ইলা চেতিয়া
এইকেইদিন এলিজাহঁতৰ ঘৰলৈ ইলহান সদায়ে আহি আছে। সৰু সুৰা অজুহাত। চূণ অকণ, তামোল এখন, পানী এগিলাছ মাজে মাজে বিচাৰেহি। ঘৰত তাই, আব্বাক আৰু দুবছৰীয়া ভায়েকটো থাকে। মাক কামলৈ যায়। ইলহান বোলাটোক তাইৰ একেবাৰে সহ্য নহয়। চাৱনিটো কিবা ভাল নলগা বিধৰ। গাভৰু এজনী হিচাপে তাই আজিকালি বুজি পোৱা হৈছে বহুত কথাই। তাই তাৰ পৰা আঁতৰি থাকিব বিচাৰে। কিন্তু কেনেকৈ থাকিব! সিহঁতৰ ঘৰৰ ওচৰতে সি কাম কৰা গেৰেজটো। এলিজাৰ আব্বাকেও তাত কাম কৰিছিল আগতে। এতিয়া বেমাৰত পৰিলত নোৱাৰা হ’ল। সেই চিনাকিৰ সুত্ৰেই খা-খবৰ লোৱাৰ আচিলাৰে সঘন আহ-যাহ।
কালিও আহিছিল সি। খোজা বস্তুটো দিওঁতে হাতখন খামুচি ধৰিব খোজে। তাইৰ খং উঠে। ইলহানহে নেলাগে আন কাৰোৰ প্ৰতি দেখোন তাইৰ মৰম ভাব নেজাগে। তাই বাৰু মাককো কথাবোৰ কৈছে। মাকে তাইক কিছু কথা বুজাইছে অৱশ্যে।
আব্বাক ইমৰাণ প্ৰায়েই বিছনাতে থাকে। বেমাৰীতকৈ তাক বেছিকৈ এলেহুৱা যেন হে লাগে। বেমাৰ ইমান বেছিও নহয় যে ঘৰৰ কাষতে থকা গেৰেজটোত সৰু-সুৰা কাম কৰিবলৈ যাব নোৱাৰিব । ঘৈণীয়েক ৰেজিনাৰ ওপৰত নিৰ্ভৰ কৰি সি আৰামত থাকিব বিচাৰে। বেমাৰৰ বাহানাত ভাল ভাল বস্তু খাবলৈ লাগে। মাকৰ বৰ কষ্ট হৈছে । তাই বুজে । মাকক জিৰণি দি তায়ো কামলৈ যাব বিচাৰে। কিন্তু ৰেজিনাই নিদিয়ে। ৰেজিনাই কয়।
: তই নেলাগে বেটি। ঘৰখনকে চা। মানুহবোৰ বৰ ভাল নহয় অ’। পৰালৈকে ময়ে কৰোঁ। বিয়া হৈ গ’লেতো তই গোটেই জীৱন কামেই কৰিব লাগিব।
তাই স্কুললৈ নোযোৱা বহুদিনেই হ’ল। প্ৰথমতে স্কুললৈ যাবলৈ নেপাই তাই কান্দিছিল । কিন্তু তাই স্কুললৈ গ’লে ঘৰখন নচলে। কণমানি ভায়েকটোক ৰখাৰ লগতে আব্বাকক খোৱা-বোৱা দিব লাগে। স্কুলৰ ববিতা বাইদেউ কেইবাদিনো আহিছিল সিহঁতৰ ঘৰলৈ। তাইক স্কুললৈ পঠিয়াবলৈ ইমৰাণক জোৰকৈ কৈ যায়। সিয়ো বাইদেউৰ আগত ও,আ কৈ শলাগি পঠিয়ায়। কিন্তু শেষত গৈ ঘৰ নচলাৰ অজুহাতত ফুটুকাৰ ফেন হৈ পৰে। ৰেগুলাৰ স্কুললৈ গৈ থকা হ’লে যোৱাবাৰেই তাই মেট্ৰিক দিলেহেঁতেন। তাইৰ স্কুললৈ যাবলৈ বৰ ইচ্ছা আছিল। চনিয়া ,ৰূপশ্ৰী,ফাৰহানাহঁতৰ লগত একেলগে অহা-যোৱা কৰি, ৰং ধেমালি কৰি পঢ়া-শুনা কৰিবলৈ মন যায়। ডাঙৰ হৈ চাকৰি কৰিবৰ মন যায়। কিন্তু উপায় নাই। বেমাৰী বাপেক আৰু অকণমানি ভায়েকক এৰি কেনেকৈ যায়! মাক কামলৈ নগ’লে পেটলৈ ভাত নাযায়। পঢ়া-শুনাতকৈ পেটৰ ভোকৰ জ্বালা বেছি বুলি তাই গ’ম পাই গৈছে ইতিমধ্যে।
