ভৱেন বৰুৱা
নিজৰ কল্পনা আৰু সৃষ্টিশীলতাক বাস্তৱায়িত কৰাৰ এক একক আৰু অগতানুগতিক বৃত্তিত নিয়োজিত হৈ আছে তেওঁ ৷ নিজে বাছি লোৱা এই বৃত্তিয়ে তেওঁক অর্থনৈতিকভাৱে সচ্ছলতা দিব পৰা নাই যদিও তেওঁ সুখী ৷ কাৰণ নিজৰ প্রতিটো সৃষ্টিকর্মকে তেওঁ মন ঢালি নিজ ইচ্ছানুসাৰে তৈয়াৰ কৰে, নিজে যিদৰে কল্পনা কৰি লয়, সেইদৰেই ৰূপ দিব পৰাৰ সুযোগ লাভ কৰে ৷ আন কাৰোবাৰ কোনো নির্দিষ্ট সাঁচ অনুকৰণ কৰি বা গ্রহণ কৰি তেওঁ সৃষ্টি নকৰে বা বাধ্যও নহয় ৷ সেয়ে তেওঁৰ প্রতিটো সৃষ্টিয়েই একক, অনন্য আৰু নতুন আর্হিৰ ৷ তেওঁৰ সৃষ্টিৰ সমল বাঁহ আৰু কাঠ ৷ আনকি শিলিখা, মধুৰি, আমলখি, টকৌ চুপাৰি, আমৈ তামোল, নৰা বগৰী, আপেল, বগৰী আদি বিভিন্ন ফল–মূলৰ গুটিবোৰো তেওঁৰ হাতৰ পৰশত অনুপম অলংকাৰৰ ৰূপ লয় ৷ নিজৰ ব্যতিক্রমী সৃষ্টিৰাজিৰে এক সুকীয়া আসন তৈয়াৰ কৰি লবলৈ সক্ষম হোৱা এই শিল্পীগৰাকী হৈছে নাহৰকটীয়াৰ লংজং গাঁৱৰ ত্রিদিৱ মহন্ত ৷
১৯৬৩ চনৰ ১৩ ফেব্রুৱাৰীত জন্মগ্রহণ কৰা ত্রিদিৱ মহন্তৰ পিতৃ আছিল নাহৰকটীয়া প্রেছ ক্লাবৰ প্রতিষ্ঠাপক প্রয়াত তিলেন্দ্রনাথ মহন্ত ৷ তেওঁ আছিল বৃহত্তৰ নাহৰকটীয়া অঞ্চলৰ প্রথমগৰাকী সাংবাদিক ৷ তেওঁৰ দুই সন্তানৰ জ্যেষ্ঠ আছিল ত্রিদিৱ মহন্ত ৷ ১৯৭৮ চনত তেওঁ মেড্রিক উত্তীর্ণ হৈ যোৰহাটৰ জে বি কলেজত প্রথমে বিজ্ঞান শাখাত নামভর্তি কৰে ৷ কিন্তু ইয়াৰ পিছৰ বছৰটোতে অসম আন্দোলন আৰম্ভ হোৱাত বিদ্যালয়–মহাবিদ্যালয় প্রায় বন্ধ হৈ পৰাৰ দৰে হৈ পৰিছিল ৷ তেৱোঁ ঘৰৰ লৰা ঘৰলৈ ঘূৰি আহি ঘৰতে সোমাই থাকিবলগীয়া হল ৷ ঘৰত থকাৰ প্রায় এবছৰীয়া সময়ত তেওঁ আজৰি সময়খিনি কটাবলৈ বাঁহেৰে ফুল, ফুলদানি আদি নিজে নিজে সাজিবলৈ শিকিছিল ৷ বাঁহৰ পৰা এনে শিল্পকর্ম তৈয়াৰ কৰাৰ আগ্রহ বা হবীয়েই যে ভৱিষ্যৎ জীৱনত তেওঁলৈ প্রতিষ্ঠা কঢ়িয়াই আনিব বা জীৱিকাৰ পথ হব, সেয়া তেওঁ কল্পনাই কৰিব পৰা নাছিল ৷ দৰাচলতে তেওঁৰ এই সৃষ্টিশীলতা আছিল জন্মগত ৷ তেতিয়াৰ পৰাই অপেছাদাৰী ৰূপত তেওঁ বাঁহেৰে বিভিন্ন সামগ্রী তৈয়াৰ কৰি আহিছিল ৷ কিবা কাৰণত তেওঁ জে বি মহাবিদ্যালয়লৈ ঘূৰি নগৈ দুলীয়াজান কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূডান্ত