এখন সেউজীয়া ছবি

মূর্ছনা শহকীয়া গগৈ

দেতা মই যদি কথা এটা কওঁ বেয়া পাব নেকি !

কিয় বেয়া পাম আকৌ,

ক ধ!

মোৰ যে আজিকালি স্কুললৈ যাবলৈ দূৰ হয় দেতা৷ খোজ কাঢ়ি কাঢ়ি স্কুললৈ যাওঁতে মই সময়ত এদিনো নাপাওঁ গৈ ৷ দাস ছাৰে মোক সিদিনা অকণমান টানকৈয়ে কৈছে দেতা ৷ মোক সেইদিনাৰ পৰা সোনকালে স্কুল পাবগৈ কৈছে ৷

ঁ, তাতে কি হল, দেৰি হলেতো কবই ধন ৷ সোনকালে যাবি, সময় মানিবি ৷ সময়মতে স্কুললৈ যোৱাতো ভাল, বুইছ ৷

কাঁচিখনেৰে খচ্ খচ্কৈ নৰা কাটি থকা যতীন আৰু তেওঁৰ একমাত্র পুত্র ধনৰ কামৰ মাজতে কথা–বতৰা এইদৰে চলি থাকিল ৷

কিছুপৰ ৰৈ ধনে আকৌ কলে

নহয় মানে দেতা ৷ মাৰ লগত ঘৰত কামখিনি কৰি থাকোঁতেই আজিকালি দেৰি হৈ যায় ৷ তাৰ পৰা আহি ভাতকেইটা নাকে–মুখে গুঁজি স্কুললৈ যাওঁ দেতা ৷  তথাপি সময় নিমিলেগৈ, দেৰি হৈয়ে যায় ৷ দেতা, লগৰবোৰৰ সকলোৰে আছে ৷ কিন্তু মোক সেই কাৰণে নহয়, ঘৰত কাম–বন কৰি একপ্রকাৰ দৌৰি দৌৰি স্কুললৈ যাওঁতে মোৰ বৰ ভাগৰ লাগে দেতা ৷ কেতিয়াবা স্কুলত টোপনি ধৰে মোৰ ৷ লগৰবোৰে হাঁহে ৷ মোক পাৰিলে এখন চাইকেল কিনি দিব দেহ দেতা ৷ এতিয়াই  নহয়, আপুনি যেতিয়া পাৰে তেতিয়া দিলেও হব ৷

বাপেকে ধনৰ মুখলৈ চালে ৷ দেউতাকক কথাখিনি কৈ আছে যদিও সি খচ্ খচ্কৈ নৰা কাটিয়ে আছে ৷

অলপপৰ তভক লাগি চাই যতীনে পথাৰৰ সৰু আলি এটাতে বহিল ৷ কাঁচিখন থৈ হাত দুখনেৰে পৰস্পৰক মচিলে ৷

ইফালে–সিফালে যিমান দূৰলৈ পাৰে পথাৰখনলৈ সি চকু নিলে ৷ মানুহবোৰে গৰুবোৰ মেলি দিছে আজিকালি ৷ পথাৰত দূৰে দূৰে জাক জাক গৰু ৷ নৰাবোৰ বেয়া কৰিছে ৷ কিছুমান পথাৰত মানুহে ইতিমধ্যে নৰাবোৰ লাই দিছে ৷  ভাল নৰা থকা পথাৰ বুলিবলৈ আৰু বেছি নাই ৷ ইফালে–সিফালে সীমান্ত, দ্রোণহঁতেও নৰা কাটি আছে ৷ বৰষুণ দিয়াৰ আগেয়েই ঘৰটো নৰাৰে ছোৱাব লাগিব ৷ যোৱা বছৰেই ভাৰত গগৈয়ে এশ নৰা বিচাৰি  থৈছে ৷ তেওঁৰ বাবে এশ আৰু নিজৰ ঘৰটো চাবলৈ দুই–তিনিশমান নৰা লাগে সিহঁতক ৷ মুঠ চাৰিশ নৰা হলেই সিহঁতৰ এইবাৰলৈ চিন্তা নাই ৷ নহলে যত–তত বৰষুণ পৰে ৷ পিছে এশ–ডেৰশমান নৰা হৈছেহে মাত্র ৷ বাকীখিনি নৰা কাটিবলৈ আকৌ কাইলৈ আহিব লাগিব ৷ লৰাটোক যে চাইকেল এখন লাগে যতীনে নিজেও জানিছিল ৷ আগতে নিজৰ গাঁৱত থকা স্কুলখনতে পঢ়ি থাকোঁতে পাঁচ মিনিটতে স্কুল পায়গৈ ৷ কিন্তু এতিয়া প্রায় পাঁচ কিলোমিটাৰমান বাট ৷ ইমান দূৰ বাট খোজে যোৱাটো চাই থাকি একেবাৰেই ভাল নালাগে যতীনৰ৷ কিন্তু লৰাটোৰ মনটো বৰ উদ্যমী৷ সি যেনেতেনে হলেও গৈ শিক্ষা লয়গৈ ৷ যেন সেয়া তাৰ বাবে এক প্রত্যাহ্বানহে ৷ সি সেইদৰেই স্কুললৈ গৈ আছে আজি ছয়–সাত মাহ মান ৷

