উজ্জ্বল জ্যোতি দাস
সমীৰণ বৰুৱা অসম তথা ভাৰতবর্ষৰ চিত্রকলা জগতৰ এটি পৰিচিত নাম ৷ ১৯৫৩ চনত নগাঁৱৰ কলিয়াবৰত জন্মগ্রহণ কৰা এইগৰাকী প্রসিদ্ধ চিত্রশিল্পীৰ সোতৰখনকৈ একক চিত্র প্রদর্শনী আৰু কুৰিৰো অধিক দলীয় প্রদর্শনী এতিয়ালৈকে অনুষ্ঠিত হৈছে ৷ বিদেশৰ মাটিতো তেওঁৰ ছবি প্রদর্শিত হৈ সমালোচকৰ দৃষ্টি আকর্ষণ কৰাৰ কথাটো মন কৰিবলগীয়া ৷ অসম তথা ভাৰতৰ চিত্রকলা ইতিহাসৰো এগৰাকী কৃতী গৱেষক বৰুৱাই চিন্তাশীল লেখক হিচাপেও ইতিমধ্যে যশস্যা আর্জিছে ৷ এইখন কলিয়াবৰ, কলম্বাছৰ দেশত, গোলাপৰ নাম আৰু অন্যান্য ৰচনা, ফৰাচী দেশৰ কিছু কথা ইত্যাদি তেওঁৰ কেইখনমান প্রকাশিত গ্রন্থ ৷ নৃতত্ত্ব বিজ্ঞানৰ ফৰাচী গৱেষিকা ড: এমিলী আৰাগৰ সৈতে ২০০৬ চনত বিবাহপাশত আবদ্ধ হোৱা বৰুৱাই ২০১৩ চনত অসম ৰাজ্যিক সংগ্রহালয়ৰ চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে ৷ অৱসৰ গ্রহণৰ পিছত পেৰিছতে বর্তমান বছৰৰ সৰহখিনি সময় থাকিবলৈ লোৱা বৰুৱাৰে অলপতে গুৱাহাটীত হোৱা এটি অন্তৰংগ কথোপকথনৰ কিয়দংশ পাঠক সমাজলৈ আগববালোঁ ৷
- আমি জনাত আপোনাৰ জন্ম নগাঁৱৰ কলিয়াবৰত৷ গাঁও আৰু জন্ম ঘৰখনত কেনেকুৱা এটা পৰিৱেশ আপুনি লাভ কৰিছিল বাৰু, যিয়ে পিছলৈ আপোনাৰ ব্যক্তিগত জীৱনলৈ প্রভূত পৰিৱর্তন আনিলে, বিশেষকৈ চিত্রকলাৰ ক্ষেত্রত ?
- কলিয়াবৰৰ আমাৰ গাঁওখনৰ নাম বৰভগীয়া ৷ গাঁওখনত সুন্দৰ এটা সাংস্কৃতিক পৰিৱেশ আছিল ৷ আমিও সেই পৰিৱেশ পাইছোঁ ৷ গাঁওখনত প্রতিবছৰত অতিকমেও দুখন ভাওনা হৈছিল ৷ এটি নাট্যমঞ্চৰ লগতে বেজবৰুৱা পুথিভঁৰাল বুলি এটি পুথিভঁৰালো আমাৰ গাঁওখনত আছিল ৷ বছৰেকত এখন আধুনিক নাটক মঞ্চস্থ গাঁৱত হৈছিল ৷ গতিকে সৰুকালৰ পৰাই সেইবিলাক দেখা মনত আছে ৷ নাটকৰ দৃশ্যসজ্জাৰ বাবে প্রয়োজনীয় ড্রপচিন সেই সময়ত মোৰ দেউতা শিৱপ্রসাদ বৰুৱা আৰু খুৰা শৰৎ বৰুৱাই প্রস্তুত কৰাৰ কথা মনত