মেঘালী দত্ত ঠাকুৰীয়া
কিছুমান স্মৃতিয়ে মনৰ মাজত থিক ঔ টেঙাটোৰ দৰে জাপ খাই থাকে। মাজে সময়ে জাপবোৰ খুলি মনৰ দুৱাৰত টোকৰ মাৰে। সেয়া সুখ-দুখ আৰু হাঁহি কান্দোনৰ স্মৃতি। শৈশৱত গতানুগতিক যেন লগা কথাবোৰ এটা সময়ত হৈ পৰে ৰুঢ় বাস্তৱৰ সন্মুখীন হ’বলৈ সাহস, প্ৰেৰণা । ভোগবাদী আৰু স্বাৰ্থপৰতাৰে ভৰা জীৱনত জোনাকী পৰুৱাৰ দৰে পোহৰ বিলোৱা এক ক্ষণ…।
ওখকৈ মাটিৰে লেপিপুছি চিকচিকিয়াকৈ ৰখা বহল কাঁথিখনৰ এচুকত মূঢ়া এটাত বহি থকা আবুৰ জীৱনটো মোৰ বাবে মনত সাঁচি ৰখা এক চৰিত্ৰ। ধকঢকীয়া বগা সাজ এযোৰেৰে বগা মানুহজনীক দেখিলে গম পায়, কিমান ধুনীয়া আছিল আবু! দীঘল জোঙা নাক, অনবৰতে হাঁহি থকা মুখখনেৰে আবু মোৰ মনত সাইলাখ অপেশ্বৰী। মুখত প্ৰসাধনৰ নাম গোন্ধ নথকা মুখখনত দাগ এটাও নাই…। দাঁত সৰিছে যদিওঁ, আগফালে থকা দাঁত কেইটা দেখিলে গম পায়, দাঁতবোৰ কিমান সুন্দৰ আছিল !
কিৰণ আবুয়ে বাৰান্দাত বহিয়ে বৈৰাক’ক চিঞৰি ক’লে—
” পূজাত যা যদি সনকালতে যা । বৈহান দি’ব । যিহে বতৰ…। আগ’তে পূজাৰ বতৰোত বৈহান সেনকে নেইদছিল… এ.. এইতা কি হৈছি ক’বা নৰু । দিন কাল ব’দলিছি । য-বাৰো, এইবাৰো একে বতৰ । বতৰোৰ মহিমা একো ধইৰবাই ন’ৰি। আমাৰ দিনোত পূজা চাবা গেলি ঠাণ্ডা লাগে । পূজা মানে গৰম কাপোৰ উইলবাৰ হলাকে। হাতদীঘল চোলা গিলা পিন্ধি পূজা চাবা গেইছলু । “
আবুৱে কথাখিনি কৈ তামোল এখন খুন্দনাটোত লৈ খুন্দিবলৈ ধৰিলে…। ভাত খাই মজা মাৰি তামোল এখন খাব নোৱাৰিলে আবুৰ ভাল নালাগে…।
আবুৰ কথা শুনি নাতি ৰঞ্জনক লৈ বোৱাৰী মিনতিয়ে লৰালৰিকৈ পূজা চাবলৈ ওলাই গ’ল । শাহুৱেকে ঠিকেই কৈছে, বতৰৰ কথা একো ধৰিব নোৱাৰি । শাহুৱেকে তাই নোযোৱালৈকে শান্তি নিদিব । সেয়াওঁ জানে তাই…। এটা কথাকে বাৰে বাৰে কৈ থাকোঁতে তাইৰ মূৰটোহে গৰম হ’ব… ।
“মাই, দৰ্জাখান দিবি । আমি পূজা থ’লিক গেলু…।”
মিনতিয়ে ওলাই যাওঁতে শাহুৱেকক চিঞৰি কৈ গ’ল…।
