জলকুঁৱৰীৰ কাঁচৰ হৃদয় শিল হৈছিল

65

ববিতা গগৈ

চলৌপ ।

নৈত হোৱা শব্দটোত  ঘূৰি চালে হঠাৎ বৈষ্ণৱীয়ে।

ম’বাইলত ফটো তুলি আছিল তাই ।তেনেতে মানুহ এগৰাকী পানীৰ পৰা উঠি আহিল। তিতা গা, সম্পূৰ্ণ তিতা কাপোৰেৰে মানুহজনীক সাইলাখ জলকুঁৱৰী যেন লাগিছে।উফ  মানুহ ইমান ফটফটিয়া নিৰ্মল হ’ব পাৰেনে।তেওঁ গম নোপোৱাকৈয়ে তাইৰ কেমেৰাত সেই দৃশ্য বন্দী হয়।হয়তো তাইৰো অজানিতে।

কলহটো পাৰৰ পৰা লৈ পুনৰ নামি গল তেওঁ।পানীত বুদ বুদকৈ শব্দ এটা হ’ল। তেওঁ পানী ভৰাইছে।ওচৰত থকা চৰাই এটা ভুৰুংকৈ উৰি গ’ল শব্দটো শুনি।তেওঁ পাৰলৈ উঠি আহিল।

: বৰমা পানী তুলিলে?

তেওঁ একো নামাতিলে।আকৌ সুধিলে তাই। একোৱেই নকলে সাবিত্ৰীয়ে।বাৰে বাৰে সুধি থকাৰ পিছতো নক’লে।খং উঠিছে নেকি বাৰু !

: বৰমা আপোনাৰ লগত কথা অলপ আছিল।

: কি কথা আছে মোৰ লগত ।

প্ৰায় কৰ্কশ মাত এটা উলিয়াই ওলোটাই প্ৰশ্নহে কৰিলে। মুখলৈ চাই পঠিয়ালে তাই । এইমাত্ৰ  পানীৰ পৰা উঠি আহিছে ।কঠোৰ মুখ এখন।তথাপি ক’ৰবাত কোমল। এই দেৱীযেন মানুহজনীৰো কথাবোৰ ইমান কঠোৰ হ’ব পাৰেনে!

কিয় কিয় কিয় ?কিয় ইমান দুৰ্বোধ্য মানুহ গৰাকী।

বিছনাখনত ওপৰলৈ মোৰ কৰি সেইবোৰ কথাই  পাগুলি আছেহি তাই মানে বৈষ্ণৱীয়ে। মাহীয়েকে বহুবাৰ চাহ খাবলৈ মাতিলে নাই তাইৰ কাণসাৰ নাই।দুপৰীয়া নৈৰ পাৰলৈ যোৱাৰ কাৰণে মাহীয়েকৰ পৰা গালিও শুনিলে।

:কিহৰ চখ তোৰ তালৈ অসময়ত যোৱাৰ। ফটো উঠাৱ। “বেয়া বস্তু ওলাই তাত  ভৰ  দুপৰীয়া।”

সকলোৱে ভয় কৰে তাইৰ মাহীয়েকৰ ঘৰৰ সন্মুখৰ মঠাউৰিটোৰ  সন্মুখত থকা ঘাটটোলৈ।বহুত মানুহ নৈত গা ধুবলৈ গৈ ডুবিত পৰি ওলাই আহিব পৰা নাই ।পিছত তামোল পাণ দি হৰি ধ্বনি দিলতহে বোলে ওলাই আহিছে। দুৰ্বাৰ আকৰ্ষণ তাইৰ এই নৈলৈ, এই ঘাটলৈ।নৈয়ে কাহিনী কঢ়িয়াই কত লোকৰ।যেতিয়াই সময় পায় গুচি আহে এই ঠাইলৈ।বহু সময় ধৰি বহি থাকে ঘাটত।কথা পাতে নৈৰ সতে । কাকো ক’ব নোৱাৰা  উথপথপ লগাই থকা কথাবোৰ বুকু উজাৰি  নদীক  কয় ।

