শালমনৰ সমস্যা আৰু সমাধান

মালা মহন্ত

ছালৰ এক প্রধান সমস্যা হল শালমনৰ সমস্যা৷ পুৰুষ–নাৰী উভয়ৰে এনে সমস্যা হব পাৰে৷ সাধাৰণতে লৰাৰ ক্ষেত্রত যোল্ল বছৰ বয়সৰ পৰা ঊনৈশ বছৰ বয়সৰ ভিতৰত এনে সমস্যা হোৱা দেখা যায়৷ ছোৱালীৰ ক্ষেত্রত চৈধ্যৰ পৰা ষোল্ল বছৰ বয়সৰ ভিতৰত শালমনৰ সমস্যা হয়৷ আশী শতাংশ ছোৱালীৰ ক্ষেত্রত বিশ বছৰ বয়সৰ পৰা এনে সমস্যা কমিবলৈ আৰম্ভ কৰে৷ কিন্তু কেতিয়াবা ত্রিশৰ পৰা চল্লিশ বছৰ বয়সলৈও এহ সমস্যা থাকে৷ সাধাৰণতে ঊনৈশ শতাংশ ভাগৰ মুখতেই শালমন হয়৷ যদিও পোন্ধৰ শতাংশ ভাগৰ বুকুৰ আৰু পিঠিতো শালমন হব পাৰে৷

বয়ঃসন্ধিৰ সময়ত পুৰুষ আৰু স্ত্রী হৰমনৰ ক্ষৰণৰ মাত্রাৰ ভাৰসাম্যৰ অভাৱ ছালৰ তৈলগ্রন্থি বাঢ়ি যায় আৰু চেৰাম গ্রন্থিৰ ক্ষৰণ বৃদ্ধি পায়৷ নোমকূপৰ মুখ বন্ধ হৈ বেক্টেৰিয়াৰ সংক্রমণ হৈ সমস্যা বাঢ়ি যায়৷

শালমনৰ সমস্যা আৰম্ভ হোৱাৰ লগে লগে বিশেষজ্ঞৰ পৰামর্শ লব লাগে৷ দীর্ঘদিন চিকিৎসা নকৰিলে চিষ্ট তৈয়াৰ হৈ স্থায়ী ৰূপ লয়৷ শালমনৰ সমস্যা হলে মুখখন অশুৱনি হৈ পৰে বাবে হীনমন্যতাত ভোগাও দেখা যায়৷ সঠিক পৰিচর্যাৰ দ্বাৰা শালমনৰ সমস্যা সম্পূর্ণৰূপে নাইকিয়া কৰিব পাৰি৷ এনে সমস্যা হলে বিশেষজ্ঞই ছাল পৰীক্ষা কৰি আগবঢ়োৱা পৰামর্শ গ্রহণ কৰিব লাগে৷ বহু সময়ত, আনৰ কথা শুনি জধেমধে যিকোনো সামগ্রী ছালত ব্যৱহাৰ কৰিব নালাগে৷ এনে কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে৷ ছালৰ সমস্যা অনুযায়ী খোৱা ঔষধ আৰু থেৰাপীৰ জৰিয়তে শালমনৰ সমস্যা সমাধান কৰিব পাৰিব৷ শালমন কেতিয়াও নখেৰে চুব নালাগে৷ এনে কৰিলে স্থায়ী দাগ ৰৈ যাব পাৰে আৰু শালমনৰ সমস্যাও বাঢ়ি যায়৷ শালমন নখেৰে চিকুটি থকাৰ অভ্যাস বহু সময়ত মানসিক ৰোগৰো পর্যায় পাব পাৰে৷ উল্লেখ্য যে শালমনৰ চিকিৎসাৰ ম্যাদ কিমান দীঘলীয়া হব, সেয়া নির্ভৰ কৰে সমস্যাৰ গভীৰতাৰ ওপৰত৷ এহ চিকিৎসাত ব্লেকহেড্ছ নিয়মিত পৰিষ্কাৰ কৰা হয়৷ জেল বেছড সামগ্রীহে হয়াৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়৷ হ সম্পূর্ণৰূপে শালমন নির্মূল কৰাত সহায় কৰে৷ সৌন্দর্য বিশেষজ্ঞহ চিকিৎসা আগবেোৱাৰ সময়ছোৱাত ধৈর্য ধৰি নিয়ম অনুসৰি চলিব লাগে৷ হঠাৎ চিকিৎসা সলাব নালাগে৷