বয়সে গৰকা আবুৰ কিমান বয়স হৈছে সেয়া আবুৱে নিজেও ভালকৈ নাজানে। । সুধিলে “নব্বৈ পাৰ হৈছি দে…” । এয়া আছিল আবুৰ উত্তৰ । এই বয়সতো আবুক ধৰিব নোৱাৰি, ইমান বয়স হোৱা বুলি । সুন্দৰ হৈ আছে এতিয়াও । বেমাৰ বুলিলে তেনেকৈ একো নাই । কেৱল আঠুৰ আৰু কঁকালৰ বিষে মাজে মাজে উক্ দিয়ে । ঠাণ্ডাত এইবোৰ আৰু বেছিকৈ বাঢ়েহে …। খোৱা বোৱাতো আবুৰ একো লেঠা নাই । ৰাতি প্ৰায়ে ভাত নাখায় । দুপৰীয়া নিজৰ দুই এটা কাম-বন কৰি পলমকৈ ভাত খোৱা বাবে হেনোঁ ভোক নালাগে । চাহ আৰু ৰুটি এখন খায়ে আবুৱে ৰাতি শোৱে…।
আবুৱে দৰ্জাখন জপায় ৰান্ধনী ঘৰ পালে । চৌকাটোৰ ওচৰতে পীৰা এখনত পিচফালে কঁকালত জুইৰ আঙঠাৰ তাপ লগাকৈ বহি ল’লে । কিছুসময় বহাৰ পিছতে গোটেই গা গৰম হৈ আবুৰ নিচা লগাৰ দৰে টোপনি এটাই হেঁচা মাৰি ধৰিলে । সেয়ে লৰালৰিকৈ বিচনাত পৰিল…। জুইৰ ওচৰত টোপনিত হালি পৰিব লাগিলে অকলশৰীয়া ঘৰত সৰ্বনাশে হ’ব… !
সেয়ে বিচনাত পৰি আবুৱে চকু মুদিলে । চকু মুদিলেই চিন্তাবোৰে আবুক মেৰিয়াই ধৰে, কলগছ ডালক মেৰিয়াই থকাৰ দৰে…।
জীৱনৰ অনিৰুদ্ধ যাত্ৰাত দুখ বেদনাবোৰ সহ্য কৰি মানুহ হৈ পৰে শিলৰ দৰে কঠিন। কান্দি কান্দি হাঁহিবলৈ শিকাজনক পিছলৈ একো দুখ-শোকে মন ভাঙিব নোৱাৰে । কিৰণ আবু আছিল হাঁহি হাঁহি দুখ বেদনাবোৰ পি খাই নীলকণ্ঠী হোৱা এক নাৰী । যাক দুখ শোকে এতিয়া খহাব নোৱাৰে । হাঁহি হাঁহি ইমান সুন্দৰকৈ জীৱন জীয়াই যে নক’লে অনুভৱ কৰিব নোৱাৰি । হৃদয়ত এখন বিষাদৰ টুলুঙা নাও বিচৰণ কৰি থাকে। এমোকোৰা হাঁহিৰে দূৰৰ পৰাই চিনিব পাৰি আবুক ।
প্ৰায়ে আমাৰ ঘৰলৈ অহা কিৰণ আবু আছিল কথাৰ ভঁৰাল । কথাৰ মাজে মাজে তামোলৰ জুটি লৈ ইটো সিটো কাম কৰি মাক সহায়ৰ হাত আগবঢ়োৱাটো আবুৰ পুৰণি অভ্যাস। সময় সলনি হ’ল যদিও, আবু একেদৰেই আছে । একেদৰে আছে আবুৰ মৰমবোৰ …।
