নিজৰা ৰাজকুমাৰী
এবাৰ ৰবীন্দ্ৰভৱনত অনুষ্ঠিত হোৱা নাটকৰ কৰ্মশালা এখনত লগ পাইছিলো মাকুমৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰক। তেতিয়া নাটকৰ লগত মোৰ পৰিচয় হৈছিল মাত্ৰ। সাংবাদিক হিচাবে গৈ এদিনতে মই সেইখন কৰ্মশালাৰ অংশগ্ৰহণকাৰীহে হৈ পৰিছিলো। হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ নাটক তেতিয়ালৈকে মই চোৱা বা পঢ়া নাছিলোঁ–কিন্তু তেখেতৰ লগত কথা পাতি নাট্যকাৰ এজনৰ মনোজগতৰ কিছু উমান পাইছিলো। তাতে নাট্যকাৰজন যদি শিশু নাট্যকাৰ হয় তেতিয়া কথাবোৰ আৰু অলপ বেলেগ হয়। আমি সদায়েই কওঁ শিশুৰ বাবে লিখাটো সহজ নহয়। কিন্তু শিশুৰ দৰে সৰলতাৰ অভ্যাস নিজৰ ভিতৰত লালন কৰিব জানিলে, পৰ্যবেক্ষণৰ কলা আয়ত্ত কৰিব পাৰিলে শিশুৰ বাবে লিখাটো সম্ভৱ হৈ উঠে। অলপতে এইজন কবি-নাট্যকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ এখন শিশুনাটক পঢ়াৰ সৌভাগ্য হ’ল। নাটকখনৰ নাম নুফুলা ফুলৰ মালিতা। নাটকখন পঢ়ি যাওঁতে যেন এজাক শিশুৰ কলৰৱহে শুনা পালো, যেন নিজ চকুৰে চাই ৰ’লো ধনমনি, সেউতী, জোনমনিহঁতৰ কাৰ্যকলাপ। নাটকৰ বিষয়ে লিখোতে নাটকখনৰ সংলাপ তুলি দিয়াটো জৰুৰী বুলি ভাবো। এইখিনিতে সেউতী আৰু শেৱালি নামৰ চৰিত্ৰ দুটাৰ দুটি সংলাপ দিলো—–
সেউতী—- মোৰ অভিমত এইযে ঘটনাৰ লগত জড়িত প্ৰত্যেকেই আনৰ ওপৰত দায় দি নিজক নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। সেইটোৱেই প্ৰমাণ কৰে যে প্ৰত্যেকেই কম-বেছি পৰিমাণে দোষী আৰু অসৎ।
শেৱালি—- মোৰ মতে ঘটনাৰ লগত জড়িত প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব পালনত ফাঁকি দিছে, গাফিলতি কৰিছে। এখন ঠাইত মানুহ একেলগে বাস কৰিলে তেওঁলোকৰ মাজত বুজাবুজি, সহযোগ থাকিব লাগে। ঘটনাটোৰ লগত জড়িতসকল একে ঠাইৰ হ’লেও তেওঁলোক যেন ইজন-সিজনৰ শত্ৰুহে।
