অসমীয়া নাটক– প্ৰাচীন অথবা আধুনিক–১১

38

নিজৰা ৰাজকুমাৰী

শৈশৱত নাটক কি বস্তু সেয়া ভালদৰে জনাৰ আগতেই এটা নাম শুনা মনত পৰে— মগৰীৰ আজান। ডাঙৰৰ কোলাত বহি মগৰীবৰ আজান বিষয়ক আলোচনা এটিৰ বুজা-নুবুজা কথা কিছুমান শুনা ৰিণি ৰিণি মনত পৰে। স্মৃতিত নামটো থাকি গ’ল। পাছত গম পালো ১৯৪৮ চনৰ নাটক মগৰীবৰ আজানৰ নাট্যকাৰ সাৰদাকান্ত বৰদলৈ। কিন্তু ইয়াৰো পাছলৈ সত্যপ্ৰসাদ বৰুৱাৰ নাটক বিষয়ক লেখা পঢ়ি গম পালো মগৰীবৰ আজানৰ নাট্যকাৰ এজন নহয়, দুজনহে। সাৰদাকান্ত বৰদলৈ আৰু কৃষ্ণানন্দ ভট্টাচাৰ্য।

অসমৰ গাঁৱৰ পৰিৱেশৰ যি সহজ-সৰল আৰু ঐক্য-সম্প্ৰীতিৰ ৰূপ সেই ৰূপক নাটকখনৰ মাজেৰে তুলি ধৰা হৈছে। আমি যে কথা পাতো—নাটক এখনৰ ৰচনাৰ সময়ে আমাক সেই সময়খিনি আৰু সমাজখনৰ আভাস দিব পাৰে মগৰীবৰ আজানো তেনে এখন নাটক। জাত-পাত-ধৰ্মৰ উৰ্দ্ধত অংকন কৰা ছবিৰে নাটকখন সমৃদ্ধ।

লথৌ, ভেদেউ, কৰিম, বলোৰাম, ৰূপচিং, নীহাৰ, গাওঁবুঢ়া, সাতোলা, দিলখুচ, পীতৰাম, মোলান দেউৰী আদি চৰিত্ৰৰ নিৰ্মান আৰু সংলাপেৰে দেখুওৱা হৈছে সমাজ এখনত ইজনে সিজনক কৰা সহায়-সাৰথি, প্ৰেম-পীৰিতি, প্ৰগাঢ় বন্ধুত্ব। পিছে মানৱ সমাজত ঈৰ্ষা, চতুৰালি, ষড়যন্ত্ৰ, প্ৰতিশোধৰ ভাৱনা আদি নথকাতো জানো সম্ভৱ?

গতিকে জাত-পাতৰ উৰ্দ্ধত মগৰীবৰ আজানত এজাক মানুহৰ সৰলতা,দাৰিদ্ৰ্য, মিলাপ্ৰীতিৰ ছবি থাকিলেও, এখন চেনেহৰ আপোন গাঁও থাকিলেও আকাংক্ষিত প্ৰেম নোপোৱাৰ ফলত হোৱা বলোৰামৰ প্ৰতিশোধৰ ভয়ানক দৃশ্যও আছে। ভেদেউৰ ভালপোৱা আদায় কৰিব নোৱাৰি বলোৰামে লথৌ-ভেদেউৰ ঘৰত জুই দিয়াৰ দৃশ্য, ভেদেউৰ কনমানি সন্তানৰ অৱস্থা হৃদয়বিদাৰক। কৰিমেহে দুৱাৰ ভাঙি লথৌহঁতক উদ্ধাৰ কৰে।

কৰিমো আঘাতপ্ৰাপ্ত হয়। এই কৰিমেই এসময়ত ভেদেউৰ দেউতাককো ধন দি সহায় কৰিছিল, কাৰণ তেওঁৰ হাতত পৰাচিত হ’বলৈ পইচা নাছিল। কাবুলীয়ে ভেদেউৰ হাতত ধৰাৰ বাবেই ৰাইজে পৰাচিত হোৱাৰ ৰায় দিছিল।

আনকি বিনাদোষত ভেদেউৱে গাঁও এৰাৰ সম্ভাৱনাৰ কথাও আহিছিল। কাবুলীয়ে ভেদেউৰ হাতত ধৰাৰ বাবে গাঁওখনত হোৱা বিচাৰৰ কথাখিনিয়েও পাঠকৰ মনত ক্ষোভ জন্মায়—ৰাজহুৱা মেলে ফটাজালে সমান।পীতৰামৰ পৰামৰ্শ মানি ভেদেউক পাবলৈ বলোৰামে জাপৰী বেজিনী কথামতে কৰা কামৰ দৃশ্যসমূহ আমোদজনক।

