ট্ৰিগাৰ ফিংগাৰ

প্রাঞ্জল প্রতিম বৰা

মানুহৰ হাত আৰু আঙুলিবোৰ হল বিভিন্ন হাড়, সৰু সৰু মাংসপেশী আৰু লিগামেণ্টেৰে গঠিত কেতবোৰ গঠন, যি আমাক বিভিন্ন কাম বা Activity কৰাত আৰু লৰচৰ বা movement কৰাত সমর্থ কৰি তোলে৷ হাত আৰু হাতৰ আঙুলিবোৰ বিভিন্ন মাংসপেশী, লিগামেণ্ট আৰু টেণ্ডনেৰে গঠিত ৷ হাতত থকা মাংসপেশীসমূহ সংকুচিত হৈ হাতৰ গতি আৰু চলাচল কৰাত সহায় কৰে ৷ টেণ্ডনবোৰ (Tendon) হল কেতবোৰ কলা, যি মাংসপেশীসমূহক হাড়ৰ লগত সংযুক্ত কৰি ৰাখি চলাচল সুচল কৰি ৰাখে ৷ আনহাতে লিগামেণ্টবোৰ (Ligament) হল কেতবোৰ কঠিন আৰু টানিলে দীঘল হৈ পৰা কেতবোৰ কলা বা Tissue যি গাঁঠিবোৰৰ চাৰিওফালে থাকি Movement নিয়ন্ত্রণ কৰে আৰু গাঁঠিবোৰক সুস্থিৰ কৰি ৰাখে৷ সেয়েহে লিগামেণ্ট বা টেণ্ডনৰ আঘাতত সম্পূর্ণ গাঁঠি এটা অসমর্থ হৈ পৰিব পাৰে ৷ হাতৰ আঙুলিবোৰো তাৰ ব্যতিক্রম নহয় ৷ 

মানুহৰ হাতৰ আঙুলিবোৰত ৩ প্রকাৰৰ হাড় থাকে ৷

১. হাতৰ আঙুলিৰ একেবাৰে তলফালে থকা ১৪ডাল Phalanges হাড় ৷

২. মাজ অংশত থকা ৫ডাল Metacarpal হাড় ৷ 

৩. আৰু ওপৰফালে ৪ ডাল ৪ ডালকৈ দুশাৰীত থকা মুঠ ৮ ডাল Carpal হাড় , যি আমাৰ Wrist Jointৰ  গঠন কৰে ৷

এইবোৰৰ উপৰি বিভিন্ন ধৰণৰ ধমনী, সিৰা আৰু স্নায়ু হাতৰ ভিতৰত থাকে, যি তেজৰ চলাচল আৰু সংবেদনশীলতাৰ কাম কৰে ৷ যিহেতু যিকোনো কামত আমাৰ হাতখনেই আগতে যায়, গতিকে হাতৰ কেতবোৰ আঘাত বা বিসংগতি হোৱা দেখা যায় আৰু কেতিয়াবা ই চিন্তনীও ৷ তেনে এবিধ হাতৰ আঙুলিৰ অৱস্থা বা বিসংগতি হল  ট্ৰিগাৰ ফিংগাৰ (Trigger Finger), যত এজন লোকৰ আঙুলি এটা কোঁচ খোৱা বা চিধা অৱস্থাত টান হৈ পৰে বা লক্ হৈ যায় ৷ মেডিকেলৰ ভাষাত হয়াক বহলকৈ জনা যায়Stenosing Tenosynovitis” বুলি ৷ সাধাৰণতে দেখা যায় আঙুলি এটা বেঁকা বা ভাঁজ কৰা অৱস্থাত লক্ হৈ যায় আৰু কিছু সময়ৰ পিছত পুনৰ চিধা হৈ পৰে, যাক আমি বন্দুকৰ ট্ৰিগাৰৰ লগত তুলনা কৰিব পাৰোঁ৷ এহ অৱস্থা এটাতকৈ অধিক আঙুলিটো হব পাৰে বা দুয়োখন হাতৰ আঙুলিটো হব পাৰে ৷ আঙুলি এটাৰ টেণ্ডনবোৰ থকা ঠাইখিনিৰ চাৰিওফালে কোনো কাৰণত Inflammation হৈ কোঁচ খাই পৰি এই অৱস্থা হয় ৷ যিসকল লোকে হাত বহু সময় একেলগে বা বাৰে বাৰে মুঠি মাৰি কোনো কাম কৰে বা বহুত দূৰ সদায় বাইক বা মটৰচাহকেল চলায়, তেওঁলোকে এই অৱস্থাত ভোগাৰ সম্ভাৱনা বেছি ৷ তদুপৰি মধুমেহৰ সমস্যা বা ৰিউমেটিক আর্থাইটিছ ৰোগত ভোগা লোকসকল আৰু পুৰুষৰ তুলনাত মহিলাৰ  ট্ৰিগাৰ ফিংগাৰৰ সমস্যা অধিক দেখা যায় ৷