শিশুমনত এনেধৰণৰ সংলাপ তথা নাটকখনক মঞ্চলৈ নিয়া সমস্ত প্ৰক্ৰিয়াটোৱে প্ৰভাৱ পেলায় আৰু ব্যক্তিত্ব গঠনত সহায় কৰে। নাট্যকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰে শিশু নাট বিষয়ক তেখেতৰ এক লেখাত কৈছিল– আধুনিক নাটকত দৰ্শকৰ গুৰুত্ব অপৰিসীম। ব্ৰেখটেতো দৰ্শকক নাটকৰ মুখ্য উপাদান হিচাবে গণ্য কৰিছিল। শিশু নাটক কেৱল দৰ্শকৰ উদ্দেশ্যে পৰিবেশিত নহয়। ইয়াত দৰ্শক যেনেকৈ গুৰুত্বপূৰ্ণ, সমানেই গুৰুত্বপূৰ্ণ কুশীলৱসকল। আন কথাত, শিশু নাটক পৰিৱেশিত হয় শিশু দৰ্শক আৰু শিশু নাট্যশিল্পী—যিসকলে নাটখনৰ বিভিন্ন ভূমিকাত অৱতীৰ্ণ হৈ মঞ্চত ৰূপায়ণ কৰিছে, তেওঁলোককো আনন্দ দিয়া, শিক্ষা দিয়া অথবা বৌদ্ধিক বিকাশত সহায় কৰাৰ লক্ষ্যৰে।
নুফুলা ফুলৰ মালিতাৰ বাবে নাট্যকাৰে আধাৰ হিচাবে লৈছে আমাৰ সৰুকালিৰে পৰা চিনাকি অফুল অফুল নুফুল কিয়পদ্যটোক। শিশুমনৰ উপযোগীকৈ নাট্যকাৰে কাহানীটো আগবঢ়াই নিওঁতে ই হৈ পৰিছে প্ৰাপ্তবয়স্কজনৰ বাবেও আকৰ্ষণীয়। প্ৰথমেই এখন লহপহকৈ বাঢ়ি অহা ফুলনিৰ দৃশ্য। ফুলকলিক লৈ শিশুহঁতৰ আনন্দ-উৎসাহৰ সীমা নাই। দৃশ্যটোত এটা গীতৰো সংযোজন কৰিছে। মই ভাবো শিশুনাটকত গীতৰ সংযোজন গুৰুত্বপূৰ্ণ। পিছে শিশুহঁতৰ এই উৎসাহ দ্বিতীয় দৃশ্যতে ম্লান পৰি তাৰ ঠাই লৈছে বিষাদ আৰু স্বাভাৱিক কৌতুহলে। ফুলিবলৈ ধৰা ফুলনিখন নষ্ট কৰি পেলোৱা দোষীক বিচাৰি উলিয়াবৰ কাৰণে ধনমনি, জোনমনি, সেউতী, শেৱালিহঁতে চলোৱা অনুসন্ধান আৰু অনুসন্ধানৰ ফলাফলে নাটকখনক উপভোগ্য কৰি তুলিছে। বৰ্তমানৰ বহু শিশুৰ বাবে অফুল অফুল নুফুল কিয়পদ্যটো অচিনাকি। এনেধৰণৰ নাটকে শিশুক একেসময়তে নাটকৰ ৰস আস্বাদনৰ লগতে এটি সুন্দৰ পদ্যৰ প্ৰতিও আগ্ৰহী কৰি তুলিব পাৰে। গাঁও-চহৰ-নগৰ নিৰ্বিশেষে সম্প্ৰতি শিশুসকলৰ জগতখন বহুত বেলেগ হৈ পৰিছে। বহু শিশুৰ বাবে গৰু-গৰখীয়া-ৰান্ধনী-খৰিকটীয়া আদি শব্দবোৰেই হৈ পৰিছে আচহুৱা। নুফুলা ফুলৰ মালিতা মোৰ ভাললগাৰ কেইবাটাও কাৰণৰ ভিতৰত এইটোও এটা যে একেবাৰেই খাটি অসমীয়া অসমীয়া লগা পৰিৱেশ এটাৰ সৈতে নাটকখনে শিশুহঁতক পৰিচয় কৰাই দিছে। তদুপৰি নাটকখনত আছে অতি সুন্দৰ শব্দসম্ভাৰো। এঠাইত ক’লী নামৰ গৰুজনীয়ে কৈছে— আমি শুকান নৰা খাই জীয়াই থাকিব লাগে, কঁৰিয়া ভৰাই গাখীৰ দিব লাগে আৰু আমাৰ গাখীৰৰ পৰা তঁহতে খাবি দৈ, পনীৰ, মাখন, ঘিউ, ক্ৰীম, পঞ্চামৃত।আকৌ গৰখীয়াৰ মুখত দিয়া সংলাপত আছে— মই বাৰু বাঁহী বজাই আছো। তঁহতে হ’বলা গৰুৰ আগত টোকাৰী বাই আহিলি? তঁহতৰ টোকাৰি শুনি শিং জোকাৰি খেদি পঠালে হ’বলা। ভাল লথিয়াই হাত-ভৰি নাভাঙিলে।