জোনাকী দেৱী কাশ্যপ
যদি কাৰোবাৰ ওচৰত সম্পূর্ণ পৰিয়াল থাকে, ভোজনৰ বাবে পর্যাপ্ত খাদ্য থাকে আৰু বাসস্থান থাকে, তেনেহলে সেই মানুহজন কেতিয়াও দুখীয়া নহয়ঃ গৌতম বুদ্ধ
সন্তান, যিয়ে পৰিয়াল সম্পূর্ণ কৰে ৷ আপোনাৰ সন্তানক আপুনি সিহঁতে বিচৰা সকলো বস্তু উপযুক্ত পৰিমাণে দিবৰ যত্ন কৰিছে , কিন্তু উপযুক্ত পৰিমাণে আপোনাৰ সন্তানক সময় দিব পাৰিছেে ! যদি দিছে আপোনাক বহুত ধন্যবাদ ৷ যদি দিয়া নাই তেন্তে আজিৰ পৰাই দিবৰ যত্ন কৰকচোন, সন্তানৰ লগতে আপুনিও এক অনাবিল সুখ অনুভৱ কৰিব ৷ দিন, মাহ কৰি বছৰ বাগৰি গৈ থাকে, জীৱন আগুৱাই গৈ থাকে ৷ কিন্তু এবাৰ পাৰ হৈ যোৱা সময় কোনো মূল্যৰ বিনিময়তে ঘূৰাই পোৱা সম্ভৱ নহয় ৷
বর্তমান যুগত আমি সকলোৱে ব্যস্ত ৷ কিন্তু ব্যস্ততাপূর্ণ জীৱনৰ কিছু সময় নিজ সন্তানৰ বাবে আছুতীয়াকৈ ৰখা উচিত ৷ দৰমহা দি ৰখা মানুহৰ হাতত নিজ সন্তানক ডাঙৰ কৰাৰ গুৰুভাৰ অর্পণ কৰি কিছুসংখ্যক পিতৃ–মাতৃ তেখেতেসকলৰ কর্তব্যৰ পৰা সম্পূর্ণ উদাসীন হৈ থাকে ৷ এনে উদাসীনতাই শিশুৰ মানসিক সুস্থ বিকাশত বাধাৰ সৃষ্টি কৰে ৷ আধুনিক সময়ত দৈনন্দিন প্রয়োজনসমূহ পূৰণ কৰিবলৈ দুয়োজনে কর্ম কৰাটো জৰুৰী হৈ পৰিছে ৷ কিন্তু তাৰে মাজতে সন্তানৰ বাবেও সময় উলিওৱা উচিত ৷ বহুতো চাকৰিজীৱী অভিভাৱকে অশেষ কষ্ট স্বীকাৰ কৰি নিজৰ সন্তানৰ বাবে সুন্দৰ ঘৰুৱা পৰিৱেশ সৃষ্টি কৰে ৷ শিশুৰ ব্যক্তিত্ব বিকাশত শাৰীৰিক দিশৰ লগতে মানসিক দিশো সমানেই গুৰুত্বপূর্ণ ৷ সুস্থ মানসিক বিকাশৰ বাবে অভিভাৱকে উপযুক্ত সময় শিশুটিক দিয়া প্রয়োজন ৷ যোৱা বছৰ ডাঙৰ ছোৱালীজনীক লৈ এটা অনুষ্ঠানলৈ গৈছিলোঁ ৷ শিশু দিৱসৰ লগত সংগতি ৰাখি তাত বিভিন্ন উদগনিমূলক প্রতিযোগিতা পতা হৈছিল ৷ সেই অনুষ্ঠানত এগৰাকী শিশু মনোৰোগ চিকিৎসকে দিয়া ভাষণখিনিয়ে মনত গভীৰ সাঁচ বহুৱাহ গৈছিল ৷ তেওঁ কৈছিল, মোৰ ওচৰলৈ বহু মাক–দেউতাক আহে সন্তানৰ বিভিন্ন সমস্যাৰ সমাধান বিচাৰি ৷ তেওঁলোকে কয়, আমি হহঁতক যি বিচাৰিছে তাকেই দিছোঁ, কিন্তু আমাৰ কথা নুশুনে, পঢ়া–শুনা ভালকৈ নকৰে ইত্যাদি ৷ যেতিয়া শিশুটিক নির্দেশনা (counselling) কৰোঁ, তেতিয়া শিশুটিয়ে কয়, মা–দেউতাৰ সময় নাই মোৰ লগত খেলিবলৈ, মোক মৰম কৰিবলৈ
এয়া কিমান দুখজনক কথা নহয় জানে ! আমাৰ সন্তান এদিন ডাঙৰ হব, তেতিয়া জানো সিহঁতে আমাৰ বুকুৰ মাজত শুবলৈ আহি ! এবাৰ খেলিবলৈ বা ফুৰাবলৈ নিবলৈ আমনি কৰি ! আজি যদি আমি সিহঁতক সময় দিওঁ সিহঁতে মানসিকভাৱে শক্তিশালী হৈ উঠিব ৷ শিশুৰ লগত কটোৱা খেল–ধেমালিৰ সময়খিনি অভিভাৱকৰ বাবেও বৰ আনন্দদায়ক ৷ এদিন এই সময়বোৰে ধুনীয়া স্মৃতি ৰব নহয় জানে ! আমাৰ ব্যস্ততাপূর্ণ সময়ৰ পৰা সন্তানক কেনেকৈ সময় দিব পাৰি, সেহ বিষয়ে কিছু আলোচনা কৰোঁ আহক
- শিশুটিৰ লগত কথা পাতক অর্থাৎ আজি স্কুলত কি কি শিকালে, খেলিলে ইত্যাদি ৷
- কেতিয়াবা শিশুৱে ভালপোৱা ঠাহলৈ যেনে পার্ক, মিউজিয়াম আদিলৈ ফুৰাবলৈ লৈ যাওক ৷
- ঘৰত আজৰি সময়ত শিশুটিক হাত–কামে লাগি বিভিন্ন হস্তকলা শিকাব পাৰে ৷
- শিশুটিৰ লগত একেলগে শোৱক, পাৰিলে সিহঁতে ভালপোৱা সাধুবোৰ কৈ শুনাওক ৷
- শিশুৰ বন্ধুবর্গৰ খবৰ ৰাখক, কেতিয়াবা সিহঁতক মাতক আপোনাৰ সন্তানৰ লগত খেলিবলৈ আৰু আপুনিও লৈ যাওক ৷
- সন্তানক সদায় আগস্থান দিয়াটো উচিত ৷ ধৰক আপোনাৰ ঘৰুৱা কাম বহুত আছে, বা ঘৰত কর্মস্থলীৰ কিবা কাম কৰি আছে ৷ ইফালে সন্তানটিয়ে আপোনাক কিবা এটা পঢ়ুৱাহ দিবলৈ মাতিছে ৷ এনে ক্ষেত্রত আমাৰ প্রথম কাম হল সন্তানটোক সময় দিয়া ৷
- শিশুটিৰ খোৱা–বোৱাৰ নজৰ ৰখাটো জৰুৰী ৷
সন্তান–ঈশ্বৰৰ এক অমূল্য উপহাৰ ৷ সন্তানে আমাৰ পৰা বহুত কিবাকিবি নিবিচাৰে, বিচাৰে মাথোঁ সময় ৷ আহক, আমি সকলোৱে নিজৰ সন্তানক কিছু সময় দিওঁ
Comments are closed, but trackbacks and pingbacks are open.