পংকজ কুমাৰ নেওগ
আইডা ছ’ফিয়া স্কাডাৰ কেনেকৈ আৰু কিয় ডাক্তৰ হ’বলগীয়া হৈছিল সেই কাহিনী নিঃসন্দেহে অতি হৃদয়স্পৰ্শী। ১৮৯০ চনৰ কোনোবা এটা দিনত বৰ্তমানৰ তামিলনাডুৰ টিণ্ডিভানামত গভীৰ নিশা আইডাহঁতৰ ঘৰৰ দুৱাৰত কোনোবাই টোকৰ মৰাত তেওঁ সাৰ পাই উঠে। বাহিৰত এজন মানুহ থিয় হৈ সন্তান জন্ম দিবলৈ ওলোৱা তেওঁৰ ১৪ বছৰীয়া পত্নীৰ বাবে সহায় ভিক্ষা কৰিবলৈ আহিছিল। আইডাই মানুহজনক কয় যে তেওঁ নহয় তেওঁৰ দেউতাকহে এজন ডাক্তৰ। সেই কথা শুনি মানুহজন শিল পৰা কপৌৰ দৰে থৰ লাগিছিল –পৰম্পৰামতে তেওঁৰ পত্নীক পুৰুষ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা আছিল সামাজিকভাৱে নীতি বহিৰ্ভূত। একে নিশা আইডাহঁতৰ ঘৰলৈ আন দুজন পুৰুষো তেওঁলোকৰ পত্নীৰ চিকিৎসা বিচাৰি আহিছিল কিন্তু তেওঁৰ উত্তৰ শুনি দুয়ো উভতি যাব লগা হ’ল। পিছদিনা ৰাতিপুৱা আইডাই অতি দুখেৰে গম পায় যে তেওঁলোকৰ ঘৰলৈ নিশা চিকিৎসা বিচাৰি অহা তিনিওগৰাকী মহিলাৰে মৃত্যু হৈছে। এই অভিজ্ঞতাই আইডা স্কাডাৰক গভীৰভাৱে জোকাৰি যায়। সেই মুহূৰ্ততে তেওঁ স্বাস্থ্যসেৱাৰ অতি কম সুবিধা লাভ কৰা ভাৰতীয় মহিলাসকলক আৰু বিশেষকৈ শিশু কইনা আৰু জেনানাৰ নিৰ্জনতাত বাস কৰা মহিলাসকলক সহায় কৰিবলৈ চিকিৎসা বিজ্ঞান অধ্যয়ন কৰাৰ সিদ্ধান্ত লয়।
এটা কোঠাৰ ডিচপেনচাৰীৰ পৰা আৰম্ভ হোৱা আইডা স্কাডাৰৰ কৰ্মৰাজি পাঁচ দশক জুৰি বিকশিত হয় আৰু ভেলোৰৰ ওচৰৰ ২০০ একৰ ভূমিত বিস্তৃত খ্ৰীষ্টান মেডিকেল কলেজ (চিএমচি)ৰ জন্ম দিয়ে। এই মেডিকেল কলেজখন আজি গৱেষণা, অগ্ৰণী পদ্ধতি আৰু ইয়াৰ দ্বাৰা প্ৰদান কৰা গুণগত শিক্ষাৰ বাবে সমস্ত ভাৰততে পৰিচিত। ১৮৭০ চনৰ ৯ ডিচেম্বৰত তামিলনাডুৰ ৰানীপে’টত জন্মগ্ৰহণ কৰা আইডা ছফিয়া স্কাডাৰৰ পিতৃ-মাতৃ জন আৰু ছ’ফিয়া আছিল মিছনেৰী। আঠ বছৰ বয়সত আইডা মাক-দেউতাক আৰু পাঁচজন ডাঙৰ ককায়েকৰ সৈতে আমেৰিকালৈ উভতি গৈ নেব্ৰাস্কা আৰু চিকাগোত সময় কটায় আৰু পৰৱৰ্তী সময়ত মেছাচুচেটছৰ নৰ্থফিল্ড চেমিনাৰী ফৰ ইয়ং লেডিজলৈ পঢ়িবলৈ যায়। সদায় এইটোকে ভাৱি অহা হৈছিল যে আইডাই নিজকে সেৱাৰ জীৱনত উৎসৰ্গা কৰিব। তেওঁৰ ককাক বিখ্যাত জন স্কাডাৰ আছিল দক্ষিণ এছিয়াৰ প্ৰথমজন আমেৰিকান চিকিৎসা