উত্তৰণ

লম্বোদৰ গগৈ

জোনালীৰ মনটো আজি পুৱাৰ পৰাই যেন আনন্দত সাতখন আঠখন ৷ নহবনো কিয় আজি যে সিহঁতৰ বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ দিন ৷ জোনালীৰ দৃ বিশ্বাস, এইবাৰ শ্রেণীত তাহ প্রথম হবই হব ৷ আজি অতবছৰে তাই কেৱল দ্বিতীয় স্থানতে নিজক সন্তুষ্ট ৰাখিবলৈ বাধ্য হৈছিল ৷ মাজে মাজে তাইৰ অনুভৱ হয়, এই দ্বিতীয় স্থানটো একমাত্র যেন তাইৰ কাৰণেহে সংৰক্ষণ কৰি ৰখা হৈছে, যেন এয়া তাইৰ কোনো নিগাজী সম্পত্তিহে ৷ সেয়েহে পূর্বৰ সকলো পৰম্পৰা ভংগ কৰি এইবাৰ তাই এটা নতুন ৰেকর্ড প্রতিষ্ঠা কৰিবলৈ মনে মনে দৃপ্রতিজ্ঞ হৈ পৰিছিল ৷ যোৱা সাতটা বছৰে বহন কৰি অহা দ্বিতীয় স্থানৰ খিতাপটোৱে তাইক যেন লাহে লাহে আমুৱাবলৈ আৰম্ভ কৰিছিল ৷ সেয়েহে সপ্তম মানৰ কণমানি ছাত্রীগৰাকীয়ে এইবাৰ মৰণপণ লক্ষ্য লৈছিল, অষ্টম শ্রেণীলৈ উঠোতে যেনেকৈ নহওক তাই প্রথম স্থান দখল কৰিহে এৰিব ৷

যথাসময়ত পৰীক্ষাৰ ফলাফল ওলাল ৷ আৰু ঠিক মনে বিচৰা ধৰণেই তাই আজি জীৱনত প্রথমবাৰৰ বাবে প্রথম স্থান দখল কৰি আনন্দত আত্মহাৰা হৈ পৰিছে ৷ লগতে তাইৰ দীর্ঘদিনীয়া সপোন এটায়ো যেন বাস্তৱৰ মুখ দেখিবলৈ পালে ৷  জীৱনত আজি প্রথমবাৰৰ কাৰণে ৰিজাচ্ট ছীটত তাইৰ নামটো এক নম্বৰলৈ উধাইছে ৷ তাইৰ কাৰণে ইয়াতকৈ আৰু আনন্দৰ কথা কিবা থাকিব পাৰে ! জোনালীৰ বহুদিনীয়া সপোন এটাই আজি যেন সাকাৰ ৰূপ পাই উঠিছিল ৷

জোনালীৰ দেউতাক পেছাত এজন ব্যৱসায়ী ৷ ঘৰৰ আর্থিক অৱস্থাও যথেষ্ট টনকিয়াল ৷ ঘৰখনৰ একমাত্র সন্তান হিচাপে মাক–দেউতাকে তাইৰ পৰা যেন প্রয়োজনতকৈ অলপ বেছিকৈ আশা কৰে ৷ তাইক লৈ মাক–দেউতাকৰ যেন চিন্তাৰ অলপো অন্ত নাছিল ৷ বিশেষকৈ জীয়েকৰ দ্বিতীয় স্থানপ্রাপ্তিক লৈ মাক–দেউতাক দুয়ো যিমান সুখী হব লাগিছিল সিমান যেন হব পৰা নাছিল ৷ আনকি এদিনাখন কথা প্রসংগত দেউতাকে তাইক কৈয়েই দিছিল যে এইবাৰ তাই যদি পৰীক্ষাত প্রথম স্থান লৈ পাছ কৰি দিব পাৰে, তেনেহলে দেউতাকে তাইৰ হাতত দস্যু ভাস্ক্ৰ ছিৰিজটো উপহাৰ হিচাপে তুলি দিব ৷ উপহাৰৰ কথা শুনা মাত্রকে জোনালীৰ মুখখন আনন্দত উজলি উঠিছিল ৷ উপহাৰৰ কথা শুনিলেনো কোন লৰা–ছোৱালীয়ে ভাল নাপাব তাতে যদি সেই উপহাৰ তাইৰ নিজৰ পছন্দৰ কিতাপৰ টোপোলা হয় তেনেহলে সেই আনন্দই নিমিষতে পাৰভগা উছাইলৈ পৰিৱর্তন হোৱাটো একপ্রকাৰ নিশ্চিত ৷ পছন্দৰ উপহাৰৰ কথা শুনিয়েই তাইৰ কিশোৰী মনটো আনন্দত সাতজাঁপ মাৰি উঠিছিল ৷

