সৰাপাতৰ সঞ্জীৱনী

মধুমিতা বৰুৱা শইকীয়া

ওখোৰা–মোখোৰা আৰু কিছু পৰিমাণে থিয় টিলাটো বগাহ আহিলেই বুুা পাইনজোপা ৷ পাইনজোপাৰ শিপাই শাখা–প্রশাখা মেলি শকত ঘেৰ এটা লৈছে ৷ এইজোপা পাইনৰে গা–গছৰ কোনোবা এটা অংশত এদিন দিকে দি ফৰ দেতা বুলি লিখিছিল ৷ প্রথম আখৰ শিকাৰ ঠিক পাছতেই ৷ তেতিয়া পাইনজোপাই এনেকৈ শাখা–প্রশাখা অৱশ্যে মেলা নাছিল ৷ গছজোপা বুুা হল ৷ কিয়নো নহব বাৰু, দিকেই এতিয়া বিয়া–বাৰু কৰাই মানুহ হল ৷ পাইনজোপাতো দিকৰ সৰুকালৰে লগৰীয়া ৷

পাইনজোপাৰ ওচৰৰে পৰা আৰম্ভ হোৱা তলৰ পকা চিৰিকেইটাৰ ওপৰলৈ যোৱা বাটটো এতিয়াও প্রায় একেই আছে ৷ বাটটোৱেদি উঠি যাওঁতে অনভ্যাসৰ ফলত সংহিতাৰ ফোঁপনি উঠিছে ৷ অথচ বর্ণনাতীত প্রশান্তি দি যোৱা এছাটি চিনাকি বতাহে তাইক চুই গৈছে ৷ সংহিতাৰ এনে লাগিছে যেন বতাহখিনিয়েও তাইক আজি যেন সম্ভাষণ জনাইছে ৷ এৰা তাই তাইৰ চিনাকি ৰাজ্যলৈ আহিছে ৷ অভিবাদন জনাইছে চৌপাশৰ গছ–লতা–ফুল আৰু তাইৰ মৰমৰ বুুা পাইনজোপাহ ৷

দিন–ৰাতি একাকাৰ কৰি তাই এই পাহাৰীয়া টিলাটোত ছটা বছৰ কটাইছিল ৷ বিয়াৰ পাছৰ দুটা বছৰকে ধৰি দিকৰ জন্মৰ চাৰি বছৰলৈকে ৷