আছে ৷ বিশেষকৈ খুৰাই ৷ নাটক শেষ হোৱাৰ পিছত সেইবোৰ জাপি বাকচত আকৌ ভৰাই থোৱা হয় ৷ খুৰাই ভাল পর্ড্রেইতো আঁকিছিল ৷ দেউতাই তেজপুৰত পঢ়ি থাকোঁতে হাইস্কুল পর্যায়ত জয়মতীৰ শ্বুটিং চাবলৈ গৈ তাত এটা সৰু চৰিত্রতো অভিনয় কৰাৰ সুযোগ পাইছিল ৷ মোৰ আন এজন খুৰা আছিল ফটোগ্রাফাৰ, তেওঁৰ নাম দীনেশ বৰুৱা ৷ পিছত তেওঁ তেজপুৰত বসতি কৰিব ললে ৷ গতিকে সেই ধৰণৰ এটা সাংস্কৃতিক পৰিৱেশ মই ঘৰখনৰ লগতে গাঁওখনত পাইছোঁ ৷
আমাৰ ককাই–ভাই আছিল ছজন আৰু তিনিগৰাকী বাইদেউ আছিল ৷ আমাৰ গাঁৱত শোণিত কুঁৱৰী নাটকখন যেতিয়া মঞ্চস্থ হৈছিল, মোৰ তিনিগৰাকী বাইদেৱে তাত অভিনয় কৰিছে ৷ নাচ–গানৰ পৰম্পৰা এটাও আমাৰ গাঁওখনত আছিল ৷ চেনাই মাষ্টৰ বুলি কলিয়াবৰত জনাজাত এজন সংগীত শিক্ষক সেই সময়ত আমাৰ গাঁৱলৈ আহি সংগীত শিক্ষা দিয়াৰ কথাও মনত আছে ৷ তেওঁ বাইদেউহঁতকো শিকোৱা মনত আছে ৷ মই পিছে ছবি আঁকিহে বেছি ভাল পাইছিলোঁ ৷ ইলাছড্রেট উইকলিত সেই সময়ত যিবোৰ ৰঙীন ছবি প্রকাশ হৈছিল, সেইবোৰে ছবিৰ প্রতি মোৰ দুর্বলতাতো বহুখিনি বঢ়াইছিল ৷
- পঢ়া–শুনা নিশ্চয় গাঁও বা নগাঁও চহৰতে কৰিলে ?
- পঢ়া–শুনা মই গাঁৱতে কৰিলোঁ ৷ দুবছৰ মই গুৱাহাটীৰ ডনবস্ক্ স্কুলত আছিলোঁ ৷ তাৰ হোষ্টেলত আছিলোঁ ৷ সেই সময়ত ডনবস্ক্ৰ হোষ্টেলৰতিনিটা ক্লাব আছিল বিগ বয়জ ক্লাব, স্মল বয়জ ক্লাব আৰু মিডিল বয়জ ক্লাব ৷ দেওবাৰে দেওবাৰে এই ক্লাবকেইটাত বিভিন্ন ধৰণৰ অনুষ্ঠান হৈছিল ৷ বন্ধৰ পিছত স্কুল খুলিলে প্রত্যেক ক্লাবতে একোখন প্রদর্শনীও অনুষ্ঠিত হৈছিল, বন্ধত অংকন কৰা ছবিবোৰৰে ৷ প্লাইউড কাটি কৰা কামৰো প্রদর্শনী হৈছিল ৷ ‘আলী’ উপাধিৰ লৰা এজনে (তেওঁৰ নামটো পাহৰিলোঁ কিন্তু,আমাতকৈ ওপৰ ক্লাছৰ আছিল) অঁকা এখন সুন্দৰ প্রাকৃতিক দৃশ্যৰ ছবিৰ কথা এতিয়াও মনত আছে ৷ সেই ছবিখনে মোক ভীষণভাৱে আকৃষ্ট কৰিছিল ৷ পিছলৈ মোৰ ডাঙৰ ভিনদেউ বিশিষ্ট চিত্রশিল্পী প্রণৱ বৰুৱাক পালোঁ ৷ মোৰ ছবিবোৰ চাই সেই সময়ত যথেষ্ট তেওঁ উৎসাহ যোগাইছিল ৷ তেওঁৰ উৎসাহটো মোৰ কাৰণে গুৰুত্বপূর্ণ ৷ ছবিৰ প্রতি আকর্ষণটো কিন্তু মোৰ বহু আগৰ ৷ তেনেকুৱা ধৰণৰ বিভিন্ন সংযোগেও ছবিৰ প্রতি মোৰ আগ্রহটো ববালে ৷
স্নাতক ডিগ্রী মই গ্রহণ কৰোঁ দৰং কলেজৰ পৰা৷ তাৰ পিছত যাদুঘৰৰ চাকৰিতে সোমালোঁ ৷ সংগ্রহালয়তত্ত্ব (Musiology) বিষয়ৰ প্রশিক্ষণ মই চাকৰিত সোমোৱাৰ পিছতহে কিন্তু ললোঁ ৷ প্রথমে অৱশ্যে এগৰাকীৰ ছুটীত তিনি মাহমানলৈ স্থানীয় বিদ্যালয় এখনত শিক্ষকতা কৰিছিলোঁ ৷
- সংগ্রহালয়তত্ত্ব (Musiology) বিষয়ত আপুনি প্রশিক্ষণ লৈছে ৷ এই বিষয়টোত পূর্বৰে পৰাই ৰাপ আছিল নেকি বাৰু ?
- সাংস্কৃতিক বিষয়বোৰৰ প্রতি মোৰ আগৰে পৰাই ৰাপ আছিল ৷ সেই কাৰণে মিউজিয়ামৰ চাকৰিটোত সোমালোঁ ৷ সংস্কৃতিৰ বিষয়টোৰ মিউজিয়ামৰ লগত পোনপটীয়া সম্পর্ক আছে ৷ মিউজিয়াম বুলি কলে সাধাৰণ ৰাইজে সচৰাচৰ পুৰণা বস্তুৰ সংৰক্ষণকে বুজে ৷ কিন্তু প্রকৃততে তাৰ লগত বহু বস্তু সাঙোৰ খাই আছে ৷ দেশৰ সংস্কৃতিক প্রতিনিধিত্ব কৰা সম্পদসমূহ মিউজিয়ামৰ এটা অংশ, কিন্তু সংৰক্ষণতে চব কথা শেষ হৈ নাযায় ৷ সেই বস্তুটোৰ সমাজত কি তাৎপর্য আছে, সেইবিলাক কথা সংগ্রহালয়তত্ত্ব (Musiology) বিষয়টোৰ অবিচ্ছেদ্য অংশ ৷
- মিউজিয়ামৰ চাকৰিত প্রথম সোমাওঁতে কোন কোন বিষয়াক লগ পাইছিল বাৰু ?
- মই চাকৰিত সোমাওঁতে আর্কিলজী আৰু মিউজিয়াম বিভাগ দুটা একেলগে আছিল ৷ তেতিয়া তাৰ সঞ্চালক আছিল প্রয়াত গুণীন ভূঞা ৷ কিবা এটা বুজি নাপালে ভূঞা ছাৰৰ পৰাই মই শিকিছিলোঁ ৷ সঁচা অর্থতে অসমৰ সংস্কৃতিক ভালদৰে বুজি পোৱা এজন লোক আছিল ভূঞা ডাঙৰীয়া ৷ কিন্তু অসমৰ মানুহে তেওঁৰ বিষয়ে বিশেষ নাজানিলে ৷ তেৱোঁ প্রচাৰবিমুখ লোক আছিল ৷
- আপুনি ছবি আঁকিবলৈ গুৱাহাটীৰ ফাইন আর্ট ছচাইটীলৈকো গৈছিল ?