পৰীক্ষা দি উত্তীর্ণ হল ৷ কিন্তু ইয়াৰ পিছত তেওঁ পুনৰ জে বি মহাবিদ্যালয়ত স্নাতক শ্রেণীত নামভর্তি কৰি তাৰ পৰাই ১৯৮৫ চনত পৰিসংখ্যা বিষয়ত স্নাতক ডিগ্রী লাভ কৰে ৷ ইয়াৰ পিছত তেওঁ ইউ বি আই বেংকৰ নাহৰকটীয়া শাখাত চাকৰি জীৱন আৰম্ভ কৰে ৷ বিশেষ এক কাৰণত ১৯৯৬ চনত তেওঁ বেংকৰ এই চাকৰি এৰি সাময়িকভাৱে কর্মসংস্থাপনহীন হৈ পৰে ৷
বাঁহেৰে ডিজাইনাৰ কাঁটা চামুচ, হেটা, সাধাৰণ চামুচ, কেক কটা কটাৰী, বাটাৰ কটা কটাৰী আদি তৈয়াৰ কৰাৰ চিন্তা কিন্তু তেওঁৰ মনলৈ ঘটনাক্রমেহে আহিছিল ৷ সেয়া আছিল ২০০৩ চনৰ নৱেম্বৰ মাহৰ কথা ৷ সেই মাহৰ ২৪ তাৰিখে তেওঁ নিজৰ কনিষ্ঠ কন্যা জুম্পিক লৈ মানুহ এঘৰত ফুৰিবলৈ গৈছিল ৷ তেওঁলোকৰ তাতে তাই শ্বিলঙৰ পাইন গছৰ কাঠেৰে বনোৱা কাঁটা চামুচ এখন দেখি তেনেকুৱা এখন কাঁটা চামুচ লাগে বুলি জিদ্ ধৰে৷ কিন্তু তেনে এখন পাইন কাঠৰ চামুচ নাহৰকটীয়াত কিনা সম্ভৱ নাছিল৷ মৰমৰ জীয়েকৰ কন্যাৰ জিদ্ৰ ওচৰত হাৰ মানি তেওঁ সেইদিনাই গোটেই নিশা উজাগৰে থাকি লাগি লাগি পুৱতিনিশালৈ বাঁহৰ কাঁটা চামুচখন তৈয়াৰ কৰি উলিয়াই তাইৰ হাতত তুলি দিবলৈ সক্ষম হল ৷ বাঁহৰ কাটা চামুচখন জুম্পিৰ বায়েকে পিছদিনাখন তাই পপা ছেইণ্ঢ মেৰীজ স্কুলৰ লগৰ বান্ধৱীবোৰক দেখুৱাবলৈ স্কুললৈ লৈ গল ৷ স্কুলৰ ছিষ্টাৰৰ চকুত চামুচখন চকু পৰাত তেওঁ তেনে ৮ খন চামুচ বনাই দিবলৈ মহন্তদেৱক অনুৰোধ কৰিলে ৷ চামুচকেইখন বনাই দিয়াৰ পিছত তেওঁ তাৰ বাবে ১৮০০ টকা দিলে ৷ এইদৰেই আকস্মিকভাৱে বাঁহেৰে এনে এখন কাঁটা চামুচ বনোৱাৰ ঘটনাটোৱেই তেওঁৰ জীৱনৰ গতি সলাই দিবলৈ সক্ষম হৈছিল ৷ ২০০৩ চনৰ ২৪ নৱেম্বৰৰ নিশা সাজি উলিওৱা সেই বিশেষ কাঁটা চামুচখন আজিও তেওঁ সযতনে সাঁচি ৰাখিছে ৷
তেওঁৰ পৰিৱেশ অনুকূল শিল্পকর্মৰ বাবে ২০০৬ চনত তেওঁ UNESCO CCI Seal of Excellence লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এই স্বীকৃতি লাভ কৰা তেৱেঁই অসমৰ প্রথম আৰু একমাত্র ব্যক্তি ৷ আনহাতে India Todayৰ ২০০৭ চনৰ ২৪ ডিচেম্বৰত প্রকাশ পোৱা News Maker শীর্ষক বিশেষ সংখ্যাত আলোচনীখনে A Cut Above the Rest শীর্ষক লেখাৰে তেওঁৰ শিল্পকর্মৰ ওপৰত বিশেষ আলোকপাত কৰিছিল ৷ ইয়াৰ পিছতো তেওঁৰ শিল্পকর্মৰ বিষয়ে বিভিন্ন কাকত–আলোচনীত বহু লেখা প্রকাশ পাই আহিছে ৷ তেওঁৰ অপূর্ব শিল্পকর্মৰ অনুৰাগীৰ তালিকাত আছে দেশৰ প্রাক্তন ৰাষ্ট্রপতি ড: এ পি জে আব্দুল কামান, বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনকে আদি কৰি বিখ্যাত লোকসকল ৷ অমিতাভ বচ্চনৰ জন্মদিনৰ উপহাৰ হিচাপে তেওঁ বাঁহৰ চামুচ এখন ২০০৯ চনৰ পৰা ২০১২ চনলৈকে প্রেৰণ কৰি আহিছিল আৰু মেগাষ্টাৰ গৰাকীয়েও তেওঁৰ সেই উপহাৰৰ প্রাপ্তি স্বীকাৰ কৰি চিঠি প্রেৰণ কৰিছিল ৷ মুম্বাই, দিল্লী, হায়দৰাবাদ, আহমেদাবাদ, কলিকতা, মাদ্রাছ আদিকে ধৰি দেশৰ প্রায়বোৰ প্রধান চহৰতে তেওঁৰ শিল্পকর্মৰ প্রদর্শনী হৈছে আৰু সমাদৃত হৈছে ৷ ২০০৭ চনত Craft Council of Indiaৰ উদ্যোগত আমেৰিকাৰ Sante Feত আয়োজিত প্রদর্শনীতো তেওঁৰ বাঁহৰ শিল্পকর্ম প্রদর্শিত হৈছিল আৰু হোৱাইট হাউছ কর্তৃপক্ষই তাৰ পৰা তেওঁৰ তেনে শিল্পকর্ম সংগ্রহ কৰি নিছিল ২০০৯ চনত বেংককতো তেওঁৰ বাঁহ শিল্পৰ সৃষ্টিৰাজিৰ প্রদর্শনী অনুষ্ঠিত হৈছিল আৰু তাতো তেওঁৰ এই শিল্পকর্ম বিশেষভাৱে প্রশংসিত হৈছিল ৷
তেওঁ বাঁহৰ অলংকাৰ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল ২০১৬ চনৰ পৰা ৷ উক্ত বর্ষত কাজিৰঙাত অনুষ্ঠিত SILK-n-DYE Festivalত তেওঁ নিজৰ বাঁহৰ চামুচ, হেটা আদি লৈ যোগদান কৰিছিল ৷ তেওঁৰ বিপণীৰ কাষৰ বিপণীখনত এগৰাকী ছোৱালীয়ে বিভিন্ন মণিৰ কাণফুলি বনাই নিজেই Ear hookবোৰ আঠা দি লগাই আছিল ৷ তেতিয়াই তেওঁৰ মনলৈ বাঁহেৰেও ২৩বিধ কাণফুলিৰ ডিজাইন বনাই ছোৱালীজনীৰ পৰা Earing hookলৈ আঠা দি দর্শকৰ বাবে প্রদর্শনীত ৰাখিছিল ৷ ইয়াৰ পিছৰ বর্ষত পুনৰ তেওঁ সেই মহোৎসৱত অংশগ্রহণ কৰি তাত প্রায় তিনিশবিধ বাঁহৰ অলংকাৰৰ আর্হি আৰু প্রায় দুশবিধ লকেটৰ আর্হি বনাইছিল ৷ তেওঁৰ বিপণীলৈ অহা এগৰাকী ভদ্র মহিলাই তেওঁক পাৰিলে মণিচালৰ গুটিৰেও অলংকাৰ বনোৱাৰ পৰামর্শ দিলে ৷ তাৰ পিছতেই তেওঁৰ প্লাষ্টিক আদি ব্যৱহাৰ নকৰাকৈ প্রাকৃতিক উপকৰণেৰে অলংকাৰ তৈয়াৰ কৰাৰ চিন্তা মনলৈ আহিল ৷ এনেকৈয়ে তেওঁ পৰৱর্তী সময়ত বাঁহ, কাঠ আৰু বিভিন্ন ফল–মূলৰ গুটিৰ পৰা বেলেগ বেলেগ ডিজাইনৰ কাণফুলি আৰু লকেট তৈয়াৰ কৰি উলিয়াবলৈ সক্ষম হল ৷