টিলাটোৰ ওপৰত থকা আটোমটোকাৰীকৈ সজা অসম আর্হিৰ ঘৰটোলৈ অহাৰ পিছত পাছে তাইৰ জীৱনটো তাইৰ আয়ত্তত নাছিল ৷ কমবয়সীয়া সংহিতাৰ জীৱনৰ বাঘজৰীডাল তাইৰ স্বামী ৰণৰ হাতত আছিল ৷ স্বাধীনতা বিচাৰিব জনা, নিজৰ অস্তিত্ব বজাই ৰখা আদি কথাবোৰ বুজাৰ বয়সো নাছিল তাইৰ ৷ ঘৰৰ পৰা বিয়া দিছে যেতিয়া তাই তাত থাকিব লাগিব ৷ ইমানখিনিয়েই বুজিছিল তাই ৷ কিছু পৰিমাণে মেজাজী আৰু তাইতকৈ বয়সত বহুত ডাঙৰ ৰণ কিন্তু তাইৰ প্রতি সদয় নাছিল ৷ নামহীন এটা হীনমন্যতা আৰু পৰিস্থিতি অনুযায়ী উচ্চমন্যতাৰ অহৰহ চিকাৰ হোৱা তাইৰ পতি ৰণে তাইক এটা পুতলাৰ দৰে ব্যৱহাৰ কৰিছিল ৷ পুতলাৰ জীৱ আৰু মন নাথাকে ৷ গৰাকীয়ে ভাঙিও পেলাব পাৰে, গচকিও পেলাব পাৰে ৷ সংহিতাৰ প্রতিবাদ কৰাৰ থলেই বা আছিল কত অভিমান হৈছিল তাইৰ মাকৰ ঘৰখনৰ ওপৰত৷ তাইৰ বাবে আজিও এটা সাঁথৰ, ৰণে তেন্তে তাইক কিয় বিয়া কৰাইছিল ৷ নাৰীৰ প্রতি যদি ইমান বিৰাগ যেতিয়া তেওঁ কিয় বিয়া কৰাইছিল সংহিতাক ৷ বিয়াখন যেন ৰণৰ বাবে এক অধিকাৰ লাভৰহে কাৰক আছিল ৷ প্রেম শূন্য আছিল তাত ৷ নাৰীৰ স্বাধীনতা ৰণৰ বাবে এটা হাস্যকৰ বিষয় আছিল ৷ সংহিতাক বন্দী বিহংগ কৰি ৰাখিছিল ৰণে ৷ কোমল বয়সৰ সংহিতাৰ আত্মবিশ্বাসক ধূলিসাৎ কৰিবলৈ অহৰহ চেষ্টা আছিল ৰণৰ ৷ অসহায় হৈ ধীৰে ধীৰে তাই সোমাই গৈছিল এটা খোলাৰ ভিতৰত ৷ মানি লৈছিল বিধিৰ বিধান ৷ মানুহে এনেই নকয় জোঁৱাই আৰু যমৰ মাজত পার্থক্য নাথাকে ৷ বিয়াৰ নামত দাম্পত্য জীৱনটো নির্বাসনতকৈ কম নাছিল ৷ ঘৰখনৰ নাৰী সদস্য তাইৰ শাহু আৰু অন্যবোৰো আছিল, তাইৰ প্রতিদ্বন্দ্বী ৷ তাই দিগবিদিক হেৰুৱাই পেলাইছিল ৷ কিন্তু এদিন যেতিয়া ৰণৰ প্রচণ্ড ঘোচাত যেতিয়া তাইৰ নাকেদি তেজৰ নৈ ববলৈ লৈছিল, অভাৱনীয়ভাৱে জাগ্রত হৈছিল তাইৰ চামুণ্ডা কালী ৰূপটো ৷ তাৰ পাছৰখিনি আছিল তাইৰ ঠন ধৰি উঠা আত্মবিশ্বাস আৰু সাহসৰ ফলত হোৱা উত্তৰণ আৰু আত্মপ্রতিষ্ঠাৰ অবিৰত সংগ্রাম ৷ গৌৰৱেৰে জীৱন জিনি আহি সংহিতাই প্রতিপন্ন কৰিলে যে জীৱনক কেতিয়াবা বর্ণিল দস্তাবেজ কৰিব পাৰি ৷

সেইবোৰ ভাবি উচুপি উঠিবলৈ এতিয়া তাইৰ বয়স নাই ৷ আত্মনির্ভৰশীলতাৰে গৌৰৱান্বিত জীৱন এতিয়া তাইৰ আশাকৰাতকৈও বেছি স্বাচ্ছন্দ্যৰে ভৰা ৷ বিবাহ এখনৰ সফলতাৰ প্রত্যাশাতে মানুহৰ জীৱন বীক্ষা শেষ নহয় ৷ তাৰ উদাহৰণ তাই নিজে ৷ সংহিতা ৰাজখোৱা ৷

নিজৰ সৈতে আত্মালাপ কৰি কৰি সংহিতাই থিয় গৰাটোৱেদি পূৰণি পাহাৰীয়া নিজৰাটোলৈ চাই তাইৰ উশাহটোক দলিয়াই দিলে ৷ পুনৰ এটা স্বস্তিৰ উশাহ এটা উজাই তাই নিজকে প্রবোধ দিলে, ধেৎ এতিয়া অতীতটোকচোন সানন্দে জলাঞ্জলি দিছে ৷

