ডাঃ নিতুল বৈশ্য
“এক স্বাস্থ্য” হৈছে এক সংহত কৌশল ব্যৱস্থা, যিয়ে জনস্বাস্থ্যৰ সমস্যাসমূহ সমাধানৰ অৰ্থে মানুহ, জন্তু আৰু পৰিৱেশৰ পৰস্পৰ সংযুক্ততাক নিৰ্দেশ কৰে। জন্তুজ ৰোগ, পৰিৱেশৰ অৱনতি, স্বাস্থ্যৰ বৈষম্য আৰু জনবিষ্ফোৰণেৰে জৰ্জড়িত ভাৰতৰ দৰে এখন দেশত এই দৃষ্টিভংগী গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।
বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ৰ তথ্য অনুসৰি, অসংক্রামক ৰোগৰ ৬০% আৰু সংক্রামক ৰোগৰ ৭৫% ৰ উৎস জন্তু। ইয়াৰ ফলত, ভাৰতৰ উচ্চ জনঘনত্ব, ব্যাপক পশুপালন ব্যৱস্থা আৰু পৰিৱেশগত সংকটৰ মাজত “এক স্বাস্থ্য” কৌশল গ্ৰহণ কৰাটো বিশেষ গুৰুত্বপূর্ণ।
এক স্বাস্থ্যৰ পৰিসৰটো তিনিটা পৰস্পৰ সম্পৰ্কিত ক্ষেত্রত কেন্দ্ৰিতঃ
1. মানুহৰ স্বাস্থ্যঃ ৰোগ, অপুষ্টি আৰু স্বাস্থ্যসেৱাৰ অভিগমন।
2. জন্তুৰ স্বাস্থ্য: জন্তুজ ৰোগৰ প্ৰতিৰোধ আৰু পশুপালন ব্যৱস্থাৰ উন্নয়ন।
3. পৰিৱেশৰ স্বাস্থ্যঃ পাৰিপাৰ্শ্বিকৰ পৰিৱৰ্তন, প্ৰদূষণ ৰোধ আৰু জৈৱ-বৈচিত্ৰৰ সংৰক্ষণ
ইতিমধ্যে ভাৰতত সঞ্চাৰ হোৱা কেইবাটাও জন্তুজ ৰোগ যেনে- নিপাহ ভাইৰাছ (২০১৮), ইনফ্লুয়েঞ্জা (H5N1) আৰু COVID-19 (২০২০) আদিয়ে এই সংহত কৌশলৰ অত্যাৱশ্যকীয়তাক প্ৰমাণ কৰে।
কিয় ভাৰতত “এক স্বাস্থ্য”ৰ প্ৰয়োজন ?
1. জন্তুজ ৰোগঃ FAO (Food and Agriculture Organization)-ৰ তথ্য অনুসৰি পৃথিৱীৰ মুঠ ৫০ টা গ্ল’ৱেল জুন’টিক হটস্পটৰ ১৩ টা ভাৰতত আছে। ৰেবীজ, ব্রুচেল’চিছ আৰু এন্থ্ৰাক্সৰ দৰে ৰোগসমূহ উল্ল্যেখযোগ্য। প্ৰতিবছৰে পৃথিৱীৰ প্ৰায় ৫৮,০০০ লোকৰ মৃত্যৰ বাবে অকল ৰেবীজ দায়ী।
2. মহামাৰীৰ প্ৰস্তুতিঃ COVID-19 মহামাৰীয়ে ভাৰতৰ স্বাস্থ্য ব্যৱস্থাত প্ৰয়োজনীয় উন্নয়নৰ অৱকাশসমূহ পোহৰলৈ আনি দিছিল।
3. পশুপালনৰ ওপৰত নিৰ্ভৰশীলতাঃ পশুপালনে ভাৰতৰ GDP-লৈ ৪.৫% অবদান দিয়ে। গ্ৰাম্য ভাৰতৰ ৭০%-ৰো অধিক পৰিয়ালে পশুপালনৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে।
4. পৰিৱেশজনিত সমস্যাঃ মাটি, পানী আৰু বায়ু প্ৰদূষণৰ প্ৰাদুৰ্ভাৱে অন্যান্য ৰোগৰ লগতে মেলেৰিয়া, ডেংগু আদিৰ সংক্রমণৰ আশংকা বৃদ্ধি কৰিছে।
5. এন্টিমাইক্র’বিয়েল ৰেজিষ্টেন্স (AMR)ঃ ভাৰত হৈছে বিশ্বৰ বৃহত্তম এণ্টিবায়োটিক ব্যৱহাৰকাৰী দেশ।২০৫০ চনৰ পৰা AMR বছৰি ১০ মিলিয়ন মৃত্যুৰ কাৰণ হ’ব পাৰে।
এক স্বাস্থ্যৰ মূল স্তম্ভসমূহ —
1. ৰোগৰ সংহত পৰ্যৱেক্ষণঃ জন্তুজ ৰোগৰ বাবে এক বাস্তৱিক নিৰীক্ষণ নেটৱৰ্ক প্ৰতিষ্ঠা কৰা। ভাৰতৰ ইন্টিগ্ৰেটেড ডিজিজ মনিটৰিং প্ৰ’গ্ৰেম (IDSP) ইতিমধ্যে এক সু-পদক্ষেপ হিচাৱে গঢ় লৈ উঠিছে, কিন্তু ইয়াৰ পৰিসৰক পৰিৱেশ আৰু পশুপালনৰ পৰিসৰেৰে অধিক বিস্তাৰিত কৰিব লাগিব।
