পংকজ কুমাৰ নেওগ
হাবিৰাম বড়োৰ খেৰসুঁতি প্রাথমিক বিদ্যালয়ত চাকৰি কৰা বহুত বছৰ হৈ গ’ল, অৱসৰ লবলৈ আৰু দুবছৰহে বাকী ৷ দেউতাকে পাতি থৈ যোৱা একেখন স্কুলতে যে চাকৰি কৰিব লাগিব, সেই কথা তেওঁ কেতিয়াও ভবা নাছিল ৷ হাবিৰামৰ মন আছিল বি এটো পাছ কৰি কিবা এটা চৰকাৰী কামত সোমোৱাৰ, কিন্তু সেই সপোন পূৰণ নহল ৷ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি উঠাৰ পিছত কলেজত নাম লগোৱাৰ সময়তে দেউতাকৰ অকস্মাতে মৃত্যু হয় আৰু পৰিয়ালটো চলাবলৈ অৱশেষত তেওঁ দেউতাকৰ স্কুলখনতেই সোমাবলগীয়া হল ৷ হাবিৰামহঁতৰ দেউতাকৰ খেতি–বাতিৰ মাটি তেনেকৈ বিশেষ নাছিল, আধিত দিয়া মাটিখিনিৰ খেতিৰে পৰিয়ালটোৰ ওৰে বছৰ নচলে ৷ মাকৰ উপৰি দুটা ভায়েক আৰু দুজনী ভনীয়েকৰ দায়িত্ব হাবিৰামৰ ওপৰত আহি পৰিছিল ৷ হাবিৰামহঁতৰ প্রাথমিক বিদ্যালয়খন যথেষ্ট ভিতৰুৱা খেৰসুঁতি গাঁৱৰ একমাত্র চৰকাৰী স্কুল ৷ দেউতাকহঁতৰ দিনতে গাঁৱৰ দুই–তিনিজন মানৰ লোকৰ চেষ্টাত সুক্লখন গঢ়ি উঠিছিল ৷ হাবিৰাম নিজেও সেইখন স্কুলৰ পৰা পাছ কৰা ৷ সেই সময়ত ওচৰ–পাঁজৰৰ গাঁৱৰ লৰা–ছোৱালীবোৰৰ বাবে খেৰসুঁতি গাঁৱৰ স্কুলখনেহ আছিল একমাত্র প্রাথমিক বিদ্যালয় ৷ ওচৰৰ চৰ অঞ্চলৰ কিছু লৰাও পঢ়িবলৈ অহা হাবিৰামৰ মনত পৰে ৷ এতিয়া অৱশ্যে প্রায়বোৰ গাঁৱতে নিজাকৈ একোখন প্রাথমিক বিদ্যালয় হল ৷ চাওঁতে চাওঁতে খেৰসুঁতিত হাইস্কুল এখনো আৰম্ভ হোৱাৰ যো–জা চলিছে ৷ হাবিৰামহঁতে নিতৌ চাইকেল চলাই ওচৰৰ মফচলীয় টাউনখনৰ হাইস্কুললৈ অহা–যোৱা কৰিবলগীয়া হৈছিল ৷ বাৰিষা বোকা–পানী বা বৰষুণৰ মাজেৰে কষ্টৰে অহা–যোৱা কৰা দিনবোৰৰ কথা হাবিৰামৰ এতিয়াও মনত পৰে ৷ এতিয়া অৱশ্যে বাট–পথ কিছু ভাল হোৱাৰ পিছত সমস্যাবোৰ বহুত কমিল ৷
হাবিৰাম বড়ো স্কুলখনৰ প্রধান শিক্ষক হোৱাৰ পিছত দায়িত্ব বহুতো বিদ্যালয় ৷ আগেয়ে শ্রেণীবোৰত পাঠদান শেষ কৰিয়েই দিনটোৰ বাবে আজৰি হৈছিল, এতিয়া স্কুল ছুটী হোৱাৰ পিছতো নানা ধৰণৰ কাম থাকে ৷ সুক্ল পৰিদর্শকৰ অফিচৰ পৰা অহা নানা ধৰণৰ কাগজ–পত্রৰ উত্তৰ পঠিয়াবলগীয়া হয়, পৰিদর্শকৰ অফিচলৈকো মাজে মাজে যাব লাগে ৷ এতিয়া গুণোৎসৱ নামৰ নতুন ব্যৱস্থা এটাও চৰকাৰে প্রাথমিক বিদ্যালয়বোৰৰ মূল্যায়নৰ বাবে আৰম্ভ কৰিছে ৷ খেৰসুঁতি প্রাথমিক বিদ্যালয়খনক লৈ স্কুল পৰিদর্শকৰ অফিচ বৰ সুখী নহয় ৷ দিনে দিনে বিদ্যালয়খনৰ অৱনতি ঘটি অহা বুলি আপত্তি আহিছে, যোৱাবাৰৰ গুণোৎসৱত ঘ বিভাগ মানে আটাহতকৈ তলৰ বিভাগত বিদ্যালয়খনে স্থান পাইছে৷ হাবিৰাম বড়োৱে অকলে এতিয়া