চিৰসেউজ প্রকৃতি আৰু মন

পাপৰি বৰা

‘প্রকৃতিৰ অকৃত্রিমতাত এক্ষন্তেক জিৰোৱাৰ আপাহতে…

সেউজীয়া বিচাৰি সেউজীয়াৰ দলিচাত নিজকে বিলীন কৰিব বিচৰাৰ বিলাসিতাতে…

নিজকে লৈ নিজতে মগন কোনো এটি সুমথিৰা ৰঙৰ আবেলিতে…

হাতে হাত ধৰি প্রিয়জনৰ লগত খোজ দিয়াটো যান্ত্রিকতাৰ পৃথিৱীত এতিয়া সঁচাকৈয়ে এক বিলাসিতা ৷’

নিজকে বিচাৰি চাবলৈ আমাৰ হাতত যে নাথাকে আহৰি ৷ প্রতিটো পুৱাই আনে নিত্য নতুন ব্যস্ততা ৷ এইবোৰৰ মাজতে সেউজীয়া বিচাৰি প্রকৃতিৰ বুকুত জিৰোৱাটো এক বুজাব নোৱাৰা ভাল লগা ৷

Study nature, love nature, stay close to nature. It will never fail you. —Frank Lloyd Wright

সঁচাকৈয়ে প্রকৃতিয়ে আমাক কেতিয়াও নিৰাশ নকৰে ফাগুনৰ লঠঙা ডালত লাহে লাহে যেতিয়া কুঁহিপাতে পোখা মেলে লঠঙা ডালে আত্মগৌৰৱতে যেন ঠন  ধৰি  আত্মবিশ্বাসী হৈ উঠে, ঠিক হেৰুওৱা সাহস ঘূৰাই পোৱাৰ দৰে ৷ সেউজীয়াবোৰ জীৱনদায়িনী ৷ মনৰ উৎসাহ সদায় অটুট থকাসকলক চিৰসেউজৰ লগতে তুলনা কৰা হয় ৷ মনবোৰ কেতিয়াও প্ৰৌঢ় অৱস্থালৈ নিব নালাগে ৷ মনৰ উৎসাহেহে আমাক চিৰসজীৱ কৰি ৰাখে ৷ জীৱনত আমি বিভিন্ন ঘাত–প্রতিঘাত নেওচিব লগা হয়, তাতে কোনোৱে যদি থমকি ৰয় কোনোৱে আগুৱাই যায় ৷ আমাৰ জীৱনটোওতো প্রকৃতিৰে দান ৷ সকলো প্রাকৃতিকভাৱেই হৈ যায় মাথোঁ আমিহে তাত কৃত্রিমতাৰ ৰহণ সানো, কিন্তু জীৱনৰ শেষত পুনৰ শৰীৰটোও প্রকৃতিৰ বুকুতে বিলীন হয় ৷ গতিকে জীৱনকালত আমি যিমানেই প্রকৃতিৰ কাষত থাকিম সিমানেই আমাৰ শৰীৰটোও চিৰসেউজ হৈ ৰব বহুদিনলৈ ৷

