ৰূপাঞ্জলি চেতিয়া
যন্ত্ৰণাৰ কোনো পৰিভাষা থাকেনে? হয়তো নাথাকে৷ নাথাকে বাবেই যন্ত্ৰণাকাতৰ মানুহে আনক বুজাবলৈ অক্ষম তেওঁ ভূগি থকা যন্ত্ৰণাৰ বিষয়ে৷ সেয়া কেৱল অনুভৱ কৰিব পাৰে ভুক্তভোগীজনেহে৷ তেনে লোকে যন্ত্ৰণাৰে সহবাস কৰিব পাৰে, মৰি মৰি জী থকাৰ দৰে থাকিব পাৰে নিৰুপায় হৈ৷ এই কথা আজি খুব ভালকৈয়ে বুজি উঠিছো মই৷ এই যন্ত্ৰণাৰ অন্ত ক’ত সেয়া নাজানো৷ কোনো পূৰ্ব অভিজ্ঞতাও নাই৷ ধাৰণা কৰিবও নাজানো৷ কেৱল অনুমান কৰিব পাৰোঁ হয়তো মৃত্যুতহে যন্ত্ৰণাৰ পৰা মুক্ত হোৱাৰ প্ৰকৃত পথ বিচাৰি পোৱা যায়৷ সেয়ে মৃৃৃত্যুৰ প্ৰতি আকৰ্ষণ এটাই মোক অহৰহ প্ৰলোভিত কৰি থকা হৈছে আজিকালি৷
মানুহ আটাইতকৈ কৌশলী প্ৰাণী হেনো৷ যিকোনো চৰম প্ৰতিকূল পৰিস্থিতিতো নিজকে ভালে ৰখাৰ কৌশল বিচাৰি ল’ব জানে। কাৰোবাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম বুলি ভবা মানুহবোৰৰ অবিহনেও জী থাকে কুশলে, আনন্দেৰে৷ আজি ময়ো সেই কৌশলৰ সন্ধানত বহুদিনৰ পাছত ঘৰলৈ আহিছোঁ৷ কাৰণ মৃত্যুৰ আগতে মোৰ যে কৰিবলগীয়া বহু কাম আছে! বাকীবোৰ বাৰু বাদ দিলোঁ, কিন্তু কুঁৱলীৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যৰ পালন কৰিবলৈ আছে, তাইক এই সংসাৰৰ জটিলতাৰ সৈতে মোকাবিলা কৰোৱাবলৈ শিকাব আছে৷ সেয়ে এই যন্ত্ৰণাৰ পৰা সাময়িক উপশম বিচাৰি মা-পিতাৰ কাষলৈ ঢাপলি মেলিছো৷
মা ৰৈ আছিল মোৰ বাবে৷
“ইমান খীণাইছ যে তই!” বেগটো লৈ বাৰাণ্ডাত উঠাৰ লগে লগে ক’লে৷
“ডায়েটিং কৰিছোঁ। তহঁতৰ জোঁৱায়ে স্লিম্ মানুহ ভাল পায় হেনো৷” ঈষৎ হাঁহি এটা মিছাকৈ হ’লেও ওঁঠত সজোৱাৰ বৃথা চেষ্টা এটা কৰিলোঁ৷ ক’বতো নোৱাৰোঁ যে মনটো চিন্তাৰে নোদোকা হৈছে; সেয়ে দেহাটো শুকাইছে৷ মায়ে অলপপৰ মোৰ চকুলৈ চাই ৰৈ থাকিল৷ তাৰপাছত মোৰ হাতৰ বেগটো নিজৰ হাতলৈ নি ক’লে, “আহ৷”
শাহু-শহুৰৰ প্ৰতি থকা দায়িত্ব-কৰ্তব্যৰ দোহাই দি, মোৰ আৰু মৃণ্ময়ৰ চাকৰিৰ ব্যস্ততা, কুঁৱলীৰ স্কুল খতি হোৱাৰ দোহাই দি খুব কমেইহে অহা হয় মোৰ ইয়ালৈ৷ মাজে মাজে অপৰাধবোধ এটাতো ভূগোঁ৷ কিন্তু মই নিৰূপায়৷ সকলোবোৰ ঠিকে ৰখাৰ স্বাৰ্থত নিজৰ মনক মাৰি আনৰ সন্তোষৰ কথা ভাবোঁ৷ কিন্তু আজি? জীয়াই থকাৰ পক্ষত অন্তৰে দিয়া সুতীব্ৰ তাগিদা মই আজি আওকাণ কৰিব নোৱাৰিলোঁ৷ আজি কেৱল মাৰ কোলাৰ উম আৰু পিতাৰ স্নেহাস্পৰ্শইহে জীয়ন দিব পাৰিব মোক৷ নহ’লে হয়তো এনে এক অৱস্থাত উপনীত হ’মগৈ য’ত নিজেও নিজক চিনিব পৰা নাযাব৷
বহাকোঠাতে পিতাৰ মুখামুখি হ’লোঁ৷
“কুঁৱলী আৰু জোঁৱাই…?”
পিতাই সম্পূৰ্ণ নকৰিলে প্ৰশ্নটো৷ বুজি পালোঁ, মই অকলে অহাত আচৰিত হৈছে সকলো৷ সেয়ে হয়তো নিজে নজনাকৈয়ে কৈফিয়ৎ বিচাৰিছে তেওঁলোক নহাৰ৷
“এওঁৰ অফিচ৷ মাজনীৰ স্কুল৷” মাক ফোনত কোৱা একেষাৰ কথাকে পিতাৰ আগত দোহাৰিলোঁ৷ অস্বাভাৱিকতা একো নাই মোৰ এই উত্তৰত৷ কেৱল মই অকলে অহাটোহে অস্বাভাৱিক কথা সকলোৰে বাবে৷ হয়তো মোৰ বাবেও৷ বিয়াৰ সুদীৰ্ঘ চৈধ্যটা বছৰ উকলাৰ পাছতো মই কাহানিও অকলে ক’লৈকো গৈ পোৱা নাই৷ তেনেস্থলত হঠাতে আহি ওলোৱাত তেওঁলোক আচৰিত হোৱাটোৱেই স্বাভাৱিক৷ তথাপি কিয় জানো মনত খং নে অভিমান কিবা এটা জাগিল মোৰ৷ কিয় নিজৰ ঘৰখনলৈ আহিও মই কৈফিয়ৎ দি থাকিবলগীয়া হৈছে?
কেৱল ইয়াতহে নে? মোৰ দেখোন জীৱনটোৱেই কৈফিয়ৎৰ ওপৰতে চলি আছে৷
উত্তৰটোও নিজেই নিজক দিলোঁ৷
অ’ফিচ খোলা থকা নিৰ্দিষ্ট দিন নাইবা ঘণ্টাকেইটাৰ বাহিৰে আৰু অলপ সময়ো যদি নিজাববীয়াকৈ কিবা কামত ঘৰৰ বাহিৰত থাকিবলগীয়া হয়, তাতো কৈফিয়ৎ৷
“অফিচ দেখোন চাৰিটাতে ছুটী হ’ল৷ ঘৰ পাবলৈ ইমান দেৰি লাগিল কিয়?”
মা নাইবা পিতাৰ অসুখৰ খবৰ পাই যদি পেটলৈ ভাতমুঠি সোমাব নোখোজে তাতো কৈফিয়ৎ৷
“এইবোৰ আক’ কি ঢং! তুমি নোখোৱাকৈ থাকিলে তেওঁলোকৰ বেমাৰ ভাল হৈ যাব নে কি?”
সুদীৰ্ঘ চাৰিটা বছৰৰ দুৰ্বাৰ প্ৰেমৰ পাছত বিবাহত আবদ্ধ হোৱা স্বামী মৃণ্ময়ৰ মাজত কেতিয়াবা প্ৰেমিক মৃণ্ময়ৰ সন্ধান কৰিলে তাতো কৈফিয়ৎ- “পাগল হৈছা নেকি? এতিয়াও লেনচেলাই ফুৰাৰ বয়স আছে? মানুহে কি ভাবিব!”
অথচ এইজন মৃণ্ময়ে বিয়াৰ আগত মোৰ হাতত নধৰাকৈ ৰাস্তাটোও পাৰ নহৈছিল৷ বাছত যাবলৈ নিদি দহোবন কাতি কৰি হ’লেও মোক হোষ্টেলত সি নিজে থৈছিলগৈ৷ কেৱল সেয়াইনে? চাৰিবাৰকৈ তাৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছতো সি মোৰ পাছত লাগি ৰৈছিল৷
“ইমান আজলী তুমি! কেনেকৈ পাৰিবা অকলে এই পৃথিৱীৰ জটিলতাৰ সৈতে যুঁজিব? তোমাক চম্ভালিব কেৱল মইহে পাৰিম৷ মোক এবাৰ হাঁ কোৱা মাত্ৰ; গোটেই জীৱন তোমাক কলিজাত ৰাখিম৷”
গলিছিল মোৰ বুকুৰ শিল৷ গলি গলি মৃন্ময়ৰ দিশে বৈ গৈছিল এখনি নদী হৈ৷ প্ৰেমাকুল হৃদয় আৰু গভীৰ বিশ্বাসেৰে খামুচি ধৰিছিলোঁ মৃণ্ময়ৰ প্ৰসাৰিত হাত৷ দুয়ো মিলি শূন্যৰ পৰা আৰম্ভ কৰিছিলোঁ জীৱন৷ ঈশ্বৰে দুহাত ভৰাই সুখ বাকি দিছিল আমাৰ সংসাৰত৷ বিয়াৰ পাছত মৃণ্ময় আৰু মোৰ চাকৰি হৈছিল৷ কুঁৱলীয়ে আমাৰ সংসাৰ আৰু সম্পৰ্কত পৰিপূৰ্ণতা আনি দিছিল৷