কি কৰিব আজিকালি অসমীয়া মাধ্যমৰ প্রাথমিক বিদ্যালয়বোৰ চলোৱাই টান হৈ পৰিছে লৰা–ছোৱালী কোনো পঢ়িবলৈকে নাহে ৷ কিছু আঁতৰত থকা টাউনখনলৈ বাট–পথ সুগম হোৱাৰ পিছত গাঁৱৰ বহুতে নিজৰ লৰা–ছোৱালীক ইংৰাজী মাধ্যমৰ স্কুললৈ লৈ গল ৷ বাপেকবোৰে নিজে মটৰ–চাইকেল, স্কুটীত লৰা–ছোৱালীক অনা–নিয়া কৰে বা গাড়ী ভাৰা কৰি একেলগে কেইবাটাকো স্কুললৈ পঠিয়ায় ৷ চৰকাৰে জধে–মধে খোলা স্কুলবোৰৰ সংখ্যাও বহুত হল, একেটা অঞ্চলত ওচৰে ওচৰে খোলা স্কুলবোৰৰ বাবে বাকী থকা ছাত্র–ছাত্রীবোৰ নিজৰ নিজৰ ঠাইতে থাকিল আগেয়ে সকলো মিলি এখন গাঁও বা এটা অঞ্চলত থকা একমাত্র পঢ়াশালিখনলৈহে গৈছিল ৷ সেআদৰে গাঁৱৰ প্রাথমিক বিদ্যালয়বোৰত শিক্ষকেও কাম কৰিব নোখোজা হল ৷ হাবিৰাম বড়ো প্রথম চাকৰিত সোমোৱাৰ সময়ত স্কুলখনত অতিকমেও আঠগৰাকী শিক্ষক–শিক্ষয়িত্রী আছিল, এতিয়া তেওঁক লৈ মাত্র তিনিজনহে শিক্ষক আছে ৷ বেলেগ চাকৰি নোপোৱালৈকে কোনোমতে গাঁৱৰ স্কুলত সোমাই থকা কেইবাজনো চহৰৰ স্কুললৈ বা অন্যান্য চাকৰি পাই ওলাহ গুচি গল ৷ স্কুল ঘৰটোৰো দিনে দিনে শোচনীয় অৱস্থা হৈ আহিছে ৷ কেইবাটাও শ্রেণীকোঠাত পকীৰ মজিয়াবোৰ ভাঙি তললৈ বহি গৈছে, বৰষুণ দিলে দুটামান কোঠাত পানী উৰুখে ৷ স্কুলৰ চকী–মেজ, ডেস্ক্–বেঞ্চ আটাইবোৰৰে অৱস্থা লৰক–ফৰক, বস্তুবোৰ সলাবলৈ কেতিয়াবাহ কর্তৃপক্ষক অনুৰোধ কৰা হল যদিও আজিলৈকে একো নাহিল ৷ আগেয়ে ওচৰৰ চৰ অঞ্চলটোৰ পৰা কিছুমান ছাত্র আহিছিল এতিয়া সেইবোৰ ঠাহত জনবসতি ববাৰ লগে লগে নিজস্ব বিদ্যালয় প্রতিষ্ঠা হল ৷ ভিতৰুৱা চৰ–চাপৰিবোৰত শিক্ষাৰ প্রসাৰণৰ বাবে আজিকালি কেইবাটা বেচৰকাৰী সংস্থাও আগবাঢ়ি আহিছে ৷ হাবিৰাম বড়োৱে শুনিবলৈ পোৱা মতে আজমল জাতীয় গ্রামীণ শিক্ষা সম্প্রসাৰণ আঁচনিৰ অধীনত ওচৰৰ চৰটোত এখন প্রাথমিক বিদ্যালয় নতুনকৈ আৰম্ভ হৈছে ৷ সেই নতুন বিদ্যালয়খনৰ ঘৰটোৱেই চাবা নে আচবাব–পত্রবোৰেই চাবা আহল–বহল চৌহদ, আধুনিক সা–সৰঞ্জাম, আধুনিক শৌচাগাৰ আৰু প্রস্রাৱাগাৰ, পৰিষ্কাৰ খোৱা–পানীৰ ব্যৱস্থা, প্রধান শিক্ষকৰ আছুতীয়া কোঠা, গ্রন্থাগাৰ, নানা ধৰণৰ খেলা–ধূলা আৰু খেলপথাৰ আদিৰে তমস্কাৰ ৷ অকল সেয়াই নহয়, চৰ অঞ্চলৰ কোনোবা এজন পুৰণি শিক্ষকে আজীৱন তেনে ধৰণৰ ভিতৰুৱা অঞ্চলত সেৱা আগবেোৱাৰ বাবে ৫০০০০ টকা পুৰস্কাৰো লাভ কৰিছে ৷ হাবিৰাম বড়োহঁতে চাকৰি কৰা পুৰণি চৰকাৰী প্রাথমিক বিদ্যালয়বোৰহে এতিয়া সকলো সমস্যাৰে ভাৰাক্রান্ত৷ ছাত্র–ছাত্রীৰ বা শিক্ষক–শিক্ষয়িত্রীৰ সংখ্যা ববাব নোৱাৰা বা পৰীক্ষাৰ ভাল ফলাফল দেখুৱাব নোৱাৰা সকলো বিদ্যালয়ৰ ওপৰত চৰকাৰৰ শেনচকু, সুযোগ পালেই তেনেবোৰ বিদ্যালয় একেবাৰে বন্ধ কৰি দিবলৈ চৰকাৰ উঠিপৰি লাগিছে ৷