- হয় ৷ চিত্রশিল্পী প্রণৱ বৰুৱাৰ পৰামর্শতে গুৱাহাটীলৈ আহি অসমৰ বিশিষ্ট শিল্পীসকলৰ সান্নিধ্যলৈ আহিবলৈ মই সুযোগ পাইছিলোঁ ৷ তাৰ আগতে অৱশ্যে গাঁৱৰে প্রয়াত বিমল হাজৰিকাৰ মুখত নীলপৱন বৰুৱাৰ বিষয়ে মই শুনিছোঁ ৷ তেওঁ গুৱাহাটীৰ চৰকাৰী আর্ট কলেজত তেতিয়া স্কুলত পঢ়িছিল ৷ তাত সেই সময়ত নীলপৱন বৰুৱাও কিছুদিনলৈ শিক্ষকতা কৰি আছিল ৷ যাহওক বিশেষকৈ জজ ফিল্ডৰ ফাইন আর্ট ছচাইটী নামৰ অনুষ্ঠানটোলৈ গৈয়ে নীলপৱন বৰুৱাক মই প্রথম লগ পাওঁ ৷ সেইখিনি সময়ত তাত এটা কর্মশালা চলি আছিল ৷ বলবীৰ সিং কাট বুলি ভাৰতৰ আগশাৰীৰ ভাস্ক্র্য শিল্পীজনেও তাত তেতিয়া এটা ভাস্ক্র্য বনাই আছিল ৷ নগাঁৱৰ অতুল বৰুৱা, ৰাজেশ্বৰ শর্মাকে প্রমুখ্য কৰি আন কেইবাজনকো তাত লগ পোৱা মনত আছে ৷ হয়তো ফাইন আর্ট ছচাইটীৰ সম্পর্কলৈ নহাহেঁতেন ছবিৰ লগত সম্পর্কটো কোনফালে গলহেঁতেন মই নাজানো ৷ সেই অনুষ্ঠানটিৰ জৰিয়তেই ছবিৰ লগত মোৰ সম্পর্কটো ক্রমাৎ গাঢ় হ’ল ৷
- ছবি বিষয়ত আনুষ্ঠানিক শিক্ষা লোৱাৰ কথা যে তেতিয়া নাভাবিলে শান্তি নিকেতন, বোম্বেৰ জে জে সুক্ল অৱ আর্টৰ দৰে অনুষ্ঠানো সেই সময়ত আছিল ৷
- ছবিৰ বিষয়ে আনুষ্ঠানিক শিক্ষা লোৱাৰ কথা ভবাই নহল ৷ তেতিয়া মোৰ এটা ধাৰণা আছিল যে ছবিতো কবিতা লিখাৰ দৰে এটা বিষয়, কবিতাৰ পাঠ গ্রহণ কৰি কবিতা লিখিব পাৰি জানো সেই কাৰণে আর্টৰ ওপৰত ফর্মেল ড্রেইনিং লোৱা কথাটো মোৰ ক্ষেত্রত তল পৰিল৷
- আপোনাৰ ছবি প্রদর্শনীও বহুকেইখন হৈছে ৷ প্রথম প্রদর্শনীখন কত অনুষ্ঠিত হৈছিল বাৰু ?