সেই যে ভৰ দুপৰীয়া নৈলৈ গৈছিল তাই মনটো  তাতেই এৰি থৈ আহিল।  মানুহৰ মুখত শুনা মতে ল’ৰা এটা জন্ম হোৱাৰ পিছতেই ঢুকাইছিল সাৱিত্ৰীৰ।তাৰ পিছতেই গিৰিয়েকে  বেলেগকৈ  থাকিবলৈ লয়।আহে মাজে মাজে।মানুহজনী এতিয়া হেনো পাগলৰ দৰে,নিজৰ মাজতেই থাকে,মগজুৰ বিকৃতী  ঘটিল।

“সাবিত্ৰী পাগলী”

সাৱিত্ৰীৰ গিৰিয়েক আৰু তাইৰ মহায়েক বৰ ভাল বন্ধু আছিল।এবাৰ মহায়েকে  সাবিত্ৰী কলিতাৰ গিৰিয়েক ঘৰলৈ আহোঁতে তাইক লৈ গৈছিল।ওচৰৰ পৰা দেখিছিল ভালকৈ মানুহজনীক।কাৰোবাৰ ফোন অহাত মই বিমান কলিতাৰ মিছেছে কৈছোঁ বুলি কৈছিল। সৱেই পাগল বোলা এই মানুহজনীয়ে মই তেওঁৰ মিছেছ বোলাত  আচৰিত হৈছিল তাই। এতিয়াও নিজকে সেইজন মানুহজনৰে পত্নী বুলি ভাৱে নেকি তেওঁ?

কি কয়  তেওঁ!সৱেই দেখোন পাগলী,মগজুৰ গণ্ডগোল থকা বুলি কয়।ঘাটটো আজি তেওঁ কৈছিল –

:শুন ছোৱালী, পাগলীৰ পিছত কেলেই লাগি আছ’।তোৰ যদি কিবা বিপদ হয় সৱেই মোকেই দোষিব।মই পাগল কুলক্ষনি,মুখ চোকা সৱ।নাহিবি মোৰ ওচৰলৈ।বেছি জানিবলৈ চেষ্টা নকৰিব মোক।পিছত মই কষ্ট পাওঁ।

মানুহৰ অকণমান আদৰত কষ্ট পাওঁ।

:এদিন ওলামগৈ আপোনাৰ ঘৰ আপুনি যিমান মানা কৰিলেও ।একো নোকোৱাকৈ তেওঁ পাৰত ৰাখি থোৱা শুকান কাপোৰখন গাত মেৰিয়াই গৈছিলগৈ।তাইলৈ এৰি থৈ গৈছিল এগালমান প্ৰশ্ন আৰু কৌতূহল।

লাগি গ’ল বৈষ্ণৱী একেটা কথাতে।কিয়, কিয় ক’লে শেষত তেওঁ তেনেকৈ।”মানুহৰ অকণমান আদৰত কষ্ট পাওঁ বুলি” নাই নাই জানিব লাগিব মই।যিগৰাকী মানুহক দেখিলে সৰু ল’ৰাই শিলগুটি দলিয়াই , কিৰিলিয়াই  সেইগৰাকী মানুহৰ কথাত ইমান দৃঢ়তা।নাই মই যাব লাগিব তেওঁৰ ওচৰলৈ ।

পিছদিনা ওলাইছিল তাই সাবিত্ৰী কলিতাৰ ওচৰলৈ। মাহীয়েকক কোৱাত মানা কৰে যাবৰ সময়তেই।

:কি বুলি ভাব নিজকে হা।যি মন যায় তাকে কৰিবলে বিচাৰ।কালি ভৰ দুপৰীয়া ঘাটলৈ গৈছ আজি এইয়া । সেইজনি পাগলী সৱেই কয় তই মই কোন ।জানো  এইটো কথাত তোৰ কিয় ইমান উৎসাহ।

:নহয় মাহী তোমালোক মানুহবোৰৰ ভুল।একো বিচাৰ নকৰাকৈ কাম কৰে মানুহে।তেওঁ ভালকৈ পাতিছিল কথা মোৰ লগত।