তাইৰ একমাত্র লৰা দিক এতিয়া এজন উচ্চপদস্থ দায়িত্বশীল নাগৰিক আৰু তাইৰ অন্যতম  বন্ধুসূলভ অভিভাৱক ৷ নিজৰ লৰাক পঢ়াই–শুনাই তাইৰেই অভিভাৱক কৰি গঢ়ি তোলাত আজি লাগি আছে তাইৰ তৃপ্তি আৰু এক নতজানু অহংকাৰ ।

দিকে বিয়া কৰোৱাৰ পিছত ইচ্ছাকৃত অৱসৰ লৈ তায়ো এতিয়া মুম্বাহ নিৱাসী ৷ অনা– অসমীয়া বোৱাৰী বহলমনা নিমীৰ সাহচর্য আৰু সাহসত তাইৰ মনত এতিয়া দুখৰ পৰিভাষা নাই ৷ মনৰ উজ্জীৱিত কোণত এতিয়া আছে গভীৰ জীৱনবোধ আৰু সুখৰ পয়োভৰ ৷ সুখ–দুখৰ নিমিলা অংক কৰি সময় পাৰ কৰাকৈ তাই এতিয়া আৱেগিক আৰু ভাবুক নহয় ৷ জীৱন জীৱৰ বাবে দিক আৰু নিমিষাৰ জীৱনৰ ছন্দই তাইকো ছন্দায়িত কৰে অহৰহ ৷ ভৰপূৰ জীৱন এতিয়া সংহিতাৰ ৷ আচলতে হয়তো ভগৱানে সদায় যুঁজি যোৱা মানুহক জয়ৰ প্রাংগণত থিয় কৰায় ৷

মধ্য বয়সত হলেও তাই এতিয়াও কর্মযোগী৷ যুঁজাৰু ৷ পলৰীয়া সৈনিক নহয় ৷

মুম্বাইৰ এনজি এটাত কর্মৰত তাই ৷ আচলতে এনজিটোৰ কার্যবাহী কর্মী হৈছে নিমি ৷ সংহিতা মাত্র সহযোগী আৰু অপেছাদাৰী কর্মী ৷  হলেও প্রায় সকলো কাম–কাজ তদাৰক কৰে সংহিতাই ৷ এনজিটোৰ অন্য এজন কার্যবাহী হৈছে নিমীৰ দেউতাকৰ বন্ধু ৰবি সিংহানীয়া ৷ সংহিতাই তেওঁৰ লগতেই এনজিটোৰ কামত আজি বহু বছৰ বিৰতিত তাই আহি শ্বিলং পাহছেহি ৷

শ্বিলং এৰা তাইৰ অতীত স্মৃতিৰ দেশ ৷ শ্বিলঙৰ ৱার্ড লেক, পুলিচ বাজাৰ আদিত খুন্দ খাই আছে এছোৱা সময়ৰ স্মৃতিৰ কলাজবোৰ ৷ সৰহভাগ স্মৃতিত কিন্তু লগা আছে তিতা–কেহা নানা জীৱন যন্ত্রণা ৷ মিঠাৰ পৰিমাণ খুবেই কম, কাৰণ বিয়াৰ এসপ্তাহৰ পিছতে লোপ পাইছিল বিবাহিত জীৱনৰ মাধুকৰী ৷ উল্লেখ্য যে মিঠা স্মৃতিৰ পৰশ বুলিবলৈ নাই আচলতে ৷ সময়বোৰ আছিল ৰুদ্ধশ্বাসত বন্দী ৷ কাৎচিতহে মাথোঁ কণমানি দিকৰ উপস্থিতিৰ সময়তহে সিহঁতৰ মাজত থকা নিৰুত্তাপ আৰু সংবেদনহীন সম্বন্ধটো অলপ পোহৰ হৈ পৰিছিল ছকাছন্দাকৈ ৷ বাকীখিনি সময়ত সংহিতা ৰণৰ ইচ্ছাৰ আজ্ঞাবাহী হৈ পৰিছিল ৷ অৱদমনৰ কবলত জঁই পৰি নিষ্চিহ্ণ হৈছিল কুমাৰী জীৱনৰ স্বপ্নময় আশা–আকাংক্ষাবোৰ ৷

