উজ্জ্বল জ্যোতি দাস
আমেৰিকান ব্যাপ্তিষ্ট মিছনেৰী ডঃ মাইলছ ব্রনছন চাহাব অসম–হিতৈষীৰ ৰূপত সদায়ে অসমবাসীৰ মনত সজীৱ হৈ ৰব ৷ জীৱনৰ অর্ধেক সময় উত্তৰ–পূর্বাঞ্চল তথা অসমৰ সাহিত্য–সংসৃক্তিৰ বিকাশৰ বাবে কাম কৰা ডঃ ব্রনছনে অসমৰ পৰা বিদায় লোৱাৰ মুহূর্তত স্বাভাৱিকতে আৱেগিক হৈ পৰিছিল ৷ অসমৰ ভাষা–সংসৃক্তি আৰু ইয়াৰ বাসিন্দাই বাৰুকৈয়ে যে তেওঁক মুগ্ধ কৰিছিল ৷ উল্লেখৰ নিষ্প্রয়োজন ব্যাপ্তিষ্ট মিছনেৰীসকলৰ একান্ত প্রচেষ্টা, অশেষ ত্যাগৰ বিনিময়তেই ব্রনছন পৰিয়ালৰ কেইবাজনো লোক পর্যাপ্ত চিকিৎসাৰ অভাৱত অসমতে প্রাণ হেৰুৱাইছিল অসমীয়া জাতিটো ন–ৰূপেৰে প্রাণ পাই উঠিছিল ৷
নিউর্য়কৰ নৰৱেত ১৮১২ চনৰ ১০ জুলাইত জন্মগ্রহণ কৰা ব্রনছনে হেমিল্টন লিটাৰেৰী থিলজিকেল ইনষ্টিটিউটৰ পৰা এতিয়া কলগেট্ বিশ্ববিদ্যালয় স্নাতক ডিগ্রী গ্রহণ কৰা গ্রহণ কৰিছিল ৷ তাৰ পিছত তেওঁ আমেৰিকান ব্যাপ্তিষ্ট মিছনেৰী ইউনিয়নৰ পৰা অসমত কাম কৰিবলৈ নিযুক্তি লাভ কৰিছিল ৷ হেমিল্টন লেডিজ ছেমিনাৰীত শিক্ষাগ্রহণ কৰা নিউয়র্ক নিৱাসী ৰুথ মনটেগু লুকাছ Ruth Montague Lucas ৰ সৈতে পিছত তেওঁ বিবাহপাশত আবদ্ধ হয় ৷ লক্ষণীয়ভাৱে তেৱোঁ সেইদিনাই ইউনিয়নৰ পৰা অসমত কাম কৰিবলৈ নিযুক্তি লাভ কৰিছিল ৷ ১৮৩৬ত মাইলছ ব্রনছন, জেকব থমাছ আৰু তেওঁলোকৰ পৰিবাৰে শদিয়া মিছনত জডিত হবলৈ হাঁহিমুখে আমেৰিকা ত্যাগ কৰিছিল ৷
সুলেখক ডঃ দিলীপ কুমাৰ দত্ত আৰু আকদাচ আলী মিৰে যুটীয়াভাৱে লিখা A Bridge from America to Sadia শীর্ষক গ্রন্থত প্রকাশিত তথ্য মতে তেওঁলোক অসমলৈ অহাৰ সময়ছোৱা বাৰিষাকাল আছিল ৷ ব্রহ্মপুত্রখন পানীৰে উফন্দি উঠিছে তেতিয়া৷ ভয়াৱহ ৰূপ ৷ এজন আম্ অফিচাৰে ব্রনছনহঁতক সেই সময়ত তালৈ নাযাবলৈ কোৱাত ওলোটাই ব্রনছনে অফিচাৰজনক তেতিয়া প্ৰশ্ন কৰিছিল আপোনাক যদি সেই শদিয়াত আপোনাৰ বিভাগে কামৰ বাবে এই সময়ছোৱাত পঠিয়ায়, আপুনি তালৈ নাযাবনে যুক্তিপূর্ণ কথাটিত লাজ পাই সেমেনা–সেমেনি কৰিলে তেতিয়া বিষয়াজনে ৷ ব্রনছনে এইবাৰ কলে আমিও এক মহান কামতেই তালৈ যাব ওলাইছেছা, অকণো পলম কৰিব খোজা নাই সেয়ে ৷ যা হওক এপ্রিলৰ ২৬ তাৰিখে গৈ তেওঁলোক অসমত উপস্থিত হল ৷ শদিয়া পাওঁতে ব্রনছন কিন্তু অসুস্থ হৈ পৰিল ৷ থমাছ বোলা লোকজনে তেতিয়া তেওঁক এখন সৰু নাৱত তুলি চিকিৎসাৰ বাবে পাৰৰ এটি অংশলৈ আগবাঢ়িল ৷ পাৰত আহি উপস্থিত হৈছেহে, এডাল প্রকাণ্ড গছ গৰা খহি নাওখনৰ ওপৰতে হঠাতে বাগৰি পৰাত থমাছ কিছু সময়ৰ পিছতেই মৃত্যুমুখত পৰে ৷ ৰক্ষা পৰিল কোনোমতে ব্রনছন ৷ এই ব্রনছনেই অসমত সুদীর্ঘ চল্লিশ বছৰৰো অধিক কাল থাকি অগণন জনহিতকৰ কামত নিজকে আত্মনিয়োগ কৰিলে ৷ অসমত দীর্ঘদিনলৈ থকা ব্রনছন আৰু ৰুথে কর্মজীৱনত তিনিবাৰহে কিন্তু জন্মভূমি আমেৰিকালৈ গৈছে ৷
১৮৩৯ চনৰ ৭ জানুৱাৰীত নামচাঙত গৈ উপস্থিত হওঁতে এজন দোভাষীকো ব্রনছনে লগত নিছিল ৷ প্রথমাৱস্থাত স্থানীয় লোকসকলে তেওঁক ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনোবা চোৰাংচোৱা বুলিয়ে সন্দেহ কৰিছিল ৷ আনকি এখন গাঁৱত দুদিনকৈ তেওঁক নজৰবন্দী কৰি ৰাখিছিল ৷ দুদিনৰ পিছত গাঁৱৰ মুখিয়ালজনে তেওঁক মতাই নিছিল আৰু সুধিছিল তালৈ অহাৰ প্রকৃত কাৰণ ৷ তেতিয়া তেওঁ কৈছিল যে তালৈ তেওঁ তেওঁলোকৰ ভাষা শিকিব অহাৰ লগতে ঈশ্বৰৰ বাণী প্রচাৰ কৰিবলৈহে আহিছে, অন্য কাৰণত নহয় ৷ অমায়িক মাত কথাত মুখিয়ালজন সন্তুষ্ট হৈ তেওঁৰ নিজৰ লৰা দুজনকে তেওঁক ভাষা শিকোৱাৰ বাবে দায়িত্ব সঁপিলে ৷
ব্রনছনে নামচাঙত ১৮৩৯ৰ এপ্রিল মাহলৈকে আছিল বুলি জানিব পৰা যায় ৷ তাৰ পিছতেহে তেওঁ নগাঁৱলৈ গৈছে ৷ ১৮৩৮ চনৰ ৮ জুলাইত সুদূৰ আমেৰিকাৰ পৰা আহি শদিয়াত তেওঁ উপস্থিত হৈছিল ৷ ইয়াৰ আগতে নাথান ব্রাউন আৰু অ টি কাটাৰৰ পৰিয়ালে এই ঠাইলৈ মিছনেৰীৰ কামত আহিছিল ৷ তেওঁলোকৰ গন্তব্য স্থান আছিল কিন্তু তেতিয়া উত্তৰ ব্রহ্মদেশ আৰু দক্ষিণ চীন অঞ্চল ৷ শদিয়াত এবছৰমান কটোৱাৰ পিছত ব্রনছন চাহাব জয়পুৰলৈ যাব গৈছিল ৷
১৮৬০ আৰু ১৮৬৯ত ব্রনছন পুনৰ নগাঁৱলৈ আহে ৷ ইতিমধ্যে পত্নী ৰুথৰ মৃত্যু হৈছিল ৷ এক তথ্য মতে ১৮৭৮ত মেৰী ৰেন্কিনক ব্রনছনে পুনৰ বিয়া কৰায় ৷ ১৮৭৯ত দুয়ো আমেৰিকালৈ গুচি যায় আৰু তাতে জীৱনৰ শেষ সময়লৈ থাকে ৷
In a Far country নামৰ জীৱনীগ্রন্থখনত তেওঁৰ সৰু ছোৱালী Harriette য়ে লিখিছিল গ্রন্থখন প্রকাশিত আন এক তথ্য মতে, ১৮৮০ পর্যন্ত অসমত তেওঁ আছিল ৷ হাতীৰ পিঠিৰ পৰা পিছলি পৰি আঘাতপ্রাপ্ত হোৱাত আগতীয়াকৈ অৱসৰ লবলৈ তেওঁ বাধ্য হল ৷ চাৰিটা দশকত তেওঁ কৰা কামখিনিয়ে অসম আৰু অসমীয়াক বহুখিনি কিন্তু আগুৱাই নিলে৷ ব্রনছনে আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আদি