স্কুল ছুটীৰ পিছত অন্যান্য কাম কিছুমান কৰি থাকোঁতে হাবিৰাম বড়োৰ দেৰি হল ৷ মাজতে স্কুলৰ চকীদাৰ ৰত্নেশ্বৰে চাহ একাপ দি থৈ গলহি ৷ স্কুলৰ বাকীবোৰ দুৱাৰ ঘৰ ভালকৈ মাৰি থৈ তেওঁ ৰত্নেশ্বৰক ঘৰলৈ যাবলৈ দিলে ৷ নিজে শিক্ষকৰ জিৰণি কোঠাৰ এটা চুকত নিজৰ টেবুল–চকীতে বহি কাম কৰি থাকিল ৷ হাবিৰাম বড়োৰ লৰা–ছোৱালী তিনিটা ৷ ডাঙৰ জীয়েক ৰমলা বি এ পাছ কৰি গুৱাহাটীৰ কোম্পানী এটাৰ চাকৰিত সোমাইছে, এহ ৰমলাৰে তিনি মাহৰ পিছত পাতিবলগীয়া বিয়াখনক লৈ তেওঁ অলপ চিন্তিত৷ অফিচত একেলগে কাম কৰা লৰা এটাৰ সৈতে তাহৰ বিয়া, সিহঁত দুয়োৰে মন মিলিছে যেতিয়া হাবিৰাম বড়ো আৰু তেওঁৰ পত্নী সৰলাৰ আপত্তি কৰিবলগীয়া একো নাহ ৷ ভালে ভালে বিয়াখন হৈ গলেই হয় ৷ ডাঙৰ লৰাটোৱে গুৱাহাটীৰ ইঞ্জিনীয়াৰিং ইনষ্টিটিউটৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লোমা লৈ চাকৰি বিচাৰি আছে, এইকেহদিন সি গাঁৱৰ ঘৰত৷ সৰু লৰাটো এইবাৰ দশম শ্রেণীত, অহা বছৰ মেড্রিক পৰীক্ষাত উত্তীর্ণ হব ৷ হাবিৰাম বড়ো ঘৰ গৈ পাওঁতে আন্ধাৰেহ হল ৷ কাপোৰ–কানি সলাই আৰু মুখ হাত ধুই তেওঁ বাহিৰৰ বাৰাণ্ডাখনতে বহিল৷ সৰলাই চাহ একাপ আৰু প্লেটখনতে ব্রিটানিয়া বিস্কুত দুখন তেওঁলৈ আগবঢ়াই দিলে ৷ চাহকাপ খাই থাকোঁতে সৰলাই মাত লগালে মোক পিছে বজাৰলৈ কেতিয়াকৈ নিব বুলি ভাবিছে ৰমলাৰ বিয়ালৈ বেছিদিন নাই ৷ টাউনত গহনা কেইপদমান বনাবলৈ দিব লাগিছিল ৷ কইনাৰ কাপোৰো পছন্দ কৰি কিনিবলৈ আছে ৷ পছন্দৰ কাপোৰ নাপালে আকৌ বনাবলৈ দিব লাগিব ৷ গতিকে এদিনৰ কাম নহয়, এতিয়া আমি টাউনলৈ গৈ থাকিব লাগিব ৷ সৰলাৰ কথা শুনি গিৰীয়েকে উত্তৰ দিলে হেৰা, কহনাৰ বস্তুবোৰ তুমি ৰমলাৰ সৈতে একেলগে বজাৰ কৰিব নোৱাৰানে তাই থাকিলে তোমাৰ বহুতো সুবিধা হব, তাইৰ নিজৰো পছন্দ–পছন্দৰ কথা আছে ৷ এটা কাম নকৰা কিয় তুমি গুৱাহাটীত কেইদিনমান তাইৰ লগত থাকি দুয়ো একেলগে কইনাৰ বজাৰখিনি কৰি লব পাৰা ৷
–ভাল কথা কৈছে মহনো ৰমলাৰ সৈতে গুৱাহাটীত কেনেকৈ থাকোঁগৈ তাই নিজে দুজনী ছোৱালীৰ সৈতে হোষ্টেলৰ কোঠা এটাত থাকে৷ মই তাইৰ সৈতে কথা পাতিছিলোঁ, সকলো বজাৰ–সমাৰ তাই আমাক ইয়াতে কৰিবলৈ দিছে ৷ গহনা–গাঁথৰি, কাপোৰ–কানি ইত্যাদিৰ প্রতি তাইৰ বিশেষ চখ নাহই, গতিকে আমি অলপ–চৰপ ইয়াতে যি পছন্দ কৰি লওঁ সেহখিনি তাইৰো পছন্দ হব ৷ তদুপৰি তাই হেনো আগেয়ে ছুটী লৈ ঘৰলৈ আহিব নোৱাৰে, একেবাৰে বিয়াৰ কেহদিনমান আগতহে আহিব ৷ সৰলাৰ কথা শুনি হাবিৰাম বড়োৱে কি উত্তৰ দিব ভাবি নাপালে, বিয়াৰ বহুদিন আগৰ পৰা নিজেহে ছুটী লৈ সকলো কাম–কাজ চোৱা–চিতা কৰিব লাগিব যেন তেওঁৰ ভাব হল ৷ সৰলাই আকৌ এবাৰ তেওঁক বজাৰলৈ নিয়াৰ কথা মনত পেলাই দিয়াত অৱশেষত মাত লগালে বাৰু হব দিয়া, এহ শনিবাৰে ওলাবা৷ শনিবাৰে পুৱা সোনকালে ওলাই গৈ আঁহততলৰ পৰা টাউনলৈ যোৱা বাছখন ধৰিব পাৰিম ৷ স্কুলৰ আন দুয়োজন শিক্ষকেও সেহদিনা নিজৰ নিজৰ কামত টাউনলৈ যাব বুলি মোক কৈ থৈছে ৷ শনিবাৰে এবেলাৰ স্কুল যেতিয়া আমাৰ বৰপোনাই স্কুলখন চাই দিব পাৰিব, একো অসুবিধা হব নালাগে৷ হাট–বাৰ বাবে শনিবাৰে স্কুললৈ এনেয়ো লৰা–ছোৱালী বেছিকৈ নাযায়৷ শনিবাৰ বুলি এনেকৈ চলি যাব, সপ্তাহৰ আনদিনা স্কুল এৰি গলে সমস্যা, গোটেই দিনটো ছুটী লব লাগিব ৷
ওচৰৰ চহৰখনত শনিবাৰটো হাট–বাৰ৷ শনিবৰীয়া হাটত গাঁও–চৰৰ প্রতিজন ব্যক্তিয়ে ভিৰ কৰেহি ৷ কোনোবা যদি বজাৰত বস্তু কিনিবলৈ আহে, কোনোবা আহে বিক্রী কৰিবলৈ ৷ নামত প্রাথমিক বিদ্যালয়বোৰ সেইদিনা খোলা থাকে যদিও ছাত্র–ছাত্রীৰ উপস্থিতি তেনেই সেৰেঙা ৷ দেউতাকবোৰে ঘৰৰ উৎপাদিত শাক–পাচলি, ফল–মূল ইত্যাদি হাটলৈ বেচিবলৈ আনে আৰু প্রাথমিক বিদ্যালয়ত পপা পেন্দুকণাকেহটাই দেউতাকৰ চাইকেলখন পিছফালৰ পৰা ঠেলি ঠেলি সহায় কৰে বা ভাৰা কৰা টেম্পোত বিক্রী কৰিবলগীয়া বস্তুৰ বস্তাবোৰ ভৰোৱাৰ পিছত দেউতাকৰ সৈতে নিজেও কুঁচি–মুচিকৈ ছীটটোৰ এটা চুকত বহি লয় ৷ হাটলৈ গৈ দেউতাকৰ সৈতে দিনটো শাক–পাচলি বেচে, দুপৰীয়া হাটত বেচা পুৰী–ঘুগুনি খায় ৷ সন্ধিয়া উভতি অহাৰ সময়ত দেউতাকক কুটুৰি লজেন–বিস্কুতো কিনি আনে ৷ কাৰো ভাগ্যত আকৌ দেউতাক হাটলৈ বস্তু বেচিবলৈ যোৱাদিনাখন পথাৰত গৰুকেহটা চম্ভালাৰহে দায়িত্ব পৰে৷ শিক্ষকসকলৰো প্রায়বোৰে সেইদিনা টাউনলৈ গৈ মেলাসদৃশ হাটখনত কিবাকিবি কিনিবলৈ ভাল পায় ৷ তাৰ পিছত কেহজনমান গোট খাই একেলগে চাহ দোকানত আড্ডা মাৰি বহোতেহ দিনটো পাৰ হয় ৷ গাঁওখনৰ গতানুগতিক অলসভাৱে চলি থকা জীৱনধাৰা শনিবাৰবোৰেই যেন অলপ জীপাল কৰি তোলে ৷ হাবিৰাম বড়োই সৰলাক কথা দিয়াৰ দৰে পিছৰ শনিবাৰটোত টাউনলৈ যাবলৈ ওলাল, সৰলাও সাজু হল, ঠিক তেনেতেই মবাইল ফোনটোত কল এটা আহি সকলো খেলিমেলি লগালে ৷ ফোনটো আহিছিল স্কুলৰ সহঃ পৰিদর্শকৰ পৰা ৷ দিনৰ ১০.৩০ মান বজাৰ সময়ত হেনো উপ–পৰিদর্শক আৰু সহঃ পৰিদর্শক দুয়ো আহি পাব বিদ্যালয় পৰিদর্শন কৰিবলৈ ৷ তেওঁলোকৰ এই বিদ্যালয় পৰিদর্শন যে পূর্বপৰিকল্পিত সেই কথা প্রধান শিক্ষক হাবিৰাম বড়োৱে ভালকৈ বুজি পালে ৷