আজি পুৱাৰ কথা৷ পুৱা দেউতাকে তাইক স্কুলত থবলৈ আহোতে বাটত দাহ দাহ কৈ আহিছিল যে এটা দৰকাৰী সকামত বাহিৰে বাহিৰে তেওঁ এঠাইলৈ যাব লগা হব ৷ সেয়েহে স্কুললৈ ওভতোতে তেওঁৰ হয়তো এঘণ্টামান পলম হবও পাৰে ৷ গতিকে স্কুল ছুটীৰ পিছত তাহ যাতে কলৈকো ইফাল–সিফাল নকৰি তেওঁ উভতি নহালৈকে গেটৰ সমুখত অপেক্ষা কৰি ৰয়, এই কথা তেওঁ বাৰে বাৰে জীয়েকক উনুকিয়াবলৈ নাপাহৰিলে ৷ তায়ো দেউতাকৰ কথাত মূৰ দুপিয়াই শলাগ ললে ৷

যথাসময়ত স্কুল ছুটীৰ ঘণ্টা পৰিল ৷ লগৰ সমনীয়াবোৰ এজন এজনকৈ লাহে লাহে ঘৰমুৱা হবলৈ ধৰিলে ৷ কেৱল তাইহে গেটৰ সমুখত সেমেনা সেমেনিকৈ দেউতাক অহালৈ বাট চাহ থাকিল ৷

চাওঁতে চাওঁতে বিয়লি চাৰি বাজি গৈছিল ৷ কিন্তু তেতিয়ালৈকে দেউতাকৰ কোনো দেখাদেখিয়েই নাই ৷ ইতিমধ্যে লগৰ সমনীয়াবোৰ কেতিয়াবাই ঘৰাঘৰি গুচি গৈছিল ৷ খালী হৈ পৰা স্কুল চৌহদটোলৈ চাই তাই এটা দীঘল হুমুনিয়াই এৰিলে ৷ কেউফালে কাঁহ পৰি জীন যোৱা এক ভয়ংকৰ নিস্তব্ধতা ৷ গেটৰ সমুখত ৰৈ ৰৈ তাইৰ আমনিও লাগিছিল ৷ তথাপি নিৰুপায় হৈ তাই একে ঠাইতে ৰৈ থাকিবলৈ বাধ্য হৈছিল ৷

তাইনো আৰু কিমান এনেকৈ দেউতাকলৈ অপেক্ষা কৰি থাকিব এনেয়ে কাতিমহীয়া বেলি ৷ কাজেই সোনকালেই ধৰালৈ সন্ধিয়া নামি আহিছিল ৷ মাজে মাজে তাইৰ ভয় ভয়ো লাগিছিল ৷ হঠাৎ কিবা এটা ভাবি পুনৰ তাই নিজৰ শ্রেণীকোঠাৰ ফালে উভতি খোজ ললে ৷   অজান এক আশংকাত কণমানি কলিজাখন তাইৰ দুৰু দুৰু কৰি উঠিছিল ৷ যেন কোনো এক অদৃশ্য শক্তিয়েহে তাইক ঠেলি–হেঁচি ভিতৰলৈ টানি নিছিল ৷ বিশাল হলঘৰটোত প্রৱেশ কৰিহে তাইৰ যেন সম্বিৎ উভতি আহিছিল ৷ হঠাৎ শূন্য হলঘৰটোৰ ভিতৰত ছঁয়াময়াকৈ কিবা এটা দেখি তাই  চক খাই উঠিল ৷ সন্ধিয়াৰ ছাঁ–পোহৰৰ দোমোজাৰ মাজতো তাই স্পষ্টকৈ দেখিবলৈ পালে শাৰী শাৰী খালী বেঞ্চবোৰৰ সোঁমাজৰ বেঞ্চ এখনত কলাকৈ কিবা এটা যেন বহি আছে ৷ বাঢ়ি অহা বুকুৰ ধপধপনিটো হঠাৎ তাহৰ দুগুণলৈ বৃদ্ধি পাই উঠিল ৷

