অসমীয়া নাটক– প্ৰাচীন অথবা আধুনিক-৪

53

নিজৰা ৰাজকুমাৰী

নাটক প্ৰাচীনেই হওক বা আধুনিকেই –পৰিৱেশ্য কলা হিচাবে নাটকক প্ৰয়োজন হয় এখন মঞ্চৰ। তাহানিৰে পৰা মঞ্চ সাক্ষী হৈ আহিছে নাটকৰ পৰিৱৰ্তনৰ। এই কথা মঞ্চৰ ক্ষেত্ৰতো এশ শতাংশই শুদ্ধ। মঞ্চই কিমান যে ৰূপান্তৰৰ মাজেদি আগবাঢ়ি আহি আহি আজিৰ পৰ্যায় পাইছেহি। নাট্যমঞ্চৰ ইতিহাস পঢ়া, মঞ্চৰ ছবি চোৱাৰ বাদে আমিনো মঞ্চৰ কিমান ৰূপ দেখিছো? এয়া নি:সন্দেহে এক গৱেষণাৰ বিষয়।

সম্প্ৰতি ক’ভিড মহামাৰীৰ পৰৱৰ্তী সময়ত মানৱ জীৱনৰ আনবোৰ দিশৰ লগতে নাট্যমঞ্চৰ কথাও কিছু অন্য ধৰণে চিন্তাৰ প্ৰয়োজন আহি পৰিছে—এইকথা আমি মানি ল’বলৈ বাধ্য। বৰ বৰ প্ৰেক্ষাগৃহৰ সলনি নাট্যৰসিকৰ বাবে কাৰোবাৰ বহাকোঠাও কেতিয়াবা সুবিধাজনক মঞ্চ হৈ উঠিছে। মানুহে নিজৰ সুবিধা অনুসৰি যুগ যুগ ধৰি মঞ্চৰ পৰিৱৰ্তন সাধি আহিছে, অভাৱো কিছুমান আৱিষ্কাৰৰ মূল হৈ নাটকৰ জগতখনক সমৃদ্ধ কৰিছে। বিগত সময়ত সিঁচা পানীৰ মাছ, কমফ’ৰ্ট উইমেন, প্ৰফেচৰ কেলফাছ ফেক্টৰী, দাঁত, কাঠফুলা, জেইল হাউচ, এদিন আহিব তেওঁ, আধে-অধুৰে, লটকন—কিয় কৰ এনেখন,গজপুৰীয়া, নীলা জোনৰ এনিশা, তাজমহলৰ নিবিদা, স্মৃতি তাৰ সুগন্ধি পখিলা, মুখামুখি, আকাশ, অলপ নুবুজা ডাৱৰ, পুনৰ জনম লৈ তেজীমলাই, ৰূপকোঁৱৰৰ নাটকৰ অন্য পাঠ , মিছ জুলী, ধনবৰ ৰতনী, এজাক জোনাকীৰ জিলমিল, বন্ধ্যা, মহামন্থন আদি অনেক নাটক উপভোগ কৰাৰ সুবিধা পাইছিলো অসমৰ বিভিন্ন মঞ্চত।