👉বেছি তেল থকা প্রসাধন সামগ্রী, যেনে– কল্ড ক্রীমৰ পৰাও শালমনৰ সমস্যা হব পাৰে৷ শালমন হৈ থকা ছালত কল্ড ক্রীম লগালে বাঢ়ি যায়৷

👉ফাউণ্ডেচন ক্রীম বা পেনকেকজাতীয় প্রসাধন ব্যৱহাৰ কৰিলেও বহুতৰে শালমন হোৱা দেখা যায়৷ এনে প্রসাধন ব্যৱহাৰ কৰিলে ভালদৰে ছাল পৰিষ্কাৰ কৰি পেলাব লাগে৷

👉তেলেতীয়া চুলি বা উফিৰ সমস্যাৰ বাবেও শালমন হৈ সমস্যা বৃদ্ধি হয়৷

👉মানসিক চাপ বা পর্যাপ্ত টোপনিৰ অভাৱত শালমন বাঢ়ে৷

👉মাহেকীয়া ঋতুস্রাৱৰ সাত দিন পূর্বেও কিছুমান মহিলাৰ শালমন বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে৷

👉প্রয়োজনতকৈ অধিক সৰু জোখৰ সাজপাৰ পিন্ধিলেও ছালত পোছাকৰ ঘর্ষণৰ ফলত শালমন হব পাৰে৷

ভেষজ উপায়

👉শালমনৰ পৰা মুক্তি পাবলৈ দিনটোত একাধিকবাৰ মুখ ধুহ থাকিব৷ তিয়ঁহৰ ৰস আৰু নেমুৰ ৰসৰ মিশ্রণ ফ্রীজত থৈ কপাহেৰে ছালত লগাব৷ দিনটোত দুবাৰ আপেল আৰু আনাৰসৰ ৰস আইচ ট্ৰেত থৈ ছালত ব্যৱহাৰ কৰিব পাৰে৷

👉নার্জী ফুলৰ হালধীয়া পাপৰিৰ ৰস ছালত লগাই ধুই পেলাব৷

👉গোলাপ পাপৰিৰ ৰস, পানী আৰু নেমুৰ ৰস মিহলাই ফ্রীজত থৈ মুখ খুবলৈ ব্যৱহাৰ কৰিব৷

👉পদিনা শাকৰ ৰস কপাহেৰে ছালত লগাব৷

👉চন্দন পিহা আৰু কেঁচা হালধিৰ ৰস শালমনত লগাব৷

👉কস্তুৰী হালধি শালমনত নিয়মিত লগালে সুফল পোৱা যায়৷

👉কেহটামান প্লাম পানীত সিজাই ঠাণ্ডা হোৱাৰ পিছত পিটিকি শালমনৰ ওপৰত লগাব৷

👉তিয়ঁহৰ ৰস আৰু চন্দনৰ গুডিৰ মিশ্রণ শালমনত লগাব৷

👉কর্পূৰ পানীত মিহলাহ কপাহেৰে লগাব৷

👉এচামুচ নেমুৰ বাকলি পিহা, কেঁচা হালধিৰ ৰস, পদিনা শাকৰ ৰস একেলগে মিহলাহ ছালত লগাই বিশ মিনিটৰ পিছত ধুই পেলাব৷ সপ্তাহত এদিনকৈ ব্যৱহাৰ কৰিব৷