বর্তমান তাই আৰু দিকৰ বাবে এই কথাবোৰ এতিয়া অপ্রাসংগিক যদিও কিয় জানো এতিয়াও তাই মনত পেলাহ মন্ত্রমুগ্ধ হৈ আহি আছে ৰণৰ ঘৰৰ পদূলিলৈ ৷ ইয়াত এতিয়া তাইৰ বাবে একো নাই ৷ আনকি যন্ত্রণাৰ পলবোৰো এতিয়া তাইৰ মনগহনৰ পৰা অস্পষ্ট হৈ পৰা আজি বছৰ পাৰ হল ৷

হে প্রভু তথাপিচোন স্মৃতিৰ অজান পুলকে এতিয়াওচোন কঁপাই তুলিছে সংহিতাক ৷ কঁপনি আৰু শিহৰণ এটাই তাইক তিলমান হলেও উন্মনা কৰি তোলা নাই বুলি কলে এটা গোকাট মিছা কথা কোৱা হব নিজকে ৷

সংহিতা আহি শ্বিলং পোৱাৰ পাছৰে পৰা অলপ অস্থিৰ হৈ পৰা কথাটো কিন্তু ৰবি সিংহানীয়াৰ চকুৰ পৰা সাৰি যোৱা নাছিল ৷ একেলগে কাম কৰাৰ ফলতেহ নেকি, ৰবিয়ে লাহে লাহে সংহিতাৰ মনগহনৰ কিছু কথা যেন বুজি পোৱা হৈছে ৷  বিপত্নীক ৰবিও কিছু পৰিমাণে একাকী জীৱনৰ দাস ৷ গতিকে একাকিত্বক অনুভৱ কৰিব পাৰে ৰবিয়ে ৷ লৰা–বোৱাৰী থাকিলেও সুন্দৰ আৰু সপ্রতিভ হৈ কামত আত্মনিয়োগ কৰা মধ্যবয়স্ক্ মানুহগৰাকীৰ আগত এতিয়াও পৰি আছে ওৰেটো জীৱন ৷ ৰবিৰ অহেতুক এটা টান আছে সংহিতাৰ প্রতি ৷ ইয়াত নাই কোনো কলুষ আৰু আৰোপিত স্বার্থ, আছে কেৱল শুভকামনা আৰু  বন্ধুত্বৰ আন্তৰিকতা ৷ বৰ ভালকৈ বুজে সংহিতাই ৷ একেলগে কাম কৰাৰ ফলত ভাল বন্ধু হৈ পৰিছে সিহঁতহাল ৷ সকলো কথাৰ ভাগ–বাটোৱাৰা আছে সিহঁতৰ মাজত৷ অৱশ্যে তাৰ মাজতে নিজৰ স্থিতিৰ পৰা আগবাঢ়ি যোৱা নাই দুয়োজন ৷

এহ বন্ধুত্বৰ সুবাদতে ৰবিয়ে সংহিতাক কলে, শ্বিলঙলৈ আহিছা যেতিয়া স্মৃতিৰ আৱেশে তোমাক বিৱশ কৰিছে নহয় সংহিতা ৷ যোৱা নহলে এপাক পুৰণি ঘৰখনলৈ ৷  চিধাচিধিকৈ সংহিতাৰ পতিক লগ পাবলৈ যোৱা বুলি কিন্তু নকলে ৷ সংহিতা আচৰিত হৈ গল ৷ ইমান অনুভূতিপ্রৱণ এই ৰবি সিংহানীয়া ৷  আচলতে প্রেমিক পুৰুষ ৰবি ৷ মৃত পত্নীৰ প্রতি এতিয়াও আছে প্রবল প্রেম আৰু সন্মান ৷ নাৰীক সন্মান দিব পৰা সকলোজন পুৰুষ সংহিতাৰ বাবে প্রিয় পুৰুষ ৷ অৱশ্যে দম্ভ নাৰীৰ আতিশয্যত নির্যাতিত পুৰুষৰ কষ্টৰ কথাও অজানা নহয় সংহিতাৰ ৷ ৰবিক সংহিতাই ভৰসা কৰিবলৈ লৈছে ৷ বিশ্বাস আৰু বহল বুকু বিচাৰি ফুৰে প্রতিজনী অতৃপ্ত নাৰীয়ে ৷ অলপ অসামাজিক অনুভূতি হলেও এয়াও নাৰীৰ স্বভাৱগত তাড়না ৷ নাৰীৰ লতা হোৱাৰ বাসনাই অহৰহ সন্ধান কৰে এজোপা বটবৃক্ষ ৷ ছাঁত জিৰাব বিচাৰে তৃষাতুৰ সত্তাই ৷

