উপমাৰ ঊধর্বৰ জীৱনৰ কথাৰে
ভার্গৱ কুমাৰ বৰুৱা
সাহিত্যই সামৰা সীমাৰ সংজ্ঞা নির্ধাৰণ কৰাটো সঁচাকৈয়ে এক দুৰূহ কাম ৷ তথাপি কব পাৰি সাহিত্যই সভ্যতাৰ প্রায় প্রতিটো স্তৰকে সামৰি লোৱাৰ ক্ষমতা বহন কৰে ৷ সভ্যতাৰ, সমাজৰ ঘটনা–পৰিঘটনা আৰু তিনিওকালৰ ভিন্ন বিষয় সামৰি সাহিত্যই নিজা পৰিসৰৰ কলেৱৰ নিজে ব্যাপ্ত কৰি লৈ গৈ থাকে ৷ ইয়াৰে ভিতৰত একো একোগৰাকী মহান যুগনায়কৰ জীৱনৰ ওপৰত আধাৰিত সাহিত্যই সেই সময়ৰ সমাজৰ সকলো দিশেই সামৰি লয় ৷ কাৰণ যুগনায়ক বা মহাপুৰুষ, মহীয়সী নাৰীৰ ব্যক্তিগত জীৱনবোৰে সেই সংশ্লিষ্ট সময়ৰ সমাজৰ ওপৰত প্রভাৱ পেলাবলৈ সক্ষম হয় ৷ সেইবাবেই তেওঁলোক মহান ৷ যিটো সাধাৰণ মানুহবোৰৰ ক্ষেত্রত ব্যতিক্রম, অর্থাৎ একো একোখন সংশ্লিষ্ট সমাজৰ নির্দিষ্ট সময়বোৰে সাধাৰণ মানুহবোৰৰ ব্যক্তিগত জীৱনত প্রভাৱ বিস্তাৰ কৰে ৷ ইয়াতেই মহান মনীষীসকলৰ লগত আন মানুহৰ তফাৎ ৷ সি যি কি নহওক আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে অতুলনীয় আৰু অদ্বিতীয় অসমগৌৰৱ গুৰুজনাৰ জীৱনৰ ওপৰত বিৰচিত সাহিত্যৰ চমু অৱলোকন ৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জীৱনৰ ওপৰত ৰচিত স্বনামধন্য সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ জীৱনীমূলক এখন অনন্য, অনুপম উপন্যাস যাকেৰি নাহিকে উপামৰ কিছু কথা আৰু পৰৱর্তী সময়ত সদ্যমঞ্চস্থ একে নামৰ নাটকৰ কিছু কথাৰে জীৱনৰ প্রাসংগিকতা চমুকৈ বিচাৰ কৰি চোৱাৰ প্রয়াস ৷
নাটকৰ মূল কাহিনীভাগ আগবাঢ়িছে গুৰুজনাৰ জীৱন পৰিক্রমাৰ নানা ঘটনা–পৰিঘটনাবোৰৰ মাজেৰে, তেওঁৰ আষ্চর্যময় শৈশৱৰ বিভিন্ন গাথা, আইতাক খেৰসুঁতিৰ মৰম, আবদাৰৰ মাজেৰে কৈশোৰ পৰা যৌৱনৰ দুৱাৰডলিত খোজ পেলোৱাৰ যাত্রা ৷ লগতে অসমীয়া সমাজ জীৱনৰ স্বকীয় চিনাকি দিয়া গুৰুজনাৰ কর্মৰাজি, তেওঁৰ তীর্থ ভ্রমণ, নামঘৰ, সত্র প্রতিষ্ঠাৰ যোগেদি উপাসনাক ঐকতাৰ মাধ্যম ৰূপে পৰিগণিত কৰিব খোজা মহান