মঞ্চবোৰ আছিল গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ তিনিটি প্ৰেক্ষাগৃহ, কুমাৰ ভাস্কৰ নাট্য মন্দিৰ, বা ষ্টুডিঅ, ছিগাল থিয়েটাৰ, সূৰ্য ক্লাব, মাছখোৱা, মৰিগাওঁৰ মঞ্চ, বিশ্বনাথৰ বীণাপাণি নাট্যমন্দিৰ, কমলাকান্ত ক্ষেত্ৰ, নগাওঁ, বোকাখাত, যোৰহাট নাট্যমন্দিৰ, তৰাজানৰ মঞ্চ, জামুগুৰি, ডিব্ৰুগড়ৰ মঞ্চ ইত্যাদি ইত্যাদি। এসময়ত নাটক চাই ফুৰাই আছিল মোৰ বাবে এটি অতি ভাললগা কাম। শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহৰ পৰা পথাৰ, এপাৰ্টমেন্টৰ চোতাল, নৈপাৰৰ অস্থায়ী মঞ্চলৈকে সকলোতে নাটক উপভোগ কৰাৰ অভিজ্ঞতা পাই থৈছো। নি:সন্দেহে এই অভিজ্ঞতা বৰ্ণিল তথা সুখদায়ক। সকলোতে নাটক এখন আৰম্ভৰ পূৰ্বে একে ধৰণৰ কৌতুহল বা উত্তেজনাই অনুভৱ কৰো। শব্দ, পোহৰ, মঞ্চৰ জোখ, দৰ্শকৰ আসন আদিৰ এশ-এবুৰি সমস্যা স্বত্বেও অসমৰ প্ৰেক্ষাগৃহত উলহ-মালহেৰে নাটক হৈয়েই আছে। এয়া অলপ ভাললগা কথানে!

যিকোনো এটা অঞ্চলতে নাটকৰ চৰ্চা, বিকাশ হৈ থাকিবলৈ এটা স্থায়ী মঞ্চৰ খুবেই দৰকাৰ। নামঘৰৰ মজিয়াত পৰিৱেশিত হৈছিল মহাপুৰুষ দুজনাৰ অংকীয়া নাট। পঢ়িবলৈ পাইছিলো বৰপেটাত মাধৱদেৱে এটি নামঘৰ প্ৰতিষ্ঠা কৰিছিল, যাক কোৱা হৈছিল ৰঙীয়াল গৃহ আৰু ইয়াত ভোজন বেহাৰ, দধি মথন আদি নাট পৰিৱেশন কৰা হৈছিল। পূৰ্বতে অসমত অনেক অস্থায়ী মঞ্চয়েই নাটকৰ প্ৰতি দৰ্শকৰ আগ্ৰহক ধৰি ৰাখিছিল। অস্থায়ীভাবে মঞ্চ নিৰ্মান কৰি তাত নাটক কৰাটো নাট্যপ্ৰেমীৰ বাবে আছিল আন এক উৎসৱ। সময়ৰ লগে লগে সকলো সলনি হয়। অনেক পৰীক্ষা-নিৰীক্ষাৰ সমানে সমানে অনেক অভাৱ-অভিযোগ মাজেৰে, নাট্যকৰ্মীৰ অখণ্ড মনোযোগ, শ্ৰম, দৰ্শকৰ আগ্ৰহ আদিয়ে গঢ় দি আনিলে অসমৰ নাট্যমঞ্চ। ইংৰাজসকলৰ নাটকপ্ৰীতিৰ ফলতে ভাৰতে কলিকতাত লাভ কৰিছিল প্ৰচেনিয়াম থিয়েটাৰ। ড° তড়িৎ চৌধুৰীয়ে এটা প্ৰৱন্ধত লিখিছিল—- ইংৰাজসকলৰ আগমনৰ ফলত আমাৰ দেশত নতুনকৈ নাট্যচৰ্চাৰ আৰম্ভনি হৈছিল। ইংৰাজ জাতি আছিল অত্যন্ত নাট্যপ্ৰিয়।

