পাষ্টা : গ্ৰীজি… য়াম্মি… ডেলিচিয়াছ…

স্বপ্না দাস

“আজি কি খাবা বাবা এতিয়া?”

“পাষ্টা বনোৱা মা।”

“ভাত কিয় নোখোৱা? কালি ৰাতিও পাষ্টাই খাইছিলাচোন!”

“পাষ্টা খাবৰেই মন গৈছে মা। প্লি…ই…জ।”

বৰপুত্ৰ সিদ্ধাৰ্থ আৰু মোৰ মাজত হোৱা এনিশাৰ আলাপৰ অলপ এয়া। পাষ্টাৰ নামত পাগল সি। কেৱল সিয়েইনে? তাৰ দৰে অনেকৰেইচোন প্ৰিয় স্নেক ফুড পাষ্টা ! কেৱল সিদ্ধাৰ্থৰ বয়সৰেই নহয়, আমাৰ বৰপুত্ৰতকৈ জ্যেষ্ঠ তথা কণিষ্ঠ অলেখৰ প্ৰিয় লঘু খাদ্য পাষ্টা

* * *

স্নেক ফুডৰ জনপ্ৰিয়তা আকাশলংঘী। বিভিন্নধৰণৰ স্নেক ফুড বিশ্বজুৰি সম্প্ৰতি অতি জনপ্ৰিয় বুলি সহজে অনুমেয়। স্নেক ফুডক যদিওবা জীৱন ধাৰণৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাত সাধাৰণতে অন্তৰ্ভুক্ত কৰা নহয়, তথাপিও পিছে এনে বহু স্নেক ফুড আছে— যিবোৰৰ জনপ্ৰিয়তা অত্যাৱশ্যকীয় খাদ্য সম্ভাৰতকৈ কোনোগুণে কম নহয় বুলিলে ও কিজানি ভুলকৈ কোৱা নহ’ব। বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা তেনে কেইবিধমান স্নেক ফুড হ’ল— প’টেট’ চিপ্ছ, শ্যিটজ, স্নিকাৰ্ছ, চীজ, নাট্ছ, পপকৰ্ণ, কুকি, ক্ৰেকাৰ্ছ, আইচক্ৰীম, চকলেট, ভেলপুৰি, ঢ’কলা, পানীপুৰি, নুডল্ছ আদি। এই তালিকাৰ শীৰ্ষতেই চকলেট, আইচক্ৰীম, নুডল্ছ আদিৰ উপৰি উচ্চাৰিত আন এবিধ স্নেক ফুড হ’ল— পাষ্টা।

* * *

পাষ্টা। এই লঘু খাদ্য সম্ভাৰবিধক মূলতঃ ইটালীৰ জনপ্ৰিয় স্নেক ফুড হিচাপে অভিহিত কৰা হয় যদিও সাম্প্ৰতিক বিশ্ব প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে পাষ্টা এতিয়া বিশ্বব্যাপী অতি জনপ্ৰিয়তা লাভ কৰা এবিধ অন্যতম স্নেক ফুড বুলি ক’ব পৰা যায়। শিশুৰ পৰা বৃদ্ধলৈকে প্ৰায় সকলো বয়সৰ লোকৰ মাজতেই এই লঘু খাদ্য সম্ভাৰবিধৰ ব্যাপক জনপ্ৰিয়তা পৰিলক্ষিত হয়। অৱশ্যে তুলনামূলকভাৱে পাষ্টা শিশু, কিশোৰ আৰু যুৱ চামৰ মাজত অধিক জনপ্ৰিয়।

