পপী কলিতা
জীৱনৰ সফলতাৰ সাধনাৰ প্রথম চর্তই হৈছে সুন্দৰ অভ্যাস গঢ়াৰ পথ নির্বাচন কৰাটো ৷ কিয়নো অভ্যাসে বাহিৰৰ জগতখনৰ লগতে মানসিক জগতখনো সৰল কৰি তোলে ৷ অভ্যাসে জীৱন গঢ়াত সহায় কৰাৰ লগতে মানুহক নিখুঁত কৰে ৷ অভ্যাস আৰু অধ্যৱসায়ৰ দ্বাৰা মানুহে কঠিন কাম সহজ কৰাৰ লগতে বহু অসম্ভৱ কার্যক সম্ভৱ কৰি তুলিব পাৰে ৷ বিশ্বৰ প্রায়সংখ্যক বিখ্যাত লেখক–সাহিত্যিকেই খেয়ালি মনৰ হোৱা দেখা যায় আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কাহিনীৰ প্রতিও সাধাৰণ মানুহৰ আগ্রহ চিৰাচৰিত প্রৱণতা ৷ সেয়ে বিশ্বৰ মহান লেখক–সাহিত্যিকসক বহু মনোৰম কথা আৰু অভ্যাসে আমাক অনুপ্রাণিত কৰি আহিছে ৷
অনাৰে দ্য বালজাকৰ নাম আমি সকলোৱে শুনিছোঁ ৷ বালজাক ফৰাচী সাহিত্যৰ কিংবদন্তিস্বৰূপ মহান সাহিত্যিক আছিল ৷ ফৰাচী আধুনিক উপন্যাসৰ জন্মদাতা বালজাকে নিশা প্রায় দহ–এঘাৰ বজাৰ পিছতহে লিখিবলৈ বহিছিল ৷ তেওঁ ৰাতিৰ নিস্তব্ধতাতহে লিখি ভাল পাইছিল ৷ দিনত যেতিয়া তেওঁ মাজে–সময়ে লিখিছিল তেতিয়া, তেওঁ কোঠালিৰ দুৱাৰ–খিৰিকীবোৰ বন্ধ কৰি লাইট লাই নিশাৰ পৰিৱেশ সৃষ্টি কৰি লৈছিল ৷ ৰাতি লিখাৰ টেবুলত বহাৰ পৰা পিছদিনা পুৱা পর্যন্ত তেওঁ একাগ্রচিত্তে সাহিত্যৰ সাধনাত নিমগ্ন হৈছিল ৷ তেওঁ খুউব খৰকৈ লিখিব পাৰিছিল ৷ টোপনি যাতে আহিব নোৱাৰে, সেয়ে কলা কফী পান কৰি একেৰাহে ষোল্ল–ওঠৰ ঘণ্টা পর্যন্ত তেওঁ লিখিব পাৰিছিল ৷ লিখাৰ টেবুলত বহি থকাৰ সময়ত কোনোবাই আহি মাতিলেও বাহিৰলৈ যাতে ওলাই যাব নোৱাৰে, তাৰ বাবে তেওঁ বহি থকা চকীখনৰ সতে নিজকে ৰছীৰে মেৰিয়াই লৈছিল ৷
বিশ্বৰ এগৰাকী প্রখ্যাত সাহিত্যিক হৈছে ভার্জিনা ৱলফ ৷ দ্য ভয়েজ আউট গ্রন্থৰ জৰিয়তে তেওঁ বিশ্বজোৰা খ্যাতি অর্জন কৰিছিল ৷ ভার্জিনা ৱলফ জন্মৰে পৰাই শাৰীৰিকভাৱে দুর্বল আছিল ৷ ৱলফে তেওঁৰ শাৰীৰিক অসুস্থতাৰ বাবে সাহিত্য সৃষ্টিত হেলা কৰা নাছিল ৷ শাৰীৰিক অসুস্থতাকো আওকাণ কৰি ৱলফে ৰচনা কৰি গৈছিল ইখনৰ পিছত সিখনকৈ গ্রন্থ ৷ তেওঁৰ ৰাজহাড়ৰ এক বিশেষ ৰোগত জীয়াতু ভুগিছিল ৷ সেয়ে তেওঁ বেছি সময় ধৰি একেৰাহে বহি থাকিব পৰা নাছিল ৷ সেহবাবেই তেওঁ সদায় থিয় হৈ থাকিয়েই লিখা–মেলা কৰিছিল আৰু বহিলে বোলে তেওঁ চিন্তা কৰিব নোৱাৰিছিল ৷ এনেদৰে থিয় হৈ থাকিয়েই তেওঁ সৃষ্টি কৰিছিল মহান গ্রন্থ ৷