হঠাৎ তাইৰ অনুভৱ হল, তাই যেন নিজে কব নোৱাৰাকৈয়ে সেই কলা অৱয়বটোৰ ফালে এখুজি দুখুজিকৈ আগবাঢ়ি গৈছে ৷ যেন চাবি দিয়া পুতলা এটাহে স্বয়ংক্রিয়ভাৱে সমুখলৈ গতি কৰিছে ৷ সকলো ভয়–শংকা নিমিষতে যেন বাষ্প হৈ কেনিবাদি উৰি গৈছিল তাইৰ ৷ বিশাল হলঘৰটোত বিৰাজ কৰা পিনপতন নীৰৱতায়ো তাইক যেন অলপো টলাব নোৱাৰিলে ৷ সন্ধিয়া নামিলেই ঘৰৰ পৰা বাহিৰ নোলোৱা এই এধানিমান ছোৱালীজনীয়ে হঠাৎ কৰ পৰানো ইমান মৰসাহ গোটালে ভাবিয়েই আচৰিত লাগিছে ৷ কলা অৱয়বটোৰ কাষ নচপালৈকে তাই যেন অলপো ক্ষান্ত নহব ৷

হঠাৎ কেইখোজমান সমুখলৈ আগুৱাই গৈ মাজতে তাই থমকিবলৈ বাধ্য হল ৷ কিয়নো সমুখৰ সেই কলা অৱয়বটো হঠাৎ লৰচৰ কৰি উঠাত স্বাভাৱিকতেই তাই ভয় খাই উঠিছিল ৷ কিছু ভয় আৰু কিছু কৌতূহল মিহলি মাতেৰে তাই বস্তুটোৰ ফালে চাই চিঞৰি উঠিল,