নেতৃস্থানীয় মধ্যবিত্ত শ্রেণীৰ লোকসকলৰ লগত সম্পর্ক ৰাখি অসমীয়া ভাষাৰ বাবে প্রবল জনমত গঠন কৰি চৰকাৰৰ ওচৰত আর্জিও তেওঁ পেচ কৰিছিল অসমীয়া ভাষাৰ পুনৰ প্রচলনৰ বাবে৷ আৰু তাত তেওঁ কৃতকার্যও হল ৷ অসমবাসীৰ এক ডাঙৰ উপকাৰ তেওঁ সাধি গল ৷ ৩৩ বছৰ কাল অসমত কটোৱাৰ পিছত জীয়েক ৰডা ব্রনছনৰ মৃত্যু হোৱাত জয়পুৰ এৰি ব্রনছনে সপৰিয়ালে আন ছগৰাকী কন্যা সন্তানসহ নগাঁৱলৈ যায় আৰু তাতেই জীৱনৰ মধুৰতম সময়খিনি অতিবাহিত কৰে ৷ মিছন চৌহদত থকা প্রকাণ্ড আঁহতজোপাৰ তলত এতিয়াও হয়তো গছজোপা আছে তেওঁলোকৰ সৰু ছোৱালীজনীয়ে দিনটোৰ সৰহখিনি সময় কটাইছিল ৷ ঘৰচীয়া হাতীৰ পিঠিত উঠি সন্ধিয়া পৰত আটায়ে চহৰখন ফুৰিবলৈ ওলাই গৈছিল ৷ ১৮৪৬ত নতুনকৈ এহাল আমেৰিকান দম্পতী ইয়ালৈ অহাত আৰু ইতিমধ্যে ছোৱালীকেইজনীৰো পপা–শুনা আদিৰ কথা আহি পৰাত আমেৰিকালৈকে একেবাৰে গুচি যোৱাৰ তেওঁলোকে সিদ্ধান্ত ললে ৷ ১৮৪৮ত একেবাৰে তেওঁলোকে নগাঁও এৰে ৷ ব্রনছনৰ আটাইকেইগৰাকী ছোৱালীয়েই কিন্তু মিছনেৰীৰ পৱিত্র কামত প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত হবলৈ মন কৰিছিল ৷ আৰু ভবাটোকেই পিছত হল ৷ তেওঁৰ ছোৱালী মেৰীয়ে চাইৰাছ টল্মেন নামৰ মিছনেৰীজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈ অসমৰ কার্বিসকলৰ লগতেই বহুদিন কটালে ৷ তেওঁলোকৰ সন্তান মাৰিয়া ছচাইটীৰ দ্বাৰা নিযুক্ত প্রথমগৰাকী মহিলা মিছনেৰী আছিল ৷ এলিজা, হিৰিটে আৰু ছফিয়াও পেষ্টৰ্ৰ সৈতেই বিয়া হৈছিল ৷
ৰুথ ব্রনছনৰ এখন চিঠিৰ পৰা জনা যায় পৰিবাৰ ৰুথৰ লগত তিনিগৰাকী পণ্ডিতে অভিধান প্রণয়নৰ কামত ব্রনছনক সহায় কৰিছিল ৷ নগাঁৱৰ মিছন চৌহদত থকা এতিয়া আছে সুদৃশ্য বাসগৃহটিত দিনে–ৰাতি অভিধান প্রণয়নৰ কামত ব্রনছন জড়িত আছিল ৷ সেউজৰঙী উলেন কভাৰেৰে আবৃত এখন প্রকাণ্ড টেবুলত বহি আনটো মূৰত বহি থকা তিনিগৰাকী ব্যক্তি আৰু কাষত বহা পৰিবাৰৰ সহযোগিতাত তেওঁ সম্পূর্ণ কৰি তুলিছিল প্রথম অসমীয়া–ইংৰাজী অভিধানখন ৷ তেওঁৰ কাষতে আছিল এটি ডাষ্টবিনো ৷ ইয়াৰ আগতে তেওঁ অসমীয়া আৰু গাৰো ভাষাত বাইবেলখন প্রকাশ কৰি উলিয়াইছিল ৷ প্রথম অসমীয়া বার্তালোচনী অৰুনোদইৰ প্রকাশৰ (১৮৪৬-১৮৮২) লগতো ওতপ্রোতভাৱে তেওঁ জড়িত থকাৰ কথা জানিব পৰা যায় ৷