এটা ভাল অভ্যাস গঠন কৰাৰ বাবে নিজৰ সম্পূর্ণ মনোযোগ দি কাম কৰিবৰ বাবে দৈনিক ২৪ ঘণ্টাৰ মাজৰ পৰা কেহটামান ঘণ্টা Block কৰি লোৱাটো অতি প্রয়োজন ৷ নবেলজয়ী এলিচ মুনৰোৱেও টাইম ব্লক কৰি সৃষ্টিৰ কর্মত নিমগ্ন হৈছিল ৷ তেওঁ এটি সাক্ষাৎকাৰত কৈছিল মই ধীৰে ধীৰে কাম কৰোঁ ৷ এই কামটো কঠিন বা সর্বদাহ কঠিনৰ ওচৰা–উচৰি ৷ তেওঁৰ নিত্য দিনৰ কাম হল পুৱা সোনকালে শুহ উঠা, একাপ কফী খোৱা আৰু লিখিবলৈ আৰম্ভ কৰা ৷ কিছু সময় বিৰতি লৈ আহাৰ খাই পুনৰ লিখা কার্য আৰম্ভ কৰা ৷ আগবেলাতেই প্রায় তিনি ঘণ্টাজুৰি গুৰুত্বপূর্ণ লেখাটো লিখি তেওঁ শেষ কৰিছিল ৷ এলিচ মুনৰোৱে খুব সুন্দৰভাৱে time block নিজৰ অভ্যাসত পৰিণত কৰিছিল ৷
ঊনৈশ শতিকাৰ আমেৰিকান লেখিকা Harriet Beecher stowe–এ ছটা লৰা–ছোৱালীৰ মাক হোৱাৰ পিছতো লৰা–ছোৱালী ডাঙৰ–দীঘল কৰাৰ উপৰি ৰন্ধা–ববা, বজাৰ–সমাৰ কৰাৰ মাজতো আজৰি সময়খিনিত কাগজ এখনত উপন্যাস লিখিছিল আৰু সেই উপন্যাসখন বিশ্ব সাহিত্যৰাজিৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ উপন্যাসখনৰ নাম আছিল Uncle Tom’s Cabin লেখক বা লেখিকাসকলে যিকোনো এটা লেখা পাঠকৰ মনোগ্রাহী কৰিবৰ বাবে বহু কষ্ট কৰিবলগীয়া হয় ৷ বিশেষকৈ গৃহিণীসকলৰ বাবে আৰু কষ্ট হয় সময়ৰ ক্ষেত্রত ৷ সঁচাকৈয়ে প্রতিভা বিকাশৰ বাবে সাংসাৰিক যন্ত্রণা, দায়িত্ব আদি সাহসেৰে মূৰ পাতি লৈও তাৰ মাজতে নিজৰ প্রতিভা বিকাশৰ বাবে তেওঁ অপৰিসীম কষ্ট কৰিছিল ৷
টি ই লৰেঞ্চ আছিল এগৰাকী ব্রিটিছ যোদ্ধা ৷ যোদ্ধা হিচাপে তেওঁ বিশ্বৰ বিভিন্ন ঠাই ঘূৰি ফুৰিবলগীয়া হৈছিল ৷ তেওঁ চাকৰি কৰি থকাৰ সময়ত লিখা–মেলাৰ চর্চাও অব্যাহত ৰাখিছিল ৷ টি ই লৰেঞ্চে দ্য ছেভেন পিলার্ছ অব উইজডম নামৰ গ্রন্থখনৰ পাণ্ডুলিপিৰ কাম শেষ কৰাৰ পিছত ফ্রান্সৰ পেৰিছত অনুষ্ঠিত পেৰিছ শান্তি সন্মিলনত ভাগ লবলৈ গৈছিল ৷ তাতেই তেওঁ ৰেল ষ্টেচনত গ্রন্থখনৰ পাণ্ডুলিপিটো এৰি থৈ আহিছিল ৷ পাণ্ডুলিপিটো হেৰুওৱাৰ পিছত তেওঁ মনোবল হেৰুৱাই পেলাইছিল ৷ তেওঁক তেওঁৰ বন্ধুবিলাকে পুনৰ গ্রন্থখন লিখি উলিয়াবলৈ কৈছিল ৷ তেওঁ দ্য ছেভেন পিলার্ছ অৱ উইজডম গ্রন্থখনৰ কিছু অংশ টোকাবহীত লিখি ৰাখিছিল ৷ লৰেঞ্চৰ স্মৰণ শক্তি আৰু কল্পনা শক্তি প্রখৰ আছিল ৷ তেওঁ টোকাবহীত লিখি থোৱা অভ্যাসৰ ফলতেহ স্মৰণ শক্তি আৰু কল্পনাৰ সংযোগত পুনৰ লিখি উলিয়াইছিল দ্য ছেভেন পিলার্ছ অৱ উইজডম নামৰ গ্রন্থখন ৷