:অ নকৰে ।একো বিচাৰ নকৰে।কাৰণ তেওঁলোক সমাজ।আমি সমাজত বাস কৰিছোঁ। তই মই যদি বিৰোধ কৰোঁ আমি বেয়া হ’ম।এজন মানুহে অকলে এখন সমাজ গঢ়িব নোৱাৰে ।

:কিন্তু সমাজ খনৰ বিপৰীতে কামটো কৰিব পাৰে।তোমালোক একদম ভয়াতুৰ জানা ।সঁচা কোৱাৰ দম নাই ।এজন এজন মানুহ লগ লাগিয়েই তুমি কোৱা এই” সমাজ” গঠিত হৈছে।

:তই ভুল কোৱা নাই ।কিন্তু আমি একো কৰিব নোৱাৰাকৈ হাত ভৰি বন্ধা ।

মাহী এটা কথা ভালকৈ শুনি থোৱা যি সমাজে দুখ দিয়ে ,এজনী মানুহৰ এখিনি সময় ,গোটেই জীৱন তিল তিলকৈ নৰক বনাব পাৰে সেই   সমাজক  মোৰ দৰকাৰ নাই।জানো সকলো মই ,তেওঁৰ কথা বুজোঁ অলপকৈ হ’লেও।তেওঁ যে  কিমান কষ্ট পাইছে সমাজৰ ভুল বিচাৰত।

গপগপাই আঁতৰি গৈছিল তাই।থৰ লাগিছিল মাহীয়েক।পিছদিনা মাহীয়েক নথকাৰ সুযোগ লৈ উলাইছিলগৈ তাই তেওঁৰ ঘৰ।আগফালে ৰ’দ পুৱাই আছিল সাবিত্ৰী।

:বৰমা ৰ’দ পুৱাইছে।

:জানো তই আহিবি বুলি।

:বহ ।

নিজে বহি থকা পীৰাখন আগবঢ়াই দিছিল।মই চাহ কৰোঁগৈ ৰহ।উঠি গৈছিল মানুহজনী।  ভিতৰত নি আথে বেথে বহাই চাহ খাবলৈ দিছিল।ওচৰতে বহি লৈছিল সাবিত্ৰী কলিতা।কৈছিল –

:তই যে আহিছ মাহীয়েৰৰ ঘৰত গম পাই?

:নাই মনে মনেহে আহিছোঁ বুলি কৈ তাই জিভা কামোৰে।

:নিদিয়ে বুলি ক?মই বেয়া নাপাওঁ দে।শুন ।বহুদিন মোৰ ইয়ালৈ মানুহ অহা নাই নাহেও।বহু বছৰৰ পাছত তই আহিলি। সেই হেতু টোক মই বেয়া ব্যৱহাৰ কৰিব নোৱাৰোঁ ।চাহ খোৱাৰ গোটেই সময়কন তাইৰ ওচৰতেই বহি আছিল তেওঁ। তাই মূল কথালৈ আহিবলৈ বিচাৰে আপোনাক কথা কিছুমান সুধিবলৈ আছিল।যদি আপুনি  ক’বলৈ বিচাৰে মই শুনিম।

মইও ভাত খোৱা নাই বনাবলৈ আছে।একেবাৰে ভাতেই খাই যা। বৰ ভাল লাগিব মোৰ।ভাত খাম বুলি কৈছিল তাই।যোগাৰ কৰিছিল তেওঁ ৰান্ধিবলৈ।কৈ গৈছিল তেওঁ কথাবোৰ ৰান্ধি থাকোঁতে।সেইদিনা তাই এক আচৰিত সত্যৰ মুখা মুখি হৈছিল।এজনী মানসিক ৰোগীয়ে কৈ থকা নাছিল কথাবোৰ।কৈ আছিল এগৰাকী অৱহেলিত নাৰীয়ে।