কো কো কোন তুমি আৰু এই নির্জন কোঠাটোৰ ভিতৰত কিয় এনেকৈ অকলে অকলে ৰৈ আছা

এইবাৰ যেন কলা অৱয়বটোৱে কিবা এটা বুজি পালে ৷ পিছমুহূর্ততে সি আকৌ এবাৰ লৰচৰ কৰি উঠিল ৷ যেন নিজৰ অৱস্থিতিৰ উমানহে তাইৰ আগত জাহিৰ কৰিব খুজিছে ৷ মনলৈ কিছু সাহস অহাত এইবাৰ তাই কেইখোজমান সমুখলৈ আগুৱাই গল ৷ হঠাৎ বস্তুটোৰ ওচৰ পাই  তাই যিটো দৃশ্য দেখিবলৈ পালে, তাৰ কাৰণে তাই যেন অলপমানো প্রস্তুত নাছিল ৷ ইমানপৰে তাইৰ অৱচেতন মনত লালিত হৈ অহা সেই অলীক সত্তাটো হঠাৎ যদি এজনী তেজ–মঙহৰ জীয়া মানুহলৈ ৰূপান্তৰ ঘটে, তেন্তে স্বাভাৱিকতে সি আচৰিত হোৱাৰে কথা৷ ইতিমধ্যে সেই কলা অৱয়বটোৰ প্রকৃত ৰহস্য তাইৰ সমুখত উন্মোচন হৈ পৰিছিল ৷ আচলতে সেই কলা অৱয়বটো আন একো নাছিল, এজনী তাইৰ বয়সীয়া ছোৱালী বেঞ্চৰ ফাঁকত মুখ গুঁজি অকলে অকলে বহি আছিল৷ কাজেই দূৰৰ পৰা কেৱল তাইৰ মূৰৰ কলা অংশটোহে দৃশ্যমান হৈছিল ৷ আৰু তাকে যেনিবা তাই বেলেগ কিবা বুলি ভাবি এনেই মিছামিছি কল্পনা কৰি মৰিছিল ৷ তাই চুচুক চামাক খোজেৰে আহি ছোৱালীজনীৰ সমুখত ৰলহি ৷ তাই দেখিলে ছোৱালীজনীয়ে তেতিয়াও বেঞ্চৰ ফাঁকত মূৰটো থৈ মনে মনে উচুপিব ধৰিছে ৷ অকস্মাৎ এনেকুৱা এটা পৰিস্থিতিৰ মুখামুখি হব লাগিব বুলি বেচেৰীয়ে সপোনতো ভবা নাছিল ৷ তাই কিংকর্তব্যবিমূূ হৈ ঠাহতেই মৌন হৈ থাকিল ৷ হঠাৎ ছোৱালীজনীয়ে মূৰ তুলি সমুখলৈ চালে ৷

আৰে এইজনী আমাৰ লগৰ পাপৰি নহয়নে এই কালসন্ধিয়া ইয়াত অকলে অকলে কি কৰি আছহি তই

কথাকেইষাৰ জোনালীৰ মুখেদি যেন আপোনা আপুনি ওলাই আহিছিল ৷

পাপৰিক হঠাৎ এইটো ৰূপত দেখি জোনালী নিজেও আচৰিত হৈছিল ৷ পাপৰি আৰু জোনালী দুয়োজনী একেটা শ্রেণীতে পঢ়ে ৷ কেৱল একেলগে পঢ়াই নহয়, দুয়োজনী খুব ভাল বান্ধৱীও ৷ জোনালীতকৈ পাপৰি সদায় এঢাপ ওপৰত৷ অর্থাৎ পাপৰিয়ে যদি শ্রেণীত সদায় প্রথম স্থান পাই আহিছিল তেনেহলে জোনালীয়ে পাইছিল দ্বিতীয় স্থান ৷ আজি অতবছৰ ধৰি দুয়ো বান্ধৱী এনেকৈ অগাপিছাকৈ আগবাঢ়ি গৈ আছে ৷ কিন্তু জীৱনত প্রথমবাৰৰ বাবে আজি জোনালীয়ে প্রথম স্থান লাভ কৰাৰ বিপৰীতে পাপৰিয়ে দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলৈ বাধ্য হৈছিল ৷

পাপৰিয়ে জোনালীক একো জানিবলৈ নিদি নিজৰ চকুৰ পানীখিনি তৎক্ষণাৎ মোহাৰি পেলালে ৷ মুখত কষ্টৰ হাঁহি এটা লৈ জোনালীলৈ চাই তাই কৈ উঠিল,

কংগ্রেচুলেচনচ্ জোনালী, তই আজি প্রথম হোৱাত সঁচাকৈ মহ সুখী হৈছে ৷

জোনালীয়ে হঠাৎ মাজতে উভতি ধৰি কৈ উঠিল তাইক,

আৰু তই ছেকেণ্ড হলি বুলিয়েই এনেকৈ লুকাই লুকাই কান্দি থাকিবিহি নহয়নে তই যদি এনেকৈ দুখ কৰি থাক মোৰ কিবা ভাল লাগিব নেকি কচোন

নহয় অ জোনালী, তই মোক ভুল নাভাবিবি ৷ ছেকেণ্ড হোৱাৰ কাৰণে মহ দুখ কৰা নাই নহয় ৷ মোৰ মনটো ইমানো সৰু নহয় যে প্রিয় বান্ধৱীৰ সাফল্যত মহ লি–পুৰি মৰিম ৷