জীৱনৰ অন্তহীন যাতনাত কিৰণ আবুক কেতিয়াওঁ নেদেখিলোঁ হুমুনিয়াহ কাঢ়ি বহি থকা। অথচ দুখৰ পাহাৰ এখন অনবৰতে কেকোঁজেকোকৈ সদায় কঢ়িয়াই ফুৰে । যিয়ে কিৰণ আবুক সদায় খুন্দিয়াই নিজান পৰত। আনে গম নোপোৱাকে । ৰঞ্জন আৰু বোৱাৰী মিনতিয়ে এতিয়া আবুৰ একমাত্ৰ সাৰথি । । গাঁৱত আবু বুলিলে সকলোৱে কিৰণ আবুৰ কথায়ে জানে । দুবছৰীয়া শিশু টোৰ পৰা, সত্তোৰ বছৰীয়া বৃদ্ধলৈ…।
দুখ-শোকে গা লৰাব নোৱাৰা আবু এডাল তামোল গছৰ দৰে । সময়ে আবুক নিমূৰ-মূৰা কৰি যেন তামোল গছ ডালৰ দৰে কৰিলে । সুখ-দুখ সকলোতে হাঁহিটো লাগি থাকে। কিৰণ আবু গাঁৱখনৰে আবু । মন গ’লেই আবুৰ তাত লৰা-ছোৱালী সোপায়ে আম,কঠাল, মধুৰী, বগৰী, ঔ টেঙা, যি মন যায় খায় । ঘৰৰ আগফালৰ পুখুৰীটোত মাছ মাৰিলে ল’ৰাচ’লি সোপায়ে আগুৰি ধৰে, দুটামান মাছ পোৱাৰ আশাত। কাকোৱে নিৰাশ নকৰে আবুৱে । সিহঁতেওঁ জানে সেই কথা !
দীঘলীয়াকৈ শোৱা ঘৰটোৰ একাষে আবুৱে শালখন পাতি লৈছে। নিজৰ পিন্ধা উৰা কাপোৰ নিজে বৈ লয়। বাহিৰত শাল আৰু কাপোৰ নষ্ট হ’ব,সেই বাবে। মাটিৰ মজিয়াখন লেপি পুচি সদায় চিকচিকিয়া কৰি থয়।
ৰঙিয়া টাউনৰ পৰা কিৰণ আবুৰ বায়েক প্ৰায়ে আহে বালিকুৰিয়ালৈ । আদ্যৱন্ত ঘৰত বিয়া হোৱা বায়েক নীভা চৌধুৰীয়ে নানা তৰহৰ বস্তু ভৰাই লৈ আহে ভনীয়েকলৈ। কাপোৰ,তেল, চাবোনৰ পৰা বিস্কুটলৈ সকলো আনে। বায়েকৰ মৰম স্নেহবোৰেও আবুৰ মুখখন পোহৰাই ৰাখে। বায়েকৰ ল’ৰা-ছোৱালী ,নাতি- নাতিনী কেইটাৰো অপাৰ মৰম আবুলৈ । দুই ভনীয়ে কথাৰ মহলা মাৰি দুয়ো পাহৰে দোভাগৰাতি হোৱাৰ কথা । বোৱাৰী আৰু নাতিৰ সৈতে আবুৰ খোৱাবস্তুৰ অভাৱ নাই।
কিৰণ আবুৰ জীৱনটো আমাৰ বাবে সাঁথৰ। কিয় এনেকুৱা হ’ল, সকলো আমি আনৰ পৰা শুনা। দুখে শোকে মানুহক কেতিয়াবা যিকোনো পৰিস্থিতিৰ ওচৰতে হাৰ মানিবলৈ বাধ্য কৰায় । সপোনবোৰ মৰহি শুকায় অকালতে ।
সুন্দৰকৈ জীয়াই থাকিবলৈ কোনো ডিগ্ৰীৰ প্ৰয়োজন নহয়। শালবোৱা, ভাতৰন্ধা, পিঠা বনোৱা, আলহীক সোধপোচ কৰা, সকলো কাম নিয়াৰিকৈ কৰা আবুৰ স্বভাৱ। ইমান বেদনাবোৰৰ মাজতো অন্তৰত মৰম ,স্নেহবোৰ পেৰা ভৰি থাকে , আচৰিত লাগে কেতিয়াবা । কিছুমানে হয়তো উদাসীন এক জীৱন বাচি ল’লেহেঁতেন…।