যতীনে কথাবোৰ ভাবি থাকোঁতেহ ধনে নৰা ছয়–সাতটামান কাটিলে ৷ পিতৃয়ে তালৈ চাই মৰম বুলাই হাঁহিলে ৷ পুতেকক লগ ধৰি সিদিনাৰ বাবে কাম সামৰিবলৈ কলে ৷

সামান্য দূৰৈত জিলিকি আছে নীলা খিৰিকীৰে সিহঁতৰ ঘৰ ৷ ঘৰখনত ধনৰ মাকজনীৰ গা–মূৰ প্রায়ে বেয়া হৈয়ে থাকে ৷ সেয়ে ধনে সদায় মাকক কামত হাত আগবঢ়াই দিয়ে ৷ অষ্টম মানত পঢ়া লৰাটোৱে নকৰা কাম নাই ৷  ৰন্ধা–বঢ়া, মচা–সৰা সি সকলো কৰে ৷ তাৰ পিছতো পঢ়া–শুনা কৰি ঁটাহ লৰাটোৱে শুই থকা দেখিলে যতীনৰ বৰ দুখ লাগে ৷ তাৰ বয়সৰ লৰাই হয়তো ইমান বুজি নাপাব ৷ সি যে ইমান বুজি পায় মাক–দেউতাকৰ দুখ–সুখৰ কথা ৷ নিশা এপৰলৈ যতীনে কথাবোৰ ভাবি থাকে৷ টোপনি নাহে যতীনৰ ৷

প্রায় তিনি দিন কটাৰ পিছত বাপেক–পুতেকে প্রায় এহেজাৰমান নৰা কাটিলে ৷ ভাৰত গগৈলৈ এশ নৰা থৈ, নিজৰ ঘৰৰ চালিখন ছোৱাই–মেলি বাকী থকাখিনি ঘৰৰ আগফালে বৰ ধুনীয়াকৈ জাপি থলে ৷ সিহঁতৰ ঘৰৰ পৰা গগৈৰ ঘৰলৈ বৰ বেছি দূৰ নহয় ৷ যতীনে এশটা নৰা দুমুঠা কৰি বান্ধি ডাঙৰি কৰি তাত দিবলৈ গল ৷

ভাৰত গগৈয়ে যতীনকে সেইখিনি গত লগাই থবলৈও কলে ৷

যতীন, পাকঘৰৰ টিনকেইখন সামান্য পুৰণা হৈছে ৷ নতুন টিন আনিয়ে থৈছোঁ ৷ তই লগাই দিবিহিচোন ৷ নৰাখিনিৰে সেই গেটৰ ওচৰৰ চৰাঘৰটোৰ চালিখন ছোৱাই দিবি ৷ যোৱাবেলি নৰা নাপালোঁ৷ এইবেলি তই আনিলি যে নিজেই চাই দিবিচোন ৷

কথাষাৰ শুনি যেন যতীনৰ বৰ ভাল লাগি আহিল ৷ সি তাৰ পিছৰ দিনাৰ পৰাহ কামখিনি কৰি দিবলৈ অহাৰ কথাও কলে ৷ মনতে ভাবিলে, এইকেইদিন বাৰীতে হোৱা লাই–মূলা, শাক–পাতকেইটা ঘৰত আছেই, নতুন ধানৰ চাউলকেইটাও আছে ৷ তদুপৰি বেচিবলৈ থোৱা নৰাকেইটা বিক্রী কৰিও দুটকামান পালে ঘৰখন চলিব ভালকৈ ৷ গতিকে খোৱাৰ চিন্তা নাই ৷ কাম কৰি পোৱা পইচাকেইটাৰে যদি লৰাটোক পুৰণি চাইকেল এখন কিনি দিব পাৰি  লৰাটোৱে বৰ ভাল পাব ৷

