উৎপল দত্ত
জুবিন গার্গৰ অকাল মৃত্যুৰ খবৰ প্রচাৰ হোৱাৰ লগে লগেই সমগ্র অসমখন শোকত বুৰ যায়৷ অকল শোক নহয়, ক্ষোভ আৰু তীব্র খং৷ প্রিয় সংগীতশিল্পী এজনক অকালতে, কোনো প্রাকইংগিত নথকাকৈ, অসমৰ পৰা দূৰৈত হেৰুৱাবলগীয়া হোৱা বাবে জুবিনপ্রেমীসকলৰ মন বিভিন্ন মিশ্রিত ভাবেৰে স্বাভাৱিকভাৱেই ভাৰাক্রান্ত হৈ পৰিছে৷ হেৰুওৱাৰ এই বেদনা অকল এজন গায়কক লৈ নহয়, এহ বেদনা আৰু কষ্ট হ’ল এজন এনে সাংস্কৃতিক ব্যক্তিত্বৰ বিয়োগবার্তা যি নিজৰ সৃষ্টিৰ যোগেৰে আহি মানুহৰ ওচৰ পাই সৃষ্টিৰ সীমাক অতিক্রম কৰি হূদয়ৰ ওচৰৰ মানুহ হিচাপে ঠাই অধিকাৰ কৰি লৈছিল৷ জুবিন গার্গৰ জনপ্রিয়তা অকল তেওঁৰ গীত বা কণ্ঠৰ মাজতেই সীমাবদ্ধ নহয়, প্রতিভা আৰু ব্যক্তিত্বৰ সামগ্রিকতাৰ এখন ছবি যিখনে ভাষা, ভূগোল আৰু শৈলীৰ সীমা ভাঙি গৈ এটা দীর্ঘস্থায়ী আহকন হৈ ডঠিছিল৷ এক কথাত তেওঁ আছিল অসমৰ বিনোদন জগতৰ প্রথম নক্ষত্র, যাৰ তুলনা কেৱল তেওঁৰ লগতেই সম্ভৱ৷
বিনোদন জগতত তৰা বা নক্ষত্র বুলি এনেকুৱা ব্যক্তিক চিহ্ণিত কৰা হয়, যিয়ে নিজৰ শিল্পকলা বা পৰিৱেশনৰ জৰিয়তে বিশেষ প্রচাৰ আৰু জনপ্রিয়তা লাভ কৰে আৰু সেই জনপ্রিয়তাই তেওঁক ৰাইজৰ ওপৰত প্রভাৱ পেলাব পৰা ব্যক্তিলৈ ৰূপান্তৰ কৰে৷ এগৰাকী অভিনেতা বা গায়ক আৰু তাৰকাৰ পার্থক্য অকল প্রতিভা নহয়, তাৰকাৰ থাকে এক বিশেষ আকর্ষণী শক্তি, জনতাক আকর্ষণ কৰা শক্তি আৰু বৃহৎসংখ্যক দর্শক–শ্রোতা সংগ্রহ কৰা আৰু চিনেমা বা অনুষ্ঠান এটিক ব্যৱসায়িকভাৱে সফল কৰি তোলাৰ ক্ষমতা৷ ‘তাৰকা’ অকল এজন বিনোদনকাৰীয়েই নহয়, তেওঁ এক প্রতীকলৈ ৰূপান্তৰ হয় যিয়ে এখন সমাজৰ আশা–আকাংক্ষা, পৰিচয় বা সংস্কৃতিক প্রতিনিধিত্ব কৰে৷
