা নিজৰ বিশ্বাসী বন্ধু বা পৰিয়ালৰ পৰামর্শয়ো যথেষ্ট সহায় কৰে, কিয়নো তাৰ প্রতি তেওঁলোকৰ ধাৰণা বেলেগ হব পাৰে নতুবা তেওঁলোকে ইয়াৰ এটা সমাধানো দিব পাৰে ৷ অগত্যা যদি পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰ হৈ যায় লগে লগেই এইক্ষেত্রত বিশেষজ্ঞৰ পৰামর্শ লোৱা উচিত ৷ এইটো মনত ৰখা উচিত যে কিবা এটা হৈ নুঠিল মানেই সদায় ই নিৰাশাদায়ক নহয় ৷ সময়ত আনৰ সহায় বা অন্য ধৰণেৰে পর্যালোচনা কৰা বা অন্য পৰিকল্পনা কৰাৰ ফলস্বৰূপে হয়তো সকলো সমাধানৰ দিশত আগবাঢ়ি যাব পৰাৰ স্থল থাকিব পাৰে আৰু সিয়েই হয়তো জীৱনৰ নতুন গতি আনি দিয়াত সহায় হব পাৰে ৷
ফোনঃ ৯৮৬৪০-১৮৬৬৫
Comments are closed, but trackbacks and pingbacks are open.