আপোনাৰ সন্তানক সময় দিছে !

413

জোনাকী দেৱী কাশ্যপ

 যদি কাৰোবাৰ ওচৰত সম্পূর্ণ পৰিয়াল থাকে, ভোজনৰ বাবে পর্যাপ্ত খাদ্য থাকে আৰু বাসস্থান থাকে, তেনেহলে সেই মানুহজন কেতিয়াও দুখীয়া নহয়ঃ  গৌতম বুদ্ধ

সন্তান, যিয়ে পৰিয়াল সম্পূর্ণ কৰে ৷ আপোনাৰ সন্তানক আপুনি সিহঁতে বিচৰা সকলো বস্তু উপযুক্ত পৰিমাণে দিবৰ যত্ন কৰিছে , কিন্তু উপযুক্ত পৰিমাণে আপোনাৰ সন্তানক সময় দিব পাৰিছেে ! যদি দিছে আপোনাক বহুত ধন্যবাদ ৷ যদি দিয়া নাই তেন্তে আজিৰ পৰাই দিবৰ যত্ন কৰকচোন, সন্তানৰ লগতে আপুনিও এক অনাবিল সুখ অনুভৱ কৰিব ৷ দিন, মাহ কৰি বছৰ বাগৰি গৈ থাকে, জীৱন আগুৱাই গৈ থাকে ৷ কিন্তু এবাৰ পাৰ হৈ যোৱা সময় কোনো মূল্যৰ বিনিময়তে ঘূৰাই পোৱা সম্ভৱ নহয় ৷

বর্তমান যুগত আমি সকলোৱে ব্যস্ত ৷ কিন্তু ব্যস্ততাপূর্ণ জীৱনৰ কিছু সময় নিজ সন্তানৰ বাবে আছুতীয়াকৈ ৰখা উচিত ৷ দৰমহা দি ৰখা মানুহৰ হাতত নিজ সন্তানক ডাঙৰ কৰাৰ গুৰুভাৰ অর্পণ কৰি কিছুসংখ্যক পিতৃ–মাতৃ তেখেতেসকলৰ কর্তব্যৰ পৰা সম্পূর্ণ উদাসীন হৈ থাকে ৷ এনে উদাসীনতাই শিশুৰ মানসিক সুস্থ বিকাশত বাধাৰ সৃষ্টি কৰে ৷ আধুনিক সময়ত দৈনন্দিন প্রয়োজনসমূহ পূৰণ কৰিবলৈ দুয়োজনে কর্ম কৰাটো জৰুৰী হৈ পৰিছে ৷ কিন্তু তাৰে মাজতে সন্তানৰ বাবেও সময় উলিওৱা উচিত ৷ বহুতো চাকৰিজীৱী অভিভাৱকে অশেষ কষ্ট স্বীকাৰ কৰি নিজৰ সন্তানৰ বাবে সুন্দৰ ঘৰুৱা পৰিৱেশ সৃষ্টি কৰে ৷ শিশুৰ ব্যক্তিত্ব বিকাশত শাৰীৰিক দিশৰ লগতে মানসিক দিশো সমানেই গুৰুত্বপূর্ণ ৷ সুস্থ মানসিক বিকাশৰ বাবে অভিভাৱকে উপযুক্ত সময় শিশুটিক দিয়া প্রয়োজন ৷ যোৱা বছৰ ডাঙৰ ছোৱালীজনীক লৈ এটা অনুষ্ঠানলৈ গৈছিলোঁ ৷   শিশু দিৱসৰ লগত সংগতি ৰাখি তাত বিভিন্ন উদগনিমূলক প্রতিযোগিতা পতা হৈছিল ৷  সেই অনুষ্ঠানত এগৰাকী শিশু মনোৰোগ চিকিৎসকে দিয়া ভাষণখিনিয়ে মনত গভীৰ সাঁচ বহুৱাহ গৈছিল ৷ তেওঁ কৈছিল, মোৰ ওচৰলৈ বহু মাক–দেউতাক আহে সন্তানৰ বিভিন্ন সমস্যাৰ সমাধান বিচাৰি ৷ তেওঁলোকে কয়, আমি হহঁতক যি বিচাৰিছে তাকেই দিছোঁ, কিন্তু আমাৰ কথা নুশুনে, পঢ়া–শুনা ভালকৈ নকৰে ইত্যাদি ৷ যেতিয়া শিশুটিক নির্দেশনা (counselling) কৰোঁ, তেতিয়া শিশুটিয়ে কয়, মা–দেউতাৰ সময় নাই মোৰ লগত খেলিবলৈ, মোক মৰম কৰিবলৈ

এয়া কিমান দুখজনক কথা নহয় জানে !  আমাৰ সন্তান এদিন ডাঙৰ হব, তেতিয়া জানো সিহঁতে আমাৰ বুকুৰ মাজত শুবলৈ আহি ! এবাৰ খেলিবলৈ বা ফুৰাবলৈ নিবলৈ আমনি কৰি ! আজি যদি আমি সিহঁতক সময় দিওঁ সিহঁতে মানসিকভাৱে শক্তিশালী হৈ উঠিব ৷ শিশুৰ লগত কটোৱা খেল–ধেমালিৰ সময়খিনি অভিভাৱকৰ বাবেও বৰ আনন্দদায়ক ৷ এদিন এই সময়বোৰে ধুনীয়া স্মৃতি ৰব নহয় জানে ! আমাৰ ব্যস্ততাপূর্ণ সময়ৰ পৰা সন্তানক কেনেকৈ সময় দিব পাৰি, সেহ বিষয়ে কিছু আলোচনা কৰোঁ আহক

  • শিশুটিৰ লগত কথা পাতক অর্থাৎ আজি স্কুলত কি কি শিকালে, খেলিলে ইত্যাদি ৷
  •  কেতিয়াবা শিশুৱে ভালপোৱা ঠাহলৈ যেনে পার্ক, মিউজিয়াম আদিলৈ ফুৰাবলৈ লৈ যাওক ৷
  •  ঘৰত আজৰি সময়ত শিশুটিক হাত–কামে লাগি বিভিন্ন হস্তকলা শিকাব পাৰে ৷
  • শিশুটিৰ লগত একেলগে শোৱক, পাৰিলে সিহঁতে ভালপোৱা সাধুবোৰ কৈ শুনাওক ৷
  • শিশুৰ বন্ধুবর্গৰ খবৰ ৰাখক, কেতিয়াবা সিহঁতক মাতক আপোনাৰ সন্তানৰ লগত খেলিবলৈ আৰু আপুনিও লৈ যাওক ৷
  • সন্তানক সদায় আগস্থান দিয়াটো উচিত ৷ ধৰক আপোনাৰ ঘৰুৱা কাম বহুত আছে, বা ঘৰত কর্মস্থলীৰ কিবা কাম কৰি আছে ৷ ইফালে সন্তানটিয়ে আপোনাক কিবা এটা পঢ়ুৱাহ দিবলৈ মাতিছে ৷ এনে ক্ষেত্রত আমাৰ প্রথম কাম হল সন্তানটোক সময় দিয়া ৷
  • শিশুটিৰ খোৱা–বোৱাৰ নজৰ ৰখাটো জৰুৰী ৷

সন্তান–ঈশ্বৰৰ এক অমূল্য উপহাৰ ৷ সন্তানে আমাৰ পৰা বহুত কিবাকিবি নিবিচাৰে, বিচাৰে মাথোঁ সময় ৷ আহক, আমি সকলোৱে নিজৰ সন্তানক কিছু সময় দিওঁ

You might also like

Comments are closed, but trackbacks and pingbacks are open.