অসমীয়া নাটক– প্ৰাচীন অথবা আধুনিক-৬

37

নিজৰা ৰাজকুমাৰী

 লুইতেদি বয় ক’ৰে ৰূপৰ পানী

      কি কথা বুকুতে লই

মনৰে কথা মোৰ মনত মৰহিলে

তেজীমলাহে মই — দূৰৈৰ পৰা উটি আহে এই বনগীত। লহৰজান মৌজাৰ ফুলগুৰি গাওঁ। সময়-সন্ধিয়াৰ আগভাগ।— এই পৰিৱেশ ৰচনা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ নাটক লভিতাৰ। নাটকখনৰ আৰম্ভনিতে নাট্যকাৰে গোলাঘাটৰ লহৰজান এয়াৰড্ৰমৰ ওচৰৰ ফুলগুৰি গাঁৱৰ বাণেশ্বৰ বৰুৱাৰ ঘৰৰ আগচোতালৰ দীঘলীয়া বৰ্ণনা দিছে। আনকি তামোল,আম-লেতেকু, নাহৰ, তগৰ আদি গছ কোনখিনিত আছে সেই কথাও লিখিছে। এই সম্পৰ্কত ড° পোনা মহন্তই লিখিছে যে জ্যোতিপ্ৰসাদ আগৰৱালাই পোন প্ৰথমে ইবচেনীয় নাট্যৰীতি অসমীয়াত প্ৰৱৰ্তন কৰে তেওঁ চৈধ্য বছৰ বয়সতে লিখা শোণিতকুঁৱৰীনাটকত। জ্যোতিপ্ৰসাদৰ আগতে আমাৰ কোনো নাট্যকাৰে শোণিতকুঁৱৰীৰ দৰে দীঘলীয়া মঞ্চ নিৰ্দেশনা বা অন্য নাটকীয় ব্যৱস্থাপন প্ৰয়োগ কৰাৰ উদাহৰণ নাই। জ্যোতিপ্ৰসাদকে ইবচেনীয় আৰ্হিত অসমীয়া আৰু মঞ্চত বাস্তৱবাদী নাট্যৰীতিৰ প্ৰৱৰ্তক বুলিব পাৰি। অৱশ্যে স্বীকাৰ কৰিব লাগিব যে কম বয়সত লিখা শোণিতকুঁৱৰী নাটকত এই নতুন নাট্যৰীতিৰ অনুশীলনহে দেখিবলৈ পোৱা যায়। ই পৰিপক্বতা লাভ কৰে তেওঁৰ কাৰেঙৰ লিগিৰী আৰু লভিতাত।

লভিতা সম্পৰ্কত জ্যোতিপ্ৰসাদে কৈ থৈ গৈছে — এই নাটকত যিবোৰ ঘটনা আৰু চৰিত্ৰ দিয়া হৈছে সেইবোৰ সকলো বিয়াল্লিছ আৰু দ্বিতীয় মহাসমৰৰ অসমত হোৱা সঁচা ঘটনাৱলীৰ ওপৰত প্ৰতিষ্ঠিত। এই নাটক কোনো ৰাজনৈতিক মতবাদ সমৰ্থন কৰি লেখা হোৱা নাই। লভিতা আদৰ্শমূলক অসমীয়া ছোৱালীৰ চৰিত্ৰ নহয়। লভিতাৰ চৰিত্ৰৰ প্ৰথম ছোৱাৰ বাবে সমল গোটোৱা হৈছিল ১৯৪১ চনৰ শেষত তেজপুৰৰ শালনি এয়াৰ ফিল্ডত হোৱা ঘটনা এটাৰ পৰা।

লভিতাত ইবচেনীয় নাট্যৰীতিৰ প্ৰয়োগ সম্পৰ্কে ইতিমধ্যে বহু নাট্যৰসিক-আলোচক-গৱেষকে লিখি থৈছে। নৰৱেৰ নাট্যকাৰ ইবচেনৰ নাটক নপঢ়া বা নজনা নাট্যৰসিক হয়তো নোলাব। ইবচেনৰ সৈতে মোৰ প্ৰথম পৰিচয় ঘটিছিল এ ডলছ্ হাউচ শীৰ্ষক তেখেতৰ বিখ্যাত নাটকখনৰ জৰিয়তে। পাছলৈ গুৱাহাটীৰ ৰবীন্দ্ৰভৱনৰ মঞ্চত নাটকখন উপভোগ কৰাৰ সুবিধাও পাইছিলো। নৰৱেৰ নাটকৰ শোচনীয় অৱস্থাক সফলতাৰ শিখৰলৈ লৈ গৈছিল ইবচেনে। মাজতে ইন্টাৰনেটত পঢ়িবলৈ পাইছিলো যে ২০০৬ চনত পৃথিৱীৰ আটাইতকৈ বেছিকৈ মঞ্চস্থ হোৱা নাটকখন হ’ল এ ডলছ্ হাউচ।