বেজিনীয়ে মন্ত্ৰ মাৰি দিয়া কামসেন্দূৰৰ ফোট লৈ বলোৰামে ভেদেউক বশ কৰিবলৈ কৰা প্ৰচেষ্টা আৰু ভেদেউৱে বলোৰামক বাঢ়নীৰে কোবাব খোজা আদি ঘটনাই প্ৰচুৰ হাস্যৰসৰ সৃষ্টি কৰে। অথচ সেইসময়ত গাওঁসমূহত কামসেন্দূৰ আদিৰে মনৰ নাৰীগৰাকীক বশ কৰি পত্নীৰূপে পাবখোজাৰ কথাবোৰ হয়তো সহজে বিশ্বাসযোগ্যই আছিল।

নাটকখনত দেখুওৱা বন্ধুত্বৰ এনাজৰী কিন্তু অত্যন্ত ভাললগা। মগৰীবৰ আজান সম্পৰ্কত ড° ৰমেশ পাঠকে লিখিছে—-হিন্দু-মুছলমান, জাতি-জনজাতিৰে অধ্যুষিত এখন গাঁৱৰ নিকা আৰু নিটোল ছবি নাটকখনত অংকিত হৈছে। নাটখনত অসমৰ গাঁৱৰ এখন মৰমলগা ছবি আছে। সাম্প্ৰদায়িকতাৰ সামান্যতম গোন্ধো নথকা ভেদেউ আৰু লথৌ, কৰিমহঁতৰ গাঁৱৰ সামাজিক সম্পৰ্ক নিবিড়।

ভেদেউ আৰু লথৌ, নীহাৰ আৰু কৰিমৰ মাজৰ যি ভালপোৱা সেয়া হৃদয়ৰ। তাত উদ্ভণ্ডালি নাই, নাই অশ্লীলতা। আনহাতে ভেদেউ-কৰিম, নীহাৰ-লথৌৰ মাজৰ সম্পৰ্ক ভাই-ভনীৰ দৰে–সততা আৰু আস্থাৰ ওপৰত প্ৰতিষ্ঠিত। এনে পৰিৱেশযে ডেকাচামৰহে তেনে নহয়। সাতোলা, দেউৰী, পীতৰাম,দিলখুচ, মৌলৱীৰ মাজতো একে মধুৰ সম্পৰ্ক। ইজন সিজনৰ প্ৰতি চিন্তিত–দুখত দুখী। নাটকখন পঢ়ি উঠাৰ পাছত অসমৰ গাঁৱলীয়া অশিক্ষিত হিন্দু-মুছলমানৰ মাজত থকা মিলাপ্ৰীতি দেখি আনন্দ আৰু গৰ্বত বুকু ফুলি উঠে।

ওপৰত উল্লেখ কৰিছোৱেই যে নাটকখনত দেখুওৱা বন্ধুত্বৰ এনাজৰী অত্যন্ত ভাললগা। এনে সৰলতা আৰু বিশ্বাস আজিৰ দিনত প্ৰায় দুৰ্লভ হৈ পৰিছে। কৰিমে দোষী বলোৰামৰ মুক্তি বিচৰা, নিজৰ সকলো সম্পত্তি লথৌক দি দিয়া, ভেদেউক গহনা দিয়া আদি ঘটনাই চকু সেমেকাই তোলে। মানুহৰ অন্তৰৰ ঈৰ্ষা, প্ৰতিশোধৰ লগতে উজ্জ্বলকৈ তুলি ধৰা মানৱীয় গুণসমূহে নাটকখনক উজ্বলাই তুলিছে। জুৱাখেলাৰ নিচাৰ পৰাও মানুহ মুক্ত হৈছে মানৱীয়তাবোধৰ পৰশেৰে।

কুলদা কুমাৰ ভট্টাচাৰ্যৰ আধুনিক অসমীয়া নাটক–পৰীক্ষা-নিৰীক্ষা আৰু বিভিন্ন ধাৰাশীৰ্ষক এটি সুন্দৰ লেখা পঢ়িছিলো। লেখাটোত তেওঁ কৈছে— জ্যোতিপ্ৰসাদ আগৰৱালাৰ পাছত বৌদ্ধিক দিশত আধুনিক, সংস্কাৰমুক্ত, সাহসী আৰু মনস্তত্ত্বভিত্তিক নাটক চাকৈ চকোৱাৰ পৰা নায়িকা নাট্যকাৰলৈকে ছখনমান লিখিছিল সত্যপ্ৰসাদ বৰুৱাই। প্ৰত্যেকখনতে আঙ্গিকৰ অভিনৱত্ব আছিল যদিও খুব গুৰুত্বপূৰ্ণ নাটক হিচাবে এতিয়া আৰু পৰিগনিত নহয়। পঞ্চাশৰ দশকলৈকে প্ৰতিবাদ, শতিকাৰ বান, পহিলা তাৰিখ, মগৰীবৰ আজান, মীনাবজাৰ ইত্যাদিয়ে সময়ত সামাজিক দায়িত্ব ভালদৰে পালন কৰিছিল যদিও সময়ৰ সীমা পাৰ হ’ব পৰা নাই।

