ভৱেন বৰুৱা
ভাষা হৈছে জ্ঞান অর্জনৰ প্রৱেশদ্বাৰ৷ ভাষাৰ মাধ্যমেৰেই আমি নিজকে প্রকাশ কৰোঁ, বিকাশ ঘটাওঁ ৷ কিন্তু বিভিন্ন কাৰণত এই ভাষাৰো অপমৃত্যু ঘটে ৷ ২০১৪ চনত ইউনেস্কই প্রকাশ কৰা এক সমীক্ষা অনুসৰি প্রতিমাহে এই বিশ্বৰ বুকুৰ পৰা হেৰাই গৈছে দুটাকৈ ভাষা ৷ এটা ভাষাৰ মৃত্যু মানে মাথোঁ সেই ভাষাটোৰেই যে মাথোঁ মৃত্যু তেনে নহয়, সেই ভাষাটোৱে কঢ়িয়াই লৈ ফুৰা জ্ঞানো চিৰদিনৰ বাবে হেৰাই যায় ৷
People’s Linguistic Survey of India নামৰ বেচৰকাৰী প্রতিষ্ঠানটোৱে দেশজুৰি চলোৱা এক সমীক্ষাৰ পিছত প্রকাশ কৰা তথ্য অনুসৰি ভাৰতত ৮০০টাৰো অধিক ভাষা আছে ৷ সমীক্ষাটোত ইতিমধ্যে বিগত পঞ্চাশ বছৰৰ ভিতৰত ২২০টা চিৰদিনৰ বাবে হেৰাই যোৱাৰ তথ্য পোহৰলৈ অনাৰ লগতে অনাগত পঞ্চাশটা বছৰতো ১৫০টা ভাষা লুপ্ত হৈ যোৱাৰ আশংকা প্রকাশ কৰা হৈছে৷ সমীক্ষাটোত এনে ভাষা বর্তমানে ব্যৱহাৰ কৰি থকা চামৰ উঠি অহা প্রজন্মই নিজৰ পুৰুষাণুক্রমিক ভাষাটো শিকাৰ বাবে আগ্রহ নকৰাটোকেই মুখ্য কাৰক হিচাপে উল্লেখ কৰিছে৷ ইউনেস্ক্ৰ তৰফৰ পৰা প্রস্তুত কৰা অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা বিশ্বৰ ভাষাসমূহৰ মানচিত্রত ভাৰতৰ মুঠ ১৯৭টা ভাষাক তালিকাভুক্ত কৰা হৈছে, যত আছে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ আহোম, আংগামী, আও, আইতন, আপাটানি, বেইটে, বিষ্ণুপ্ৰিয়া মণিপুৰী, বড়ো, ডিমাছা, দেউৰী, মাৰ, ৰাংখল, কোচ, ককবৰক, কন্যাক, মেচ, মিচিং, মিজো, পাইটে, ৰাভা, ৰেংমা, কার্বি, টাই ফাকে, টাই ৰং, তাংখুল, টুৰুং, টাংছা, থাড, তিৱা, জেমে আদি বহুকেইটা জনগোষ্ঠীৰ ভাষা ৷ ইন্টাৰনেট, বিশ্বায়ন আদিৰ যুগত ইংৰাজীকে ধৰি বৃহৎ ভাষাসমূহৰ আগ্রাসনৰ ফলত ক্ষুদ্র ক্ষুদ্র জনগোষ্ঠীসমূহে ব্যৱহাৰ কৰি অহা ভাষাসমূহে নিতৌ এইদৰে অপমৃত্যুৰ কবলত পৰিবলগীয়া হৈছে ৷ ভাৰতত বৃহৎসংখ্যক ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা আছে যদিও ইয়াৰে ৩০ শতাংশই হৈছে কথিত ৰূপত থকা ভাষা ৷ ফলত এনে কথিত ভাষাটো জীয়াই ৰাখিবলৈ স্বাভাৱিকতে ভাষাটোৰ লিখিত ৰূপ অর্থাৎ সংশ্লিষ্ট ভাষা–সাহিত্যৰ ব্যাপক চর্চাৰ প্রয়োজন আছে ৷ এই প্রসংগতে এনে ভাষা জীয়াই ৰাখিবলৈ সেই ভাষাত অনুবাদ সাহিত্যৰ প্রয়োজন যে এক অন্যতম গুৰুত্বপূর্ণ উপাদান, তাক নকলেও হয় ৷