পিছদিনা সি পুৱাতে কাম কৰিবলৈ ভাৰত গগৈৰ ঘৰত উপস্থিত হয়গৈ ৷ যাওঁতে বাটত বিমলহঁতৰ ঘৰত সোমাই সি যদি পাৰে পুৰণি চাইকেল কোনোবাই বেচিব নেকি খবৰ কৰিবলৈও কবলৈ নাপাহৰিলে ৷

ভাৰত গগৈ ধনী মানুহ ৷ অসম আর্হিৰ এটা বৃহৎ ঘৰত মাথোঁ তিনিটা মানুহ থাকে ৷ একেই যতীনহঁতৰ নিচিনাই ৷ যতীনহঁতৰ লৰা এটা, আনহাতে ভাৰত গগৈৰ এজনী ছোৱালী ৷ ছোৱালী টাউনত পঢ়ে ৷ কিন্তু পঢ়াত ধনো একেই তীক্ষ্ণ ছোৱালীজনীৰ নিচিনাই ৷ যতীন এবছৰ মানেহ তেওঁলোকৰ ঘৰলৈ অহা নাই ৷ কাৰণ কাম নাথাকিলে এনেইনো যায় কিয় ! এতিয়া কাম ওলোৱাতহে ! যতীন গৈ পোৱাৰ পিছতে গগৈয়ে তেওঁলোকৰ ঘৰত স্থায়ীকৈ কাম কৰা চানকাকাইৰ লগতে গুদাম ঘৰৰ পৰা টিনখিনি উলিয়াই আনি কামত লাগিবলৈ কলে ৷ গুদাম ঘৰৰ দর্জাখন খুলি ভিতৰ সোমায়ে যতীনৰ চকুকেইটা যেন জিলিকি উঠিল ৷

বাৰে বাৰে যেন চকু টানি নিয়া সেই বস্তুবিধে তাক ওচৰ চপাই নিলে ৷ গুদাম ঘৰৰ বেৰতে আঁউজাহ থোৱা আছে এখন সেউজীয়া ছোৱালীৰ  চাইকেল৷ ওচৰলৈ গৈ সি চাইকেলখনকে লিৰিকি–বিদাৰি চাবলৈ ধৰে ৷

চানকায়ে দুবাৰ মাতে তাৰ পিছতহে যেন সি তাৰ মাত শুনে ৷ ইতিমধ্যে টিনখিনি উলিয়াই কাম আৰম্ভ কৰিবলৈ যো–জা কৰিছে চানকা আৰু যতীনে ৷ কিন্তু যতীনৰ মনটোত চাইকেলখনেহে টানি থাকিবলৈ ধৰিলে ৷

ঐ চানকা, শুনচোন, কথা এটা ৷

কি ক যতীন৷

গেৰেজত যে আছে চাইকেলখন নচলাইনেকি

সেইখন কোনে চলাইহে, পুৰণা হল ৷ আমাৰ মাজনীৰ নতুন চাইকেল অনাৰ পাছৰে পৰা সেইখন তাতে আছে ৷

বেচি নিদিয়ে কিয়

ইহঁতক জানো চাইকেল বেচাৰ প্রয়োজন আছে ক চো !

চানকাই ঠিকে কৈছে ৷ হয় আকৌ, জীয়েকক নতুন চাইকেল এখন লৈ দিলে বুলিয়ে এইখন চাইকেল কিয় বিক্রী কৰিব ৷ চেহঃ, মনটো অলপ বেয়া লাগি আহিল যতীনৰ৷ ভাবিছিল এইখন চাইকেলকে যদি লৈ দিব পাৰিলেহেঁতেন পুতেকলৈ ৷ নহলেনো ঘপহকৈ পুৰণি চাইকেল এখন কত পায়, নতুন এখন কিনাৰ কথাও ভাবিব নোৱাৰে ৷ কথাটো ভাবি ভাবিয়ে সি দিনটো কামত লাগি থাকে ৷

নিশা বিছনাত পৰোঁতেও মূৰতে হাতখন দি চাহকেলখনৰ কথাকে ভাবিবলৈ ধৰে ৷ পুতেক ধনে কিন্তু সেই দিন ধৰি দেউতাকক চাইকেলৰ কথা কোৱা নাই ৷ চাকিত থকা তেলটুপিৰে সি কিতাপ পঢ়ি পঢ়িয়ে দিনৰ ভাগৰ মাৰিবলৈ যায় ৷ চাইকেল এখনলৈ তাৰ বৰ মন যদিও কেতিয়াও আকৌ নকয় সি ৷