ৰবিয়ে তাইক এবাৰ পুৰণি ঘৰখনলৈ যাবলৈ কোৱাত তাই নিজকে বান্ধি ৰাখিব নোৱাৰিলে ৷ ঢপলিয়াই আহিলে তাই পুৰণি পদূলিলৈ ৷ মানুহৰো যে মনন ।

খোজেপতি সংহিতাৰ বুকুখন কঁপি উঠিছে অজান এটা আশংকাত ৷ তাই ভুল কৰিছে নে ভাল কৰিছে অথচ তাৰ মাজতো থৌকিবাথৌ হৈছে তাইৰ হিয়া, এইখিনিতে যে ঠন ধৰি উঠিছিল তাইৰ জীৱনৰ অধ্যায় ৷ পাহৰিব খুজিছে তাই বা পাহৰিছেও ৷ কিন্তু তাৰ মাজতো সুপ্ত হৈ শুই আছে অতীত ৷ যি অতীতটো আজি আকৌ সাৰ পাই উঠিছে ৷ সৰীসৃপ দেহী বাটটোৰে তাই যিমানেই আগবাঢ়ি গৈছে সিমানেই তাই নিজৰ বুকুৰ শব্দ নিজেই শুনিবলৈ পাইছে ।

কেনে আছে ঘৰখনৰ সদস্যবোৰ কেনে আছে ৰণ এতিয়াও সেই গোঁৱাৰ গোবিন্দ হৈয়েই আছেনে তাইক যদি আকৌ থকা–সৰকা কৰে শব্দৰ শৰ মাৰি ভাবি সচকিত হল যদিও নিজকে প্রবোধ দিলে যে নাই এতিয়া আৰু হয়তো ৰণৰো পৰিৱর্তন হল তাইৰ দৰেই ৷ তাই এতিয়া কথাবোৰ ধৰি থকা নাই ৷ সম্পর্ক কোনেও ইচ্ছাকৃতভাৱে নাভাঙে ৷ এইবোৰ অদৃষ্ট ৷ কিছু পৰিমাণে উভয় পক্ষৰ অসহিষু মনোভাৱৰ ফল ৷ তথাপি তাই পাহৰিব নোৱাৰে তাইৰ জীৱনৰ কলা অধ্যায়, যত তাইৰ এটা প্রতিবাদ কৰিলেও অপদস্থ হব লগা হৈছিল ৷ এই ওখোৰা–মোখোৰা বাটটোতে কিমান দিন তাই জীৱন শেষ কৰি দিয়াৰ পৰিকল্পনা কৰিছিল ৷ দিকৰ ভৱিষ্যতৰ কথা ভাবিয়েই এদিন তাই দিকক লৈ পলাইছিল নিজৰ মাকৰ ঘৰলৈ ৷ বিয়া দিয়া ছোৱালী ঘৰলৈ উভতি আহিলে উদাৰ মনেৰে ঘৰেও আদৰি নলয় ৷ দিনবোৰ আজিৰ দৰে নাছিল তেতিয়া৷ তাৰ পিছত আৰম্ভ হৈছিল তাইৰ অস্তিত্বৰ সংগ্রামৰ সংঘাতভৰা দিনলিপি ৷

