লাপাটা লেডিজ

শিখা ডি হাৰলালকা

যিসময়ত বলীউড কণ্টেক্স পেৰালিছিছত আক্রান্ত হৈ আছে, কেৱল মাৰপিট, যৌনতা চিনেমাৰ বিষয়বস্তু হৈ আহিছে, তেনে এক সময়তেই এখন চিনেমাই উশাহ ঘূৰাই আনিছে বলীউডৰ চিনেমাখন হৈছে লাপাটা লেডিজ৷

যিমানেই বিজ্ঞান–প্রযুক্তি, কৃত্রিম বুদ্ধিমত্তাৰ পয়োভৰ নহওক কিয়, মানুহে নিজৰ শিপালৈ সদায় ঘূৰি যাব বিচাৰে, আৰু এই কথা বলীউডৰ বুধিয়ক প্রযোজক কিৰণ ৰাওৱে খুব ভালদৰে বুজি পায়৷ যাৰ বাবে এটা সাধাৰণ কাহিনী অতি সাৱলীলভাৱে তেওঁ দর্শকক উপহাৰ দিছে৷ কোনো ধৰণৰ অতি উন্নতমানৰ ভিএফএক্স, প্রযুক্তি ব্যহাৰ নোহোৱা এখন ৰ চিনেমা, আজি সকলো শ্রেণীৰ দর্শকৰ মুখে মুখে৷

লাপাটা লেডিজ চিনেমাখনত কোনো হিৰো নাই৷ মূল কাহিনীভাগেই সকলো৷ আৰু চিত্রনাট্য লিখিছে বিপ্লৱ গোস্বামীয়ে৷ চিনেমাখনৰ বাজেট পাঁচ কোটি টকা আৰু মে মাহৰ শেষলৈ ছবিখনে প্রায় চৌবিবশ কোটি টকা উপার্জন কৰিছে৷ ছবিখনৰ বিষয়ে আন এটা গুৰুত্বপূর্ণ খবৰ ইতিমধ্যে ২০২৩ত ৪৮সংখ্যক টৰণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত এই ছবিখন প্রদর্শন কৰা হৈছিল৷ আৰু তাৰ ঠিক পাঁচ মাহ পিছত মার্চ মাহতহে ছবিখন দর্শকৰ বাবে মুক্তি দিয়া হৈছিল৷ প্রযোজক, পৰিচালক, দর্শক, অভিনেতা সকলোৰে মুখত হাঁহি বিৰিঙাই তোলা, তেনেই গাঁৱলীয়া পৰিৱেশৰ এই ছবিখনে কেনেকৈ বাজী মাৰি লৈ গল আমিৰ খান আৰু কিৰণ ৰাওৱে এনে কি যাদুমন্ত্র জানে, যাৰ বলত বলীউডৰ একঘেয়ামি ছবিৰ মাজত এই ছবিখন জিলিকি উঠিছে৷

আহিছোঁ কাহিনীৰ মাজলৈ৷ আপুনি নিশ্চয় অনলাইনত বস্তু অর্ডাৰ দিয়ে৷ কিন্তু কেতিয়াবা আনৰ বস্তু আপোনালৈ আহি পায় ভুলতে, তেতিয়া আপুনি কি কৰে কর্তৃপক্ষৰ লগত যোগাযোগ কৰি নিজৰ বস্তুটো ঘূৰাই লয় বা আনৰ পার্চেল ঘূৰাই পঠিয়ায়৷ কিন্তু সেয়া যদি পার্চেল নহৈ মানুহ হয় তেতিয়া ঠিক এনে ঘটনা ঘটে আমাৰ এইখন ছবিৰ কাহিনীৰ মাজতো৷ ছবিখনৰ পটভূমি ২০০০-০১ চনৰ উত্তৰপ্রদেশৰ কোনো ভিতৰুৱা গাঁৱৰ৷ যত পার্চেল বদলি হোৱাৰ দৰে ট্ৰেইনত বদলি হৈ যায় দুজনী কইনা৷ আৰু তাৰ পিছত শিহৰণ, ছাছপেঞ্চ, ৰোমাঞ্চ, থ্রিলৰ সমাহাৰ ঘটে তেওঁলোকৰ জীৱনত৷ কইনা দুজনীয়ে নিজ নিজ পতিগৃহলৈ উভতি যাব পাৰিলেনে নে ভাগ্যই হাতত তুলি দিয়া সম্বন্ধটোক লৈয়ে জীৱন আগবািিল চিনেমাখন চাওক, উত্তৰ পাব৷