ইটালীয়ান খাদ্যৰ হিচাপে পৰিচিত পাষ্টা একাধিক ষ্টাৰচিযুক্ত খাদ্য প্ৰস্তুতিৰ সৈতে সঘন সম্পৰ্কিত, যাক ইটালীয়ানসকলে pasta alimentaria (পাষ্টা এলিমেণ্টেৰিয়া) বুলি অভিহিত কৰে। মূলতঃ চেমোলিনাৰ পৰা পাষ্টা তৈয়াৰ কৰা হয়। কি এই চেমোলিনা? ডুৰাম নামৰ ঘেঁহুৰ এণ্ড’স্পাৰ্মৰ পৰা উপলব্ধ যি দানাৰ অংশবিশেষ— সেয়াই সাধাৰণ অৰ্থত চেমোলিনা। এই চেমোলিনাৰ সৈতে গ্লুটেন (ইলাষ্টিক প্ৰটিন)ৰ সংযুক্ত কৰি পাষ্টা তৈয়াৰ কৰা হয়। সাধাৰণতে ফিতা, ৰছী আৰু নলী আকৃতিৰ পাষ্টা তৈয়াৰ কৰা হয়। কিয়নো পাষ্টাৰ এই আকৃতিবোৰৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বতে অতি বহুল। অৱশ্যে আজিকালি এইবোৰৰ বাদেও অন্যান্য বিভিন্ন বিশেষ আকৃতিৰ পাষ্টাও তৈয়াৰ কৰা দেখা যায়। পাষ্টাৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন নতুন নতুন আকৃতিৰ পাষ্টাৰ প্ৰতিও লঘু খাদ্য সামগ্ৰীবিধ প্ৰিয় লোক আকৰ্ষিত হোৱা দেখা যায়।

# পাষ্টা : ইতিহাস খুঁচৰি অলপমান
যদিওবা পাষ্টা ইটালীয়ান খাদ্য হিচাপে পৰিচিত, কিন্তু ইয়াৰ ইতিহাস কেৱল ইটালীৰ সৈতে জড়িত নহয়। এছিয়াৰ পৰা আফ্ৰিকাৰে মধ্যপ্ৰাচ্যলৈকে অনেক প্ৰান্তৰ সংস্কৃতি আৰু কেইবাখনো মহাদেশৰে সম্পৃক্ত সম্পৰ্কৰ মাজেৰে পাষ্টাৰ ইতিহাস অনুসন্ধান কৰিব পাৰি। পাষ্টাৰ এই ইতিহাস কমেও ৩৫০০ বছৰ পুৰণি। সময়ৰ সৈতে পৰিৱৰ্তিত ৰূপান্তৰত পাষ্টাৰ বিভিন্নধৰণৰ আকাৰ-আকৃতিৰ প্ৰকাশ সম্পৰ্কত বিশ্বৰ বিভিন্ন ভাষাৰ যথেষ্টসংখ্যক গ্ৰন্থতো উপলব্ধ। অৱশ্যে মুখে মুখে প্ৰচলিত গাঁথাৰ পৰা লঘু খাদ্য সামগ্ৰীবিধৰ জন্মান্তৰৰ ইতিহাসৰ উল্লেখ থকা গ্ৰন্থলৈকে প্ৰায় সকলোতেই এই কথা প্ৰকাৰান্তৰে স্বীকাৰ কৰা হৈছে— পাষ্টাৰ সম্পৰ্ক ইটালীৰ সৈতে সাৰ্বজনীনভাৱে।

হয়, পাষ্টা আৰু ইটালীৰ সম্পৰ্ক অভিন্ন। কিন্তু এই স্নেক ফুডবিধৰ আত্মপ্ৰকাশৰ সৈতে চীনো সম্পৃক্ত। সংশ্লিষ্ট ইতিহাস অনুসৰি পাষ্টাৰ আদিম শিপাৰ সন্ধান চীনতো উপলব্ধ। সেই গাঁথা বহু হাজাৰ বছৰ প্ৰাচীন। আমি উভতি যাব লাগিব শ্বাং বংশৰ সময়লৈ। চীনৰ শ্বাং বংশৰ সময়ত— অৰ্থাৎ খ্ৰীষ্টপূৰ্ব প্ৰায় ১১০০-১৭০০ৰ সময়ছোৱাত চীনত হেনো ঘেঁহু বা চাউলৰ আটাৰে বিশেষধৰণৰ পাষ্টা তৈয়াৰ কৰা হৈছিল। সেই সময়ৰ চীনত প্ৰায় প্ৰতিঘৰ লোকৰ ঘৰতে পাষ্টা ব্যৱহৃত হৈছিল। তদুপৰি প্ৰায় সকলোধৰণৰ দোকানতেই এই লঘু খাদ্য সামগ্ৰীবিধ উপলব্ধ আছিল। কাৰণ তেতিয়াৰ চীনৰ এবিধ জনপ্ৰিয় লঘু খাদ্য সামগ্ৰী আছিল পাষ্টা। আনহাতে, খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দত প্ৰাচীন গ্ৰীক খাদ্যৰ ক্ষেত্ৰতো পাষ্টাই বিশেষ গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছিল বুলি জনা যায়। ঠিক তেনেদৰে অতীজতেই আফ্ৰিকাতো কামুট নামৰ শস্যবিধৰে তৈয়াৰ কৰা হৈছিল পাষ্টা। অৱশ্যে সেইসময়ত পাষ্টা আধুনিক ৰূপত উপলব্ধ নাছিল হেনো। পাস্তাৰ নিজস্ব ৰূপ আছিল।

