অৰূপ ৰাজ কলিতা
চলিত বছৰৰ প্রথম ভাগতে অমিত পাঠকৰ বহুচর্চিত নাট মেনে ফিৰ ৱ স্বপ্না দেখা (Based on Dario fo’s the tigress story) শীর্ষক নাটকখন চোৱাৰ সুযোগ মিলিল৷ অংগনা মুম্বাইৰ প্রযোজনা কৰা নাটকখনৰ পৰিকল্পনা, ডিজাইন, পৰিচালনা আৰু অভিনয় অমিত পাঠকৰ ৷ এজন সেনা জোৱান মঞ্চৰ সোঁমাজত থকা বিছনাসদৃশ ৰেম্প এখনত শুই থকা এটি দৃশ্যৰে নাটকখন আৰম্ভ হৈছে ৷ নাটকখনৰ মূল চৰিত্র এজন সেনা জোৱানৰ ৷ সেই নিদ্রাৰত সেনাজনে সপোনত দেখে পাহাৰৰ এঢলীয়াৰে সিহঁতৰ বিশাল সেনা প্লাটন এটা গৈ আছে পাহাৰখনৰ একেবাৰে উচ্চ শিখৰলৈ ৷ পাহাৰীয়া বতাহ আৰু প্রাকৃতিক নানা বাধা নেওচি গৈ থকা দলটোক হঠাৎ বিপৰীত ফালৰ পৰা শত্রুৱে আক্রমণ কৰে ৷ নিমিষতে শাৰী পাতি গৈ থকা সেনা দলটো ছেদেলি–ভেদেলি হৈ পৰে ৷ মুহূর্ততে কেপ্টেইনৰ নির্দেশ আহে এজনে পাহাৰৰ ডাঙৰ শিলচটাৰ ওপৰলৈ গৈ তাৰ পৰা গোটেই প্লাটনটোক কভাৰেজ কৰিব লাগে, যাতে শত্রু পক্ষই আক্রমণ কৰিব নোৱাৰে ৷ আৰু দলটো সুকলমে তাৰ পৰা আঁতৰি যাব পাৰে ৷ সেই বিষয়ে দায়িত্ব পৰে নাটকখনৰ নায়কৰ ওপৰত ৷ নায়কেও নিজৰ দায়িত্ব বুজি ধেৰ ধেৰিকৈ গুলীচালনা কৰে শিলচটাৰ ওপৰৰ পৰা ৷ মঞ্চত গোটেই পৰিস্থিতিটো অভিনয়ৰ মাজে মাজে সূত্রধাৰ হৈ নায়কজনে বর্ণনা কৰে ৷
বিশেষ কৌশলগতভাৱে একেখিনি সময়তে অভিনেতাজনে এটা ডাঙৰ সেনা বাহিনীৰ দলৰ পৰা কেপ্টেইনলৈ, শত্রুৰ পৰা নিজৰ সেনা দলটো বচাবলৈ বন্দুকেৰে কভাৰ দিয়াজনলৈ এজন অভিনেতাহ অভিনয় কৰিছে ৷ মঞ্চত লাইটৰ ছাঁ–পোহৰৰ মাজেৰে অভিনেতাজনে নাটকখনৰ সুন্দৰ আৰম্ভণি ঘটায় ৷ দলটো পাৰ হৈ যোৱাৰ পিছত যেতিয়া নায়কে সেই ঠাইৰ পৰা পাৰ হৈ যাব ওলায়, তেনেতে তেওঁৰ সোঁ ভৰিত শত্রুৰ গুলীয়ে আঘাত হানে ৷ তেজেৰে লুতুৰি–পুতুৰি হোৱা নায়ক কোনোমতে শত্রুৰ পৰা হাত সাৰি নৈ এখনত পৰে আৰু ঠিক তেনে সময়ত বতাহ–বৰষুণেৰে বৃহৎ পাহাৰীয়া বান এটা আহি নায়কক উটুৱাই লৈ যায় ৷ মূর্ছা যোৱা নায়কে পিছদিনা যেতিয়া জ্ঞান ঘূৰাই পায়, সন্মুখত এজনী প্রকাণ্ড বাঘিনী ৷ বানত লুতুৰি–পুতুৰি তাহৰ কাষত দুটা পোৱালি ৷ এটা মৃত, আনটো জীৱিত৷ বাঘিনীৰ স্তন গাখীৰৰ ভৰত উফন্দি উঠিছে ৷ দুয়োৰে চকু দুয়োৰে ওপৰত পৰাৰ লগে লগে ভয়তে নায়ক তিনি হাতমান পিছুৱাহ আহে ৷ এইবাৰ বাঘিনী নায়কৰ ফালে সমান জোখেৰে আগুৱাই যায় ৷ দুখোজ নায়ক পুনৰ পিছুৱাই যায় ৷ এইবাৰ বাঘিনী আহি নায়কক গবা মাৰি ধৰে ৷ বাঘিনীৰ তলত পৰা নায়কে যেতিয়া চকু মেলিলে সি দেখিলে তাহৰ স্তন তাৰ ওঁঠৰ মাজত গুঁজি দিছে