প্রণতি দেৱী শর্মা
ক্রমাৎ আমি মানুহবোৰ যন্ত্রত পৰিণত হৈ পৰিছোঁ ৷ বিজ্ঞান আৰু প্রযুক্তিয়ে আধুনিক জীৱনযাত্রা সহজলভ্য কৰি তোলাৰ সময়ত মনলৈ আহে হেৰাই যোৱা অতীতৰ সোণসেৰীয়া কথাবোৰ ৷ কথাবোৰে পোখা মেলি বিশাল বৃক্ষ হবগৈ বুলি আশা পালি আমি যেন পাহৰি পেলালোঁ বটবৃক্ষৰ ঘাহ শিপা ৷ আধুনিক হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱাৰ পৰত ঘূৰি চোৱাৰ আহৰি নেপালোঁ এৰি অহা জীৱনৰ মাদকতাপূর্ণ সেই সময় ৷ দোপতদোপে আগবাঢ়ি আকাশ চোৱাৰ সপোন ৰচিলোঁ ৷ দুর্বাৰ বাসনাবোৰ আকাশলংঘী হোৱাৰ সময়ত, বুকুবোৰ শিল হৈ পৰাৰ সময়ত, মনবোৰ আৱেগ–নুভূতিহীন হৈ পৰাৰ সময়ত ঘূৰি যাবলৈ মন গৈছে হেৰুওৱা অতীতৰ সুবাস বিচাৰি ৷ হয়তো এতিয়াও সম্পূর্ণৰূপে যন্ত্রহ গ্রাস কৰিব নোৱৰা প্রতিজন মানুহৰ বুকুত বাজে সেই অভিলাষী সুৰ ৷ যি সুৰে মন পুলকিত কৰে, যি সুৰে হূদয় বীণাত তোলে অমিয়া টান ৷ যি সুৰে কঢ়িয়াই আনে আপোন মানুহৰ চিনাকি সুঘ্রাণ ৷
সঁচাকৈয়ে, কি যে নাছিল সেই দিনবোৰত ! যত আপোনবোৰ আপোন হৈয়ে আছিল ৷ আত্মীয়বোৰৰ লগত আত্মাৰ সম্পর্ক আছিল ৷ আত্মীয়–স্বজন, বংশ পৰিয়ালেৰে একো একোখন ঘৰ ভৰপূৰ হৈ আছিল ৷ স্নেহ বান্ধোনেৰে বান্ধ খাই আছিল সম্বন্ধীয়ৰ সম্বন্ধবোৰ ৷ নীলাভ আকাশৰ তলত বহি আহতা–ককাৰ লেথাৰি নিছিগা সাধুৰ সোৱাদ লৈ লৈ নাতি–নাতিনীহঁতে যে সৰুতেই নৈতিকাৰ আদিপাঠ পঢ়িছিল ৷ উচ্ছলতাৰে সপোন ৰচি কল্পনাৰ বীজ সিঁচিছিল ভৱিষ্যতৰ বুকুত ৷
যন্ত্রচালিত মানৱত পৰিণত হোৱাৰ আগলৈকে আমাৰ মাজত উভৈনদী হৈ আছিল অপত্য মৰম, আকুলতা, আত্মীয়তা, ভাল লগা, ভালপোৱা৷ উভৈনদী হৈ আছিল বন্বুূত্বৰ নিভাঁজ প্রেমৰ সমুদ্র, অময়া সুখ৷ হজনে সিজনৰ হৈ প্রাণ দিবলৈ কুণ্ঠাবোধ নকৰাৰ মানসিকতা ৷ তেতিয়া নাছিল এতিয়াৰ দৰে বন্বুূৰ তেজেৰে হাত ৰাঙলী কৰিব পৰা জিঘাংসু মন৷ হিংসা–হত্যাৰ অঘোষিত প্রতিযোগিতা ৷
এৰি থৈ অহা দিনবোৰত হয়তো মানুহবোৰৰ ঘৰত লাখটকীয়া বিছনা নাছিল ৷ তথাপিতো শেতেলিত টোপনি আহিছিল ৷ ভাত ঘূর্মুটিতে নিশাটোৰ আধাতকৈ বেছি সময় পাৰ হৈছিল ৷ এতিয়াৰ দৰে শ্লীপিং টেবলেট খাই টোপনি যাব লগা নহৈছিল ৷ তাৰ উপৰি এশ এবুৰি বেমাৰৰ ঔষধবোৰ আছেই ৷ চকুৰ আগত ভাহি আহে আগৰ সেই অকৃত্রিম ছবিবোৰ ৷ আইৰ মুখৰ নিচুকনি গীতবোৰৰ সুৱদি সুৰবোৰ ৷ কি যে কপাই কোমল আছিল সেই সুৰৰ অনুৰণন ৷