কিন্তু পাষ্টা প্ৰধানকৈ ইটালীয়ান লঘু খাদ্য হিচাপে চৰ্চিত। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ পৰাই ইটালীত পাষ্টাৰ আত্মপ্ৰকাশ ঘটে বুলি জনা যায়। ইটালীৰ অতি প্ৰাচীন ইট্ৰুস্কান সভ্যতাত পাষ্টাৰ অস্তিত্বৰ প্ৰত্নতাত্ত্বিক প্ৰমাণ পোৱা যায় পৰৱৰ্তী সময়ত। সেই অঞ্চল সম্প্ৰতি লাজিঅ’, উম্ব্ৰিয়া আৰু টাস্কানী হিচাপে পৰিচিত। ইতিহাস অনুসৰি ইট্ৰুস্কান সমাধিস্থলত উদ্ধাৰ কৰা এটা বেছ-ৰিলিফত পাষ্টা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন সঁজুলিৰ লগতে পাকঘৰৰ বাচন-বৰ্তনৰ সন্ধান পোৱা গৈছিল, যিবোৰ সঁজুলি বৰ্তমানে পাষ্টা প্ৰস্তুতত ব্যৱহৃত সঁজুলিৰ সৈতে একেবাৰে মিল পৰিলক্ষিত হয়। এইদৰে উদ্ধাৰ হোৱা সঁজুলিক অৱলম্বন হিচাপে লৈ নৃতত্ত্ববিদসকলে যথেষ্ট অধ্যয়নো কৰে। সেইমতে উল্লিখিত তথ্য অনুসৰি মাৰ্কো প’লোক ইউৰোপত পাষ্টাৰ প্ৰচলন আৰম্ভ কৰা প্ৰথম লোক বুলি থকা তথ্য মিথ্যা প্ৰতিপন্ন হয়। বিপৰীতে অনুমান কৰা হয়‌ যে তেওঁ হয়তো লগত লৈ আহিছিল কিছুমান নতুন আকাৰৰ নুডল্ছ। কিন্তু মাৰ্কো প’লোই প্ৰচলন আৰম্ভ কৰা বুলি প্ৰচলিত বিশ্বাসক মিথ্যা প্ৰতিপন্ন কৰি শেহতীয়াকৈ তথ্য প্ৰকাশ কৰা হৈছে যে খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ পৰাই— যেতিয়া ইটালীত প্ৰাচীন ইট্ৰুস্কান সভ্যতা চলি আছিল তেতিয়াৰ পৰাই তাত পাষ্টাৰ আত্মপ্ৰকাশ ঘটি লঘু খাদ্যবিধে বিৱৰ্তনৰ পথেৰে বৰ্তমানৰ আকাশলংঘী জনপ্ৰিয়তা ইটালীত লাভ কৰে।

প্ৰাচীন ইটালীৰ জীৱন প্ৰণালী আৰু সংস্কৃতিৰ অংগস্বৰূপ পাষ্টা ৰেনেছাঁৰ সময়ত ৰন্ধন কলা হিচাপেও চৰ্চিত হৈছিল। চতুৰ্দশ শতিকাৰ সময়ছোৱাত ৰোম আৰু ফ্ল’ৰেন্সত পাষ্টা প্ৰধান খাদ্য হৈ পৰিছিল বুলি জনা যায়। তাৰ পিছৰ শতিকাবোৰত ক্ৰমে শুকান ৰূপত উপলব্ধ হোৱাৰ লগে লগে আৰু দোকানত উপলব্ধ হোৱাত লঘু খাদ্যবস্তুবিধৰ জনপ্ৰিয়তা বাঢ়ি আহিল। আনহাতে, ১৯ শতিকাৰ পৰা আজিকোপতি পাষ্টা ইটালীৰ সৰ্বাধিক জনপ্ৰিয় স্নেক ফুড হিচাপে ব্যৱহৃত হৈ আহিছে। বুকাটিনি আলা আমাট্ৰিচিয়ানাৰ পৰা লিংগুইন আল পেষ্টোলৈকে শতিকাজোৰা বিৱৰ্তনৰ অংশ হিচাপে ইটালীত পাষ্টাৰ জনপ্ৰিয়তাৰ যাত্ৰা অব্যাহত আছে।

