হিমানী কলিতা
ধুমুহাজাক অহাৰ আগতেই জয়ন্তী বুঢ়ীয়ে নিজৰ কোঠাত সোমাই দুৱাৰৰ খিলিটো ভালকৈ লগাই দিয়ে। কাণত তুলা দুটুকুৰা সুমুৱাই লৈ বিছনাত পৰি থকা জয়ন্তী বুঢ়ীৰ কাণত কোঠাটোৰ বাহিৰত চলি থকা ধুমুহাজাকৰ হোঁ-হোঁৱনিবোৰ এতিয়া একেবাৰেই নপৰে। পিছে বুঢ়ীৰ লতাৰ কথা ভাৱি বেয়া লাগে। বেচেৰীজনী বৰ বেয়াকৈ বিধস্ত হয় ধুমুহাজাকত। ধুমুহাজাকৰ লগত ফেফেৰি পাতিবলৈ অকণো সাহস নাইকীয়া দুৰ্বল মানুহজনীলৈ খঙো উঠে বুঢ়ীৰ। আগতে বুঢ়ীয়ে লতাৰ বাবে বহুবাৰ ধুমুহাজাকক লগত ফেফেৰি পাতি ধৰিছিল। এতিয়া বুঢ়ীৰ গাত সেই আগৰ দৰে শক্তি আৰু নাই। লতাই যি কৰে কৰক বুলি এৰিয়ে দিলে। মাথোঁ বুঢ়ীয়ে লতাৰ কান্দোনৰ শব্দবোৰ হে সহিব নোৱাৰে। সেইবাবেইতো কাণত তুলা দুটুকুৰা…..
ৰাতিপুৱা সকলোতকৈ আগতেই সাৰ পোৱা জয়ন্তী বুঢ়ীয়ে হাতত লাখুটিডাল লৈ গাওঁখন অকণমাণ ফুৰি আহে। এয়া বুঢ়ীৰ আগৰে অভ্যাস। পুৱাই উঠি এপাক গাওঁ নুফুৰিলে বুঢ়ীৰ হাতত কামেই নিসিজে। ঘূৰি আহোতে কোনোবাদিন বুঢ়ীৰ হাতত ঢেকীয়া এমুঠি নহ’লে কলমৌ এমুঠি নহ’লে কাৰোবাৰ গছৰ পৰা সৰি পৰা তামোলেই হওক বা শিলিখা ,আমৰা ,আমলখি। মুঠতে বুঢ়ী সুদা হাতে উভতি নাহে। লতাই ভাল পায় সেইবোৰ।
এতিয়া পিছে কঁকালখন ভাঙি পৰাৰ পৰা বুঢ়ীয়ে সেইবোৰ বুটলি ফুৰিব নোৱাৰা হ’ল। কঁকালখন ঠিকেই থাকোতে লতাকো জানো ইখন সিখন কৰি কমখন সকাহ দিয়া নাছিল। এতিয়াহে নোৱাৰা হ’ল। আগৰ দৰে পুৱা উঠি ফুৰিবও নোৱাৰা হ’ল। এনেই এপাক লাখুটিডলত ভৰ দি ভৰ দি অকণমান গৈ উভতি আহি বাৰাণ্ডাৰ চকী খনত বহি থাকে।
চকীখন এনেই ভঙা। অকণমান ইফাল সিফাল হ’লেই পৰি এইবাৰ হাত ভৰি সকলো ভাঙিব।
হাত ভঙা প্লাষ্টিকৰ চকীখনত বহি থকা বুঢ়ীৰ কাষতে পীৰা এখন পাৰি বহি লৈ লতাই তামোলৰ বাকলি গুচাইছে। তামোল এখন আগবঢ়াই দি নিজৰ মুখতো এখন ভৰাই লয় তাই।
ঘৰখনত কোনখন চকী নভঙাকৈ আছে। এই বুঢ়ীলৈ এতিয়া আৰাম কৰি বহিবলৈ এখন কাঠৰ চকীও নাইকীয়া হ’ল। ধংসকাৰী য’ত সোপা।
বুঢ়ীয়ে ভোৰভোৰাই। লতাই বুঢ়ীলৈ চাই নিলাজৰ দৰে ফেলেককৈ হাঁহি এটা মাৰে। বুঢ়ীয়ে চকু দুটা পিৰিক পাৰাক কৰি লতাৰ মুখখন খুটিয়াই খুটিয়াই চায়। প্ৰতিটো ৰাতিয়ে ধুমুহাত বিধস্ত হৈয়ো মৰহি নোযোৱা লতা এডালৰ দৰে তাইৰ মুখতো পুৱাৰ কোমল ৰ’দজাকৰ দৰে এটি কোমল হাঁহি। বুঢ়ীয়ে হাতখন তাইৰ মূৰত বোলাই দি কোমলকৈ কয়..