ইতিমধ্যে প্রায় দহ দিনৰ ভিতৰত ভাৰত গগৈৰ ঘৰত কাম শেষ হবলৈ ধৰে ৷ মাজে মাজে সি চাইকেলখন গুদাম ঘৰত সোমাই চাই আহে ৷ চাইকেলখন ভালেই হৈ আছে ৷ মাত্র অলপ পুৰণি হোৱাৰ কাৰণেই এইখন চাইকেলৰ সলনি নিজৰ দুহিতাক নতুনকৈ চাইকেল এখন আনি দিলে ৷ এইখনকে যদি পোৱা হলে, চাইকেলখন ছোৱালীয়ে চলোৱা যদিও অসুবিধা নাই, ধনে সেইখনো বৰ হেঁপাহেৰে লব ৷ কাৰণ তাক বর্তমান চাইকেল এখনৰ বৰ দৰকাৰ ৷

এবাৰ দুবাৰ ভাৰত গগৈক সুধিব খুজিও ৰৈ যায় যতীন ৷

তেওঁ কিজানি, কি যে সুধিছ তই বুলি কয! এনে ভাবত মুখৰ কথা মুখতে থাকে ৷ কিন্তু তাৰ খন্তেক পিছতে তাৰ পুতেকৰ অকণমান আশাভৰা মুখখনলৈ মনত পৰে ৷ নাই কথাটো সুধি চাব লাগিব ৷ তেওঁ যি কয় কব যদি বিক্রী কৰে তেতিয়াতো লৰাটোৱে ইমান দূৰলৈ কষ্ট কৰি খোজ কাঢ়ি সুক্ললৈ যাব লগা নহয় ৷

এই ভাবি তেওঁ কাম শেষ হোৱাৰ দিনা গগৈ দেৱক কথাষাৰ সুধিলেগৈ ৷

এইখন ছোৱালীৰহে চাইকেল, লৰাই নচলাই নহয় ৷

গগৈৰ হাঁহিভৰা কথাষাৰত যেন আকৌ কিবা এটা কবলৈ সুযোগ পালে যতীনে ৷

চলাব চলাব দেউ৷ লৰাটোক যি চাহকেল হলেও কথা নাই ৷ তাক মাত্র এখন চাইকেল লাগে ৷ যিকোনো চাইকেলেই সি চলাব ৷

হয় নেকি ঠিক আছে, কথা পাতিম ৰ৷ তই কাইলৈ আহিবিচোন ৷

আশাভৰা মন এটা লৈ যতীন সেইদিনা ঘৰলৈ সোনকালেই উভতে ৷ বাটতে লৰাটোলৈ বুলিয়ে বিসুক্ট এটা লৈ ললে ৷ মনটো আজি চাইকেলখন দেখাৰ দিনা যেনে লাগিছিল, তেনেকুৱাই অনুভৱ এটা হৈছে ৷ ৰাতিটোত কি হয় হব ৷ চাইকেলখন পাবনে নাপায় ঈশ্বৰেহে জানে ৷ চাইকেলখন পালে লৰাটোৰ যে কিমান স্ফূর্তি হব, সেই কথা ভাবিয়ে যতীনৰ ভাল লাগিব ধৰে মনতো ৷ মনতে ভাবে হে ঈশ্বৰ তোমাৰে ইচ্ছা ৷

পুৱা গা–পা ধুই যতীন ভাৰত গগৈৰ ঘৰলৈ ওলাল ৷ এতিয়ালৈকে চাইকেলখনৰ কথাটো ঘৰত কাকো নাই জনোৱা সি ৷ কাৰণ গগৈ দেৱে দিয়ে বা নিদিয়ে কি ঠিক ৷ পকেটটোত এশ এশ টকীয়া এহেজাৰ টকা ভৰাহ লবলৈও নাপাহৰিলে ৷

যতীন গৈ গগৈৰ ঘৰ পাওঁতে গগৈ দেৱ চাকৰিলৈ যাবলৈ সাজু হৈয়ে আছিল ৷ বাহিৰত সেই চাইকেলখন ষ্টেণ্ড কৰি থোৱা আছে ৷

কি কৰ চাইকেল নিবিনে নিনিৱ যতীন

হাঁ, কি শুনিছে সি, গৈ পায় বহিছেহে তেনেতে গগৈদেউৰ কথাষাৰে যেন তাৰ চকুযোৰ তিয়াহ পেলায় ৷  তাৰ মানে তাক চাহকেলখন দিয়াৰ সিদ্ধান্তহ লৈছে গগৈ দেৱে৷ কথাটো কিবা সঁচা নে সপোন যেনেহ লাগিল তাৰ ৷