বাঘিনীয়ে ৷ আৰু এক নির্দেশাত্মক চাৱনিৰে তাই তাক গাখীৰ খাবলৈ আদেশ দিছে ৷ উপায়ান্তৰ হৈ সি শোহা মাৰে তাইৰ স্তনত ৷ দিনৰ পিছত দিন একো নোখোৱা নায়কৰ পেট উফন্দি উঠে বাঘিনীৰ গাখীৰেৰে আৰু ঠিক তেনেতে গুলীবিদ্ধ সোঁ ভৰিখনত বাঘিনীৰ দৃষ্টি নিবদ্ধ হয় ৷ তেজৰ গোন্ধ পোৱা বাঘিনীয়ে নায়কক জীয়াই জীয়াই গিলিব বুলি ভয়ত পেঁপুৱা লাগে নায়কে ৷ তেনে সময়তে বাঘিনীয়ে শোহা মাৰি আনে গুলীবিদ্ধ অংশৰ সকলো তেজ পূঁজ৷ বাঘিনীৰ জিভাৰ পৰশত কমি আহে নায়কৰ ভৰিৰ যন্ত্রণা ৷
গোটেই নাটকখনৰ মাথোঁ এটাই চৰিত্র ৷ কি কৌশলেৰে অভিনেতাজনে এজন সেনা বিষয়াৰ পৰা এটা প্রকাণ্ড বাঘিনীলৈ ৰূপান্তৰিত হৈ দর্শকক মুগ্ধ কৰিছে ৷ তাকে দেখি অভিভূত হৈ পৰিছিল দর্শক ৷ নাটকখনৰ কাহিনীভাগৰ যি গতিশীলতা আৰু অমিত পাঠকৰ অভিনয়ৰ দক্ষতাৰে এক কাল্পনিক বিষয়বস্তু দর্শকৰ মাজত সাংঘাতিকভাৱে উপস্থাপন কৰা হৈছে ৷ প্রেক্ষাগৃহত থকা দর্শকে মানি লবলৈ বাধ্য হৈছে যে সেয়া মানুহ নহয়, যেন এজনী বাঘিনীয়েহে অভিনয় কৰিছে ৷
গাখীৰ খোৱাই উধাও হোৱা বাঘিনী প্রায় দুই তিনি দিনৰ মূৰে মূৰে নায়কৰ কাষলৈ আহে ৷ বাঘিনীৰ মাতৃত্বময় পৰিচর্যাত নায়কৰ গুলীবিদ্ধ ভৰিখন ক্রমে ভাল হৈ আহে ৷ এনেতে এদিন বাঘিনীয়ে প্রকাণ্ড মই এটা আনি নায়ক থকা গুহাটোৰ সন্মুখত পেলাই দিয়ে আৰু আগ ঠেঙেৰে ছিৰাচিৰ কৰি এফালৰ পৰা খাবলৈ ধৰে ৷ কাষতে বাঘিনীৰ সৰু পোৱালিটোৱেও মহৰ মাংসৰ টুকুৰা চুপি থাকে ৷ বাঘিনীৰ চকু যেতিয়া নায়কৰ ওপৰত পৰে সিও খাব বুলি বাঘিনীয়ে মহৰ মাংসৰ টুকুৰা এটা তালৈ দলিয়াই দিয়ে ৷ মাংস টুকুৰা দেখি খঙে, ভোকে, লোভে, অভিমানে আগুৰি ধৰে তাক ৷ কেঁচা মাংস কেনেকৈ খাব বুলি সি ভাবিবলৈ ধৰে ৷ আৰু লোভ সামৰিব নোৱৰা নায়কে গুহাৰ বাহিৰৰ পৰা বননহৰু, বনধনিয়াকে আদি কৰি হাততে পোৱা কিবাকিবি সংগ্রহ কৰি শিল খুন্দিয়াহ জুহ লাই মহৰ ঠেংখন সিজাবলৈ দিয়ে ৷ গুহাৰ ভিতৰতে বহুদিনৰ পৰা জমা হোৱা কিবা নিমখজাতীয় গুডি ছটিয়াই জুইত সেকা মাংস টুকুৰা খাবলৈ বহে নায়কে ৷ তেনে সময়তে বাঘিনীৰ পোৱালিটোৱে জিভাৰ পানী পেলাই তালৈ চাই থাকে ৷ পোৱালিটোলৈ মৰম লাগি নায়কে এটুকুৰা মাংস তালৈ দলিয়াহ দিয়ে ৷ সিজা মাংস টুকুৰা চেলেকি পৰম তৃপ্তিত সি এটা কামোৰ মাৰে৷ তেনেতে মাক বাঘিনীজনী আহি তাৰ কাষত উপস্থিত হয় ৷ বাঘে পোৰা মাংস খোৱা নিষিদ্ধ বুলি ভাবি পোৱালিটোক তাৰ পৰা আঁতৰাই লৈ যায় ৷ মাংস টুকুৰা আঁতৰাই পেলাব খোজা বাহিনীৰ জিভা পোৰা মাংসৰ সুঘ্রাণত লতপতাই উঠে আৰু একে কামোৰে মাংস টুকুৰা মুখত ভৰাই লয় ৷ কেতিয়াও নোপোৱা এক পৰম তৃপ্তিত বাঘিনীৰ চকু তিৰবিৰাই উঠে ৷