যদিও অনুবাদে এটা ভাষা–সাহিত্যৰ উর্বৰা বৃদ্ধি কৰাৰ লগতে একোটা মৃতপ্রায় ভাষাকো সঞ্জীৱনী শক্তি প্রদান কৰিব পাৰে, কিন্তু সাহিত্যৰ এক দুৰূহ শাখা হৈছে এই অনুবাদ সাহিত্য ৷ অনুবাদ সাহিত্যৰ গুৰুত্বৰ কথা পণ্ডিতপ্রৱৰ কৃষ্ণকান্ত সন্দিকৈয়েও তেওঁৰ অনুবাদৰ কথা শীর্ষক প্রবন্ধটোত উল্লেখ কৰি গৈছিল ৷ আমাৰ চুবুৰীয়া বাংলা ভাষাৰ ক্ষেত্রখনলৈ মন কৰিলেই দেখা যায় বাংলা ভাষাত বিশ্বৰ প্রায় সকলো ভাষাৰে বিশ্ববিখ্যাত সাহিত্যৰ অনুবাদ হৈছে ৷ সেই অনুবাদবোৰে যিদৰে বাংলা সাহিত্যৰ ভঁৰালক উর্বৰ আৰু সমৃদ্ধ কৰি তুলিছে, সেইদৰে বাংলা ভাষাটো চহকী কৰি তুলিছে ৷
অসমৰ জনগোষ্ঠীয় ভাষাবোৰৰ ভিতৰত অন্যতম হৈছে কার্বি ভাষাটো ৷ মৌখিক সাহিত্যত অতিশয় ঐশ্বর্যশালী কার্বি ভাষা–সাহিত্যৰ চর্চা আজিও কিন্তু তেনেই চালুকীয়া অৱস্থাতেই আছে বুলি কব লাগিব ৷ অসমৰ এক অন্যতম প্রাচীন ভাষা হোৱা সত্ত্বেও কার্বি ভাষা–সাহিত্যৰ সঠিক চর্চাৰ অভাৱৰ বাবেই কার্বি ভাষাটোবিশ্বৰ অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা ভাষাৰ তালিকাত স্থান লাভ কৰিছে ৷ সৌভাগ্যৰ কথা যে শেহতীয়াকৈ অনুবাদ সাহিত্যৰে কার্বি ভাষাক সমৃদ্ধ কৰি তোলাৰ বাবে কেইবাগৰাকীও কার্বি সাহিত্যকর্মী যত্নপৰ হৈছে ৷ তেওঁলোকৰ মাজৰে এগৰাকী হৈছে খগেন ইংতি৷
১৯৮৫ চনত নগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে কৃষ্ণাংগ কবিসকলৰ এক অনুবাদ কবিতাৰ সংকলন পঢ়ি মনলৈ অনুবাদৰ প্রতি আগ্রহ জন্মে ৷ সেই সংকলনতে পঢ়া এটা পেলেইষ্টানী কবিতাৰ অনুবাদৰ যোগেদি তেওঁ অনুবাদ জগতত ভৰি দিছিল ৷ ১৯৮৫ চনতে অনুবাদ কৰিলেও অৱশ্যে কবিতাটো প্রকাশ কৰিছিল ১৯৯৯ চনতহে ৷ অনুবাদ কৰে মাও–চে–তুঙৰ পাঁচটা প্রবন্ধৰ সংকলন ৷ ইয়াৰ পিছতে তেওঁ জড়িত হৈ পৰে কার্বি ভাষাৰ পৰা অসমীয়া ভাষালৈ কৰা অনুবাদ কর্মত ৷ কার্বি আংলং জিলা জনসংযোগ বিভাগে কার্বি ভাষাত লিখা গল্প–প্রবন্ধৰ এলানি সংকলন প্রকাশ কৰিছিল ২০১৪, ২০১৬ আৰু ২০১৭ চনত ৷ এই সংকলনকেইখনৰ অসমীয়া অনুবাদৰ দায়িত্ব লাভ কৰিছিল তেওঁ ৷ এই অনুবাদ কর্মত জড়িত হৈ তেওঁ ক্রমাৎ অনুবাদৰ জগতখনত সোমাই পৰিল ৷ এখন–দুখনকৈ তেওঁ অসমীয়া সাহিত্যৰ কেইবাখনো গল্প–উপন্যাস কার্বি ভাষালৈ অনুবাদ কৰি স্থানীয় কার্বি ভাষাৰ দৈনিক কাকত–মাহেকীয়া আলোচনীত প্রকাশ কৰিবলৈ আৰম্ভ কৰিলে ৷ ইয়াৰ ভিতৰত ডাঃ জয়ন্ত ৰংপিৰ পুৱাতে এজাক ধনেশ, হোমেন বৰগোহাঞিৰ মৎস্যগন্ধা, ড: বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ ঈয়াৰুইঙ্গম, নিৰোদ চৌধুৰীৰ চামেলী মেমচাহেব, নয়নতৰা, ড: ভবেন্দ্রনাথ শইকীয়াৰ বালিভোজ, লি টলষ্টয়ৰ ঈশ্বৰৰ ঘৰ, প্রেমচাঁদৰ কফন, মংগলছিং ৰংফাৰৰ মাংলাংন, ২০গৰাকী দেশী–বিদেশী কবিৰ কবিতা অনুবাদ সংকলন আদি ৷ সম্প্রতি তেওঁ ড: বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ মৃত্যুঞ্জয়খনো কার্বি ভাষালৈ অনুবাদ কৰি আছে ৷
নিজৰ অনুবাদ কর্মত মূল গল্প–উপন্যাসৰ চৰিত্রসমূহৰ মুখৰ ভাষা একেই ৰখাত গুৰুত্ব আৰোপ কৰা ইংতিয়ে কয় যে কার্বি ভাষাত যিকোনো পৰিস্থিতি, পৰিৱেশ আদি ফুটাই তুলিবলৈ প্রয়োজনীয় শব্দৰ অভাৱ নাই ৷ সেয়ে অনুবাদ কৰোঁতে শব্দৰ অভাৱ অনুভূত নহয় ৷ অৱশ্যে বিজ্ঞান সম্পর্কীয় শব্দ বা সংজ্ঞাবোৰৰ প্রতিশব্দ কার্বি ভাষাত নথকাত বিজ্ঞান সাহিত্যৰ অনুবাদ সহজ নহয় আৰু এইক্ষেত্রত তেনে অনুবাদ চকুতো পৰা নাই ৷ আনহাতে কবিতাৰ অনুবাদ কৰোঁতে মূল কবিতাৰ মূল ভাব প্রকাশতো অলপো অসুবিধা নহয়, কাৰণ কার্বি ভাষাৰ কাব্যিক শব্দৰ ভঁৰাল গদ্যৰ ৰূপতকৈ অধিক চহকী ৷ সেয়ে কবিতাৰ অনুবাদ কৰি অধিক আত্মসন্তুষ্টি লাভ কৰা ইংতিয়ে অৱশ্যে কার্বি ভাষাত অনুবাদ সাহিত্যৰ আদৰ আছে যদিও সেই অনুপাতে অনুবাদকৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা বুলি খেদ প্রকাশ কৰে ৷
কার্বি ভাষা–সাহিত্যৰ বিকাশৰ বাবে অনুবাদ সাহিত্যৰ যথেষ্ট প্রয়োজন আৰু এইক্ষেত্রত কার্বি লামমেত আমেইৰ দৰে সাহিত্য সংগঠনসমূহে পর্যাপ্ত গুৰুত্ব দিয়াৰ প্রয়োজন আছে বুলি মত ব্যক্ত কৰি তেওঁ কয় যে কার্বি ভাষা সাহিত্যৰ চর্চা বর্তমান ব্যক্তিগত পর্যায়তে চর্চিত হৈ আছে ৷ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে কার্বি ভাষাৰ পাঠ্যপুথি প্রণয়নৰ বাবে গঠন কৰা Karbi Language Development Boardৰ দৰে কার্বি ভাষাত গ্রন্থ প্রকাশ কৰাৰ বাবেও অসম প্রকাশন পৰিষদৰ আর্হিত এক প্রকাশন পৰিষদ গঠন কৰাৰ প্রয়োজন আছে ৷ শেহতীয়াকৈ কার্বি ভাষাক প্রাথমিক বিদ্যালয়ৰ শিক্ষাৰ মাধ্যম কৰাৰ লগতে মহাবিদ্যালয় পর্যায়লৈকে এক বিষয় হিচাপে স্বীকৃতি দিয়াত এনে প্রকাশন পৰিষদ গঠনৰ প্রয়োজনীয়তা আৰু অধিক বৃদ্ধি পাইছে বুলি মন্তব্য কৰি তেওঁ প্রসংগক্রমে চুবুৰীয়া বড়ো ভাষাৰ বিকাশৰ কথালৈ আঙুলিয়াই দিয়ে ৷
