ডঃ প্রদীপ নেওগ
বার্ধক্য বোলোতে সাধাৰণতঃ জীৱনৰ ৬০ৰ ঊধর্বৰ কালছোৱাক বুজা হয় ৷ এই কালছোৱাত সাধাৰণতঃ ব্যক্তিৰ স্বাস্থ্যৰ ভালেমান ধৰণৰ অৱনতি ঘটে তথা ঘটিব পাৰে ৷ তলত কেইটামান প্রধান অৱনতি চমুকৈ দাঙি হৈছেঃ
মগজুৰ দুর্বলতাঃ বার্ধক্যত মানুহৰ আটাইতকৈ অধিক স্খলিত হব পৰা বা হোৱা অংগটোৱেই হৈছে মগজু৷বার্ধক্যত সাধাৰণতঃ মগজুৰ প্রায় সকলোপ্রকাৰৰ শক্তি আৰু সক্রিয়তা হ্রাস পাব পাৰে, আৰু মগজুৰ এনে স্খলনেই বার্ধক্যৰ সকলো প্রকাৰৰ কুপ্রভাৱৰ মূল হিচাপে কাম কৰে ৷ বার্ধক্য কালত সাধাৰণতঃ হোৱা নিম্নলিখিত কেউপ্রকাৰৰ পৰিৱর্তনতে মগজুৰ দুর্বলতাইপ্রত্যক্ষ বা পৰোক্ষভাৱে প্রভাৱ পেলায় ৷
ৰোগ প্রতিৰোধক ক্ষমতা হ্রাসঃ বার্ধক্যত দেহৰT-cellবিলাকৰ সক্রিয়তা হ্রাস পায় ৷ T-cell বিলাকৰ সক্রিয়তাৰ ওপৰত আমাৰ ৰোগ প্রতিৰোধক ক্ষমতা Immunity প্রধানতঃ নির্ভৰশীল ৷ সেয়েহে বার্ধক্যত পূর্বৰ তুলনাত অসুখ, বেমাৰ–আজাৰ আৰু আঘাতজনিত সমস্যাত ভোগাৰ সম্ভাৱনা প্রবল হয়, আৰু ভুগিলে আৰোগ্য লাভ কৰাটো তুলনামূলকভাৱে পলম বা কঠিন হয় ৷ তদুপৰি বংশগতিজনিত বিভিন্ন ৰোগত সহজে আক্রান্ত হোৱাৰ ভয় থাকে ৷ বীজাণুৱে সহজে আক্রমণ কৰিব পাৰে ৷
মাংসপেশীৰ শিথিলতাঃ বার্ধক্যত দেহৰ মাংসপেশীৰ শিথিলতা বৃদ্ধি পায় ৷ ফলস্বৰূপে পূর্বৰ তুলনাত খোজ–কাটল আৰু শাৰীৰিক কার্যত শক্তি–সামর্থ্য, স্বচ্ছন্দতা আৰু স্থাপকতা আদি কম হয় ৷ পৰি–মেলি আঘাত পোৱাৰ সম্ভাৱনা অধিক হয় ৷ আর্থাইটিছৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷
চকুৰ দুর্বলতাঃ চকুৰ দুর্বলতা বার্ধক্যৰ অন্যতম স্পষ্ট ফল ৷ দৃষ্টিশক্তি হ্রাস পোৱাৰ উপৰি ব্যক্তি বিভিন্ন চকুৰ অসুখত ভোগাৰ সম্ভাৱনা প্রবল হয় ৷
হূদপিণ্ডৰ অসুস্থতাঃ বার্ধক্যত মানুহৰ হূদপিণ্ডৰ কোষ আৰু সিৰা–উপসিৰাবিলাক ক্রমান্বয়ে শকত হবলৈ ধৰে আৰু ফলস্বৰূপে বিভিন্ন হূদৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷
যোৱা কেইটামান বছৰত বার্ধক্যত দেহ–মনৰ স্খলন ঘটা বিষয়টোৱে বৈজ্ঞানিক মহলত বিশেষ গুৰুত্ব লাভ কৰিছে ৷ কাৰণ বার্ধক্য কাল লাভ কৰা লোকৰ হাৰ বছৰে বছৰে দ্রুত হাৰত বৃদ্ধি পাই আহিছে ৷ ৰাষ্ট্রসংঘই ২০১৯ চনত প্রকাশ কৰা এক প্রতিবেদন অনুযায়ী ২০৫০ চনত বিশ্বত বার্ধক্য কাল লাভ কৰা লোক মুঠ জনসংখ্যৰ ১৬.৬ শতাংশ হবগৈ, অর্থাৎ ছজনৰ ভিতৰত এজন বৃদ্ধ হবগৈ ৷ সেয়েহে বার্ধক্যৰ সন্দর্ভত, বিশেষকৈ বার্ধক্যৰ বিভিন্ন লক্ষণ আৰু কাৰকৰ সন্দর্ভত, আৰু বার্ধক্যতো স্বাস্থ্যৱান হৈ থকাৰ পদ্ধতি, প্রযুক্তি, কিটিপ–কৌশল আৰু আহিলা আদিৰ সন্দর্ভত যোৱা কেইটামান বছৰৰ ভিতৰতে বিশ্বৰ বিভিন্ন প্রান্তত ভালেসংখ্যক বৈজ্ঞানিক গৱেষণা সম্পন্ন হৈছে ৷ এই লেখাত সিবিলাকৰ নির্বাচিত কিছু তথ্য দাঙি ধৰা হৈছে ৷
এইখিনিতে উল্লেখনীয় যে বার্ধক্য কালত সাধাৰণতঃ হোৱা পৰিৱর্তনবিলাক সকলোৰে ক্ষেত্রতে সমানে নঘটে ৷ কিছুমান লোকৰ ক্ষেত্রত অৱনতিবিলাক যৎসামান্য হয় শাৰীৰিক আৰু বিশেষকৈ মানসিক স্বাস্থ্য বহুলাংশে অটুট থাকে৷ কর্মদক্ষতা, বিভিন্ন ক্ষেত্রত সক্রিয়তা, সন্তুষ্টি, সৃষ্টিশীলতা আদিও বহুলাংশে অটুট থাকে ৷ কিছুসংখ্যক সত্তৰ ঊধর্বৰ লোকৰ মানসিক ক্ষমতা বিশ বছৰীয়া যুৱকৰ পর্যায়ৰ হৈ ৰয় ৷ এনে বার্ধক্য লাভৰ সোপান আৰু কিটিপ কৌশলো বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা উদ্ভাৱন হৈছে ৷ এই লেখাত অৱশ্যে সেইখিনি দাঙি ধৰা হোৱা নাই ৷ পৃথক লেখাতহে আগববাবলৈ আশা কৰিছোঁ ৷
মগজুৰ আকাৰৰ পৰিৱর্তন
ওপজাৰ পৰা ৬ বছৰৰ ভিতৰত মনুহৰ মগজু প্রায় ৯০ শতাংশ বিকশিত হৈ উঠে ৷ সাধাৰণতঃ ৬ বছৰৰ ভিতৰতে মগজুৰ আকাৰো ৯০ শতাংশ বৃদ্ধি পায়, আৰু ২০–৩০ বছৰ বয়সলৈ বাকী ১০ শতাংশৰ বৃদ্ধি হয় ৷ আনহাতে ৪০ বছৰ বয়সৰ পিছৰ পৰা মগজুৰ আকাৰ আৰু ওজন এটা দশকত প্রায় ৫ শতাংশকৈ হ্রাস পায়, আৰু ৭০ বছৰ বয়সৰ পিছৰ পৰা এই পৰিৱর্তনৰ হাৰ বেচ বৃদ্ধি পায় ৷ ৮০ বছৰ বয়সৰ পিছৰ পৰা এই হাৰ ততোধিক হৈ পৰে, আৰু সাধাৰণতঃ এটা দশকত প্রায় ২৫ শতাংশকৈ হ্রাস পায় মগজু সৰু হোৱাৰ অর্থ হৈছে তাৰ সামগ্রিক শক্তি আৰু সক্ষমতা হ্রাস পোৱা ৷
নিউৰন কোষৰ ক্ষয়িষ্ণুতা
জন্মৰ পৰা মানুহৰ মগজুত দ্রুত হাৰত নতুন নিউৰন কোষৰ বৃদ্ধি হৈ থাকে, আৰু ২০ বছৰ বয়সলৈকে এই প্রক্রিয়া চলি থাকে ৷ ২০ বছৰত মগজুৰ নিউৰন কোষৰ সংখ্যা ১০০০০ কোটিৰো অধিক হয়গৈ, আৰু তাৰে ৯০ শতাংশ সৃষ্টি হয় বছৰৰ ভিতৰত৷ তদুপৰি মানুহৰ মগজুত নিউৰন কোষৰ প্রায় দহ গুণ গ্লিয়েল কোষ থাকে৷ সাধাৰণতঃ বিশ বছৰ বয়সৰ পিছৰ পৰা নিউৰন আৰু গ্লিয়েল কোষৰ সংখ্যা ক্রমান্বয়ে হ্রাস পাবলৈ নাইবা নিষ্ক্রিয় হবলৈ ধৰে ৷ দুই–চাৰিটা গৱেষণা অনুসৰি নিউৰন কোষৰ এই হ্রাস বা নিষ্ক্রিয়তা দৈনিক ১০০০০ পর্যন্ত হব পাৰে৷ সেয়ে বার্ধক্য কালত নিউৰন আৰু গ্লিয়েল কোষৰ সংখ্যা সাধাৰণতঃ ১০ শতাংশ মান হ্রাস হয় ৷ নিউৰন আৰু গ্লিয়েল কোষবিলাকে মগজুৰ সকলো ক্রিয়া–প্রক্রিয়াত বার্তাবাহক হিচাপে কাম কৰে৷ সেয়ে সিবিলাক হ্রাস হোৱাটো বার্ধক্যপ্রসূত মগজুৰ সকলো প্রকাৰৰ দুর্বলতা আৰু বিসংগতিৰ অন্যতম কাৰণ ৷
ওপৰত উল্লিখিত দুয়ো প্রকাৰৰ পৰিৱর্তন আটাইতকৈ অধিক হয় মগজুৰ Frontal cortex আৰু Hippocampus ভাগ দুটাত৷ এই ভাগ দুটাৰ সক্রিয়তাৰ ওপৰতে ব্যক্তিৰ সকলো প্রকাৰৰ চিন্তা শক্তি আৰু স্মৰণ শক্তি প্রধানতঃ নির্ভৰশীল ৷ সেয়ে বার্ধক্যত সাধাৰণতঃ স্মৰণ, সজাগতা, সচেতনতা, উদ্যম, আগ্রহ, উৎসাহ–উদ্দীপনা আদি হ্রাস পায় ৷ শিক্ষা আহৰণ, বিশ্লেষণ পর্যালোচনা, সিদ্ধান্ত গ্রহণ আদিৰ ক্ষমতাও হ্রাস পায় ৷ তদুপৰি ডিমেনছিয়া, পার্কিনছন, এলজাইমাৰ লেখীয়া ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা অধিক হয় ৷
ডেপামিন আৰু চেৰটিনিন হ্রাস
বার্ধক্যত মগজুত ডেপামিন আৰু চেৰটিনিনৰ উৎপন্ন প্রক্রিয়া দুর্বল হৈ পৰে ৷ কিছুসংখ্যক গৱেষণা অনুসৰি যুৱ অৱস্থাৰ পিছৰ পৰা ডেপামিনৰ উৎপাদন এক দশকত প্রায় ১০ শতাংশ হ্রাস পায় ৷ ডেপামিনে নৰেপিনেফ্রিন আৰু এপিনেফ্রিন নামৰ দুবিধ অতি আৱশ্যকীয় ৰাসায়নিক উপাদান উৎপন্ন কৰে, আৰু প্রধানতঃ টোপনি, উৎসাহ, উদ্দীপনা, তৎপৰতা, সজাগতা, উদ্যম, জ্ঞান আহৰণ, চলন, ৰক্ত সঞ্চালন আৰু মূত্র নিঃসৰণত প্রত্যক্ষ বৰঙণি যোগায় ৷ ডেপামিনৰ অভাৱৰ ফলত হোৱা ব্যাধিৰ ভিতৰত পাৰকিনচন, হতাশগ্রস্ততা, স্কিজফেনিয়া, ইল্লুচিনেছনছ , হাইপমিমিয়া বিশেষ উল্লেখনীয়৷ আনহাতে চেৰটিনিনে প্রধানতঃ পাচন তন্ত্রৰ সক্রিয়তা আৰু সুস্থতাত ভূমিকা লয় ৷ পাচন তন্ত্রৰ সবলতা আৰু সক্রিয়তাৰ ওপৰত দেহৰ আনবিলাক তন্ত্র