কিদৰে যত্ন লবঃ

১.  বাৰে বাৰে হাতমুঠি মাৰি কৰা কামবোৰ পৰিত্যাগ কৰক ৷

২. যদিহে নোৱাৰে, হাতত গ্লভছ পিন্ধিব পাৰে ৷

৩. ব্যায়াম, বিশেষকৈ Stretching আৰু Strengthening ব্যায়ামবোৰ বৰ উপকাৰী ৷

৪. আঙুলি চিধাকৈ ধৰি ৰখা Splint কমেও ৬ সপ্তাহলৈ পিন্ধিব লগা হব পাৰে ৷

৫. কেতিয়াবা শল্য চিকিৎসাৰো সহায় লব লগা হব পাৰে ৷

ট্ৰিগাৰ ফিংগাৰ সমস্যাত ভোগা ৰোগীয়ে ঘৰতে কৰিব পৰা দুটামান ব্যায়াম

১. আপোনাৰ অসুস্থ হাতখন এখন টেবুলৰ ওপৰত চিধাকৈ অর্থাৎ হাতৰ তলুৱাখন তললৈ দি টেবুলত পেলাই লওক ৷ এতিয়া আনখন হাতৰ এটা আঙুলি দি পেলাই ৰখা হাতখনৰ আপুনি অসুবিধা পোৱা আঙুলিটো ওপৰলৈ টানি চিধাকৈ উঠাই ৰাখক আৰু ১ৰ পৰা ১০লৈ গণনা কৰক ৷  এনেদৰে এবাৰত ১৫বাৰকৈ দিনটোত ৫/৬ বাৰ এই ব্যায়ামটো কৰক৷

২. আপোনাৰ হাতৰ বুুা আঙুলিটো হাতখনৰ তলুৱাৰ ফালে কোঁচাই আনক আৰু বুুা আঙুলিটোৰ ওপৰৰ অংশইদি প্রথমে কনিষ্ঠ আঙুলিটো স্পর্শ কৰি ১৫ ছেকেণ্ড ধৰি ৰাখক ৷ ইয়াৰ পিছত বুুঢ়া আঙুলিটোৰে একে ধৰণে তাৰ কাষৰ আঙুলিটো ১৫ ছেকেণ্ডৰ বাবে স্পর্শ কৰি ৰাখক ৷ এহদৰে বুুঢ়া আঙুলিটোৰে এটা এটাকৈ গোটেহকেহটা আঙুলি স্পর্শ কৰক আৰু ব্যায়ামটো কেহবাবাৰো ৰিপিট কৰক ৷

৩. এডাল ৰবৰৰ বেণ্ড হাতৰ আঙুলিবোৰৰ চাৰিওফালে মেৰাহ লৈ বেণ্ডডাল টানিবলৈ আৰু ঠেলিবলৈ চেষ্টা কৰক ৷

অধিক পৰামর্শৰ বাবে চিকিৎসকৰ ওচৰ চাপিলে ট্ৰিগাৰ ফিংগাৰ সমস্যাৰ পৰা সম্পূর্ণ আৰোগ্য লাভ কৰিব পাৰি ৷

ফোনঃ  ৮৬৩৮৩৮৮০৭৭

You might also like
Leave A Reply

Your email address will not be published.