ইলহান মাজে মাজে আহিয়েই থাকে। আব্বাকৰ লগতে বহি বহুপৰ কিবাকিবি কথা পাতে। কি পাতে তাই বৰকৈ মন নিদিয়ে। সি আহিলে তাই আঁতৰি আঁতৰি বাহিৰৰ চোতালতে ভায়েকটোৰ লগতে ব্যস্ত হৈ দেখুৱায়। অকণমান জুপুৰিটোৰ সৈতে সৰু ঠেক চোতাল নামৰ জেগাকণত আঁতৰি থাকিব পৰাকৈ ঠায়েই নাই। প্ৰায়েই ওচৰৰ চনিয়াৰ ঘৰলৈকে ভায়েকটোক কোলাত লৈ গুচি যায়। চনিয়া তাইৰ একমাত্ৰ অন্তৰংগ আৰু বিশ্বস্ত বান্ধৱী। মনৰ সকলো কথাই পাতে। ফোঁটৰ পৰা নখপলিচলৈকে, পিন্ধা কাপোৰৰ পৰা খোৱা বস্তুটোও চনিয়াৰ সৈতে ভগাই নল’লে ভালেই নালাগে এলিজাৰ। চনিয়াৰো একেই। ইজনীয়ে সিজনীক এৰি থাকিব নোৱাৰে। অভিন্ন হৃদয়া দুয়োজনী।
গধূলি মাক ভাগৰে জোগৰে আহে । তাই মাকক চাহ এটোপা দি পাকঘৰত সোমায়। ৰাতিৰ ভাতসাঁজ ৰান্ধি তাই মাকক অলপ সকাহ দিয়ে। মাক বিছনাত এবাগৰ দিব খোজে। কিন্তু ভায়েকটো মাক অহাৰ লগে লগে গাত জোকৰ দৰে খামোচ মাৰি ধৰে। ভাগৰুৱা মাকজনীলৈ তাইৰ বৰ বেয়া লাগে । কাম কৰি কৰি শুকাই খীনাই গৈছে। চকু দুটা কোটৰত সোমাইছে । ইমান কষ্টৰ পিছতো ৰাতি মাকক আব্বাকে আমনি কৰে। তাই এতিয়া বুজিব পৰা হৈছে কথাবোৰ। মাকৰ খং আৰু প্ৰতিবাদৰ চেপা কণ্ঠত তাই সাৰ পায় । এলিজাৰ খং উঠে। গালি পাৰি দিবৰ মন যায় আব্বাকক । কিন্তু কিবা এক লজ্জা আৰু সংকোচত তাই ৰৈ যায়। মাকে কষ্টেৰে কামাই কৰি খুওৱা ভাতসাঁজ খাবলৈয়ো তাইৰ দোষী দোষী ভাৱ হয়। তাই স্কুললৈ যোৱাৰ সপোন , চাকৰি কৰি মাক আব্বাকক সুখ দিয়াৰ সপোন হেৰাই যায়। সিহঁতৰ দৰে মানুহে সপোন দেখেহে। দিঠকত পৰিণত কেতিয়াও নহয়।
ভাত ৰান্ধি থাকোঁতেই তাই শুনিলে মাক আৰু আব্বাকৰ কথা ক্ৰমে উত্তপ্ত হৈছে। মাকে খঙেৰে আব্বাকক কৈছে।
: এতিয়াই এইৰ নিকাহ কৰাব হৈছে নেকি হাঁ ? জেলৰ ভাত খাবলৈ মন গৈছে তোৰ?