আজিকালি স্কুল পৰিদর্শকৰ অফিচৰ সকলো সচেতন হৈ পৰিছে, হাট–বাৰৰ দিনবোৰ ভিতৰুৱা গাঁও আৰু চৰ–চাপৰি অঞ্চলৰ বিদ্যালয়বোৰৰ বাবে যে অঘোষিত বন্ধৰ দিন হৈ পৰিছে সেইবোৰ খবৰ তেওঁলোকে পায় ৷ কেইবাবছৰৰ আগেয়ে এনেকৈ এবাৰ অপ্রত্যাশিতভাৱে স্কুল পৰিদর্শনৰ বাবে পৰিদর্শক আহোঁতে স্কুলত কোনো নাছিল, সেই সময়ৰ প্রধান শিক্ষকজনে নিজৰ ভতিজাজনক সুক্লৰখীয়া পাতি টাউনলৈ নিজৰ কামত গৈছিল ৷ স্কুল পৰিদর্শকজনে স্কুল আৰু প্রধান শিক্ষকজনৰ বিষয়ে ইমানেই বেয়া ৰিপর্ট দিছিল যে ভাগ্যৰ বলতহে যেনে–তেনে তেওঁৰ চাকৰিটো বাচিছিল ৷ আজি হাবিৰাম বড়োৱে নিজেও একেটা ভুলকে কৰিবলৈ ওলাইছিল, ভাগ্যে সহকাৰী পৰিদর্শকজনে যেনিবা আগতীয়াকৈ খবৰটো জনালে ।
সহকাৰী পৰিদর্শকজনৰ পৰা ফোন কল পোৱাৰ পিছত হাবিৰাম বড়োৱে কৰিবলগীয়া কামবোৰৰ কথা ততালিকে ভাবি ললে ৷ তেওঁৰ হাতত সময় বেছি নাছিল ৷ প্রথমে ছুটী লৈ টাউনলৈ যাবলৈ ওলোৱা দুয়োজন সহকাৰী শিক্ষকক ফোন কৰিলে ৷ এজন বাছত উঠি টাউনলৈ বুলি আধাবাট পালেগৈ, তেওঁক পুনৰ ওভতাই অনা সম্ভৱ নহয় ৷ আনজন নিজৰ মটৰচাইকেলত উঠি ওলাহ যাব ধৰোঁতেই তেওঁক স্কুল পৰিদর্শনৰ কথা কৈ যেনে–তেনে ৰখোৱা হল ৷ স্কুলৰ চকীদাৰ ৰত্নেশ্বৰকো সময়মতে স্কুলত উপস্থিত থাকিবলৈ কৈ তেওঁ নিজে স্কুললৈ যাবলৈ সাজু হৈ ওলাল ৷ সৰলাক এতিয়া তেওঁ কি বুলি এতিয়া সাত্ব্ন্না দিয়ে এনেবোৰ অকস্মাতে হবলগীয়া ঘটনাৰ কথা বাৰু তেওঁ কেনেকৈ গম পায় অৱশেষত ঠিক হল যে সৰলা বৰপোনাৰ লগতে টাউনলৈ যাওক আৰু যিখিনি পাৰে বজাৰ–সমাৰ কৰি আহক ৷ কিবা কাপোৰ–কানি বা গহনা–গাঁথৰি বনাবলৈ দিবলগীয়া থাকিলে সেহবোৰৰো অগ্রিম নির্দেশ সৰলাহ দি থৈ আহিব পাৰে৷ যদি তেনে কৰিবলৈ ভাল নাপায় তেনেহলে তেওঁ আন এদিন পত্নীৰ সৈতে নিশ্চয় বজাৰলৈ যাব পাৰিব ৷ আন দিনাতকৈ হাবিৰাম বড়ো সোনকালে স্কুল পালেগৈ, ৰত্নেশ্বৰ আৰু সহকাৰী শিক্ষকজনো তেওঁৰ পিছে পিছে গৈ ওলালগৈ ৷ প্রধান শিক্ষক মহোদয়ৰ চিন্তা হল স্কুললৈ আহিবলগীয়া লৰা–ছোৱালীৰ সংখ্যাটোক লৈ ৷ এটা বুজনসংখ্যক লৰা–ছোৱালী স্কুললৈ নাহিলে পৰিদর্শক দুজনৰ ওচৰত নিজেই লাজ পাব লাগিব ৷ তেওঁ যিকেইজন অভিভাৱকক ব্যক্তিগতভাৱে জানিছিল আৰু ফোন নম্বৰবোৰ আছিল তেওঁলোকক লগে লগে মবাইল ফোনত ফোন কৰি যেনে–তেনে তেওঁলোকৰ লৰা–ছোৱালীক সেইদিনা স্কুললৈ পঠিয়াবলৈ অনুৰোধ কৰিলে, ৰত্নেশ্বৰ আৰু আনজন শিক্ষকেও তেওঁলোকৰ নিজৰ নিজৰ চিনাকি অভিভাৱকসকলক যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে ৷ বিশেষ একো লাভ নহল, প্রায়বোৰেই তেতিয়ালৈকে চহৰৰ শনিবৰীয়া হাটলৈ ঢাপলি মেলিছে ৷ লৰা–ছোৱালী বহুতো বাপেকবোৰৰ সৈতে ওলাহ গল, কিছুমান গৰু চম্ভালিবলৈ বা খেতিপথাৰলৈ পুৱাহ ওলাই গৈছে ৷ যিকেইজন ছাত্র–ছাত্রী ইলৈ আহে সিহঁতৰ সহায়তেই কোনোমতে পৰিদর্শন কার্যৰ বৈতৰণীখন যেন পাৰ হয় তাৰ বাবে প্রধান শিক্ষক মহোদয়ে ঈশ্বৰক প্রার্থনা কৰিবলৈ ধৰিলে ৷ স্কুলত ইমান বছৰ কাম কৰি তেখেতৰ তিতা–কেঁহা লাগিছিল, কিমান আৰু টানি–আঁজুৰি এইদৰে স্কুলখন চলাই থাকিব স্কুল চলোৱাৰ নামত হাজাৰটা সমস্যা, তাতে চৰকাৰৰ আকৌ সকলোতে সর্বক্ষণে শেনচকু ৷ অৱসৰ লাভ কৰিলে এই সকলোৰে পৰা মুক্তি লভি অন্ততঃ খেতি–খোলাতে তেওঁ অলপ মন বহাব পাৰে ৷ কেতিয়াবা তেওঁৰ ভাব হয় এনেদৰেই দিনবোৰ চলি থাকক, এনেদৰেই স্কুলখন চলি থাকক, তেখেতৰনো ইমান চিন্তা কৰি কি লাভ আগৰ প্রধান শিক্ষকসকলেও কোনো ধৰণৰ চিন্তা নকৰাকৈ তেওঁলোকৰ সময় কটালে৷ স্কুলখনৰ উন্নতিৰ হকে কেহজনেনো মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰিছিল ।
১০ বজাৰ আগেয়ে স্কুললৈ আহিবলগীয়া ছাত্র–ছাত্রীসকল পালেহি ৷ উপস্থিতি সন্তোষজনক নহলেও হাবিৰাম বড়োৱে ভবাৰ দৰে ইমান হতাশজনকো নাছিল, হয়তো পৰিদর্শনৰ কামখিনি সুকলমেহ পাৰ হৈ যাব৷ প্রার্থনা হৈ যোৱাৰ পিছত সকলোকে নিজৰ নিজৰ শ্রেণীলৈ উভতি গৈ বিভিন্ন পাঠবোৰ উলিয়াবলৈ কোৱা হল ৷ দুয়োজন শিক্ষকে শ্রেণীবোৰলৈ গৈ আহিবলগীয়া পৰিদর্শকসকলৰ কথা জনালে আৰু তেওঁলোকে সোধা প্রশ্ণবোৰৰ যিমান পাৰে যথাযথ বা শুদ্ধ উত্তৰ দিবলৈ যাতে চেষ্টা কৰে সেই কথা সোঁৱৰাই দিলে ৷ ১০.৩০ মান বজাৰ পিছত উপ–পৰিদর্শক আৰু সহঃ পৰিদর্শক দুয়ো আহি উপস্থিত হল ৷ টাউনৰ হাট–সমাৰ, মানুহ–দুনুহৰ ভিৰ অতিক্রম কৰি খেৰসুঁতি প্রাথমিক বিদ্যালয়ত উপস্থিত হবলৈ তেওঁলোকৰ কিছু সময় লাগিল ৷ শিক্ষকসকলৰ সৈতে কিছু সময় কথা–বতৰা পাতি পৰিদর্শক দুজন দুটা বেলেগ শ্রেণীত সোমাল ৷ তাৰ পিছত আৰু দুটা অন্য শ্রেণীও তেওঁলোকে পৰিদর্শন কৰিলে ৷ এইদৰে প্রায় ডেৰ ঘণ্ঢা কটোৱাৰ পিছত তেওঁলোকৰ কাম শেষ হল আৰু শিক্ষকসকলৰ জিৰণি কোঠাত আহি বহিলহি ৷ শনিবৰীয়া স্কুল ছুটী হোৱাত লৰা–ছোৱালীবোৰ ঘৰা–ঘৰি গল, বজাৰৰ পৰা আনি থোৱা চিঙৰা–মিঠাইৰে ৰত্নেশ্বৰে পৰিদর্শকদ্বয়ক আদৰ–সাদৰকৈ চাহ খুৱালে ৷ চাহ–পানী পর্বৰ পিছত প্রধান শিক্ষকৰ সৈতে তেওঁলোক আলোচনাত ব্যস্ত হল ৷ পৰিদর্শক দুজনে যি মন্তব্য দিলে সেহখিনি প্রধান শিক্ষক মহোদয়ৰ বাবে বিশেষ একো নতুন নাছিল ৷