সাবিত্ৰী কলিতাৰ বিবাহ সূত্ৰে এই ঠাইত থকা  প্ৰায় ২৭ বছৰ হ’ল।বিয়াৰ এবছৰৰ পাছত ল’ৰা এটা জন্ম হৈছিল।সাবিত্ৰী কলিতাৰ ককায়েকে ভনীয়েক আৰু ভাগিনীয়েকক  লৈ যাবলৈ বিচাৰিছিল নিজৰ ঘৰলৈ । নিবলৈ দিয়া নাছিল গিৰিয়েকৰ ঘৰৰ মানুহে।

মানুহজনেও দিয়া নাছিল।কিন্তু মনা নাছিল সাবিত্ৰী কলিতাৰ ককায়েকে।সকলোৱে নিজৰটোহে বুজিছিল।কিন্তু মানুহজনীয়ে কি বিচাৰে সুধিবলৈ আহৰি নাছিল কাৰো।যি কৰ কৰ বুলি গিৰিয়েক বিমানেও  কৈ দিছিল।পিছত কিবা হ’লে মোৰ দায়িত্ব নাথাকিব।গৈছিল তেওঁ মাকৰ ঘৰলৈ।কি হ’ব একো ধৰিব পৰা নাছিল।মাকৰ ঘৰত এক সপ্তাহ থকাৰ পিছতেই ল’ৰাটোৰ হঠাতে গা বেয়া হৈছিল। ভীষণ ভয় খাইছিল তেওঁ।আৰু তেওঁক  শূন্য কৰি  ল’ৰাটো ঢুকাইছিল ।মগজুৰ সুস্থিৰতা একেবাৰেই নাছিল সাৱিত্ৰীৰ।মাকৰ ঘৰৰ মানুহে লৈ আহিছিল ইয়ালৈ। সন্তান হেৰুৱায় শূণ্য হৈ পৰা মানুহজনীৰ মুখলৈ চাবলৈ এইবাৰো কাৰো আহৰি নাছিল। মাথোঁ ভুল ধৰিছিল সকলোৱে। সকলো মাথোঁ সাৱিত্ৰীৰ ভুল।

ঘৰখনত মৃত শৰীৰ এটা লৈ ঘূৰি ফুৰিছিল তেওঁ।মানুহজনে সম্পৰ্ক এৰাই চলিছিল তেওঁৰ লগত।

এদিন হঠাৎ মানুজনে ক’লে –

:মই আৰু ইয়াত নাথাকো।যেতিয়া মই যাবলৈ মানা  কৰিছিলো তেতিয়া নুশুনিলা। ল’ৰা হেৰুৱালোঁ।ঘৰত থকা হলে নহ’লহেতেন চাগে।শেষ এতিয়া সব।যি হল সব তোমাৰ ভুলৰ কাৰণেই। ৰখাইছিল তেওঁ । কাবৌ কৰিছিল গিৰিয়েকক  কিন্তু মানুহজনে নুশুনিলে।কোনোদিনে সাবিত্ৰী কলিতাৰ সতে নথকাৰ কথা কৈ গুচি গৈছিল চাকৰিৰ জেগালৈ।কৈ গৈছিল যাওঁতে সাৱিত্ৰীক সহ্য কৰিব নোৱাৰা হোৱাৰ কথা।

ল’ৰাটো নোহোৱাৰ পিছৰ খালী বুকুখনক, মনটোক অকণমান সকাহ দিব পৰাকৈ এখন সাহসৰ হাত নাছিল। তেওঁ এৰি থৈ যোৱাৰ পাছত ভীষণ অকলশৰীয়া হৈ পৰিলোঁ মই আজি পৰ্যন্ত।মোৰ পৰা সকলো মানুহ লাহে লাহে আঁতৰি গৈছিল।এইখন ঘৰৰ মানুহবোৰে প্ৰত্যেক কথাতে দোষিছিল , মানসিকভাবে হাৰাশাস্তি কৰিছিল। মোৰ কাৰণেই হেনো তেওঁলোকে পুতেকক হেৰুৱালে।

:মানসিক শাৰীৰিক সকলো ফালৰ পৰা যেতিয়া ভাঙি

চিঙি কেইবা টুকুৰা হৈ গৈছিলোঁ  বেমাৰ হৈছিল মোৰ। হস্পিটেললৈ নিবলৈ মানুহ নোলাল। সেই যে মই গা ধোৱা ঘাটতো তাতে এটা ল’ৰা পানীত ডুব গৈছিল।তাৰ মাক আহি মোক লৈ গৈছিল হস্পিটেললৈ।গৈ পাওঁ মানে মই একো গম নাপাওঁ।চিকিৎসা চলিল।বহুদিন থাকিলোঁ চৰকাৰী হস্পিতালত। এইবাৰ মাৰ ঘৰৰ পৰাও নিব   নোৱাৰোঁ বুলি ক’লে । মোৰ দোষ কোনখিনিত আছিল।ল’ৰাটোক মইতো নিজে মৰা নাছিলোঁ ।এইবাৰ মই দৃঢ় হৈছিলোঁ কোনেও ভাঙিব নোৱাৰা কৈ।আচলতে মই  কাৰো বাবেই একোৱেই নাছিলোঁ।নহ’লে ইমান অবহেলা কৰেনে?

আগৰ সাৱিত্ৰীৰ কাঁচৰ বুকু এখন আছিল যিখন ভাঙিবলৈ একেবাৰে সহজ আছিল ।এতিয়া শিল হ’ল। যত কটাৰীও ধৰাব পৰা যায়।

:আপুনি অকলশৰে এইঘৰটোত কেতিয়াৰ পৰা থাকিবলৈ ল’লে বৰমা ?

:ইয়াৰ  এবছৰৰ পিছত বৰদেউতাৰে আহিছিল।

দেখিছিলহি মোৰ বিধ্বস্ত অৱস্থা। ভগ্ন শৰীৰ।প্ৰায়েই গা বেয়া হৈ থাকে। তেওঁ আহি মোৰ চকুলৈ চাব নোৱাৰিছিল।হয়তো নিজৰ ভুলটো ভাবি লাজ পাইছিল ।অহাৰ দিনা ভাত খোৱাৰ পিছত মোক সুধিছিল কেনে আছোঁ বুলি।মই আন্তৰিকতাৰে মাতিব পৰা নাছিলোঁ।আচলতে মানুহৰ প্ৰতি মোৰ আন্তৰিকতা শেষ হৈ গৈছিল।

তেওঁ  কৈছিল  সেই সময়ত  ভবাৰ শক্তি নথকা বুলি একো।

: তুমি মোৰ কথা নুশুনি গুচি যোৱাৰ বাবেই তেনে হ’ল বুলি ভাবি লৈছিলোঁ।তোমাক চাই থাকিব পৰা নাছিলোঁ চকুৰ সন্মুখত।

:আৰু মই ? মইটো মোৰ ল’ৰাটোৰ মাক আছিলোঁ।তাৰ লগত জন্ম নোহোৱাৰ পৰা মৃত্যু লৈকে এটা সম্পৰ্ক মোৰ হৈছিল।যিটো মই অনুভৱ কৰোঁ প্ৰতি পল।আন কোনেও নোৱাৰে।কোনে ভাবিছিল মই কিমান কষ্টত আছোঁ।মোক কোনেও একো নুসোধাকৈ কৰি গৈছিল সৱ।

এতিয়া মোৰ লগত ব’লা বুলি লগ ধৰিছিল তেওঁ।

নাই মই সিদ্ধান্ত লৈ পেলাইছোঁ।মই কাৰো বুজা হ’ব নুখুজো। বিষ এসোপা অকলেই কঢ়িয়াইছো তাৰ ভাগ কাকো লবলৈ দিয়া নহ’ব।তেওঁ উছপ খাই উঠিছিল।কাৰণ কাৰণ মই সেই কোমল মনৰ ঠুনুকা কাঁচৰ দৰে সাবিত্ৰী জনী যে নহয়।