- গুৱাহাটীৰ ৰাজ্যিক কলা–বীথিকাত মোৰ প্রথম একক প্রদর্শনীখন অনুষ্ঠিত হৈছিল ১৯৭৮ চনত ৷ তেতিয়া কলা–বীথিকাটো আছিল অসম সাহিত্য সভাৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ ওপৰ মহলাত ৷
- অসমীয়া পুথিচিত্রৰ ওপৰতো আপুনি যথেষ্ট কাম কৰিছে ৷ বিশেষকৈ গৱেষণা আৰু সচিত্র পুথিৰ ডিজিটেল আর্কাইভ স্থাপনত ৷ এই বিষয়ে চমুকৈ কওকচোন ৷
- অসমীয়া পুথিচিত্রৰ প্রতি মোৰ অনুৰাগ বঢ়োৱাৰ মূল অনুপ্রেৰণাটো আহিছিল কবি নীলমণিফুকনৰ সান্নিধ্যলৈ অহাৰ বাবে ৷ তেওঁ অসমৰ লোককলাৰ ওপৰত চলোৱা অনুসন্ধানৰ কালছোৱাত নগাঁও জিলাৰ কিছু অঞ্চল তেওঁৰ লগত ভ্রমণ কৰাৰ সুযোগ পাইছিলোঁ ৷ সেই ভ্রমণতে কলিয়াবৰত দুখনমান সচিত্র পুথি প্রথম দেখা পাইছিলোঁ ৷ তাৰ আগলৈকে অসমীয়া সচিত্র পুথি বুলিলে দত্ত বৰুৱাই প্রকাশ কৰা চিত্র ভাগৱত বালিসত্রৰ দশম স্ক্ন্ধ ভাগৱত আৰু প্রকাশন পৰিষদে ছপা কৰি উলিওৱা হস্তীবিদ্যার্ণৱৰ চিত্রসমূহতে মোৰ জ্ঞান সীমাবদ্ধ আছিল ৷ সেই ভ্রমণতে নগাঁৱৰ ড: নৰেন কলিতাৰ লগত প্রথম পৰিচয় ঘটে ৷ তেওঁৰ মুখৰ পৰাই তেতিয়াৰ নগাঁও জিলাৰ আন কেইখনমান সচিত্র পুথিৰ বিষয়ে জানিব পাৰিছিলোঁ ৷ অসম ৰাজ্যিক সংগ্রহালয়ে প্রথম যি দুখন সচিত্র পুথি সংগ্রহ কৰিছিল সেইটো সম্ভৱ হৈছিল বহু পৰিমাণে এই ভ্রমণত আয়ত্ত কৰা আমাৰ ব্যক্তিগত অভিজ্ঞতা আৰু সম্পর্কৰ বাবে ৷ অসমীয়া পুথিচিত্রৰ ওপৰত অলপ গভীৰভাৱে অনুসন্ধান কৰা সম্ভৱ হয় ‘INDIA FOUNDATION FOR THE ARTS’ৰ পৰা ২০০২ চনত আমি লাভ কৰা এটা অনুদানৰ বাবে ৷ ইয়াৰ প্রথমতে ২০০২-২০০৩ চনৰ ভিতৰত অসমৰ বিভিন্ন ঠাইৰ ২৮খন সচিত্র পুথিত থকা ২০৮৫খন চিত্রৰ ফটোগ্রাফিক ডকুমেণ্টেচন কৰা সম্ভৱ হয় ৷ অনুষ্ঠানটোক আমি যেতিয়া এবছৰ অন্ততঃ সেই ডকুমেণ্টেচনৰ ৰিপর্ট দাখিল কৰিলোঁ তেতিয়া তেওঁলোকে নিজৰ ফালৰ পৰাই ২০০৪ চনত মোলৈ আৰু এটা অনুদান আগবঢ়ায় ৷ সেইবাৰ ২০০৪ চনৰ পৰা ২০০৬ চনলৈ চলোৱা অনুসন্ধানত আন ২২খন সচিত্র পুথিৰ সন্ধান পাওঁ ৷ তাত থকা ১২৮৬খন চিত্রৰো ফটোগ্রাফিক ডকুমেণ্টেচন কৰা হয় ৷ আমাৰ এই অনুসন্ধানৰ ফলত ৫০খন অসমীয়া সচিত্র পুথি আৰু তাত থক ৩৩৭১খন চিত্র পোহৰলৈ আহে ৷ ইয়াৰ আগলৈকে দত্ত বৰুৱাই প্রকাশ কৰা চিত্র ভাগৱত বালিসত্রৰ দশম স্ক্ন্ধ ভাগৱতৰ ওপৰত প্রধানতঃ নির্ভৰ কৰিয়েই অসমীয়া পুথিচিত্রৰ ওপৰত সকলোৱে মতামত দিয়া দেখা যায় ৷ জি ই মৰিচন G. E. Marrison, জে পি লষ্টি J. P. Losty, ড: মহেশ্বৰ নেওগ, মতি চন্দ্র আদিৰ দৰে বিশিষ্ট পণ্ডিতেও এইবাবেই অসমীয়া চিত্রৰ পৰম্পৰাটো বেংগল স্কুল আৰু মোগল স্কুলৰ প্রভাৱত তৈয়াৰ হোৱা বুলি মত প্রকাশ কৰিছিল ৷
২০০২ চনৰ পৰা ২০০৬ চনলৈ চলোৱা মোৰ অনুসন্ধানৰ অভিজ্ঞতাৰ পৰা মোৰ দৃহ ধাৰণা যে অসমীয়া পুথিচিত্রৰ পৰম্পৰা মোগল স্কুল বা বেংগল স্কুলতকৈ প্রাচীন ৷ বেনাৰসৰ ভাৰত কলা ভৱনত সংৰক্ষিত ১৪৫০ চনৰ লাউৰ চান্দ আৰু ১৫২৫ চনৰ মৃগভাগৱত তথা ১৫৭৫ চনৰ ৰাগমালাৰ চিত্রৰ লগত বালিসত্রৰ দশম স্ক্ন্ধ ভাগৱতৰ কোনো কোনো চিত্রৰ হুবহু সাদৃশ্যৰ পৰা এই কথা ন দি কব পাৰি ৷
ইয়াৰ পিছত অসমীয়া আৰু ইংৰাজীত লিখা কেইবাটাও প্রবন্ধৰ দ্বাৰা এই অনুসন্ধানৰ দ্বাৰা আয়ত্ত কৰা তথ্যসমূহ প্রকাশ কৰোঁ ৷ বহু বছৰৰ আগতে দৈনিক অসম কাকততে প্রথম প্রবন্ধটো দুখনমান পুথিচিত্রৰ ৰঙীন ফটোগ্রাফেৰে প্রকাশ হৈছিল ৷ বোম্বেৰ পৰা প্রকাশিত ভাৰতৰ প্রখ্যাত শিল্পকলাৰ আলোচনী মার্গ MARGত ২০১০ চনতে Abstract Painting of the Assamese Bhagavata Purana নামৰ প্রবন্ধটো প্রকাশ হৈছিল ৷ ইয়াৰ পিছত ২০১১ চনত জার্মান পণ্ডিত তথা কলা বিশেষজ্ঞ আন্না এল ডাল্লাপিক্কলা Anna L Dallapiccolaৰ দ্বাৰা সম্পাদিত Indian Painting : The Lesser Known Traditions গ্রন্থত অসমীয়া পুথিচিত্রৰ ওপৰত আন এটা প্রবন্ধ প্রকাশ হয় ৷ এই প্রবন্ধটোতে তথ্যসহকাৰে মই এইটো প্রমাণ কৰিবলৈ সক্ষম হৈছিলোঁ যে অসমীয়া পুথিচিত্রৰ পৰম্পৰা সাধাৰণতে ভবাতকৈ বহু প্রাচীন আৰু ইয়াৰ এটা স্বকীয় বৈশিষ্ট্য আছে ৷ আমেৰিকাৰ প্রখ্যাত পণ্ডিত কলাবিদ জন চিলাৰ John Seyllerৰ দ্বাৰা সম্পাদিত Recent Studies on Indian Painting গ্রন্থতো ২০২০ চনত আমাৰ এটা প্রবন্ধ প্রকাশ হৈছে ৷ এই প্রবন্ধত ৪খন গুৰুত্বপূর্ণ অসমীয়া সচিত্র পুথিৰ চিত্রৰ আলোচনা কৰা হৈছে ৷ অসমীয়া পুথিচিত্রৰ স্বকীয় বৈশিষ্ট্যৰ বাবে যে এই শিল্পধাৰাক আছাম স্কুল অবপেইণ্টিং বুলি মান্যতা দিয়া উচিত এই বিষয়ে এই প্রবন্ধটোত তাৰ আহ্বান দিয়া হৈছিল ৷
- আপুনি বৃন্দাবনী বস্ত্রৰ সম্পর্কতো লিখা–মেলা কৰিছে ?