চিনেমাখনত অভিনয় কৰা শিল্পীসকল একেবাৰে নতুন৷ স্পর্শ শ্রীবাস্তৱ, জামতাৰাত কৰা অভিনয়েৰে দর্শকৰ হূদয় জয় কৰা এইজন অভিনেতাৰ এইখন প্রথম বলীউডী ছবি৷ মূল চৰিত্র ফুলৰ নাম ভূমিকতা আছে কোমল বয়সীয়া নিতাঞ্চী গোৱেল, স্বাভাৱিকতে এইখন নিতাঞ্চীৰো প্রথম ছবি৷ এইখন ছবিৰে বলীউডত খোজ দিছে সাংঘাতিক প্রতিভাশালী এইগৰাকী ফুলকুমাৰীয়ে৷ ছবিখনৰ আন এটা গুৰুত্বপূর্ণ চৰিত্র ৰূপায়ণ কৰিছে আন এগৰাকী প্রতিশ্রুতিসম্পন্না অভিনেত্রীয়ে৷ টেলিভিছনৰ ভিন্ন নাটকৰ লগতে এওঁক অলপতে দেখা গৈছে বহু চর্চিত ৱেব ছিৰিজ সঞ্জয় লীলা ভাঞ্চালীৰ হীৰা মণ্ডিতো৷ এওঁৰ নাম প্রতিভা ৰান্তা৷ ইয়াৰ লগে লগে ছবিখনৰ অন্যতম গুৰুত্বপূর্ণ চৰিত্র ৰূপায়ণ কৰিছে ছায়া কদম আৰু ৰবি কিষাণে৷

ভিন্ন সময়ত বাৰেভচহু মন্তব্য কৰি, নিজৰ লগতে আমিৰ খানৰ ফিল্মী কেৰিয়াৰ একপ্রকাৰ অন্ত কৰি পেলোৱা আমিৰ খানৰ দ্বিতীয় পত্নী কিৰণ ৰাও এইখন ছবিৰ প্রযোজক৷ আন সকলো কথা পাহৰি দর্শকে এইখন ছবিতো কিৰণ ৰাওৰ সবল পৰিচালনা দেখা পাব, কি সাংঘাতিক ড্রিটমেণ্ট আৰু সমাজ ব্যৱস্থাৰ দুমুখীয়া চৰিত্রক উদঙাই দেখুওৱাত পৰিচালকৰ পার্গতালিক প্রশংসা নকৰি নোৱাৰি৷ কিৰণ ৰাওৰ কামৰ পার্ফেকচনৰ এটা সৰু উদাহৰণ আপোনালোকৰ সৈতে ভগাই লওঁ৷ ছবিখনৰ অন্যতম গুৰুত্বপূর্ণ আৰক্ষী বিষয়াগৰাকীৰ চৰিত্রত ৰবি কিষাণৰ অভিনয় একমুখে কব পাৰি অপূর্ব৷ এই চৰিত্রটোৰ অডিচন দিছিল স্বয়ং আমিৰ খানে নিজেই৷ কিন্তু বুদ্ধিমান পৰিচালকে আমিৰ খানক নাকচ কৰি চৰিত্রটোৰ বাবে বাছনি কৰে ৰবি কিষাণক৷ ফলাফল ৰবি কিষাণৰ অভিনয়ৰ কথা প্রতিজন দর্শকৰ মুখে মুখে৷