আজিৰ যন্ত্রচালিত মানৱে সুখ বিচাৰি ব্যয়বহুল খৰচ কৰি বহুদূৰ বাটকুৰি বাই যায় সুখৰ সন্ধানত ৰং–ৰহইচ কৰিবলৈ পার্ক, ৰেস্তোৰাঁ নতুবা ছুহমিং পুল বিচাৰি আভিজাত্যৰ পৰিচয় দিয়ে ৷ হাহ ভচ্টেজ মিউজিক ছিষ্টেমৰ উত্তাল শব্দৰ কৰালগ্রাসত হেৰাই পৰিল চৰাই–চিৰিকটিৰ কলকলনি ৷ সেউজীয়া প্রকৃতিক ধবংস কৰি কংক্রিটৰ ঘৰ সাজিও কতো যেন সুখেৰে থাকিব নোৱৰা হলোঁ আমি যন্ত্রচালিত মানুহে ৷ পৰিয়ালটোৰ লগত থাকিও মানুহ আজি নিঃসংগ হল ৷ আনকি জনসমুদ্রতো নিজকে অকলশৰীয়া যেন লগা হল ৷ বৰষুণৰ পানীত গা পখালি আনন্দ পোৱা আমিবোৰে এতিয়া বৰষুণত তিতিব নোৱৰা হলোঁ ৷ কৃত্রিমতাৰে বাথৰুমৰ ভিতৰত শ্বাৱাৰ লগাহ গা ধুয়ো যেন ক্ষান্ত হব নোৱৰা হলোঁ ৷
সৌ সিদিনালৈকে ৰাস্তাই–ঘাটে শুনিবলৈ পোৱা ডেকা–গাভৰুৰ হাঁহি–খিকিন্দালিবোৰ কত হেৰাল কত হেৰাল জীয়ৰী–বোৱাৰীবোৰৰ ধেমালিবোৰ আজিতো নিজৰ হাতখনকে বিশ্বাস কৰিব নোৱৰা সময়ত, ইজনে সিজনৰ প্রতি আস্থা হেৰুওৱাৰ সময়ত, হজনে সিজনৰ প্রতি সামান্যতমো সন্মান দিব নজনাৰ সময়ত, সদ্ভাৱনাবোৰৰ অকাল মৃত্যু হোৱাৰ সময়ত, লাজ–চৰম শেষ যোৱাৰ সময়ত হয়তো প্রতিজন অনুভৱী মানুহেই নিজৰ মাজতেই বিচাৰি ফুৰে হেৰুওৱা দিনৰ সুবাস ৷ নিজকে নিজেই সুধি চায়, কি হেৰুৱালোঁ বাৰু আমি নে হেৰাই গলোঁ নিজেই সময়ক দোহাই দি নাই নাই ৷ এইবোৰৰ উত্তৰ আজি কতোৱেই নাই ৷
অকল সেয়াহনে পঁইতাভাত, পুৰামাছ, ঔটেঙা, ঢেঁকীয়া, পানীটেঙা, খাৰলিও যে এতিয়া ফাইভ ষ্টাৰ হোটেলৰ অভিজাত খানা ৷ যিবোৰক এলাগি কৰি আমি চাইনিজ, স্পাইচী ফাষ্ট ফুডবোৰ আদৰি লৈছিলোঁ সেইবোৰেওচোন আমাৰ মুখৰ জুতি ধৰি ৰাখিব নোৱৰা হল ৷ আমাক সুখ দিব নোৱৰা হল ৷ গামলা ভৰাই ভাত খাব পৰা মানুহৰ খাদ্য তালিকাখন এতিয়া চিকিৎসকৰ বৰ বৰ পৰামর্শহ ঠাই পালে ৷ ভীমকল–পিঠাগুড়ি, দৈ, চিৰা, সান্দই খাব পৰা মানুহবোৰে এতিয়া খোৱাৰ ক্ষেত্রত প্রতিবন্ধকতা মানি নচলিলে জীৱনটো নচলে ৷ আমি যেন এতিয়া ৰিমটত চলা মানুহ ৷ চেনি, মিঠাই হৈ পৰিল আমাৰ বাবে বৰবিহ ৷ আগতেতো এনেকুৱা নাছিল ৷ এতিয়া যন্ত্রচালিত