১৮৬৭ চনত যদুৰাম বৰুৱাৰ পাণ্ডু লিপিৰে ব্রনছনে প্রথমখন অসমীয়া ইংৰাজী অভিধান প্রকাশ কৰে ৷ এই অভিধানত চৈধ্য হাজাৰ অসমীয়া শব্দ আছিল ৷ শিৱসাগৰৰ ব্যাপ্তিষ্ট মিছনেৰী প্রেছৰ পৰা এইখন প্রকাশ হৈছিল ৷ ঊনৈশ শতিকাত হেমচন্দ্র বৰুৱাই দ্বিতীয়খন অসমীয়া অভিধান প্রকাশ কৰে হেমকোষ প্রেছযোগে ৷ ইয়াত প্রায় বাইশ হাজাৰ শব্দ আছিল ৷
ব্রনছনে নাগা জনজাতিসকলৰ বাবে Vocabulary in English, Assamese Singpho and Naga (1840), Phases in English and Naga (1840) নামৰ গ্রন্থ দুখনো লিখিছিল৷ ব্রনছনৰ পৰিবাৰ আৰ এম এল ব্রনছনে প্রসিদ্ধWorcester’s Primer খন নাগা Nocte ভাষালৈ অনুবাদ কৰিছিল ৷
১৮৪১ ত লৰা–ছোৱালীৰ বাবে নগাঁৱত এখন স্কূলো ব্রনছন চাহাবে স্থাপন কৰে ৷ নগাঁও টাউনত থাকি ১৮৪৫ত নগাঁও ব্যাপ্তিষ্ট চার্চ স্থাপনতো তেওঁ আগভাগ লয় ৷
এনেদৰে দেখা যায়, গভীৰ জাতীয়তাবাদেৰে উদ্বুদ্ধ মাইলছ ব্রনছনে বিচক্ষণতাৰে অসমত থকা শেষৰ দিনটোলৈকে জনহিতকৰ কামত আত্মনিয়োগ কৰি অসম প্রেমৰ বিৰল নিদর্শন দাঙি ধৰিছিল ৷ যদিও তেওঁলোকৰ মূল আঁচনি আছিল খ্রীষ্ট ধর্মৰ প্রচাৰ–প্রসাৰত মনোনিৱেশ কৰা, কিন্তু তাকে কৰিবলৈ যাওঁতে অসমখনক সহূদয়তাৰে তেওঁলোকে আঁকোৱালি লৈছিল ৷ যদিও সেই কামত পদে পদে প্রাণৰ সংশয়, নানা বাধা–বিঘিনি আহিছিল, অসমৰ সমস্যাৰাজিক হূদয়ংগম কৰি সমস্যাৰ সমাধানকল্পে যথোপযুক্ত আঁচনি গ্রহণ কৰি তাক ৰূপায়ণত গুৰুত্ব দিছিল ৷ কিন্তু আমাৰ বাবে অতি পৰিতাপৰ কথা এয়ে যে শিপা পাহৰা অসমীয়াই নগাঁৱত বসবাস কৰা তেওঁৰ ইতিহাস বিজড়িত সৰু–বৰ বাৰটা কোঠাৰ কাঠৰ মজিয়াৰ সুদৃশ্য গৃহটিৰ ৰক্ষণাবেক্ষণৰ বাবে আজিলৈকে কোনো সবল পদক্ষেপই গ্রহণ নকৰিলে, যিটো গৃহত দিন–ৰাতি একাকাৰ কৰি অভিধান প্রণয়নেৰে অসমীয়া জাতিটোক এটি সবল পৰিচয় দিবলৈ তেওঁ যত্নপৰ হৈছিল ৷ পি এইচ মূৰৰ টুৱেণ্টী ইয়েৰছ ইন আছাম নামৰ গ্রন্থখনতো এই গৃহটিৰ সৰস বর্ণনা আছে ৷ এতিয়া জলসম্পদ বিভাগৰ অভিযন্তাৰহে কোৱার্টাৰহে কৰা হল ৷ অভিধানৰ পাতনিত এইজন লোকেই জাতিটোৰ সম্পর্কত এদিন সগৌৰৱে কৈছিল অসমীয়া ভাষা ব্রহ্মপুত্রৰ সোঁতৰ নিচিনাকৈ ৰাইজৰ মাজত একেদৰে চলি আছে আৰু আগলৈকো চলিব ৷
আমি আশা ৰাখিম ইতিহাস বিজড়িত সেই ঘৰটোৰ সংৰক্ষণেই নহয় ডঃ ব্রনছনৰ স্মৃতি ৰক্ষার্থে সকলো পক্ষই দৃ পদক্ষেপ লব৷ দর্শনাথ্ৰ বাবেও সেই ঘৰটো এতিয়া মুকলি কৰি দিব লাগে ৷
ফোনঃ ৯৮৬৪৪–৩৪২৭৪