: সি আমাৰ ঘৰটো টিংপাত লগাই দিম বুলি কৈছে। এইটো সুবিধা আৰু ক’ত পাবি। আমি নক’লে তাইৰ বয়সটোনো কেনেকৈ গ’ম পাব? নিকাহ কৰাবলৈ বিশ হেজাৰ টকাও দিব আৰু মাজে মাজে চলিবলৈও টকা দি থাকিব বোলে।
: নাই । নহ’ব বুলি কৈ দিবি। বেটিক বেচি খাবি তই?
এলিজাৰ বুকুখনত যেন ধমহকৈ কোনোবাই হাতুৰীহে মাৰিলে। ইলহানে কৰিব নোৱাৰা কাম নাই । তাইৰ পিছত লাগিছে যেতিয়া সি তাৰ কাম হাচিল কৰিহে এৰিব। সময়, পৰিৱেশ আৰু পৰিস্থিতিয়ে তাইক বয়সতকৈ বহু পৰিমাণে বুজন কৰি তুলিছে। দৰিদ্ৰতাই গ্ৰাস কৰা জীৱনত নিজৰ আশা , আকাংক্ষা, সপোন সকলো বৃথা। মনৰ অংগীকাৰ আৰু প্ৰতিজ্ঞাৰো কোনো মূল্য নাই । অসাৰ। ইয়াত কেৱল সঁচা ভাত, কাপোৰ আৰু মূৰ গুজিবলৈ এটি জুপুৰী। কেনেবাকৈ যদি মাকো প্ৰলোভিত হয় তাই কি কৰিব! এতিয়ালৈকে মাকৰ সাহসতে তাই আছে । বৰষুণত টোপাল কটা ঘৰটো টনকিয়াল কৰা , একমাত্ৰ ছোৱালীজনী নিকাহ কৰাই দি চকুৰ আগত ৰাখিব বিচৰা ইচ্ছাটো সাৰ্থক কৰাৰ স্বাৰ্থত মাকেও যদি আব্বাকৰ পক্ষ লয়! তাই কি কৰিব তেতিয়া!
দাইলকণ উতলি চৰচৰকৈ পৰি জুইকুৰা নুমাই গ’লতহে তাইৰ সম্বিত ফিৰিল। বিমৰ্ষ মনটো লৈয়ে তাই জিকা আৰু আলুৰ ভাজিকণো বনাই ভাত কেইটা বাঢ়ি মাক আৰু আব্বাকক
মাতিলেগৈ । খোৱাৰ পাতত বহিয়েই আব্বাকৰ অভিযোগ।
: শুদা ভাতবোৰ খাব নোৱাৰা হৈছোঁ। কিবা মাছ, মাংস অকণ আনিব নোৱাৰ বেমাৰী মানুহটোলৈ।
: ভাতকেইটাকে যে দুবেলা দুমুঠি পাইছ। তাতেই সন্তুষ্ট হ। পেট চাৰিটা। কামাই কৰোঁতা এজনীহে।
মাকে হুঁটা মাতেৰে উত্তৰ দিলে। আব্বাকে কাঁহীখন ঠেলা মাৰি ভাতৰ পাতৰ পৰা উঠি ভোৰভোৰাই গ’ল।
: বেমাৰী মানুহটোক দুদিনমান খুৱাবলৈ পাই তোৰ বৰ বৰ কথা। নাখাওৱেই যা । তহঁতৰ কথা সব জানো মই।
মাক আৰু তাই মনে মনে বহি খাই থাকিল। জানে সিহঁতে, সিহঁতে খাই উঠি যোৱাৰ পিছত আব্বাকে সেইখিনিকে খাবহি। পেটৰ ভোক সবাতোকৈ ওপৰত। ক্ষুধাতুৰ পেটে মান-অভিমান ,খং-ক্ষোভ একো নুবুজে।