গোটেইকেইটা চৰিত্র অমিত পাঠকে হমান নিখুঁতভাৱে উপস্থাপন কৰিছে যে দর্শকে চকুৰ পলক নেপেলোৱাকৈ নাটকখন উপভোগ কৰিছে ৷ পোৰা মাংসৰ সোৱাদ পোৱা বাঘিনীয়ে এদিন ডাইনচৰজাতীয় ডাঙৰ জন্তু এটা আনি তাৰ সন্মুখত পেলাই সিজাই দিবলৈ নির্দেশ দিয়ে৷ বাঘিনীৰ আদেশত সি বিৰক্ত হয় ৷ তথাপি ভয়তে সি সেহটো সিজাবলৈ ধৰে ৷ গোটেই গুহাটোত ধোঁৱা৷ কেঁচা খৰি, পোৰা মাংস, বনমচলাৰ গোন্ধে গোটেই পৰিৱেশটো আগুৰি ধৰাৰ সুযোগতে নায়ক বাঘিনীৰ কাষৰ পৰা পলায়ন কৰে ৷
নাটক খনৰ পোহৰ আৰু সংগীত ইমান নিখুঁতভাৱে উপস্থাপন কৰা হৈছে যে গোটেই মঞ্চখনত এটাই অদ্ভুত অবিশ্বাস্য কাহিনী উপস্থাপন কৰা হৈছে অথচ দর্শকৰ তিলমানো মোহভংগ হোৱা নাই ৷ পলাই আহি নায়ক যিখন গাঁৱত সোমাই সেইখন গাঁৱলৈ বহুত দিনৰ পিছত বাঘিনী আৰু তাহৰ সন্তানটোৱে তাক বিচাৰি আহে ৷ এক জটিল কাহিনীক মঞ্চত কি নিপুণ তথা কৌশলগতভাৱে উপস্থাপন কৰা হৈছে, তাক নিজ চকুৰে প্রত্যক্ষ নকৰিলে সহজে অনুমান কৰা টান ৷ আধুনিকতাবাদৰ কলা, সাহিত্য, শিল্প, সংসৃক্তিৰ ক্ষেত্রখনত দ্রুত পৰিৱর্তনৰ যি ধাৰাই নতুনকৈ গা কৰি উঠিছে, তাৰে ভিতৰত বিশ্ব নাট্যক্ষেত্রখনৰ পৰিৱর্তন চাবলগীয়া ৷ আটাহতকৈ বেছি পৰীক্ষা–সম্পৰীক্ষা সম্ভৱতঃ নাট্য ক্ষেত্রখনতে হৈছে ৷ অমিত পাঠকৰ এইখন এখন সাংঘাতিক সম্পৰীক্ষামূলক নাটক ৷ যিখন নাটকৰ মাজেৰে শিল্পীজনে মঞ্চত এটা নতুন ধাৰাৰ সৃষ্টি কৰিব বিচাৰিছে আৰু লক্ষণীয়ভাৱে সফলো হৈছে ৷
নাটকখনৰ যি চমৎকাৰী কৌশলেৰে মানুহৰ মাজত এটা কাল্পনিক বিষয় আগবঢ়াই দিয়া হৈছে ৷ সাৱলীল অভিনয়েৰে গোটেই কাহিনীটো বিভিন্ন চৰিত্রক মঞ্চত এজন অভিনেতাই দৃশ্যায়ন কৰিছে সেয়া অকল্পনীয়৷ ওপৰৰ অফিচাৰ এজনৰ ধমকিভৰা চিঞৰত স্বপ্ণৰত অভিনেতাজনে সাৰ পাই যায় আৰু নাটকখনৰ যৱনিকা পৰে ৷
নাটকখনৰ মাজেৰে সমাজৰ এনে কিছু সমাজনৈতিক, ৰাজনৈতিক প্রেম, একাকিত্ব, দায়িত্ববোধৰ বিষয় মানুহৰ মাজলৈ ব্যংগাত্মকভাৱে লৈ অহা হৈছে ৷ অভিনয়ৰ দক্ষতাৰে অমিত পাঠকে সকলোকে মুগ্ধ কৰিছে সেহ সন্ধিয়া ৷ এখন মঞ্চত একে সময়তে এজন সেনা জোৱান, এটা প্রকাণ্ড হিংস্র বাঘিনীৰ পৰা মাতৃত্ববোধৰ এজনী বাঘিনী, এটা বাঘৰ পোৱালিৰ পৰা এখন ভৰা গাঁৱৰ এমখা মানুহ হোৱালৈকে এজন অভিনেতাৰ বাবে কেনেকৈ সম্ভৱ, নাটকখন নাচালে সহজে অনুমান কৰিব নোৱাৰি ৷
ফোনঃ ৯৩৬৫৬–৬২৭২৩
Comments are closed, but trackbacks and pingbacks are open.