কার্বি ভাষাত গল্প–কবিতা চর্চা কৰা গল্পকাৰ–কবিৰ সংখ্যা পূর্বতকৈ অধিক বৃদ্ধি পাইছে যদিও তেওঁলোকৰ সৃষ্টিৰাজিৰ মানক সঠিক সমালোচনাৰে আগুৱাই লৈ যোৱাৰ প্রয়োজনীয় মঞ্চৰ বাৰুকৈয়ে অভাৱ আছে বুলি মত ব্যক্ত কৰি ইংতিয়ে কয় যে এনে মঞ্চৰ অভাৱত নতুন প্রজন্মৰ গল্পকাৰ বা কবি এগৰাকীয়ে নিজৰ কর্মৰাজিৰ তুলনামূলক বিচাৰ কৰিবলৈ সক্ষম নহয় ৷ শেহতীয়াকৈ ফেচবুকৰ দৰে ছচিয়েল মিডিয়াত চুর্চুৰীয়াকৈ কৰবাত কাৰোবাৰ লেখা চর্চিত হয় যদিও সেয়া তেনেই নগণ্য ৷
কার্বি ভাষাত উপন্যাসৰ সংখ্যা নাই বুলিবই পাৰি ৷ এই দিশটোলৈ লক্ষ্য ৰাখিয়েই তেওঁ মৎস্যগন্ধা, ঈয়াৰুইঙ্গম, মৃত্যুঞ্জয় আদি অসমীয়া ভাষাৰ প্রসিদ্ধ উপন্যাসবোৰ কার্বি ভাষাত অনুবাদ কৰাত গুৰুত্ব আৰোপ কৰিছে ৷ ঈয়াৰুইঙ্গমৰ কাহিনীভাগত থকা প্রেম, যুদ্ধ, হিংসা–সংঘাত আৰু শেষত প্রেমৰ জয়গানৰ বিষয়টোৱে ঈয়াৰুইঙ্গম উপন্যাসখনক, হোমেন বৰগোহাঞিৰ মৎস্যগন্ধাত সমাজৰ নীহকূলীয়া বুলি ভবা লোকসকলেও যে কাহানিও নিজকে নীহকূলৰ বুলি নাভাবে, বৰং সমাজৰ তথাকথিত উচ্চ কূলৰ লোকসকলতকৈ উচ্চ বুলি নিজকে গণ্য কৰে, সেই বক্তব্য উপন্যাসখনৰ অন্তিমটো স্তৱকত মেনকাৰ মুখেদি কোৱা কথাখিনিয়ে মৎস্যগন্ধা উপন্যাসখনক কার্বি ভাষালৈ অনুবাদ কৰাত তেওঁক উদ্গনি দিছিল ৷
কার্বি ভাষাত সাহিত্য চর্চা কৰাৰ বাবে উচ্চ শিক্ষিত চামৰ মাজত বিশেষ আগ্রহ নথকাটো এক অপ্রিয় সত্য বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্রত পদ্মশ্রী ৰংবং তেৰাঙৰ দৰে সু–সাহিত্যিকেও কার্বি ভাষাত ধাৰাবাহিকভাৱে সাহিত্য সৃষ্টিত গুৰুত্ব আৰোপ কৰা নাই ৷ তেওঁ কার্বি ভাষাত উপন্যাস আদি লিখাহেঁতেন কার্বি ভাষাই নিশ্চিতভাৱেই অধিক চহকী হলহেঁতেন ৷
মাথোঁ এগৰাকী অনুবাদক হিচাপেই নহয়, খগেন ইংতিৰ পৰিচয় এগৰাকী সুলেখক হিচাপেও ৷ ইতিমধ্যে তেওঁৰ নিজস্ব কবিতা সংকলন আৰু প্রবন্ধ সংকলন প্রকাশ পোৱাৰ উপৰি বিভিন্ন কাকত–আলোচনী, স্মৰণিকা আদিতো নিয়মীয়াকৈ প্রকাশ পাই আহিছে তেওঁৰ লেখাবোৰ ৷
১৯৬৬ চনৰ ৩১ মেত নগাঁৱৰ বামুণীত জন্মগ্রহণ কৰা চৰণছিং ইংতি আৰু ফেৰেবাই টেৰণপীৰ নগৰাকী সন্তানৰ ভিতৰত চতুর্থ সন্তান আছিল খগেন ইংতি ৷ বর্তমানে তেওঁ ডিফুৰ ৰংচেক্লাম ৰংহাং গাঁৱৰ স্থায়ী বাসিন্দা ৷