ইংৰাজসকলৰ বানিজ্যকেন্দ্ৰ কলিকতাত পলাশীৰ যুদ্ধৰ পূৰ্বেই প্ৰথম প্ৰচেনিয়াম থিয়েটাৰ নিৰ্মান কৰা হৈছিল। ১৭৫৩ চনত লালবাজাৰ ষ্ট্ৰীটত অ’ল্ড প্লে হাউচ নামে এটি নাটশাল আৰু নৃত্যালয় নিৰ্মান কৰা হৈছিল। ১৭৭৫ চনত কলিকতাত দ্বিতীয় নাটশাল নিউ প্লে হাউচ বা কেলকাটা থিয়েটাৰ নিৰ্মাণ কৰা হৈছিল। উনৈশ শতিকাৰ আৰম্ভনিতে ১৮১৩ চনত ইংৰাজসকলৰ অন্যতম শ্ৰেষ্ঠ ৰঙ্গালয় চৌৰঙ্গী থিয়েটাৰ নিৰ্মান কৰা হৈছিল। উনৈশ শতিকাৰ কলিকতাত বেলগাছিয়া নাট্যশালা, জোড়াসাঁকো নাট্যশালা, আদি প্ৰচেনিয়াম থিয়েটাৰ নিৰ্মিত হৈছিল। ১৮৭২ চনত কলিকতাত প্ৰথম পেছাদাৰী নাটশাল দ্য নেশ্যনেল থিয়েটাৰ প্ৰতিষ্ঠিত হৈছিল।নাট্যচৰ্চাৰ লগত জড়িতসকলৰ বাবে হয়তো বাদল সৰকাৰৰ নামটো অতি চিনাকি নাম। বাদল সৰকাৰে স্থাপন কৰিছিল অংগনমঞ্চ। অংগনমঞ্চত মজিয়াতে নাটক অভিনীত হৈছিল। সেয়া আছিল ১৯৭২ চন। বাদল সৰকাৰে কলিকতাৰ অকাডেমী অৱ ফাইন আৰ্টছ্ত দৰ্শকক অংগনমঞ্চৰ সোৱাদ দিছিল। অসমতো উনৈশ শতিকাৰ শেষ আৰু কুৰি শতিকাৰ আৰম্ভনিত নাট্যমঞ্চ স্থাপন হ’বলৈ ধৰিছিল। তেজপুৰৰ বাণ থিয়েটাৰ, শিৱসাগৰ নাট্যমন্দিৰ, গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্যমন্দিৰ, বিশ্বনাথৰ নাট্যমন্দিৰ আদিৰ মঞ্চই যুগ যুগধৰি কত নাটকৰ ইতিহাস বুকুত বান্ধি ৰাখিছিল তাৰ হিচাব কৰাটো কঠিন।

বহু মঞ্চই শতবৰ্ষ গৰকি অসমীয়া নাটকৰ জগতখনলৈ আগবঢ়াই আহিছে গুৰুত্বপূৰ্ণ অৱদান। নামঘৰৰ মজিয়াত আজিও সঘনাই নাট-ভাওনা অনুষ্ঠিত হয়, লোকনাট্যইও পৰিবৰ্তনৰ অনেক ঢাপ পাৰহৈ আহি আছে, আধুনিক নাটকৰ পৰিৱেশনে ন-ন ৰূপ পাইছে—-অথচ আমাৰ বিজ্ঞানসন্মত নাট্যমঞ্চৰ অভাৱ গুচা নাই। নিয়মিতভাৱে কোনো এটি অঞ্চলৰ নাট্যপ্ৰেমীয়ে যদি নাটক মঞ্চস্থ কৰাৰ চেষ্টাও কৰে তেন্তে তেওঁলোকৰ সমূখত আহি পৰা সমস্যাসমূহৰ ভিতৰত অন্যতম হৈ ধৰা দিয়ে সকলো দিশে নাটকৰ বাবে উপযোগী এখন মঞ্চ। এনে এটি দলীয় পৰিৱেশ্যকলাৰ বিকাশৰ বাবে নিয়মিত চৰ্চা আৰু এখন মঞ্চ কিমান জৰুৰী সেয়া সহজেই অনুমেয়। আমি আশা কৰিম অসমত প্ৰয়োজন অনুসৰি সকলোদিশে উপযোগী স্থায়ী নাট্যমঞ্চ গঢ়ি উঠক।

ক্ৰমশঃ

You might also like

Comments are closed, but trackbacks and pingbacks are open.