আৰু ক্রিয়া–প্রক্রিয়াও বেচ নির্ভৰশীল ৷ সেয়ে বার্ধক্যৰ ফলত চেৰটিনিন উৎপন্নৰ হাৰ হ্রাস পালে ব্যক্তিৰ পাচন তন্ত্র দুর্বল হোৱাৰ উপৰি দেহ–মনৰ সামগ্রিক সুস্থ–সবলতাও হ্রাস পায় ৷ বিশেষকৈ টোপনি, আৱেগ, মনোভাৱ, একাগ্রতা, শৰীৰৰ উত্তাপৰ ক্ষেত্রত বিসংগতিয়ে দেখা দিয়ে৷ দেহত চেৰটিনিনৰ অভাৱে পাচন তন্ত্র সম্বন্ধীয় বিভিন্ন ব্যাধিৰ উপৰি ইনচমেনিয়া, স্কিজফেনিয়া, হাইপাৰএকটিভিটি, হতাশগ্রস্ততা আৰু ডিমেনছিয়া ৰোগৰ কাৰক হিচাপে কাম কৰে৷
DNAmethylation বৃদ্ধি
বয়স বৃদ্ধিৰ ফলত মানুহৰ শৰীৰৰ কোষৰDNAতবিভিন্ন প্রকাৰৰDNAmethylation সংস্থাপিত হয়৷ এনেDNA methylationৰ মাত্রা যিমানে অধিক হয় সিমানে ব্যক্তিৰ জৈৱিক বয়স অধিক হয়৷DNA methylation সংস্থাপিত হোৱাৰ হাৰ মূলতঃ কোষৰ জিন অর্থাৎ বংশগতিৰ ওপৰত নির্ভৰশীল৷ বংশগতিৰ ওপৰত ব্যক্তিৰ সাধাৰণ বার্ধক্য বহু পৰিমাণে নির্ভৰশীল বুলি বৈজ্ঞানিক গৱেষণাই সন্দেহাতীতভাৱে প্রমাণ কৰিছে৷ আপাতঃ দৃষ্টিৰেও এই কথা উপলব্ধি কৰিব পাৰি, কাৰণ ব্যক্তিৰ আয়ুস, বার্ধক্যপ্রসূত বিভিন্ন অৱনতি আৰু কিছুমান বিশেষ ৰোগ–ব্যাধি পিতৃ–মাতৃৰ লগত ভালেখিনি মিল থকা পৰিলক্ষিত হয়৷ পিতৃ বা মাতৃৰ কম বয়সতে দদাত বা চুলি সৰিলে, সন্তানৰো সাধাৰণতঃ তেনে হোৱা দেখা যায়৷
Telomere সংকোচন
Telomere হৈছে কোষৰ ক্রমজমৰ শেষ অংশত থকা এক বিশেষ প্রকাৰৰ প্রটিনজাতীয়উপাদান৷ বয়স বৃদ্ধিৰ ফলতTelomere–ৰ দৈর্ঘ্য তথা সক্ষমতা হ্রাস পায়, আৰু ফলস্বৰূপে দেহ–মনৰ কিছুমান সক্ষমতা, বিশেষকৈ প্রটিন সংশ্লেষণ আৰু আৱেগ নিয়ন্ত্রণ সক্ষমতা হ্রাস পায়৷ তদুপৰি দেহতTelomere কোঁচ খোৱা কোষৰ সংখ্যা বৃদ্ধিয়ে বহুমূত্র, হূদৰোগ, আর্থাইটিছ আৰু শকত হোৱা ৰোগৰ কাৰক হিচাপে কাম কৰে ৷ সেয়ে জৈৱিক বয়স নির্ণীত কৰাত Telomere বায়–মার্কাৰ বিশেষ বিচার্যৰ বিষয় বুলি পৰিগণিত ৷
D Glycan হ্রাস
DGlycan হৈছে কোষ Immunoglobin অণুত থকা এবিধ বিশেষ অণু ৷ ক্রনলজিকেল বয়স বৃদ্ধিৰ ফলত এই অণুবিলাক সাধাৰণতঃ হ্রাস পাই আৰু দুর্বল হবলৈ ধৰে ৷ ফলস্বৰূপে দেহৰ ৰোগ প্রতিৰোধক ক্ষমতা Immunity কমি যায় ৷ সেয়ে D Glycan বায়–মার্কাৰে সূক্ষ্মভাৱে জৈৱিক বয়স নির্ণীত কৰাত প্রত্যক্ষ অৰিহণা যোগায় D Glycan–ৰ উক্ত অৱনতিৰ হাৰ যিমানে কম হয় সিমানে জৈৱিক বয়স কম হয় ৷