আন এটা সংলাপ চাওঁক— যতকূটৰ ঘাই সেই ৰান্ধনীজনী। তাই ভাত এমুঠি শুদাই-নিকাই যেনেতেনে ৰান্ধি খুৱাব নোৱাৰেনে মোক?মাতৃভাষাৰ সৌন্দৰ্যক নাটকৰ জৰিয়তে শিশুসকলৰ মন-মগজুত সুমুৱাই দিব পৰাটো অতি গুৰুত্বপূৰ্ণ কথা। ষষ্ঠ দৃশ্যত হাতত কুঠাৰ লৈ ভাওনাৰ চং দি থকা অৱস্থাত খৰিকটীয়াই গোৱা— হাবিত কাহে ওলাই নাহে/ দিলে দিয়ক ৰ’দ, নিদিলেও নাই/ দুপৰতো বেলি যদি ওলাই নাহে/ নোলালেও নাই/ মোৰ গাত দায় নাই/ কুঠাৰৰ কি ভীমৰ ভোক গছ মাৰি খায়/ কাণী-মুনি বাঈ/ —আদি দৃশ্যৰ সৌন্দৰ্যই সুকীয়া। ভাল পৰিচালক এজনে এনেবোৰ দৃশ্যক সকলোবয়সৰ দৰ্শকৰ বাবেই উপভোগ্য কৰি তুলিব পাৰে।
নাট্যকাৰ বৰঠাকুৰে শিশু দৰ্শক আৰু শিশু কুশীলৱক অভিন্ন ৰূপত চোৱাৰ সপক্ষে বহু ঠাইত মতপোষণ কৰিছে। গতিকে তেখেতৰ ৰচনাতো এই দৃষ্টিভঙ্গীৰ প্ৰতিফলন ঘটাতো স্বাভাৱিক। অৱশ্যে শিশু নাটক এখনৰ ক্ষেত্ৰত এই কথা সকলো সময়তে প্ৰযোজ্য বুলি ভাবো। নাট্যকাৰে কৈছিল শিশু নাটকৰ পৰিচালকৰ শিশুৰ ওপৰত গভীৰ আস্থাই সফলতাৰ প্ৰথম চৰ্ত। শিশু নাটকত সংলাপতকৈ অভিনয়ক অধিক গুৰুত্ব দিয়া উচিত। তদুপৰি নুফুলা ফুলৰ মালিতাত নাট্যকাৰে সন্নিবিষ্ট কৰিছে সাধাৰণতে মানুহে মন নকৰা বা নজনা এটি বিষয়—গছেও মানুহৰ মৰম বুজি পোৱাৰ কথা। বহুবছৰ আগেয়ে ক’ৰবাত পঢ়া মনত আছে, বিজ্ঞানীসকলে গৱেষণা কৰি দেখিছে যে মানুহৰ মৰমৰ মাত-কথাই গছৰ বাঢ়নত প্ৰভাৱ পেলায়। নাটকখনত সোণটি-সেউতীৰ মুখৰ সংলাপেৰে এই কথা বুজাই দিয়া হৈছে। সোণটিৰ সৰু মামাকে গছ-গছনি, ফুল আদিৰ বিষয়ে বহুত কিতাপ পঢ়িছে, গতিকে মামাকে সোণটিক কৈছে গছৰ গাত মৰমেৰে হাত বুলাই দিলে গছে ভালপোৱাৰ কথা। এই কথা জানি শেৱালি-সেউতীহঁত উৎসাহিত হৈছে আৰু সিহঁতে ফুলনিৰ ফুলবোৰ সোনকালে ফুলি উঠিবলৈ গীত গাইছে।
কবি-নাট্যকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰ ৰচিত অন্যান্য নাটসমূহ হ’ল প্লেটফৰ্ম, ৰজাৰ দেউল, বালিমাহীৰ কথা, বতৰৰ বাতৰি, অমাতৰ মাত আদি। সোণালী দিন জোনালী ৰাতি তেখেতৰ কবিতাপুথি।
Comments are closed, but trackbacks and pingbacks are open.