এতিয়া ভাবিলে তাইৰ সপোন সপোন লাগে ৷ মুখেৰে মাত এটা মাতিবলৈ ভয়–সংকোচ কৰা তাই সানন্দে বিসর্জন দিছিল অস্পষ্ট সূতাত লাগি থকা তাইৰ অসফল বিবাহপাশ ৷

আকাশ–পাতাল ভাবি কথাবিলাক পাগুলি আহি থকাৰ মাজতে খিতিংকৈ গেটখন খোলাৰ শব্দত তাইৰ সম্বিৎ আহিল৷ হাৰে তাইচোন তাইৰ পুৰণি ঘৰৰ পদূলিত৷ পদূলিটোৰ পৰা হাতত খাং এটা লৈ খাচীয়া মহিলা এগৰাকী ওলাই গল ৷  খাংটোত নাচপতি, কমলা আদিবোৰ দেখি তাইৰ দিকৰ কেঁচুৱা কালটো মনত পৰিল ৷ ফলে মূলে ভৰপূৰ হৈ আছিল পাকঘৰটো ৷ মন ভাল থাকিলে ৰণে কেতিয়াবা জেলীও বনাইছিল ৷ মুঠতে আপোন খেয়ালৰ বাহিৰে অন্য একো বুজা নাছিল ৷ আপোন বৃত্তৰ আত্মকেন্দ্রিক খেয়ালবোৰৰ বাহিৰে একো চিনি নোপোৱা ৰণ ৷ এনে মানুহৰ লগত নিজকে হাজাৰবাৰ মিলাবলৈও গলেও লাভ নাই ৷

ঘৰটো আগৰ দৰে আটোমটোকাৰীকৈ ৰখা হৈছে৷ ৰংটো সলনি হল ৷ বগৰী দুজোপা আছে ৷ বগেনভেলিয়া জোপা নাই ৷ তাৰ ঠাইত বেড় বনাই লৈ ৰুই থোৱা আছে এসোপামান ফৰগেট মি নট ৷ বেঙুনীয়া ফৰ গেট মি বেঙুনীয়াখিনিত তাইৰ বেদনা অলপ লাগি থকা যেন লাগিছে সংহিতাৰ ৷ ঝুলনাখনৰ কাষত ক্রিকেটৰ পষ্ট এটা ৷  কোনে খেলে ক্রিকেট

কঁপনি চম্ভালি লৈ নিজকে সহজ কৰিবলৈ লৈ আকৌ কঁপি উঠিল সংহিতা ৷ সৌৱা গেটৰ শব্দ শুনি আগবাঢ়ি আহিছে ৰণ ৷ চুলিখিনি আগৰ দৰেই বেকব্রাছ কৰা ৷ উঠঙা চুলিখিনি বগা পৰিছে ৷ ডিঙিটো শুকাই গল তাইৰ ৷

আৰে হিতা

ৰণৰ কোমল মাত আৰু আদৰণিত মূক হৈ গল তাই ৷ চকুযুৰি ভৰি আহিব খোজেজাতেই সজাগ হৈ পৰিল সংহিতা ৷

ইমান দিনৰ মূৰত, আহা আহা ৷ সোমাই আহা ৷

এয়া ৰণ

সময়ে এনেকৈ সলনি কৰেনে মানুহ

কথাবোৰ ঘূৰপাক খালে তাইৰ অভ্যন্তৰত ৷

সবিশেষ কলে তাই ৰণক ৷ এতিয়া তাই মুম্বাইত ৷ দিকৰ সংসাৰৰ কথাও কলে ৷ তাই যে এজন সহকর্মীৰ লগত শ্বিলঙলৈ আহিছে তাকো কলে ৷

লাহেকৈ সহজ হল তাই ৷ সহজ হবলৈ চেষ্টা কৰিলে ৰণেও ৷

কিয় কোনো নাই নেকি ঘৰত

ৰণৰ উত্তৰত গম পালে তেওঁ আৰু বায়েক আছে ৷ মাক ঢুকাল ৷

ৰবা কথাই পাতি আছোঁ ৷ কফী বনাওঁ ৰবা ৷ মই অকলে আছোঁ, ৰণে বৰ কোমলকৈ কলে ৷ অনুতাপত যেন সিক্ত হৈ উঠিছিল ৰণৰ মাতটো ৷