কুঁৱলীৰ জন্মৰ দিনটোৰ কথা আজিও মোৰ জল্জল্পট্পটকৈ মনত আছে৷ চিজাৰিয়ান অপাৰেচন কৰিবৰ বাবে সাজু কৰি মোক অপাৰেচন থিয়েটাৰত সোমোৱাবলৈ নিওঁতে কান্দি কান্দি মজিয়াতে বাগৰি পৰিছিল মৃণ্ময়৷ মোক হেৰুওৱাৰ ভাবনাই তাক কি ভয়ানকভাৱে শংকিত কৰি তুলিছিল সেই কথা কৈ কৈ সকলোৱে তাক বহুদিনলৈকে জোকাই আছিল৷ আধাঘণ্টামানৰ পাছত যেতিয়া গুলপীয়া পুতলাহেন কুঁৱলীক তাৰ হাতত তুলি দিছিল, তাৰ মুখখন চায়ে সকলোৱে উমান পাইছিল অন্ততঃ সেইটো মুহূৰ্তত মৃণ্ময়ৰ সমান সুখী আৰু কোনো নাই! পাছত মোক আৰু কুঁৱলীক আলফুলে সাৱটি সকলোৰে সন্মুখতে হুকহুকাই কান্দি উঠিছিল সি আকৌ এবাৰ৷
আৰু সেইজন মৃণ্ময় আজি আন কাৰোবাৰ প্ৰেমত পাগল! দুয়োৰে মাজত আদান-প্ৰদান হোৱা ফ’টো, মেছেজ সকলোবোৰ প্ৰমাণ মোৰ হাতত৷ অথচ মনে নামানে, অন্তৰে নুবুজে৷ ইয়াতকৈ দুদোল্যমান সময় আন কাৰোবাৰ জীৱনলৈও আহিছেনে? নে কেৱল ময়েই এই পৃথিৱীৰ একমাত্ৰ সেইগৰাকী দুৰ্ভগীয়া?
মৃণ্ময়ৰ কথাবোৰ গম পোৱাৰ পাছৰেপৰা মোৰ মনলৈ অনবৰতে অনুৰাধা নামৰ মানুহগৰাকীৰ কথা আহি থকা হৈছে৷ নিশকতীয়া চেহেৰাৰ দুটা সন্তানৰ মাতৃ সেই মানুহগৰাকীৰ বাবেই মোৰ আজি এই অৱস্থা৷ তেনেই আকৰ্ষণবিহীন সেই মুখাবয়ৱৰ মাজত মৃণ্ময়ে কি বিচাৰি পায় সেই কথা ভাবি মই আচৰিত হওঁ৷ তেনে সময়ত মোৰ মনলৈ আহে চিনাকি মানুহ এগৰাকীয়ে কোৱা এষাৰ বিশেষ কথালৈ৷ “আচলতে নাৰীৰ নহয়, কিছুমান পুৰুষৰ চৰিত্ৰহে বৰ বিচিত্ৰ৷ তেওঁলোকক সন্তুষ্ট কৰা প্ৰায় অসম্ভৱ৷ তুমি যদি দেৱীও হৈ যোৱা তেনেহ’লেও সেই পুৰুষে তোমাৰ নহয়, কোনোবা অপেশ্বৰীৰ সংগহে কামনা কৰিব৷”
প্ৰথমে কথাখিনি শুনি হাঁহি উঠিছিল৷ কিন্তু সেই কথা যে কিমান সঁচা আজিকালি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ৷
“ক’লোঁৱেই দেখোন, ভুল হৈ গ’ল বুলি৷” মোৰ ওচৰত বৰ বেয়াকৈ ধৰা পৰাৰ পাছত মৃণ্ময়ৰ প্ৰতিক্ৰিয়া৷ কোনো অনুশোচনা নাই; নাই কোনো অপৰাধবোধ৷ বিশ্বাসঘাতকতাৰ ইমানটো ডাঙৰ পাহাৰ কেৱল এটা বাক্যই জানো খহাব পাৰে? এয়া কেনেকৈ ভাবি ল’ব পাৰিলে তেওঁ!
“এয়াতো ভুল নহয় মৃণ্ময়; এয়া পাপ৷ পাপৰ শুধৰণি নাথাকে, পাপৰ প্ৰায়শ্চিত্তহে থাকে৷” কৈছিলোঁ মই৷ বুকুত অপমানৰ এটা পাহাৰসম বোজা!