মিছনেৰী আৰু পিতৃ-মাতৃ দুয়োজনেই আছিল ৰিফৰ্মড চাৰ্চৰ আৰ্কট মিছনৰ সদস্য। আইডাৰ ১৪ বছৰ বয়সত তেওঁলোক পুনৰ ভাৰতলৈ উভতি যায়। আইডাৰ ভাৰতৰ প্ৰতি কোনো আকৰ্ষণ নাছিল আৰু তেওঁৰ মাক-দেউতাকহঁত পুনৰ ভাৰতলৈ উভতি যোৱাৰ বিশেষ কাৰণ দেখা নাছিল। ২০ বছৰ বয়সত যেতিয়া আইডা নৰ্থফিল্ড চেমিনাৰী এৰি ভাৰতত থকা অসুস্থ মাতৃক লগ কৰিবলৈ যায় তেতিয়া তেওঁ নিশ্চিত আছিল যে কিছুদিনৰ বাবেহে তেওঁ ভাৰতলৈ যাবল’গীয়া হৈছে। সেই ভ্ৰমণতে অৱশ্যে তিণ্ডিভানামৰ স্বাস্থ্যসেৱাৰ অৱস্থা দেখি তেওঁৰ জীৱনৰ গতিপথ সম্পূৰ্ণ সলনি হয়।
১৯০০ চনত ফিলাডেলফিয়া মহিলা চিকিৎসা মহাবিদ্যালয় আৰু তাৰ পিছত কৰ্নেল মেডিকেল কলেজত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰাৰ পিছত আইডা স্কাডাৰ ভাৰতলৈ উভতি যায়। সেই সময়ত অতি কম সংখ্যক মহিলাইহে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিছিল। তেতিয়াৰ পৰা আইডাই ভাৰততে থকাৰ সিদ্ধান্ত লয়; অৱশ্যে নিজৰ কামৰ বাবে ধন সংগ্ৰহ কৰিবলৈ তেওঁ আৰু কেইবাৰমান আমেৰিকালৈ যাবল’গীয়া হৈছিল। বিশ্বস্ত বান্ধৱী এনী হেনককৰ সৈতে ভাৰত আহি পোৱাৰ কেইমাহমানৰ ভিতৰতে আইডাৰ পিতৃ জনৰ কৰ্কট ৰোগত মৃত্যু হয়। এই শোকৰ মাজতো তেওঁ থমকি নৰ’ল আৰু চেন্নাইৰ পৰা ১৩৫ কিলোমিটাৰ পশ্চিমে ৪০ হাজাৰ লোকৰ বসতিপ্ৰধান চহৰ ভেলোৰত নিজৰ ঘৰৰ পৰা চিকিৎসাৰ অনুশীলন আৰম্ভ কৰে। ভেলোৰ চহৰখন শিলৰ পাহাৰেৰে আগুৰা আৰু স্থানীয় ৰজা এগৰাকীয়ে নিৰ্মাণ কৰা শিলৰ দুৰ্গ এটাৰ বাবে প্ৰখ্যাত। চিকিৎসালয়ৰ বাবে আইডা স্কাডাৰৰ দৃষ্টিভঙ্গী কানাডিয়ান ধর্মপ্রচাৰক লুইছা হার্টৰ প্রস্তাৱিত এটি ধাৰণাৰ উপৰত গঢ় লৈ উঠিছিল। নিউ ইয়ৰ্কৰ এজন বেঙ্কাৰৰ পৰা লাভ কৰা ১০,০০০ ডলাৰৰ এটা উদাৰ অনুদানে স্বপ্নটিক বাস্তৱত পৰিণত কৰে আৰু এইদৰে ১৯০২ চনত মেৰী টেবাৰ শ্বেল মেম’ৰিয়েল হাস্পতালখনৰ জন্ম হয়। দাতাৰ পত্নীৰ নামেৰে প্রতিষ্ঠানটিৰ নামকৰণ কৰা হৈছিল। স্কাডাৰৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত মিছনত পৰিত্যক্ত অনেক নৱজাতক কন্যাৰ প্ৰথমগৰাকীৰো নাম ৰখা হৈছিল মেৰী।