সেয়া বাৰু বুজিলো, তেনেহলে তয়েই কচোন কিহৰ বেজাৰতনো এনেকৈ তই সকলোৰে আঁৰ লৈ চকুলো টুকি আছহি

তই ভবাৰ দৰে তেনেকুৱা বিশেষ একো নাই হোৱা অ জোনালী ৷ কিন্তু এটা কথা মনত ৰাখিবি যে এতিয়াৰপৰা প্রথম স্থানটো প্রতিবছৰে তোৰ কপালত নিগাজী হৈ থাকিব ৷ কেৱল এয়াই নহয়, ভৱিষ্যতৰ দিনতো তোৰ পৰা আমি আৰু ভাল ফলাফল আশা কৰিম ৷ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীতো তই আমাৰ গাঁওখনৰ নাম উজলাব লাগিব ৷

কথাখিনি শেষ কৰি তাই খন্তেক থমকিল ৷ ক্রমে ভৰুণ হৈ অহা তাইৰ কণমানি চকু দুটি আকৌ এবাৰ চিকমিকাহ উঠিল ৷ সেমেকা চকুহাল মোহাৰি মোহাৰি বেজাৰ মনেৰে কৈ উঠিল তাই,

আজিৰ পৰা হয়তো মহ ইয়াতকৈও পিছহুঁহকিব লাগিব, তই সদায় কুশলে থাকিবি জোনালী ৷

কথাখিনি শেষ কৰি তাই আৰু এখন্তেকো ৰৈ নাথাকিল ৷ জোনালীৰ চকুৰ আগেদিয়েই তাই বেগাবেগিকৈ ওলাই গল

প্রিয় বান্ধৱী ওলাই যোৱাৰ ফালে জোনালীয়ে মাথোঁ থৰ লাগি চাই ৰৈছিল ৷  মুখেৰে তাইৰ এটাও শব্দ ওলোৱা নাছিল ৷

হঠাৎ বাহিৰত গাড়ীৰ চিনাকি হর্নৰ শব্দ শুনি তাইৰ যেন সম্বিৎ উভতি আহিছিল ৷ এই শব্দটো যে তাইৰ অতিকৈ চিনাকি ৷ তাই আৰু একমুহূর্তও ৰৈ নাথাকি চিধাই গেটৰ সমুখলৈ দৌৰ মাৰিলে

*****

জোনালীহঁতৰ ঘৰখনত আজি সন্ধিয়াৰে পৰা এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ সিহঁতৰ তিনিজনীয়া সৰু পৰিয়ালটোৰ মাজত যেন আনন্দৰ বিপুল বন্যা বলিছ ৷ নবলিবই বা কিয় কিয়নো ঘৰখনৰ একমাত্র সন্তান জোনালীয়ে জীৱনত আজি প্রথমবাৰৰ কাৰণে পৰীক্ষাত প্রথম স্থান লাভ কৰি মাক–দেউতাক সহিতে গোটেই চুবুৰিটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ জোনালীৰ কাংক্ষিত সফলতাক লৈ মাক–দেউতাক আজি অত্যন্ত সুখী ৷ দেউতাকেও নিজৰ প্রতিশ্রুতিৰ কথা জীয়েকৰ আগত পুনৰ সোঁৱৰাবলৈ নাপাহৰিলে ৷ আৰু মাত্র এমাহৰ পিছতেই চহৰলৈ গ্রন্থমেলা আহিব ৷ আৰু সেই মেলাতেই প্রতিশ্রুতি অনুসৰি দস্যু ভাস্ক্ৰ ছিৰিজটো জীয়েকৰ হাতত তেওঁ উপহাৰ হিচাপে তুলি দিয়াৰ কথা ৷

ইফালে মাকৰো যেন উৎসাহৰ অলপো অন্ত নাছিল ৷ জীয়েকৰ মন পছন্দৰ এপদ এপদ খাদ্য তেওঁ নিজহাতে ৰান্ধিলে ৷ নিশা ভাতৰ পাটত বহোতে মাকে জোনালীক সুধিলে,