“তেনেহ’লে কি মই এতিয়া চুইচাইড কৰি প্ৰায়শ্চিত্ত কৰিব লাগিব নেকি?” মৃণ্ময়ৰ বেপেৰুৱা উত্তৰত মোৰ সেই অপমানৰ বোজা হোৰাহোৰে বাঢ়ে৷
মানুহে কয়, যেতিয়া পাবলৈ একো বাকী নাথাকে, তেতিয়া হেনো মানুহে অলপ অলপকৈ সকলোবোৰ হেৰুৱাবলৈ আৰম্ভ কৰে৷ মোৰ আৰু মৃণ্ময়ৰ ক্ষেত্ৰতো হয়তো সেয়াই হৈছে৷ ঘৰ, বাৰী, গাড়ী, সন্তান সকলোবোৰেৰে সম্পূৰ্ণ হৈ পৰা সংসাৰত হয়তো পাবলৈ আৰু একো বাকী ৰোৱাগৈ নাই৷ শূন্যৰ পৰা আৰম্ভ কৰা আমাৰ যু্গ্মজীৱন প্ৰাপ্তিৰ পূৰ্ণতাৰে পৰিপূৰ্ণ৷ এতিয়া মাথো হেৰুওৱাৰ সময়! কিন্তু আৰু কিমান হেৰুৱাম?
মৃণ্ময়ক হেৰুৱালো৷
মোৰ প্ৰেম হেৰুৱালো৷
মনৰ সুখ-শান্তি হেৰুৱালো৷
প্ৰেমিকা আৰু পত্নীৰ অধিকাৰ হেৰুৱালো৷
আৰুনো কি বাকী থাকিল?
আস! বুকুখনত কিহবাৰ এক সুতীব্ৰ দংশন যেন!
এই সময় কি যে দুঃসময়! যোৱা বাইছদিনে আমাৰ মাজত মাতবোল নাই। তথাপিও মৃণ্ময়ৰ কোনো পৰিৱৰ্তন দেখা নাই৷ মইহে নোৱাৰিছোঁ সহজ হ’ব৷ যন্ত্ৰবৎ নিয়মমাফিক কামবোৰ কৰি গৈছোঁ মাত্ৰ৷ খোৱা, পিন্ধা, কথা, হাঁহি সকলো যন্ত্ৰবৎ; কেৱল হৃদয়খন কৰি ল’ব পৰা নাই যন্ত্ৰসম!
°°°°°°°°°°°
“সকলো ঠিকে আছেতো আইজনী? জোঁৱাইৰ লগত কিবা লাগিলি নেকি?” নিশাৰ আহাৰৰ পাছত পাকঘৰৰ কাম সামৰি মা মোৰ কাষত বহিল৷
“কিয় সুধিছ তেনেকৈ?” টলমলাই থকা দুচকুৰ পানীখিনি কোনোমতে লুকুৱালো৷
“মই তোৰ মাৰ৷ তোৰ লগত মোৰ সম্বন্ধ কেৱল তেজ-মঙহৰেই নহয়; নাড়ীৰো৷ সেইবাবেই সুধিছোঁ৷” মোৰ ওপৰত মাৰ স্থিৰ দৃষ্টি৷
“আনকালে জোঁৱায়ে তোক কাহানিও অকলে নেৰে৷ কিন্তু আজি তই আহি পোৱাৰ পাছতো এবাৰ ফোন এটা কৰিও সোধা নাই যে?”
“তয়োযে মা! আজিকালি মেছেজৰ হে দিন! মেছেজত খবৰ দিলোঁতো পালোঁহি বুলি৷ সেইবাবেহে…৷”
“সঁচা কথাটো ক’বিনে? কৈ দে আইজনী৷ শান্তি পোৱা নাই মই৷”মাৰ কণ্ঠত আকূতি৷ “তই মুখফুটাই নক’লেও, মোৰ কাণে নুশুনিলেও, মোৰ অন্তৰে উমান পাইছে কিবা এক ধুমুহাৰ৷” মোৰ মূৰত মাৰ চেনেহী হাতৰ ফুৰণি৷ ধৈৰ্য্যৰ বান্ধ ছিগিল মোৰ৷
“একোৱেই ঠিক হৈ থকা নাই মা৷ এতিয়া আৰু নিজৰ বুলিবলৈ মোৰ একোৱেই বাকী নাই৷ আটাইতকৈ আপোন বুলি যাক ভাবি আছিলোঁ, যাৰ ওপৰত অন্ধ ভাৱে বিশ্বাস কৰিছিলোঁ, তেঁৱেই মোক আটাইতকৈ ডাঙৰ আঘাত দি গ’ল৷ তেওঁ মোক মাৰি থৈ গ’ল মা৷” কান্দোনত ভাগি পৰিলোঁ মই৷ লাজত, অপমানত মাৰ কোলাত নিজৰ মুখখন লুকুৱাই খুলি দিলোঁ সমস্ত বেদনাৰ বান্ধ৷ সেই বান্ধ খুলি বৈ অহা বানত উটিভাঁহি মুমূৰ্ষুু হৈ পৰিল মা ও৷