মনৰ সেউজীয়াবোৰনো কি এই যে আমি কওঁ চিৰসেউজ মন এই মনটোক আমি নিয়ন্ত্রিত কৰিব পাৰোঁ নে নোৱাৰোঁ, তাৰ ওপৰতে আমাৰ মনৰ শক্তিও কেন্দ্রীভূত ৷ যদি মনটোক আমি লৰালিৰ অনুভৱেৰে জীপাল কৰি ৰাখিব পাৰোঁ, তেনেহলে নিজকে সদায় কমবয়সীয়া যেনেই লাগিব ৷ সৰুৰ পৃথিৱীখন যিদৰে নিঃস্বার্থ ৷ সৰু সৰু কথাতে লৰালিত সুখ বুটলিব পাৰি ডাঙৰতো পাৰি ৷ সৰু সৰু কথাতে সুখী হব পাৰিলে হাঁহিব পাৰিলে   মনবোৰ অসুখী নহয় ৷ পুৰণি পৃথিৱীখনত মানুহ প্রকৃতিৰ ওপৰতে এশ শতাংশ নির্ভৰশীল আছিল ৷ যন্ত্র–পাতিৰ আৱিষ্কাৰৰেৰে মানুহ প্রকৃতিৰ বহু অৱদানৰ পৰা নিলগত অৱস্থান কৰিলে পিছে এতিয়া সময়েই মানুহক পুনৰ সকীয়াই দিছে প্রকৃতিৰ কাষ চাপিবলৈ ৷ আজি মানুহে জৈৱিক কৃষিৰ কথা চিন্তা কৰিছে ৷ ভাৰতীয়সকলে আয়ুর্বেদিক চিকিৎসা, ঔষধি গছ–লতাৰ বিষয়ে পুনৰ জ্ঞান লভিছে ৷ বিশ্বৰ অন্য দেশেও এই পদ্ধতিৰ প্রতি আনুগত্য স্বীকাৰ কৰিছে ৷ প্রকৃতিৰ কাষতে বিভিন্ন ৰোগৰ নিৰাময় আছে ৷ পুৱাৰ সূর্যৰ পোহৰকণেই বহু ৰোগৰ ঔষধ ৷ প্রকৃতিৰ মাজত কৰা যোগ অভ্যাসেৰেও বহুতেই আজি প্রকৃতিৰ কাষ চাপিছে ৷ সূর্যৰ পোহৰেৰে সৌৰশক্তিৰ ব্যৱহাৰেও বহু লাভান্বিত হব পৰা গৈছে ৷ সৌৰশক্তি প্রকৃতিৰে দান ৷ এই শক্তিৰ ব্যৱহাৰৰ ফলত কৃত্রিম ইন্ধনৰ নাটনিও বহু পৰিমাণে কমাব পৰা গৈছে ৷ জীৱাশ্ম ইন্ধনৰ সীমাবদ্ধতাক সৌৰশক্তিৰ প্রাকৃতিক ইন্ধনেৰে পূৰাব পৰা গৈছে ৷ প্রকৃতিয়ে আমাক হিয়া উজাৰি দিছে কোনোদিন প্রতিদান বিচৰা নাই ৷ স্বার্থসিদ্ধি কৰি মানুহে প্রকৃতিৰ পৰা অকল লৈছে, কিন্তু ওভতাই দিবলৈকে যেন আহৰিয়ে নাই, গছপুলি এটা কৰবাত গোজা মাৰি ৰুবলৈও যেন সময়ৰ অভাৱ জীৱনত ৷ প্রকৃতিপ্রেমীসকলৰ কথা বাদ দি বাকীসকলৰ জীৱনত এয়াই যেন সঁচা ৷

