ভণিতা দেৱী
দৈনন্দিন জীৱনত আমি প্রায়ে বিভিন্ন প্রকাৰে সমালোচনাৰ সন্মুখীন হৈয়ে থাকোঁ ৷ কিন্তু আত্মসমালোচনা অর্থাৎ নিজেই নিজক সমালোচনা খুব কম ব্যক্তিয়েহে কৰে ৷ মানুহে নিজেই নিজৰ কর্মক বা আনৰ প্রতি প্রদর্শন কৰা তেওঁৰ ব্যৱহাৰ বা আচৰণক পৰৱর্তী সময়ত নিজৰ মনতে ভুল–শুদ্ধ বিশ্লেষণ কৰি চোৱা কার্যই হ’ল আত্মসমালোচনা ৷ স্বাভাৱিকতেই আমি আনৰ দ্বাৰা সমালোচিত হলে মানসিকভাৱে উদ্বিগ্ন হৈ পৰোঁ আৰু সেই সমালোচনাক সহজভাৱে মানি লবলৈ টান পাওঁ ৷ কিন্তু জীৱন বাটত সকলো দিশতে আগুৱাই যাবলৈ হ’লে সমালোচনাক সহজ আৰু হতিবাচকভাৱে গ্রহণ কৰিব পাৰিব লাগিব আৰু সমালোচনাও গঠনমূলক আৰু যুক্তিসংগত হলে ভাল ৷ তাৰ সমান্তৰালকৈ আত্মসমালোচনাও খুবেই গুৰুত্বপূর্ণ ৷ আত্মসমালোচনাই মানুহক ভুল–শুদ্ধ বিচাৰ কৰি জীৱনক এক সঠিক দিশত আগুৱাই লৈ যোৱাত সহায় কৰে ৷
মানুহে যেতিয়া নিজৰ কামৰ বা সিদ্ধান্তসমূহৰ ভাল বা বেয়া বিচাৰ কৰে বা সূক্ষ্মভাৱে কামৰ পর্যালোচনা কৰে, তেতিয়া নিজে কৰা ভুল–ত্রুটিসমূহ ওলাই পৰে আৰু নিজক আৰু অধিক বুজিবলৈ সক্ষম হয় ৷ আত্মসমালোচনাৰ পৰা অকল যে ভুলখিনিয়ে ওলাই পৰে সেহটো নহয়, ভালখিনিয়েও ধৰা দিয়ে আৰু কেতিয়াবা মানুহে নিজে কৰা ভুলবোৰ শুধৰণিৰ বাট মুকলি হয় ৷ প্রকৃততে আত্মসমালোচনাই আত্মসংশোধনৰ পথ মুকলি কৰে ৷ আত্মসমালোচনাৰ জৰিয়তে ব্যক্তি এজন ব্যক্তিগতভাৱেও বিভিন্ন প্রকাৰে লাভান্বিত হোৱাৰ সম্ভাৱনা থাকে আৰু ই সকলো বয়সৰ মানুহৰ ক্ষেত্রতেই প্রযোজ্য ৷ যদি শিক্ষার্থীৰ বিষয়ে কবলৈ যাওঁ, কোনো পৰীক্ষাত যদি এজন বা এজনী শিক্ষার্থীয়ে আশানুৰূপ ফলাফল প্রদর্শন কৰিব নোৱাৰে বা বিফল হয়, তেতিয়া যদি আত্মসমালোচনাৰ জৰিয়তে নিজৰ ভুলবোৰ উলিয়াই লয় আৰু নিজৰ দুর্বলতাখিনিক সবলতালৈ ৰূপান্তৰ কৰি কষ্ট কৰি যায়, তেতিয়া সফল নোহোৱাৰ কোনো কথাই নাথাকে, নিশ্চিতভাৱে সফল হবই ৷ সফলতাৰ বাট বুলিবলৈ হলে কেতিয়াবা আত্মসমালোচনা বৰ দৰকাৰী হৈ পৰে ৷ আত্মসমালোচনাৰ বাবে এক সুস্থ আৰু সুস্থিৰ মন লাগিব আৰু নিজৰ ভাল–বেয়া, দোষ–ত্রুটিসমূহ মানি লবলৈ ব্যক্তি এজন মানসিকভাৱে প্রস্তুত হব লাগিব ৷ তেতিয়াহে আত্মসমালোচনাৰ জৰিয়তে জীৱনৰ বিভিন্ন দিশত আগুৱাই যাব পাৰি ৷ কিন্তু আত্মসমালোচনা সদায় ইতিবাচক হব লাগে ৷ কেতিয়াও নেতিবাচক হব নালাগে ৷ ইতিবাচক আত্মসমালোচনাই মানুহৰ জীৱনত ইতিবাচক প্রভাৱ পেলায় আৰু তাৰ বিপৰীতে নেতিবাচক আত্মসমালোচনাই জীৱনলৈ হতাশা কঢ়িয়াই অনাৰ লগতে গোটেই জীৱনটোৱেই আউল লগাব পাৰে ৷ নেতিবাচক আত্মসমালোচনাই ব্যক্তি এজনৰ আত্মবিশ্বাস কমোৱাৰ লগতে জীৱনৰ সিদ্ধান্তসমূহ সঠিকভাৱে নিৰূপণ কৰাতো বাধা প্রদান কৰে ৷ আনে কৰা সমালোচনাৰ লগতো কেতিয়াবা আত্মসমালোচনা জড়িত হৈ থাকে ৷ বিশেষকৈ কেতিয়াবা কিছুমান বিষয় লৈ আনৰ দ্বাৰা সমালোচিত হলে সেই সমালোচনাই আমাৰ মনত এনেদৰে ক্রিয়া কৰে যে আমি নিজেই নিজক সমালোচনা কৰিবলৈ লওঁ ৷ কোনো এজন ব্যক্তি যদি দৈহিক সৌন্দর্যৰ বাবে অথবা মেধাৰ বাবে বা নিজৰ কোনো কর্মৰ বাবে কাৰোবাৰ পৰা বেয়াকৈ সমালোচিত হয়, তেতিয়া সেই পুৰুষ বা মহিলাজনীয়ে স্বাভাৱিকতেই নিজেও হীনমন্যতাত ভুগিব পাৰে ৷ এনে পৰিস্থিতিত আত্মসমালোচনাৰ ফলত ব্যক্তি এজনৰ মন–মগজুৱেও মানি লয় যে তেওঁ আনতকৈ হেয় ৷ এইবোৰৰ পৰা ব্যক্তি এজন হীনমন্যতাত ভোগাৰ লগতে হতাশগ্রস্তও হব পাৰে ৷ সকলো মানুহৰেই এক সুকীয়া ব্যক্তিত্ব আৰু সৌন্দর্য থাকে ৷ গতিকে নিজক সদায় আনতকৈ হেয় বা দুর্বল বুলি ভবাৰ সলনি সকলো ক্ষেত্রতেহ আত্মবিশ্বাস অটুট ৰাখিব লাগে আৰু এনেধৰণৰ নেতিবাচক সমালোচনাৰ পৰা সদায় নিজকে আঁতৰাই ৰাখিব লাগে ৷ তদুপৰি বর্তমানৰ এই ব্যস্ততাপূর্ণ আৰু যান্ত্রিকতাৰ সময়ত সময়ৰ অভাৱৰ বাবেই হওক বা ব্যস্ততাৰ বাবেই হওক সময়ৰ লগতে মানুহৰ মন আৰু তাৰ লগতে সম্পর্কবোৰো সলনি হয় ৷ কেতিয়াবা খুব ঘনিষ্ঠ অথবা আন্তৰিক সম্পর্ক থকা ব্যক্তিয়ে যদি হঠাতেই অৱহেলা কৰিবলৈ লয় বা সম্পর্ক এটা হেৰাই যায়, তেতিয়াও আত্মসমালোচনাৰ মনোভাব মনলৈ আহি যায় ৷ কিন্তু নিজে সদায় শুদ্ধ পথত থাকিলে আত্মসমালোচনাৰ দ্বাৰা নিজে মানসিক অস্থিৰতাত ভোগাৰ কোনো প্রয়োজন নাথাকে ৷ কিয়নো অত্যধিক আত্মসমালোচনাও ব্যক্তি এজনৰ বাবে বিপজ্জনক হৈ পৰে ৷ সকলো কামত অথবা সম্পর্ক ৰক্ষাৰ ক্ষেত্রত অনবৰতে ব্যক্তি এজনে নিজৰ ভুল বিচৰাটোও উচিত নহয় ৷ কাৰণ সম্পর্ক ৰক্ষাৰ ক্ষেত্রতেই হওক বা আন ক্ষেত্রতেই হওক সকলোতে যে ব্যক্তি এজনৰ নিজৰেই সদায় ভুল থাকিব সেইটো কেতিয়াও নহয়, কেতিয়াবা বিপৰীত ব্যক্তিজনৰো ভুল থাকে ৷ সকলো মানুহেই ভিন্ন আৰু সেই অনুপাতে মানসিকতাও বেলেগ বেলেগ ৷ এজনৰ লগত আনজনৰ মন আৰু চিন্তাধাৰা নিমিলিবও পাৰে ৷ সেয়ে কাৰোবাৰ দ্বাৰা সমালোচিত হলেই বা কোনো কামত বিফল হলে অথবা কোনো সম্পর্ক হঠাতেই হেৰাই গলে তাৰ বাবে আত্মসমালোচনা কৰি মানসিকভাৱে উদ্বিগ্ন হৈ পৰাৰ কোনো প্রয়োজন নাথাকে ৷ তদুপৰি সকলো ক্ষেত্রতে মানুহে অনবৰতে যদি নিজক আত্মসমালোচনা কৰি থাকে, তেতিয়া হতাশগ্রস্ত হোৱাৰ লগতে নিজৰ আত্মবিশ্বাস কমি অহাৰ সম্ভাৱনা থাকে ৷ গতিকে ব্যক্তি এজনে আত্মসমালোচনা কৰিব লাগে নিজক শুধৰোৱাৰ বাবে আৰু নিজকে মানসিকভাৱে শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে ৷
সমালোচনা সকলোতে আছে আৰু থাকিবই ৷ সমালোচনাৰ ঊধর্বত কোনোৱে থাকিব পৰা নাই ৷ কিন্তু মানুহে নিজক ভালদৰে পর্যালোচনা কৰিবৰ বাবে আত্মসমালোচনা খুবেই দৰকাৰী ৷ সকলো বাধা নেওচি জীৱনত আগুৱাই যাবৰ বাবে ব্যক্তি এজনৰ বাবে কেতিয়াবা আত্মসমালোচনা প্রয়োজনীয় হৈ পৰে, কিন্তু এই আত্মসমালোচনা হব লাগে হতিবাচক ৷ আত্মসমালোচনাৰ জৰিয়তে মনলৈ অহা ভুলবোৰৰ পুনৰাবৃত্তি নকৰি সৎ পথত কর্ম কৰিবলৈ ললে বেয়া দিশত খোজ পেলোৱা ব্যক্তি এজনো সৎ পথলৈ ঘূৰি আহিব পাৰে ৷ অন্য লোকে অযোগ্য বুলি ভাবিলেও নিজৰ যোগ্যতাৰ ওপৰত দৃহ বিশ্বাস ৰাখি আত্মসমালোচনাৰ জৰিয়তে নিজৰ সুপ্ত শক্তিক জাগ্রত কৰি কর্তব্যত অগ্রসৰ হলে প্রগতিৰ উচ্চ শিখৰত আৰোহণ কৰাটো সকলোৰে বাবে সম্ভৱ হৈ পৰে ৷
ফোন : ৮৪০২৮-৫১৪৪৬