2. গৱেষণা আৰু উদ্ভাৱনত সহযোগিতাঃ জন্তুজ ৰোগ আৰু AMR-ৰ বাবে গৱেষণাত বিনিয়োগ কৰা। বিশ্বৰ গড় ২.২%-ৰ তুলনাত ভাৰতত GDP-ৰ মাত্ৰ ০.৭%-হে গৱেষণাৰ বাবে ব্যয় কৰা হয়।
3. ক্ষমতা বৃদ্ধিঃ স্বাস্থ্য-সেৱাকৰ্মী, পশুচিকিৎসক আৰু পৰিৱেশ বিশেষজ্ঞক একত্ৰিতভাৱে কাম কৰিবলৈ প্ৰশিক্ষণ দিয়া। বৰ্তমান, ভাৰতত ৫,০০০ পশুৰ বিপৰীতে মাত্ৰ ১ গৰাকী পশুচিকিৎসক আছে, যি এক গুৰুত্বপূর্ণ অভাৱৰ প্ৰতীক হিচাৱে দেখা দিছে।
4. জন সজাগতাঃ গ্ৰামীণ আৰু নগৰীয়া এই দুয়ো ক্ষেত্ৰতে জন্তুজ ৰোগৰ প্ৰতিৰোধ আৰু প্ৰতিষেধক টিকা আদিৰ বিষয়ে প্ৰচাৰ অভিযানৰ ব্যৱস্থা কৰা।
নেদাৰলেণ্ড আৰু উগাণ্ডাৰ দৰে দেশসমূহে সফলভাবে এক স্বাস্থ্যৰ কাৰ্যসূচী বাস্তৱায়িত কৰিছে। নেদাৰলেণ্ডে H5N1 আৰু উগাণ্ডায়ে ইব’লাৰ সংক্ৰমণ ৰোধৰ সফল ব্যৱস্থাপনা কৰিছিল।
ভাৰতত ইতিপূৰ্বে আৰম্ভ কৰা এনে কিছু পদক্ষেপৰ ভিতৰত আছেঃ
(১) এন্টিমাইক্র’বিয়েল ৰেজিষ্টেন্সৰ পৰা ৰক্ষা পাবলৈ ৰাষ্ট্ৰীয় কাৰ্যসূচী (২০১৭–২০২১)।
(২) জন্তুজ ৰোগ অধ্যয়ন কৰিবৰ বাবে জৈৱপ্ৰযুক্তি দপ্তৰেৰে সৃষ্ট এক স্বাস্থ্য অভিযোজনা (২০২১)।
তথাপি, এই চেষ্টা সমূহৰ বিস্তাৰিত বাস্তৱায়নৰ বাবে যথেষ্ট বিত্তীয় সহায় আৰু আন্তঃখণ্ডীয় সহযোগিতাৰ প্ৰয়োজন।
“এক স্বাস্থ্য” সফলভাবে বাস্তৱায়িত কৰিবলৈ কিছুমান পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা-
1. বিনিয়োগ বৃদ্ধিঃ স্বাস্থ্যৰ বাবে GDP-ৰ নূন্যতম মাত্ৰ ৫% ব্যয়।
2. পৰ্যবেক্ষণৰ শক্তিশালীকৰণঃ IDSP-ক বিস্তাৰিত কৰি জন্তুজ আৰু পৰিবেশজনিত ৰোগৰ নিৰীক্ষণ শক্তিশালী কৰা।
3. প্ৰযুক্তিৰ ব্যৱহাৰঃ কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য বিশ্লেষণৰ সহায়ত সংক্ৰমণৰ পূৰ্বানুমান কৰা।
4. সহযোগিতা বঢ়োৱা: বিত্তীয় আৰু উদ্ভাৱনী সহযোগিতাৰ বৃদ্ধি কৰা।
5. নীতি প্ৰণয়ন কৰাঃ এক স্বাস্থ্য নীতি সকলো ৰাষ্ট্ৰীয় স্বাস্থ্য, পৰিৱেশ আৰু পশুৰ কল্যাণ নীতিত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা।
“এক স্বাস্থ্য” কেৱল এক ধাৰণাই নহয়, এয়া ভাৰতৰ বাবে এক প্রয়োজনীয়তা। এক সংহত আৰু সহযোগিতামূলক দৃষ্টিভংগীৰ মাধ্যমেৰে স্বাস্থ্যৰ সমস্যাসমূহৰ সমাধানৰ বাট উলিওৱাৰ ই এক অনন্য ব্যৱস্থা। ভবিষ্যতে মহামাৰীৰ পৰা ৰক্ষা পাবলৈ, অৰ্থনীতি সুৰক্ষিত কৰিবলৈ, জন্তু আৰু পৰিৱেশৰ মঙ্গল নিশ্চিত কৰিবলৈ “এক স্বাস্থ্য”ৰ অতীৱ প্ৰয়োজনীয়তা আছে।
ফোনঃ ৭৮৯৬২৪৬০০১
Comments are closed, but trackbacks and pingbacks are open.