- হয় ৷ আজিৰ পৰা প্রায় ১৫ বছৰ আগতে আগষ্ট ২০০৭) দৈনিক অসমত প্রকাশিত এটা প্রবন্ধত ব্রিটিছ মিউজিয়ামত সংৰক্ষিত এখন কাপোৰত বোৱা কালীয় দমন নাটকৰ এটি গীতৰ সন্দর্ভত লিখা প্রবন্ধটোৱেই আছিল এই বিষয়ৰ মোৰ প্রথম প্রবন্ধ ৷ বিষয়টো কিন্তু প্রথম পোহৰলৈ আহে লণ্ডনৰ ভিক্টোৰিয়া এণ্ড এলবার্ট মিউজিয়ামৰ কিউৰেটৰ ৰজমেৰী ক্রিলে লিখা বৃন্দাবনী বস্ত্র Vrindavani Vastra নামৰ এটি প্রবন্ধত ১৯৯২ চনতে ৷ ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন সংগ্রহালয়ত সংৰক্ষিত ১৬ টুকুৰা ভিন ভিন কাপোৰৰ উৎস যে অসম তেওঁ সেই প্রবন্ধত সাব্যস্ত কৰিছিল ৷ তাৰে এখন বা এটুকুৰা কাপোৰ, যিখন বর্তমান পেৰিছৰ মিউজে–গিমেত সংৰক্ষিত, তেওঁৰ মতে শংকৰদেৱৰ বৃন্দাবনী বস্ত্র হব পাৰে ৷ অসমৰ বহুতে ব্রিটিছ মিউজিয়ামত সংৰক্ষিত কাপোৰ এখনকে শংকৰদেৱৰ বৃন্দাবনী বস্ত্র বুলি ভাবে ৷ এই কাপোৰখন আচলতে ১২খন সুকীয়া কাপোৰ বেজীৰে চিলাই যোৰা দি তৈয়াৰ কৰা ৷ অতিকমেও দুখন সুকীয়া তাঁতত এই কাপোৰকেইখন বোৱা হৈছিল ৷ তাৰে এখনতে কালীয়দমন গীতটো আছে ৷ এইকেইখন কাপোৰ শংকৰদেৱৰ বৃন্দাবনী বস্ত্র হোৱা এই কাৰণেই অসম্ভৱ যে সেইকেইখন শংকৰদেৱৰ মৃত্যুৰ অতিকমেও দুশ বছৰৰ পিছতহে বোৱা ৷ আনহাতে তাৰে এখনত থকা কালীয়দমন নাটকৰ গীতটোৰ এটা শব্দ বাদ পৰাৰ কথাটোও গুৰুত্বপূর্ণ ৷ শংকৰদেৱৰ নিজৰ নির্দেশত বোৱা কাপোৰ এখনত নিজৰ গীত এটা এনেদৰে খৰা–মুৰা কৰাটো অসম্ভৱ ৷
বৃন্দাবনী বস্ত্রৰ ওপৰত বিতংকৈ আমাৰ প্রতি প্রবন্ধ কামৰূপ অনুসন্ধান সমিতিৰ এশ বছৰীয়া জয়ন্তী উপলক্ষে প্রকাশ কৰা Anusandhana নামৰ গ্রন্থত ২০১২ চনত প্রকাশ হৈছিল ৷ মিউজেগীমেত সংৰক্ষিত কাপোৰখনো যে শংকৰদেৱৰ বৃন্দাবনী বস্ত্র হোৱা অসম্ভৱ সেই কথাটো তাত উল্লেখ কৰিছিলোঁ ৷ সেই কাপোৰখনত ত্রিশিৰা দৈত্যৰ লগত হনুমানৰ এটি দৃশ্য আছে ৷ মাধৱ কন্দলীৰ ৰামায়ণত ৰামেহে ত্রিশিৰাৰ লগত যুদ্ধ কৰাৰ বর্ণনা আছে ৷ এনে ক্ষেত্রত শংকৰদেৱে তৈয়াৰ কৰা বস্ত্রখনত মাধৱ কন্দলীক এনেদৰে অৱজ্ঞা কৰা কথা ভবা টান ৷