সংহিতাৰ মনৰ পৰা খং, ৰাগ, হুতাশবোৰ আপোনা আপুনি সৰি পৰিল ৷ ৰণ তাইৰ এদিন স্বামী আছিল ৷ দিকৰ দেউতাক ৷ সম্পর্ক নাথাকিলেও তাই ৰণৰ অস্তিত্বক নস্যাৎ কৰিব নোৱাৰে ৷ শুভেচ্ছাবোৰ জানো শাওপাত কৰিব পাৰি ৷ নোৱাৰি ৷  বুকুখন গধুৰ লাগিছে তাইৰ ৷

নাই ৰণ এইমাত্র লান্স কৰি আহিছোঁ ৷ অলপ পিছতে উভতি যাব লাগিব ৷ কাইলৈ ফ্লাইট পুৱাতেই ৷ গুৱাহাটীতে ৰাতিটো পাৰ কৰিব লাগিব ৷ দেৰি নকৰোঁ ৷ এনেই তোমাৰ খবৰ লবলৈ সোমালোঁ ৷ সংহিতাৰ মাতটোত বাগৰিছিল তিলমান প্রীতিৰ বন্যা ৷

অলপপৰ মৌনতাৰ পিছত ৰণে কলে, হয় নেকি ৷ কফী নোখোৱাকৈ যোৱা যদিও কিবা এটা চাই যোৱা আহাচোন ।

ৰণে নিশ্চয় নতুনকৈ কেইটামান কুকুৰ আনিছে ৷ আগতে ৰেইনব নামৰ ডগীটোক কুকুৰ বুলি কলে ৰণ পগলা হৈ গৈছিল ৷ হঠাতে ওলাই আহিবলৈ লোৱা হাঁহিটো তাই সামৰি থলে ৷ সম্বিৎ ঘূৰি আহিলত ৰাতি টোপনিতে খোজ কঢ়া মানুহৰ দৰে নামহীন আচ্ছন্নতাৰে তাই ৰণৰ পিছ ললে ৷ তাহ সিহঁতৰ বেডৰুমত সোমাব এইবাৰ তাই দস্তুৰমত নার্ভাছ হল ৷ ৰণো কিছু পৰিমাণে অসহজ হৈ আগবাঢ়িল ৷ ৰণ মানুহটো অলপ কুঁজা হৈছে ৷ নাচাওঁ বুলিও তাই ৰণক চাহছে মনে মনে ৷

বেডৰুমৰ বাৰাণ্ডাখন ঘেৰি ৰুমটো ডাঙৰ কৰা হৈছে ৷ সযতনে থোৱা হৈছে বস্তু–বাহানিবোৰ ৰণে ইমান পৰিপাটিকৈ থৈছে নে ৰুমটো বুলি চাওঁতে ডাবল বেডখনত দেখিলে, এটা লুডুৰ–পুতুৰ সৰু লৰা ঘোৰ টোপনিত ৷ তাই আচৰিত হল ৷

আয়ু কোন এওঁ দহ বছৰীয়ামান এই কণমানিটো কোন ৰণ

মোৰেই লৰা হিতা ৷ বুুাকালৰ সন্তান বুইছা ৷ মাকো কমবয়সীয়া৷ পুলিচ বাজাৰলৈ ওলাই গৈছে ৷