তোৰ লগৰ পাপৰিৰ ৰিজাচ্ট এইবাৰ কেনেকুৱা হৈছে অ মাজনী

ভালেই হৈছে মা ৷ এইবাৰ তাই দ্বিতীয় স্থানতে ৰব লগা হৈছে ৷

জোনালীয়ে চমুৱাই কলে ৷

হয় নে জানি বৰ সন্তোষ পালো পায় ৷ আজি দুদিনমান আগতে পাপৰিৰ মাকক এঠাইত লগ পাইছিলোঁ ৷ সিহঁতৰ ঘৰখনৰ কথা শুনি সঁচাই দুখ লাগি আহিল অ মাজনী ৷ পাপৰিৰ দেউতাকে বোলে এটা প্রাইভেট কোম্পানীত ছিকিউৰিটী গার্ডৰ কাম কৰে৷ তাতে আকৌ মানুহজনৰ হেনো হার্টৰো কিছু সমস্যা আছে ৷ দৰমহা বুলিবলৈ যিবা সামান্য টকা কেইটামান হাতলৈ আহে, সেইকেইটাৰে টানিটুনি কোনোমতে ঘৰখন চলাবলৈ আঁটেহে ৷ তদুপৰি মানুহজনৰ দৰৱৰ উপৰিঞ্চি খৰচাখিনি আছেই ৷ তেনেই অভাৱৰ সংসাৰ ৷ তেনেস্থলত জীয়েকৰ পঢ়া–শুনাৰ খৰচখিনি যোগাৰ কৰিবলৈও হেনো মানুহহালৰ চিন্তা হয় ৷ শুনিছো, হৈ যোৱা বছৰেকীয়া পৰীক্ষাটোত পিিবৰ বাবে প্রয়োজনীয় কিতাপকেইখনো তেওঁলোকে হেনো ছোৱালীজনীক যোগান ধৰিব পৰা নাছিল ৷ পাঠ্যপুথিৰ অভাৱ নোপোৱাহলে বেচেৰীজনীয়ে হয়তো এইবাৰো প্রথম ডিভিজন লৈ পাছ কৰিলেহেঁতেন৷ পপাত চোকা আছিল বাবেহে কোনোমতে দ্বিতীয় স্থান ধৰি ৰাখিবলৈ বেচেৰীজনী সক্ষম হৈছিল ৷ যিহে দিনকাল পৰিছে, এনেকৈ থাকিলে এদিন তাই হয়তো স্কুল এৰিবলৈ বাধ্য হব ৷ এনেকৈ আৰু কিমানদিনলৈ পঢ়িব তাই বেমাৰী দেউতাকটোৱে ঘৰখনৰ কথাকে ভাবিব নে নিজৰ ঔষধৰ কথা চিন্তা কৰিব, নে একমাত্র জীয়েকজনীৰ পঢ়া খৰচ যোগাৰ কৰিব বেচেৰীজনীয়েবা অহাবাৰ কি ৰিজাচ্ট কৰে একমাত্র ঈশ্বৰেহে জাে !

কথাখিনি কৈ উঠি মানুহগৰাকীয়ে দীঘল হুমুনিয়াই এটা এৰিলে ৷

কথাবোৰ শুনি জোনালীৰ মনৰ সকলো ৰং–আনন্দ যেন মুহূর্ততে নোহোৱা হৈ পৰিছিল ৷ এবুকু বিষাদৰ কলীয়া ডাৱৰে তাহৰ মনাকাশ নিমিষতে আচ্ছন্ন কৰি তুলিলেহি ৷ এতিয়াহে যেন তাই পাপৰিৰ সেই উচুপনিৰ প্রকৃত তাৎপর্য অনুধাৱন কৰিব পাৰিলে ৷