বিছনাত পৰাৰ পিছতো বহুপৰলৈ তাইৰ চকু জাপ নাখালে। দুখীয়া হ’লেও এলিজা,চনিয়াহঁতো কেতিয়াবা স্বপ্নবিভোৰ হয়। পঢ়া শুনা কৰি চাকৰি কৰিব , ডাক্তৰ ইঞ্জিনিয়াৰ হ’ব , ধুনীয়া ঘৰত থাকিব , ধুনীয়া কাপোৰ পিন্ধিব, গাড়ী কিনিব। কিন্তু সিহঁতৰ সেই স্বপ্ন স্বপ্ন হৈয়েই ৰয়।
কালিও ইলহান আহিছিল। পানী এগিলাছ খুজি পাকঘৰ সোমালহি । বাধ্যত পৰি পানী গিলাছ দিওঁতেই হাতখনত ধৰি গাৰ কাষলৈ টানি আনিছিল। যেন তাইক খাইহে পেলাব! কোনোমতে এৰ খাই বাহিৰ পাই ভায়েকটোক কোলাত তুলি লৈহে উশাহ সলাইছিল। কাক অভিযোগ দিব তাই! কাৰ পৰা নিৰাপত্তাৰ এখনি সবল হাত আৰু এষাৰি মাত আশা কৰিব ? পিতৃত্বৰ সম্পৰ্ক থকা ইমৰাণ নামৰ স্বাৰ্থপৰ মানুহজনৰ পৰা ? চকুপানীৰে গাৰু তিতি গ’ল এলিজাৰ। সিহঁতৰ দৰে গৰীৱ পৰিয়ালৰ ছোৱালীবোৰ কেৱল কাম কৰিবলৈ আৰু কম বয়সতে নিকাহ কৰি ল’ৰা-ছোৱালী জন্ম দিবলৈকে জন্ম হয়। সিহঁতৰ জীৱনৰ আন কোনো অৰ্থ নাই , কোনো মূল্য নাই। কোনোৱে নিজৰ বলত মূৰ তুলি থাকিব পাৰে আৰু কোনো গৈ ৰূদ্ধ দ্বাৰৰ সিপাৰে আনৰ ভোগৰ সামগ্ৰী হৈ পৰে। সিহঁত হৈ পৰে দিনৰ সভ্য সমাজৰ উচ্ছিষ্ট আৰু কদৰ্য ৰাতিৰ একো একোজনী জোনাকী পৰুৱা।
প্ৰিয় বান্ধৱী চনিয়ালৈ বৰ মনত পৰিল এই মূহূৰ্তত। চনিয়াইয়ো সিদিনা কৈছিল ইলহানে তাইকো দিগদাৰ কৰি থকাৰ কথা। তাইৰ মাকৰ আগতো হেনো চনিয়াক বিয়া পতাৰ কথা কৈছে । মাকৰো মন আছে । চনিয়াৰ ঘৰত কেৱল মাক আৰু দাদীয়েকজনীহে। বাপেক বহুদিনতে ঢুকাল। মাক কামলৈ যায়। তাই বেমাৰী বুঢ়ী দাদীয়েকৰ ৰখীয়া। তায়ো স্কুল এৰিলে। পঢ়া-শুনাটো সিহঁতৰ পৰিয়ালবোৰত যেন একো ভাবিবলগীয়া কথাই নহয়। স্কুল গৈ নো কি কৰিব! মাকহঁতৰ দৰে কামেইতো কৰিব লাগিব। বুভুক্ষু পেটৰ বাবে কৰা হাড়ভঙা শ্ৰমত পঢ়া -শুনাৰ প্ৰয়োজন নাই বুলিয়েই ভাবে সিহঁতে।
এলিজাৰ নিকাহৰ কথা লৈয়ে মাক আৰু আব্বাকৰ মাজত কেইবাদিনো কাজিয়া। এদিন মাকলৈ পীৰা এখনকে দলিয়াই দিলে। সোঁ ভৰিটোত লাগি কেইবাদিনো বিষত দুপিয়াই থাকিল। কামলৈ যাব নোৱাৰিলে দুদিনমান।এদিন মুখতে ঘোঁচা মাৰি দিছে । মাকক মাৰিবৰ সময়ত সি বলী হৈ উঠে। মুঠতে তাক টকা লাগে। নিজৰ জীয়েকক বিক্ৰী কৰি হ’লেও ভালকৈ খাই বৈ থাকিবলৈ লাগে। কেতিয়াবা এলিজাৰ ঘৰৰ পৰা পলাই ক’ৰবালৈ গুচি যাবলৈ মন যায়। কিন্তু ক’লৈ যাব ? তাইতো এতিয়া বহুত সৰু হৈ আছে। মাকেতো কৈয়েই থাকে পৃথিৱীখন বহুত বেয়া মানুহেৰে ভৰি আছে। মাক আৰু ভায়েকৰ মায়াইহে তাইক বান্ধি ৰাখিছে।