ওৱা, আকৌ কি ভবাত লাগিলি ৷ লৈ যা চাইকেলখন ৷ ভালকৈ চলাব কবি লৰাটোক ৷ আৰু ল এহটো তাক দি দিবি ৷ কলম বহী কিনিব সি ৷

যতীনৰ যেন চকুলো বাগৰি আহিলে৷ দেউ দেউ কৰি সি গগৈদেৱৰ চৰণতে ধৰে কেহবাবাৰো ৷ তাৰ পিছতে উধাতু খাই চাইকেলখনৰ ওচৰলৈ যায় ৷ চাইকেলখন ইতিমধ্যে চানকা কায়ে মচি–কাচি চাফা কৰি থৈছেহ ৷

চাইকেলখন লৈ সি সিধাই ঘৰলৈ খোজ ললে ৷ এইখন চাইকেল হব পাৰে আনৰ বাবে পুৰণি অথবা গুদাম ঘৰত পৰি থকা অদৰকাৰী বস্তু ৷ কিন্তু সিহঁতৰ কাৰণে, সিহঁতৰ কাৰণে সেইখনেহতো নতুন, অতি আদৰৰ তথা হেঁপাহৰ চাইকেল ৷ চাহকেলখন সি গোটেহ বাটটো ঘৰলৈকে ঠেলি ঠেলিয়ে নিলে ৷ প্রথম লৰাটোৱেহে চলাব এইখন চাইকেল ৷ সিও নুঠে৷ মুখত স্বতঃস্ফূর্ত হাঁহি এটাহ লুকাভাকু খেলি আছে যতীনৰ ৷ কিমান যে ভাল লাগিছে তাৰ ৷ লৰাটোক আজি সি চাইকেল এখন দিব ৷ স্কুল সময়মতে পাব ৷ কাৰো পৰা লাজ নাপাব ৷ লৰাটোৰ কষ্ট কিছু হলেও কম হব৷ ভাবি ভাবিয়ে সি ঘৰৰ পালেগৈ ৷ জপনাখন খুলিয়ে সি সিহঁতৰ জেওৰাখনত চাইকেলখন আঁউজাই থলে ৷

ভিতৰলৈ সোমাহ গৈয়ে দেখে মাক–পুতেকে নাদত পৰা কুকুৰা পোৱালিকেহটা পানীৰ পৰা তুলি আছে ৷ যতীন গৈ পোৱাৰ পিছত মাক–পুতেক দুয়ো যতীনলৈ চালে ৷ পোৱালিকেইটা তুলি হোৱাৰ লগে লগেই যতীনে পুতেক আৰু ঘৈণীয়েকক ঘৰৰ আগফালে লৈ গল ৷ যতীনে কিবা কোৱাৰ আগতেই ধনে যতীনক উৎকণ্ঠাৰে সুধিলে

এহখন কাৰ চাহকেল দেত!

তোমাৰ

কি, মোৰ লৰাটোৱে যেন পৃথিৱীৰ সমস্ত সুখ লাভ কৰিছে ৷ কিন্তু দেউতা টকা

ভাৰত গগৈয়ে তোৰ কাৰণে এনেয়ে দিছে ৷ তোৰ কথা জানে৷ পঢ়াত আৰু মন দিব কৈছে ধন ৷ এয়া চা তোৰ বহী কলম কিনিবলৈও দি পঠিয়াইছে ৷

যতীনে ভাৰত গগৈয়ে ধনলৈ দি পঠিওৱা টকাকেহটা হাতত গুঁজি দিলে ৷

ধন তহ বেয়া পাইছ নেকি, ছোৱালীৰ চাইকেল!

দেতা কিয় ভাবিছা মই বেয়া পাম বুলি ৷ মোক ছোৱালীয়ে চলোৱা লৰাই চলোৱা বুলি কোনো কথাই নাই দেতা ৷ মোক এখন চাইকেল লাগিছিল ৷ যি আপুনি আজি মোক দিলে ৷

মোক বিশেষ একো নালাগে দেতা ৷  মোক লাগিছিল মাত্র চলাব পৰা এখন যিকোনো চাইকে !

ধনে কথাষাৰ কৈ কৈয়ে কুমলীয়া কলপতীয়া ৰঙৰ চাইকেলখনতে গাতো পেলাই দিলে ৷ তাৰ এনে লাগিল সেহখন চাহকেল নহয় ৷ সেইখন যেন সি বহু দিনৰ পৰা চুব বিচৰা এখন সেউজীয়া ছবি ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.