পপী চেতিয়া হাজৰিকা
বেটাৰীচালিত ই–ৰিক্সাখনৰ পৰা নামি নবীন নগৰৰ ৰাস্তাটোৰে খোজ ললে একালৰ বিখ্যাত অভিনেতা ৰূপম বৰবৰাই ৷ সুদীর্ঘ ৪৫ বছৰৰ মূৰত আজি ৰূপম বৰবৰাই খোজ পেলাইছে নবীন নগৰৰ পথটোত৷ হাতৰ লাখুটিডালৰ ভৰত পকী ৰাস্তাটোৰে খোজ লওঁতে বাটৰ কাষৰ ওখ ওখ অট্টালিকাসদৃশ ঘৰবোৰৰ ফালে চকু ফুৰালে ৷ কোনো এটা ঘৰেহ কম নহয় ৷ এটাতকৈ আনটোৰ ৰূপ চৰা ৷ পঞ্চল্লিছ বছৰ আগতে দেখা নবীন নগৰ এতিয়া সেই আগৰ নবীন নগৰ হৈ থকা নাহ ৷ শিলগুটি দিয়া ওখোৰা–মোখোৰা পথটো এতিয়া ফু মাৰি ভাত খাব পৰা মসৃণ ৷
চকুৰ চছমাযোৰ ভালকৈ ঠিক কৰি গেটৰ সন্মুখৰ ফলকবোৰ এখনৰ পিছত এখন পঢ়ি আগবাঢ়ি গৈ থাকিল ৰূপম বৰবৰা৷ ফলকবোৰ পঢ়ি গৈ থাকোঁতে ৰূপম বৰবৰাৰ বুকুৰ ধপ্ধপনিও বাঢ়ি গৈ থাকিল ৷ জীৱনৰ প্রথমটো প্রেমৰ প্রস্তাৱ আগবঢ়াবলৈ যাওঁতে বুকুখন যেনেকৈ ধান বনা দি বানিছিল ঠিক তেনেকুৱা এক অনুভৱে ক্রিয়া কৰিলেহি ৷
এটা সময়ত ওখ অট্টালিকাসদৃশ ঘৰ এটাৰ সন্মুখত ৰৈ গল ৷ ফলকখন নপপাকৈ চিনিব পাৰিল ঘৰটো ৷ ঘৰটো সলনি হৈ গলেও পদূলিমূৰত থকা বকুলজোপা সিহঁতৰ প্রেমৰ সাক্ষী হৈ আজিও জী আছে ৷ লাখুটিডালত ভৰ দিয়েই বাটৰ কাষৰ বকুলজোপাৰ তলত ৰৈ অট্টালিকাসদৃশ ঘৰটোলৈ চাই পঠিয়ালে ৷
ঘৰৰ সন্মুখৰ গেটত ডাঙৰ আখৰেৰে লিখি ৰোৱা ফলকখনত এনেই এবাৰ চকু ফুৰালে ৰূপম ৷ ডঃ ৰাজপ্রতিম দুৱৰা ৷ ফলকখনৰ নামটো পঢ়াৰ লগে লগে নাঙঠ–পিঙঠ হৈ দৌৰি ফুৰা সৰু লৰা এটাৰ ছবি এখন চকুৰ আগত ভাহি অহাৰ লগতে হাঁহি–খিকিন্দালিৰে ভৰা এল বাটামৰ ঘৰটো মানসপটত জিলিকি উঠিল ৷ আশীৰ ডেওনা পাৰ কৰা ৰূপম বৰবৰাৰ মানসিক শক্তি কিন্তু এতিয়াও একেই আছে ৷ চকুৰ পাৱাৰ কম, খোজৰ গতি থৰকবৰক হলেও ৰূপম বৰবৰাৰ অতীতৰ স্মৃতিবোৰ আজিও মানসপটত জলজল–পটপট হৈ আছে ৷ এখনৰ পিছত এখন ছবিয়ে ৰূপম বৰবৰাক নষ্টালজিক কৰি পেলাইছে৷ লাহে লাহে মানসপটত ভাহি আহিল সেহ সোণালী দিনবোৰৰ স্মৃতি ৷