Myelinৰ সংকোচন
বয়স বৃদ্ধিৰ ফলত মগজুৰ Myelin কোঁচ খায় তথা হ্রাস পায় ৷ Myelin-এ মগজুৰ বিভিন্ন অংশৰ পাৰস্পৰিক বার্তাবাহক হিচাপে কাম কৰে ৷ সেয়ে বার্ধক্যৰ ফলতMyelin–ৰ সংকোচন মাত্রাধিক হলে চিন্তা–ভাবনাত বিসংগতিয়ে দেখা দিয়ে ৷
Cortical density হ্রাস
বয়স বৃদ্ধিৰ ফলত মগজুৰ Cortical density হ্রাস পায় ৷ ফলস্বৰূপে মগজুৰ বহিঃভাগ শোটোৰা পৰে, আৰু মগজুৰ বিভিন্ন অংশৰ পাৰস্পৰিক যোগাযোগ আৰু সমন্বিত ক্রিয়াবিলাক ব্যাধগ্রস্ত হয় ৷ গতিকেই মগজুৰ সামগ্রিক শক্তি সক্ষমতাৰ স্খলন ঘটে ৷
অপকাৰী ৰসায়ন বৃদ্ধি
বার্ধক্য কালত মগজুত এনে কিছুমান ৰাসায়নিক উপাদানৰ উৎপন্ন বৃদ্ধি পায় যিবিলাকে মগজুৰ বিভিন্ন ক্রিয়া–প্রক্রিয়াত ব্যাঘাত আৰু বিসংগতিৰ সৃষ্টি কৰিব পাৰে৷ কেইটামান এনে ৰাসায়নিক উপাদান হৈছে Homeostasis, Oxidative stress, Damaged proteins.
যৌন হৰমন হ্রাস
বার্ধক্যত যৌন হৰমন অর্থাৎ এন্দ্রজেন আৰু এষ্ট্রজেন হৰমনৰ উৎপাদন হ্রাস পায়৷ অপর্যাপ্ত যৌন হৰমনৰ ফলত যৌন স্পৃহা আৰু যৌন ক্ষমতা হ্রাস পোৱাৰ উপৰি মাংসপেশীৰ অৱক্ষয়, মাংসপেশীৰ দুর্বলতা আৰু বিভিন্ন শাৰীৰিক অক্ষমতা বৃদ্ধি পায়৷ জীৱনীশক্তি হ্রাস পায়৷ প্রটিন সংশ্লেষণ ক্ষমতা হ্রাস পায়৷ তদুপৰি যৌন হৰমনৰ হ্রাসৰ ফলত পেটত চর্বি জমা হয়, আৰু অত্যধিক শকত হোৱা অষ্টিপৰছিছ ৰোগৰ সম্ভাৱনা অধিক হয়৷
মুখ্য সহায়ক উৎস
1) National Institute of Aging ( 2020]. How the Aging Brain Affect Thinking. National Institute of Aging – Information Resource Center.
2) Peters R. (2006]. Aging and the Brain : Postgrad Med. Journal 82(964] 84-88
3) Madhuri Tolahunase, Rajesh Sagar, and Rima Dada (2017). Impact of Yoga and Meditation on Cellular Aging in Apparently Healthy Individuals: A Prospective, Open-Label Single-Arm Exploratory Study. Oxidative Medicine and Cellular Longevity, (4):1-9