*****

এমাহৰ পিছৰ কথা৷ কথা দিয়া মতেই দেউতাকে আজি তাইক লগত লৈ চহৰৰ গ্রন্থমেলালৈ বুলি আহিছে ৷ কিন্তু নতুন উপহাৰৰ প্রতি তাহৰ আজি যেন অলপো উৎসাহ নাই ৷ কিতাপ–বলিয়া ছোৱালীজনীক আজি যেন ৰং– বিৰঙৰ কিতাপবোৰেও আকর্ষণ কৰিব পৰা নাই ৷ তাইৰ মানসপটত বাৰে বাৰে কেৱল এখনি ক্রন্দনৰত মুখে আহি আমনি কৰি থাকিলহি ৷

হঠাৎ ষ্টল এখনৰ ফালে আঙুলিয়াই জোনালীয়ে দেউতাকক কৈ উঠিল,

দেউতা দেউতা, সৌ যে দোকানখন দেখিছে তাৰ পৰা পাক এটা আহঁোগৈ বলকচোন ৷

তালৈ গৈনো আমি কি কৰিম মাজনী ৷ সেইখনত তোমাৰ দস্যু ভাস্ক্ৰখন নেবেচে নহয়, তাত কেৱল স্কুলীয়া পাঠ্যপুথিহে বিক্রী হয় ৷ দেখা নাহনে ওপৰত কি লিখা আছে তাতকৈ আমি বেলেগ দোকান এখনলৈ গৈ তোমাৰ কিতাপখন বিচাৰোঁগৈ বলা ৷

আপুনি ঠিকেই কৈছে দেউতা ৷ সেইখনত বাহিৰা কিতাপ উপলব্ধ নহয় বুলি ময়ো বুজিছোঁ ৷ মই ওপৰে ওপৰে হিচাপ কৰি দেখিলো, দস্যু ভাস্ক্ৰৰ গোটেহ চেটটোৰ দাম হয়তো চাৰি হাজাৰৰ কম নহব ৷ সদ্যহতে দস্যু ভাস্ক্ৰখন মোৰ প্রয়োজন হোৱা নাই ৷ অহাবাৰ আকৌ যেতিয়া গ্রন্থমেলা আহিব, সেইখন তেতিয়া লৈ দিলেও কোনো কথা নাই দেউতা ৷ তাৰ পৰিৱর্তে সেইখিনি টকাৰে মই বেলেগ কিবা এটা কিনিব খোজোঁ

তাৰ পিছদিনাখনৰ কথা৷ স্কুল ছুটীৰ পিছত সকলো ঘৰাঘৰি উভতিছে ৷ আন আন ছাত্র–ছাত্রীৰ দৰে পাপৰিও নিজ ঘৰলৈ বুলি উভতিছে ৷ পাপৰিহঁতৰ ঘৰলৈ যাবলৈ হলে মাজতে এখন মুকলি পথাৰ পাৰ হৈ যাব লাগে ৷ ভাৰাক্রান্ত মন এটা লৈ পাপৰি ঘৰলৈ বুলি উভতিছিল ৷ আহি আহি কেতিয়ানো তাই পথাৰৰ সোঁমাজ পালেহি নিজেই গম পোৱা নাছিল ৷ হঠাৎ ৰাস্তাৰ সোঁমাজত কোনোবাই বাট আগচি ধৰাতহে তাহৰ যেন সম্বিৎ উভতিছিল৷ তাই দেখিবলৈ পালে পিঠিত মেটমৰা বেগ এটা লৈ জোনালী তাইৰ সমুখত ৰৈ আছে ৷ পাপৰিৰ সমস্ত চকুৱে–মুখে এক অবাক বিস্ময় ৷ তাইক আনকি কিবা এষাৰ কবলৈও জোনালীয়ে সুযোগ এটা নিদিলে ৷ তাৰ আগতেই অতি ক্ষিপ্রতাৰে তাই বেগৰ পৰা শকত টোপোলা এটা বাহিৰ কৰি পাপৰিৰ ফালে আগবঢ়াই দি কৈ উঠিল,