এদিন চনিয়া আৰু এলিজাই নিভৃতে বহুপৰ কথা পাতিলে। দুয়োজনীয়ে কান্দিলেও। দুয়োজনীৰে হিয়া দুখনো একেডাল সূতাৰে বন্ধা। এলিজাক বাৰু মাকেই বচাই আছে। চনিয়াক দেখোন বচাবলৈ কোনো নাই। নভবা নিচিন্তাকৈ চনিয়াই হঠাতে কৈ উঠিল।
: আমি দুয়োজনীয়ে ইলহানক চাদী কৰোঁ দে।তেতিয়া ভি একেলগে থাকিব পাৰিম।
: ধেইত কি কথা কৈছ।
দুয়োজনীয়ে খিলখিলাই হাঁহি উঠিল। তাৰ পিছত দুয়োজনীয়ে বহু কথা পাতিলে নিৰ্জন দুপৰটোত। কি পাতিলে কোনেও নুশুনিলে। দুয়োজনীৰে বুকুৰ নিজানত ৰূপকথাৰ দৰে কথাবোৰে ঘৰ সাজিলে। সেইদিনা গধূলিলৈ এলিজাই মাকক ক’লে।
: মাই , তইনো আৰু কিমান কাম কৰিবি। তোৰ বৰ কষ্ট হৈছে । চনিয়া আৰু মই দুয়োজনীয়ে টাউনৰ ধূপৰ ফেক্টৰীটোতে কাম কৰোঁগৈ নহ’লে । চনিয়াৰ পেহীয়েকেও তাত কাম কৰে।
: পাৰিবি জানো ? চনিয়া কামলৈ গ’লে দাদীক কোনে চাব ? আৰু তাতনো তহঁতক কেইটকা দিব ? নেলাগে দে বেটি। তই বহুত সৰু হৈ আছ।
: পাৰিম মাই। চনিয়াৰ মাকে দাদীক চোৱা-চিতা কৰিব বোলে ।
মাকে একো নেমাতিলে। এটা হুমুনিয়াহ এৰিলে। পাৰিবনে ধুৰন্ধৰ ইলহানৰ কবলৰ পৰা এলিজাক বচাব ! বাপেকটোৱে জোক লগাদি লাগিছে। তাক মাত্ৰ আৰামত খাই বৈ থাকিবলৈ লাগে। নিষ্কৰ্মা, বেমাৰীটো! খঙত ৰেজিনাৰ মুখেৰে নোলাবলগীয়া কথা ওলাল। ইমৰাণৰ মাৰ খাই খাই ৰেজিনাৰ তাৰ প্ৰতি বিশেষ মৰম চেনেহ নাইকিয়া হৈছে।
মাকৰ পৰা সঁহাৰি নাপাই এলিজা চুপ মাৰি থাকিল অলপদিন। মাকৰ ওপৰত ইমৰাণৰ অত্যাচাৰ আৰু তাইৰ লগতে চনিয়াৰ ওপৰতো ইলহানৰ বেয়া নজৰ চলিয়েই থাকিল।
এইকেইদিন সঘনে এলিজা, চনিয়াৰ বিয়নীমেল বহিছে। কথাৰ মাজে মাজে দুয়োজনীয়ে উচুপি উঠে কেতিয়াবা। দুপৰীয়া নিজানত সিহঁতৰ অপৰিপক্ব মনৰ কথাবোৰো গহীন হয়। সাধুকথাৰ একোজনী চম্পাৱতীহে যেন সিহঁত দুজনী!