পাষ্টা উদ্ভাৱন কৰা বুলি দাবী ইটালীবাসীয়ে কৰিব নোৱাৰে সঁচা, তথাপিও এই কথা স্পষ্ট যে বিৱৰ্তনৰ পথেৰে লঘু খাদ্যবিধক অগ্ৰসৰ কৰোৱাই বিশ্বব্যাপী পাষ্টাক আজি জনপ্ৰিয় কৰাত ইটালীৰ ভূমিকা উল্লেখনীয়।

# পাষ্টাৰ নামত দুটাকৈ দিৱস— দুয়োটাই অক্টোবৰত
দিৱসৰে ভৰি থকা বছৰৰ ৩৬৫ দিনৰ দুটাকৈ দিন সংৰক্ষিত হৈ আছে পাষ্টাৰ নামত। কিয়নো পাষ্টাৰ নামতো উদ্‌যাপন কৰা হয় দুটাকৈ দিৱস। তাৰে এটা আন্তৰ্জাতিক, আনটো ৰাষ্ট্ৰীয়। এই দিৱস দুটা সম্পৰ্কত অলপ আলচ কৰা হ’ল।

২৫ অক্টোবৰ। ‘বিশ্ব পাষ্টা দিৱস।’ আপুনি বিশ্বাস কৰক নাইবা নকৰক কিয়, প্ৰতিবছৰে ২৫ অক্টোবৰত ‘বিশ্ব পাষ্টা দিৱস’ উদ্‌যাপন কৰা হয়। পাষ্টাৰ প্ৰচলন কমেও ৫,০০০ খ্ৰীষ্টপূৰ্বৰ পৰা হৈ অহা বুলি ঠাৱৰ কৰিলেও অৱশ্যে ‘বিশ্ব পাষ্টা দিৱস’ৰ আৰম্ভণি ইমান পুৰণি নহয়। সৌ-সিদিনাৰ পৰাহে এই দিৱস উদ্‌যাপিত হ’বলৈ লৈছে। ১৯৯৫ চনত প্ৰথমবাৰৰ বাবে ‘বিশ্ব পাষ্টা কংগ্ৰেছ’ৰ আয়োজন কৰা হৈছিল। স্নেক ফুডবিধ সময়ৰ বুকুত সদায়েই চৰ্চিত হৈ থাকক। এই উদ্দেশ্য সন্মুখত ৰাখি বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ ৪০গৰাকী পাষ্টা উৎপাদকে ১৯৯৫ চনত প্ৰথমবাৰৰ বাবে ‘বিশ্ব পাষ্টা কংগ্ৰেছ” অনুষ্ঠিত কৰিবলৈ সমবেত হৈছিল। এই ‘World Pasta Congress’ক ১৯৯৮ চনৰ পৰা ‘World Pasta Day’ হিচাপে উদ্‌যাপন কৰা হয় বুলি জনা যায়। ইটালীৰ খাদ্য সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘বিশ্ব পাষ্টা দিৱস’ৰ প্ৰথমটো আনুষ্ঠানিক উদ্‌যাপন কাৰ্যসূচী ৰূপায়িত হৈছিল ১৯৯৮ চনত— ইটালীৰ নেপলছত। এই উদ্‌যাপনৰ লক্ষ্য পুষ্টিকৰ গুণসমৃদ্ধ আৰু বহুমুখী অৰ্গেনলেপ্টিক বৈশিষ্ট্যৰে ভৰা লঘু খাদ্যবস্তুবিধক বিশ্বব্যাপী অধিক জনপ্ৰিয় কৰাৰ বাবে ঐক্যবদ্ধ ভূমিকা গ্ৰহণ কৰা। তেতিয়াৰ পৰাই বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতি অক্টোবৰ মাহৰ ২৫ তাৰিখে এই সুস্বাদু ৰঘু খাদ্যবিধৰ নামত উৎসৰ্গিত দিৱসটো উদ্‌যাপন কৰি আহিছে। সম্প্ৰতি বিশ্বৰ বিভিন্ন দেশত উলহ-মালহেৰে ‘বিশ্ব পাষ্টা দিৱস’ উদ্‌যাপন কৰা হয়।