চিকিৎসক হিচাপে আইডা স্কাডাৰৰ আৰম্ভণি আছিল যথেষ্ট দ্বিধাপূৰ্ণ। ৰক্ষণশীল পৰিয়ালবোৰে মহিলাসকলক আধুনিক চিকিৎসা সেৱাৰ সুবিধাৰ পৰা বঞ্চিত কৰাৰ আশঙ্কাতে তেওঁ পৰ্যাপ্ত ৰোগী নাপাব বুলি চিন্তিত হৈছিল কিন্তু তেওঁৰ ভয় অমূলক বুলি প্ৰমাণিত হ’ল। ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে ডঃ আইডা স্কাডাৰক বিশ্বাস কৰিবলৈ শিকিলে। দুবছৰৰ ভিতৰতে তেওঁ ৫০০০ ৰোগী চিকিৎসা কৰিছিল। আইডাই সঘনাই কৰা ভেচিকোভেজিনেল ফিষ্টুলা মেৰামতি পদ্ধতিটোৰ বাবে তেওঁ ৰোগীসকলৰ পৰা অকুণ্ঠ কৃতজ্ঞতা লাভ কৰিছিল আৰু এই পদ্ধতি ‘আইডা স্কাডাৰ অপাৰেচন’ নামেৰে পৰিচিত হৈছিল। ১৯০৬ চনত তেওঁ ভেলোৰৰ আশে-পাশে থকা গাঁওবোৰত “ৰ’ডছাইড” নামৰ চিকিৎসা শিবিৰৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে। সপ্তাহত এবাৰ তেওঁ ৰে’ল বা গৰু গাড়ী আৰু পিছলৈ এখন পুৰণা পিউজো গাড়ীৰে দূৰৈৰ শিবিৰলৈ অহা-যোৱা কৰিছিল। গাড়ীত আইডাৰ সৈতে গাড়ীচালক, এগৰাকী “বাইবেল লেডী” আৰু সহায়কৰ দল এটাও গৈছিল। গাড়ীখনৰ পিছে পিছে এখন গৰু গাড়ী (পিছলৈ এম্বুলেন্স) গৈছিল আৰু প্ৰয়োজনত গুৰুতৰ ৰোগীক চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল। এই শিবিৰবোৰৰ জনপ্রিয়তা ইমানেই বাঢ়িছিল যে মানুহ দূৰ-দুৰণিৰ পৰা আহি স্কাডাৰৰ দৰ্শন পাবলৈ ঘন্টাৰ পিছত ঘন্টা অপেক্ষা কৰিছিল।
জীৱনীকাৰ ডৰ’থী ক্লার্ক উইলছন আৰু পলিন জেফ্ৰিয়ে প্ৰশংসাসূচক ভাষাত আইডা স্কাডাৰৰ উচ্চাকাঙ্খাৰ সৈতে সমানুপাতিকভাৱে বৃদ্ধি পোৱা তেওঁৰ সংগ্রামৰ কথা লিখিছে। তেওঁ এখন ডাঙৰ হাস্পতাল, এখন নাৰ্ছিং স্কুল আৰু ১৯১৮ চনত মহিলাসকলৰ বাবে চিকিৎসা বিদ্যালয় কল্পনা কৰিছিল। মাইনা চাওলা সিংৰ দৰে ইতিহাসবিদসকলে যুক্তি দিয়ে যে স্বাস্থ্যসেৱা প্রদানই তেওঁৰ একমাত্র লক্ষ্য নাছিল – ইয়াৰ লগতে তেওঁ ধর্মপ্রচাৰৰ কামো চলাইছিল। বিশ্বমানৰ চিকিৎসা বিদ্যালয় স্থাপন কৰিবলৈ ধন আৰু সাংগঠনিক দক্ষতা দুয়োটাৰে প্ৰয়োজন আৰু আইডা স্কাডাৰ এজন সক্ষম প্ৰশাসক আৰু প্ৰতিষ্ঠান নিৰ্মাতা বুলি প্ৰমাণিত হৈছিল। নিজস্ব বাকপটুতাৰে তেওঁ বহুতো কাম সহজে সমাধা কৰিবলৈ সক্ষম হৈছিল। নিউয়ৰ্কৰ এজন বিশিষ্ট ঠিকাদাৰৰ কন্যা আৰু উদাৰ দাত্ৰী গেৰ্ট্ৰুড টডে ১৯১৬ চনত এই অভিযানত যোগদান কৰে আৰু বিত্তীয় ক্ষেত্ৰত সহায় কৰে। ১৯০৯ চনত ডেলিয়া হাউটনে নাৰ্চিং প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিবলৈ আইডাহঁতৰ লগ হয়।