ভাৰতৰ ভিতৰুৱা গাঁৱৰ দৃশ্যৰে ইমান সুন্দৰ স্ক্রীনপ্লে ছবিখনৰ, যত অদৰকাৰী এটাও দৃশ্য চকুত নপৰিল৷ চিনেমেটোগ্রাফী ছবিখনৰ একে আষাৰে ৱাও৷ এখন ৰিয়েলিষ্টিক ভাৰতৰ ছবি৷ ২০০১ বর্ষৰ উত্তৰ প্রদেশ, হাৰিয়ানা আদিৰ দৰে ৰাজ্যৰ ভিতৰুৱা গাঁও, সেই নিভাঁজ সৰলতা, ৰ ফুটেজ, নেচাৰেল শ্বট আৰু বিশেষকৈ ভাৰতৰ জীৱনৰেখা হৈ পৰা ৰেলৰ শ্বটসমূহ সঁচাকৈয়ে মানিবলগীয়া৷ ২০২২-২৩ত ২০০১ চনৰ সময় ওভতাই আনিবলৈ কলা–কুশলীৰ যি একাগ্র চেষ্টা, তাত এশ শতাংশই সফল তেওঁলোক৷

চিনেমাখনৰ সংগীত এক ছাপর্টিং এলিমেণ্ট হৈ ধৰা দিছে ছবিখনত৷ বিনাকথাত কোনো গান–বাজানা নাই৷ প্রয়োজনতহে এটা গানৰ কলি আমি শুনো, যিয়ে ছবিখনত চলি থকা গোমা পৰিৱেশটোত ইন্ধন যোগায়, ইয়াক দর্শকৰ কাষ চপাই নিয়ে৷ অৰিজিৎ সিং, সোণা মহাপাত্র আৰু শ্রেয়া ঘোষালে প্রাণঢালি গাইছে গীতকেইটি৷

জোৰ–জবৰদস্তি আপোনাক হঁহুৱাবলৈ চেষ্টা নকৰা এখন কমেডী ড্রামা ছবি লাপাটা লেডিজ, এটা এটা সংলাপ কি গভীৰ, অর্থৱহ ছবিখন চাই অহাৰ বহুদিন পিছতো মূৰত বাজি থাকে কথাবোৰ, চিন্তাবোৰে বুকুত ঘৰ সাজে৷ সঁচাকৈয়ে পৃথিৱীখন, মানুহবোৰ কিয় নহয় ফুলহঁতৰ নিচিনা৷ বলীউডত ভাল ছবি খুব কম নির্মাণ কৰা হয়৷ লাপাটা লেডিজৰ দৰে কাহিনীসর্বস্ব ছবি নির্মাণ আৰু কম৷ আমিৰ খান প্রডাকচনৰ এইখন ছবিয়ে দর্শকৰ টেষ্ট বদলি কৰিছে যেন অনুমান হয়৷ কৃত্রিম বুদ্ধিমত্তাৰ যুগত, কালাকন বিক্রী কৰি পোৱা টকাটো চাদৰৰ আঁচলত বান্ধি লোৱা ফুলকুমাৰীৰ সৰলতা আৰু গাম্ভীর্যতাই কৰবাত চুই গৈছে আমাক৷ কিহৰ পিছত দৌৰি আছোঁ আমি আৰু এই দৌৰত আমি যি যি হেৰুৱাই পেলালোঁ, সেই সকলোখিনি পৰিচালকে আঁতি আঁতি ভৰাইছে দুঘণ্টাৰ এই ফেমিলী ড্রামাখনত৷

অলপ উশাহ লওক, লাপাটা লেডিজ চাওক৷

ফোনঃ ৮৮২২৯-৭১২১৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.