👉দুচামুচ বার্লি পাউডাৰ, দুচামুচ নার্জী ফুলৰ ৰস, আঙুৰৰ ৰস, লং গুডি, কেঁচা গাখীৰেৰে মিহলাই মুখত লগাব৷

জহৰ আটাহতকৈ ডাঙৰ সমস্যা হল ৰদে পোৰা৷ কাৰণ এই সময়ছোৱাত ৰদৰ তাপ অতি প্রখৰ হৈ উঠে, ফলত ছালখন পোৰাৰ লগে লগে শুকানো হৈ যায়৷ অধিকাংশ লোকৰ ছাল তেলেতীয়া হয়৷

👉দিনত কমেও দুবাৰকৈ ফেচৱাছেৰে মুখখন পৰিষ্কাৰকৈ ধোৱা প্রয়োজন৷ অধিক তেলেতীয়া হলে বাৰে বাৰে ধুব লাগে৷

👉ব্রন বা শালমইনা হোৱা বিশেষ স্থানবোৰত চন্দন আৰু শুকান গুড়ি মিহিকৈ পিহি লগাব৷

👉মাজে মাজে পাৰিলে মৌ, নিমপাতৰ শুকান গুড়ি, হালধিৰ সৈতে এটা ফেচপেক তৈয়াৰ কৰি লগাব৷

👉গা যোৱাৰ আগতে তৰমুজৰ ৰস সানিলে মুখমণ্ডল কোমল আৰু উজ্জ্বল হব৷

👉অতি বেছি গৰম পৰিলে এটা বাটিত অলপ গোলাপজল কপাহৰ সৈতে ফ্রীজত ঠাণ্ডা কৰি ৰাখিব৷ দিনটোত কিছু সময়ৰ অন্তৰালত মুখত লগাব৷ মুখৰ ছালখন সতেজ হৈ থাকিব৷

👉জহকালি যথেষ্ট পৰিমাণৰ ঘাম ওলোৱাৰ বাবে কেতিয়াবা দুর্বল অনুভৱ হয়৷ সেয়ে এগিলাচ ঠাণ্ডা পানীত নিমখ আৰু চেনি মিহলাহ খাব পাৰে৷

👉জহকালি বহুতৰে শৰীৰৰ দুর্গন্ধ হোৱা, ভৰি গোন্ধোৱা আদি সমস্যাতো পৰে৷ সাধাৰণতে এনে সমস্যাৰ বাবে চিকিৎসকৰ পৰামর্শ লোৱাটো আৱশ্যক৷ ঘৰুৱাভাৱে ঔষধিযুক্ত চাবোন ব্যৱহাৰ কৰিব পাৰে৷ গা ধোৱাৰ সময়ত পানীত অলপ অডিকলন আৰু চন্দনৰ তেল মিহলাই গা ধুলে গোটেই দিনটোৰ বাবে সতেজতা পোৱা যায়৷

👉ঘামৰ বাবে চুলিখিনিও এঠা এঠা হয়৷ উফিৰো সমস্যা হয়৷ সেয়ে নিতৌ কোমল ছেম্পুৰে চুলি খুব লাগে৷ সপ্তাহত এবাৰ মৌ, কণী আৰু পকা কলেৰে পেক তৈয়াৰ কৰি চুলিত লগাব পাৰে৷

👉জহকালি শৰীৰৰ বাবে পুষ্টিকৰ খাদ্যৰো প্রয়োজন৷ অধিক মছলাযুক্ত খাদ্য পৰিহাৰ কৰি শাক–পাচলি, ফল–মূল, দৈ, ডাবৰ পানী, চালাড আদি খাবলৈ যত্ন কৰক৷ পেট ঠাণ্ডা ৰাখিবলৈ দুপৰীয়াৰ আহাৰৰ পিছত দৈ, নেমুৰ চৰবত, তৰমুজৰ ৰস, বেলৰ ৰস আদি খাব পাৰে৷