এই দিশৰ পৰা বিশ্লেষণ কৰিলে জুবিনক নিঃসংকোচে অসমৰ বিনোদন জগতৰ আকাশখনত এক উজ্জ্বল নক্ষত্র হিচাপে প্রতিষ্ঠা কৰিব পৰা যায়৷ দর্শক আৰু সাধাৰণ মানুহক আকর্ষণ কৰিব পৰা যি ক্ষমতা, গীতৰ বজাৰত গীত বিক্রীৰ যি নিশ্চয়তা প্রদান, তেওঁৰ সৃষ্টিৰ পোহৰৰ প্রতিফলনত জিলিকি উঠাৰ যি হেঁপাহ সেইবোৰেই তেওঁৰ ‘নক্ষত্র–স্থান’ স্থিৰ কৰি ৰাখিছে৷ সমগ্র অসমৰবিশালসংখ্যক্ গুণমুগ্ধৰ স্বার্থহীন ভালপোৱাৰ অধিকাৰী হৈছিল জুবিন৷ ব্যৱসায়িক লাভালাভৰ সূক্ষ্ম স্বার্থত অথবা তেওঁৰ ওচৰত থকাৰ গৌৰৱ লাভৰ আশাত বহু লোকে তেওঁৰ চৌপাশে ভিৰ কৰিছিল৷ কিন্তু এনে বহু লোক আছিল যিসকলে কেৱল তেওঁৰ সৃষ্টিকহে চিনি পাইছিল, আদৰ কৰিছিল আৰু নিজৰ অংশ হিচাপে বিবেচনা কৰিছিল৷ তেনে লাখ লাখ লোকক জুবিনে ব্যক্তিগতভাৱে চিনি পোৱা নাছিল, চিনি পোৱা সম্ভৱো নাছিল আৰু সেই অনুৰাগীসকলেও জুবিনক লগ পোৱা বা কিবা সুবিধা আদায় কৰা আদিৰ দৰে কথাবোৰ ভবাই নাছিল৷ সেইসকলেহে জুবিন গার্গক এজন সংগীত শিল্পীৰ পৰা তাৰকালৈ ৰূপান্তৰ কৰি দিছিল৷ বহু গায়কে জুবিনৰ গায়কীক অনুকৰণ কৰাৰ চেষ্টা কৰিছিল, স্বাভাৱিকভাৱেই এই অনুকৰণে সেই গায়কৰ শব্দ উচ্চাৰণ উন্নত কৰিছিল৷ কিন্তু গানৰ লগত সম্বন্ধ নথকা বহুতেই তেওঁৰ দৰে সাজ–পোছাক কৰিবলৈ লৈছিল, কথা ক’বলৈ আৰম্ভ কৰিছিল৷ সেয়া কোনো সাংস্কৃতিক অনুষ্ঠানৰ মিমিক্রি প্রদর্শন নাছিল, সেয়া আছিল অনুকৰণকাৰীজনৰ জীৱন৷ কিমান গভীৰভাৱে এজন ব্যক্তিক ভাল পালে এনে অনুকৰণ সম্ভৱ৷ সংবাদ–পত্রত দেখা পালোঁ–জুবিনৰ বিয়োগ বেদনা সহ্য কৰিব নোৱাৰি এজন কিশোৰে আত্মহত্যা কৰিছে৷ ৰাজেশ খান্নাৰ বিয়াৰ সংবাদ শুনি কোনোবা গাভৰুৱে আত্মহত্যা কৰা কথা এটা সময়ত প্রচাৰ হৈছিল৷ সেয়া বিশ্বাস–বিশ্বাসৰ দোমোজাত ৰৈ গৈছিল৷ কিন্তু এই আত্মহননৰ কথাটো আমাৰ ৰাজ্যৰে বিশ্বাসযোগ্য সংবাদ–পত্রত প্রকাশিত৷ ‘নক্ষত্রদীপ্তি’য়ে কৰা সন্মোহনৰ আটাইতকৈ ডাঙৰ উদাহৰণ অসমত চাগে’ এইটোৱেই প্রথম৷ তেওঁৰ সংগীত জীৱনৰ প্রথম সময়ৰ অসমীয়া এলবাম ‘অনামিকা’ নব্বৈৰ দশকৰ নতুন সংগীত বিচৰা তৰুণ–তৰুণীৰ মাজত প্রচণ্ড জনপ্রিয়তা লাভ কৰিছিল৷ সেই সময়ত অসমীয়া সুগম গীতে পৰিৱর্তনৰ পথেৰে আগবাঢ়িছিল৷ অৱনী–ভবেন আৰু