সঁচাই তই বৰ নিলাজী লতা।
কথাষাৰ শেষ কৰি বুঢ়ীয়ে দীঘলকৈ হুমুনিয়াহ এটি কাঢ়ে। সেই হুমুনিয়াহৰ শব্দটো গৈ লতাৰ বুকুতে পৰে। দুয়ো নীৰৱে বহি থাকে একেভাগেই।
******* *********
টাউনৰ মূল ৰাস্তাৰ কাষতে মাটি এবিঘা এতিয়াও পৰি আছে। এসময়ত সেই মাটিৰ কোনো মূল্যই নাছিল। কাৰণ সেই সময়ত সেইখন টাউন নাছিল। আছিল দ’ পথাৰ।পানীৰ দৰত জয়ন্তী বুঢ়ীৰ শহুৰেকে কিনি ৰাখিছিল সেই মাটি। কেইবা বিঘাও মাটি একেলগে কিনিছিল তেওঁ।জয়ন্তীৰ শহুৰেক জমিদাৰ মানুহ আছিল। মাটিৰ প্ৰতি সাংঘাটিক লোভী আছিল মানুহটো। কিন্তু জয়ন্তী বুঢ়ীৰ শহুৰেকৰ সেই গুণটো পিছৰ বংসধৰ এজনৰ গাটো নাথাকিল। আনকি জয়ন্তী বুঢ়ীৰ মতাটোৰ গাতো সেই গুণ নাছিল।
শহুৰেকে কৰি থৈ যোৱা সম্পত্তিত প্ৰথমে জয়ন্তীৰ মতাটোৱে হাত দিছিল। এলেহুৱা অকৰ্মণ্য বুঢ়ীৰ মতাটোৱে পিতাক জমিদাৰ বাপেক ঢুকুৱাৰ পিচতে এবিঘা দুবিঘাকৈ মাটিসোপা বিক্ৰী কৰিবলৈ ধৰিছিল। দিনটো চুলাই ঘাটিত বহি জুৱাত মজি থকা মানুহটোৰ ঘৰ সংসাৰলৈ কোনো মন কাণেই নাছিল।
মাটি বেচা টকাবোৰ চুলাই আৰু জুৱাত পানীৰ দৰে উৰুৱাই দিয়া , ঘৰ সংসাৰলৈ মন নিদিয়া দায়িত্বহীন মানুহটোলৈ লাহে লাহে জয়ন্তীৰ মায়া কমি আহিছিল। মাজ ৰাতি ধলং পলংকৈ অহা মানুহটোৱে লগত এজাক ধুমুহা লৈ সোমাইছিল। দুৱাৰখন খোলা সামান্য দেৰি হ’লেই অবাইচ গালি মাত। জয়ন্তীয়ে যতন কৰি ৰন্ধা ভাত আঞ্জাৰ সোৱাদ নাইকীয়া বুলি ভাতৰ থাল তাইৰ গালৈ মাৰি পঠোৱা, ঘৰখনৰ চকী মেজ আদিকে ধৰি নানান বস্তু ভাঙি- চিঙি লণ্ড-ভণ্ড কৰিও হেপাহ নপলালে জয়ন্তীৰ পিঠি ফলা খৰিৰে মাৰি বখলা বখল কৰে। উফ্ কিমান যে অত্যাচাৰী আছিল মানুহটো।
বিয়াৰ দিনা কইনা উলিয়াই দিয়াৰ পৰত মাকে জয়ন্তীক কৈ পঠিয়াইছিল…
“পতি পৰম ঈশ্বৰ। নিজৰ স্বামীক সদায় সন্মান আৰু শ্ৰদ্ধা কৰি চলিবি।”
মাকৰ কথা শিৰোধাৰ্য কৰি বহুদিন নিজৰ পিঠিখন পাতি দিছিল জয়ন্তী বুঢ়ীয়ে। যা নিজৰ মতাই হে মাৰিছে।
কিন্তু কিমান দিন? মানুহৰ সহনশক্তি বোলাও কথা এটা আছে নহয়। জয়ন্তীৰো সহন শক্তি কমি আহিছিল।