👉ছালৰ যতনৰ বাবে এহ সময়ত দীঘল হাতৰ কপাহী কাপোৰেহ আটাইতকৈ উত্তম৷ এই সময়ত চুলিখিনিকো সুৰক্ষা দিয়া প্রয়োজন৷ সেয়ে ছাতি, ছানগ্লাছ, টুপী আদি ব্যৱহাৰ কৰিব লাগে৷

👉জহকালি প্রকৃততে মেকআপেৰে ছালখন ঢাকি ৰাখিব পাৰিলে সূর্যৰ ৰশ্মিয়ে ছালখনৰ হানি কৰিব নোৱাৰে৷ সেয়ে ছাল অনুযায়ী ফাউণ্ডেচন ব্যৱহাৰ কৰি সামান্য হলেও মেকআপ কৰিব৷

👉দৈনন্দিন চাপৰ বাবেও শালমন হব পাৰে, যেনে– হেলমেট পিন্ধিলে বা ব্রাৰ ষ্ট্রিপেৰে ঢাক খাই থকা অংশত শালমন হব পাৰে৷ নিয়মিত হেয়াৰ ব্রেণ্ড বা চোয়েট ব্রেণ্ড ব্যৱহাৰ কৰিলেও শালমন হব পাৰে৷

👉বিভিন্ন ঔষধ সেৱন, যেনে– গর্ভনিৰোধক টেবলেট, ষ্টেৰহড, যক্ষ্মা ৰোগৰ ঔষধ, আয়ডিন, ব্রমিনযুক্ত ঔষধৰ পৰাও শালমন হব পাৰে৷

👉সূর্যৰ বেঙুনীয়া ৰশ্মিৰ পৰাও শালমন হব পাৰে৷ অত্যধিক ৰদ ছালত লাগিলে ব্রেকহেচ্ছ বা হোৱাহট হেচ্ছ হৈ শালমনৰ সমস্যা বাঢ়ে৷

👉পেছাগত কাৰণ, যেনে– যিবোৰ পেছাত ছাল যথেষ্ট পৰিমাণে টক্সিক ক্লৰিনেটেড হাইড্রকার্বনৰ সংস্পর্শলৈ আহে তাৰ বাবেও শালমন হব পাবে৷

👉হৰমনজনিত কাৰণত শালমন হলে এটা বয়সৰ পিছত নিজেহ ভাল হয়৷

👉জধেমধে যিকোনো চাবোন বা মুখ চাফা কৰা সামগ্রী ব্যৱহাৰ কৰিলেও শালমন বাঢ়ি যায়৷

বিশেষজ্ঞৰ পৰামর্শ নোলোৱাকৈ ব্যৱহাৰ কৰা অনুচিত৷ শালমন হৈ থকা সময়ত কর্কশ স্ক্রাব ছালত ব্যৱহাৰ কৰিলে ছালৰ ফলিকল ভাগি যায় আৰু সেই অংশত চাৰিওফালে বিষাক্ত পদার্থৰ ক্ষৰণ হয়৷

প্রতিকাৰ

শালমনৰ সমস্যাৰ পৰা মুক্তি পাবলৈ ভাল মুখ চাফা কৰা সামগ্রীৰ অতি প্রয়োজনীয়৷ ইয়াৰ দ্বাৰা ঘর্মগ্রন্থিৰ সংক্রমণজনিত শালমন ৰোধ কৰিব পাৰি৷ এনেধৰণৰ আহাৰ গ্রহণ কৰিব লাগে, যিয়ে কোষ্ঠকাঠিন্যৰ পৰা মুক্ত কৰে৷ যথেষ্ট পৰিমাণে ভিটামিন–চি গ্রহণ কৰিলে শালমনৰ সমস্যা কমে৷ নেমুটেঙা, সতেজ শাক–পাচলি, আমলখি আদিৰ পৰা ভিটামিন আহৰণ কৰিব পাৰি৷ দৈনিক ১০-১২ গিলাচ পানী খোৱাৰ অভ্যাস কৰিব৷

ফোনঃ ৯৬৭৮২-৫৭৫১৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.