আধুনিক মানুহৰ খোৱাবোৰ কমি আহিল ৷ খোজ কাঢ়িব নজনা মানুহ দৈনিক অলপ সময় খোজ কাঢ়িবলৈও আনকি চিকিৎসকে পৰামর্শ দিব লগা হল ৷ আনকি ব্যায়াম আৰু খোজ কেনেকৈ কাঢ়িব লাগে তাৰো প্রশিক্ষণ দিব লগা হল ৷ যত পুৱাৰ পৰা গধূলিলৈকে বহুদূৰ বাটকুৰি বায়ো আমাৰ পূর্বজসকলে শতায়ু গৰকিছিল, আজি আমিবোৰে হাতৰ মুঠিত প্রাণটো লৈ ঘূৰি ফুৰিছোঁ অহৰহ ৷ মানুহ মাতিবলৈ পাহৰি গলোঁ ৷ হাঁহিটো মাৰিবলৈ পাহৰি গলোঁ ৷ ভুৱা আভিজাত্যৰ পোছাক পিন্ধি আমি এতিয়া আধুনিক মানুহ ৷ ঘিউ, মাখন, গাখীৰ খোৱা সুঠাম মানুহবোৰ এতিয়া আৰু দেখিবলৈ নাই ৷ চর্বি ববাৰ ভয়ত এইবোৰ মানুহৰ খাদ্যতালিকাত নাই ৷ কোনোবা ঘৰলৈ আহিলে মানুহে আমনি পোৱা হল ৷ আলহী–তিথিবোৰ কত জানো হেৰাই গল ৷ হেৰাই গল উচ্ছাস–উদ্দীপনাবোৰ৷ হেৰাই গল শালীনতা, সভ্যতাৰ মাত–কথা ৷ হেৰাই গল আধ্যাত্মিকতা, ভগৱানৰ প্রতি অগাধ শ্রদ্ধা ৷
যন্ত্রচালিত আধুনিক মানুহে হেৰুৱাই পেলালে নিজৰ অস্তিত্ব ৷ পিতৃ–মাতৃৰ প্রতি ভক্তি, শ্রদ্ধা, দায়িত্ব ৷ সংস্কাৰী মানুহ বুলিলে মানুহে মানুহক হতিকিং কৰা হল ৷ সত্যক ঢাকি অসত্য ৰজা হল ৷ মিলাপ্রীতি, আন্তৰিকতা আদি শব্দবোৰে কেৱল অভিধান শুৱনি নকৰা হল ৷ মানুহে আনন্দ কৰিব নজনা হল ৷ খেলিব নজনা হল আমাৰ শিশুসকলে ৷ শিক্ষাগুৰু হোৱাটোও এতিয়া যেন পূর্বজনমৰ পাঢ়াৰ পৰিণতি হল ৷ সকলো হেৰাল ৷
যন্ত্রচালিত মানৱে এতিয়া ভাবিবও নোৱৰা হল জীৱন মানে কি ৷ জীৱনৰ মাদকতা কত হাতৰ সাৰথি হল কেৱল এটা যন্ত্র৷ আমি হৈ পৰিছোঁ একো একোটি ৰবটিক মানুহ ৷ মবাইলটো হৈ পৰিল আমাৰ চালিকাশক্তি ৷ এটা ৰিমট কণ্ড্রোল ৷ হয়, আমি মানুহবোৰক চলোৱা এটা ৰিমট ৷ কথাবোৰ ভাবিবৰ হল ৷ চিন্তা কৰিবলৈ হল যন্ত্রই গ্রাস কৰা আমিবোৰ যান্ত্রিকতাৰ কৰালগ্রাসৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰিমনে আমি নিজে সুধিবৰ হল যন্ত্রই আমাক চলাব নে আমি যন্ত্রক চলাম ৷ নে সমর্পণ কৰিম নিজক সময়ৰ সোঁতত এয়া হয়তো আজিৰ দিনত উত্তৰবিহীন প্রশ্ণ ৷ আহকচোন আমি এবাৰ উভতি যাওঁ সেই দিনবোৰলৈ ৷ নিজকে সুধি চাওঁ কি এৰি থৈ আহিলোঁ জীৱনৰ বাটত ৷
ফোন- ৯৯৫৪৩-৭৪৮৯৮
Comments are closed, but trackbacks and pingbacks are open.