প্রচেষ্টাৰাজি ৷ লগতে কাহিনীভাগৰ আন এক আকর্ষণ মহাপুৰুষ মাধৱদেৱৰ লগত ঘটা গুৰুজনাৰ মণিকাঞ্চন সংযোগ ৷ অসমীয়া সমাজ জীৱনৰ যি চিনাকি আৰু চানেকি, সেয়াতো মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰেই অৱদান ৷ সৰুৰে পৰা মহাপুৰুষ শব্দটো সহস্রবাৰ আমি শুনি আহিছোঁ ৷ বয়স আৰু বোধ ববাৰ লগে লগে শব্দটোৰ আক্ষৰিক অর্থ বুজি উঠিছো বুলি কব পাৰি ৷ সমস্ত পৃথিৱীত সময়ে সময়ে নানা মহান পুৰুষৰ আৱির্ভাৱ হৈছে ৷ সকলোৱে সমাজক সংস্কাৰৰ বাট দেখুৱাহ থৈ গৈছে ৷ কিন্তু আমাৰ অসমীয়াৰ বাবে হয়তো শিশুৰ পৰা বৃদ্ধলৈ মহাপুৰুষ শব্দটোৰ সকলো অর্থ সামৰি লয় কেৱল গুৰুজনাৰ ছবিখনেই ৷ এয়াই এটা জাতিক এজন মনীষীয়ে দি যোৱা চিনাকি আৰু চানেকি ৷ অৱশ্যেই কব লাগিব মহাপুৰুষ মাধৱদেৱৰ অৱদানো অসম আৰু অসমীয়াৰ বাবে আশিসস্বৰূপ সদায় ৷ পৰৱর্তী সময়ত আন আন যোগ্য আৰু বিজ্ঞসকলে তেওঁলোকৰ মহাপুৰুষ দুজনাৰ জীৱন আৰু কর্মৰাজিৰ সুন্দৰ আলোকপাত আৰু বিভিন্ন মাধ্যমেৰে প্রচাৰ কৰি আমাক ধন্য কৰাৰ লগতে আমাক অসমীয়া হিচাপে গৌৰৱ কৰাৰ অৱকাশ দিছে ৷ বিভিন্ন পণ্ডিত প্রৱৰে বিগত সময়ত মহাপুৰুষৰ জীৱন চৰিত ৰচনা কৰিছে, তাৰে ভিতৰত আমি সদ্যপ্রয়াত ডঙ্ম লক্ষ্মীনন্দন বৰাৰ যাকেৰি নাহিকে উপাম একে নামৰ উপন্যাসখনৰ আধাৰত গুৱাহাটীৰ ৰবীন্দ্র ভৱনত বিগত ১০ৰ পৰা ১২ মার্চ ২০২২ অনুষ্ঠিত চতুর্দশ বার্ষিক ৰাধাগোবিন্দ বৰুৱা আমন্ত্রণমূলক পূর্ণাংগ নাট সমাৰোহত মঞ্চায়ন কৰা নাটকখনে মহাপুৰুষজনাৰ অৱদান আৰু সমাজ–সংসৃক্তিক জ্যোতিস্মান কৰাৰ প্রয়াসৰ কথা পুনৰ সজীৱ কৰি তোলে ৷ অসমৰ অন্যতম সামাজিক তথা সাংসৃক্তিক গোষ্ঠী জ্যোতিৰূপাৰ সহযোগত প্রখ্যাত নাট্যকাৰ জিণ্টু ভট্টাচার্য আৰু স্বনামধন্য নাট্য শিল্পী গুণাকৰ দেৱগোস্বামীৰ পৰিকল্পনা আৰু পৰিচালনাৰে যাকেৰি নাহিকে উপামৰ সফল মঞ্চায়নে উপন্যাসখনকো আকৌ এক নতুন মাত্রা প্রদান কৰিলে ৷ প্রকৃতার্থত উপমাৰ বহু ঊধর্বৰ সেই পুৰুষোত্তম, তুলনাৰ অতীত সেই জীৱন, সেই সাধনা আৰু সমগ্র কর্মৰাজি যিয়ে এটা জাতিক জাতি বুলি পৰিচয় দিব পাৰে সকলো সামৰি ৷ সেইবাবেই তেওঁ জাতিটোৰ গুৰু, সকলো ধর্ম, কর্মৰ পৰিধি ভেদি, মাত্র উপাসনা আৰু পৰমপিতাৰ চৰণ স্মৰণ কৰি ৷ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনাই আমাৰ গুৰু, কিন্তু কৰবাত মহাপুৰুষ মাধৱদেৱে মহাপুৰুষ শংকৰদেৱক গুৰু ভজি তেওঁক শ্রেষ্ঠতম বুলি স্বীকৃতি দি থৈ গৈছে ৷ আমাৰ সামান্য চিন্তাৰ চেৰেকীয়ে এক অন্য পাক লয়, ঈশ্বৰ বা সর্বশক্তিৰ উপাসনাৰ বাবে চিৰাচৰিত জীৱনৰ মাজতো আমি যথেষ্ট সময় পাওঁ তাৰ লগতে সমাজৰ সংস্কাৰৰ বাবে চিন্তা কৰাৰ সময় নিশ্চয়কৈ থাকে এহ মানৱৰূপী জীৱনটোতে, তাৰ বাবে অন্য উপায় বিচাৰি হাবাথুৰি খাওঁ কিয় গুৰুজনাৰ অতি–লৌকিক কর্মৰাজিৰ বাহিৰে তেওঁ কিন্তু সাধাৰণ জীৱন–যাপন কৰিয়েই মহাপুৰুষৰ শাৰীলৈ উঠিছিল তেওঁৰ সাধনাৰ বলত৷ আৰু তাৰেহ আদর্শকেই আমাকো দেখুৱাহ গৈছে ৷ আমি প্রতিজন অসমীয়াই অন্য নোৱাৰিলেও অন্ততঃ তেওঁৰ আদর্শক উপলব্ধি কৰাটো নিতান্তই প্রয়োজনীয় নিশ্চয় ৷
সাম্প্রতিক সময়ৰ ভংগুৰ সমাজ জীৱনৰ বাবে গুৰুজনাৰ ঐকতাৰ বাণীবোৰ বাৰুকৈয়ে প্রাসংগিক হৈ উঠিছে ৷ নাটক, চলচিচত্র আদিৰ দৰে শক্তিশালী আৰু কার্যকৰী গণমাধ্যমৰ জৰিয়তে আমি তেনে প্রয়াস কৰাটো জৰুৰী হৈ পৰিছে ৷ উক্ত একে নামৰ নাটকখন অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্রচাৰৰ সুব্যৱস্থা কৰি আমি নতুন প্রজন্মক গুৰুজনাৰ আদর্শ আৰু কর্মৰাজিৰ লগত পৰিচয় কৰোৱাৰ প্রচেষ্টা কৰিব লাগে ৷ ভ্রাম্যমাণ নাট্যগোষ্ঠী আৰু অন্যান্য সাংসৃক্তিক গোষ্ঠীবোৰলৈও আমাৰ একান্ত অনুৰোধ যে অসমীয়া নাট্য শিল্পৰ জনক গুৰুজনা আৰু তেওঁৰ শিল্পৰাজিক যুগৰ লগত খাপ খোৱাকৈ আধুনিক কলা–কৌশলেৰে বিকৃত নকৰাকৈ পুনৰ ৰাহজৰ মাজলৈ লৈ আহক ৷ শেষত শিল্প আৰু সমাজ সদায় পৰিপূৰক হৈ ৰোৱাৰ কামনাৰে, আমাৰ সামান্য মনৰ ভাব প্রকাশ কৰিলোঁ ৷
ফোনঃ ৯৬১৩০-৮৬৪৪৮