হোঁ এইটো ধৰ তোৰ কাৰণে আনিছোঁ ৷

পাপৰিয়ে লওঁ–নলওঁকৈ টোপোলাটো হাত পাতি ললে ৷ তাৰ পিছত সেহটো কিছু সময় হাতেৰে লিৰিকি–বিদাৰি থাকিল ৷ তাই তেনেকৈ ৰৈ থকা দেখি জোনালীয়ে কৃত্রিম খঙেৰে দবিয়াই উঠিল,

হেৰৌ, টোপোলাটো তই এনেকৈ পিটিকি থাকিবি নে ভিতৰত কি আছে তাকো খুলি চাবি

পাপৰিয়ে খোলো নোখোলোকৈ টোপোলাটো এইবাৰ খুলিবলৈ আৰম্ভ কৰিলে ৷ হঠাৎ ভিতৰৰ বস্তুখিনি দেখি আনন্দত চকু দুটা তাহৰ আপোনা আপুনি চিকমিকাই উঠিল ৷ মনৰ উলাহতে তাই চিঞৰি উঠিছিল,

আৰে এয়াচোন আমাৰ নতুন ক্লাছৰ ছিলেবাছৰ কিতাপ ৷ কিন্তু এইখিনি মোৰ বাবেনো কিয় আনিব লাগে জোনালী তই মোক বেয়া নাপাবি জোনালী, এই কিতাপখিনি মই গ্রহণ কৰিব নোৱাৰিম

কথাখিনি কৈ থাকোঁতে অজানিতেই পাপৰিৰ মাতষাৰ থোকাথুকি হৈ আহিছিল ৷

হব হব বেছি লেকচাৰ শুনাব নালাগে ৷ তই মোক কি বুলি ভাবিছ কচোন তই ভাবিছ যে এইখিনি দি তোক মই দয়া কৰিছো মই কিন্তু মুঠেও তোক দয়া কৰা নাই পাপৰি, কথাষাৰ তই ভালদৰে জানি থবি ৷  সেই প্রথম শ্রেণীত পঢ়াৰ দিন ধৰি যোৱা সাত বছৰে তোক মই হৰুৱাবলৈ কমখন যত্ন নকৰিলোনে

মুখত ধুনীয়া হাঁহি এটা লৈ জোনালীয়ে পুনৰ কবলৈ আৰম্ভ কৰিলে,

এই কিতাপখিনি তই এতিয়া ঘৰলৈ লৈ যা ৷ ভালদৰে পঢ়া শুনা কৰিবি ৷ আৰু যদি কিবা লাগে সংকোচ নকৰাকৈ জনাবি ৷ এটা কথা জানি থবি যে সমানে সমানে যুঁজ দি জিকিব পৰাজনহে প্রকৃত যুঁজাৰু ৷ আৰু জিকাৰ আচল মজাও যেন সেহখিনিতেহ ৷

পাপৰিয়ে নিজকে আৰু একমুহূর্তও থিৰেৰে ধৰি ৰাখিব নোৱাৰিলে ৷ দুহাত প্রসাৰিত কৰি মৰমৰ বান্ধৱীক তাই সজোৰে সাবটি ধৰিলে ৷ অতপৰে বুকুত খুন্দিয়াই থকা চেপা কান্দোনটোৱে এইবাৰ কোনো বাধা নামানি উচ্ছল বাৰিধাৰা হৈ দুচকুৱেদি ওলাই আহিছিল

মই গোটেহ জীৱন যুঁজিলেও তোক হৰুৱাব নোৱাৰো অ জোনালী৷ তই যে আমাৰ ক্লাছৰ ফার্ষ্ট–ছেকেণ্ডৰো অনেক ঊধর্বত ৷ তোক যে মই মুহূর্তৰ বাবেও হেৰুৱাব নোখোজোঁ ৷ সেইখিনি ক্ষমতা মোৰ অন্ততঃ নাই

জোনালীয়ে পৰম মমতাৰে প্রিয় বান্ধৱীৰ গালে–মূৰে হাত ফুৰাই দিলে ৷

ফোন ঃ ৭০০২১-৮৮২৮৮

You might also like
Leave A Reply

Your email address will not be published.