কথাবোৰ শুনি তেওঁ দুয়োহাতে অজানিতে খামোচ মাৰি ধৰিলে মোৰ হাত৷ কথাবোৰ কৈ কৈ মই উচুপি উঠিলোঁ, কান্দিলোঁ, ঘৃণাত উচপিচালোঁ৷ কেনেকৈ মৃণ্ময়ে সকলোৰে অগোচৰে যোৱা এটা বছৰে সংগোপনে চলাই আহিছে অবৈধ সম্পৰ্ক৷ কেনেকৈ সি তাৰ প্ৰেয়সীক দি দিছে মোৰ সকলো অধিকাৰ৷ আনকি কুঁৱলীৰ আব্দাৰ, মোৰ অভিমানৰ মূল্য কেনেকৈ নাইকিয়া কৰি পেলাইছে সেই নাৰীৰ প্ৰতি থকা তাৰ অহেতুক মোহে৷ কঁপি কঁপি ওলোৱা মোৰ ফুটা-নুফুটা মাতেৰে মাক সকলোবোৰ কৈ গ’লোঁ৷ কেৱল খুলি নক’লো সিহঁত দুয়োৰে মাজত ঘটা শাৰীৰিক সম্পৰ্কৰ কথা৷
মই নক’লেও হয়তো মায়ে বুজি পালে সকলোবোৰ৷ মোৰ হাতখন ধৰি ৰখা বান্ধোনটো শিথিল কৰি বহু সময়ৰ নীৰৱতাৰ পাছত দীৰ্ঘশ্বাস এটা এৰি মূৰটো বেৰত আউজাই দিলে৷
“নাৰীয়েই হওক বা পুৰুষ, প্ৰৱঞ্চনা কোনো নোহোৱা নোপজা কথা নহয় আইজনী৷ সেয়া চৰিত্ৰহীন মানুহৰ স্বভাৱতে আছে৷ কথা এষাৰ আছে নহয় পুৰুষ নষ্ট নহয় সুযোগৰ অভাৱত, নাৰী নষ্ট নহয় সাহসৰ অভাৱত৷ আজিকালি বুলিয়েই নহয়, অতীজৰে পৰা সুযোগসন্ধানী পুৰুষ আৰু সাহসী নাৰী এই সমাজত আমাৰ অগোচৰে অলেখ আছে৷ নাৰীয়ে জীৱনসংগীৰ প্ৰতাৰণাৰ কথা জানিও সকলো সহি-সামৰি থাকে সংসাৰখন ভাঙি নাযাওক বুলি৷ কিন্তু পুৰুষে নোৱাৰে৷ পত্নীৰ প্ৰতাৰণাৰ উমান পোৱাৰ লগে লগে পুৰুষে সংসাৰ বাদেই কোনো দ্বিতীয়জনৰ কথা কেৰেপ নকৰি পত্নীক ত্যাগ কৰে৷” স্বগতোক্তিৰ দৰে লগা মাৰ কথাখিনিয়ে মোৰ মনত থকা ঘৃণা দুগুণে বঢ়াই তুলিলে৷
“আৰু আমি তেনে পুৰুষক পৰমেশ্বৰৰ স্থান দি ৰাখোঁ৷” দেখ্ দেখ্ বিতৃষ্ণা মোৰ কথাৰ সুৰত৷
“মই মুক্তি বিচাৰোঁ মা৷ যি সম্পৰ্কত পাপবোধে স্থান পায়, সেই সম্পৰ্ক অপবিত্ৰ হৈ পৰে৷ অপবিত্ৰ এই সম্পৰ্কটো এতিয়া এটা বোজা মোৰ বাবে৷ এই বোজা মই আজীৱন কঢ়িয়াব নোৱাৰিম৷”
“অইন সকলো কথা সহিব পাৰিলেও তোৰ ক্ষেত্ৰত এনে হোৱাটো মই সহিব পৰা নাই আইজনী৷ তোক সাহস দিবৰ বাবেই মই আজি মোৰ জীৱনৰ কিছুমান কথা ক’ম৷ মৃণ্ময়ৰ প্ৰতি থকা বিশ্বাস ভংগ হ’ল যেতিয়া মই হয়তো পৃথিৱীৰ কোনো পুৰুষকেই কেতিয়াও বিশ্বাস কৰিব নোৱাৰিম৷ তথাপি কিছু পৰিস্থিতিৰ পৰা আমি নিজকে যেনেকৈ মুক্ত কৰিব নোৱাৰোঁ, তেনেকৈ কিছুমান সম্পৰ্ক আমি দুৰ্বাৰ ইচ্ছা থকা স্বত্বেও চিঙি পেলাব নোৱাৰোঁ৷”
মাৰ কথাই দেখোন মোক বেছিকৈহে শংকিত কৰি তুলিছে৷ ‘হে প্ৰভু! এনে কোনো কথা যাতে মই শুনিবলগীয়া নহয়, যি কথাই মোৰ অৱশিষ্ট আশাকণো মচি পেলাব পাৰে৷’
“আইজনী, পুৰুষৰ মনত থকা অবৈধ বাসনা সাৰ্বজনীন হয়তো নহয়৷ কিন্তু মোৰেই দুৰ্ভাগ্য এই চমু জীৱনকালত যিমানবোৰ পুৰুষৰ সৈতে মোৰ চিনা পৰিচয় হৈছে, সকলোবোৰেই নিজৰ চাৰিত্ৰিক দৃঢ়তাত বিফল৷ মৃণ্ময়ক লগ পোৱাৰ পাছত মোৰ ভাব হৈছিল অইনবোৰ পুৰুষতকৈ ব্যতিক্ৰম সি৷ কিন্তু…৷” মাৰ মাতত এক অনামী বিষাদৰ সুৰ৷ যি সুৰৰ সৈতে মই একেবাৰে অপৰিচিত৷