জিতুল সোণোৱালে অসমীয়া গীতৰ ধ্বনিলৈ কিছু পৰিৱর্তন আনিছিল, জিতুলে অভাৱনীয় জনপ্রিয়তা লাভ কৰিছিল৷ তাৰ পাছত আহিল জুবিন–ভিনি–ভিদি–ভিচ্ আহিলোঁ মই দেখিলোঁ মই জয় কৰিলোঁ৷ জুবিনৰ গীতত আছিল তাৰুণ্যৰ উদ্দাম–উচ্ছল প্রাণৱন্ত গতিৰ প্রতিধ্বনি, স্পষ্ট উচ্চাৰণ আৰু শ্রৱণ মনযোগ ধৰি ৰাখিব পৰা যন্ত্রসংগীত৷ তেওঁৰ গীতবোৰে ইন্দ্রিয়ক শিহৰিত কৰিছিল, কাণেৰে প্রৱেশ কৰি হূদয়ত স্থায়ীভাৱে বহি লৈছিল৷ তিনিটা দশকৰো অধিক কাল গীতৰ সাধনা কৰা জুবিন অসমৰ মানুহৰ বাবে কেতিয়াও অকল গায়ক নাছিল, তেওঁ আছিল ভালপোৱাৰ প্রতীক, গৌৰৱৰ প্রতীক, জীৱন উদযাপনৰ প্রতীক৷ তেওঁ প্রমাণ কৰিছিল যে অসমৰ ভূমিৰ পৰা পৰা কেৱল আঞ্চলিক নহয়, জাতীয় মানৰ ‘নক্ষত্র’ এটাৰ সৃষ্টি হ’ব পাৰে৷ অসমত তেওঁৰ কনচার্টবোৰ অনুষ্ঠান নহয়, শিল্পী আৰু শ্রোতাৰ মাজৰ সীমাৰেখা নোহোৱা হৈ যোৱা এটা সামাজিক ডৎসৱ৷ তেওঁৰ জনপ্রিয়তা অকল অসমতেহ সীমাবদ্ধ হৈ থকা নাছিল৷ বলীডডৰ ‘গেংষ্টাৰ’ ছবিৰ ‘য়া আলী’ গীতটিৰ জৰিয়তে তেওঁ ৰাষ্ট্রীয় প্রেক্ষাপটত আচৰিত ৰূপে জনপ্রিয় হৈ ডঠিছিল৷ এহ গীতেহ তেওঁৰ কণ্ঠক দেশব্যাপি পৰিচয় দিছিল৷ অসমৰ এজন শিল্পীৰ কণ্ঠ বলীডডত প্রতিধ্বনিত হোৱাৰ এহ ঘটনাহ ভাঙি দিছিল আঞ্চলিকতাৰ প্রাচীৰ৷
এলবামবোৰে তেওঁক খ্যাতি দিছিল, কিন্তু লাইভ কনচার্টবোৰে তেওঁক কিংবদন্তিলৈ আগবঢ়াই নিছিল৷ জুবিন গার্গৰ কনচার্ট সদায় অপ্রত্যাশিত, প্রাণৱন্ত, ডজ্জীৱিত আৰু আন্তৰিক৷ এজন পৰিৱেশনকাৰীয়ে শ্রোতা–দর্শকৰ সৈতে স্থাপন কৰা এনে সংযোগেহ হ’ল জনপ্রিয় হোৱাৰ প্রথম ঢ়াপ৷ এনে অনুষ্ঠানতেই শ্রোতা–দর্শকে তেওঁলোকৰ প্রিয় শিল্পীক ওচৰৰ পৰা দেখা পাই সন্মোহিত হয়৷
সংগীতেই তেওঁৰ মূল পৰিচয়, কিন্তু জুবিন গার্গৰ সৃজনশীল ডন্মাদনা চলচ্চিত্রলৈও বিস্তৃত হৈছিল৷ ‘মন যায়’, ‘দীনবন্ধু’ আদি ছবিত অভিনয় কৰি তেওঁ চৰিত্রকেইটিক জীৱন্ত কৰি তোলাই নহয়, অভিনেতা হিচাপেও নিজকে বিশ্বাসযোগ্য ৰূপত তুলি ধৰিছিল৷ পৰৱর্তীকালতো তেওঁ ছবিত অভিনয় কৰিছিল যদিও সেইবোৰত চৰিত্রক ‘জুবিন গার্গ’ ৰূপটোৱে শাসন কৰিছিল৷