* * *

ভূমধ্যসাগৰীয় খাদ্যৰ অন্যতম বিবেচিত হোৱাৰ উপৰি ইউনেস্ক’ৱে ‘Intangible Cultural Heritage of Humanity’ হিচাপে স্বীকৃতি প্ৰদান কৰা লঘু খাদ্যবিধক লৈ আন এটা দিৱসো উদ্‌যাপন কৰা হয়। সেয়া হ’ল ‘ৰাষ্ট্ৰীয় পাষ্টা দিৱস’— যিটো বছৰি ১৭ অক্টোবৰত উদ্‌যাপন কৰা হয়।

# জনপ্ৰিয় পাষ্টা… টপ ফাইভ পাষ্টা…
বিভিন্ন প্ৰকাৰৰ পাষ্টা সম্প্ৰতি উপলব্ধ। প্ৰকাৰ অনুযায়ী এইবোৰৰ আকাৰো ভিন্ন। অৱশ্যে পাষ্টাই এনে এবিধ লঘু খাদ্য সামগ্ৰী, যিবিধৰ প্ৰায় প্ৰতিটো প্ৰকাৰেই কম বা বেছি পৰিমাণে বিশ্বজুৰি জনপ্ৰিয়। তাৰ মাজতেই অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা কেইবিধমান পাষ্টা হ’ল—

• স্পেগেটি কাৰ্বোনাৰা (চমুকৈ স্পেগেটি) : এইবিধ পাষ্টা বিশ্বব্যাপী সৰ্বাধিক জনপ্ৰিয়। কিন্তু ৰোমানত ইয়াৰ জনপ্ৰিয়তা আকাশলংঘী। কণী, পেকোৰিনো, পনিৰ, ‘গুয়ানচিয়েল’ (নিৰাময় কৰা গাহৰিৰ গাল), আৰু ক’লা জলকীয়াৰে প্ৰস্তুত কৰা স্পেগেটি কাৰ্বোনাৰা পাষ্টা ক্ৰীমবিহীন আৰু ক্ৰীমযুক্ত উভয় ফ্লেভাৰতেই জনপ্ৰিয়।

• লাজাগনাপাস্তা : ৰিকোটা চীজ, মজাৰেলাৰ সৈতে মাংস অথবা শাক-পাচলিৰ চচেৰে প্ৰস্তুত কৰা লাজাগনাপাস্তা আন এবিধ জনপ্ৰিয় পাষ্টাৰ প্ৰকাৰ।

• পেষ্টো লিংগুইন : পেষ্টো লিংগুইন বিশ্বৰ জনপ্ৰিয় পাষ্টাৰ তালিকাৰ তৃতীয় স্থানত আছে। বেচন, হালধি, পাইন বাদাম, পাৰ্মিজন চীজ আৰু অলিভ অইলৰৰ সৈতে লিংগুইন টছ কৰি প্ৰস্তুত কৰা পেষ্টো লিংগুইনৰো সোৱাদো অপূৰ্ব।

• পেড থাই : চাউলৰ নুডলছ, চিংৰা বা টোফু, কণী, অমিতা, মাছৰ চচ আৰু টেঙা চচৰ সৈতে তৈয়াৰী জনপ্ৰিয় থাই ষ্টাৰ-ফ্ৰাইড নুডল্ছ ডিচ হিচাপে বিশ্বব্যাপী বিশেষভাৱে পৰিচিত পেড থাই পাষ্টা।

• ৰেভিঅ’লী : জনপ্ৰিয়তাৰ পঞ্চম স্থানত থকা পাষ্টাৰ প্ৰকাৰবিধৰ নাম ৰেভিঅ’লী। ব্ৰাউন বাটাৰেৰে ৰেভিওলী খুব কোমল হয়। পাৰ্মিজন চীজৰ সৈতে ইয়াক খোৱাৰ সোৱাদেই সুকীয়া।