“তোৰ মনত আছে নে হাইস্কুলত পঢ়ি থাকোঁতে এবাৰ বৰ বেয়াকৈ বসন্ত ওলাইছিল তোৰ?” মাৰ কথাত চাৎকৈ মনত ডোলা দি গ’ল সেই ভয়ংকৰ সময়ে৷
কেনেকৈ পাহৰিম সেই সময়খিনিৰ কথা! গোটেই গা ঢাকি দেখা দিছিল বসন্তই৷ বিষে-কোপে জৰ্জৰ হৈ পৰিছিল মোৰ দেহা৷ মায়ে দিনে-ৰাতিয়ে মোৰ লগত ব্যস্ত হৈ খাৱন-শোৱন বাদ দিয়াৰ দৰে হৈছিল৷ মায়ে চিজিলকৈ সামৰি ৰখা সকলোবোৰ কামত আউল লাগিবলৈ ধৰিছিল৷
“খুব ভালকৈ৷” চকুপানীখিনি মোহাৰি মাৰ কোলাৰ পৰা মূৰ তুলি বহিলোঁ৷
“সেই সময়খিনি… সেই সময়খিনি মোৰ বাবে অগ্নিপৰীক্ষাৰ সময় আছিল৷” খুব লাহে লাহে কথাবোৰ কৈ গ’ল মায়ে৷
“খুব কষ্ট হৈছিল মোৰ সেই সময়খিনিত৷ তোৰ যতন লোৱা, প্ৰকাণ্ড পৰিয়ালটোৰ মানুহবোৰক সময়মতে খোৱা-বোৱা যতনাই দিয়া, ঘৰৰ অইনবোৰ কাম কৰা৷ জুৰুলা হৈ পৰিছিলোঁ মই৷” কথাখিনি কৈ থকা মাৰ মুখখনত যেন সেই যন্ত্ৰণাকাতৰ সময়খিনিৰ চাপ আজিও দেখিলোঁ৷
“মোৰ কষ্ট দেখি তোৰ মাহীক কেইদিনমানৰ বাবে লৈ আহিছিলগৈ পিতাৰাই৷ কামত সহায় হ’ব বুলি ময়ো ভালেই পালোঁ তাই অহাত৷ কিন্তু মোক শাৰীৰিক কষ্টৰ পৰা উপশম দিবলৈ আহি তাই মোক জীৱন জোৰা মানসিক যন্ত্ৰণা উপহাৰ দি গ’ল৷ তোক ভাল কৰি তোলাত দিনে-ৰাতিয়ে ব্যস্ত হৈ থকাৰ সুযোগ লৈ তোৰ পিতা আৰু মোৰ নিজা ভণ্টিয়ে মোক বিশ্বাসঘাতকতাৰ চূড়ান্ত ঘাপ মাৰি থৈ গ’ল৷” শেষৰপিনে মাৰ মাতটো কঁপিল৷ আৰু মোৰ? মোৰ যে গোটেই গাটোৱেই কঁপিবলৈ ধৰিছে!
“কি কৈছ মা! পিতা আৰু মাহী! তোৰ কিবা ভুল হৈছে নিশ্চয়৷” প্ৰায় চিৎকাৰ কৰি উঠিলোঁ মই৷ এপিনে জন্মদাত্ৰীৰ যন্ত্ৰণা, আনপিনে জন্মদাতাৰ প্ৰতাৰণা৷ কি বিশ্বাস কৰোঁ মই? হে প্ৰভু! আৰু কি শুনিবলৈ বাকী!
“মোৰ ভুল?” মাৰ কণ্ঠত তাচ্ছিল্য৷
“যি সময়ত মই আমাৰ সন্তানৰ শৰীৰ আৰু মনৰ কষ্ট দূৰ কৰাত ব্যস্ত৷ সেই সময়ত তেওঁ ব্যস্ত নিজৰ শৰীৰী দাবী পূৰণত৷ এটা কথা কি জান’, আমাক হেনো আটাইতকৈ বেছি আঘাত সানিব পাৰে আমাৰ আটাইতকৈ আপোনজনে৷ এই কথা আখৰে আখৰে ফলিয়ালে৷ তেওঁলোক দুয়ো আছিল মোৰ প্ৰেম, মোৰ বিশ্বাস, মোৰ পৰম সুহৃদ৷ পাছত গম পালোঁ, সেই সকলোবোৰ আছিল মোৰ ভ্ৰম! হ’লেও মই বেয়া পাব নোৱাৰোঁ এই ভ্ৰমক৷ কাৰণ, এই ভ্ৰমেই মোক আজিলৈকে জীয়াই ৰাখিছে৷”
আস্! মা! মোৰ আজলী মা! কিমানবোৰ যে সহিবলগীয়া হৈছে মোৰ আজলী মাজনীয়ে! মোক প্ৰতাৰণা কৰিছে মোৰ অচিনাকি, অনাত্মীয় এজনী মানুহে৷ তথাপি মোৰ সহিবলৈ ইমান কঠিন হৈছে৷ অথচ মা? মাকতো নিজৰ সহোদৰাই প্ৰতাৰণা কৰিছে! তেন্তে কেনেকৈ সহি আছে মায়ে ইমান বছৰে?