বাল্য ভৱনত তেতিয়া দশম শ্রেণীৰ ছাত্রসকলৰ মুখে মুখে এটাই কথা বৰ ধুনীয়া মুখৰ ছোৱালী এজনী অষ্টম শ্রেণীলৈ আহিছে ৷ সেই ধুনীয়া মুখৰ ছোৱালীজনীৰ লগত সকলো লৰাই চিনাকি হবলৈ গৈছিল ৷ চিনাকি হবলৈ যোৱা লৰাবোৰৰ মাজত ৰূপম বৰবৰাও এজন আছিল ৷ ৰূপমৰ ছোৱালীজনীক দেখা পায়েই ভাল লাগি গৈছিল ৷ চুটি চুলিৰ ছোৱালীজনীৰ প্রতি তাৰ কিবা এটা ভাল লগা অনুভৱ জাগি উঠিছিল ৷ কেতিয়াও কোনোদিন নোহোৱা এক অনুভৱ ৷ সেই অনুভৱৰ সৈতে ৰূপমৰ কোনো চিনাকি নাছিল যদিও সি বুজি উঠিছিল, এয়া প্রথম প্রেমৰ এক শিহৰণকাৰী অনুভৱ ৷ সেই অনুভৱবোৰক সংগোপনে বুকুতে বান্ধি লৈ পাৰ কৰিছিল দিনবোৰ ৷
দিনবোৰ পাৰ হৈছিল ৷ ধুনীয়া মুখৰ জোনমণি আৰু ৰূপমৰ মাজত বন্বুূত্বৰ সম্পর্ক গঢ় লৈ উঠিছিল ৷ বার্ষিক খেল–ধেমালিৰ সময়ত সিহঁতৰ বন্বুূত্বহ প্রেমলৈ ৰূপান্তৰিত হৈছিল ৷ ৰূপমে মেট্ৰিকৰ ডেওনা পাৰ হৈ কলেজ পাহছিলগৈ ৷ সৰুৰে পৰা অভিনয় ভালপোৱা ৰূপমে বেছিখিনি সময় নাটক কৰিয়েই পাৰ কৰিছিল ৷ আৰু ৰূপমৰ বাবেই নাটক ভাল পাবলৈ লৈছিল ধুনীয়া মুখৰ জোনমণিয়েও ৷
নবীন নগৰত প্রতিবছৰে ডাঙৰকৈ ৰাস উদ্যাপন হয় ৷ সেই ৰাসত কৃষ চৰিত্রত অভিনয় কৰিবৰ বাবে জোনৰ খুৰাকে ৰূপমক মতাই আনিছিল ৷ কাৰণ ৰূপমে ভাল কৃষ নাচে বুলি ঠাইখনতে নাম এটা আছিল ৷