     সময়! এৰা সময়ে একো একোখন নাটকৰ বিষয়বস্তুৰ গুৰুত্ব কমাই আনিব পাৰে। নাটকখন লিখাৰ সময়ৰ পৰিৱেশ পাছলৈ আচহুৱা হৈও পৰিব পাৰে, পৰিবৰ্তিত সময়ে নাটক এখনৰ বিশ্বাসযোগ্যতাৰ ক্ষেত্ৰতো প্ৰশ্ন তুলি দিব পাৰে। কিন্তু এইযে নিজৰ সময়কনক নাটকখনে সমৃদ্ধ কৰিলে, ইতিহাস হৈ পৰা জানিবলগীয়া কিছুকথা পাছৰ প্ৰজন্মলৈ কঢ়িয়াই আনিলে, প্ৰজন্মৰ পাছত প্ৰজন্মক ৰচনাকালৰ সময়-সমাজ-পৰিৱেশৰ উমান দিলে এয়া অলপ কথা নহয়। তদুপৰি অসমত দুটামান মঞ্চায়ণৰ পাছতেই কিমান নাটকৰ আয়ুস শেষ হৈ গ’ল বা গৈ আছে তাৰ হিচাব কোনেও ৰাখিব নোৱাৰে। প্ৰকাশিত নাটককেইখন বা সহজে উপলব্ধ কিছুসংখ্যক নাটকক লৈয়েই আমি আলোচনাবোৰ কৰি থাকিব লগা হয়।

     শৈলেন ভৰালীয়ে চল্লিশৰ দশকৰ নাটকৰ কথা ক’বলৈ গৈ লিখিছে – হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ ভেটিত সাৰদাকান্ত বৰদলৈ ( ১৯০২–১৯৮৫) আৰু কৃষ্ণানন্দ ভট্টাচাৰ্যই যুটীয়াভাৱে ৰচনা কৰা মগৰীবৰ আজান (১৮৪৮) এই সময়চোৱাৰ এখন জনপ্ৰিয় নাটক। চাৰি অংকীয়া এই নাটকখনত আদৰ্শ চৰিত্ৰ-চিত্ৰণৰ প্ৰতি চকু ৰখা হৈছে। গাঁৱলীয়া জীৱনৰ মনোৰম চিত্ৰ অংকনত নাট্যকাৰে কৃতিত্ব প্ৰদৰ্শন কৰিছে।

    সাৰদাকান্ত বৰদলৈয়ে মগৰীবৰ আজানৰ ওপৰি পহিলা তাৰিখ আৰু সেই বাটেদি নামৰ আন দুখন সামাজিক নাটকো লিখিছিল বুলি অসমীয়া নাট্য সাহিত্যত পঢ়িবলৈ পাইছিলো। মই অৱশ্যে কেৱল মগৰীবৰ আজানৰ লগতহে ভালকৈ পৰিচিত। বাকী দুখন নাটক পঢ়িবলৈ পোৱা নাই। মগৰীবৰ আজানৰ নিভাঁজ অসমীয়া পৰিৱেশ, গৰু চৰোৱা, পথৰুৱা বাট-পথ, নাদৰ পানী তোলা, বিহুৰ পৰিৱেশ, যা-যোগাৰ, বিহুৱান যঁচা, মাছধৰা, জাকৈয়া ছোৱালী, বৰশীৰ চিপ কাটি থকা, ম’হ খোৱাৰত দিয়া আদি কথা মন চুই যোৱা। খোৱাৰ কি বস্তু আজিকালিৰ ল’ৰা-ছোৱালীয়ে হয়তো বুজি নাপায়।

অথচ নাটকত এই পৰিৱেশ বা উল্লেখ থাকি গ’ল। তদুপৰি নাটকখনত সন্নিবিষ্ট গঞাই অলপতে বেজ-বেজিনীৰ কাষ চপা, কাবুলিৱালাৰ পৰা টকা ধাৰে লৈ গঞাৰ অৱস্থা কাহিল হোৱা আদি ঘটনাও উল্লেখযোগ্য। দেশে স্বাধীনতা পোৱাৰ আগৰ গাঁৱলীয়া পৰিৱেশক ধৰি ৰখা, মানুহৰ মাজৰ মিলা-প্ৰীতিক উজ্জ্বলকৈ দেখুওৱা মগৰীবৰ আজান সঁচাকৈয়ে আমাৰ নাটকক সমৃদ্ধ কৰা ৰচনা।

You might also like

Comments are closed, but trackbacks and pingbacks are open.