পিচলৈ জয়ন্তীৰ মাকৰ কথাবোৰ বৰ অনৰ্থক যেন অনুভৱ হৈ আহিল। শ্ৰদ্ধা আৰু সন্মানৰ পাত্ৰ যে তাইৰ মতাটো মুঠেও নহয়।
অৱশেষত জয়ন্তী বুঢ়ীয়ে মনৰ সকলো ধৈৰ্য দলিয়াই নিজৰ মনটোক কঠোৰ আৰু সাহসী কৰি তুলিছিল। পিঠিত ফলা খৰিৰ কোব মৰা মানুহটোক জপটিয়াই ধৰি ওলোটাই সেই ফলা খৰিৰে কোবাই মানুহটোক ধাৰাসায়ী কৰিব পৰা হৈছিল। নিচাত ডুব গৈ থকা নিঃশকতীয়া মানুহটোক বলে নোৱাৰাৰ কথাই নাছিল। লতাৰ দৰে দুৰ্বলো তো নাছিল জয়ন্তী।
পিছে জয়ন্তী বুঢ়ীৰ চিন্তাত টোপনি নহা হৈছিল পুতেকটোৰ কথা ভাৱি হে। আগ নাই পিচ নাই জয়ন্তীৰ একেটাই পুতেক। বাপেকে যদি এনেকৈ সকলো সম্পত্তি এফালৰ পৰা বেচি গৈয়ে থাকে তেন্তে পুতেকলৈ থাকিব কি? পানীৰ দৰত মাটিবোৰ বেচোতে বেচোতে টাউনত ৰ’ল গৈ কেৱল এবিঘা। খেটি মাটিও সবাকে বেচি শেষ। ঘৰৰ ভেটিটো আৰু টাউনৰ মাটি বিঘা নাৰাখিলে যে জয়ন্তীয়ে পুতেকৰ স’তে ৰাস্তাই ৰাস্তাই ভিক্ষা খুজি খাব লাগিব সেয়া ধূৰূপ।
স্কুলৰ বিদ্যা নাথাকিলেও জয়ন্তী বুঢ়ীৰ মগজু খুব চোকা আছিল। বুঢ়ীয়ে নিজৰ সমস্ত গহনা টোপোলা বান্ধি মাটিত গাত খান্দি পুতি থৈছিল। কাৰণ এসময়ত যে মতাটোৱে সেইখিনিতো নজৰ দিব সেয়া বুঢ়ীয়ে ভালকৈয়ে উমান পাইছিল।
অৱশেষত বহুত ভাৱি চিন্তি জয়ন্তী বুঢ়ীয়ে নিজৰ আৰু পুতেকৰ ভৱিষ্যতৰ বাবে এটা পথ নিৰ্ধাৰণ কৰিছিল। যি গ’ল গ’লেই। যিখিনি বাকী ৰ’ল সেইখিনি বুঢ়ীয়ে যেনেকৈ নহ’লেও ধৰি ৰাখিবই লাগিব।
****** *******
জয়ন্তী বুঢ়ীৰ মতাটো মৰাৰ পিছত বুঢ়ীয়ে পদূলিমুখতে খুলি লৈছিল দোকান এখন। সেইখনৰ উপাৰ্জনৰেই বুঢ়ীয়ে পুতেকক পঢ়াই শুনাই ভাল মানুহ কৰিব খুজিছিল।
তই তোৰ ককাৰৰ দৰে হ’ব লাগিব।
কিন্তু বুঢ়ীৰ মনৰ ইচ্ছা পূৰণ নহ’ল। পঢ়া-পাতি এৰি টিঘিল -ঘিলাই ঘূৰি ফুৰা ডেকা হ’ব ধৰা ল’ৰাটোক বুঢ়ীয়ে দোকান আৰু ঘৰ চলোৱাৰ দায়িত্ব দি দিছিল। লতাক আনি সংসাৰখনো পাতি দিছিল বুঢ়ীয়ে। কিন্তু দিন যোৱাৰ লগে লগে বুঢ়ীৰ অনুভৱ হ’ল বাপেকৰ স্বভাৱটোৱে পুতেককো টানিলে।
