লাইব্ৰেৰিয়ান কেনেকৈ হ’ব পাৰি ?

ড° বুলজিৎ বুঢ়াগোহাঁই

এজন লাইব্ৰেৰিয়ানে পুথিভঁৰালত বিভিন্ন জ্ঞানৰ উৎস যেনে- কিতাপ, বাতৰি কাকত, আলোচনী আদি পৰিচালনা আৰু সংগঠিত কৰে। তেওঁলোকৰ এক বহুমুখী জ্ঞানৰ ভিত্তি আছে যিয়ে তেওঁলোকক লাইব্ৰেৰী ব্যৱহাৰকাৰীসকলক সহায় কৰিবলৈ আৰু কিতাপ সংগ্ৰহবোৰ ভালদৰে নথিভুক্ত আৰু আপডেট কৰি ৰাখিবলৈ সক্ষম কৰে। তেওঁলোকে পুথিভঁৰালৰ সকলো দিশ পৰিচালনা কৰে যাতে ইয়াৰ তথ্য সকলো লাইব্ৰেৰী ব্যৱহাৰকাৰীৰ বাবে সুলভ হয় । লাইব্ৰেৰিয়ানসকলে ৰাজহুৱা বা ব্যক্তিগত পুথিভঁৰাল পৰিচালনা আৰু পৰিচালনাৰ দায়িত্ব লয়। তেওঁলোকে ইনভেণ্টৰী মেনেজমেণ্ট, কেটেলগিং, গ্ৰাহক সেৱা , বাজেট প্ৰস্তুত কৰা আদি দায়িত্ব পালন কৰে আৰু তেওঁলোকৰ বাবে উৎকৃষ্ট সাংগঠনিক আৰু পৰিকল্পনা দক্ষতাৰ প্ৰয়োজন হয়।

লাইব্ৰেৰিয়ান হ’বৰ বাবে ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ পাঠ্যক্রম অধ্যয়ন কৰিব লাগে । ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে যিকোনো শাখা স্নাতক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ৰ চাৰ্টিফিকেট, ডিপ্লমা , স্নাতক তথা স্নাতকোত্তৰ পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে । ইয়াৰ উপৰিও ‘‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ত এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰা সুবিধা আছে ।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। অসমৰ ‘গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in/)’ ত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩০ খন । ইয়াত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীগৰাকী যিকোনো বিষয়ত স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক (মেজৰ কোৰ্চ বা জেনেৰেল কোৰ্চ ) ডিগ্রীধাৰী হ’ব লাগে আৰু বাছনি পৰীক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক নিৰ্বাচন কৰে। এম.ফিল. পাঠ্যক্রমত আসনৰ সংখ্যা ৫ খন । লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ত পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।

‘ডিব্রুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in/)’ত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ২৪ খন আৰু স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২০ খন ।

‘অসম বিশ্ববিদ্যালয়(http://www.aus.ac.in/)’ত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২৫ খন । ইয়াত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীগৰাকী যিকোনো বিষয়ত স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰাস্নাতক পৰীক্ষাত ৪৫% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে । এই পাঠ্যক্রমত নাম ভৰ্ত্তিৰ বাবে শিক্ষাৰ্থীসকলে এটা বাছনি পৰীক্ষা , গ্রুপ ডিস্কাচন (Group Discussion) আৰু সাক্ষাৎকাৰৰ মুখা-মুখি হ’ব লাগে । অসম বিশ্ববিদ্যালয়ত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ত এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।

‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – দিল্লী বিশ্ববিদ্যালয় (http://www.du.ac.in), কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (http://www.bhu.ac.in), অলাগপ্পা বিশ্ববিদ্যালয় (http://alagappauniversity.ac.in), আলিগড় মুছলিম বিশ্ববিদ্যালয় (www.amu.ac.in) , অন্ধ্ৰ বিশ্ববিদ্যালয় (www.andhrauniversity.edu.in), আন্নামালাই বিশ্ববিদ্যালয় (http://annamalaiuniversity.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in), বাঙ্গালোৰ বিশ্ববিদ্যালয় (http://bangaloreuniversity.ac.in), মুম্বাই বিশ্ববিদ্যালয় (www.mu.ac.in),দেৱী অহল্যা বিশ্ববিদ্যালয় (www.dauniv.ac.in),ড° বি. আৰ. আম্বেদকাৰ বিশ্ববিদ্যালয় (www.dbrau.ac.in), ড° হৰিসিং গৌৰ বিশ্ববিদ্যালয় (http://www.dhsgsu.ac.in), গুজৰাট বিশ্ববিদ্যালয় (www.gujaratuniversity.org.in), গুলবাৰগা বিশ্ববিদ্যালয় (www.gulbargauniversity.kar.nic.in),গুৰু ঘাচিদাস বিশ্ববিদ্যালয় (www.ggu.ac.in),গুৰু নানক দেৱ বিশ্ববিদ্যালয় (www.gndu.ac.in),যাদবপুৰ বিশ্ববিদ্যালয় (www.jaduniv.edu.in),জামিয়া মিলিয়া ইছলামিয়া (http://jmi.ac.in),কুৰুক্ষেত্র বিশ্ববিদ্যালয় (www.kuk.ac.in), লক্ষ্নৌ বিশ্ববিদ্যালয় (www.lkouniv.ac.in) ,এম. এচ. ইউনিভাৰ্চিটি অৱ বৰ’ডা (www.msubaroda.ac.in), উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয় (http://www.nehu.ac.in), ওছমানিয়া বিশ্ববিদ্যালয় (www.osmania.ac.in),পাঞ্জাৱ বিশ্ববিদ্যালয় (http://puchd.ac.in), পাটনা বিশ্ববিদ্যালয় (www.patnauniversity.ac.in) ,হায়দৰাবাদ বিশ্ববিদ্যালয় (http://www.uohyd.ac.in/), জন্মু বিশ্ববিদ্যালয় (http://www.jammuuniversity.in),কাশ্মীৰ বিশ্ববিদ্যালয় (www.kashmiruniversity.net), কেৰেলা বিশ্ববিদ্যালয় (http://www.keralauniversity.ac.in) ,এলাহাবাদ বিশ্ববিদ্যালয় (www.allduniv.ac.in), মাদ্রাছ বিশ্ববিদ্যালয় (www.unom.ac.in),মহীশূৰ বিশ্ববিদ্যালয় (www.uni-mysore.ac.in), পুণে বিশ্ববিদ্যালয় (www.unipune.ac.in), ৰাজস্থান বিশ্ববিদ্যালয় (www.uniraj.ac.in)। দূৰ শিক্ষা যোগেদিও ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি। এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হ’ল-ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (www.ignou.ac.in)। এই শিক্ষানুষ্ঠানবোৰত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা তথা নাম ভৰ্তি প্রক্রিয়া শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়। সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে ।

‘লাইব্রেৰী এণ্ড ইনৰমেচন ছায়েন্স’ৰ বিভিন্ন ডিপ্লমা আৰু ডিগ্রী লাভ কৰা সকলে চৰকাৰী-বেচৰকাৰী খণ্ডৰ সকলো শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ বিভিন্ন গ্রন্থাগাৰত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে । যেনে- ৰাজহুৱা আৰু চৰকাৰী গ্ৰন্থাগাৰ; বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু অন্যান্য একাডেমিক প্ৰতিষ্ঠান;সংবাদ সংস্থা আৰু সংগঠনসমূহ; ব্যক্তিগত সংগঠন আৰু বিশেষ গ্ৰন্থাগাৰ;বিদেশী দূতাবাস; ফটো, ফিল্ম, ৰেডিঅ’,টেলিভিছনৰ গ্ৰন্থাগাৰ; তথ্য কেন্দ্ৰ; নথিপত্ৰীকৰণ কেন্দ্ৰ; সংগ্ৰহালয় আদি। নিযুক্তি লাভ কৰিব পৰা বিভিন্ন পদবোৰ হ’ল – এচিচষ্টেণ্ট লাইব্ৰেৰিয়ান ( Assistant Librarian), কেটেলগাৰ (Cataloguer), টেকনিকেল এচিচষ্টেণ্ট (Technical Assistant), ৰেকৰ্ড মেনেজাৰ (Records Manager), ৰেফাৰেন্স লাইব্ৰেৰিয়ান (Reference Librarian), ডেপুটি লাইব্ৰেৰিয়ান (Deputy Librarian), ডকুমেণ্টেচন অফিচাৰ (Documentation Officer), ইণ্ডেক্সাৰ (Indexer),ইনফৰমেচন এনালিষ্ট (Information Analyst)ইনফৰমেচন আৰ্কিটেক্ট (Information architect),ইনফৰমেচন এক্সিকিউটিভ (Information Executive), ইনফৰমেচন অফিচাৰ (Information Officer), জুনিয়ৰ ইনফৰমেচন এনালিষ্ট (Junior Information Analyst), জুনিয়ৰ লাইব্ৰেৰিয়ান ( Junior Librarian), ল` লাইব্ৰেৰিয়ান (Law Librarian), লাইব্ৰেৰিয়ান (Librarian), চিফ্‌ লাইব্ৰেৰিয়ান (Chief Librarian), লাইব্রেৰী এণ্ড ইনফৰমেচন অফিচাৰ (Library and Information Officer),লাইব্রেৰীএচিচষ্টেণ্ট (Library Assistant), চিনিয়ৰ ইনফৰমেচন এনালিষ্ট (Senior Information Analyst), লাইব্রেৰী এচিচষ্টেণ্ট (Senior Library Information Assistant ) আদি।

ফোন: ৯৪৩৫১৮৮৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.