১৯১৮ চনত যেতিয়া স্কাডাৰে ইউনিয়ন মিছন মেডিকেল স্কুল ফৰ উইমেন স্থাপনৰ প্ৰস্তাৱ দিয়ে তেতিয়া তেওঁৰ প্ৰস্তাৱক অতি অবিশ্বাসেৰে চোৱা হৈছিল। মাদ্ৰাজ প্ৰেচিডেন্সিৰ ব্ৰিটিছ চাৰ্জন জেনেৰেল কৰ্ণেল ব্ৰাইছনে তিনিগৰাকী ছাত্ৰীও যে পঢ়িবলৈ আগবাঢ়ি আহিব তাত সন্দেহ প্ৰকাশ কৰিছিল। সেই প্ৰথম বছৰতে স্কাডাৰে ১৫০ খন আবেদন লাভ কৰে আৰু ইয়াৰে ১৮ খন নিৰ্বাচিত কৰা হয়। বেছিভাগ মহিলা ছাত্ৰীয়ে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ লাইচেন্স অৱ মেডিকেল প্ৰেকটিচনাৰ ডিপ্ল’মা লাভ কৰাৰ সময়ত ব্ৰাইছন নিজৰ মন্তব্যৰ বাবে ভেচভেচীয়া হৈছিল। অৱশ্যে ইয়াৰ পাছতো নানা প্ৰত্যাহ্বান আহি থাকিল। ১৯৩৮ চনত ব্ৰিটিছ চৰকাৰে নিজৰ নীতি সলনি কৰি ঘোষণা কৰে যে কেৱল এমবিবিএছ বা বিশ্ববিদ্যালয়ে প্ৰদান কৰা চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ ডিগ্ৰীকহে স্বীকৃতি দিয়া হ’ব; এই ঘোষণাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে মিছনেৰী ফাণ্ডিং সংগঠনবোৰ ছিন্নভিন্ন হৈ পৰিল। কিন্তু বহুতো গণ্ডগোল আৰু অশান্তিৰ অন্তত স্কাডাৰৰ স্কুলখন মেডিকেল কলেজলৈ উন্নীত কৰা হ’ল। এইখনেই হ’ল ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজ। ১৯৪৫ চনত ই সহ-শিক্ষামূলক কলেজলৈ পৰিৱৰ্তিত হয়।
শিক্ষক আৰু চিকিৎসক হিচাপে স্কাডাৰে অতি শ্ৰমসাধ্য সূচী অনুসৰণ কৰিছিল। প্ৰায় প্ৰতিদিনেই পুৱা ৩ বজাত উঠি তেওঁ হিষ্ট’লজী, ফিজিঅ’লজী আৰু এনাটমীৰ ক্লাছৰ বাবে প্ৰস্তুতি চলাইছিল। ইয়াৰ পিছত তেওঁ ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়ৰ ৰাউণ্ডলৈ লৈ গৈছিল যাতে তেওঁলোকে ডিচপেনচাৰীত সহায় কৰিব পাৰে আৰু অস্ত্ৰোপচাৰৰ পদ্ধতিবোৰ পৰ্যবেক্ষণ কৰিব পাৰে। সা-সৰঞ্জামৰ সদায় অভাৱ আছিল যদিও হাতত যি আছিল তাৰেই কাম চলাবলৈ চেষ্টা কৰা হৈছিল। উইলছনে লিখিছে ধমনী, শিৰা আৰু স্নায়ু ইত্যাদি বুজাবলৈ নৰ কংকাল এটা বিভিন্ন ৰঙৰ ফিতাৰে সজোৱা হৈছিল। ৰাজনৈতিক অশান্তিবোৰে স্কাডাৰক বিচলিত কৰিব পৰা নাছিল। মাপিলা বিদ্ৰোহৰ ভৰপকৰ সময়তে (১৯২১-২২) চহৰখনৰ মুছলমান অধ্যুষিত অঞ্চলৰ এজন ৰোগীক গোপনে চিকিৎসা কৰিবলৈ তেওঁ বোৰ্খা পিন্ধি গৈছিল। ১৯২৮ চনত মহাত্মা গান্ধীয়ে চিকিৎসা বিদ্যালয়খন পৰিদৰ্শন কৰে। স্বাধীনতাৰ পাছতো খ্ৰীষ্টান মেডিকেল কলেজে নিষ্ঠাবান চিকিৎসক সকলক আগৰ দৰে আকৰ্ষণ কৰি থাকিল। ইয়াৰ ভিতৰত আছিল কুষ্ঠ ৰোগীক অস্ত্ৰোপচাৰ কৰা পল ব্ৰেণ্ড, কোটাগিৰিত চিকিৎসালয় স্থাপন কৰা পলিন জেফ্ৰি আৰু উন্নত ৰেডিঅ’লজী কৌশল উদ্ভাৱনকাৰী আইডা স্কাডাৰৰ ভতিজী ইডা বেলা স্কাডাৰ।
মানুহক ভগৱান বা দেৱীৰ ৰূপত পূজা-আৰাধনা কৰা সংস্কাৰ স্কাডাৰে প্ৰতিহত কৰিছিল আৰু এটা সময়ত মানুহে তেওঁৰ মূৰ্তি স্থাপন কৰিব খোজা ধাৰণাটোৱে তেওঁক আতঙ্কিত কৰিছিল। মৃত্যুৰ দুবছৰ পূৰ্বে ১৯৫৮ চনত ভেলোৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত তেওঁ অধ্যয়ন কৰা আমেৰিকাৰ কৰ্নেল বিশ্ববিদ্যালয়ে তেওঁক সন্মান জনায়। স্কাডাৰে অৱসৰ গ্ৰহণ কৰা কিছু বছৰ পূৰ্বে ৰিডাৰ্ছ ডাইজেষ্টৰ এটা প্ৰবন্ধত তেওঁক “৭২ বছৰ বয়সতো খোজত বসন্ত, চকুত জিলিকনি আৰু ৪৫ বছৰীয়া এজন অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ দক্ষ শক্তিশালী হাত থকা এগৰাকী বগা চুলিৰ অসাধাৰণ মহিলা” হিচাপে বৰ্ণনা কৰা হৈছিল। ভাৰতৰ সকলো ঠাইৰ ডাক্তৰসকলে স্ত্ৰীৰোগৰ আটাইতকৈ কঠিন কেছবোৰ ডঃ আইডা স্কাডাৰলৈ প্ৰেৰণ কৰিছিল। বেমাৰ নিৰাময়ৰ ক্ষেত্ৰত তেওঁৰ খ্যাতি ইমানেই উচ্চ আছিল যে মহিলা আৰু সৰু ল’ৰা-ছোৱালীবোৰ কেৱল তেওঁৰ স্পৰ্শ ল’ভিবলৈকে তেওঁৰ কাষলৈ আহিছিল। ১৯৬০ চনত ভাৰতৰ তৎকালীন ৰাষ্ট্রপতি ডঃ ৰাজেন্দ্র প্রসাদে স্কাডাৰক এগৰাকী “মহান মহিলা যাৰ নিষ্ঠা আৰু পৰিকল্পিত কাম-কাজ সকলোৰে অনুকৰণীয়” বুলি প্রশংসা কৰিছিল। ২০০০ খন বিচনাযুক্ত ভেলোৰ খ্ৰীষ্টান মেডিকেল চেণ্টাৰ ২০০৩ চনত বিশ্বৰ আটাইতকৈ ডাঙৰ খ্ৰীষ্টান চিকিৎসালয় আছিল। ইয়াৰ মেডিকেল স্কুল এতিয়া ভাৰতৰ অন্যতম প্ৰধান চিকিৎসা মহাবিদ্যালয়। ২০২৩ চনত নেচনেল ইনষ্টিটিউট ৰেংকিং ফ্ৰে’মৱৰ্ক (NIRF)ৰ দ্বাৰা এই কেন্দ্ৰটোক তিনি নম্বৰ কলেজ হিচাপে স্থান দিয়া হয়।
ফোন : +৯৬৮-৯৯৬৭-২৭৮১।
Comments are closed, but trackbacks and pingbacks are open.