“কেনেকৈ পাৰিছ মা ইমানৰ পাছতো তই নিজকে থিৰেৰে ৰাখিব?” মোৰ মাতত কান্দোনৰ সুৰ৷
“তই আছ বাবে আইজনী৷ তই মোৰ সাহস৷ যাৰ বাবে মই নিজকে চম্ভালি আছোঁ৷ তই আজি যিকুৰা জুইত নিজকে জাহ দিব খুজিছ, সেইকুৰা জুইত মই কাহানিবাই জ্বলিলো আৰু জ্বলি জ্বলি নিজকে উজলালোঁ৷ তয়ো পাৰিবি৷ কুঁৱলীয়েই তোৰ সাহস৷” বুজনিৰ সুৰত মোৰ মূৰত হাত ফুৰালে মায়ে৷ মাৰ হাতৰ পৰশ লৈ নিশ্চল হৈ বহি ৰ’লোঁ৷
“কিয়? কিহৰ বাবে এনে হয় মা?” বহুপৰ পাছত লাহে লাহে সুধিলোঁ৷ মনৰ মাজত থকা অপমানৰ বোজাটোৰ ওজন দুগুণে বাঢ়িল৷ একো উত্তৰ নিদিলে মায়ে৷ এয়াই স্বাভাৱিক৷ মায়ে নিজেই যি প্ৰশ্নৰ উত্তৰ ইমান বছৰে পোৱা নাই, মোক দিয়ে কেনেকৈ? পিছে মোৰ ভগ্ন মনটোক জোৰা লগাবৰ বাবে কৰা মাৰ চেষ্টাই দেখোন মনৰ ভগ্ন টুকুৰাবোৰ আৰু বেছিকৈহে ধাৰাল কৰি তুলিছে৷
“তই পাৰিলি পিছে মই নোৱাৰিম মা৷ তই মোক ক্ষমা কৰি দিবি পাৰিলে৷”
“নাই নাই! তই এনে কোনো কাম নকৰিবি৷ নহ’লে সকলো শেষ হৈ যাব৷” মাৰ কণ্ঠত অনুনয়ৰ সুৰ৷
“ওহোঁ৷ মই নোৱাৰিম মা৷ বিশ্বাসঘাতকৰ সৈতে সহবাস মোৰ দ্বাৰা সম্ভৱ নহ’ব৷ মই সিদ্ধান্ত ল’লোঁৱেই৷” প্ৰায় গৰজি উঠিলোঁ মই৷ কিহৰ বাবে যুগে যুগে আমি সমাজৰ দোহাই দি সকলোবোৰ নিমাতে সহি সামৰি থাকিব লাগে?