প্রথমে ৰূপমে কৃষ নাচ নাচিবলৈ মান্তি হোৱা নাছিল ৷ কিন্তু মানুহজনৰ নেৰানেপেৰা অনুৰোধত সন্মতি প্রকাশ কৰে ৷ ৰূপমে সপোনতো ভবা নাছিল, যিজনে তেওঁক কৃষ নাচৰ বাবে অনুৰোধ কৰিছিল, সেইজন জোনৰ খুৰাক বুলি ৷ ৰিহার্চেলৰ বাবে গৈহে গম পাইছিল সেইজন জোনৰ খুৰাক ৷ ৰাসৰ পিছৰ পৰাই ৰূপমৰ জোনমণিহঁতৰ ঘৰখনৰ লগত আত্মীয়তা বাঢ়িছিল ৷ এই আত্মীয়তাৰ মূল কাৰণ ৰূপমৰ ব্যৱহাৰ৷ সহজ–সৰল ৰূপমৰ ব্যৱহাৰ আৰু সৰলতাই জোনমণিহঁতৰ ঘৰখনক আকর্ষণ কৰিছিল ৷ তদুপৰি জোনমণিহঁতৰ ঘৰখনত নজনী ছোৱালীৰ ভিতৰত সৰু খুড়াকৰে এটা লৰা আছিল ৷ সেয়েহে ৰূপমে সেইখন ঘৰৰ পৰা মৰম আদায় কৰিব পাৰিছিল ৷
এদিন ৰূপমে জোনমণিক নাটকৰ ৰিহার্চেল চাবলৈ লগ ধৰিছিল ৷ অল্পভাষী জোনমণিয়ে মূৰ জোকাৰি সন্মতি জনাইছিল, জোনমণিৰ সন্মতিত ৰূপম আনন্দত আত্মহাৰা হৈ পৰিছিল ৷
প্রায়ে সি চাইকেলখন লৈ জোনমণিৰ ঘৰৰ সন্মুখত চাহকেলৰ বেলটো বজাইছিল আৰু দুফালে দুকোছা চুলি বান্ধি জোনমণি আহি ৰূপমৰ চাহকেলৰ আগত বহি লৈছিল ৷ জোনমণিয়ে যেতিয়া চাইকেলৰ হেণ্ডেলডালত হাতখন থয়, তেতিয়া হেণ্ডেল পৰিচালনা কৰা হাত দুখন তাইৰ হাতত লাগিছিল ৷ সেই স্পর্শত দুয়ো কিছু সময়ৰ বাবে শিহৰিত হৈ উঠে৷ দেহ মন ভাল লগা এক অনুভূতি ৷ জোনমণি নাটক ৰিহার্চেলত নথকা দিনকেইটাত সি ভাল পাৰদর্শিতা দেখুৱাব পৰা নাছিল, তাৰ অন্তৰখনে কেৱল তাহৰ উপস্থিতি কামনা কৰিছিল ৷ নাটকৰ ৰিহার্চেল সোনকালে শেষ হোৱাৰ দিনা দুয়ো খোজকাড়ি ঘৰলৈ ওভতাৰ পথত নিজম নিশা জোনাকক সাক্ষী কৰি সিহঁতৰ সপোনবোৰৰ কথা পাতিছিল ৷
- জো!
- উম কোৱা
- মনে মনে আছা যে কি ভাবিছা
- নাই একো নাই ৷– জোনমণিয়ে বেণীডাল চুই চুই সন্মুখলৈ চাই আগবাঢ়িছিল ৷
- কথা এটা সোধোঁ৷ অন্তৰৰ পৰা কবানে
- উম সোধা ৷
- প্রকৃতিৰ এই সৌন্দর্য আৰু জোনাকৰ জোনাকক শপত খাই কোৱা তুমি আজীৱন মোৰ হৈ ৰবা বুলি ৷
- ইমান ভয়নে মই তোমাক এৰি যাওঁ বুি! নে সন্দেহ !