আদ্যৱন্ত ঘৰলৈ বিয়া দিয়া আবুৰ স্বামী মদন ভূঞাৰ ঘৰখনৰ অৱস্থা দিনে দিনে বেয়া হৈ আহিছিল। অকালতে দুৰাৰোগ্য বেমাৰে জুৰুলা কৰা মদন ভূঞাৰ, একমাত্ৰ ল’ৰাটো জন্মহোৱাৰ পিচতে মৃত্যু হৈছিল ।
অথাই সাগৰত ককবকাই থকা ঘৰখন আবুৱে খামোচ মাৰি ধৰি আছিল । মায়াৰ সাগৰত ডুবি অকলশৰে ডাঙৰ কৰিছিল একমাত্ৰ ল’ৰা বিজয়ক । অকলশৰীয়া আবুক মাটি- বাৰীৰ ভাগো ঘৰৰ মানুহে সমানে নিদিলে । মাত্ৰ পাঁচ-ছয় বিঘা খেতিৰ মাটিৰে আবুৱে সংসাৰৰ যোৰা মাৰিছিল ।
সপোন সকলোৱে দেখে । কিন্তু কিমানৰ সপোন ফলিয়াই, আবুৱে নাজানে ! আবুৰ সপোন ফলে -ফুলে জ্যোতিষ্কাৰ হোৱা নাছিল। শিপা মেলিছিল মাত্ৰ ।
পচিশ বছৰীয়া বিজয়ে বিয়া পাতি সপোন সজাইছিল । কেতিয়াবা সপোনবোৰে শিপা মেলি বাঢ়িব ধৰোতেই ধুমুহাত বাগৰি পৰে । কিৰণ আবুৰ ঘৰলৈও আকৌ ধুমুহা আহিছিল। একমাত্ৰ ল’ৰা বিজয়ৰো মৃত্যুৰ চিতা সজোৱা দেখিছিল আবুৱে । ঘৰৰ মূধচ যেন উফৰি পৰিল । শোকৰ বন্যা বৈ থাকিল বুকুত । পানী কেচুৱা এটি আৰু বোৱাৰীয়েকৰ কৰুণ মুখ দুখন জীয়া জুইৰ দৰে আবুৰ চকুৰ আগত ভাঁহি থাকিল । মমতাৰে ভৰা আবুৰ অন্তৰত যে বহুত বেদনা ! তথাপি কিৰণ আবু একে আছে । দুখৰ মাজতো হাঁহিৰে জীৱন সামৰি ।
এটা সময় আছিল, যেতিয়া কিৰণ আবুৰ দৰে অনেক নাৰী কম বয়সতে বিয়া হৈ অকালতে বৈধব্যক আঁকোৱালি ল’ব লগা হৈছিল । অনেক যাতনা ভুগিছিল। বিয়া কি, বুজি উঠাৰ আগতে বিয়া হৈছিল। গতিকে খোৱা, পিন্ধা আৰু সন্তান লালন পালনেই যেন মূখ্য উদ্দেশ্যে হৈ পৰে । তথাপিও আবুৰ কিমান আগ্ৰহ ! আনৰ সেৱা শুশ্ৰূষা কৰা , নিস্বাৰ্থ মৰম ভাল পোৱা বিলোৱাত। এয়ে যেন ত্যাগ নাৰীৰ।
সময় বাগৰি ইলুটি- সিলুটি খাইছিল। বোৱাৰী মিনতি আৰু নাতি ৰঞ্জনৰ আশা-ভৰষা আছিল আবু । আবুৱে নিজৰ বেদনাবোৰ একাষৰীয়াকৈ থৈ আনৰ ভৰষা হয় ।
তথাপি কিৰণ আবুৰ মুখত লাগি থকা হাঁহিটো আছিল সকলোৰে প্ৰিয় । দেখিলেই হাঁহি মাৰি…