:তুমি সলনি হ’লা সাবিত্ৰী।

:হ’লো।হ’ব যে লাগিবই।আপুনি মোৰ এটা মাত্ৰ অনুৰোধ ৰাখক ।এইয়া মোৰ অধিকাৰ পত্নী হিচাপে।আপোনাৰ অকলশৰীয়াকৈ থকা মাটিখিনিত মোক এটা ঘৰ সাজি দিয়ক।আৰু এই ঘৰত মই অকলে থাকিম।ইতিমধ্যে মোৰ পৰা সকলো আঁতৰি গৈছেই।এতিয়া আপোনাৰ লগতো বিশেষ মোৰ একো নাথাকিব।যদি আছে চিনাকি মানুহৰ দৰে আহিব দিনত মোৰ ওচৰলৈ।অতিথিৰ কাৰণে দুৱাৰ সদায় খোলা ৰাখিম।

ৰাস্তাত মোক দেখিলে জোকাই ,কিৰিলিয়াই, শিলগুটি দলিয়াই ।মই নৈলৈ যাওঁ।কিন্তু সৰু ল’ৰা ছোৱালী বোৰক ভয় খুৱাবলৈ মোৰ কথা কয়।মই বাকী জীৱনৰ সময়চোৱা তেনেকৈ কটাব বিচাৰোঁ।পাগলী হিচাপে।

একো ক’ব পৰা নাছিল তেওঁ আৰু ক’বই বা কি। ৰাস্তা জানো তেওঁ ৰাখিছিল কিবা ক’ব পৰাকৈ।মাথোঁ সোনকালে ঘৰৰ ব্যৱস্থা কৰি দিছিল কম সময়ৰ ভিতৰত।কোনো আনুষ্ঠানিকতা নোহোৱাকৈ গুচি হৈছিলোঁ সেই ঘৰটোলৈ।নামঘৰত চাকি এগজ জ্বলাই।কাৰণ পাগলীৰ কিহৰ  এইবিলাক আৰু।খুব ভাল লাগিছিল সেইদিনা খুব ভাল ।তেওঁ মোক আহিলে খৰচ দি থৈ যায়।কাৰণ মই পত্নী হৈয়েই আছিলোঁ।মই জীয়াই থকা কালচোৱা মানুহজনক ,ঘৰখনক আৰু মাৰ ঘৰখনক কষ্ট দিব বিচাৰিছিলোঁ ,সন্মুখত পাগল হৈ থাকি জ্বলাই থাকিব বিচাৰিছিলো।মই সফল আছিলোঁ জান সফল।মোৰ যে  পাগলৰ দৰে আচৰণ বোৰ দেখি দাদাহঁতে কষ্ট পাইছিল লাজ পাইছিল, এইখন ঘৰেও আৰু মানুহজনেও ।তেওঁ মোৰ পৰা ইতিমধ্যেই বহুত আঁতৰি গৈছিল পুনৰ উভতিব নোৱাৰাকৈ।

এই যে মই আজীৱন আঁতৰি থাকিবলৈ পালোঁ।কাৰ কাৰণে ?মোৰ যদি মানুহজনে সেই সময়ত ক’লেহেতেন মোৰ হৈ।তেখেতৰ কাৰণেইটো এইবোৰ হ’ল।মোৰ লগত যদি থাকিলহেঁতেন।সেই মানুহজনক মই আকৌ কিদৰে ক্ষমা কৰোঁ। সেই ঘৰদুখনক।কিন্তু এবাৰলৈ মনলৈ অহা নাছিল আত্মহত্যাৰ কথা।নোৱাৰোঁ মৰি যাব মই।

আহিছিল তেওঁ মাজে মাজে। গা বৰ বেয়া আছিল ঢুকুৱাৰ তিনিমাহ মান আগৰ পৰা। একেবাৰেই গুচি আহিছিল ঘৰলৈ।অহাৰ দিনা গধূলি আহিছিল মোৰ ইয়ালৈ ।কৈছিল মোক মোৰ গা সাংঘাটিক বেয়া ।এইবাৰ নাথাকিম চাগে আৰু জীয়াই।শেষ সময় চোৱা তোমাৰ লগত থাকিব বিচাৰোঁ।যদি দিয়া।হাতযোৰ কৰিছিল মোক। একো উত্তৰ নিদিছিলোঁ।আচলতে ক’ব পৰা নাছিলোঁ একো।কিছুমান কথাত হা না একো ক’বলৈ মন নাযায়।মাথোঁ মনলৈ আহিছিল তেওঁ কৰা উপেক্ষা অৱহেলা আৰু সমাজত পোৱা  অৱজ্ঞাৰ কথা।