যোৱা ২০১৬ চনৰ জুলাই মাহত লণ্ডনৰ ব্রিটিছ মিউজিয়ামৰ আমন্ত্রণক্রমে বৃন্দাবনী বস্ত্রৰ আয়োজন কৰা এক ছেমিনাৰতো ভাগ লৈ বিষয়টোৰ ওপৰত বিতং আলোচনা কৰিছিলোঁ ৷
- কলা সমালোচনা শিল্পীৰ বাবে কিমান প্রয়োজনীয় বুলি ভাবে ?
ছবি এখনৰ ইণ্টাৰপ্রিটেচন কৰা বহু ক্ষেত্রত ছাবজেক্টিভ কথা ৷ এজন সমালোচকে যিটো সৌন্দর্য তাত দেখা পায় সেই সৌন্দর্য আন এজনে হয়তো নেদেখিবও পাৰে ৷ মই ভাবোঁ কলা সমালোচনাৰ গুৰুত্ব নিশ্চয় আছে, কিন্তু ছবি চোৱাৰ পৰিৱেশ এটা সৃষ্টি কৰাটো হব তাতোকৈ এটা ডাঙৰ কাম ৷ সমালোচকৰ সংখ্যা বঢ়়াটোৱে ছবিৰ ক্ষেত্রত ডাঙৰ কাম হোৱাটো নুসূচায় ৷ সমালোচনা কৰিলে আপুুনি এখন ব্লেংক কেনভাছকো কোনোবা সময়ত গ্রেট আর্ট বুলি কবলৈ বাধ্য ৷ ইউৰোপত তেনেকুৱা এটা পৰিৱেশ হৈছেই ৷ ছবি সম্পর্কে খবৰ দিয়াতো বা ইণ্ড্রডিউচ কৰি দিয়াটো ক্রিটিকেলী এনালাইজ কৰাতকৈ বেছি উপকাৰ সাধিব ৷ এনে সমালোচনাই সাধাৰণ দর্শকক বিভ্রান্ত কৰাৰেই সম্ভাৱনা বেছি ৷
- নতুন চামৰ ছবি নিশ্চয় চাইছে ৷ তেওঁলোকৰ কামখিনি কেনে পাইছে বাৰু ?
- কিছু কিছু ছবি তেওঁলোকৰ চাইছেছা, নোচোৱা নহয় ৷ কিছুমানৰ প্রয়াস effort এটা আছে ৷ ছবিৰ জগতখনতো বর্তমান এটা জটিল অৱস্থাত ৷ এতিয়া কনচ্পেচুৱেল ছবি আঁকে মানুহে, কনচেপ্ঢচুৱেল ইনষ্টলেচন কৰে ৷ পশ্চিমীয়া ধৰণ–কৰণবোৰ কপী কৰিবলৈ লৈছে বহুতে ৷ সেয়ে শুদ্ধ পথ কোনটো এতিয়া কোৱাটো জটিল হৈ পৰিছে ৷ দর্শক বিভ্রান্তিতো পৰা দেখা গৈছে এই আমদানিকৃত ধৰণ–কৰণত ৷ আমাৰ পৰম্পৰাক যাতে ই ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে আমি কিন্তু সচেষ্ট হবৰ হল ৷