- নাজানো ৷ মোৰ মনলৈ এনে ভাৱ কিয় আহিল ৷ তুমিতো জানাই মই কেতিয়াও ফাঁকি নামাৰো ৷ মনলৈ আহিছে সুধি পেলাইছোঁ ৷
- কাইলৈ ইউনিভার্ছিটীলৈ যামগৈ আৰু তুমি মোক এইবোৰ কথা সুধি মনটোক দুখী কৰি তুলিছা ৷
জোনমণিয়ে অভিমান কৰি সুদূৰলৈ চাহ পঠিয়াইছিল ৷
- নাজানো জো! মোৰ মনত ভয় এটা সঁচাকৈয়ে সোমাইছে ৷ তুমিতো জানাই মই নাটক কৰি ভাল পাওঁ ৷ এই নাটকৰ লগত লাগি থাকোঁতে মই সকলো পাহৰি যাওঁ ৷
- তাৰমানে তুমি নাটকৰ কাৰণেই মোকো পাহৰি থাকিবা ৷
- এহ! মই সেইটো কব খোজা নাই নহয় ৷ মোৰ কথাখিনিতো কৈ শেষ কৰি লবলৈ দিয়া ৷
- মই এতিয়া তোমাৰ একো কথাই নুশুনো৷ ঘৰ পালোঁহি ৷ কাইলৈ পুৱা বাছ ষ্টপেজত লগ পাম ৷
কথাখিনি কৈ জোন খৰখেদাকৈ জপনাখন খুলি সোমাই গৈছিল ৷
ফুটফুটীয়া কলাফুললৈকে পৰা ফ্রকটোৰে জোনক জোনৰ পোহৰত বৰ মৰম লাগিছিল ৷ তাতোকৈ ভাল লাগিছিল তাইৰ কঁকাললৈকে বৈ পৰা দীঘল চুলিকোছা ৷ যেতিয়া খোজৰ গতিৰ লগে লগে নাচি উঠিছিল কলা কিচকিচিয়া চুলিটাৰি৷ চুটি চুলিৰ ছোৱালীজনীয়ে ৰূপমৰ বাবেই চুলিবোৰ দীঘল কৰিবলৈ শিকিছিল ৷ আনদিনাৰ দৰে তাই ঘৰৰ ভিতৰ নোসোমোৱালৈকে চাই ৰৈছিল সি ৷ জোন মাষ্টাৰ ডিগ্রীৰ বাবে নাহৰৰ দেশ ডিব্রুগড় ইউনিভার্ছিটীলৈ যাম বুলি তাক কোৱাৰ দিনাই ৰূপমৰ মনটো সেমেকি উঠিছিল ৷ অলপো মন নাছিল তাইক তেনেকৈ অকলশৰীয়াকৈ পঠিয়াই দিবলৈ ৷ কিন্তু উপায়ো নাছিল ৷ সিও বিচাৰিছিল তাই পঢ়ক, জীৱনটোক তাই বিচৰা ধৰণে গঢ় দিয়ক ৷ কিন্তু সময় সমাগত হোৱাত তাইক অকলে পঠিয়াই দিব লগা হোৱাত তাৰ বুকুখন এক অজান আশংকাত কঁপি উঠিছিল ৷ বহুপৰ তেনেকৈ থিয় হৈ থাকি সি উভতি আহিছিল ৷
পিছদিনা পুৱাই জোনক বিদায় দিবলৈ ৰূপম বাছ ষ্টপেজলৈ আহিছিল ৷ জোনক থবলৈ অহা মাক আৰু বায়েকৰ চকুৰ আঁৰ হৈ তাইক কৈছিল, পৃথিৱীখন বৰ জটিল৷ জটিল পৃথিৱীখনত খোজবোৰ ভালকৈ দিবা ৷ জোনমণিৰ দুচকুৰে দুটোপাল চকুলো বৈ অহা দেখি ৰূপমৰ হুকটো উজাহ আহিব খুজিছিল যদিও বহু কষ্ট কৰি সি দমন কৰিছিল ৷ তাই মুখেৰে একো মাতিব পৰা নাছিল, দুচকুলৈ চালেই যেন পাৰ ভাঙি বৈ আহিব কান্দোনৰ জোৱাৰ ৷