উইলিয়াম ৱর্ডছৱর্থ ঊনৈশ শতিকাৰ হংৰাজী ৰোমাণ্টিক কাব্য সাহিত্যৰ চিৰস্মৰণীয় প্রসিদ্ধ কবি ৷ উহলিয়াম ৱর্ডছৱর্থে ১৫ বছৰ বয়সতে পিতৃ–মাতৃক হেৰুৱাইছিল ৷ জীৱনৰ বাকী সময়ছোৱা নানান জটিলতাৰ মাজেৰে ৱর্ডছৱর্থে পাৰ কৰিবলগীয়া হৈছিল ৷ সেই সময়ছোৱাৰ সৰহভাগ সময়েই তেওঁৰ সংগ দিছিল পোহনীয়া কুকুৰটোৱে ৷ ৱর্ডছৱর্থে যেতিয়া কোনো সাহিত্য সৃষ্টি কৰিছিল, তেতিয়া সেহ সৃষ্টি প্রথমে পঢ়ি শুনাইছিল পোহনীয়া কুকুৰটোক ৷ কুকুৰটোৱে কাণ থিয় কৰি ৱর্ডছৱর্থৰ সাহিত্য সৃষ্টি শুনিছিল ৷ কুকুৰটোৱে যেতিয়া ৱর্ডছৱর্থৰ সৃষ্টি শুনাৰ পিছত ভুকিছিল, তেতিয়া ৱর্ডছৱর্থে বুজি উঠিছিল যে তেওঁৰ সেই সৃষ্টি সুন্দৰ হোৱা নাই ৷ ৱর্ডছৱর্থে লগে লগে তেওঁৰ সেই সৃষ্টি ফালি পেলাইছিল ৷ আৰু দুগুণ উৎসাহ–উদ্দীপনাৰে পুনৰ সাহিত্য চর্চা কৰিছিল ৷ উহলিয়াম ৱর্ডছৱর্থৰ সৃষ্টিৰ প্রথম শ্রোতা আছিল মৰমৰ কুকুৰটো ৷
বৰেণ্য লেখক আর্নেষ্ট হেমিংৱে লিখাৰ বাবে পছন্দ কৰা শ্রেষ্ঠতম সময় হল পুৱাৰ সময়কণ ৷ গ্রন্থ লিখাৰ কামত ব্যস্ত হৈ থকাৰ দিনবোৰত তেওঁ বিচাৰিছিল পুৱাৰ শীতলতা আৰু সূর্যৰ প্রথম কিৰণ ৷ পুৱা নীৰৱতাত তেওঁ লিখা–পঢ়া কৰিবলৈ ভিতৰৰ পৰা এক তাগিদা অনুভৱ কৰাৰ লগতে এক উদ্দীপনা লাভ কৰিছিল ৷ আৰু তেওঁৰ মনত সুস্থ চিন্তাই বিৰাজ কৰিছিল ৷ সেয়ে মনলৈ অহা বিভিন্ন সৃষ্টিশীল চিন্তা একাদিক্রমে এই পুৱাৰ সময়তে লিপিবদ্ধ কৰাৰ অভ্যাস গঢ়ি তুলিছিল ৷
সেইদৰে ফ্রানজ কাফকা আছিল নিদ্রাহীনতাত ভোগা মানুহ ৷ নিশাৰ নিস্তব্ধতাত উজাগৰে থাকি লিখা–পঢ়া কৰিছিল ৷ গোটেই ৰাতি তেওঁ লিখা–পঢ়া কৰি এক সুকীয়া আমেজ লাভ কৰিছিল ৷ লিখিবলৈ তেওঁৰ প্রয়োজন হৈছিল মৰিশালিৰ দৰে নীৰৱতা, নিঃসংগতা আৰু শান্তি ৷ কাফকাক সেই শান্তি, সেই নীৰৱতা দিছিল প্রাগ চহৰৰ ৰাতিবোৰে ৷ গভীৰ নিশা সাৰে থাকি তেওঁ জীৱনৰ প্রকৃত সৌন্দর্য উপভোগ কৰিছিল ৷ নিশাৰ সময়খিনি কাফকাৰ বাবে সৃষ্টি আৰু কর্মৰ সময় ৷ তাতেই তেওঁ বিচাৰি পাইছিল স্বর্গীয় সুখ ৷ সাহিত্য সৃষ্টিয়েই আছিল কাফকাৰ জীয়াই থকাৰ একমাত্র মন্ত্র ৷ সাহিত্যৰ সতে সম্পর্ক নথকা সকলো বস্তুকে তেওঁ ঘৃণা কৰিছিল ৷