এদিন সন্ধিয়া কামৰ পৰা আহি ৰেজিনাই এলিজাক ঘৰত নেপালে। ভায়েকটোৱে অকলে অকলে বাৰাণ্ডাত খেলনাৰ সৈতে খেলি আছে। ইমৰাণক সুধিও একো সদুত্তৰ নেপালে। ক’ত গ’ল ছোৱালীজনী! ইলহানে কিবা কৰা নাইতো! অণ্ঠকণ্ঠ শুকাই গ’ল ৰেজিনাৰ। লৰালৰিকৈ গেৰেজ পালেগৈ। ইলহান গেৰেজতে আছে। এইবাৰ চনিয়াৰ ঘৰত খবৰ ল’লে। চনিয়াও ঘৰত নাই। ক’ত গ’ল দুইজনী!
ৰে’লৰ গতিৰ লগে লগে সঞ্চালন হোৱা শৰীৰৰ দৰে সিহঁতৰ মন দুটাতো ভয়,শংকা আৰু দুখবোধে হেন্দোলনি তুলিলে । ৰে’লৰ পৰা নামি বিশাল ষ্টেচনটোত দুয়োজনীৰে ভয় ভয় লাগিল। তথাপিও মনলৈ সাহ আহিল যে সিহঁত দুজনী । অকলশৰীয়া নহয় । নতুন পুৱাটোত অচিনাকী মহানগৰখনৰ অভিমুখে দুয়োজনী হাতত ধৰাধৰিকৈ আগবাঢ়িল। যিমানেই আগবাঢ়িল সিমানেই মাক আৰু ভায়েকলৈ মনত পৰি এলিজাৰ চকুপানী বৈ আহিল। তাইক বিচাৰি মাকজনী বলিয়া হৈছে চাগে। হওক । উপায় নাই। এদিন এনেয়েও মাক ,আব্বাকহঁতে সিহঁতৰ কথা গ’ম পাব ; সন্ধান পাব। অচিনাকী জনসমুদ্ৰৰ মাজত এটি ঠিকনা বিচাৰি ল’ব দুয়োজনীয়ে। হয়তো সংঘাত আহিব, সংঘৰ্ষ কৰিব লাগিব। তথাপি একলগে থাকিব।
মানুহৰ নিজৰ প্ৰতিয়েই আটাইতকৈ বেছি ভালপোৱা থাকে । মাক,আব্বাক আৰু ভায়েকক ভালপোৱাৰ দৰে এলিজাই নিজকো বৰ ভাল পায়। চনিয়াকো সমানেই ভাল পায়। তাই নহ’লেও মাক , আব্বাকৰ জীৱন চলি যাব। সময়েও এদিন পাহৰিব দুয়োজনীকে। দিন যোৱাৰ লগে লগে মানুহেও জানিব এই যাত্ৰা ইলহানৰ পৰা মুক্তিৰ যাত্ৰা নে সিহঁতৰ নতুন একত্ৰ জীৱনৰ পথ প্ৰশস্ত কৰাৰ যাত্ৰা। আচহুৱা কিবা এটা আবিষ্কাৰ কৰি মানুহবোৰে সিহঁতক তাচ্ছিল্যৰ দৃষ্টিৰে চাব। তেতিয়ালৈ কথাবোৰ পুৰণি হ’ব, সময় অতীত হ’ব। ৰূপকথাইয়ো ৰং সলাব।
ফোন : ৯৮৬৪৩-০৮৯০৪
Comments are closed, but trackbacks and pingbacks are open.