গাডীখনে হর্ন দিয়াত ৰূপমৰ হাতৰ মুঠিটো ঢিলা হৈ পৰিল, জোনমণিয়ে লাহেকৈ ৰূপমৰ হাতৰ মুঠিৰ পৰা লাহে লাহে হাতখন আঁতৰাই আনি বাছত উঠিছিলগৈ ৷
জোনমণি ইউনিভার্ছিটীৰ নতুন পৰিৱেশ, নতুন মানুহবোৰৰ লগত সহজে মিলি পৰিছিল ৷ লাহে লাহে তাইৰ পঢ়াৰ বোজাও বাঢ়ি আহিছিল ৷ ব্যস্ত হৈ পৰিছিল ভার্ছিটী উইকবোৰৰ মাজত ৷ নাটকবলীয়া ৰূপমো ব্যস্ত হৈ পৰিছিল নাটকৰ মাজত৷ নাটকেই আছিল ৰূপমৰ জীৱন৷ দিন–ৰাতি একাকাৰ কৰি দিছিল নাটকৰ নামত ৷ এই ব্যস্ততাময় জীৱনবোৰৰ মাজে মাজে, চিঠিৰ জৰিয়তে চলি আছিল মৰমৰ আদান–প্রদান ৷
প্রথম কেইমাইমান সকলো ঠিকেই আছিল ৷ ৰূপমৰ চিঠিৰ উত্তৰবোৰো জোনমণিয়ে সময়ে সময়ে দি গৈছিল ৷ ৰূপমৰ ঠিকনাতে জোনমণিয়ে চিঠিবোৰ দিব পাৰিছিল ৷ কিন্তু ৰূপমে জোনমণিলৈ চিঠি দিবলৈ বাট চাব লগা হৈছিল৷ কাৰণ ৰূপমে জোনমণিৰ হোষ্টেলৰ ঠিকনাত চিঠিবোৰ দিব পৰা নাছিল, সি অপেক্ষা কৰিব লগা হৈছিল নৱ জোনমণিৰ কাষলৈ যোৱালৈ ৷ কাৰণ জোনমণিক পইচা বা অন্যান্য সামগ্রীবোৰ দিবলৈ ঘৰৰ মাক–দেউতাকে নৱক পঠিয়াইছিল ৷ কাৰণ নৱ জোনমণিহঁতৰ ঘৰৰ বিশ্বাসী লৰা৷ নৱ ডিব্রুগড়লৈ যাব বুলি গম পালে আগদিনাই নৱৰ হাতত ৰূপমে জোনমণিলৈ বুলি চিঠি দি আহেগৈ ৷
বহু দিন ধৰি জোনমণিৰ কোনোধৰণৰ খবৰ–খাতি নোপোৱাত সি এদিন ইউনিভার্ছিটী ওলালগৈ ৷ ইউনিভার্ছিটীৰ হোষ্টেলত অলপ সময় অপেক্ষা কৰাৰ পাছত জোনমণি আহি ওলাইছিলহি ৷ যিটো আগ্রহ আৰু হেঁপাহেৰে ৰূপম জোনমণিৰ কাষলৈ আহিছিল সেই আগ্রহ আৰু হেঁপাহ ৰূপমে কিন্তু জোনমণিৰ দুচকুত দেখিবলৈ নাপালে ৷ দিনটো জোনমণিৰ লগত কটাই আবেলি পৰত ৰূপম উভতি আহিছিল৷ ওভতাৰ পথত ৰূপমৰ মনত বহু প্রশ্নই জুমুৰি মাৰি ধৰিছিল ৷ প্রশ্নবোৰৰ উত্তৰ নিজৰ মাজতে বিচাৰি মনটো সেমেকি উঠিছিল যদিও মনটোক বুজাইছিল ৷
ডিব্রুগড়ৰ পৰা অহাৰ কিছুদিনৰ পিছতে এদিন হঠাতে ক্লাবৰ সন্মুখত ৰূপমে নৱক লগ পালে ৷ বহুদিনৰ মূৰত ৰপমক পাই নৱই জোৰ কৰিয়েই সন্ধিয়ালৈ তাৰ ৰুমলৈ মাটি পঠিয়ালে ৷