জীৱনৰ বিয়লি বেলাতো বয়সৰ আঁচোৰ নপৰাসকলক আমি চিৰসেউজৰ লগতে তুলনা কৰোঁ ৷ নিজকে বহু যত্নৰে প্রতিপালিত কৰা বহু লোক আমাৰ মাজতে দেখোঁ, যি অৱসৰৰ পিছত নাতি–পুতিৰ লগত ধেমালি কৰি থকা অৱস্থাতো বৰ সুন্দৰ স্বাস্থ্য–পাতিৰে কম বয়সীয়া হৈ থাকে, তাৰ বিপৰীতে কেতিয়াবা বহু লোক কম বয়সতে বহু বয়সীয়া যেন হৈ পৰে ৷ বিভিন্ন ৰোগত আক্রান্তসকলৰ কথা নকওঁ যদিও এই যে নিজৰ বয়সতো ধৰি ৰাখিব পাৰে তেনে লোকক আমি সততে চিৰসেউজ আখ্যা দিওঁ, কাৰনো বাৰু মন নাযায় নিজকে চিৰসেউজ কৰি ৰখাৰ ৷ গতিকে তেনে এটি জীৱন পাবলৈ সাধনাৰো দৰকাৰ ৷ নিজকে প্রকৃতিৰ লগত বিলীন কৰি শৰীৰ চর্চা, যোগ, সাধনা আদিৰ ফলতে এনে এক জীৱন পাব পাৰি, তাৰ উদাহৰণ আমাৰ চকুৰ আগতেই বহু ককা–আইতাহঁত যি প্রকৃতিৰ পৰা নিজকে কেতিয়াও বিচ্ছিন্ন কৰিব নোখোজে ৷ সহজ–সৰল জীৱন যাপন, ঈশ্বৰ  আৰাধনা, অকৃত্রিম মৰম–ভালপোৱা, হাঁহিৰে তেওঁলোকে আনৰ লগতে নিজৰো জীৱন জীপাল কৰি ৰাখে ৷ লাহে লাহে আগৰ সহজ–সৰল সমাজখনত জন্মগ্রহণ কৰা আমাৰ ককা–আইতাসকল নোহোৱা হৈ আহিছে ৷ সেই সৰল সমাজখনো তেওঁলোকৰ লগতে নোহোৱা হৈ আহিছে এতিয়া মাথোঁ যান্ত্রিকতাৰে ভৰা আধুনিক পৃথিৱী ৷

আজিৰ পৃথিৱীৰ আমি এনে এক প্রজন্ম যে আমাৰ পিছৰ প্রজন্মৰ পৃথিৱীখন আৰু কিমান সলনি হব আমি কি দি থৈ যাম আমাৰ শিশুসকলক আমি নিজেই নাজানো ৷ অকৃত্রিম মৰমবোৰ হেৰাই যোৱাৰ পথত ৷ আনৰ শিশুকো নিজৰ বুলি ডাবি–ধমকি দি সজ কথা শিকোৱা, নীতি জ্ঞান দিয়া আমাৰ পূর্বপুৰুষসকল এতিয়া যে নাই ৷ বিপথে পৰিচালিত হোৱা এটি শিশু বা কিশোৰৰ কাৰণে আগতে গোটেই সমাজখনেই দায়ী আছিল সকলোৰে দায়িত্ববোধ আছিল, কিন্তু আজি নিজৰ লগতে কাষৰ ঘৰৰ শিশু কিশোৰকো অভিভাৱকৰ দায়িত্বৰে বুজোৱা সেইসকল লোক নাই ৷ সকলোৰে গাইগুটীয়া জীৱন ৷ আকৌ সেই সৰল জীৱন ঘূৰি আহিব জানো প্রকৃতিৰ ভাৰসাম্য ৰক্ষা হবনে এয়াও চিন্তনীয় বিষয় ৷ অৱশ্যে সমাজখন বর্তি থাকিবলৈ ভাৰসাম্য লাগিবই ৷ বাস্তৱৰ পৃথিৱীখন সদায় প্রাকৃতিক হৈয়ে আছে ৷ অবাস্তৱ ডিজিটেল পৃথিৱীয়ে ইয়াৰ ৰূপ সলাব নোৱাৰে, কিন্তু মানুহৰ মনবোৰ সলনি কৰিব পাৰে ৷ সেয়ে আমি বিচাৰোঁ বাস্তৱৰ পৃথিৱীখন সদায় প্রাকৃতিক হৈয়ে থাকক ৷ সেউজীয়া পৃথিৱীখনৰ মানুহবোৰৰ মনবোৰ সদায় সতেজ সেউজীয়া হৈ থাকক ৷ মানুহ আৰু প্রকৃতিৰ অপ্রেমত পৃথিৱীখন শেষ হোৱাৰ কথা ভাবিব নোৱাৰি কেতিয়াও নোৱাৰি৷

 ফোন : ৭০০২১-৭৪৫২৩

You might also like
Leave A Reply

Your email address will not be published.