‘মিছন চাইনা’ৰে তেওঁ পৰিচালনা–প্রযোজন হাত দিয়ে৷ সেই সময়ত অকল্পনীয় বুলি ভবা পৰিমাণৰ টকাৰে নির্মাণ কৰা ছবিখনে বক্স অফিচত অভাবনীয় সাফল্য অর্জন কৰে৷ যি সময়ত ত্রিছ–চল্লিছ লাখ টকাৰে অসমীয়া ছবি নির্মাণ কৰা হৈছিল সেই সময়ত তেওঁ ডেৰ কোটি টকা বিনিয়োগ কৰি ছবি নির্মাণ কৰিছিল৷ ডন্নত প্রযুক্তি, বৃহৎ প্রস্তুতি আৰু বলিডডীয় মানৰ সাহসিকতা লৈ নির্মাণ কৰা এহ ছবিখনে অসমীয়াৰ বক্স–’ফিচত নতুন ৰেকর্ড স্থাপন কৰে৷ ছবিখন ভাল হোৱা বুলি কোনেও কোৱা নাই, কিন্তু মিছন চাইনাৰ পাছৰে পৰা অসমত বিগ বাজেট ছবি নির্মাণ আৰম্ভ হয়৷
জুবিন গার্গৰ জনপ্রিয়তাৰ মূল কাৰণ যে অকল গীতবোৰেই আছিল তেনে নহয়, তেওঁৰ সাহসী ব্যক্তিত্বও এটা কাৰণ আছিল৷ বিতর্কিত মন্তব্য বা স্পষ্টভাষী মনোভাবে তেওঁক বিতর্কৰ মাজলৈ আনিছিল, কিন্তু একেলগে তেওঁৰ গ্রহণযোগ্যতাকো ডজ্জ্বল কৰিছিল৷ বিশেষকৈ তৰুণ প্রজন্মই এহ সৰল আৰু বিদ্রোহী বা প্রতিবাদী ব্যক্তিত্বক নিজৰ প্রতিফলন বুলি ভাবিবলৈ ভাল পাইছিল৷ বহু সময়ত জুবিনে অবাঞ্ছিত আচৰণ কৰি সমালোচনাৰ পাত্র হৈছিল৷ কিন্তু তেওঁৰ বিশ্বাসযোগ্য সৰলতাৰ বাবে ৰাইজে সেই আচৰণবোৰ পাহৰি গৈছিল৷ জুবিন গার্গৰ সৃষ্টি স্তব্ধ হৈ যাব পাৰে, কিন্তু ‘মায়াবিনী ৰাতিৰ বুকুত’ৰ পৰা ‘এৰাএৰি’লৈকে তেওঁৰ গান ষ্ট্রিমিং প্লেটফর্ম আৰু অগণন অনুৰাগীৰ স্মৃতিত সদায়েই বাজি থাকিব৷ তেওঁ হৈ ৰ’ব অসমীয়াৰ সাংস্কৃতিক স্মৃতি– এটা জনগোষ্ঠীয়ে নিজৰ কণ্ঠস্বৰ বিচাৰি পোৱা এটি জীয়া কাহিনী৷ এহ কাহিনী অসমীয়া সমাজৰ অন্তৰৰ স্পন্দনত দীর্ঘদিন ধ্বনিত হৈ থাকিব৷
লেখক অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ
পৰিৱেশ্য কলা বিষয়ৰ প্রফেছৰ অৱ প্রেক্টিচ
ফোন : ৭০০২১–৫৩৯৬৪
Comments are closed, but trackbacks and pingbacks are open.