ৰূপম নৱৰ ঘৰ পালেগৈ৷ নৱই তাক আথে–বেথে বহিবলৈ দিলে ৷ সৰু ৰুমটোৰ মাজৰ টেবুলখনত সজাই থোৱা চানাচুৰকেইটা দেখিয়েই ৰূপমে অনুমান কৰি লব পাৰিছিল কিবা পার্টী–চার্টীৰ আয়োজন কৰিছে বুলি ৷
- আজি হঠাৎ ইমানবোৰ আয়োজন যে ৷ কিবা ভাল খবৰ আছেনি
- ভাল খব! নৱৰ মুখেৰে এটি কৃত্রিম হাঁহি বিৰিঙি উঠিল ৷
- হাঁহি উৰুৱাহ দিলি যে ৷
- মই তোক এটা সাধু শুনাবলৈ মাতিছিলো ৷ এই এইবোৰ কথা পিছেপৰেও পাতিম ৷ আগতে খাই লচোন ৷
দুয়োটাই খাই খাই বহু কথাই পাতি থাকিল ৷ কথাৰ মাজে মাজে ৰূপমে নৱৰ মুখখনত কিছু দুখৰ ছায়া দেখিবলৈ পালে৷ নৱৰ যে কিবা এটা হৈছে সেই কথা ৰূপমে বুজি উঠিল যদিও কথাবোৰ খঁুচৰিব নুখুজিলে ৷
- নাৰী সঁচাকৈয়ে ছলনাময়ী ৷ নাৰী জাতিটোক তোৰ মোৰ দৰে সাধাৰণ নৰমনিচে বুজি পোৱা সহজ নহয় ৷
- কেচটো তাৰমানে নাৰীজনিত৷ ইমানবোৰ আয়োজন কৰি খাবলৈ মাতোতেই বুজি উঠিছিলো ৷ তোৰ কিবা এটা যে হৈছে ৷
- নাই বুজা৷ বুজিবলৈ এতিয়াও বহু বাকী ৷
যেতিয়া বুজিবি তেতিয়া মোৰ হূদয়ত বলা ধুমুহা–বৰষুণজাক তোৰ হূদয়তো ববলৈ লব ৷
- এই কিনো পাক লগোৱা কথাবোৰ কৈছ মই হলে একো বুজা নাই ৷
- নুবুজাই ভাল ৷ বুজিলে মাত্র মোক ক্ষমা কৰি দিবি ৷ তোৰ ভাল বন্ধু হৈ মই তোক প্রতাৰণা কৰিলোঁ ৷
- ক্ষমা, প্রতাৰণা৷ এইবোৰ কি কৈছ ৷ মই সঁচাকৈয়ে একো বুজা নাই ৷
- মই জীৱনত ডাঙৰ ভুল এটা কৰি পেলালোঁ ৷
নৱই পেকেটৰ পৰা চিগাৰেট এটা উলিয়াই চিগাৰেটটোত অগ্ণিসংযোগ কৰি ধোঁৱাবোৰ কুণ্ডলী পকাই এৰি দিলে ৷ এটি নির্জনতাই ঠাইখন আগুৰি ধৰিল ৷ মাজে মাজে নৱৰ মুখেৰে এটি দীঘল হুমুনিয়াই বাহিৰ হৈ আহিল ৷
- মই যে তোক এটা সাধু শুনাম বুলি কৈছিলো সাধুটো শুন