অন্যান্য প্রাথমিক স্কুলৰ ছাত্র–ছাত্রীৰ তুলনাত খেৰসুঁতি প্রাথমিক বিদ্যালয়ৰ ছাত্র–ছাত্রী পপা–শুনাত যথেষ্ট দুর্বল, পাঠ্যক্রমৰ বেছিভাগ বিযয়বস্তুৰ বিষয়ে সিহঁতৰ ধাৰণা নাই ৷ এনেধৰণে অগ্রসৰ হলে এটাও লৰা–ছোৱালী যে স্কুলখনৰ পৰা উত্তীর্ণ হৈ ওলাব আশা কম ৷ স্কুলৰ ছাত্র–ছাত্রীৰ সংখ্যা এনেয়ে তাকৰীয়া, শনিবাৰ বুলি তাতে মাত্র এমুঠিহে স্কুলত উপস্থিত ৷ শিক্ষকৰ সংখ্যাও তথৈবচ, তেওঁলোক খেতি–খোলা বা কিবাকিবি নিজৰ অন্যান্য ব্যৱসায়ক লৈ ব্যস্ত ৷ যত্নসহকাৰে কোনো শিক্ষকৰে ছাত্র–ছাত্রীক পপুৱাবলৈ বা সিহঁতক বাট দেখুৱাই আগুৱাই নিবলৈ ইচ্ছা নাই ৷ যোৱাবাৰ গুণোৎসৱৰ সময়ত খেৰসুঁতি প্রাথমিক বিদ্যালয়ৰ স্থান আছিল একেবাৰে তলৰ শাৰীত, পৰৱর্তী গুণোৎসৱতো যদি একেটা শাৰীত থাকে তেনেহলে চৰকাৰে স্কুলখন চিৰদিনলৈ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত একেবাৰে খাটাং ৷ এইদৰে কিছু সময় তেওঁলোকৰ মতামত আৰু একপ্রকাৰ সাৱধানবাণী শুনাই থৈ পৰিদর্শক দুগৰাকী যাবলৈ ওলাল ৷ ইমান সময় প্রধান শিক্ষক মহোদয়ে তেওঁলোকৰ কথাবোৰ শুনি থকাৰ বাহিৰে আৰু মাজে মাজে হা–হু কৰি থকাৰ বাহিৰে অন্য একো কৰিবলগীয়া নাছিল ৷
পৰিদর্শকদ্বয়ৰ প্রস্থানৰ পিছত হাবিৰাম বড়ো চিন্তাত বুৰ গল ৷ পৰিদর্শক দুজন স্কুললৈ অহাৰ আগেয়ে তেওঁৰ চিন্তাধাৰা আছিল সমূলি ঋণাত্মক তেওঁৰ ইচ্ছা আছিল চাকৰিৰ বাকী থকা দুবছৰ যেনে–তেনে কটাই অৱসৰ লোৱাৰ ৷ স্কুলখন যেনেদৰে আগেয়ে চলি আছিল চলি থাকক, ইমান দিনে স্কুলখনৰ একো উন্নতি কৰিব নোৱাৰিলে যেতিয়া মৰিবৰ সময়ত মকৰধবজ বিচাৰি যোৱাৰ কি আৱশ্যক কিন্তু আজি পৰিদর্শক দুজন স্কুল পৰিদর্শনলৈ আহি হাবিৰাম বড়োৰ হূদয়খন যেন হঠাতে বেদনাসিক্ত আৰু গধুৰ কৰি পেলালে ৷ লাহে লাহে তেওঁৰ মনটো অতীতলৈ উভতি গল, সৰু কালৰ কথাবোৰ মনলৈ আহিল ৷ দেউতাকে খেৰসুঁতি প্রাথমিক বিদ্যালয়খন সেই অঞ্চলটোত প্রতিষ্ঠা কৰিবলৈ কমখন কষ্ট কৰা নাছিলনে নিজে অ–আ, ক–খকেইটা চিনি পাইছিলে নে নাই সন্দেহ, কিন্তু গাঁৱত শিক্ষা প্রসাৰণৰ ক্ষেত্রত তেওঁ অগ্রণী ভূমিকা লৈছিল ৷ গাঁৱৰ অইন দুজন মানৰ সৈতে দেহে–কেহে স্কুলখনৰ হকে লাগি থকাৰ বাবেহে অৱশেষত তেওঁলোকৰ সপোনবোৰ ফলিয়াইছিল আৰু উচ্চমানৰ প্রাথমিক বিদ্যালয় এখন প্রতিষ্ঠিত হৈছিল ৷ বহুত দিন সগৌৰৱেৰে চলাৰ পিছত লাহে লাহে স্কুলখনৰ অৱনতি হবলৈ ধৰে ৷ এতিয়া সেই ৰামো নাই আৰু অযোধ্যাও নাই, কিন্তু দেউতাকৰ পৱিত্র স্মৃতি ৰক্ষার্থে, দেউতাকে প্রতিষ্ঠা কৰি যোৱা স্কুলখনৰ হকে হাবিৰাম বড়োৰ কিবা এটা দায়বদ্ধতা থকা নিতান্তহ উচিত ৷ তেওঁ নিজৰ প্রচেষ্টাত সফল বা বিফল হব পাৰে, সেয়া এক বেলেগ বিষয়, কিন্তু আগন্তুক দুটা বছৰৰ ভিতৰত সামর্থ্য অনুযায়ী নিজৰ কর্তব্যখিনি কৰিবলৈ চেষ্টা কৰাটো একান্ত বাঞ্ছনীয় ৷ এই কথাখিনি মনলৈ অহাৰ লগে লগে হাবিৰাম বড়ো দৃপ্রতিজ্ঞ হল, তেওঁ যেন হঠাতে হেৰাই যোৱা মনোবলখিনি ঘূৰাই পালে ৷