গা বেয়ালৈ গৈছিল তেওঁৰ।বৰ বেয়া।এদিন হঠাৎ গৈ পুৰণি মূল ঘৰখনৰ পৰা লৈ আনিলোঁগৈ মোৰ লগতে থাকক বুলি। দুটা মাহ থাকিল মোৰ লগত ।তাৰ পিছত ঢুকাল এদিন।মোৰ হাততেই।এই যে দুটা মাহ থাকিল তেওঁ মোক বহুবাৰ ক্ষমা খুজিছিল। স্বীকাৰ কৰিছিল তেওঁৰ বাবেই  সকলোৰে পৰা মই যে ইমান উপেক্ষিত হলোঁ।নাই মুখ ফুটাই নোৱাৰিলোঁ কʼব।যত্ন লৈছিলোঁ তেওঁক।কৃপনালি কৰা নাছিলোঁ।মোৰ কাৰণে তেখেতে চলিব পৰাকৈ সকলো ৰাখি গৈছিল টকা পইচা।

বেছি টান হওঁতে মানুহবোৰ  আহিছিল।তেওঁ বাৰে বাৰে কৈছিল যে  মানুহবোৰক  মিছাতেই তেওঁৰ কাৰণে মই কষ্ট পোৱাৰ কথা ।তেওঁৰ কথাক কোনেও গুৰুত্ব নিদিলে।তিনিবছৰ হ’ল তেওঁ নোহোৱা। কিন্তু মই সকলোৰে চকুত একেই থাকিলোঁ।

কথাখিনি কৈ ৰয় সাবিত্ৰী।যেন মানুহজনীয়ে নিজৰ এই কোনেও নজনা  সকলোৱে মনে সাজি পাগল বোলা  কাহিনীটো ক’বলৈ শ্ৰোতা বিচাৰি ফুৰিছিল।কিন্তু শ্ৰোতা নাছিল।কাহিনীটো শুনিবলৈ কোনোবা আগবাঢ়ি আহিল।আৰু কৈ উঠাৰ পিছৰ নীৰৱ সময় খিনি এইয়া।

:বৰমা ….

:অ’হ।ভাত খাবলৈ দেৰি হ’ব ঘৰত বিচাৰি ফুৰিব  তোক।মোৰ ইয়াত থকা বুলি জানিলে কি হয় ঠিক নাই।

: বৰমাআপুনি বনাওক ভাত কোনোবাই কিবা ক’লে উত্তৰ মই দিম।

এফুত তেলত নহৰুৰ ফুৰণ দি ডাইল ৰান্ধিছিল বনশাক দি।বিলাহী আলু পুৰি পিটিকা বনাইছিল।হেঁপাহেৰে দিয়া ভাত সাঁজ খাইছিল বৈষ্ণৱীয়ে।চকু মুখত ফুটি উঠে মনৰ তৃপ্তি।খাই উঠাৰ পিছত তাই যাবলৈ ওলাল।।

তাইক শেষত কলে তেওঁ – নৈৰ ঘাতলৈ তইও নাযাবি।ঠাণ্ডা দিনৰ দুপৰীয়া মানুহ নাথাকে  নৈৰ কাষত।জানো ভাল পাৱ ।নৈ বলিয়া মোৰ নিচিনা।বিপদত পৰিলে কি হ’ব। নৈলৈ কোনো নাযায় আজিকালি।

:আপুনি যে মোক মানা কৰিছে আপুনি ইমান ঠাণ্ডাত নৈত গা ধুয়ে।আপুনিও যদি এনেকৈ বিপদত পৰে।