এখন গাঁৱত দুজন ভাল বন্ধু আছিল ৷ দুই বন্ধুৱে সকলো কথা এজনে আনজনক খুলি কৈছিল ৷ এনেকৈয়ে দিনবোৰ পাৰ হৈছিল ৷ এদিন হঠাৎ এজন বন্ধুৰ জীৱনলৈ প্রেম আহিল ৷ বন্ধুজনে নিজৰ প্রেয়সীক দিব লগা চিঠিবোৰ বন্ধুৰ হাতেৰেই প্রেয়সীলৈ প্রেৰণ কৰে৷ এনেকৈ বন্ধুৰ চিঠিৰ আদান–প্রদান কৰোঁতে ডাকোৱাল বন্ধুৱেও বন্ধুৰ প্রেয়সীৰ প্রেমত পৰিল ৷ ডাকোৱাল বন্ধুৱে বন্ধুৰ প্রেয়সীক প্রেমৰ প্রস্তাৱ দিয়াত বন্ধুৰ প্রেয়সীও মান্তি হয় ৷ বন্ধুৰ অজ্ঞাতে ডাকোৱাল বন্ধু আৰু বন্ধুৰ প্রেয়সীৰ প্রেম গোপনে আগবাঢ়ে ৷ এনেকৈ দিনবোৰ পাৰ হৈছিল ৷ এদিন হঠাৎ ডাকোৱাল বন্ধুৱে প্রেয়সীৰ অন্য পুৰুষৰ লগত থকা প্রেমৰ কথা গম পোৱাত ডাকোৱাল বন্ধুৰ হূদয়খন ভাগি পৰিল ৷ প্রেয়সীক ত্যাগ কৰি ডাকোৱাল বন্ধু অনুতপ্ত হৈ বন্ধুৰ ওচৰত ক্ষমা বিচাৰি এটা পার্টীৰ আয়োজন কৰি বন্ধুৰ আগত এটা সাধুৰ জৰিয়তে ক্ষমা বিচাৰি হাতযোৰ কৰিছে ৷
নৱই হাতযোৰ কৰি ৰূপমৰ মুখলৈ চাই ৰল ৷ সেই সময়ত ৰূপমৰ চকুকেইটা পকা অঙঠাৰ দৰে ৰঙা হৈ আছিল ৷ কিছুসময় মৌন হৈ ৰল দুয়ো ৷ ৰূপমৰ বুকুৰ ওপৰেৰে এজাক দ্রুতবেগী ধুমুহা ববলৈ ধৰিলে ৷ কি কব কি নকব একো ভাবি নাপালে ৷ কিছু সময় জলকা মাৰি থাকি নৱৰ হাত দুখনত নিজৰ সোঁহাতখনেৰে মুঠি মাৰি ধৰি তাৰ পৰা ঢলং– পলং দেহাৰে উঠি আহে ৷
ৰূপমে নৱৰ ৰুমৰ পৰা ওলাই বাহিৰে বাহিৰে নবীন নগৰ পালেহি ৷ নবীন নগৰৰ পথটোৰে খোজ কাঢ়ি আহি জোনহঁতৰ ঘৰৰ সন্মুখৰ বকুলজোপাৰ তলত বহি পৰিল ৷
- তুমি তোমাৰ প্রতিশ্রুতি ৰাখিব নোৱাৰিলা জোন৷ জোনৰ জোনাকক সাক্ষী কৰি তুমি মোক প্রতাৰণা কৰিলা ৷ কি দোষ আছিল মো! কি দোষ!
ৰূপম উচুপি উঠিল
এটা সময়ত জলজলীয়া চকুযুৰি মোহাৰি লৈ সিহঁতৰ প্রেমৰ সাক্ষীস্বৰূপ বকুলজোপাৰ গা–গছডাল হেঁপাহেৰে স্পর্শ কৰি শেষবাৰৰ বাবে চাহ পঠিয়ালে এল বাটামৰ ঘৰটোলৈ ৷
সুখী হোৱা জোন৷ মনৰ জোখাৰে সুখী হোৱা ৷
এই বাটেৰে বাট নোবোলাৰ সিদ্ধান্ত লৈ এক মুহূর্তৰ বাবেও পিছলৈ নোচোৱাকৈয়ে উলটি আহিছিল ৰূপম ৷
গাড়ীৰ দীঘলীয়া হর্নটোত ৰূপম বৰবৰা উচাপ খাই উঠে৷ কথাবোৰ ভাবি ৰূপম কিমানপৰ এনেকৈ থিয় থাকিল গমেই নাপালে ৷ গাডীখনৰ হর্নটোতহে বাস্তৱলৈ ঘূৰি আহিল ৷ চকুৰ কোণত জিলিকি উঠা চকুলোকণ মচি বাট এৰি দিয়ে ৷