এৰা, পৰৱর্তী গুণোৎসৱত তেওঁ খেৰসুঁতি প্রাথমিক বিদ্যালয়খনৰ মান অতিকমেও ঘ বিভাগৰ পৰা খ বিভাগলৈ উন্নীত কৰিবই লাগিব ৷ ইয়াৰ বাবে তেওঁ নিজে যিমান কষ্ট কৰিব লাগে কৰিব আৰু বাকী দুজন সহকাৰী শিক্ষককো সমানে কষ্ট কৰিবলৈ আদর্শ দাঙি ধৰিব ৷ প্রাথমিক শিক্ষা পৰিষদৰ সঞ্চালকৰ অফিচৰ জৰিয়তে খালী হৈ পৰি থকা শিক্ষকৰ পদবোৰ পূৰণ কৰিবলৈ আগৰে পৰা আবেদন কৰি থোৱা হৈছে এহবাৰৰ পৰা নিয়মিতভাৱে আবেদন–পত্রবোৰৰ অগ্রগতিৰ বা–বাতৰি লোৱাৰ ব্যৱস্থা কৰিব, চৰকাৰক ওলোটাই হেঁচা প্রয়াগ কৰিব ৷ ইতিমধ্যে বৰপোনা আৰু তাৰ দৰে পৰীক্ষা দি উঠি বা পাছ কৰি ঘৰতে সময় কটোৱা শিক্ষিত বা শিক্ষিতা লৰা–ছোৱালীকো স্কুলত সহায় কৰি দিবলৈ তেওঁ অনুৰোধ কৰিব পাৰে ৷ অন্ততঃ নিজৰ পছন্দৰ চাকৰি–বাকৰি কিবা এটা নোহোৱালৈ এনেয়ে শুই–বহি সময় কটোৱাতকৈ স্কুলত সহায় কৰি দিবলৈ তেওঁলোকে নিশ্চয় বেয়া নাপায় ৷ নিজৰ গাঁওখনৰ উন্নতিৰ হকে শিক্ষিতচামে এইখিনি কৰা উচিত ৷ পৰৱর্তী সপ্তাহৰ কোনোবা এদিন হাবিৰাম বড়োৱে স্কুলৰ ছাত্র–ছাত্রীৰ অভিভাৱকসকলৰ সৈতে এখন জৰুৰী মিটিং পতাৰো থিৰাং কৰিলে ৷ অভিভাৱকসকলক গাঁৱত দেখা দিয়া শিক্ষা আৰু স্কুলৰ সমস্যাবোৰৰ কথা ভালকৈ বুজাব লাগিব ৷ কণ কণ শিশুহঁতক খেতি–বাতি, পথাৰত গৰু চৰোৱা বা হাট–বজাৰ হত্যাদি কামত খটোৱাৰ পৰিৱর্তে পঢ়া–শুনাৰ প্রতি যেন সিহঁতে বেছি মন দিয়ে, সেইফালে চকু দিয়াটো অভিভাৱকসকলৰ কর্তব্য ৷ গাঁৱলীয়া পৰিৱেশত একে নিশাৰ ভিতৰত আমূল পৰিৱর্তন কেতিয়াও নাহে, সেহবাবে লাহে লাহে ৰাইজক শিক্ষাৰ মূল্য আৰু শিক্ষাহ তেওঁলোকৰ সন্তানসকলৰ বাবে মুকলি কৰি দিব পৰা সম্ভাব্য পথ আৰু অপাৰ সুযোগবোৰৰ কথা বুজাব লাগিব ৷
কৰিব পৰা আৰু অদূৰ ভৱিষ্যতে লবলগীয়া আঁচনিবোৰৰ কথা মনত থিৰাং কৰাৰ পিছত খেৰসুঁতি প্রাথমিক বিদ্যালয়খনৰ প্রধান শিক্ষক হাবিৰাম বড়োৰ মনটো বৰ ফৰকাল লাগিল ৷ শিক্ষকসকল বহা কোঠাটোৰ পৰা ওলাহ আহি আৰু দুৱাৰখনত তলা মাৰি তেওঁ ঘৰলৈ যাবলৈ ওলাল ৷ বৰপোনাৰ সৈতে বিয়াৰ বজাৰ কৰিবলৈ পুৱাই ওলাই যোৱা পত্নী সৰলালৈ ফোন এটা কৰিবলৈ তেওঁ এইবাৰ মবাইলটো পকেটৰ পৰা উলিয়াই ললে ৷
ফোনঃ +৯৬৮-৯৯৬৭২৭৮১