আর্নল্ড টয়নবিৰ হংলেণ্ডত জন্ম হৈছিল ৷ তেওঁ এজন অত্যন্ত পৰিশ্রমী ব্যক্তি আছিল ৷ তেওঁৰ সফলতা আছিল অনলস অধ্যৱসায় আৰু কঠোৰ শ্রম ৷ টয়নবিৰে সদায় এখন ৰুল বহী হাতত ৰাখিছিল আৰু প্রণালীবদ্ধভাৱে দৰকাৰী কথাবোৰ টুকি ৰাখিছিল ৷
প্রখ্যাত মার্কিন লেখক জন ছিভাৰে ছ্যুট–টাই পৰিধান কৰি লিখিবলৈ বহিছিল ৷ তেওঁ বিশ্বাস কৰিছিল যে পৰিপাটীকৈ সাজপাৰ পৰিধান কৰিলে মানুহৰ মানসিক অৱস্থা ভালে থাকে, মন আনন্দিত হৈ থাকে ৷ আৰু তেতিয়া ন ন চিন্তা–ভাৱনাই মনত ক্রিয়া কৰে ৷ ফলত আৰু মানুহে সুন্দৰ উৎকৃষ্ট চিন্তাশীল সাহিত্য সৃষ্টি কৰিবলৈ সক্ষম হয় ৷ লিখা–মেলা নকৰাৰ সময়ত তেওঁ তেনেই সাধাৰণ সাজ পৰিধান কৰিছিল ৷ এনেকৈয়ে সৃষ্টিৰ অনন্য মাদকতাই তেওঁলোকক নিজস্ব অৱদানেৰে সীমাহীন কাম কৰাৰ বাবে অনবৰতে পুলকিত কৰি ৰাখিছিল ৷
এজন লেখকে নিজৰ লেখাৰ মাজত মনৰ প্রশান্তিৰ সন্ধান কৰাৰ অভ্যাস কৰে ৷ লেখাৰ অভ্যাস হৈ পৰে তেওঁৰ চিৰন্তন সইচৰ, যত তেওঁ বিচাৰি পায় মনৰ মাজত উকমুকাই থকা ভাবৰ মুক্তিৰ সন্ধান ৷ সেয়ে লেখাৰ অভ্যাস হৈ যোৱাৰ পিছত তেওঁ তাৰ পৰা আঁতৰি থকাটো খুবেহ যন্ত্রণাময় ৷ লেখক এজনে লিখাৰ অভ্যাস এটা গঢ় দিবলৈ যাওঁতে প্রথমে মনৰ মাজত খুন্দা–খুন্দলি খাবলগীয়া হয় ৷ How to write এনে এখন কিতাপ, যিখনত ভিন্নজন লেখকে নিজক গঢ়াৰ পথত অভ্যাস কৰা বিভিন্ন অনুপম কচৰৎবোৰৰ সবিশেষ বিৱৰণ আছে ৷ নিউয়র্ক টাইমছৰ লেখক, পুলিৎজাৰ বঁটা বিজয়ী চার্লছ ডুহিগ (Charles Duhigg) The power of Habit এখন বহুল পঠিত গ্রন্থ৷
লেখাৰ অভ্যাসে মানুহক বহু দিশত চহকী কৰে ৷ প্রথমে ই চিন্তা শক্তিক সুশৃংখলিত কৰে ৷ ভাষাত দখল বাঢ়ে ৷ শব্দৰ ভঁৰালৰ বিষয়ে জানিবলৈ বাধ্য কৰে ৷ সেয়ে ইংৰাজ দার্শনিক Francis Bacon–এ কৈছিল ‘Reading maketh a full man, conference a ready man, and writing an exact man’.
সৃষ্টিকর্মত অভ্যাসৰ ভূমিকা অপৰিহার্য ৷ সঠিকভাৱে চিন্তা কৰাটো এটা কঠিন কাম ৷ তাক আয়ত্তলৈ আনিবলৈ প্রয়োজন হয় দীর্ঘদিনৰ অভ্যাস আৰু নিৰন্তৰ অনুশীলনৰ ৷ অভ্যাসৰ দাপোণত প্রতিবিম্বত হয় আমাৰ জীৱনৰ ৰং ৷ অভ্যাসে জীৱনৰ বুনিয়াদী ভেটিটো গঢ়ে ৷ গতিকে আহক, ভাল গুণ আৰু সু–ভ্যাস গঠন কৰি, মহৎ লোকৰ জীৱনৰ মহৎ কার্যাৱলীৰ চানেকিৰে আমিও আমাৰ কর্তব্যক সাধনা আৰু জীৱনৰ অমিয়াৰ মহামন্ত্র হিচাপে লৈ জীৱন পথত অগ্রসৰ হওঁ ৷
ফোন : ৯১০১৫-৬০৭৪৩