এ ডলছ্ হাউচৰ লগতে এন এনিমি অৱ দ্য পিপ’ল, ঘোষ্টছ্, পিলাৰ্ছ অৱ চ’ছাইটি, দ্য ৱাইল্ড ডাক, দ্য লেডি ফ্ৰম দ্য ছী ইত্যাদি ইবচেনৰ বিশ্বজুৰি চৰ্চিত-সমাদৃত নাটক। এ ডলছ্ হাউচৰ ১৯৫৯ চনত পদ্ম বৰকটকীয়ে পুতলা ঘৰ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল। দ্য ৱাইল্ড ডাক সত্যপ্ৰসাদ বৰুৱাই আমাক উপহাৰ দি গৈছে বনহংসী নামেৰে। শুনিলেই ভাললগা নাম নহয়নে! ড° মহেন্দ্ৰ বৰাই ঘোষ্টছ্-ক অনুবাদ কৰিছিল ভূত নামেৰে। ইবচেনৰ সপ্তমখন নাটক হ’ল The Vikings at Helgeland , যিখন ১৮৫৭ চনত ৰচিত হৈছিল। সুৰেশ গোস্বামীৰ ৰুনুমী (১৯৪৬) নামৰ নাটকখন ইবচেনৰ এইখন নাটকৰ ভিত্তিত ৰচিত। ওপৰত কৈ আহিছোৱেই যে জ্যোতিপ্ৰসাদ আগৰৱালাই পোন প্ৰথমে ইবচেনীয় নাট্যৰীতি অসমীয়াত প্ৰৱৰ্তন কৰে তেওঁ চৈধ্য বছৰ বয়সতে লিখা শোণিতকুঁৱৰীনাটকত। শোণিতকুঁৱৰীৰ এটি মঞ্চ নিৰ্দেশনা চাওঁচোন আহক— বাণৰ নগৰ। ৰাজকাৰেঙৰ ভিতৰৰ ফুলনিত ঊষা সখীয়েকসকলৰ সৈতে ঘূৰি ফুৰিছিল আৰু সখীয়েকসকলে নাচি নাচি গীত গাইছিল। ঊষাই ফুল চিঙি ফুৰিছিল আৰু মাজে মাজে এবাৰ দুবাৰ গীতো গাইছিল। লাহে লাহে সন্ধিয়া হৈ আহিছিল।এনেকুৱা মঞ্চ নিৰ্দেশনা সেইসময়ৰ নাটকৰ ব্যতিক্ৰম। অসমীয়া নাটকে দেখা পৰিৱৰ্তনত ইবচেনৰ প্ৰভাৱ বিদ্যমান। নিজৰ দেশৰ নাটকৰ জগতখনক প্ৰকৃত অৰ্থত সমৃদ্ধ কৰি উঠি নাট্যপ্ৰতিভাৰে সমগ্ৰ বিশ্ব জিনি অসমৰ দৰে এখন ঠাইৰ নাটককো সমৃদ্ধ কৰি থ’লে ইবচেনে। নাটকৰ ৰচনা শৈলী, মঞ্চ নিৰ্দেশনা আদিয়ে বহন কৰিলে ইবচেনীয় প্ৰভাৱক।

জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰী নাটকৰ প্ৰথম অঙ্কতে আছিল দীঘলীয়া মঞ্চ নিৰ্দেশনা। মোৰ এই সৰু লেখাটোত এই সুদীৰ্ঘ নিৰ্দেশনা তুলি দিয়াটো উচিত নহ’ব। মাত্ৰ দুশাৰীমান উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলো—কাৰেং- সুন্দৰ কোঁৱৰৰ শোৱনি-কোঠা। কোঠাৰ সোঁমাজতে পাছৰ বেৰৰ দাঁতিলৈ পথালিকৈ এখন সিংহৰ মূৰ আৰু আগভৰিৰ ওপৰত থিয় হোৱা ঠগৰ খুৰা লগোৱা সোণখটোৱা চালপীৰা। পাছফালৰ বেৰত তিনিখন ডাঙৰ ডাঙৰ ৰূপৰ দাপোণ। পালেঙৰ ওপৰত বৰ ডাঙৰ সোণৰ বৰজাপি এটা তৰি থোৱা আছিল। এটি প্ৰৱন্ধত ড° পৰাগ কুমাৰ ভট্টাচাৰ্যই লিখিছে–ইবচেনীয় নাট্যৰীতিৰ প্ৰভাৱ পোনতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকত দেখিবলৈ পোৱা যায় যদিও ৰোমান্টিক ৰীতিকো তেওঁ পৰিহাৰ কৰিব পৰা নাই। কাব্যগন্ধী ভাষা গীতৰ সঘন প্ৰয়োগ আনকি স্বগতোক্তি প্ৰকাশো তেওঁৰ নাটকত দেখিবলৈ পোৱা যায়।একেটা প্ৰৱন্ধতে লেখকে কৈছে– ইবচেনৰ নাট্যৰীতিৰ প্ৰভাৱ জ্যোতিপ্ৰসাদৰ নাটকত দেখিবলৈ পোৱা যায় যদিও জ্যোতিপ্ৰসাদৰ নিজস্ব প্ৰতিভাৰ বলত সেই প্ৰভাৱ ম্লান হৈ পৰিছে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.