“তই কুঁৱলীৰ কথা ভাব আইজনী৷ তাই কেনেকৈ সহিব পাৰিব? তাইৰ কুমলীয়া মনটোৰ ওপৰত কিমান বেয়া প্ৰভাৱ পৰিব সেই কথা এবাৰ ভাবি চা তই৷ তোক ইমান মৰম কৰা শাহু-শহুৰৰ কথাও ভাব এবাৰ৷” প্ৰায় অনুনয়ৰ সুৰত মায়ে ক’লে৷
“ইমানদিনে এইবোৰ কথা ভাবিয়েইতো সকলো সহি আছিলোঁ মা৷ আগলৈও সহি যাম বুলি ভাবিছিলোঁ৷ কিন্তু সকলো সহিব আৰু পাহৰিব পাৰিলেও মোৰ ভালপোৱাক কৰা অপমানক, কুঁৱলীৰ প্ৰতি কৰা অন্যায়ক মই সহিব আৰু পাহৰিব পৰা নাই৷ মোক মুক্তি লাগে মা৷ সেয়ে মই ক্ষমা কৰি দিব বিচাৰিছোঁ সকলোকে৷ মৃণ্ময়, পিতা সকলোকে৷ কিন্তু ক্ষমাৰ লগতে মই তেওঁলোকক মোৰ জীৱনৰ পৰা চিৰদিনৰ বাবে বিতাড়িত কৰিম৷” মোৰ কণ্ঠত দৃঢ়তা৷
“কিন্তু অকলশৰীয়া হৈ সমাজত কি দৰে থাকিবি? এই পৃথিৱীখন অকলশৰীয়া নাৰীৰ বাবে বৰ ভয়াবহ৷ সহি সামৰি থাকিবলৈ শিক আইজনী৷ মই তোক মোৰ কথাবোৰ সেই ভাবিহে কৈছিলোঁ৷” মাৰ মাতত কম্পন৷ হয়তো মোৰ সিদ্ধান্তৰ কথা জানিব পাৰি৷
“এটা কথা কি জান মা, নাৰী হৈ জনম লওঁতেই এই ক্ষমতা মই জন্মগত ভাবেই লাভ কৰিছোঁ৷ পৃথিৱীৰ সকলো নাৰীৰেই এই ক্ষমতা আছে৷ কিন্তু কিছুমান নাৰীৰ মাজত সহনশীলতাৰ বাহিৰেও স্বাভিমানো থাকে৷ প্ৰেমহীনতাৰে মানুহ জীয়াই থাকিব পাৰে৷ কিন্তু সম্পৰ্ক নোৱাৰে৷ প্ৰেমহীনতাত সম্পৰ্কৰ অপমৃত্যু ঘটে৷ সম্পৰ্কৰ মৃত শৰীৰটো ওৰে জীৱন কঢ়িয়াই ফুৰিব নোৱাৰিম মই৷”
“তেনেহ’লে এই পথত তই অকলে আগবাঢ়িব লাগিব৷ মই নোৱাৰিম তোক লগ দিব৷” মাৰ কণ্ঠত হতাশা৷
“এই কথা তই মোক নক’লেও মই জানো মা৷ কেৱল তয়েই কিয়, এই পথত মোৰ নিজৰ বাহিৰে কোনোৱেই মোক সংগ দিব নোৱাৰে৷ এনে সিদ্ধান্তৰ ফলত হয়তো মোৰ সতীত্বৰ ওপৰতো প্ৰশ্ন উঠিব৷ মোৰ চৰিত্ৰলৈ আঙুলি টোঁৱাব৷ হ’লেও মই নিজকে পুৰাতন নিয়মত বন্দী কৰি ৰাখিব নোৱাৰোঁ৷ অন্যায়, অপমান সহি নিজকে মহান আৰু ত্যাগী সজাব নোৱাৰোঁ৷ প্ৰয়োজন হ’ল সকলো প্ৰমাণসহ আইনৰ আশ্ৰয় ল’ম৷”
অলপপৰ ৰ’লোঁ৷
“মা, সৰুতে তই মোক শিকাইছিলি অন্যায় কৰা যিমান পাপ, সিমানেই পাপ অন্যায় সহ্য কৰা৷ কিন্তু তই নিজে সেয়া মানি নচলিলি৷ তই যদি অলপ সাহস দেখুৱালিহেঁতেন তেন্তে আজিৰ পৰিস্থিতি অলপ হ’লেও বেলেগ হ’লহেঁতেন৷ তই মোৰ পৰা কথাবোৰ লুকুৱাই মোক যি অন্যায় কৰিলি, মই কুঁৱলীৰ সৈতে সেই অন্যায় কৰিব নিবিচাৰোঁ৷ তায়ো জনা উচিত কথাবোৰ৷ ভৱিষ্যতৰ সিদ্ধান্তবোৰৰ সৈতে ন্যায় কৰিবৰ বাবেই এয়া প্ৰয়োজনীয়৷”
মায়ে আৰু কিবা ক’ব বিচাৰিছিল৷ সুবিধা নিদিলোঁ৷ কোঠাৰ বাহিৰ ওলাই মুকলি চোতালত ভৰি দিলোঁ৷
সমাজে কি ক’ব? ঘৰ-পৰিয়ালৰ মান-সন্মানৰ কি হ’ব? এইবোৰ কথা গুণা-গঁঠা কৰিয়েই বহুতে মৰি মৰি জী থাকে৷ যেনেদৰে মোৰ মা জীয়াই আছে, মাৰ দৰে আৰু হয়তো হাজাৰজন আছে৷ মই পিছে তেনে হ’ব নিবিচাৰোঁ৷ কাইলৈ পুৱাই মই যামগৈ৷ হয়তো অনিৰ্দিষ্ট হ’ব এই যাত্ৰা৷ কিন্তু যন্ত্ৰণা আৰু বিশ্বাসঘাতকতাৰে সহবাসতকৈ বহুগুণে কম কষ্টকৰ হ’ব সেই বিষয়ে মই নিশ্চিত৷ মোৰ জী কুঁৱলীয়ে মোক নিশ্চয় বুজি পাব আৰু এই যাত্ৰাৰ সহযাত্ৰী হ’ব৷ এই বিশ্বাস মোৰ পূৰামাত্ৰাই আছে৷
ফোনঃ ৯৯৫৭৭-২৩৫৫৫
Comments are closed, but trackbacks and pingbacks are open.