তেওঁৰ বিশ্বাস কৰে A designer is who can make a design and have the ability to execute that is a perfact designer. এই প্রসংগতে তেওঁ অলপতে এক আমোদজনক অভিজ্ঞতাৰো সন্মুখীন হৈছিল ৷ যোৱা বছৰৰ নৱেম্বৰত নতুন দিল্লীৰ প্রগতি ময়দানত অনুষ্ঠিত India International Trade Fairত National Institute of Fashion Technologyত তিনিগৰাকী প্রফেছৰ আৰু দুগৰাকী ছাত্রীৰ মাজত মতবিৰোধো হৈছিল ৷ তেওঁলোকেই সুধিছিল,‘ According to you who is a designer·’ তেওঁলোকৰ সেই প্রশ্নৰ উত্তৰত তেওঁ কৈছিল যিকোনো এটা আর্হি তৈয়াৰ কৰি সেই আর্হিক নিখুঁতভাৱে ৰূপ দিব পাৰে, তেৱেঁই ‘Designer’ ৷ কিন্তু NIFT প্রফেছৰ আৰু ছাত্রীকেইগৰাকীয়ে তেওঁৰ মতবিৰোধ কৰি কলে যে ডিজাইনাৰ এগৰাকীৰ দায়িত্ব ডিজাইন কৰাতেই শেষ ৷ সেই ডিজাইনক কিদৰে ৰূপ দিয়া হয়, সেয়া ডিজাইনাৰৰ দায়িত্ব নহয় ৷ এই লৈ তেওঁলোকে কেক কটা কটাৰী এখনৰ ডিজাইন আঁকি তেওঁ সেই ডিজাইনৰ কটাৰীখন তৈয়াৰ কৰিব নোৱাৰে বুলি মহন্তক এক প্রত্যাহ্বানো জনালে ৷ কিন্তু মহন্তই পিছদিনাখনেই তেওঁলোকে আঁকি দিয়া ডিজাইনৰ কটাৰীখন হুবহুভাৱে বনাই দিয়াত তেওঁলোকেও অৱশেষত ডিজাইনৰ সন্দর্ভত মহন্তৰ সংজ্ঞাকে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল ৷
বিশিষ্ট শিল্পীগৰাকীয়ে নিজৰ সকলোতকৈ শ্রেষ্ঠ সৃষ্টি বুলি অৱশ্যে বাঁহেৰে তৈয়াৰী নিজৰ শিল্পকর্মসমূহৰ পৰিৱর্তে দিয়াচলাই কাঠী কাটি কাটি আর্ট পেপাৰৰ ওপৰত আঠা লগাই তৈয়াৰ কৰা শৰাইখনকহে স্থান দিব খোজে ৷ উল্লেখ্য যে এই শৰাইখন তেওঁ ১৯৮৫ চনৰ পৰা বনাবলৈ আৰম্ভ কৰি ১৯৮৮ চনত সম্পূর্ণ কৰি তুলিবলৈ সক্ষম হৈছিল ৷ শৰাইখনৰ তলত তেওঁ জয় গুৰু শংকৰ আৰু নিজৰ নামটোও দিয়াচলাই কাঠীৰেই সাজি উলিয়াইছে ৷ শৰাইখন তৈয়াৰ কৰাৰ বাবে ব্যৱহৃত প্রায় ৫০০ বাকচ দিয়াচলাইৰ কাঠী কাটিবলৈ তেওঁ ব্যৱহাৰ কৰিছিল ৪০০০খন ব্লেড ৷
উল্লেখ্য যে শিল্পী মহন্তই তেওঁৰ সূক্ষ্ম সৃষ্টিৰাজিত নিখুঁত কৰি তুলিবলৈ প্রয়োজন হোৱা বিভিন্ন আকাৰৰ কটাৰী তেওঁ নিজ হাতে তৈয়াৰ কৰি লৈছে ৷ নিজৰ প্রয়োজন অনুসৰি কটাৰীবোৰ গঢ়ি লবলৈ আনকি তেওঁ যোৰহাটৰ কৰঙাত কমাৰশালত এসপ্তাহ থাকি শিকি লৈছিল ৷ নিজৰ পেছাগত বৃত্তিৰ প্রতি থকা এই হেঁপাহ, আগ্রহ আৰু আন্তৰিকতাৰ বাবেই তেওঁ নিজৰ প্রতিটো সৃষ্টি কর্মকে একক, অনন্য আৰু অপূর্ব ৰূপ দিবলৈ সক্ষম হৈছে ৷
বাঁহৰ শিল্পকর্মবোৰৰ উপৰি তেওঁৰ আন এক অনবদ্য সৃষ্টি হৈছে ভূপেন্দ্র লহৰী নামৰ বাদ্যযন্ত্রবিধ ৷ ভাৰত ৰত্ন ড: ভূপেন হাজৰিকাৰ প্রথম মৃত্যুবার্ষিকীত সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে তেওঁ এই অভিনৱ বাদ্যযন্ত্রটি আনুষ্ঠানিকভাৱে তেওঁ গুৱাহাটী প্রেছ ক্লাবত মুকলি কৰিছিল ২০১২ চনৰ ৪ নৱেম্বৰত ৷ বাদ্যযন্ত্রটি ঘূৰাই–পকাই দিলে তাৰ পৰা বৰষুণ আৰু পানীৰ ঢৌৰ এক শ্রুতিমধুৰ শব্দৰ সৃষ্টি কৰে ৷
তেওঁৰ সূক্ষ্ম কাম–কাজৰ নিপুণতা প্রকাশ পাইছে ৫ টকাৰ মুদ্রা এটাৰ ওপৰতে ৰাখিব পৰাকৈ সাজি উলিওৱা ২৭বিধ ক্ষুদ্রাকৃতিৰ বিভিন্ন আকৃতিৰ চামুচ, হেটা আদিৰ শিল্পকর্মখিনিত ৷ এই শিল্পকর্মখিনিৰ জোখ ৩ মিলিমিটাৰৰ পৰা আৰম্ভ কৰি ২ চেণ্ঢিমিটাৰৰ ভিতৰত ৷ নিজৰ বাঁহৰ শিল্পকর্মৰ বাবে তেওঁ ব্যৱহাৰ কৰে ৮৯ বছৰীয়া জাতি বাঁহ ৷ অসমত উপলব্ধ জাতিবাঁহৰ আঁহ অতি উন্নতমানৰ আৰু এই জাতিবাঁহেৰে তৈয়াৰ কৰা চামুচ, হেটাবোৰ ১২১৫ বছৰ নিশ্চিন্তে ব্যৱহাৰযোগ্য হৈ থাকে বুলি মন্তব্য কৰি তেওঁ নিজৰ শিল্পকর্মৰ গুণাগুণৰ সন্দর্ভত তেওঁ কাহানিও আপোচ কৰিব নিবিচাৰে আৰু প্রস্তুত শিল্পকর্মসমূহ ব্যৱহাৰ কৰি যাতে তেওঁৰ গ্রাহকসকলে সন্তুষ্টি লাভ কৰিব পাৰে, তাৰ ওপৰত সর্বাধিক গুৰুত্ব প্রদান কৰি আহিছে ৷
২০০৩ চনৰ পৰাই তেওঁ শিল্পকর্মসমূহ সৃষ্টি কৰাৰ লগতে বিক্রী কৰি আহিছে যদিও আজিলৈকে বিক্রী কৰাৰ বাবে তেওঁৰ কোনো স্থায়ী বিপণী নাই ৷ প্রদর্শনীবোৰত দিয়া বিপণীবোৰৰ বাহিৰেও ফোনযোগে, হোৱাটছএপ বা সামাজিক মাধ্যমৰ যোগেদিয়েই তেওঁৰ নির্মিত সামগ্রী বা অলংকাৰসমূহ ক্রয় কৰিব পাৰি ৷ শেহতীয়াকৈ তেওঁৰ নির্মিত সামগ্রী বিক্রী কৰাৰ বাবে কেইবাটাও অনলাইন কোম্পানীয়েও প্রস্তাৱ আগববাইছে ৷ আগ্রহীসকলে তেওঁক প্রয়োজনবোধে তেওঁৰ ফেচবুক একাউন্ট Tridib Mahanta বা হোৱাটছএপ নং ৯৯৫৪৭-৬৩৪৫৩ত যোগাযোগ কৰিব পাৰে ৷