****************
বুঢ়ীৰ পুতেকৰ বহুদিনৰ পৰাই টাউনৰ মাটি বিঘাত চকু। কাৰন এতিয়া সেই মাটিখিনি টাউনীয়া হ’ল। তাৰ দাম এতিয়া বিঘা বিছ -পচিছ লাখ টকা।
তই যেনে তেনে মাটি বিঘা মোৰ নামত কৰি দে আই । মই মাটি বিঘা বেচি এটা ডাঙৰ ব্যৱসায় কৰিম। কিমান আৰু এই পুৰনা গেলামাল দোকানখনেৰে ঘৰ চলি থাকিব।
তই হ’বলা দোকান চলাৱ’?
দোকান নচলাও। ব্যৱসায় চলাম।
এৰা চুলাইৰ ব্যৱসায় কৰিব পাৰিবি অৱশ্যে। অভিজ্ঞতাও আছে। আৰু নিজৰ ঘাটিতে বহি …..
মই যি কৰো কৰিম। সেই মাটি মোৰ পিতাৰ মাটি। মোৰ অধিকাৰ আছে তাত।
বুঢ়ীয়ে বিটচকুৰযোৰৰ মাজেৰেই পুতেকলৈ চায়।একেই চেহেৰা বাপেক পুতেক হালৰ। স্বভাৱটোও একেই । পিছে বুঢ়ীৰ এই বোৱাৰীয়েক লতা হে একেবাৰে নিবোকা আৰু অলগদ্ধ হৈয়ে থাকিল। জয়ন্তী বুঢ়ীৰ দৰে নিজৰ গহনাবোৰ লুকুৱাবলৈ মাটিত গাত এটা খান্দিবও নজনা তাইৰ উকা ডিঙি, উকা কাণ দুখন আৰু হাত দুখনলৈ চালে বুঢ়ীৰ বুকুত জুই একুৰা জ্বলে। পুতেকে কেতিয়াবাতেই তাইৰ গহনাবোৰ ……
ভগৱানে লতাক সন্তান এটাৰ সুখো নিদিলে।
আগতে জয়ন্তী বুঢ়ীয়ো নাতিয়েক এটাৰ বাবে বৰকৈ হা -হুমুনিয়াহ কাঢ়ি মৰিছিল। এতিয়া বুঢ়ীয়ে ভাৱে যি হয় সকলো ভালৰ বাবেই হয়। লতা অন্ততঃ এই ক্ষেত্ৰত বুঢ়ীতকৈ সুখী।
এওঁ মাটিৰ কাগজ বনাইছে। তাত হেনো আপোনাৰ টিপ চহী লাগে।
মই হ’বলা টিপ চহী মাৰিম?
নামাৰিলে হেনো আপোনাক হাতে ভৰিয়ে বান্ধি জোৰ জৱদস্তি চহী ল’ব।
অহ্।
বহুবছৰ আগৰ তেনেকুৱাই ছবি এখন সাউৎ কৈ বুঢ়ীৰ চকুৰ আগেদি লৰ মাৰিলে। বুঢ়ীয়ে সেপ এটা গিলিলে।
লতাৰ কথাই জয়ন্তী বুঢ়ীক বিপাঙত পেলালে। চুলাই খোৱা আৰু জুৱা খেলা মানুহক বিশ্বাস কৰিব নালাগে।
বুঢ়ীয়ে লাখুটিডালত ভৰ দি বাৰাণ্ডাৰ পৰা নামি আহি চোতাল পালে। মজবুট পকী খুটা কেইটাত আউজি এতিয়াও হাউলি নপৰা জৰাজীৰ্ণ ঘৰটোলৈ এবাৰ চকু ফুৰাই দীঘলকৈ হুমুনিয়াহ এটি কাঢ়িলে। এইখন ঘৰক একালৰ জমিদাৰৰ ঘৰ বুলি কোনে ক’ব আজি?