শিলপৰা কপৌ হৈ গল হিতা ৷

ৰণে বিয়া কৰালে

হব পাৰে, কিয় নোৱাৰে জীৱন জানো ৰৈ যায় ৷

কিন্তু ৰণে লৰা ৰখিছে, মাক পুলিচ বজৈাৰ গৈছে ৷ মূৰটো আচন্দ্রাই কৰি উঠিল ৷ তিলমান দুখৰ অনুভৱ এটা বুকুত খুন্দা খাই উঠিল যদিও তাইৰ অকণো লন নহল ৷ আগবাঢ়ি গৈছে ৰণ, ভাল কথা ৷ কিন্তু তাতোকৈ ভাল লাগিল লৰা ৰখি পত্নীক আজৰি কৰি পুলিচ বাজাৰ যাবলৈ দিয়াকৈ সলনি হল ৰণ ৷ সময়তকৈ ডাঙৰ শিক্ষা আৰু পৰিৱর্তন আনি দিওঁতা আচলতে কোনো নাই ৷ লৰাটোক চালে তাই ৷ থুঁতৰিটো দিকৰ দৰে ৷ মৰম লাগি গল তালৈ ৷ তাই কিন্তু খৰখেদা লগালে এইবাৰ ৷ নাই তাৰ মাকক লগ পাবলৈ তাইৰ মন নাই ৷ এয়া কিহৰ অনুভৱ তাই ধৰিব নোৱাৰিলে যদিও পতিয়ন গল যে এয়া ঈর্ষা নহয় ৷ শুভকামনা দিব পৰাকৈ তাই প্রস্তুত নহয় যদিও অমংগল চিন্তা তাই কৰিব নোৱাৰে ৷ ৰণক আকৌ এবাৰ চাবলৈ মন আছিল যদিও মুখখন পাহাৰটোৰ ফালে ঘূৰাই যিমান পাৰে সহজভাৱে কলে সংহিতাই ৷ মাত্র ধোঁৱাৰ কুণ্ডলী এটা দেখি অনুমান কৰিলে, আগৰ দৰেই অসহনীয় মুহূর্তত লাই লোৱাৰ দৰেই ৰণে চিগাৰেট লাইছে ৷ নাই ইয়াত আৰু দেৰি কৰিব নোৱাৰি ৷ কমবয়সীয়া মানুহজনীক তাইৰ উপস্থিতিৰ দম্ভৰে দুখী কৰিবৰ মন নগল তাইৰ ৷

আহিছো ৰণ বুলি তাই খৰখেদাকৈ গেটখন খুলি সর্পিল বাটটোত ভৰি দিলে ৷ হর্ষ আৰু বিষাদৰ ক্ষণবোৰ অপ্রত্যাশিতভাৱে আহে ৷ ৰণৰ সংসাৰ হল, সুখী হৈছে তাই ৷ ৰিক্ততাৰ ভাৰ সহা সহজ নহয় ৷ তায়ো জানো ৰিক্ত নহয়

ইমান দিনে প্রশ্ণটো তাইৰ মনলৈ এদিনো অহা নাছিল ৷

এদিন আওপকীয়াকৈ নিমিয়ে, কৈছিল জানানে আণ্টী, কালি দিকে কৈছে সিংহানীয়া আংকুলো ইমান লনলী নহয়নে আমাৰ মাৰ দৰে ৷

তাই উত্তৰ নিদিয়াকৈ হাঁ হোঁ কৰি আছিল যদিও পুতেক–বোৱাৰীৰ ইংগিত বুজি পাইছিল সহজে ৷

আজি একেটা কথাকেই আজি তায়ো বুজি পাইছে ৷ জীৱনটো জীৱলৈ এখন কান্ধৰ প্রয়োজন ৷ ভৰসা আৰু চেনেহভৰা কান্ধ এখন অজানিতে তায়ো বিচাৰিছে নেকি

দোমোজাত থকা স্বভাৱ সংহিতাৰ নাই ৷ হূদয়ৰ প্রয়োজনখিনি তাই পল পলকৈ পূৰাব ৷ সংহিতাই নিমীলৈ ফোন লগালে৷ আধা বয়সৰো আধা পাৰ হৈ যোৱা সংহিতাই নিমীক বাৰু কথাখিনি কেনেকৈ বুজাব

অচিন অবুজ লাজে সংহিতাৰ মুখত আঁকি দিছে এখন ৰামধেনু৷ সময়খিনি সলাজ হৈছে ৷

ফোনঃ ৯১০১৩-৪৯৫২৯

You might also like
Leave A Reply

Your email address will not be published.