# পাষ্টাৰো কত যে কথা !
পাষ্টাক লৈও বহু ৰোমাঞ্চকৰ আৰু জনা-অজানা কথা প্ৰচলিত। তেনে কেইটামান প্ৰসংগ এইবাৰ উল্লেখৰ প্ৰয়াস কৰা হৈছে।
° প্ৰাচীন কালত টমেটো চচ যুক্ত নকৰাকৈ পাষ্টাৰ সোৱাদ লোৱা হৈছিল। ১৫১৯ চনত স্পেনিছ অভিযাত্ৰী কৰ্টেজে মেক্সিকোৰ পৰা ইউৰোপলৈ টমেটো অনাৰ আগলৈকে প্ৰৱৰ্তন হোৱা নাছিল পাষ্টাৰ সৈতে টমেটো চচৰ মিশ্ৰণৰ।
° পাষ্টা কেইপ্ৰকাৰৰ ? বিৱৰ্তনৰ পথেৰে আগুৱাই আগুৱাই সম্প্ৰতি বিশ্বত প্ৰচলিত পাষ্টাৰ সৰ্বমুঠ প্ৰকাৰৰ সংখ্যা ৬০০টা।
° আমেৰিকাৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল থমাছ জেফাৰচন। আমেৰিকাত পাষ্টাৰ প্ৰচলন কৰা প্ৰথমজন ব্যক্তি তেওঁ। সেয়া ১৭৮৯ চনৰ কথা।
° ১৭৯৮ চনৰ পৰাই আমেৰিকাত জনপ্ৰিয়তা হ্ৰাস হোৱা নাই পাষ্টাৰ। আপুনি জানেনে আমেৰিকাত কি কি প্ৰকাৰৰ পাষ্টা অধিক জনপ্ৰিয়? উত্তৰটো হ’ল স্পেগেটি, পেন্নে আৰু ৰ’ট্যিনি।
° আন্তঃৰাষ্ট্ৰীয় পাষ্টা সংস্থাৰ তথ্য অনুসৰি যদি ইটালীবাসীয়ে তেওঁলোকৰ বছৰি গঢ় পৰিমাণে খোৱা পাষ্টাক এটা ৰাষ্টা হিচাপে ধৰি ল’লে সেইটো প্ৰায় ৬০ কোটি কিলোমিটাৰ দীঘল হ’ব। পৃথিৱীৰ চাৰিওফালে ১৫,০০০ বাৰ মেৰিয়াই ল’ব পৰা যায় বুলি অনুমান কৰিব পাৰি হেনো।
° পাষ্টা খালে আপুনি সুখী অনুভৱ কৰে! এয়া সঁচা— চিকিৎসা বিজ্ঞানৰ মতে পাষ্টাত থকা কাৰ্বহাইড্ৰেটে শৰীৰত চেৰ’টনিনৰ উৎপাদন বৃদ্ধি কৰে, যাৰ ফলত পাষ্টা খালে সুখ আৰু সুস্থতাৰ অনুভৱ কৰায়।
° টেলিভিছনত এপ্ৰিল ফুল ডে’ৰ বিষয়ো‌ কৰা হৈছিল পাষ্টা। সেয়া ১৯৫৭ চনৰ ১ এপ্ৰিলৰ কথা। বিবিচিয়ে গছত স্পেগেটি গজে বুলি দাবী কৰি এখন ভুৱা তথ্যচিত্ৰ প্ৰচাৰ কৰিছিল— ছুইজাৰলেণ্ডৰ স্পেগেটি গছৰ পৰা নুডল্ছ প্ৰস্তুতৰ ভুৱা ফুটেজ দেখি লাখ লাখ ব্ৰিটিছ দৰ্শকে হুক, লাইন আৰু ছিংকাৰ গিলি পেলাইছিল হেনো।

তাহানিৰ পৰা আজিলৈকে জনপ্ৰিয়তাৰ যাত্ৰা অব্যাহত থকা লঘু খাদ্যসামগ্ৰীবিধৰ এই জনপ্ৰিয়তা অক্ষুণ্ণ থাকিব বুলি অনুমেয়। কিয়নো পাষ্টাৰ জনপ্ৰিয়তা কোনোদিনে কমা নাই, বৰঞ্চ প্ৰতিদিনে বৃদ্ধি পাইহে গৈছে। গ্ৰীজি পাষ্টা খাই সেয়েই সকলোৱে কয়— য়াম্মি… ডেলিচিয়াছ…।

ফোন : ৭০০২০২৫০৪৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.