:মোৰ এতিয়া আৰু পাবলৈ হেৰুৱাবলৈ একো নাই।যি ভাল লাগে তাকে কৰোঁ।নিজৰ সুখৰ কাৰণে। এই বয়সত আৰু নাভাবোঁ একো।কিন্তু সকলোৰে আগত সাবিত্ৰী পাগলী হৈয়েই ধৰা দিও।আজি যে তই আহিলি মোৰ কেনেকুৱা লাগিছে বুজাব নোৱাৰিম।মোৰ দৰে দুখুনীৰ কথা শুনা মানুহো ক’ৰবাত আছে। মানুহজনীৰ চকুকেইটালৈ পোনে পোনে চাব পৰা নাই বৈষ্ণৱীয়ে ।চকুলৈ চালেই বুকুখনে  চিঞৰি চিঞৰি কন্দা যেন লাগিছিল।

হ’ব  যা আৰু কথা নাপাতোঁ মোৰ নিজৰ  এই সময়খিনি।এৰিলো তোক ইয়াতেই।আৰু আহিবৰ পৰত ভৰি চুই সেৱা  কৰিছিল বৈষ্ণৱীয়ে আৰু তেওঁৰ  চকুকেইটাত এফুত চকুপানী ।মোহাৰি লৈ তেওঁ তাইৰ মূৰত হাত থৈ কৈছিল তই ভাল মানুহ হ’বি।তোৰ মুখত সেই জ্যোতি দেখিছোঁ।নিজক আনৰ দ্বাৰা চলিবলৈ কেতিয়াও নিদিবি।নিজস্বতা হেৰুৱালে জানিবি তই  তই হৈ থকা নাই।কথাখিনি তাইৰ চকুলৈ চাই কওঁতে তেওঁৰ চকুত এক অদ্ভূত দৃঢ়তা দেখিছিল। যালৈ বেছি পৰ চাই থাকিব নোৱাৰি ।ঠিক সেই পানীৰ পৰা উঠি অহা জলকুঁৱৰীৰ  দৰে চকু কেইটা।উজ্জ্বল । য’ত পুৰাৰ ভয় থাকে।

বহু কথাই গম পাইছিল  সেইদিনা তাই ।যি আছিল অত্যন্ত দুখেৰে ভৰা,কঠিন আৰু দুৰ্বোধ্য।সঁচাই আচৰিত এই মানুহজনী।আচলতে তেওঁক সময়ে এনে কৰিছিল আৰু এখিনি বেয়া মানুহৰ ভুল চিন্তাই।তেওঁ তেওঁৰ জগতত ভালেৰেই আছে।কিন্তু  তেওঁক যে পাগলী বুলি কয়।সময় বাগৰে।নৈৰ বুকুয়েদি কত পানী  বাগৰে।কিন্তু মানুহৰ চিন্তাবোৰ  একেই থাকে।

সাবিত্ৰী কলিতাই  আজিও কষ্ট পাই আছে তাইৰ বোধেৰে।এখোজ দুখোজকৈ গধূৰ মন এটা লৈ বৈষ্ণবী ওলাই আহে । উভতি চাই তেওঁলৈ । তাইলৈ কৃতজ্ঞতাৰ চাৱনীৰে চাই আছে মানুহগৰাকীয়ে।

তাই ক’ৰবাত পঢ়িছিল কাঁচ আটাইতকৈ ঠুনুকা আৰু কঠিন পদাৰ্থ।সেয়েহে হয়তো সাৱিত্ৰীক ভাঙি পেলাইছিল সহজতে।কিন্তু সেই কাঁচৰ হৃদয় শিল হৈছিল।এই যে অৱহেলাৰ জুইকুৰাত  জ্বলি জ্বলি দগ্ধ হৈ তেওঁৰ হৃদয়খন কঠিন হৈছিল তাৰ পৰাই সকলো উফৰি আহে   ।

“জলকুঁৱৰীৰ  কাঁচৰ হৃদয় শিল হৈছিল।”

ফোন : ৯৮৬৪২৪১৪২০

You might also like

Comments are closed, but trackbacks and pingbacks are open.