বুঢ়ীয়ে পুনৰ লতাৰ ওচৰ পালে।
তই এই ৰাতিৰ ধুমুহাজাকৰ পৰা পৰিত্ৰাণ বিচাৰ নে লতা?
বুঢ়ীৰ কথাষাৰ ফুচফুচনিৰ দৰে শুনা গ’ল।
মইতো সদায় ভগৱানক এয়াই খাটি মৰো আই। ধুমুহাজাক শান্ত হওঁক । ঘৰখনলৈ শান্তি উভতি আহক।
এৰা লতাই ভাৱে ধুমুহাজাক শান্ত হোৱাৰ কথা। বৰ ধৈৰ্যশীলা তাই। বুঢ়ী এনেকুৱা ধুমুহাৰ লগত যুঁজি অহা মানুহ। সেয়ে ভালকৈয়ে জানে এইজাক ধুমুহাৰ শান্ত হোৱাৰ লক্ষণ একেবাৰেই যে নাই। বাপেকে যিদৰে মাজ ৰাতি ঢলং পলং কৈ আহি জয়ন্তী বুঢ়ীৰ ওপৰত নিৰ্যাতন চলাইছিল এতিয়া পুতেকেও এই লতাৰ ওপৰত একেই নিৰ্যাতন চলায়। সদায় ৰাতি বস্তু ভঙাৰ শব্দ। লতাৰ পিঠিত ফলা খৰিৰ মাৰ আৰু তাইৰ কান্দোনৰ শব্দ। লতাই ওভটাই আক্ৰমণ কৰিব পৰা কৌশল এতিয়াও শিকা নাই।
বুঢ়ীয়ে ধুমুহাজাক চিৰদিনৰ কাৰণে নিৰ্মূল কৰাৰ চিন্তা কৰে।
বুঢ়ীৰ এই চিন্তা পুৰাতন।
বুঢ়ীৰ লগত লতাৰ বিচাৰধাৰাৰ এইখিনিতে অলপো মিল নাই।
হ’ব হ’ব। এতিয়া দোকানখন খোল। আজি দোকানত মই বহিম। আৰু শুন ৰঙা মতা কুকুৰাটো আজি পাৰিলে ধৰি থবি। আজি ৰাতি কুকুৰাৰ জালুকীয়া খাম। মই ৰান্ধিম। ই বৰ ভাল পায় নহয় কুকুৰাৰ জালুকীয়া। ইয়াৰ বাপেকেও ভাল পাইছিল। মৰাৰ আগদিনা ৰাতি বৰ তৃপ্তিৰে খাইছিল কুকুৰাৰ জালুকীয়াৰে মোৰ হাতৰ ভাত সাজ।
লতাই অবোধৰ দৰে হাঁহি এটি মাৰি আগে আগে গৈ পদূলিমুখৰ দোকানখন খোলে। বুঢ়ীয়ে ভাৱে লতাৰ দৰে সৰল নাৰীয়ে নিজৰ মুক্তিৰ বাট নিজেই কাটিব কেতিয়াও নোৱাৰে। বৰ আলসুৱা আৰু কোমল মনৰ তাই।নোৱাৰিবও তাই।
লতা যোৱাৰ ফালে চাই চাই জয়ন্তী বুঢ়ীয়ে ভাৱি থাকিল পুতেকৰ মুখত লগাব পৰাকৈ কুকুৰাৰ জালুকীয়াখিনি অধিক সোৱাদ যুক্ত কৰিবলৈ আঞ্জাখনত আৰু কি কি মিহলাব পৰা যাব।
ফোনঃ 6001703766
Comments are closed, but trackbacks and pingbacks are open.