“ক’ত, যা হে ,…মায়ে ভালে আছে না ? বহুদিন যাবা পাৰা নাই ৰ’হ । আইভা দিবি চুন মায়েক ! আম কেইটামান লৈ যাবো। । গ’টাইগিলা পৈকচি । “
এয়ে আছিল আবুৰ মৰমৰ মাত …।
হাঁহিয়ে মহৌষধ, সেয়ে হাঁহিছিল আবুৱে । ।সকলোৱে ভাবিছিল,সেই হাঁহি আৰু ঘুৰি আহিব জানো ! আগ-গুৰি নোহোৱা এডাল শুকান গছৰ ডালৰ দৰে হৈ পৰিছিল, আবু । সকলো থাকিও যেন কোনো নাই ।
সকলোৰে প্ৰিয় কিৰণ আবুৰ হাঁহিটো লাহে লাহে ঘুৰি আহিছিল। গাঁৱৰ মানুহৰ মাজতে বিচাৰি লৈছিল আপোনজন । স্বামী হাৰা, পুত্ৰহাৰা আবুৰ বুকুত পাথৰ এটা ৰাখিছিল । তাৰ কাষে কাষে গজি উঠিছিল সেউজীয়া বন। যেনেকৈ শিলৰ ফাকেৰে গজি উঠে গছ। এয়াই প্ৰকৃতি ,এয়াই জীৱন।
আবুৰ মনত অপাৰ মৰম আৰু হেঁপাহ গাঁৱৰ ল’ৰাচলিবোৰৰ বাবে । গাঁৱৰ শিশু বিলাকৰ মৰমৰ মাজত বিলীন হৈ থাকে আবু। আনৰ বিপদত সহায়ৰ সাৰথি হৈ, গাঁওখনক বুকুত সাবটি, ঘৰখনৰ শিপা হৈ ধৰি ৰাখিছে সময়ক।
“মই আগেয়ে খাম, এ , তই..যা !মোৰ মস্ত পিয়াহ লাগছি, এ.এ..।তই অলপ ৰ’বা ন’ৰাহ..না..এ.।”
কিৰণ আবুৰ দমক’লৰ পাৰত ল’ৰাচ’লি ম’খাৰ চিঞৰ বাখৰ, থেলা-হেচা সদায়। খেলি খেলি ভাগৰ লাগিলে,সিহঁতে ইয়াতে তৃপ্তিৰে পানীৰ পিয়াহ আঁতৰায় ।তাৰ পিছত বাৰীৰ পাছফালে দৌৰ মাৰে । ক’ত আম,কঠাল, মধুৰী,ঔ পায় তাৰ সন্ধানত।
জীৱন নৈত বঠা বাই গৈ থাকে আবু।
নৈয়েতো উভতি ব’ব নোৱাৰে । আমিও নোৱাৰোঁ ।
বহুত সময় বিচনাত বাগৰি আবুৰ আমনি লাগে । টোপনিও অহা নাই, এফালে গৰম ।বতৰটো বেয়া কৰি আহিছে । মেঘৰ গাজনিৰ শব্দ আহি আবুৰ কাণত পৰে। এজাক বৰষুণ আহিব নিশ্চয়…। সঁচাকৈয়ে, হুৰহু্ৰাই বৰষুণ এজাক আহি শীতলাই পেলালে কিৰণ আবুৰ মনটো….।
তেতিয়াই ঘৰৰ বাহিৰত দৰ্জাখনত টোকৰ পৰিল…। ৰঞ্জনৰ চিঞৰ…
” আবু দৰ্জাখান খুলি দিয়ে.. বৈহান দিছি..। ভিজলু গ’টায়…। “
শৰতৰ আকাশত তেতিয়া আবতৰীয়া ধাৰাসাৰ বৰষুণ…।
Comments are closed, but trackbacks and pingbacks are open.