- অই বুুা ছাইড দে ৷
এজন বিশ বছৰীয়া লৰাই বৃদ্ধজনক উদ্দেশ্য কৰি কোৱা কথাষাৰ শুনি সন্মুখৰ ছীটত বহি থকা সত্তৰ বছৰীয়া বৃদ্ধাগৰাকীয়ে মূৰ তুলি চালে ৷ পঞ্চল্লিছ বছৰৰ মূৰত সাইলাখ একে মুখৰ চিনাকি চিনাকি লগা মানুহ এজনক দেখি বৃদ্ধাগৰাকীয়ে গাডীখনৰ সন্মুখৰ ফালে কিছু হাউলি চাই ৰল৷ সাইলাখ একেই মুখ, একেই দৃষ্টি, সেই একেই আত্মীয়তা বকুলৰ সৈতে ৷ বৃদ্ধাগৰাকীৰ বুকুৰ ওপৰেৰে এক মৃদু শিহৰণ পাৰ হৈ গল ৷
গাড়ীখন ৰূপমৰ কাষেৰে পাৰ কৰি নিওঁতে বৃদ্ধাগৰাকীয়ে চকুৰ টিপ নমৰাকৈ ৰূপমৰ ফালে চাই ৰৈছিল ৷ ৰূপমে দেখা পায়ো নেদেখাৰ ভাও জুৰি আঁতৰি আহিছিল ৷
পঞ্চল্লিছ বছৰৰ মূৰত দেখা পোৱা সাইলাখ একে মুখৰ মানুহজনক ওচৰৰ পৰা চোৱাৰ উৎকণ্ঠা এটা মনৰ ভিতৰত জাগি উঠিল ৷
গাড়ীখন ৰখোৱাৰ লগে লগে বৃদ্ধাগৰাকীয়ে খপজপকৈ নামি বাটৰ কাষৰ বকুলজোপাৰ তল পালেহি ৷ তেতিয়ালৈ ৰূপম বকুলজোপাৰ পৰা বহুখিনি আগুৱাই গৈছিল ৷ ৰূপমৰ শৰীৰৰ গোন্ধ এটি তেতিয়াও সেই ঠাইখনত লাগি ৰৈছিল ৷ সেই একেই চিনাকি গোন্ধ এটা ৷
আহ! নিজৰ অজানিতে বৃদ্ধা জোনমণিৰ মুখেৰে এটি হুমুনিয়াহ বাহিৰ হয় ৷ ইচ্ছা থাকিলেও বৃদ্ধা জোনমণিৰ ৰূপমৰ সৈতে মুখামুখি হোৱাৰ সাহস নাছিল ৷
সুদীর্ঘ পঞ্চল্লিছ বছৰৰ আগতে তাইক একো নোকোৱাকৈয়ে বুকুত এগালমান অভিমান আৰু ঘৃণা লৈ এই ঠাই এৰি নিজৰ সপোন পূৰণৰ বাবে ঢাপলি মেলিছিল সুদূৰ গুৱাহাটীলৈ ৷ অভিনয়ক পেছা হিচাপে লৈ গুৱাহাটীতে জীৱনটোক নতুনকৈ সজাই লবলৈ শিকিছিল ৰূপমে ৷
ৰূপম বৰবৰাৰ নিজৰ অজানিতে মুখেৰে বিৰবিৰাই উঠিছিল ৷
দেখিলো জোন তোমাক৷ পূর্ণিমাৰ জোনটোৰ দৰে আজিও তুমি জোনাক হৈ আছা ৷ সুখবোৰে হয়তো তোমাৰ কোঁচ ভৰি আছে, সেইবাবে হয়তো তুমি জোনৰ জোনাকতকৈও ৰূপালী হৈ আছা ৷
বুকুখন পাতল পাতল লাগিল ৰূপম বৰবৰাৰ ৷ মনৰ গোপনীয়তাখিনিক পুনৰ বুকুতে সামৰি–সুতৰি লাখুটিডালৰ ভৰত অহা বাটে খোজ ললে ৷
ফোনঃ ৬০০০৯-৪৭০৬১